• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, August 18, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

বিশ্বৰ ছন্দে ছন্দে মহানন্দে•••••

ASSAMESE SECTION / Bishnu Rabha

by ARABINDA RABHA
June 19, 2025
in Bishnu Rabha, ASSAMESE SECTION
Reading Time: 4 mins read
0
rabha9
Share on FacebookShare on TwitterShare on LinkedIn

বিশ্বৰ ছন্দে ছন্দে মহানন্দে•••••

Bishnu Rabha

অৰবিন্দ ৰাভা

ARABINDA RABHA
অৰবিন্দ ৰাভা

“মোৰ কবিতাৰ ছন্দ লাগি,

      স্পন্দন তোৰ জাগেনে;

        কথা মালিকাৰ গন্ধ লাগি,

          সোনৰ সপোন ভাগেনে।

           নাচে তৰা ছন্দে ছন্দে,

                     বিশ্ব ভৰা মহানন্দে;

 সেই উলাহত হৰষ লাগি,

হিয়াত নাচোন উঠেনে।

ৰন্ধ্ৰে ৰন্ধ্ৰে তুলি সুৰ,

বাজে মন বাঁহী মোৰ;

সেই সুৰতেই শাঁত কৰি লৈ,

পৰিবনে হিয়া জুৰ ।”

                               — বিষ্ণু প্ৰসাদ ৰাভা

                       (এক)

  || থোৰতে বিষ্ণুপ্ৰসাদ ৰাভা সম্পৰ্কে||

•১৯০৯ চনৰ ৩১ জানুৱাৰী তাৰিখ বৃহস্পতিবাৰে বৰ্তমানৰ বাংলাদেশৰ ঢাকা নগৰৰ লাইন আৰু বেৰাকত বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হয়। তেওঁৰ দেউতাকৰ নাম আছিল ৰায়বাহাদুৰ গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃৰ নাম আছিল গেথীবালা ৰাভা।

• বিষ্ণুপ্ৰসাদ ৰাভাই ঢাকা নগৰতেই সামৰিক বিভাগৰ প্ৰাথমিক বিদ্যালয়ত বঙলা ভাষাৰে শিক্ষা লবলৈ আৰম্ভ কৰে।

•১৯১৭ চনত বিষ্ণুপ্ৰসাদ ৰাভাৰ পিতৃৰ দেহাৱসান হয়।

•১৯২৬ চনত বিষ্ণুপ্ৰসাদ ৰাভাই তেজপুৰৰ চৰকাৰী বিদ্যালয়ৰ পৰা প্ৰথম বিভাগত মেট্ৰিক পাছ কৰি কলকাতাৰ চেণ্টপ’ল কলেজত আই-এছ-চি শ্ৰেণীত ভৰ্তি হয় আৰু সেই বছৰতেই মাতৃ গেথীবালা ৰাভাই পৰলোকলৈ গমণ কৰে।

• ১৯২৮ চনত বিষ্ণুপ্ৰসাদ ৰাভাই আই-এছ-চি পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ কলিকতাৰ ৰিপন মহাবিদ্যালয়ত বি-এছ-চি শ্ৰেণীত নাম ভৰ্তি কৰে।  ১৯২৮ চনতেই তেওঁ ৰিপন মহাবিদ্যালয়ৰ ফুটবল দলৰ কেপ্টেইন নিৰ্বাচিত হয়। অসমৰ ছাত্ৰই কলকাতাৰ মহাবিদ্যালয়ত এনে সন্মান পোৱা বিষ্ণুপ্ৰসাদ ৰাভাই প্ৰথম ব্যক্তি।

• ১৯২৯ চনত বিষ্ণুপ্ৰসাদ ৰাভা ৰিপন মহাবিদ্যালয়ত সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয়।

• সেই সময়ছোৱাত বিষ্ণুপ্ৰসাদ ৰাভাৰ ওপৰত ইংৰাজ শাসকৰ পুলিচৰ চোকা দৃষ্টি পৰাত তেওঁ ৰিপন মহাবিদ্যালয়ৰ পৰা কোচবিহাৰৰ ভিক্টোৰিয়া মহাবিদ্যালয়লৈ আহি পঢ়িবলৈ লয়।

• ইংৰাজ খেদা সংগ্ৰামত বিষ্ণুপ্ৰসাদ ৰাভাই সক্ৰিয় ভূমিকা লোৱা বাবে কোচবিহাৰৰ তদানীন্তন চৰকাৰে তেওঁক মহাবিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰি বাধ্যতামূলক বদলিৰ পত্ৰ অৰ্পণ কৰে।

• ইয়াৰ পিছত বিষ্ণুপ্ৰসাদ ৰাভাই ১৯৩১ চনত ৰংপুৰৰ কাৰমাইকেল মহাবিদ্যালয়ত বি-এ শ্ৰেণীৰ চতুৰ্থ বাৰ্ষিকত নাম ভৰ্তি কৰে যদিও ইংৰাজ চৰকাৰৰ ষড়যন্ত্ৰৰ বলি হৈ সিমানতে ছাত্ৰ জীৱনৰ ইতি পেলায়।  মহাবিদ্যালয়ত পঢ়ি থকা সময়তে  বিষ্ণুপ্ৰসাদ ৰাভাই সৰস্বতী পূজা উপলক্ষে অৰিয়েণ্টল আৰ্হিত সৰস্বতী দেৱীৰ মূৰ্তি  সাজি মহাবিদ্যালয়ৰ পূজাৰ বাবে আগবঢ়ায়। এনে আৰ্হিৰ মূৰ্তি  সেইখনেই প্ৰথম আছিল আৰু তেওঁ সকলোৰে পৰা অতি প্ৰশংসা লাভ কৰিছিল।

• ১৯৩১ চনত বিষ্ণুপ্ৰসাদ ৰাভাক আৰক্ষী অধীক্ষকৰ পদ প্ৰদান কৰা হৈছিল যদিও ৰাভাই সেই পদৰ প্ৰস্তাৱ হেলাৰঙে নাকচ কৰিছিল।

• ১৯৩৬ চনত বিষ্ণুপ্ৰসাদ ৰাভাই প্ৰিয়লতা দত্তৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। কিন্তু বিয়াৰ ছমাহ পাছতে প্ৰিয়লতা ৰাভাৰ পৰলোকপ্ৰাপ্তি হয়।

• ১৯৩৯ চনত বিষ্ণুপ্ৰসাদ ৰাভাই কাশী হিন্দু বিশ্ববিদ্যালয়ত শিৱৰ তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰি ভূয়সী প্ৰশংসা লাভ কৰে। তাতেই সৰ্বপল্লী ৰাধাকৃষ্ণণে ৰাভাক ‘কলাগুৰু’ উপাধিৰে বিভূষিত কৰে।

•  বিষ্ণুপ্ৰসাদ ৰাভাই ভাৰতৰ বিপ্লৱী সাম্যবাদী দল(আৰ-চি-পি-আই)ৰ সংস্পৰ্শলৈ আহি ১৯৪৫ চনত দলৰ  সদস্য হয়।

• ১৯৪৬ চনত বিষ্ণুপ্ৰসাদ ৰাভাই ‘চিৰাজ’ত মৰ্মস্পৰ্শী অভিনয় কৰে।

• সুন্দৰৰ পূজাৰী শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ পিছত ১৯৫১ চনত বিষ্ণুপ্ৰসাদ ৰাভাই ভাৰতীয় গণ নাট্য সংঘৰ অসম শাখাৰ দায়িত্ব কান্ধ পাতি লয়।

• ১৯৫১ চনত বিষ্ণুপ্ৰসাদ ৰাভাই কামৰূপৰ নলবাৰীৰ বেলশৰৰ বাসিন্দা নবীনচন্দ্ৰ মেধিৰ জীয়ৰী কনকলতা মেধিক সৈতে বিবাহ কৰায়। কনকলতা মেধিৰ সৈতে যুগ্মজীৱনৰ আৰম্ভ কৰাৰ পিছত বিষ্ণুপ্ৰসাদ ৰাভাৰ দুটি পুত্ৰ সন্তান পৃথ্বীৰাজ আৰু হেমৰাজৰ জন্ম হয়।

• ১৯৫২ চনত ‘স্বাধীন’ ভাৰত চৰকাৰে  বিষ্ণুপ্ৰসাদ ৰাভাক গ্ৰেপ্তাৰ কৰে আৰু ধুবুৰীৰ কাৰাগাৰলৈ প্ৰেৰণ কৰে। ১৯৫৩ চনত ৰাভাই কাৰাগাৰৰ পৰা মুক্তি লাভ কৰে।

•  ১৯৬২ চনত বিষ্ণুপ্ৰসাদ ৰাভাৰ পত্নী কনকলতাৰ মৃত্যু হয়। কনকলতা ৰাভাৰ মৃত্যুৰ পিছত বিষ্ণুপ্ৰসাদ ৰাভাই গোসাঁইগাঁও অঞ্চলৰ বিন্নাকাটা গাঁৱৰ মোহিনীবালা বসুমতাৰীক বিয়া কৰায়৷ বিষ্ণুপ্ৰসাদ ৰাভা আৰু মোহিনীবালাৰ দুটি সন্তান ওপজে ৷ এই সন্তান দুটিৰ কন্যাজনীৰ ওপজাৰ কিছু পিছতেই মৃত্যু হয়৷ পুত্ৰ সন্তানটিৰ নাম  মেণ্ডেলা ৰাভা।

• ১৯৬২ চনৰ ১৯ নবেম্বৰৰ দিনা চীন-ভাৰতৰ সংঘৰ্ষৰ সময়ত ‘স্বাধীন দেশ’ৰ কংগ্ৰেছ চৰকাৰে তেওঁক গ্ৰেপ্তাৰ কৰি ‘দেশদ্ৰোহী’ আখ্যা দি উৰিষ্যৰ বৰহমপুৰ কাৰাগাৰলৈ পঠিয়ায় আৰু ১৯৬৩ চনৰ ২৪ আগষ্টৰ দিনা তেওঁ কাৰাগাৰৰ পৰা মুক্তি লাভ কৰে।

• ১৯৬৭ চনত অসম বিধান সভাৰ নিৰ্বাচনত বিষ্ণুপ্ৰসাদ ৰাভাই নিৰ্দলীয় প্ৰাৰ্থীৰূপে তেজপুৰ বিধানসভা সমষ্টিত প্ৰতিদ্বন্দিতা কৰে আৰু বিধানসভালৈ নিৰ্বাচিত হয়।

• ১৯৬৮ চনত  বিষ্ণুপ্ৰসাদ ৰাভা কৰ্কট ৰোগৰ চিকাৰ হয় আৰু চিকিৎসাৰ বাবে তেওঁ বোম্বাইৰ টাটা মেম’ৰিয়েল কেন্সাৰ ইনষ্টিটিউটলৈ যাবলগীয়া হয়।

• ১৯৬৯ চনৰ ২০ জুন তাৰিখ শুক্ৰবাৰে  নিশা ২ বাজি ২৫ মিনিটত বিষ্ণুপ্ৰসাদ ৰাভাৰ বৰ্ণাধ্য জীৱনৰ সমাপ্তি হয়।

                        (দুই)

বিষ্ণুপ্ৰসাদ ৰাভাৰ এক অনন্য ভাষণঃ

   ১৯৪৫ চনৰ ১৪ এপ্রিলত, বিহুৰ সময়ত , কামৰূপৰ কনিহাত ‘ৰঙিয়া ছাত্র সন্মিলনী’ৰ অধিৱেশনৰ সভাপতিৰূপে বিষ্ণুপ্ৰসাদ ৰাভাই এক বহুমূলীয়া ভাষণ প্রদান কৰিছিল। ১৯৪৬ চনত প্রগতি প্রকাশ ভৱনৰ দ্বাৰা সেই ভাষণ “অসমীয়া কৃষ্টিৰ চমু আভাস” নামেৰে প্রকাশ হয়। সেই ভাষণ আছিল এনেধৰণৰঃ

            “পোন পোনতে আপোনালোকক অতিকৈ চেনেহৰ মুগাৰে মহুৰা, অতিকৈ চেনেহৰ মাকো, তাতোকৈ চেনেহৰ ৰঙালী মাতৰ বানী লৈ হেঁপাহৰ আঁচুৰে বোৱা হিয়াৰ বিহুৱান গামোছা এখনো আগবঢ়াওঁ, তাৰ লগে লগে মৰমৰ দীঘ দি চেনেহৰ পেঁপা বজাওঁ, হৃদয়ে হৃদয়ে সিয়া বুকুৰ কলিজাৰ ঢোলত কোব দিওঁ।

সিবিলাকৰ তিঁহিটি সুৰীয়া মাতৰ ছেৱে ছেৱে, তালৰ ছাবে ছাবে টকাৰ তালে তালে, ঢোলৰ কোবে কোবে কনিহা বিহুতলীত দল্ দোপ হেন্দোল দোপকৈ নাচি উলহ-মালহ উখল মাখল লগাওঁ। লগে লগে ছেঙেলীয়া চফল ডেকা সকলৰ লগত পথাৰত, বালি চাপৰিত ঘিলা; ঢোপ হাফলু আদি খেলো। আয়তী ভনীসকলৰ চেনেহ লওঁ, বিহুৱান আদি গ্রহণ কৰোঁ, ভাই সকলৰ মৰমৰ সুৱাগ তুলোঁ, বুঢ়া- মেঠা সকলৰ প্রতি সেৱা জনাওঁ; নিৰ্দ্দেশ উপদেশ শুনো; শেহত হুচৰী গাই বিহুৱা দলৰ মাজত নতুন তেজেৰে কৰ্মক্ষেত্রত নামো…।”

বিশ্বৰ ছন্দে ছন্দে মহানন্দে

         বিহুৰ লগত যেনেকৈ সেউজীয়া পথাৰ খনৰ, নাঙলৰ আৰু বলধ গৰু হালৰ সম্পৰ্ক আছে, তেনেকৈ অসমীয়া শিপিনীৰ তাঁতশাল খনো অসমীয়া কৃষ্টিৰ স’তে জড়িত। তেনেকৈ ছালিমাৰি, নিগনি খুটি, গৰকা, মহুৰা, মাকো, দোপতি, ৰাচ, পুতল, কানমাৰি, টুলুঠা, যঁতৰ, উঘা, চেৰেকী, লেটাৰ সম্পৰ্ক তাঁতশালখনৰ সৈতে। জান- জুৰি নৈৰ পাৰৰ গৰু ম’হ জাকৰ সৈতে।

ল’ৰা ছোৱালী, ডেকা-তিৰোতা, বুঢ়া-বঢ়ী, সকলৰ সৈতে। হাবি- বননিৰ ভেটো গছৰ ডাল, মাখিয়তী, দীঘলতী পাত, চাপৰিৰ বৰ্হমথুৰি গছ জোপাৰ উপৰি লাউ-বেঙেনা, মাহ-হালধি, খলিহৈৰ লগতো নিবিড় সম্পৰ্ক আছে।

               চুৰিয়া, চাদৰ, চেলেং, ভমকা ফুলীয়া মেখেলা, কেচ দিয়া ৰীহা যেনেকৈ সম্ভান্ত অসমীয়া সাজ-পাৰ, তেনেকৈ ঘিলা খোপা, নেঘেৰী খোপা, কলডিলীয়া খোপা তাহানিৰ গাভৰুৰ সৌন্দৰ্যৰ ৰূপ।

        বিহুৰ বতৰত প্রতি ঘৰ গৃহস্থৰ ঘৰত সন্ধিয়াৰ পৰা হুচৰীয়ে গোৱা নহয়; সত্র নামঘৰত খোল, তাল, ডবা, নাগাৰাৰে নাম-ঘোষা আদিৰে মুখৰিত কৰা হয়। সেইদৰে, গোলা, হাফলু, কচু-গুটি, ঢোপ খেল, নাৱ খেল, ম’হ যুঁজ, হাতী যুঁজ, কনী যুঁজ আদি খেল সমূহো অনুষ্ঠিত কৰা হয়।

          বিহুৰ সমন্বয় ৰূপটোক ব্যাখ্যা কৰি তেখেতে আকৌ ক’বলৈ লাগিল — ” কেৱল ভৈয়ামৰ বিহুৱা সকলেই যে এনে কৰে, সেয়া নহয় – পৰ্ব্বতীয়া আৰু দাতিয়লীয়া ডেকা গাভৰু সকলেও এনে অতিকৈ চেনেহৰ বিহু পাতে। নগা চাঙৰ টিংখাং বাজি উঠে, খাচীয়া পাহাৰৰ খাচী ” কান্থেই ” অপেচৰী সকলে ” উখ্ পিং ” ” কাঞ্জৰী তাৰ ” ” পান্সিনিহাৎ” আদি গঢ়ানা-গঢ়না পিন্ধি ” কাবামৰ ” ছেৱে ছেৱে ” নংক্রেম ” নাচ নাচে। দেউৰী চাঙৰ ফালে বিহুৰ তলিত পূজা পাতল পাতি ডেকা গাভৰুৱে ” দিৰঙীয়া ” চুটিয়া ভাষাৰ নাম ” অ’নিতম ” গাই গাত লহৰ তোলে।

মৰাণ হঁতৰ মৰাণ ঘৰৰ এটা কোঠাত ডেকাদলে আন এটা কোঠালিত গাভৰু জাকে নাম জুৰি বিহু পাতে,বৰো কছাৰী সকলৰ মাজত ডেকা “ঝহু লাউ ” লৰা বাঠো সকলে” চিফুং” বাঁহী, জোথা তাল বজায় আৰু “গাভৰু – চিখ্লা ” সকলে নতুন ফুলাম দখনা-মেখেলা পিন্ধি গংগনা-গগনা বজাই হালে জালে, কাছাৰৰ ডিমাছা কছাৰী সকলে বসতি অঞ্চলত মঃৰি পেঁপা খাৰাম ঢোলৰ ছেৱে ছেৱে” ৰিগু ” মেখেলা , ” ৰিজাংফাই ” ৰিহা আৰু “ৰিখা ওছা ” চাদৰ পিন্ধি খছাৰী – মাঠলা “গাভৰু” সকলে নগা সকৰ লগত হেলাৰঙে নাছে বাগে, “হাচৰী” হুচৰী গাই উমলে আৰু “বিষু” মেলা পাতে। মণিপুৰীয়া মৈতে লৈপাকৰ ( মিশ্রিত জাতিৰ দেশ) লাইছৱি (নাচনী), “মগলৌ” কুঁৱৰী সকলে ডেকা সকলৰ লগত থাংজিং ” বৰষুণ ” দেৱতাৰ উপলক্ষে ” লাই -হাৰওৱা ” নৃত্য কৰে ……”

      এইদৰে, বিহুৰে আৰম্ভ কৰি ভৌগোলিক পৰিৱেশ আৰু ইতিহাসৰ বোঁৱতী সুঁতিত প্রাচীন অসমৰ কৃষ্টি-সভ্যতাৰ ক্রমবিকাশ আৰু ক্রম বিবৰ্তনৰ কথা ক’বলৈ গৈ – বিষ্ণু ৰাভাই , অগ্নিৰ সৃষ্টি, কৃষিৰ আৱিস্কাৰ,নাৰী মূৰ্ত্তি স্থাপনৰ পৰা পূজা পাতল, নামকীর্তন, বিহু নাচৰ উৎপত্তি, তান্ডৱ নৃত্যৰ উৎপত্তি, “মাৰ্গ” সংগীত, “দেশী” সংগীতৰ ব্যাখ্যা, অংকন আৰু লিখন কলাৰ উদাহৰণ আৰু ৰৰ্ণমালাৰ সৃষ্টিৰ কথালৈকে বহু কথা কলে।

      সেইদৰে, ভীষ্মক জীয়ৰী ৰুক্মিনী দেৱী, বান জীয়ৰী শোণিত কুঁৱৰী, উমাদেৱীৰ পৰা কামৰূপা নৃপতি কুমাৰ ভাস্কৰ বৰ্মণে, হংসবেগৰ জৰিয়তে মগধৰ ৰজা, হৰ্ষ-বদ্ধনৰ হৰ্ষচৰিত, কাশ্মীৰ বুৰঞ্জী-”ৰাজতৰঙ্গিঁনী” বিশাখাদত্তৰ পুথি- “মুদ্রাৰাক্ষক”ত বৰ্ণিত সপ্তম-শতিকাৰ অসম খনৰ কথা, প্রাক শংকৰী যুগৰ সাহিত্যৰ কথা। কামৰূপীয়া সংগীত পদ্ধতিৰ কথা, ভট্টদেৱৰ অসমীয়াৰ জাতীয় নৃত্য শাস্র ” শ্রী হস্ত মুক্তাৱলী” ৰ পৰা বৃটিছৰ আমোলত উনৈশ শতিকাৰ শেহভাগত এন্ডাৰ্চন চাহাবৰ “এচিয়াটিক জাৰ্ণেল” প্রবন্ধৰ জৰিয়তে অসমীয়া ভাষাৰ পুনৰ প্রতিষ্ঠালৈকে তেখেতে কৰা অধ্যয়ন পুষ্ট ব্যাখ্যা জাতীয় উণ্থানৰ বাবে মন কৰিবলগীয়া দিশ।

       একেদৰে, বয়ন শিল্প, মৃৎ শিল্প, ধাতু শিল্পৰ পৰা অলংকাৰ শিল্পলৈঃ বাস্ত্তু বিদ্যা, স্থাপত্য কলাৰ পৰা ৰন্ধন শিল্প, ৰূপ সজ্জা, মন্ত্র সাহিত্যলৈ; অসমৰ ভাৱনা, ওজাপালি, নাটক ৰংগমঞ্চৰ পৰা আধুনিক ছায়াচিত্রৰ কথালৈকে বিবৰি ক’লে।

           অলংকাৰ শিল্পৰ বিষয়ে ক’বলৈ গৈ- ” সোণৰ কেৰুৰ লংকৌ , নেজাপতাযুৰীয়া, বাখৰুৱা লুকাপাৰ, সোনা কাণত গামখাৰু, খুচৰীয়া আৰু হাতত; গেজেৱা, গলপতা, সাতসৰি, জোনবিৰী, মান্দুলী-মনি, ঢৰিয়ামনি, খিলিখা মনি ডিঙিত, চিৰিপতা আঙঠি, বাখৰুৱা আঙুঠি আঙুলিত পিন্ধাৰ কথা উল্লেখ কৰিলে।

বিশ্বৰ ছন্দে ছন্দে মহানন্দে

          সত্র, নামঘৰৰ দুৱাৰত আৰু কাঠৰ বেৰত নানান লতা, ফুল আৰু মূৰ্তিৰ কটা ছবিৰে বাস্তু বিদ্যা আৰু কাৰু কাৰ্য্যৰ কলা নিদৰ্শন, ইয়াৰ উপৰি, স্থাপত্য কলাৰ বিষয়ে লিখিবলৈ গৈ; তেখেতে, অসমীয়াৰ মাৰল ঘৰ, বৰ- ঘৰ, চৰা-ঘৰ, বাট-চৰা, ৰোহ ঘৰ , ভড়াল ঘৰ, ঢেকী শাল, গোহালী ঘৰ, ভাঁজ ঘৰৰ পৰা, ডিমাপুৰৰ ভগ্নাৱশেষ, শদিয়াৰ ভীষ্মক নগৰ, তেজপুৰৰ বামুনী পাহাৰৰ ধ্বংসাৱশেষ, শিলৰ ইটাৰ মন্দিৰ দেউল, হাজো, কামাখ্যা, শুক্লেশ্বৰ, উমানন্দ, মহাভৈৰব, তাম্রেশ্বৰী, শিৱ – দেউল, মায়াবং ঘৰ, শিলৰ সাঁকো, তলাতল ঘৰ, কাৰেং ঘৰৰ অনেক কথা ক’লে।

এইয়াই, বিষ্ণু ৰাভাৰ দৃষ্টিত জগত সভাত অসমীয়া কৃষ্টি সংস্কৃতিৰ প্রকৃত ৰক্ষক হিচাপে অভিহিত কৰি, অসমৰ দুখীয়া গাৱঁলীয়া অসমীয়া সকলৰ ওপৰত পূৰ্ণ আস্থা স্থাপন কৰি কৈছিল —”অসমীয়া কৃষ্টি সংস্কৃতি আৰু সভ্যতা, নিৰ্য্যাতিত নিষ্পেষিত দুখীয়া কৃষক বনুৱা অসমীয়াইহে আজিও অৱহেলিত ভাবে জীয়াই ৰাখিব পাৰিছে, যিবিলাকেৰে আজিও আমি অনুভৱ কৰিব পাৰো, অসমীয়া বুলি জগতত চিনাকি দিব পাৰো। গতিকে অসমীয়া জাতিৰ মৃত্যুবাণ, এই হোজা দুখীয়া গাঁৱলীয়া অসমীয়াৰ হাততেই।”

         সেয়েহে, এখন শোষণ মুক্ত সুন্দৰ সমাজৰ কল্পনা কৰি তেখেতে পুনৰ কৈছিল — ” তেতিয়াহে প্রকৃত শিৱৰ উৎকৰ্ষ সাধন হ’ব, যেতিয়া এই অত্যাচাৰিত দলৰ প্রকৃত স্বৰূপ উদঘাটিত হ’ব, অৱনত দুৰৱস্থা উন্নিত হ’ব আৰু তেওঁলোক এই আহল – বহল পৃথিৱীৰ বুকুত চিৰমুক্ত, চিৰ-স্বাধীন হৈ উমলি ফুৰিব পাৰিব।”

         সৰ্ব্বশেষত, অসমীয়া কৃষ্টি -সংস্কৃতি আৰু অসমীয়া জাতিৰ সন্দৰ্ভত এটা সুন্দৰ মন্তব্য প্ৰকাশ কৰি বক্তৃতা সামৰণি মাৰিছে — “অসমৰ যি কৃষ্টি – সংস্কৃতি আছে তাক সংস্কৃত কৰিব লাগিব, যি নতুন আহিছে তাকে অসমীয়া ঠাচত ভালকৈ সজাই পৰাই গঢ়িব লাগিব। তেতিয়াহে আমাৰ কৃষ্টি – সংস্কৃতি আৰু সভ্যতা পূৰ্ণ বিকাশ পাব আৰু আমাৰ জাতি বাঁচিব ।

নিশ্চিতভাবে, ৰাভাদেৱৰ এই ভাষণটি কেৱল ঐতিহাসিকেই নহয়, অসমীয়া কৃষ্টি -সভ্যতাৰো, থোৰতে পোৱা এখন হাতপুথি আৰু দলিল স্বৰূপ।

(বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে)

Climate Template 1

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: বিষ্ণুপ্ৰসাদ ৰাভা
ARABINDA RABHA

ARABINDA RABHA

Related Posts

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ
Climate Change

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

by Jharna Sarma Dev Choudhury
August 16, 2026
0

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ ঝৰ্ণা শৰ্মা দেৱচৌধুৰী এনে এখন দেশ, যিখন দেশ হয়তো আৰু কেইবছৰমানৰ...

Read moreDetails
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

August 14, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

July 29, 2026
দ্যা ডিক্লাইনিং ডেম’ক্ৰেচি: সোনম ৱাংচুকৰ আঁত ধৰি

দ্যা ডিক্লাইনিং ডেম’ক্ৰেচি: সোনম ৱাংচুকৰ আঁত ধৰি

July 23, 2026
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

July 19, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
How the Education System Trains You for the Rat Race: The Truth No One Talks About

How the Education System Trains You for the Rat Race: The Truth No One Talks About

August 18, 2026
Afghan women2

Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

August 18, 2026
AKHIRAH: How I Turned Plastic Waste into Something People Want to Keep

AKHIRAH: How I Turned Plastic Waste into Something People Want to Keep

August 17, 2026
Can Technology Truly Preserve Our Heritage? Unearthing the Soul of Northeast

Social Media Addiction Among Youth: The Invisible Parasite Hijacking Young Minds

August 17, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39811 shares
    Share 15924 Tweet 9953
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18659 shares
    Share 7464 Tweet 4665
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3806 shares
    Share 1522 Tweet 952
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    289 shares
    Share 116 Tweet 72
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4188 shares
    Share 1675 Tweet 1047
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    140 shares
    Share 56 Tweet 35
  • FREEDOM FIGHTERS OF ASSAM

    5109 shares
    Share 2044 Tweet 1277
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    109 shares
    Share 44 Tweet 27
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    97 shares
    Share 39 Tweet 24
  • অসমত বানৰ অকল্পনীয় ধ্বংসলীলা

    94 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d