সুখী দেশ
•তনয় চক্ৰৱৰ্তী
একেৰাহে পঞ্চমবাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি ফিনলেণ্ডক বিশ্বৰ সবাতোকৈ সুখী দেশ হিচাপে ঘোষণা কৰা হৈছে আৰু সবাতোকৈ অসুখী দেশ হিচাপে আফগানিস্তানে স্থান লাভ কৰিছে। যোৱা বছৰ সেইখন তালিকাত ভাৰতৰ স্থান আছিল ১৩৯ নম্বৰত, এইবাৰ সামান্য উন্নতি হৈ ভাৰতৰ স্থান হৈছে ১৩৬ নম্বৰত।
মানুহৰ নিজস্ব সুখ – আনন্দৰ লগতে অৰ্থনৈতিক আৰু সামাজিক তথ্য – সহ নানা ধৰণৰ বিষয়ৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হয় ‘ৱৰ্ল্ড হেপিনেছ ৰিপোৰ্ট’। এই ৰিপোৰ্ট অনুসৰি শূণ্যৰ পৰা ১০ নম্বৰ স্কেললৈ এক সুখৰ ৰেটিং নিৰ্দ্ধাৰণ কৰা হয় – ৩ বছৰৰ ডাটাৰ গড়ৰ ওপৰত ভিত্তি কৰি। এই ৰেটিং অনুসৰি সমৃদ্ধিৰ ক্ষেত্ৰত সৰ্বাধিক বৃদ্ধিৰ ৰেকৰ্ড কৰিছে চাৰ্বিয়া, বুলগেৰিয়া আৰু ৰুমানিয়াই। অৰ্থনৈতিক পতনৰ সন্মুখীন হোৱা লেবাননৰ স্থান হৈছে ১৪৫ নম্বৰত। লেবাননৰ ঠিক ওপৰত আছে জিম্বাব’ৱে – ১৪৪ নম্বৰত। ১৪৬ নম্বৰত আছে আফগানিস্তান। যোৱাবছৰ তালিবানে আফগানিস্তানৰ ক্ষমতা কৰায়ত্ত কৰাৰ পিছত মানবীয় সংকটৰ অধিক অৱনতি হৈছে আফগানিস্তানত। ইউনিচেফে অনুমান কৰিছে যে চিকিৎসা লাভ নকৰিলে ৫ বছৰৰ তলৰ ১০ লাখৰো অধিক শিশুৰ মৃত্যু হ’ব পাৰে। যুদ্ধবিধ্বস্ত আফগানিস্তানৰ সকলোধৰণৰ সংকটৰ বাবেই একেবাৰে তলত স্থান লাভ কৰিছে।

‘ৱৰ্ল্ড হেপিনেছ ৰিপোৰ্ট ২০২২’ প্ৰস্তুত কৰা হৈছে ৰাছিয়াই ইউক্ৰেনৰ ওপৰত আক্ৰমণ কৰাৰ আগতেই। উত্তৰ ইউৰোপীয়সকলে সদায় সুখৰ ক্ষেত্ৰত তালিকাৰ ওপৰত থাকে। ডেনমাৰ্ক, ফিনলেণ্ড, আইচলেন্ড, চুইজাৰলেণ্ড, নেদাৰলেণ্ড আদি সুখী দেশ। সুখৰ ক্ষেত্ৰত তিনি ধাপ ওপৰলৈ উঠি ১৬ নং স্থান লাভ কৰিছে আমেৰিকাই। বৃটেইনৰ স্থান ১৭ নম্বৰত। ফ্ৰান্স ২০ নম্বৰত। ১৮ খন দেশৰ উদ্বেগ আৰু দু:খ বৃদ্ধি পাইছে।
বিশ্বৰ প্ৰথম ১০ খন সুখী দেশঃ
১. ফিনলেণ্ড
২. ডেনমাৰ্ক
৩. আইচলেন্ড
৪. চুইজাৰলেণ্ড
৫. নেদাৰলেণ্ড
৬. লাক্সেমবাৰ্গ
৭. চুইডেন
৮. নৰৱে
৯. ইজৰাইল
১০. নিউজিলেণ্ড