• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Friday, October 9, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
    • October 2026 – Vol-IV
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
    • October 2026 – Vol-IV
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

বিষ্ণুদা উভতি আহিল

ASSAMESE SECTION / Bishnu Rabha

by Editor
June 20, 2026
in Bishnu Rabha, ASSAMESE SECTION
Reading Time: 3 mins read
0
বিষ্ণুদা উভতি আহিল
Share on FacebookShare on TwitterShare on LinkedIn

বিষ্ণু ৰাভা

হেমাংগ বিশ্বাস

Hemanga Biswas 1
হেমাংগ বিশ্বাস

কিমান উৎকণ্ঠা, কিমান প্রার্থনা, জাউৰিয়ে জাউৰিয়ে চিঠি, আয়োজিত সাংস্কৃতিক সন্ধিয়াত স্বতঃস্ফূৰ্ত দান-বৰঙণি। কিমান কবিতা। অসমৰ সমগ্ৰ জনতাৰ চকুত এক প্রতীক্ষাঃ  কমৰেড ৰাভা উভতি আহিব।

এজন শিল্পীৰ অসুস্থতাত অসমৰ গণমানসৰ এনে মৰম-সনা অকুতিৰ তোলপাৰ কেতিয়াও দেখা নাই। বিষ্ণুদাক আঁকোৱালি একে উশাহেৰে এই কথাষাৰ ক’লো।

ই হল ব্ৰজ শৰ্মাৰ মৃত্যুৰ প্ৰায়শ্চিত্ত। উত্তৰত ক’লে বিষ্ণুদাই।

Bishnu Rabha

অসমৰ ৰাইজৰ মৰমত অভিভূত বিষ্ণুদাই ব্ৰজ শৰ্মাৰ মৰ্মান্তিক মৃত্যুৰ কথা পাহৰা নাই। অসমৰ লােকনাট্যৰ জনক— বিপ্লৱী ব্ৰজ শর্মা গুৱাহাটীৰ হাস্পতালত যেতিয়া ঢুকাইছিল, গুৱাহাটীৰ প্ৰবহমান জীৱনত সেইদিনা এটা কাউৰীৰ মৃত্যুৰ গুঞ্জনৰ প্ৰতিধ্বনিও উঠা নাছিল। ‘কলা জগত’ৰ কেইজনমান বৰমূৰীয়াই সেই খবৰ পাইও শৱানুগমনৰ সময় উলিয়াব পৰা নাছিল।…

বিষ্ণুদাই যেন তেওঁলৈ দেখুওৱা অফুৰন্ত মৰমৰ ফুলেৰে গঁথা মালাডাল সোলকাই লৈ তেওঁৰ লগৰীয়াৰ বিস্মৃত সমাধিৰ ওপৰত স্থাপন কৰিলে।

“এচিয়াৰ শ্রেষ্ঠ ইনষ্টিটিউটৰ ডিৰেক্টৰ আপুনি। ইয়াত দেখিছোঁ জাপান, বার্মা, ইন্দোনেছিয়া প্রভৃতি দেশৰ পৰা বেমাৰী আহিছে আপোনাৰ ওপৰত আস্থা ৰাখি, আৰু মই ভাৰতীয় হৈ আপোনালৈ অনাস্থা দেখুৱামনে? ‘I am not Anna, I am Rava‘.”

… এয়া হ’ল ৰাভা। এই ভয়ংকৰ বেমাৰেও তেখেতক আত্মমুখীন কৰিব পৰা নাই। দৃষ্টি তেওঁৰ আগৰ দৰেই দিগন্ত-প্ৰসাৰিত। বলিষ্ঠ দেহা আক্ৰান্ত, কিন্তু এতিয়াও মনটো চিৰন্তন অপৰাজিত আশাবাদী।

…খবৰ পালো বিষ্ণুদা বোম্বেৰ পৰা তেজপুৰলৈ যোৱাৰ পথত কলিকতা আহি পাইছে। আছে শ্রীঅম্বিকাপদ চৌধুৰীৰ ঘৰত। বোম্বেৰ পৰা লগত আহিছে নিশিপদ চৌধুৰী। তৎক্ষণাৎ আমি চাৰিজন— জগন্নাথ ভট্টাচার্য, হেম শর্মা, নলিনী গগৈ আৰু মই তালৈ ৰাওনা কৰিলো। মনত আশঙ্কা, কি অৱস্থাত গৈ পাম!

        আমাৰ ভয় ভাবনাক ওৰ পেলাই তেওঁ উঠি আহি আমাক আলিঙ্গনাবদ্ধ কৰিলে। কেৱল সমুদ্রশঙ্খৰ কণ্ঠত কৰ্কটৰ কামোৰৰ স্পর্শ নাপালো।

…অসমৰ পৰা কিমান চিঠি— বোম্বেৰ টাটা কেনছাৰ ইনষ্টিউটৰ ডিৰেক্টৰলৈ। ডিৰেক্টৰে মোক সুধিলে, মিঃ ৰাভা, আপুনি বিদেশলৈ যাব বিচাৰে নেকি?

মই ক’লো, এচিয়াৰ শ্রেষ্ঠ ইনষ্টিটিউটৰ ডিৰেক্টৰ আপুনি। ইয়াত দেখিছোঁ জাপান, বার্মা, ইন্দোনেছিয়া প্রভৃতি দেশৰ পৰা বেমাৰী আহিছে আপোনাৰ ওপৰত আস্থা ৰাখি, আৰু মই ভাৰতীয় হৈ আপোনালৈ অনাস্থা দেখুৱামনে? ‘I am no Anna, I am Rava‘.

সেই উদাৰ হাঁহি। মই আন্নাদুৰাই নহয়, মই ৰাভা। ডিৰেক্টৰে এই কথাত ইমান ৰং পালে যে সকলো ডাক্তৰৰ ওচৰলৈ গৈ অসমৰ গণশিল্পীৰ এই উক্তিক দোহাৰিব ধৰিলে। বুকুৰ ওপৰত ৰেডিয়ামৰ তীব্র দহনৰ দাগ— গাৰ চোলাটো খুলি আমাক দেখুৱালে… হাঁহি হাঁহি। কিন্তু সেই পােৰণিৰ চেকা যেন আমাৰ অন্তৰত লাগিল।… আৰু একমাহ পাছত তেওঁ আকৌ বোম্বেলৈ যাব লাগিব পৰীক্ষা কৰাবলৈ। মই কৈছোঁ, প্রয়োজন হ’লে আক্ৰান্ত অঙ্গক কাটি টুকুৰা টুকুৰ কৰিব— মই তথাপি বাচি থাকিম।

        এনে এটা ভয়ঙ্কৰ কথা ইমান সহজকৈ বিষ্ণুদাই কৈ গ’ল— কোনো অভিনয়ৰ ভাও তাত নাছিল, যেন এক জীৱনবাদী মানুহৰ গভীৰ বিশ্বাসৰ পৰা ওপজা সহজ প্রত্যয়।… আমাৰ আলোচনা নৰীয়াপাটীৰ পৰিধি ভাঙি ওলাই পৰিল দেশৰ বিবিধ সমস্যাৰ পথাৰলৈ। কথা বাগৰি আহিল অসমৰ নৱনাট্য আন্দোলনলৈ।

সেই আন্দোলনতো চহৰৰ ৰঙ্গমঞ্চ বা ৰবীন্দ্ৰ ভৱনত হোৱা নাই, আন্দোলন হৈছে গাঁৱত। যেতিয়া নাগৰিক-নাট্য, ৰঙ্গমঞ্চৰ ধোঁৱা চাঙত জাহ যাব ধৰিছিল, তেতিয়া নৱনাট্য আন্দোলনৰ ভগীৰথ হিচাপে ওলাল ‘নটৰাজ’, ‘সুৰদেৱী’, ‘পূৰ্বজ্যোতি’ আৰু নতুনকৈ পতা ‘জহৰজ্যোতি’।

ইয়েই আচল জাতীয় নাট্য, জাতীয়-নাট্য সৃষ্টি নহ’লে জাতীয় নাট্যশালা হ’ব ৰামহীন ৰামায়ণ। অসমৰ গণনাট্যৰ এজন প্রতিষ্ঠাতা হিচাপে মোৰ ওচৰত ই হ’ল আটাইতকৈ ডাঙৰ বাতৰি।… বিষ্ণুদাই উৎসাহেৰে বৰ্ণাইছিল তেওঁক অভিজ্ঞতাৰ পৰা সেইবোৰ ভ্রাম্যমান মঞ্চৰ কাহিনী, তেওঁলোকৰ অপূৰ্ব মঞ্চ স্থাপনা, ঘূর্ণায়মান মঞ্চৰ গতিবেগ, অভিনয়ৰ উৎকর্ষ।

বিষ্ণুদা উভতি আহিল

…অাটাইতকৈ লেখেত ল’বগীয়া— নতুন দৰ্শক— গাঁৱৰ আপামৰ জনসাধাৰণ। মই ক’লো, জনবিৰোধী এক প্রতিক্ৰিয়াশীল চৰকাৰৰ পৃষ্ঠপোষকতাত বা আর্থিক সাহায্যত আজিৰ নাট্য-আন্দোলন হ’ব নোৱাৰে, দুখীয়া ৰাইজৰ অৰ্থেৰে অাৰু সমর্থনতেই ই কেৱল সম্ভৱ। ‘পূৰ্বজ্যোতি’, ‘সুৰদেৱী’, ‘নটৰাজ’ প্রভৃতি থিয়েটাৰেই ই প্ৰমাণ কৰিছে।… কিন্তু এতিয়াও সমস্যা ভাল নাটকৰ— দুখীয়া ৰাইজৰ জীৱন সংগ্ৰামক প্রতিফলিত কৰা নাটকৰ। ‘এমুঠি চাউল’-এতো আজিৰ ৰাইজৰ ক্ষুধা পূৰাব নোৱাৰে।

মই সুধিলো, ‘ৰঙ্গিয়া বিদ্রোহ‘ৰ আলম লৈ নাটক ৰচোঁতা এতিয়াও নোলাল কিয়? বিষ্ণুদাৰ অন্তৰৰ বিপ্লৱী ৰূপটি যেন জাগি উঠিল ।

তেওঁ আবেগেৰে বৰ্ণাব ধৰিলে ৰঙ্গিয়া বিদ্রোহৰ, ফুলগুৰিৰ ধেৱাৰ, লছমীয়া ধেৱাৰ ইতিহাস। হয়তোবা তাৰে লগত মিহলি আছিল কিম্বদন্তি। কিন্তু নাটকতো ক্রিটিকেল নহয়,— নাটক হ’ল ইতিহাস। কিম্বদন্তি।… এই প্রজা বিদ্ৰোহৰ বুৰঞ্জী হ’ব লাগে আজিৰ সমস্যা বা লোকনাট্যৰ প্ৰধান সমল।… ১৭ জানুৱাৰীত আমি কলিকতাত ৰূপকোঁৱৰ দিবস পাতিছিলো, ৰূপকোঁৱৰে কৈছিল— “আজিৰ যুগ জনযুগ— আজিৰ কাল ক্ৰান্তিকাল— অাজিৰ সংস্কৃতি হাতুৰী আৰু হলধৰৰ সংস্কৃতি।”

বিষ্ণুদাৰ বাহিৰে আৰু কোনে আজি এই জনসংস্কৃতিৰ নেতৃত্ব দিব পাৰে?

বিষ্ণুদা উভতি আহিল
বিপ্লৱী ব্ৰজ শর্মা,বিষ্ণুদা

    আমি সকলোৱে মিলি বিষ্ণুদাক অনুৰোধ জনালাে, তেওঁৰ স্মৃতিৰ টুকুৰাবোৰ যেন এইবাৰ আমাৰ কাৰণে লিপিবদ্ধ কৰি ৰাখে। এইমাত্র যে প্রজাবিদ্ৰোহৰ কাহিনী ক’লে, তাৰ আলম লৈ এখন নাটকৰ স্কেচ কৰি গলেও ডাঙৰ কথা। সদৌ সংগ্ৰাম আৰু জনতাৰ ঘনিষ্ঠ সান্নিধ্যৰ কাৰণে তেওঁ যি লিখি যাব, আমাৰ কাৰণে সি হ’ব আপুৰুগীয়া ধন।

… কিন্তু আমাৰ কথাবোৰ যেন শুনাইছিল swan song, বিদায় সঙ্গীতৰ দৰে।… মনত বৰ বেয়া লাগি গ’ল।

Climate Template 1

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: ব্ৰজ শর্মা
Editor

Editor

Related Posts

ইয়াৰ পিছত কি কৰিবা?
ASSAM

অসমীয়া জাতি ডাঙৰ জাতি

by Editor
October 3, 2026
0

অসমীয়া জাতি ডাঙৰ জাতি লক্ষ্মীনাথ বেজবৰুৱা ( কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলাৰ লেখা ) যি এই কথাত নুই কৰে তেওঁক বৰবৰুৱাই...

Read moreDetails
শেষ হাঁহি !

শেষ হাঁহি !

September 27, 2026
গেছলাইটিং : বিবেকৰ  নিয়ন্ত্ৰণ

গেছলাইটিং : বিবেকৰ  নিয়ন্ত্ৰণ

September 27, 2026
মাটি

মাটি

September 27, 2026
Zubeen Garg : Radical Romanticism of an Irreverent Icon

প্ৰকৃতি সুৰক্ষাৰ বাস্তৱ কণ্ঠঃ বিশ্ব নাগৰিক জুবিন গার্গ

September 19, 2026
মৃত্যু আৰু ‘জীৱন’ৰ জয়গান!

মৃত্যু আৰু ‘জীৱন’ৰ জয়গান!

September 18, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
Mamata Banerjee’s Denial Backfires: The Decisive Verdict from West Bengal Voters

Mamata Banerjee’s Denial Backfires: The Decisive Verdict from West Bengal Voters

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Envisioning the Future of the Third Pole and the Eastern Himalayas

Envisioning the Future of the Third Pole and the Eastern Himalayas

October 9, 2026
Why Indian Youth Are Living With Their Parents Longer: Unemployment, Government Jobs and the Cost of Waiting

Why Indian Youth Are Living With Their Parents Longer: Unemployment, Government Jobs and the Cost of Waiting

October 8, 2026
কিতাপ, ছপাশাল, বাতৰিকাকত, কাগজ কলঃ‌ ভয়ংকৰ সংকট সমগ্ৰ বিশ্বত

কাগজৰ চৰম সংকট, পৰ্দাৰ আগ্ৰাসন আৰু বৌদ্ধিক স্থবিৰতা: গ্ৰন্থ সংস্কৃতি বিলুপ্তিৰ দিশে নেকি আমাৰ ভৱিষ্যৎ?

October 8, 2026
Neither Hanuman nor Bhasmasura: Power, Agency and the Governance of Agentic AI

Neither Hanuman nor Bhasmasura: Power, Agency and the Governance of Agentic AI

October 8, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    41690 shares
    Share 16676 Tweet 10422
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    19798 shares
    Share 7919 Tweet 4950
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4924 shares
    Share 1970 Tweet 1231
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4201 shares
    Share 1680 Tweet 1050
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4303 shares
    Share 1721 Tweet 1076
  • From Montreal to Guwahati: Assam’s New Cooling Imperative

    91 shares
    Share 36 Tweet 23
  • NGT’s international conference: Climate Justice Must Move from the Courtroom to the Catchment

    74 shares
    Share 30 Tweet 19
  • দুৰ্গা পূজা পালনৰ ইতিবৃত্ত

    709 shares
    Share 284 Tweet 177
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    436 shares
    Share 174 Tweet 109
  • World ‘at a crossroad’ as droughts increase nearly a third

    190 shares
    Share 76 Tweet 48
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
    • October 2026 – Vol-IV
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d