• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, January 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Adventure

বিশ্বৰ সবাতোকৈ শক্তিশালী ‘জেমচ ৱেব স্পেছ টেলিস্কোপ’ৰ মহাকাশলৈ যাত্ৰা

মহাকাশ গৱেষণা

by Anjan Sarma
February 26, 2022
in Adventure, News, Science, Special Report, Tech, Uncategorized, World
Reading Time: 1 min read
0
বিশ্বৰ সবাতোকৈ শক্তিশালী ‘জেমচ ৱেব স্পেছ টেলিস্কোপ’ৰ মহাকাশলৈ যাত্ৰা
Share on FacebookShare on TwitterShare on LinkedIn

• অৰবিন্দ ৰাভা

বিশ্বৰ সবাতোকৈ শক্তিশালী ‘জেমচ ৱেব স্পেছ টেলিস্কোপ’:

RelatedPosts

Iran Protests 2026: At Least 12,000 Killed in Brutal Crackdown Amid Internet Blackout

Iran Protests: Why has fear finally failed in Iran’s 2026 Nationwide Protests?

January 19, 2026
Iran Protests 2026: At Least 12,000 Killed in Brutal Crackdown Amid Internet Blackout

Iran Protests 2026: At Least 12,000 Killed in Brutal Crackdown Amid Internet Blackout

January 19, 2026
It’s Time the World Walked Together for Survival

It’s Time the World Walked Together for Survival

January 19, 2026

মানুহৰ দৃষ্টিসীমাৰ বাহিৰৰ মহাব্ৰহ্মাণ্ড মৰ্ত্যবাসীৰ বাবে এক অজ্ঞাত ৰহস্যময় ক্ষেত্ৰ। জ্যোতিৰ্বিজ্ঞানৰ নিৰলস প্ৰচেষ্টাত কিছুমান তথ্য বিজ্ঞানীসকলে লাভ কৰিলেও‌ কোটি কোটি প্ৰশ্নৰ উত্তৰ এতিয়াও হৈ আছে মানুহৰ জ্ঞানে ঢুকি নোপোৱা জগতত বিলীন। কিন্তু মানুহৰ নিৰলস প্ৰচেষ্টাৰ অঙ্গ হিচাপে চলি থকা ধাৰাবাহিক প্ৰয়াসৰ উদাহৰণস্বৰূপে ছায়াপথ অভিমুখে ‘নাছা'(NASA)ই প্ৰেৰণ কৰিছে এইপৰ্যন্ত নিৰ্মাণ কৰা সবাতোকৈ শক্তিশালী ‘জেমচ ৱেব স্পেছ টেলিস্কোপ‘।


গভীৰভাৱে মহাকাশ পৰ্যবেক্ষণৰ বাবে নাছাই ‘হাবল স্পেছ টেলিস্কোপ’ প্ৰেৰণ কৰিছিল ১৯৯০ চনৰ ২৪ এপ্ৰিল তাৰিখে। ‘হাবল স্পেছ টেলিস্কোপ’ স্থাপন কৰা হৈছে ভূ-পৃষ্ঠৰ পৰা ৫৫০ কিলোমিটাৰ উচ্চতাত। এই টেলিস্কোপটোৰ বাবে যোৱা তিনিটা দশকত মহাকাশ বিজ্ঞান খুব দ্ৰুতগতিত আগবাঢ়িছে । আৰম্ভণিতে সমস্যা হ’লেও পৰৱৰ্তী সময়ত হাবল-এ প্ৰত্যাশা অনুসৰি সহাৰি দিয়া হেতুকে মহাকাশ সম্পৰ্কীয় গৱেষণাই অগ্ৰগতি লাভ কৰিছে। সময়ৰ লগে লগে ব্ৰহ্মাণ্ডৰ অধিক গভীৰলৈ গৈ গৱেষণাৰ প্ৰয়োজন জৰুৰী হৈ পৰে। আমেৰিকাৰ মহাকাশ সংস্থাৰ দাবী, জেমচ ৱেব স্পেছ টেলিস্কোপে মহাকাশ গৱেষণাৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হ’ব। 

নাছাই কৈছে যে মহাকাশ পৰ্যবেক্ষণৰ বাবে প্ৰেৰণ কৰা এই নতুন চকুৱে প্ৰায় ১৪০০ কোটি বছৰৰ আগৰ ‘বিগ বেংগ’ বা মহা-বিস্ফোৰণৰ পৰা এতিয়ালৈ বিভিন্ন মহাজাগতিক বিষয় সেইবোৰৰ উৎপত্তি, বিকাশ আৰু ধ্বংসৰ বহু ঘটনাৰ পৰ্যবেক্ষণ কৰিব পাৰিব। এই নতুন চকুৱে বা জেমচ ৱেব স্পেছ টেলিস্কোপে ব্ৰহ্মাণ্ডৰ অনেক নজনা বিষয়ৰ সন্ধান দিব পাৰিব।

Screenshot 20220215 005626 Chrome

এই টেলিস্কোপে সৌৰজগতৰ জন্মৰ সময়ছোৱাৰ বিষয়ে, ভিন্ন গ্ৰহত প্ৰাণী টিকিব পৰাকৈ পৰিৱেশ আছে নে নাই, থাকিলেও সেয়া কিমানখিনি সহায়ক – এনেবোৰ বিষয়ৰ জ্ঞান লাভ কৰিব পৰা যাব। আনকি ‘বিগ বেংগ’ৰ দীৰ্ঘ সময়ৰ পিছত প্ৰথম প্ৰজন্মৰ ছায়াঁপথবোৰ কিদৰে সৃষ্টি হৈছিল, সেইবোৰৰ বিষয়ে জানিবলৈ এই টেলিস্কোপে বিজ্ঞানীসকলক বহুত সহায় কৰিব পাৰিব। 


নাছাই জনোৱা অনুসৰি মহাকাশৰ যি স্থানত এই অৱলোহিত ৰশ্মিৰ টেলিস্কোপটোক স্থাপন কৰা হ’ল, সেই স্থান পৃথিৱীৰ পৰা ১০ লাখ মাইল বা ১৫ লাখ কিলোমিটাৰ নিলগত। উৎক্ষেপণৰ পিছত সেই স্থানত উপনীত হ’বলৈ এমাহ সময় লাগিল। সেই স্থান পোৱাৰ পিছত টেলিস্কোপৰ আইনাবোৰ আৰু ‘চানশ্বিল্ড’ সোলোকাবলৈ তথা অইন যন্ত্ৰ-পাতিবোৰ সচল কৰিবলৈ পুনৰ অন্ততঃ ৬ মাহ লাগিব। বিশেষজ্ঞসকলে ধাৰণা কৰা অনুসৰি আগন্তুক এটা দশক এই জেমচ ৱেব স্পেছ টেলিস্কোপেই হ’ব মহাকাশ গৱেষণা সংস্থা নাছা, এছা, চি.এছ.এ., ইচৰো, জাক্সা, আৰু ৰক্সচমছৰ পৰ্যবেক্ষণ তথা গৱেষণাৰ প্ৰধান অৱলম্বন।

Screenshot 20220215 010100 Chrome

সৰ্বশেষ সূচী অনুসৰি অত্যন্ত শক্তিশালী ‘আৰিয়েন ৫ ইচিএ’ ৰকেটৰ দ্বাৰা এই টেলিস্কোপে মহাকাশলৈ যাত্ৰা কৰিছে ২৫ ডিচেম্বৰ তাৰিখে। ৰকেট উৎক্ষেপণ কৰা হ’ল দক্ষিণ আমেৰিকাৰ ফৰাছী গায়ানাৰ পৰা। বিভিন্ন জটিলতাৰ বাবে ইতিমধ্যে বহু দফাৰ এই কাৰ্যসূচীৰ পৰিৱৰ্তন কৰা হয়। ১৮ ডিচেম্বৰত যাত্ৰা কৰিবলগীয়া আছিল যদিও শেষ মূহুৰ্তত ৰকেটৰ একেবাৰে ওপৰৰ স্তৰত কিছু যান্ত্ৰিক বিজুতিৰ বাবে পলম কৰা হয়। টেলিস্কোপটো প্ৰস্তুত কৰোতে নাছাক সহায় সহযোগিতা আগবঢ়ালে ইউৰোপীয়ান স্পেছ এজেন্সী( এছা), কানাডিয়ান স্পেছ এজেন্সী( চিএছ এ), আৰু ৰকেটটো নিৰ্মাণ কৰিছে ইউৰোপীয়ান স্পেছ এজেন্সীয়ে। 


গৱেষণাৰ বাবে প্ৰায় ১০ বিলিয়ন ডলাৰ খৰচ কৰি তৈয়াৰ কৰা এই টেলিস্কোপটোত মুঠ ৬ প্ৰকাৰৰ যন্ত্ৰ আছে। ‘নিয়েৰ ইনফ্ৰাৰেড কেমেৰা’ বা ‘নিৰক্যাম’, ‘নিয়েৰ ইনফ্ৰাৰেড স্পেক্ট্ৰোগ্ৰাফ’ বা ‘ নিৰস্পেক’, ‘মিড- ইনফ্ৰাৰেড ইন্সট্ৰুমেন্ট’ বা ‘মিৰি’, ‘নিয়েৰ ইনফ্ৰাৰেড ইমেজাৰ’ বা ‘নিনফি’, ‘স্লিটলেচ্ স্পেকট্ৰোগ্ৰাফ’ বা ‘নিৰিচ’ আৰু ‘ফাইন গাইডেড চেন্সৰ’ বা ‘ এফজিএছ’। 


এইপৰ্যন্ত নিৰ্মাণ কৰা জটিলতম যন্ত্ৰপাতিৰ ভিতৰত উল্লেখযোগ্য হ’ল জেমচ ৱেব স্পেছ টেলিস্কোপ। ই অন্যতম ব্যয়বহুলো। ইনফ্ৰাৰেড পোহৰৰ দ্বাৰা কৰ্ম কৰিব জেমচ-এ, হাবল-এ মূলতঃ কৰে ‘ ভিজিবল লাইট স্পেক্ট্ৰাম’ৰে। এই টেলিস্কোপ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত হাইডেলবাৰ্গৰ মেক্স প্লেংক ইন্সটিটিউট ফৰ এস্ট্ৰোনমিও জড়িত। ইনফ্ৰাৰেডৰ দ্বাৰা কাম সম্পাদন কৰাৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰণ থকা বুলি ধাৰণা কৰিছে এষ্ট্ৰোফিজিচিস্ট ক্লাউচ্ ইয়েগাৰ-এ। তেওঁ কয় যে নক্ষত্ৰবোৰ বা তৰাবোৰ গঠন হোৱা স্থান, ধূলিকণাই ঢাকি পেলোৱা পোহৰ আদি প্ৰত্যক্ষ কৰিবলৈ ইনফ্ৰাৰেড প্ৰয়োজন। কাৰণ তৰঙ্গ দৈৰ্ঘ ডাঙৰ হোৱাৰ বাবে ইনফ্ৰাৰেড ‘ক্লাউড’ৰ মাজত সোমাব পাৰে। তাৰোপৰি আইন এক কাৰণ হ’ল মহাবিশ্বৰ আকাৰ বাঢ়িছে, বহুত দূৰৈৰ ছায়াঁপথৰ পোহৰৰ ৰং ৰঙাৰ পিনে‌ হাউলিবলৈ ধৰিছে আৰু এইবোৰ ইনফ্ৰাৰেড টেলিস্কোপেৰে দেখা যাব। 


যি কি নহওঁক, জেমচ ৱেব স্পেছ টেলিস্কোপ উৎক্ষেপণৰ পিছত ১৩ ফেব্ৰুৱাৰী,২০২২ তাৰিখে তাৰিখে প্ৰথম সাফল্যৰ সংবাদ লাভ হৈছে। টেলিস্কোপটোৰ ২০০ কোটি পিক্সেলৰ কেমেৰাত ‘এইচডি-৮৪৪০৬’ নামৰ নক্ষত্ৰ এটাৰ পোহৰ ধৰা পৰিছে। 


এই টেলিস্কোপটোৰ নামাকৰণ কৰা হৈছে ‘এপলো মুন প্ৰগ্ৰেম’ৰ অন্যতম গুৰুত্বপূৰ্ণ গৱেষক ‘জেমচ ৱেব’ৰ নাম অনুসাৰে।

(ছৱি: নাছা আৰু অন্যান্য)

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

Iran Protests 2026: At Least 12,000 Killed in Brutal Crackdown Amid Internet Blackout
Opinion

Iran Protests: Why has fear finally failed in Iran’s 2026 Nationwide Protests?

by Kakali Das
January 19, 2026
0

Iran Protests: Why has fear finally failed in Iran’s 2026 Nationwide Protests? KAKALI DAS Iran in 2026 is no longer...

Read moreDetails
Iran Protests 2026: At Least 12,000 Killed in Brutal Crackdown Amid Internet Blackout

Iran Protests 2026: At Least 12,000 Killed in Brutal Crackdown Amid Internet Blackout

January 19, 2026
It’s Time the World Walked Together for Survival

It’s Time the World Walked Together for Survival

January 19, 2026
অক্সিজেনৰ নতুন উৎস : ডাৰ্ক অক্সিজেন

অক্সিজেনৰ নতুন উৎস : ডাৰ্ক অক্সিজেন

January 19, 2026
Perks of Leaving Your Hometown Behind

Perks of Leaving Your Hometown Behind

January 19, 2026
selective focus photography of magazines

Ignorance is the real drug!

January 18, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Iran Protests 2026: At Least 12,000 Killed in Brutal Crackdown Amid Internet Blackout

Iran Protests: Why has fear finally failed in Iran’s 2026 Nationwide Protests?

January 19, 2026
Iran Protests 2026: At Least 12,000 Killed in Brutal Crackdown Amid Internet Blackout

Iran Protests 2026: At Least 12,000 Killed in Brutal Crackdown Amid Internet Blackout

January 19, 2026
It’s Time the World Walked Together for Survival

It’s Time the World Walked Together for Survival

January 19, 2026
অক্সিজেনৰ নতুন উৎস : ডাৰ্ক অক্সিজেন

অক্সিজেনৰ নতুন উৎস : ডাৰ্ক অক্সিজেন

January 19, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    20525 shares
    Share 8210 Tweet 5131
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    9734 shares
    Share 3894 Tweet 2434
  • Latest COVID data confirm infections have risen globally

    1760 shares
    Share 704 Tweet 440
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    3045 shares
    Share 1218 Tweet 761
  • কামেশ্বৰ দাস: সাধু কথা যেন লগা অসাধাৰণ জীৱন পৰিক্ৰমা

    224 shares
    Share 90 Tweet 56
  • Jesus Christ: Looking through the Lens of History

    102 shares
    Share 41 Tweet 26
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3369 shares
    Share 1348 Tweet 842
  • Dr Purnima Devi Barman Among Mad Over Marketing’s Most Impactful Women of 2025

    90 shares
    Share 36 Tweet 23
  • Deliceto: a village as a living being

    84 shares
    Share 34 Tweet 21
  • আঞ্চলিকতাবাদ- কি, কিয় আৰু কেনেকৈ?

    3462 shares
    Share 1385 Tweet 866
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d