বিশ্ব পৰ্যটন দিৱস: আন্তৰ্জাতিক সম্প্ৰদায় আৰু পৰ্যটন কেন্দ্ৰৰ লগত সেঁতুবন্ধন
যুগান্ত বায়ন
ৰাষ্ট্ৰসংঘৰ অধীনস্থ বিশ্ব পৰ্যটন সংস্থাৰ প্ৰত্যক্ষ তত্ত্বাবধানত ১৯৮০ চনৰ পৰা ২৭ ছেপ্টেম্বৰ তাৰিখটো বিশ্ব পৰ্যটন দিৱস হিচাপে পালন কৰা হৈ আহিছে।
এই দিৱসৰ প্ৰধান উদ্দেশ্য হৈছে আন্তজাৰ্তিক সম্প্ৰদায় আৰু পৰ্যটন কেন্দ্ৰৰ লগত সেতুবন্ধন গঢ়ি তোলা। ইয়াৰ লগতে পৰ্যটনৰ ভূমিকা সম্পৰ্কে জনসাধাৰণৰ মাজত জনসচেতনতা বৃদ্ধি কৰাৰ লগতে সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক উপযোগিতাক বিশ্বব্যাপী প্ৰচাৰ আৰু প্ৰসাৰ কৰাটো দিৱসৰ অন্যতম এক প্ৰধান উদ্দেশ্য।
দ্বিতীয় বিশ্বযুদ্ধৰ পৰিসমাপ্তিৰ পিছত বিভিন্ন ধৰণৰ অৰ্থনৈতিক কাৰ্য-কলাপৰ সম্প্ৰসাৰণৰ ফলশ্ৰুতিত বিশ্বব্যাপী পৰ্যটন ব্যৱসায়ৰ প্ৰসাৰ ঘটিবলৈ আৰম্ভ কৰে। এনে পৰিৱৰ্তিত অৱস্থাত পৰ্যটনৰ লগত জড়িত সংশ্লিষ্ট বিভিন্ন প্ৰতিষ্ঠান, ব্যক্তি আৰু উপভোক্তা শ্ৰেণীৰ সমন্বয়ত আন্তজাৰ্তিক ভ্ৰমণবিষয়ক সংস্থা গঢ়ি উঠে।
এই সংস্থাটোৱে বিশ্বব্যাপী পৰ্যটনৰ ব্যৱস্থাৰ উন্নয়ন আৰু প্ৰসাৰৰ মাধ্যমত বিভিন্ন দেশৰ অৰ্থনৈতিক উন্নয়ন আৰু ৰাজহ সংগ্ৰহত বিশেষ অৱদান আগবঢ়োৱাৰ বাবে পৰৱৰ্তী কালত এই সংস্থাটো ৰাষ্ট্ৰসংঘৰ মাহত বিশেষ প্ৰতিষ্ঠানৰূপে সংযুক্ত হয়।
সংস্থাটোৰ কাৰ্যক্ৰম আৰু অধিক ফলপ্ৰসূ কৰিবলৈ ৰাষ্ট্ৰসংঘৰ বছৰেকীয়া সন্মিলনৰ সময়ত এই সংস্থাৰ সদস্যভূক্ত দেশসমূহৰ মাহত বিভিন্ন বিষয় লৈ বিশদ আলোচনা-পৰ্যালোচনাৰ জৰিয়তে নীতি-নিৰ্দেশনা স্থিৰ কৰি সংস্থাটোৱে কৰিবলগীয়া কৰ্মসূচীৰ চূড়ান্ত ৰূপ দিয়া হয়।
এই দিৱস উদযাপনৰ মূল উদ্দেশ্য হৈছে পৰ্যটনৰ প্ৰভাৱৰ বিষয়ে ৰাইজৰ মাজত সজাগতা বিয়পোৱা। পৰ্যটনে বিশ্বক সংযোগ কৰে আৰু ইজনে সিজনৰ সংস্কৃতিৰ বিষয়ে জ্ঞান প্ৰদান কৰে, কেৱল আজিয়েই নহয় ই ২০৩০ চনৰ বহনক্ষম উন্নয়নৰ কাৰ্যসূচীত দিয়া বিশ্বজনীন প্ৰত্যাহ্বানৰ বিষয়ে সজাগতা বিয়পাই দিয়ে । ইয়াৰ লগতে পৰ্যটন উদ্যোগে বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ বাবে বৃদ্ধি আৰু প্ৰচেষ্টা চলায়।
ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থাই (UNWTO) এই দিৱসৰ আৰম্ভণি কৰে । ভ্ৰমণকাৰীৰ বাবে ভাৰত এখন ভাল পৰ্যটন ক্ষেত্ৰ ।বৈচিত্ৰ্যৰে ভৰা এই দেশখন সকলো মানুহৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু, প্ৰতি বছৰে লাখ লাখ মানুহ ভাৰত ভ্ৰমণ কৰিবলৈ আহে ।
পৰ্যটন মন্ত্ৰালয়ে প্ৰকাশ কৰা এক তথ্য অনুসৰি ২০১৭ চনত প্ৰায় এক কোটি কোটি ৪০ লাখ বিদেশী পৰ্যটকে ভাৰত ভ্ৰমণ কৰিছিল । প্ৰতি বছৰে এই সংখ্যা বাঢ়ি গৈ আছে । এইদৰে পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ বাবে ভাৰতত পৰ্যটন খণ্ডত কৰ্মসংস্থাপন বৃদ্ধি পাইছে । বিশ্ব পৰ্যটন দিৱস উদযাপন কৰাৰো এক গুৰুত্বপূৰ্ণ কাৰণ ।
১৯৭০ চনৰ ২৭ ছেপ্টেম্বৰ তাৰিখে সংস্থাটোৰ বাৰ্ষিক সন্মিলনত ইয়াৰ নাম, লক্ষ্য, উদ্দেশ্য পুণঃমূল্যায়ণ আৰু নিৰ্ধাৰণ কৰা হয়। তেতিয়াৰ পৰা এই সংস্থাৰ নাম “বিশ্ব পৰ্যটন সংস্থা” হিচাপে পৰিচিত হয়। ইয়াৰ কাৰ্য্যকাল ১৯৭৪ চনৰ পৰা আৰম্ভ হয়। ১৯৮০ চনৰ বাৰ্ষিক অধিৱেশনত, এই সংস্থাৰ গঠনৰ দিন অৰ্থাৎ ২৭ ছেপ্টেম্বৰ তাৰিখে বিশ্বব্যাপী পৰ্যটন দিৱস পালনৰ বিষয়ে ঐক্যমত প্ৰতিষ্ঠিত হয়।
পৰৱৰ্তী কালত, ১৯৯৭ চনত তুৰস্কত অনুষ্ঠিত বাৰ্ষিক অধিৱেশনত এখন স্বাগতিক দেশ(Host Country) নিৰ্বাচনৰ মাধ্যমত বিশ্ব পৰ্যটন দিৱস পালনৰ বাবে ঐক্যমতত উপনীত হয়। এনে ঐক্যমতৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰৰ দিনটো “বিশ্ব পৰ্যটন দিৱস” হিচাপে সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো ব্যাপক পৰিসৰত পালন কৰা হৈ আহিছে।
আজিৰ এই বিশ্ব পৰ্যটন দিৱসৰ শুভ মূহুৰ্তত চলিত বছৰটোত অসমৰ পৰ্যটন উদ্যোগ এক সৱল ৰূপত প্ৰতিষ্ঠিত হওক তাৰবাবে ৰাজ্যখনৰ সকলোৱে এক সুস্থ আৰু শান্তিৰ পৰিৱেশ গঢ়ি তোলাৰ বাবে আত্মনিয়োগ কৰক।
যুগান্ত বায়ন ৮৮৭৬৪১৫০৮৯
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.