• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, April 18, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle food

বিষাক্ত পাৰ্থেনিয়াম আৰু আমাৰ কৰণীয়

by Manas Pratim Dutta
June 17, 2024
in food, Health, Medical, Special Report
Reading Time: 3 mins read
0
বিষাক্ত পাৰ্থেনিয়াম আৰু আমাৰ কৰণীয়
Share on FacebookShare on TwitterShare on LinkedIn

বিষাক্ত পাৰ্থেনিয়াম আৰু আমাৰ কৰণীয়

মানস প্ৰতিম দত্ত

Manas Pratim Dutta
মানস প্ৰতিম দত্ত

ধুনীয়া সকলো বস্তুৱেই আমাৰ উপকাৰী নহয়। দেখাত ধুনীয়া সৌন্দৰ্যৰ অধিকাৰী অথচ মানুহৰ লগতে অন্য জীৱ জন্তুৰ বাবে ভয়ানক এবিধ অপকাৰী বিষাক্ত উদ্ভিদ হৈছে পাৰ্থেনিয়াম। 

সাধাৰণতে পদপথৰ দাঁতিত কাষত লহপহকৈ বগা ফুলেৰে আমাৰ মন উন্মনা কৰিব পৰা এবিধ গছ পাৰ্থেনিয়াম। বৰ্তমান অসমৰ বিভিন্ন ঠাইত প্ৰসাৰিত হৈ পৰা এই উদ্ভিদবিধৰ বৈজ্ঞানিক নাম হৈছে Parthenium hysterophorus।

বিষাক্ত পাৰ্থেনিয়াম

পাৰ্থেনিয়ামক পৃথিৱীৰ সপ্তম মাৰাত্মক অপতৃণ হিচাপে গণ্য কৰা হয়। এই বিষাক্ত উদ্ভিদ সাধাৰণতে ১-১.৫ মিটাৰ উচ্চতাত থাকে। সাধাৰণতে পাৰ্থেনিয়ামবোৰ দেখাত হাইব্ৰিড ধানৰ গছৰ দৰে। নতুনকৈ সজা ৰাস্তাৰ ডিভাইদাৰৰ কাষে কাষে মনোমুগ্ধ ৰূপত ফুলি থাকে এই উদ্ভিদবোৰ।        

    পাৰ্থেনিয়ামৰ পাত সাধাৰণতে তৰা আকৃতিৰ আৰু বিলাহীৰ পাতৰ দৰে ডালযুক্ত ত্ৰিভুজ থাকে। সেয়েহে ইয়াক বিলাহীৰ অপতৃণ বা গাজৰ ঘাঁহ (কেৰট গ্ৰাছ)বুলি কোৱা হয়। ইয়াৰ ফুল সাধাৰণতে ঘূৰণীয়া, বগা, আঠাযুক্ত আৰু পিছল। ই প্ৰাণীজগত আৰু মানুহৰ জীৱনত বহুতো ক্ষতিকাৰক প্ৰভাৱ পেলায়।

RelatedPosts

What Is Area 51? America’s Truth behind UFOs, Roswell, and Alien Sightings

What Is Area 51? America’s Truth behind UFOs, Roswell, and Alien Sightings

April 17, 2026
চুতীয়া জনগোষ্ঠীৰ অতীত আৰু অসমৰ বিহু সংস্কৃতিলৈ চুতীয়াসকলৰ অৱদান

চুতীয়া জনগোষ্ঠীৰ অতীত আৰু অসমৰ বিহু সংস্কৃতিলৈ চুতীয়াসকলৰ অৱদান

April 16, 2026
Hungary’s energy dependence on Russia: why It will be difficult even after the 2026 elections

Hungary’s energy dependence on Russia: why It will be difficult even after the 2026 elections

April 15, 2026

এই অপতৃণত চেস্কুইটাৰপিন লেক্টন উপৰি পাৰ্থেনিন, হিষ্টাৰিণ, হাইমেনিন, এম্ব্ৰ’চিন আদি বিষাক্ত পদাৰ্থ থাকে। যিটো কেফেইক এচিড, ভেনিলিক এচিড, এনচিক এচিড, পি-এনিচিক এচিড, ক্ল’ৰ’জেনিক এচিড আৰু পেৰাহাইড্ৰক্সি বেনজ’ইক এচিডৰ দ্বাৰা গঠিত। এই বিষ মানুহ আৰু অন্যান্য জীৱৰ বাবে অতি ক্ষতিকাৰক। 

      এই বিদেশী অপতৃণবিধ ১৯৫০ চনত আমেৰিকাৰ পৰা আমদানি কৰা পি এল ৪৮০ ঘেঁহুৰ সৈতে ভাৰতত প্ৰৱেশ কৰা বুলি ধাৰণা কৰা হয়। ভাৰতবৰ্ষৰ পুণেত ১৯৫৬ চনৰ পৰা ভয়ানকভাবে বৃদ্ধি হৈ পৰা অপতৃণ পাৰ্থেনিয়ামে আন শস্যৰ বৃদ্ধিত বাধা দিয়া ৰাসায়নিক পদাৰ্থও নিৰ্গত কৰে।

পাৰ্থেনিয়ামে উদ্ভিদৰ যথেষ্ট ক্ষতি কৰে। পথাৰৰ শস্য বা উদ্ভিদৰ ওচৰত পাৰ্থেনিয়াম থাকিলে সেই শস্যৰ উৎপাদন বহু পৰিমাণে হ্ৰাস পায়। ইয়াৰ উপৰিও পোক-পতংগৰ দ্বাৰা পৰাগযোগৰ ফলত পাৰ্থেনিয়ামৰ পৰাগৰেণু অন্য উদ্ভিদলৈ বৈ যায়, যাৰ ফলত পোক-পতংগ আৰু শস্য উভয়ৰে ক্ষতি হয়। 

পাৰ্থেনিয়ামে উদ্ভিদৰ শোষিত কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰাত বাধা দি সালোক সংশ্লেষণ প্ৰক্ৰিয়াক ক্ষতিগ্ৰস্ত বহু কৰে। মাটিত এই অপতৃণ থাকিলে আন শস্যৰ উৎপাদন প্ৰায় চল্লিশ শতাংশ হ্ৰাস পায় বুলি জনা যায়। এই অপতৃণই বীজৰ অংকুৰণ আৰু বৃদ্ধি বহু পৰিমাণে হ্ৰাস কৰি শস্যৰ উৎপাদনক প্ৰভাৱিত কৰে।

পাৰ্থেনিয়াম উদ্ভিদৰ সকলো অংশই ক্ষতিকাৰক। পাৰ্থেনিয়াম ঘাঁহনি পথাৰত গৰু চৰিলে জন্তুটোৰ শৰীৰ ফুলি উঠাৰ লগতে জ্বৰকে ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হ’ব পাৰে আৰু বদহজম ৰোগত ভুগিব পাৰে। 

বিষাক্ত পাৰ্থেনিয়াম

     পাৰ্থেনিয়াম গছ খালে গৰু-ম’হ আক্ৰান্ত হ’ব পাৰে। ফলত আক্ৰান্ত জন্তু এটাৰ মাংস খালে মানুহৰ শৰীৰতো ই সংক্ৰমিত হ’ব পাৰে। ইয়াৰ ফলত মানুহৰ শৰীৰত হাঁপানী, ব্ৰংকাইটিছ, হাওঁফাওঁৰ কৰ্কট ৰোগকে ধৰি বিভিন্ন ৰোগে ক্ৰিয়া কৰিব পাৰে।

  আধিপত্যবাদী এই উদ্ভিদে এলাৰ্জীৰ সৃষ্টি কৰে। পাৰ্থেনিয়াম অপতৃণ হাতেৰে স্পৰ্শ কৰিলে বা থেতেলিয়াই দিলে সৰুৰ পৰা ডাঙৰ ৰোগ হ’ব পাৰে। পাৰ্থেনিয়ামৰ উৎপত্তিস্থল মেক্সিকো। খুব কম সময়ৰ জীৱন চক্ৰৰ এই উদ্ভিদ প্ৰজাতিৰ জীৱনকালত তিনিবাৰ ফুলে। মাত্ৰ তিনি-চাৰিমাহৰ জীৱনকালত তীব্ৰগতিত বংশবিস্তাৰ কৰে।

এজোপা পাৰ্থেনিয়ামে ৪,০০০-২৫,০০০ বীজ ধাৰণ কৰিব পাৰে। ইয়াৰ ফুলৰ ৰেণুবোৰ ইমানেই ক্ষুদ্ৰ যে উশাহ-নিশাহৰ সময়ছোৱাত অতি সহজে আমাৰ  হাঁওফাঁওত প্ৰৱেশ কৰিব পাৰে। পাৰ্থেনিয়াম ফুলৰ ৰেণু মানুহৰ শৰীৰত প্ৰৱেশ কৰিলে প্ৰাৰম্ভিক পৰ্যায়ত হাত-ভৰি খজুৱতি হোৱাৰ ফলত ৰঙা হৈ পৰে আৰু বৃহৎ পৰিসৰত ছালৰ কৰ্কট ৰোগ সৃষ্টি কৰে।

ইয়াৰ দ্বাৰা আক্ৰান্ত ব্যক্তিজনৰ সঘনাই জ্বৰ হয় আৰু অতিশয় মূৰৰ বিষ আৰু উচ্চ ৰক্তচাপত ভূগি থাকে। দিনবোৰ পাৰ হৈ যোৱাৰ লগে লগে পাৰ্থেনিয়ামে ভয়ংকৰ পাৰ্শ্বক্ৰিয়া দেখুৱাবলৈ আৰম্ভ কৰে।     

   আটাইতকৈ আতংকজনক খবৰটো হ’ল ভাৰতৰ পুনেত পাৰ্থেনিয়াম বিষক্ৰিয়াৰ ফলত এতিয়ালৈকে ১২ জন লোকৰ মৃত্যু হৈছে।পাৰ্থেনিয়ামৰ অপতৃণ ছিঙিলে গছজোপাৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শৰ পৰা বিৰত থাকিব লাগে। প্লাষ্টিক বা পলিথিন গ্লভছ হাতত পিন্ধিব লাগে।  মুখত মাস্ক লগাইহে ওচৰলৈ যাব লাগে। মানুহৰ শৰীৰত এই উদ্ভিদৰ কোনো অংশ লাগিলে ছাল ৰঙা পৰি খজুৱতি সৃষ্টি কৰে।

বিষাক্ত পাৰ্থেনিয়াম

    পাৰ্থেনিয়াম নিয়ন্ত্ৰণ কৰিবলৈ বহুতো জৈৱ নিয়ন্ত্ৰণ পদ্ধতি প্ৰয়োগ কৰা দেখা গৈছে। ক্ষতিকাৰক অপতৃণ নিয়ন্ত্ৰণৰ উদ্দেশ্যে মানুহে ব্যৱহাৰ কৰিব পৰা ফলপ্ৰসু ব্যৱস্থাটোৱেই হৈছে  জৈৱিক নিয়ন্ত্ৰণ। জৈৱিক নিয়ন্ত্ৰণ সহজলভ্য হোৱাৰ লগতে পৰিৱেশ আৰু জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ইয়াৰ কোনো  ভাবুকি নাথাকে। পোক-পৰুৱা, ভেঁকুৰ, শামুক আৰু বন মেডেকুৱাৰ দৰে পাৰ্থেনিয়ামক বাধা দিব পৰা উদ্ভিদক জৈৱ নিয়ন্ত্ৰণকাৰী দ্ৰব্য হিচাপে ব্যৱহাৰ কৰিব পাৰে।

জাইগ’গ্ৰাম্মা বাইকালাৰ’টা ( Zygogramma bicolorata Pallister) নামৰ গুবৰুৱা জাতীয় পতংগবিধক পাৰ্থেনিয়ামৰ জৈৱ নিয়ন্ত্ৰক হিচাপে ব্যৱহাৰ কৰা হৈছে। মেক্সিকান গুবৰুৱা হিচাপে পৰিচিত এই জীৱবিধ মধ্য ভাৰতৰ বনাঞ্চলবোৰত যথেষ্ট সংখ্যক পোৱা গৈছিল। ১৯৮০ চনত অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডত জৈৱিক নিয়ন্ত্ৰণ এজেণ্ট হিচাপে মুকলি কৰি পাৰ্থেনিয়াম নিয়ন্ত্ৰণত সফল হোৱা দেখা গৈছিল। পৰীক্ষা নিৰীক্ষাৰ অন্তত ১৯৮৪ চনত ভাৰততো পাৰ্থেনিয়াম অপতৃণৰ বিৰুদ্ধে জৈৱিক নিয়ন্ত্ৰণকাৰী হিচাপে ইয়াক মুকলি কৰা হৈছিল। 

তদুপৰি ইয়াৰ নিয়ন্ত্ৰণৰ বাবে এম এম কলেজ অব্ চায়েন্স, নাগপুৰৰ ড° ৰীণা এছ সাহাই কিছুমান পৰামৰ্শ আগবঢ়াইছিল যে, বাৰিষা কালত ফুল ফুলাৰ আগতে পাৰ্থেনিয়ামবোৰ উভালি পচন সাৰ আৰু কেঁচুসাৰ প্ৰস্তুত কৰিব লাগে। ঘৰৰ আশে-পাশে আৰু সংৰক্ষিত ঠাইত নাৰ্জী ফুল ৰোপণ কৰিলে পাৰ্থেনিয়ামৰ বিস্তাৰ আৰু বৃদ্ধি ৰোধ কৰিব পাৰি।

খেতি নকৰা অঞ্চলত অক্টোবৰ-নৱেম্বৰ মাহত মেডেলুৱা জাতীয় (Cassia cerisea বা Cassia tora) উদ্ভিদৰ বীজ সংগ্ৰহ কৰি ফেব্ৰুৱাৰী-মাৰ্চ মাহত ছটিয়াই দিব লাগে। এই উদ্ভিদে পাৰ্থেনিয়ামৰ বৃদ্ধি আৰু বিকাশত বাধা দিয়ে। 

Parthenium4

    বিজ্ঞানীসকলে পাৰ্থেনিয়ামৰ কিছু ঔষধি গুণৰ বিষয়ে গৱেষণা কৰিছে। সমগ্ৰ মধ্য আমেৰিকা আৰু কেৰিবিয়ানত পাৰ্থেনিয়ামক পৰম্পৰাগত ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াক ছালৰ সংক্ৰমণ, ছালৰ ৰোগ, এমিবিক ডিচেণ্ট্ৰিৰ চিকিৎসাত ব্যৱহাৰ কৰাৰ লগতে পেশীৰ বাতবিষৰ চিকিৎসাত বিষনাশক হিচাপে ব্যৱহাৰ কৰি অহাৰ তথ্য লভলীন কৌৰ আৰু তেখেতৰ সহযোগীসকলে জাৰ্ণেল অব্ এথন’ফাৰ্মাক’ল’জীত উল্লেখ কৰিছে।

এয়া ঠিক বিষেৰে বিষ নাশ কৰাৰ দৰে কথা। কিন্তু অসমৰ প্ৰেক্ষাপটত গোজেই গজালি মেলাৰ দৰে ভয়াৱহ হৈ উঠা উন্মুক্ত আৰু আগ্ৰাসী এই বিষাক্ত উদ্ভিদবিধ আমাৰ ৰাজ্যৰ জনস্বাস্থ্যৰ বাবে গুৰুতৰ ভাবুকি হিচাপেই চিহ্নিত হৈছে। সঠিক বিজ্ঞানসন্মত আৰু জৈৱিক নিয়ন্ত্ৰণ পদ্ধতি ব্যৱহাৰ কৰি ইয়াৰ বৃদ্ধিত বাধা দিয়াটো নিতান্তই প্ৰয়োজনীয়।

Parthenium5

তথ্য উৎসঃ

Apurva P, Sinha SK, Thakur PC (2010) Composting an obnoxious weed, Parthenium hysterophorus L., with the help of a millipede, Harpaphe haydeniana. Asian J Exp Biol Sci 1:337–343

Datta S, Saxena DB (2001) Pesticidal properties of parthenin (from Parthenium hysterophorus) and related compounds. Pest Manag Sci 57:95–101

Ajmal M, Rao RAK, Ahmad R, Khan MA (2006) Adsorption studies on Parthenium hysterophorous weed: removal and recovery of Cd(II) from wastewater. J Haz Mat B 135:242–248

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Manas Pratim Dutta

Manas Pratim Dutta

Related Posts

What Is Area 51? America’s Truth behind UFOs, Roswell, and Alien Sightings
Special Report

What Is Area 51? America’s Truth behind UFOs, Roswell, and Alien Sightings

by Kakali Das
April 17, 2026
0

What Is Area 51? America’s Truth behind UFOs, Roswell, and Alien Sightings From Kenneth Arnold’s 1947 sighting to Area 51,...

Read moreDetails
চুতীয়া জনগোষ্ঠীৰ অতীত আৰু অসমৰ বিহু সংস্কৃতিলৈ চুতীয়াসকলৰ অৱদান

চুতীয়া জনগোষ্ঠীৰ অতীত আৰু অসমৰ বিহু সংস্কৃতিলৈ চুতীয়াসকলৰ অৱদান

April 16, 2026
Hungary’s energy dependence on Russia: why It will be difficult even after the 2026 elections

Hungary’s energy dependence on Russia: why It will be difficult even after the 2026 elections

April 15, 2026
Infinite Ways of Affection: The Heartwarming Art of Nicknames That Show True Love

Infinite Ways of Affection: The Heartwarming Art of Nicknames That Show True Love

April 14, 2026
silhouette of four person with flag of united states background

CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

April 14, 2026
Climate Change: Individual Action Versus Collective Action !

Climate Anxiety Crisis: How Climate Change is Destroying Young People’s Mental Health Worldwide

April 12, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
First Conference on Transitioning Away from Fossil Fuels

First Conference on Transitioning Away from Fossil Fuels

April 17, 2026
What Is Area 51? America’s Truth behind UFOs, Roswell, and Alien Sightings

What Is Area 51? America’s Truth behind UFOs, Roswell, and Alien Sightings

April 17, 2026
Kuala Lumpur Declaration on Climate Justice

Kuala Lumpur Declaration on Climate Justice

April 16, 2026
Explosive Defiance in Tamil Nadu: CM MK Stalin Burns Delimitation Bill, Vows to Crush BJP’s ‘Black Law’

Explosive Defiance in Tamil Nadu: CM MK Stalin Burns Delimitation Bill, Vows to Crush BJP’s ‘Black Law’

April 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    30297 shares
    Share 12118 Tweet 7574
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    12662 shares
    Share 5065 Tweet 3166
  • Dr. Utpal Das: Modern Architect of LNB Library, Dibrugarh University

    229 shares
    Share 92 Tweet 57
  • When Less Becomes More: Documentary on Frugal Innovation Sparks Deep Dialogue at TISS – A Mahabahu Climate Forum Initiative

    136 shares
    Share 54 Tweet 34
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4267 shares
    Share 1707 Tweet 1067
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3607 shares
    Share 1443 Tweet 902
  • ‘Kije Nidarun Khobor Asil’ by Trishna Devi & Miranda Choudhury

    88 shares
    Share 35 Tweet 22
  • চুতীয়া ৰাজ্য আৰু সেনানায়ক মানিকচন্দ বৰুৱা

    919 shares
    Share 368 Tweet 230
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    846 shares
    Share 338 Tweet 212
  • দেশে দেশে ফুটবল

    238 shares
    Share 95 Tweet 60
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d