-মহাবাহু |
ৱাশ্বিংটনঃ যীশুৰ জন্মৰ প্ৰায় ৬০০ বছৰ আগতেই ৰোপণ কৰা হৈছিল আমেৰিকাৰ উত্তৰ ক্যাৰোলিনাৰ ‘ব্লেক’ নদীৰ পাৰত এজোপা গছ। চাইপ্ৰাছ প্ৰজাতিৰ সেই গছজোপাই সম্ভৱতঃ এই পৰ্যন্ত আৱিষ্কাৰ হোৱা পৃথিৱীৰ সবাতোকৈ বয়োজ্যেষ্ঠ প্ৰাণ।
আৰকানছাছ বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলে জনাইছে যে গছডালৰ আনুমানিক বয়স প্ৰায় ৫০০০ বছৰ। কেৱল সেই গছডালেই নহয়, ব্লেক নদীৰ পাৰে পাৰে যিখন অৰণ্য আৱিষ্কাৰ হৈছে—সেই অৰণ্যৰ প্ৰায় প্ৰতিডাল গছৰেই বয়স ৩০০০ বছৰ। এই ধৰণৰ গছক কোৱা হয় ব্ৰিচেলকোন পাইন প্ৰজাতিৰ গছ। উদ্ভিদবিজ্ঞানৰ ভাষাত ‘নন কোলন ট্ৰি’। এই গছৰ বৈশিষ্ট্য হ’ল দীৰ্ঘকায় গছৰ পাতবোৰ ক্ৰমশঃ সৰি সৰি থাকে যদিও গছডাল সজীৱ হৈ বহু শতিকা ধৰি বাচি থাকে। ব্লেক নদীৰ পলসুৱা মাটিত গজা এই গছবোৰে প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণে পানী আৰু খনিজ লৱণ পাই থাকে বাবেই গছবোৰ এতিয়াও জীৱিত। গছৰ কাণ্ডৰ সামান্য অংশ পৰীক্ষা কৰি গছৰ বয়স সম্পৰ্কে এক আনুমানিক হিচাপ প্ৰকাশ কৰিছে আৰকানছাছ বিশ্ববিদ্যালয়ৰ প্ৰাণীবিদ অধ্যাপক ডেভিদ ষ্টাহেল মহোদয়ে। তেওঁ জনাইছে যে ব্লেক নদীৰ অৱবাহিকা ইমানেই দুৰ্গম যে যোৱা ২০০০ বছৰ পৰ্যন্ত মানুহে সেই অঞ্চলত প্ৰৱেশ কৰিব পৰা নাছিল। সেইবাবেই চাইপ্ৰাছ গছৰ অৰণ্য আজিও অক্ষত হৈ আছে। আনুমানিক কিমান গছ আছে, সেই হিচাপ ৰাজহুৱা কৰিবলৈ তেওঁ ৰাজী নহয়। তেওঁৰ আশংকা এয়াই যে দুষ্প্ৰাপ্য এই গছবোৰৰ বিষয়ে তথ্য লাভ কৰাৰ পিছত চাইপ্ৰাছৰ অৰণ্য অক্ষত হৈ থাকিবনে? ইতিমধ্যে অধ্যাপকগৰাকীয়ে হোৱাইট হাউছৰ সহায় বিচাৰিছে সেই বিৰল অৰণ্য ৰক্ষাৰ বাবে।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পলৈ তেওঁ লিখিছে—‘‘আপুনি পৰিৱেশপ্ৰেমী। পৰিৱেশৰপৰা সেউজীয়া ৰং মচ খাই যোৱাটো আপুনি নিশ্চয় কামনা নকৰে। কিন্তু ব্লেক নদীৰ পাৰত যি দুষ্প্ৰাপ্য অৰণ্যৰ সন্ধান মই আৰু মোৰ ছাত্ৰসকলে পাইছো, সেয়া ৰাজহুৱা হোৱাৰ লগে লগেই মানুহৰ লোভৰ কেন্দ্ৰবিন্দু হৈ পৰিব সেই অৰণ্য, আৰু ৫০০০ বছৰৰ পুৰণি অৰণ্য তহিলং হওঁতে ৫ বছৰৰো প্ৰয়োজন নহ’ব। সেয়ে এগৰাকী পৰিৱেশবিদে অইন এগৰাকী পৰিৱেশবিদক অনুৰোধ কৰিছো যাতে সেই অৰণ্য সুৰক্ষাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয় আমেৰিকাৰ চৰকাৰৰ তৰফৰপৰা।’’ চিঠিৰ প্ৰাপ্তি স্বীকাৰ কৰিলেও ট্ৰাম্পে এই পর্যন্ত কোনো মন্তব্য কৰা নাই।
চাইপ্ৰাছৰ অৰণ্যৰ সন্ধান কিদৰে পাইছিল ডেভিদে সেই সম্পৰ্কেও জনাইছে। তেওঁ কৈছে যে— ‘‘বিভিন্ন গৱেষণাপত্ৰবোৰৰপৰা লভা তথ্যৰ আধাৰত অৰণ্যৰ সন্ধান আৰম্ভ কৰা হৈছিল। কিন্তু ব্লেক নদীৰ পাৰৰ অৰণ্যৰ প্ৰতি কোনেও দৃষ্টিপাত কৰা নাছিল। অথচ গুগলৰ মানচিত্ৰত দেখিছিলো যে এক বিস্তীৰ্ণ অংশ সেউজীয়া হৈ আছে। সেয়ে সেই অংশত গৱেষণা কৰিবলৈ আগবাঢ়িছিলো।’’ ডেভিদে নিজৰ গৱেষণাৰ বাবে কেৱল বিশ্ববিদ্যালয়কেই ধন্যবাদ জনোৱা নাই, তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰিছে আমেৰিকাৰ বায়ুসেনাৰ প্ৰতিও। তেওঁ কৈছে যে আমেৰিকাৰ বায়ুসেনাই যদি হেলিকপ্টাৰ, খাদ্য, উদ্ধাৰকাৰী দলৰদ্বাৰা সহায় নকৰিলেহেঁতেন, তেনে দুৰ্গম অঞ্চলত গৱেষণা কৰাটো কোনোমতেই সম্ভৱ নহ’লহেঁতেন।