-অঞ্জন শৰ্মা |
১৪ শতিকাত প্লেগৰ দ্বাৰা ইউৰোপৰ ৩০%ৰ পৰা ৬০% জনসংখ্যা নিঃশ্চিহ্ন হৈ গৈছিল আৰু সমগ্ৰ বিশ্বৰ আনুমানিক ৩৭ কোটিৰ পৰা ৪৭ কোটি লোকৰ মৃত্যু হৈছিল। বৃটানিকা শব্দকোষত উল্লেখ আছে যে – ‘A rough estimate is that 25 million people in Europe died from plague during the Black Death. The population of western Europe did not again reach its pre – 1348 level until the beginning of the 16th century.’ ১৯১৮ চনৰ ‘স্পেনিশ ফ্লু’ৱে প্ৰাণহৰণ কৰিছিল প্ৰায় ৫ কোটি মানুহৰ। ১৯১০ চনত এইডচ্-অৰ ভাইৰাছ দক্ষিণ-পূৱ কেমেৰুণৰ ৰোগগ্ৰস্ত কোনো চিম্পাঞ্জীৰ পৰা মানুহৰ দেহত প্ৰৱেশ কৰি পোনতে পশ্চিম আফ্ৰিকাৰ ভিতৰত সীমাৱদ্ধ হৈ থাকি ১৯৭০ চনত হাইটি হৈ ঘূৰি-ফুৰি আমেৰিকাত প্ৰৱেশ কৰাৰ পিছৰে পৰা সমগ্ৰ বিশ্বতে যি মহাতংকৰ সৃষ্টি হৈছিল, সেই মহাতংক এতিয়াও বলিষ্ঠভাৱে বিদ্যমান। এইডচ-অৰ জয়যাত্ৰা আৰম্ভ হোৱাৰ পিছৰে পৰাই এতিয়ালৈ সমগ্ৰ বিশ্বত ৭৫ নিযুত মানুহ আক্ৰান্ত হৈছে আৰু ৩.২ নিযুত মানুহ মৃত্যুমুখত পৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে -‘ Globally 32.7 million [ 32.7 — 44.0 million ] people were living with HIV at the end of 2018.’
‘এপিডেমিক'(Epidemic)ৰ অৰ্থ যদি ‘মহামাৰী’, ‘প্যানডেমিক'(Pandemic)ৰ অৰ্থ ‘বিশ্ব-মহামাৰী’। বিশ্ব-মহামাৰীৰ নাথাকে কোনো ভৌগোলিক পৰিসীমা। বিশ্ব স্বাস্থ্য সংস্থাৰ তালিকাভূক্ত কেইবিধমান গুৰুত্বপূৰ্ণ ‘এপিডেমিক’ আৰু ‘প্যানডেমিক’ হ’ল – ‘ চিকুণগুণিয়া, কলেৰা, ক্ৰিমিয়ান-কঙ্গো হেম’ৰেজিক ফিভাৰ, ইব’লা, হেন্দ্ৰা ভাইৰাছ, ইনফ্লুৱেঞ্জা, লাচ্ছা ফিভাৰ, মাৰবাৰ্গ ভাইৰাছ, মেনিনজাইটিচ্, মাৰ্চ –চি-ও-ডি, মাংকিপক্স, নিপাহ ভাইৰাছ, প্লেগ, ৰিফ্ট-ভেলি ফিভাৰ, চাৰ্চ, সৰু-আই, ঝিকা,….! বিশ্ব স্বাস্থ্য সংস্থাৰ হিচাপমতে ১৯৮০-৮৫ সময়ছোৱাত বিশ্বত সংক্ৰামক ৰোগৰ প্ৰাদুৰ্ভাৱ ৩৫০ বাৰ, ২০০৫-১০ সময়ছোৱাত ১৩০০ (৩ গুণ অধিক) বাৰ হয়, আৰু যোৱা ৭৫ বছৰত ৪০০ নতুন সংক্ৰামক ব্যাধি পৃথিৱীলৈ আহিছে। ১৯৭১ চনৰ পিছত দেখা দিয়া ২৫ বিধ ৰোগৰ কোনো ঔষধ নাই! এগৰাকী বিশেষজ্ঞই লিখিছে যে যিধৰণৰ ভাইৰাছৰ বতৰা আহি আছে, সেইবোৰ হৈছে ‘জুনোটিক’ (Zoonotic) চৰিত্ৰৰ — এইবোৰ থাকে কোনো প্ৰাণীৰ শৰীৰত, প্ৰথমে নিৰীহ হৈ, তাৰপিছত নিৰ্দয় দুৰ্বৃত্তৰ ৰূপ ধাৰণ কৰি ঈষৎ পৰিৱৰ্তিত হৈ মানুহৰ শৰীৰত নিজৰ বাবে নতুন ৰঙ্গমঞ্চ আৱিষ্কাৰ কৰে।… পৃথিৱী প্ৰস্তুত নাছিল, প্ৰতীক্ষাত আছিল। কৰ’না ভাইৰাছ ঘটিত নিউমোনিয়াই সেই প্ৰতীক্ষাৰ সাময়িক অৱসান ঘটাই সমগ্ৰ বিশ্বক এতিয়া অপ্ৰস্তুত কৰি তুলি এক আতংকময় পৰিস্থিতি সৰ্বত্ৰতে সৃষ্টি কৰিছে – য’ৰ পৰা অসমৰ মাজুলী, ঠেঙাল-মেনৰ, এম-ভি মহাবাহু, ৰেডিশ্বন ব্লু আদিৰ পৰা আৰম্ভ কৰি ভূটান, নতুন দিল্লী, কেৰেলা, ইটালী, ইৰাণ, আমেৰিকা, ইংলেণ্ড, কলম্বিয়া, আৰ্জেণ্টিনা, মাল্টা, মালদ্বীপ, পাৰাগুৱে, বুলগেৰিয়া, দক্ষিণ কোৰিয়া, অষ্ট্ৰেলিয়া, জাপান, ভিয়েটনাম, টাইৱান,কাম্পুচিয়া, নেপাল, শ্ৰীলংকা, থাইলেণ্ড, মালয়েছিয়া, হংকং, চিঙ্গাপুৰ, জাৰ্মানী আদি বিভিন্ন দেশ মুক্ত হ’ব পৰা নাই, আৰু সতকাই নোৱাৰিবও! অনুমান কৰা হৈছে যে চীনৰ উহানৰ পৰা আৰম্ভ হোৱা নতুন প্ৰকাৰৰ কৰ’না ভাইৰাছ বাদুলিৰ শৰীৰৰ পৰা পেঙ্গোলিনৰ শৰীৰত প্ৰৱেশ কৰে আৰু তাৰপৰাই মানুহৰ দেহত প্ৰৱেশ কৰে। উহানৰ এখন পশু-মাংসৰ বজাৰত, বোধহয় হুয়ানান ‘চি-ফুড মাৰ্কেট’ত যোৱা ডিচেম্বৰ মাহত এই জীৱাণুৱে প্ৰথমে মানুহ চিকাৰ কৰে আৰু চীনত প্ৰথমতে আক্ৰান্ত হোৱা ৪১ জনৰ ভিতৰত ৩৭ জনেই এই বজাৰখনত পদাৰ্পন কৰিছিল। উহানৰ এই বজাৰখনত জঙ্গলৰ পৰা ধৰি অনা জীৱন্ত প্ৰাণীও বিক্ৰী হয় আৰু সেইবোৰ পোহনীয়া জীৱ-জন্তুৰ সৈতে সংস্পৰ্শ হ’ব পৰাকৈ ৰখা হয়। বিশেষজ্ঞ সকলৰ মতে এই বজাৰখনতেই বন্য প্ৰাণীৰ শৰীৰৰ পৰা অইন কোনো পোহনীয়া প্ৰাণীলৈ জীৱাণুৱে জপিয়াবলৈ সুবিধা পায়( ‘This virus probably originated in bats and passed through mammals, such as palm civets or Forest badgers, ending up in Wuhan’s wet market, where wild animals were on sale’ – The Economist)। কৰ’নাৰ পছন্দৰ প্ৰাণী হ’ল স্তন্যপায়ী প্ৰাণী আৰু চৰাই; আৰু এইসময়ত সমগ্ৰ বিশ্বত ১৯০০ কোটি কুকুৰা, ১৫০ কোটি গৰু, ১০০ কোটি ভেৰা,… মানুহৰ খাদ্য-গ্ৰহণ কৰা মেজৰ অপেক্ষাত উশাহ-নিশাহ লৈ আছে!
৮ মাৰ্চ, ২০২০ তাৰিখে কেৰেলাৰ এটা পৰিয়ালৰ ৫ জনকৈ সদস্য কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পিছত কৰ’নাৰ সংক্ৰমণক লৈ সহজে থাকিব পৰা পৰিস্থিতি এতিয়া আৰু বিৰাজ কৰি থকা নাই। অভিশপ্ত পৰিয়ালটোৰ ৩ জন সদস্য অলপতে ইটালীৰ পৰা কেৰেলালৈ উভতি আহিছিল আৰু বিমানকোঠত বিদেশৰ পৰা উভতি অহা বূলি অৱগত নকৰি বিদেশৰ পৰা অহা যাত্ৰীক কৰা স্বাস্হ্য পৰীক্ষাৰ পৰাও সচেতনভাৱে আতৰি গৈছিল। পিছত তেওঁলোকে অসুস্হ হৈ পৰাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু ৮ মাৰ্চ, ২০২০ তাৰিখ দেওবাৰে আটাইকেইজনক কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা বুলি ঘোষণা কৰা হয়। কেৰেলাৰ পৰিয়ালটোৰ ২৬ বছৰীয়া পুত্ৰজনে ইটালীৰ পৰা উভতি আহি কেইবাঘৰো আত্মীয়-কুটুম্বৰ ঘৰলৈ গৈছিল হেতুকে তেওঁৰ সংসৰ্গলৈ অহা বহুকেইজন কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হব পাৰে বুলি আশংকা কৰা হৈছে তথা সেই পৰিয়ালবোৰৰ সদস্যসকলেও তীব্ৰ আতংকত ভুগি আছে। অৰুণাচল প্ৰদেশ আৰু ছিকিমত বিদেশী পৰ্যটকৰ প্ৰৱেশ সাময়িকভাৱে নিষিদ্ধ কৰা হৈছে।
কৰ’নাৰ কেন্দ্ৰ চীনত ক্ৰমশঃ
ভাইৰাছ আক্ৰান্তৰ সংখ্যা হ্ৰাস পাই অহাৰ বিপৰীতে সমগ্ৰ পৃথিৱীত কৰ’না ভাইৰাছ তীব্ৰ গতিৰে বৃদ্ধি পাবলৈ ধৰিছে। বাতৰিকাকতত প্ৰকাশ পাইছে যে কৰ’না ভাইৰাছৰ মূল অভিকেন্দ্ৰ আছিল চীনৰ উহান আৰু হুবেই প্ৰদেশ। এই দুয়োখন প্ৰদেশৰ প্ৰায় সকলো গাওঁ আৰু চহৰ চীনৰ চৰকাৰে ভাইৰাছ উদ্ভৱ হোৱাৰ পিছতে প্ৰায় তলাবন্ধ কৰি দিছিল। অৰ্থাৎ এই দুয়ো প্ৰদেশলৈ প্ৰৱেশ আৰু তাৰ পৰা প্ৰস্থানৰ কোনো পথেই খোলা নাছিল। ইয়াৰ ফলত বিশ্বৰ বৃহত্তম জনসংখ্যাৰ দেশ চীনত যিদৰে এই ভাইৰাছবিধে প্ৰসাৰ লাভ কৰাৰ শংকা আছিল, তেনে নহ’ল। কিন্তু ইয়াৰ বিপৰীতে অসাৱধানতাৰ বাবে বা অইন বিভিন্ন কাৰণত সমগ্ৰ বিশ্বতে এতিয়া কৰ’না ভাইৰাছে ধুমুহাৰ গতিত বিস্তাৰ লাভ কৰিছে। শনিবাৰ পৰ্যন্ত (৭ মাৰ্চ) বিশ্বৰ ৯৫ খন দেশত কৰ’না ভাইৰাছ আক্ৰান্ত ধৰা পৰিছে। দেওবাৰে প্ৰথমবাৰৰ বাবে লেটিন আমেৰিকাৰ দেশ আৰ্জেণ্টিনাত কৰ’না ভাইৰাছ আক্ৰান্ত চিহ্নিত হোৱাৰ পিছত আন এখন দেশ কলম্বিয়াতো এই ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ আহিছে। শেহতীয়াকৈ কষ্টাৰিকা, মাল্টা, মালদ্বীপ, পাৰাগুৱে, বুলগেৰিয়া আদি দেশত কৰ’না ভাইৰাছ আক্ৰান্ত চিহ্নিত হৈছে। তাৎপৰ্যপূৰ্ণভাৱে চীনত দেওবাৰৰ দিনটোত মাত্ৰ ৪৪ জন কৰ’না ভাইৰাছ আক্ৰান্ত চিহ্নিত হোৱাৰ বিপৰীতে সমগ্ৰ বিশ্বত আক্ৰান্তৰ সংখ্যাই ১১৫০০০ অতিক্ৰম কৰিছে। ইখনৰ পাছত সিখনকৈ দেশত বিস্তাৰ লাভ কৰিছে কৰ’না ভাইৰাছে। পৰিস্থিতি অতিশয় শোচনীয় হৈ পৰা দেখি বিশ্ব স্বাস্থ্য সংস্থাই এই অৱস্হাটোক ‘অন্ধকাৰাচ্ছন্ন’ বুলি ঘোষণা কৰিছে। কিয়নো অতি দ্ৰুতগতিত ভাইৰাছবিধে ইখনৰ পিছত সিখন দেশ অতিক্ৰম কৰা আৰু আয়ক কোনেও নিয়ন্ত্ৰণ কৰিব নোৱৰাৰ বাবেই বিশ্ব স্বাস্থ্য সংস্থাই সাম্প্ৰতিক পৰিস্থিতিক মানৱ স্বাস্থ্যৰ দিশৰপৰা ‘অন্ধকাৰাচ্ছন্ন’ বুলি কবলৈ বাধ্য হৈছে।
চীনৰ পৰিস্থিতি গোমা কৰি পেলোৱাৰ পিছতেই অতি শোচনীয় হৈ পৰিছে ইটালীৰ পৰিস্থিতি। ৮ মাৰ্চলৈ ইটালীৰ মুঠ ২৩৩ জন লোক কৰ’নাৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে। ইটালীৰ চৰকাৰে ১৫ নিযুত বাসিন্দা থকা বৃহত্তম এলেকা দেশৰ অইন অংশৰ পৰা পৃথক কৰি পেলাইছে। কিন্তু ইটালীৰ এনে অৱস্থা কিয়? চীন আৰু ইটালীৰ মাজত দূৰত্ব অনেক, দুয়োখন দুখন বেলেগ মহাদেশত, তেনেস্থলত কৰ’নাৰ এনে বিস্তাৰ?
যোৱা এক দশক ধৰি ইটালীৰ অৰ্থনৈতিক অৱস্থা একেবাৰে দুৰ্বল। উচ্চহাৰৰ মজুৰি, নগণ্য উৎপাদনৰ দ্বাৰা ইটালীৰ অৰ্থনীতি সোলোক-ঢোলোক হৈ থকা পৰিস্থিতিৰ সুযোগ লৈ চীনে ইটালীৰ অৰ্থনৈতিক ক্ষেত্ৰত প্ৰৱেশ কৰি বিশ্বৰ শ্ৰেষ্ঠ মানদণ্ডৰ ‘ইটালীয়ান ডিজাইনাৰ’ক ‘ক্ৰয়’ কৰি চীনৰ হৈ কামত নিয়োগ কৰিলে। ইটালীৰ চৰকাৰেও চীনৰ ‘Belt & Road Initiative'(BRI)ক সমৰ্থন কৰি যোৱাবছৰৰ মাৰ্চত প্ৰথমখন G-7 ৰাষ্ট্ৰ হিচাপে স্বাক্ষৰ কৰে। ৰোমত থকা ইটালীৰ বেংক ‘Cassa Depositi ePrestiti (CDP) -এ চীনৰ লগত এখন চুক্তি কৰি সেইমতে ‘Panda Bonds’ বিক্ৰী কৰিবলৈ সন্মত হৈছে। ‘পান্ডা বন্ড’ হ’ল চীনৰ আৰু ইটালীৰ কোম্পানীত বিনিয়োগ কৰিবলৈ প্ৰস্তুত কৰা একপ্ৰকাৰৰ বিশেষ বন্ড ( Chinese renminbi – denominated bonds from a non-Chinese issues sold in China)! ইটালীৰ আৰু চীনৰ কোম্পানীয়ে ইতিমধ্যে পাইপলাইন, ষ্টৰেজ ফেচিলিটি, LNG (Liquefied Natural Gas), উপৰিসৌধ প্ৰস্তুতকৰণ, বায়’-মিথেন প্ৰকল্প আদিত একেলগে কাম কৰা আৰম্ভ কৰি আছে। আজাৰবাইজানত দুয়োখন দেশে একেলগে এক প্ৰকান্ড তীখা কাৰখানা স্থাপন কৰিবলৈ আগবাঢ়িছে। ইটালীৰ সবাত’কৈ ডাঙৰ বন্দৰ ‘Genoa’ক নতুনকৈ নিৰ্মাণ কৰিবলৈ চীন আগবাঢ়িছে। ইটালীৰ শক্তি-ক্ষেত্ৰৰ ফৰিংফুটা নাম Eni-ক বেংক অফ চাইনাই সৌৰশক্তিৰ প্ৰকল্পৰ বাবে বিত্ত যোগান ধৰিবলৈ সেউজ সংকেত দিছে। Huawei- এ ইটালীত ৩ বিলিয়ন আমেৰিকান ডলাৰ (১বিলিয়ন= ১০০ কোটি) বিনিয়োগ কৰাৰ লগতে ১০০০+ কৰ্ম-সংস্থানৰ বিষয়ে ইতিপূৰ্বে ঘোষণা কৰিছে। ‘টেলিকম-জায়েন্ট’ হিচাপে অভিহিত ZTE-এ যুটীয়াভাৱে জোঁট বান্ধিছে ইটালীৰ কোম্পানী Wind Tre-ৰ সৈতে — ‘5G-ready rollout across Italy’ – ৰ বাবে। ইটালীৰ বিখ্যাত ফুটবল টিম Inter- Milan ইতিমধ্যে চীনৰ সম্পত্তি হৈ পৰিছে! ‘ফেৰাৰী’ৰ মিউজিয়াম ইতিমধ্যে চীনৰ ট্ৰেভেল এজেন্সীৰ হাতত – চীনৰ পৰ্যটক আকৰ্ষিত কৰাৰ নামত।… অৰ্থাৎ, আজিৰ ইটালী চীনৰ ড্ৰেগনৰ গ্ৰাসত! চীনৰ হাজাৰ হাজাৰ কৰ্মী, পৰ্যটক আদি ইটালীৰ বিভিন্ন প্ৰান্তত সেইবাবেই প্ৰত্যক্ষ হয়। আৰু সেইবাবেই ইটালীত কৰ’নাই এনেদৰে বিস্তাৰিত হৈছে। ইটালীৰ অৰ্থনীতি, ইটালীৰ স্বাস্থ্য আজি পৰাধীন, অৰ্থাৎ একাৰ্থত চীনৰ অধীন! ইটালীৰ অৱস্থা অদূৰ ভৱিষ্যতে কেনে হয় , সেয়া ইটালীৰ প্ৰধানমন্ত্ৰী ক’ন্টে(Giuseppe Conte)ইও ক’ব নোৱাৰিব!
বাতৰিকাকতত প্ৰকাশ পাইছে যে ইৰাণতো কৰ’নাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। যোৱা ৭ মাৰ্চ পৰ্যন্ত কৰ’নাই ইৰাণৰ এগৰাকী মহিলা সাংসদকে ধৰি ৪৬ জনৰ মৃত্যু ঘটোৱাৰ পিছত ৮ মাৰ্চ তাৰিখে পুনৰ ৩ জনৰ মৃত্যু ঘটোৱাত ইৰাণৰ মুঠ ১৯৪ জনৰ কৰ’নাৰ দ্বাৰা মৃত্যু হয়। এই হিচাপ চৰকাৰী হেতুকে প্ৰকৃত সংখ্যা বহু বেছি বুলি অনুমান কৰা হৈছে। ইতিমধ্যে ইৰাণত প্ৰায় ৫০০০+ লোক কৰ’নাৰ দ্বাৰা আক্ৰান্ত হোৱা বুলি আশংকা কৰা হৈছে। এতিয়া প্ৰশ্নৰ উদ্ৰেক হৈছে – ইটালীৰ পিছত ইৰাণ কিয়?
বাণিজ্য, অস্ত্ৰ বিক্ৰী, তেলৰ ক্ষেত্ৰত বিনিয়োগ তথা আমদানি-ৰপ্তানি আদিৰ জৰিয়তে ইৰাণৰ সৈতে চীনৰ সম্পৰ্ক অতি দৃঢ়। ১৯৮০ চনৰ ইৰাণ -ইৰাক যুদ্ধৰ সময়ছোৱাৰ পৰাই Hai Ying ‘Silkworm’ মিচাইল ইৰাণক বিক্ৰী কৰা চীন হ’ল ইৰাণৰ প্ৰধান অস্ত্ৰ যোগনীয়াৰ! তাৰোপৰি ইৰাণৰ সৈতে যুক্ত হৈ পাৰস্য উপসাগৰ তথা ভাৰত মহাসাগৰত নৌ-বহৰৰ অনুশীলন চলোৱা আদিৰ দ্বাৰা ইতিপূৰ্বে কয়লাৰ পৰা খাৰুৱা তেল, খনিজ সম্পদ, ৰাসায়নিক সামগ্ৰী বিপুল পৰিমাণে আমদানি কৰি চীনে ইৰাণ-প্ৰেম তীব্ৰতৰ কৰি পেলাইছে। চীনৰ কোম্পানী ‘চাইনা নেশ্যনেল পেট্ৰ’লিয়াম কৰ্পোৰেশ্যন'(CNPC), ‘ঝুঝৌউ চিমেন্টেড কাৰবাইড কাটিং টুল্চ'(Zhuzhou Cenented Carbide Cutting Tools, চমুকৈ ZCC-CT), ‘চিনোপেক গ্ৰুপ’ (Sinopec Group) আদিয়ে ইৰাণৰ তৈল-গেছীয় ক্ষেত্ৰৰ বিশাল অংশ ক্ৰয় কৰি পেলাইছে – দীৰ্ঘকালীন বাণিজ্য -চীনলৈ আমদানিৰ নামত তথা ইউৰোপ আৰু এছিয়াৰ অইন কিছুমান স্থানলৈ ইৰাণৰ পৰাই পোনে পোনে ৰপ্তানি কৰাৰ বাবে। ইৰাণৰ সৈতে চীনৰ সম্পৰ্ক ইমানেই দৃঢ় হৈছে যে চীনে এতিয়া এনেদৰেও কবলৈ ধৰিছে যে ইৰাণৰ সেই অঞ্চলসমূহ চীনে নিজৰ অঞ্চলৰ দৰেই গণ্য কৰি প্ৰয়োজন সাপেক্ষে ৰক্ষণাবেক্ষণো দিব! ইটালীৰ দৰে ইৰাণেও BRI-ত স্বাক্ষৰ কৰিছে। চীন-ইৰাণৰ ৰেলপথ কাজাখাস্তান, কিৰগিজস্তান, উজবেকিস্তান, তুৰ্কমেনিস্তান, আদিলৈ সম্প্ৰসাৰণ ঘটোৱাৰ অন্তৰালত আছে চীনৰ ইউৰোপলৈ সহজ অভিগমণ বা উজু প্ৰৱেশৰ অভিসন্ধি। এনেবোৰ কাৰণতে ৰাজনীতি-অৰ্থনীতি-বৈদেশিকনীতিৰ লগতে ইৰাণত কৰ’নাইও ইটালীৰ দৰেই বিস্তাৰ লাভ কৰিছে।
ইটালী, ইৰাণ আদিৰ দৰে দক্ষিণ কোৰিয়াতো চীনৰ উপস্থিতি অতি শক্তিশালী আৰু চীন হ’ল দক্ষিণ কোৰিয়াৰ সবাত’কৈ বৃহৎ বাণিজ্যিক মিত্ৰ। চীনৰ ইলেক্ট্ৰনিক উদ্যোগ, জেনেৰেল মেচিনাৰী, আৰু অইন উদ্যোগৰ বাবে দক্ষিণ কোৰিয়াই বিভিন্ন যন্ত্ৰাংশ বৃহৎ পৰিমাণে ৰপ্তানি কৰে। Geopolitical সম্পৰ্কৰ শীতলতা থকা সত্বেও দুয়োখন দেশে দুয়োখন দেশৰ গুৰুত্ব বুজি পায়। দুয়োখন কোৰিয়াতে আছে চীনৰ বিশাল প্ৰভাৱ। দক্ষিণ কোৰিয়াৰ চিনেমাৰ ক্ষেত্ৰখনতো চীনৰ প্ৰভাৱ গুৰুত্বপূৰ্ণ; তাৰেই উদাহৰণ হিচাপে এইবাৰ দক্ষিণ কোৰিয়াৰ ‘পেৰাচাইট’ নামৰ চিনেমাই প্ৰথমখন বিদেশী ভাষাৰ চিনেমা হিচাপে শ্ৰেষ্ঠ চিনেমাৰ অস্কাৰ লাভ কৰাৰ বিষয়ে ডাঙি ধৰিব পাৰি – আৰু ‘পেৰাচাইট’ক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প কিয় ক্ষুণ্ণ হৈছিল, অনুমান কৰিব পাৰি! কেৱল সেয়ে নহয়, দক্ষিণ কোৰিয়াৰ ফেশ্বন, সংগীত, কলা, পৰ্যটন আদি সকলোতে চীনৰ শক্তিশালী উপস্থিতি; আৰু এইবোৰক ভিত্তি কৰি কৰ’নাৰো বিস্তৃতি!
অলপতে এষাৰ বাক্য পঢ়িবলৈ পাইছিলো। বাক্যষাৰ আছিল – A virus, in the immortal words of the British Noble Laureate Peter Medawar, is ‘a piece of bad news wrapped up in a protein.’
সমগ্ৰ বসুমতীক জোকাৰি পেলোৱা ‘কোভিড -১৯’-অৰ অভিকেন্দ্ৰ চীনৰ উহান অভিমুখে বিশ্ব স্বাস্থ্য সংস্থাৰ এটা দলৰ এগৰাকী বিশেষজ্ঞ হিচাপে গৈ উভতি অহা ‘নাইজেৰিয়ান চেন্টাৰ ফৰ ডিজিজ্ কন্ট্ৰোল’ৰ সঞ্চালক প্ৰধান চিক্উই ইহেক্-ৱেঝু (Chikwe Ihekweazu)ৱে তেওঁৰ আবুজাৰ বাসগৃহৰ পৰা বাৰ্তা প্ৰেৰণ কৰি সংবাদ মাধ্যমক সদৰি কৰিছে যে চীনে বিশ্ববাসীক ‘কোভিড-১৯’ ভাইৰাছ সম্পৰ্কীয় অকল্পনীয় তথা ডাঙৰ শিক্ষা প্ৰদান কৰাৰ পথত! উহানৰ পৰা উভতি আহি নিজৰ বাসগৃহত স্বেচ্ছাই নিৰ্বাসিত হৈ (কৰ’নাক যদিহে চীনৰ পৰা কঢ়িয়াই আনিছে, সেয়া বিস্তাৰিত নহ’বলৈ) থকা ইহেক্-ৱেঝু মহোদয়ে কথাখিনি কৈছে তেওঁ নিজৰ চকুৰে দেখি অহা চীনৰ পদক্ষেপৰ আধাৰত! তেওঁৰ মতে কৰ’নাক বাধা দিয়াৰ ক্ষেত্ৰত চীন অভূতপূৰ্বভাৱে সফল হৈছে। ২০২০ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে চীনত ৩৮৮৭ জন ব্যক্তি কৰ’নাক্ৰান্ত হৈ আছিল যদিও এমাহ পিছত ৪ মাৰ্চ তাৰিখে সেই সংখ্যা হ্ৰাস পাই হৈ পৰিছিল মাত্ৰ ১৩৯ জন। প্ৰযুক্তি তথা মানৱ-শক্তিৰ প্ৰয়োগ কৰি মহাবলী দৈত্যৰ দৰে কৰ্ম আৰম্ভ কৰা বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ চীনে ভয়ংকৰ কৰ’নাক বিস্তাৰিত হোৱাত বাধা দিবলৈ সক্ষম হোৱা স্বচক্ষে প্ৰত্যক্ষ কৰি হতবাক হৈ পৰিছিল বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞৰ দলটো! তেওঁ সদৰি কৰে যে সমগ্ৰ চীনৰ সকলো শিক্ষানুষ্ঠান বন্ধ কৰি দিয়া হৈছিল, বন্ধ কৰি দিয়া হৈছিল সকলো প্ৰকাৰৰ পৰিবহন ব্যৱস্থা, সকলো সামাজিক-সাংস্কৃতিক অনুষ্ঠান, বন্ধ কৰা হৈছিল কল-কাৰখানাসমূহ। কৰ’নাই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পটভূমিত ১১ নিযুত মানুহৰ বাসস্থান উহান মহানগৰৰ সকলো বাসিন্দাক ৫ সপ্তাহ ধৰি নিজৰ নিজৰ বাসগৃহত আৱদ্ধ কৰি ৰখা হৈছিল। উহানৰ পৰা অনতিদূৰৰ গাঁওবোৰৰ মাজতো চলা-ফুৰাৰ ক্ষেত্ৰত কঠোৰ বাধা আৰোপ কৰা হৈছিল আৰু অনিবাৰ্য কাৰণবশতঃ ইখন গাওঁৰ পৰা সিখন গাঁওলৈ যাবলগীয়া হ’লে স্থানীয় ‘পাৰ্টিৰ মূৰব্বী’ৰ অনুমতি লৈহে যাবলৈ সক্ষম হৈছিল। যিসকল বাসিন্দাই কৰ’নাবিষয়ক অজ্ঞতাৰ হেতুকে পোনতে গুৰুত্ব দিয়া নাছিল, তেওঁলোকক পেৰেড কৰাই নিজৰ নিজৰ বাসগৃহলৈ নি দুৱাৰত লোহাৰ ডাং গজাল মাৰি দিয়া হৈছিল। মুখা (mask) নিপিন্ধাসকলক গছত বান্ধি থোৱা হৈছিল। অকল্পনীয় কঠোৰ পদক্ষেপ গ্ৰহণ কৰি চীনে কৰ’নাৰ দুৰ্জেয় গতিক ভেটিবলৈ সক্ষম হৈছিল। The Economist-এ লিখিছে যে -‘ In China that has led to the biggest quarantine in history, as Wuhan and the rest of Hubei province have been sealed off. The impact of such Draconian measures has rippled throughout China. The spring holiday has been extended, keeping schools & businesses closed….!
চীনৰ এনে পদক্ষেপৰ বিপৰীতে আমেৰিকাৰ পদক্ষেপ তেনেকৈ দুৰ্বল। আমেৰিকাত ২৫ ফেব্ৰুৱাৰী তাৰিখে লেৰি কুড্ল'(Larry Kudlow, Chief Economic Adviser to the President Donald Trump)-এ সংবাদ মেলত কৰ’না সম্পৰ্কে আমেৰিকাৰ পদক্ষেপ সম্পৰ্কত কৈছিল যে -‘We have contained this. I won’t say alright, but it’s pretty close to alright’! কিন্তু যিক্ষেত্ৰত মাৰ্চ মাহৰ ১ তাৰিখ পৰ্যন্ত দক্ষিণ কোৰিয়াৰ দৰে দেশত কোভিড-১৯ ভাইৰাছৰ উপস্থিতি ধৰা পেলাবলৈ মানুহৰ দেহত ১০০০০০ (এক লাখ) টা পৰীক্ষা কৰা হৈছিল, বিশাল দেশ আমেৰিকাত ২৩ জানুৱাৰী তাৰিখেই প্ৰথমজন কৰ’নাক্ৰান্তৰ উপস্থিতি নিশ্চিত হোৱাৰ পিছতো তেনে পৰীক্ষাৰ সংখ্যা আছিল মাত্ৰ ৫০০!!
চীনৰ শাসকৰ নিৰ্দেশ আখৰে আখৰে পালন কৰি পূৰ্বৰ তুলনাত ১২ গুণ অধিক উৎপাদন কৰি প্ৰতিদিনে ১১৬ নিযুত মুখা চীনৰ কাৰখানাত প্ৰস্তুত কৰা হৈছে। নজীৰবিহীনভাৱে, দক্ষিণ-পশ্চিম চীনত থকা চীন-আমেৰিকাৰ যুটীয়া গাড়ী নিৰ্মাণ উদ্যোগ জেনেৰেল মটৰচ্ -অৰ বিশাল কাৰখানাত নিজৰ কৰ্মচাৰীৰ বাবে প্ৰয়োজনীয় মুখা প্ৰস্তুত কৰাৰ লগতে অন্যান্য উদ্যোগৰ বাবেও মুখা তৈয়াৰ কৰা মেচিন বা যন্ত্ৰ জেনেৰেল মটৰচ্-অৰ কাৰখানাত প্ৰস্তুত কৰি প্ৰেৰণ কৰা হৈছে। বিজ্ঞান বিষয়ক আলোচনী ‘Science Mag’-অত ২ মাৰ্চ তাৰিখে Kai Kupferschmidt আৰু John Cohen-এ লিখিছে – ‘চীনৰ কঠোৰ পদক্ষেপৰ বাবে চীনত কৰ’নাৰ বিস্তাৰ হ্ৰাস পাইছে। কিন্তু চীনৰ দৰে আসুৰিক পদক্ষেপ গ্ৰহণ কৰাটো অইন দেশবোৰৰ বাবে সম্ভৱপৰ নহ’ব। যি চীনত কেইসপ্তাহমানৰ আগতে চিকিৎসালয়সমূহত কৰ’নাক্ৰান্ত ৰোগীৰ বাবে স্থানৰ অভাৱ হোৱা হেতুকে যুদ্ধকালীন ক্ষীপ্ৰতাতকৈও অধিক ক্ষীপ্ৰতাৰে চীনে নতুন নতুন চিকিৎসালয় এক সপ্তাহৰ ভিতৰতে নিৰ্মাণ কৰি ৰোগীৰ চিকিৎসা আৰম্ভ কৰিছিল, সেই চীনৰ চিকিৎসালয়ত এতিয়া বিচনাবোৰ খালী হৈ পৰি আছে!’ অৰ্থাৎ চীনে নদীৰ সোঁত ওভোতাকৈ বোৱাই নিয়াৰ দৰে কৰ’না ভাইৰাছৰো টেটুত চেপি ধৰিবলৈ সক্ষম হৈছে। ওপৰোক্ত দুয়োগৰাকী লেখকে পুনৰ লিখিছে -‘ Chinese hospitals overflowing with COVID-19 patients a few weeks ago now have empty beds. These are some of the startling observations in a report released on 28 th February from a mission organized by the World Heakth Organisation (WHO) and the Chinese government that allowed 13 foreigners to join 12 Chinese scientists on a tour of five cities in China to study the state of COVID -19 epidemic and the effectiveness of the country’s response. The finding surprised several of the visiting scientists. The report stated-“China’s bold approach to contain the rapid spread of this new respiratory pathogen has changed the course of a rapidly escalating and deadly epidemic. This decline in COVID-19 cases across China is real.”
ইতিমধ্যে ৭৫ খন দেশলৈ বিয়পি পৰা কৰ’নাক সেই দেশবোৰে কিদৰে নিয়ন্ত্ৰণ কৰিব পাৰে – তাকে লৈ বিশ্ব স্বাস্থ্য সংস্থা অতিশয় উদ্বিগ্ন হৈ পৰিছে, যিহেতু বিশেষজ্ঞ সকলে বাৰুকৈয়ে জানে যে চীনৰ দৰে কঠোৰতম তথা সৰ্বাত্মক পদক্ষেপ গ্ৰহণ কৰাটো অইন দেশবোৰৰ বাবে কোনোপধ্যেই সম্ভৱ নহয় হেতুকে বিশ্বৰ কোটি কোটি মানুহ ইয়াৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱাৰ সম্ভাৱনা আছে।
কৰ’নাক লৈ বিশ্ব তোলপাৰ হৈ আছে কিয়? কাৰণ ই অদ্ভুত ধৰণে বিস্তাৰিত হয়। ১০ জন আক্ৰান্তৰ পৰা ১০০ জনলৈ বিয়পিবলৈ যিদৰে সময় নালাগে, ১০০ জনৰ পৰা ১০০০০ বা ১০০০০০ হবলৈও বহুত সময় নালাগে। তাৰোপৰি এতিয়ালৈকে নাই কোনো প্ৰতিষেধক। কৰ’নাই স্বাস্হ্য-চিকিৎসাৰ ক্ষেত্ৰখনক নাজল-নাথল কৰি পেলাব পাৰে, যিদৰে এসময়ত প্লেগ-এ কৰিছিল, ই সামাজিক-অৰ্থনৈতিক অস্থিৰতা সৃষ্টি কৰিব পাৰে বিশ্বৰ দেশে দেশে। সৃষ্টি কৰিব পাৰে বিৰাট অনিশ্চয়তা। ২০ জানুৱাৰীত কৰ’নাক্ৰান্তৰ সংখ্যা আছিল ২৮২ জন, মাত্ৰ ৯ দিন পিছতেই সেই সংখ্যা হৈ পৰিল ৯৮০০ জন! ইতিমধ্যে বিশ্বই প্ৰত্যক্ষ কৰা চাৰ্চ (SARS), মাৰ্চ (MERS), নিপাহ (Nipah), ঝিকা/জাইকা( Zika), মেক্সিকান চোৱাইন ফ্লু(Mexican Swine Flue) আদিৰ বাবে আনুমানিক ৬০ বিলিয়ন আমেৰিকান ডলাৰ প্ৰতিবছৰে ব্যয় কৰিবলগীয়া হৈ আছে, আৰু নতুন কোভিদ-১৯ৰ বাবে কি কি পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয় – অনুমান কৰা কঠিন। তদুপৰি, কৰ’নাই শেষ প্যান্-ডেমিক বা এপিডেমিক নহয় ! ২০১৫ চনত দক্ষিণ কোৰিয়াত মাৰ্চ (Middle East Respiratory Syndrome)ৰ দ্বাৰা আক্ৰান্ত এগৰাকী ৰোগীক চিকিৎসালয়ৰ ICU-ত ভৰ্তি কৰাৰ ৫৮ ঘন্টাৰ পিছতেই তেওঁৰ পৰা সেই ভাইৰাছ ৮১ জনলৈ বিয়পিছিল! গতিকে কৰ’নাৰ ক্ষেত্ৰতো কিমান সাৱধানতা অৱলম্বন কৰিব লাগিব – সেয়া সহজেই বুজিব পাৰি। তদুপৰি এই ভাইৰাছ সমূহক প্ৰতিৰোধ কৰাটোও উজুড়নহয়। লন্ডন স্কুল অফ হাইজিন এন্ড ট্ৰপিকেল মেডিচিনৰ অধ্যাপক ডেভিদ হেইমান্-এ কৈছে যে ‘When a new infectious disease begins to spread, decisions on how to stop it are based on patchy data that change by the hour. This is “the Fog of War” phase!
কৰ’নাই চীনৰ অৰ্থনৈতিক ক্ষেত্ৰখনতো বহুত ক্ষতিসাধন কৰিছে। চীনৰ জি-ডি-পি(GDP)লৈ হুবেইৰ বৰঙণি হ’ল ৪.৫% ; গতিকে হুবেইখনক সম্পূৰ্ণ নিতাল- নিস্তব্ধ কৰিবলগীয়া হোৱাৰ ফলত কিমান ক্ষতি হৈছে বহলাই নকলেও হ’ব। চাংহাই চহৰৰ কেন্দ্ৰস্থলত থকা ১৬ শতিকাৰ বিখ্যাত ‘য়ু গাৰ্ডেন'( Yu Garden)খনলৈ আগৰটো বছৰত ‘ চীনাসকলৰ নতুন বছৰৰ ছুটী’ৰ সময় উপভোগ কৰিবলৈ অহা মানুহৰ সংখ্যা আছিল ৭০০০০০ জন, এইবাৰ নিমাওমাও। আগৰটো বছৰত চীনৰ নতুন বছৰ উপলক্ষে চীনাসকলে খুচুৰা সামগ্ৰী ক্ৰয় কৰা হিচাব আছিল ১ ত্ৰিলিয়ন য়ুয়ান ( ১৪৪ বিলিয়ন আমেৰিকান ডলাৰ); এইবাৰ তথৈবচ। আগৰটো নতুন বছৰৰ ছুটীৰ সময়ত চীনৰ ১১০০০ চিনেমাহলৰ যি আয় হৈছিল, সেয়া আছিল চীনৰ বক্স অফিচৰ বাৰ্ষিক মুঠ ৰাজহ সংগ্ৰহৰ ৯% ; এইবাৰ চিনেমা গৃহবোৰ বন্ধ। চীনৰ ঘৰুৱা পৰ্যটনৰ বাৰ্ষিক মুঠ ৰাজহৰ ৮% , অৰ্থাৎ ৫০০ বিলিয়ন য়ুয়ান সংগৃহীত হয় নতুন বছৰৰ ছুটীৰ সময়ত; এইবাৰ পৰ্যটকেই নাই। চাংহাইত ডিজনী ৰিজৰ্টে নতুন বছৰৰ ছুটীৰ সময়ত বহুত আয় কৰে যদিও এইবাৰ ৰিজৰ্ট বন্ধ। … এইবোৰৰ উপৰিও পৃথিৱীৰ বাবে প্ৰয়োজনীয় প্লাষ্টিকৰ ফুলৰ মুঠ ৯০% উৎপাদন কৰা চীনদেশে ঔষধ-পাতি উৎপাদনৰ বাবে প্ৰয়োজনীয় সামগ্ৰী, গাড়ী তৈয়াৰ কৰা কাৰখানাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী, ইলেক্ট্ৰনিক- টেলিকম-মোবাইল আদিও বিপুল পৰিমাণে ৰপ্তানি কৰে। ২০০৩ চনত পৃথিৱীৰ মুঠ GDPৰ ৪% আছিল চীনৰ, কিন্তু যোৱাবছৰ হৈছিল ১৬% ! এনে ক্ষেত্ৰত কৰ’নাই চীনৰ সমস্ত উৎপাদনৰ জগতখনত হঠাৎ ব্ৰেক লগাই দিয়াৰ ফলত কেৱল চীনৰেই নহয়, সমগ্ৰ বিশ্বৰেই প্ৰৱল অৰ্থনৈতিক ক্ষতি হৈছে।
বুধবাৰে, ৪ মাৰ্চ,২০২০ তাৰিখে ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন এখনত প্ৰকাশ পাইছে যে চীনত হোৱা কৰ’নাৰ বাবে ভাৰতৰ অৰ্থনৈতিক ক্ষেত্ৰত ক্ষতি হ’ব ৩৪৮ নিযুত আমেৰিকান ডলাৰ আৰু ক্ষতিগ্ৰস্ত ১৫ খন দেশৰ শীৰ্ষত থাকিব ভাৰত – চীনৰ সৈতে বাণিজ্যিক বাধা হোৱা হেতুকে। ‘United Nations Conference on Trade and Development (UNCTAD)’ৰ সমীক্ষা অনুসৰি কৰ’না ভাইৰাছৰ বাবে চীনৰ সৈতে হোৱা বাণিজ্যিক কৰ্ম-কান্ড বাধাগ্ৰস্ত হোৱাৰ ফলত সমগ্ৰ বিশ্বৰ অৰ্থনৈতিক ক্ষেত্ৰত ৫০ বিলিয়ন আমেৰিকান ডলাৰ হ্ৰাস পাব। বিভিন্ন দেশ এতিয়া চীনৰ ওপৰত নিৰ্ভৰশীল হেতুকে ক্ষয়- ক্ষতিৰ পৰিমাণো অধিক হব। উদাহৰণ স্বৰূপে ইউৰোপীয়ান ইউনিয়নৰ ক্ষতি হ’ব ১৫.৬ বিলিয়ন আমেৰিকান ডলাৰ, আমেৰিকাৰ ৫.৮ বিলিয়ন আমেৰিকান ডলাৰ, জাপানৰ ৫.২ বিলিয়ন আমেৰিকান ডলাৰ, দক্ষিণ কোৰিয়াৰ ৩.৮ বিলিয়ন আমেৰিকান ডলাৰ, টাইৱান প্ৰভিন্স অফ চাইনাৰ ২.৬ বিলিয়ন আমেৰিকান ডলাৰ, ভিয়েটনামৰ ২.৩ বিলিয়ন আমেৰিকান ডলাৰ, ইত্যাদি। ইতিমধ্যে ভাৰতৰ অৱস্থা অধিক শোচনীয় হৈ পৰিছে, যিহেতু কৰ’না উদ্ভৱ হোৱাৰ আগতেই ভাৰতৰ ‘Growth’ হ্ৰাস পাই বিগত ৭ বছৰৰ ভিতৰতে সৰ্বনিম্ন হৈ মাত্ৰ ৪.৭% -লৈ অৱনমিত হৈছে, নিবনুৱা সমস্যা তীব্ৰগতিৰে বৃদ্ধি পাইছে, কল-কাৰখানা বন্ধ হৈ পৰিছে, চীনত কৰ’না হোৱা হেতুকে অতিৰিক্তভাৱে পুনৰ ক্ষতিগ্ৰস্ত হৈ পৰিছে চীননিৰ্ভৰ উদ্যোগজগত, ভাতৃঘাতী সমস্যা মূৰ ডাঙি উঠিছে, বেংক- বিমান কোম্পানী বন্ধ হৈ পৰিছে, বন্ধ হৈ থকা কাগজ কলৰ কৰ্মচাৰীয়ে নিজৰ অভিযন্তা জীয়ৰীক চিকিৎসা প্ৰদান কৰিব নোৱৰাত মৃত্যুৰ কৱলত পৰিছে, হাজাৰ হাজাৰ খেতিয়কে উপায়হীন হৈ আত্মহত্যাৰ পথ বাচি লৈছে, শ্বেয়াৰ বজাৰত অকল্পনীয় খহনীয়া হৈছে, সাম্প্ৰদায়িক সংঘৰ্ষৰ ফালে ভাৰতে ইতি কৰি আছে; এনেস্থলত যদিহে কৰ’নাই ভাৰতত সহস্ৰবাহু প্ৰসাৰিত কৰে – ভাবিলেই শংকা হয়। তাতে আকৌ নাই চিকিৎসাৰ সা-সুবিধা!
যেতিয়া ক’ৰবাত মহামাৰীভিত্তিক জৰুৰীকালীন অৱস্থাৰ সৃষ্টি হয়, পোনপ্ৰথমে সচেতনতা জাহিৰ কৰিবলৈ বিমানবন্দৰত যাত্ৰীসকলক পৰীক্ষা কৰিবলৈ আৰম্ভ কৰা হয়, কিন্তু তেনে ব্যৱস্থাৰ দ্বাৰা ৰাজনৈতিক নেতাসকলে তেওঁলোকৰ আৱশ্যকীয় প্ৰচাৰ লাভ কৰে যদিও তেনেবোৰ ব্যৱস্থা সময় অপচয়ৰ বাহিৰে অইন একো নহয় বুলি বিশেষজ্ঞসকলে মত পোষণ কৰে। ২০০৩ চনত কানাডাৰ বিমানবন্দৰত ‘চাৰ্চ'(SARS) ৰোগীৰ আগমণ হ’ব পাৰে বুলি তীক্ষ্ণ পৰীক্ষা কৰা হৈছিল যদিও এজনো ধৰা পৰা নাছিল, কিন্তু সেইবছৰটোত ‘চাৰ্চ’ৰ দ্বাৰা আক্ৰান্ত হৈ কানাডাত ৪৪ জনৰ মৃত্যু হৈছিল!
ভাৰতৰ অৰ্থনৈতিক অৱস্থা আজি শোচনীয়, ৰাজনৈতিক অৱস্থাও শোচনীয়, অথচ সেইক্ষেত্ৰবোৰলৈ কাণষাৰ নিদি পেটেলৰ মূৰ্তি, ৰাম মন্দিৰ নিৰ্মাণ, ‘কা’, কাশ্মীৰ, পাকিস্তান, হিন্দু-মুছলমান, উৎসৱ, ৰাজনৈতিক প্ৰতিশোধ, ফোপজহী ভাষণ, প্ৰতাৰণা আদিত সদাব্যস্ত হৈ মূল বিষয় পাহৰাই ৰাখিবলৈ অহৰ্নিশে চেষ্টা চলাই থকা শাসকবৰ্গই যে কৰ’না ব্যপকভাৱে বিস্তাৰিত হ’লে কিবা গুৰুত্বপূৰ্ণ ভূমিকা লৈ কৰ’নাক প্ৰতিহত কৰিব পাৰিব – বিশ্বাস নহয় হেতুকেই, তথা অসমৰ অৱস্থা অধিক শোচনীয় ( অসমৰ সাম্প্ৰতিক অৱস্থা হ’ল যন্ত্ৰণাদায়ক অৰ্শৰ ওপৰতেই বিহফোঁহা হোৱাৰ দৰে) আৰু উপযুক্ত প্ৰস্তুতিহীনতাৰ হেতুকেই আমি প্ৰকৃততে শংকিত হোৱাৰ পটভূমিত অসমৰ বিশেষজ্ঞ, চিকিৎসক, সমাজকৰ্মী, শিক্ষক, ইত্যাদি সকলোৰে কান্ধত গধূৰ দায়িত্ব আহি পৰিছে — মানুহক সজাগ কৰিবলৈ, উপযুক্ত প্ৰতিৰোধী ব্যৱস্থাৰ বিষয়ে অৱগত কৰিবলৈ। অন্যথাই, কোনে জানে – আমি হয়তো প্লেগৰ দিনবোৰলৈকে উভতি যাব লাগিব!! এইক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাৰ সতৰ্কবাণী আৰু নিৰ্দেশাৱলী সমূহ ব্যপকভাৱে প্ৰচাৰ কৰিলেও কিছু ফল লাভ হ’ব বুলি অনুমান কৰিব পাৰি।
••••••