• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, July 15, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Bishnu Rabha

বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

ASSAMESE SECTION / Bishnu Rabha

by Monoswini Sarmah
June 20, 2026
in Bishnu Rabha, ASSAMESE SECTION, News
Reading Time: 3 mins read
0
উদ্দাম ৰাভাৰ মৃত্যুৰ সৈতে শেষ সংগ্ৰাম
Share on FacebookShare on TwitterShare on LinkedIn

বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

মনস্বিনী শৰ্মা 

manaswini Sarma
মনস্বিনী শৰ্মা 

লগন উকলি গ’ল

                                তেও যে নহ’ল কোৱা

                                মনৰ কথাটি মোৰ

                                হিয়াত গুপুতে থোৱা।

      ১৯০৯ চনৰ ৩১ জানুৱাৰীত বেঙ্গল প্রেসিডেন্সি (এতিয়াৰ বাংলাদেশ) ঢাকাত বিষ্ণু ৰাভাৰ জন্ম হয়।তেওঁৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ মুছাহাৰী। জন্মসূত্ৰে গোপাল চন্দ্ৰ মুছাহাৰী বড়ো জনগোষ্ঠীৰ হ’লেও তেখেত এটা ৰাভা পৰিয়ালত ডাঙৰ হৈছিল। পাছলৈ তেখেতে সেয়ে ‘ৰাভা’ উপাধি গ্ৰহন কৰে।

বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

     অসমীয়া কৃষ্টি-সংস্কৃতিলৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অনেক অৱদান আগবঢ়াই থৈ গৈছে। তেওঁ অসমীয়া সমাজ জীৱনক সাক্ষী কৰি অসমীয়া সমাজ জীৱনলৈ আগবঢ়োৱা সাংস্কৃতিক অৱদানৰ বাবে ‘কলাগুৰু’ বুলি অভিহিত কৰা হয়৷

   ‘আৱাহন’ আলোচনীত প্ৰকাশ পোৱা বিষ্ণুপ্ৰসাদ ৰাভা ৰচিত ‘সংগীত আৰু শ্ৰীশ্ৰীশংকৰদেৱৰ গায়ন’ নামৰ প্ৰবন্ধটো এটা সময়ত বৌদ্ধিক সমাজত বহু জনপ্ৰিয় হৈ পৰিছিল। জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সহযোগিতাৰে সংস্কৃতিৰ পথাৰখন সাৰুৱাভাৱে চহাইছিল।জ্যোতিপ্ৰসাদৰ লগ লাগি ১৯৩৫-৩৭ চনত ৰাভাই ‘জয়মতী’ আৰু ‘শোণিত কুঁৱৰী’ নাটকৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰিছিল।

১৯৩১ চনত বিষ্ণুপ্ৰসাদ ৰাভাই কলিকতাৰ ভৱানীপুৰত মণি ৰায় নামৰ এজন ব্যক্তিৰ সহযোগত Agro Pictures Corporation নামেৰে এটা বোলছবি নিৰ্মাণ সংস্থা প্ৰতিষ্ঠা কৰিছিল যদিও সেই সংস্থাৰ মাধ্যমেৰে কোনো বোলছবি নিৰ্মাণ কৰা তেওঁৰ বাবে সম্ভৱপৰ নহ’ল।১৯৩৯ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে বাৰানসীত ‘শিৱৰ তাণ্ডৱ নৃত্য’ প্ৰদৰ্শন কৰি খ্যাতি অৰ্জন কৰে।

শিৱৰ তাণ্ডৱ নৃত্য, ওজা-পালি আৰু কালীয় দমন নৃত্য দেখি সেই সময়ৰ কাশী হিন্দু বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণণ মুগ্ধ হৈছিল আৰু বিষ্ণু ৰাভাক ভূয়সী প্ৰশংসা কৰি কলাগুৰু উপাধি প্ৰদান কৰিছিল। 

     ৰাভাই বহুতো কালজয়ী গীত ৰচনা কৰি থৈ গৈছে। ৰাভাৰ দ্বাৰা ৰচিত মুঠ ১৩৭টা গীত ‘বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ’ সন্নিবিষ্ট হৈছে।গীতসমূহত প্ৰেম, প্ৰকৃতি, ঐতিহ্য, সৰ্বহাৰৰ মুক্তিকামী বিপ্লৱীভাৱ আদি ভিন্ন ধৰণৰ বিষয়বস্তুৰ। কিছু সংখ্যক শিশু উপযোগী গীত আছে।

ৰাভাৰ জনপ্ৰিয় গীতসমূহ হ’ল – মোৰ কবিতাৰ ছন্দ লাগি,তেজৰ বোলেৰে লিখি যাম ইতিহাস, পৰজনমৰ শুভ লগনত, মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম, নাহৰ ফুলে নুশুৱায়,আজলী ছোৱালী নানা ফুলে তুলি,এয়ে মোৰ শেষ গান,বিলতে হালিচে ধুনীয়া পদুমী,বল বল বল কৃষক শক্তি দল,সুৰৰে দেউলৰে,নিচলা আইৰে,বিশ্বৰ ছন্দে ছন্দে,আজি মন্দিৰৰ দুৱাৰ খোলা,কাষতে কলচী লৈ,অ’ অসমীয়া ডেকা দল ইত্যাদি।

       জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটক কাৰেঙৰ লিগিৰীত ৰাভাদেৱে ‘মোৰে জীৱনৰে সখা কৃষ্ণ’ শীৰ্ষক গীতটি প্ৰাণ ঢালি গাইছিল।তেখেতৰ ৰচিত আৰু সুৰাৰোপিত গানৰ বিশেষত্বৰ বাবে তেখেতে লেখা গীতবোৰ বিষ্ণু ৰাভা সংগীত হিচাপে পৰিচিত।

       ১৯২৮ চনত কলিকতাত পঢ়ি থকা কালত ৰাচিয়াৰ বিখ্যাত নৃত্যশিল্পী আনা পাভলোভাৰ নৃত্য দেখি অনুপ্ৰাণিত হৈছিল। নৃত্য কলা সম্পৰ্কে তেওঁ দিয়া উপদেশৰ পৰা প্ৰভাৱান্বিত হৈছিল। কলেজ এৰাৰ পাছত তেওঁ কিছুদিন বৰপেটাত থাকি তাতে তেওঁ সত্ৰীয়া নৃত্যশৈলী আয়ত্ত কৰে। ১৯৩১ চনত চনৰ জানুৱাৰী মাহত তেজপুৰৰ বান ৰংগমঞ্চত মনিপুৰী নৃত্য প্ৰদৰ্শন কৰিছিল।

অসমৰ জনজাতীয় নৃত্যৰ পৰা আৰম্ভ কৰি দাক্ষিণাত্যৰ বিভিন্ন প্ৰাচীন নৃত্য মূৰ্তিৰ ভগ্নাৱশেষলৈকে অধ্যয়ন কৰি নৃৃত্যৰ বিভিন্ন মুদ্ৰা আৰু শৈলী সংগ্ৰহ কৰিছিল।১৯৪০ চনত ‘প্ৰাচীন কামৰূপী নৃত্য সংঘ’ লগত জড়িত হৈ বিভিন্ন ঠাইৰ লগতে শ্বিলঙত নৃত্য প্ৰদৰ্শন কৰি সকলোকে মুগ্ধ কৰে।১৯৪১ চনত ৰোহিণী বৰুৱাৰ ‘মনোমতী’ বোলছবিত নৃত্য পৰিচালক ৰূপে কাম কৰে।

বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

      অসমৰ নাট্য সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই নাট্যাভিনয়ৰ পাতনি মেলিছিল আঠ বছৰ বয়সত। ঢাকা নগৰত মঞ্চস্থ ‘হৰিশ্চন্দ্ৰ’ নাটকত প্ৰথমে ৰাজকোঁৱৰৰ ভাৱত ৰাভাই অভিনয় কৰিছিল। তেজপুৰৰ বাণ ৰঙ্গমঞ্চত নিয়মীয়াকৈ অভিনয় কৰা ৰাভাই পাছলৈ যাত্ৰা-পাৰ্টিৰ লগত নাটকত অভিনয় কৰাৰ উপৰিও কেবাখনো অসমীয়া ছবিত অভিনয় কৰিছিল।

তেখেতৰ অভিনীত বোলছবি হ’ল – এৰা বাটৰ সুৰ, প্ৰতিধ্বনি, ছিৰাজ। জ্যোতিপ্ৰসাদৰ আমন্ত্ৰণত অসমীয়া কথাছবি ‘জয়মতী’ নিৰ্মাণত তেখেতে জ্যোতিপ্ৰসাদ আগৰৱালাক নৃত্য পৰিচালনাত সহায় কৰিছিল।জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘কাৰেঙৰ লিগিৰী” নাট পৰিচালনা কৰোঁতেও ৰাভাই সংগীত পৰিচালনাৰ দায়িত্ব লৈছিল আৰু ‘সুদৰ্শন’ চৰিত্ৰত অভিনয়ো কৰিছিল।

ফণী শৰ্মাৰ সৈতে যুটীয়া ভাৱে পৰিচালনা কৰিছিল আটাইতকৈ সফল বোলছবি ‘ছিৰাজ’। ভূপেন হাজৰিকাৰ এৰা বাটৰ সুৰত ৰাভাই ‘ভজলুংকা’ৰ ভাও আৰু প্ৰতিধ্বনি ছবিত ‘খাচী চিয়েমৰ’ ভাও দিছিল। তেখেতে ঢোল, খোল, মৃদং,পেঁপা, টোকাৰী আদি বাদ্য যন্ত্ৰ বজাব জানিছিল । 

     তেওঁৰ গীত আৰু কবিতা সমুহত সেই সময়ৰ স্বাধীনতা আন্দোলনৰ বিপ্লৱী ভাৱধাৰা জিলিকি উঠিছিল। স্বাধীনতা আন্দোলনৰ সময়ত ৰচিত গীত সমুহে অসমীয়া জনসাধাৰণৰ মনত দেশপ্ৰেমৰ ভাৱ জাগি উঠিছিল। সৰ্বভাৰতীয় নৃত্য,কলা, ভাস্কৰ্য, শাস্ত্ৰীয় সংগীত সকলোতে ৰাভাৰ গভীৰ জ্ঞান আছিল। সেয়েহে তেও‍ঁৰ বক্তব্যত সুন্দৰ ভাষা প্ৰয়োগ, প্ৰকাশভঙ্গী, বিষয়বস্তুৰ উচিত উপস্থাপনৰ প্ৰকাশ ঘটিছিল।

শংকৰী সংস্কৃতিৰ গভীৰ অনুৰাগী বিষ্ণু প্ৰসাদ ৰাভাই শংকৰী গীত-বাদ্য-নৃত্য বিষয়ত জ্ঞান সমৃদ্ধ বক্তব্য আগবঢ়াই ভক্তগণক আপ্লুত কৰিছিল। বক্তব্যৰ মাজে-মাজে গীত,নাচৰ মুদ্ৰা, অভিনয় চালনা আদিৰ মাজেৰে এবাৰ তেওঁ মিজোৰামত সাংস্কৃতিক সমাৰোহত গভীৰ দীঘলীয়া বক্তব্য আগবঢ়াইছিল। 

      ৰাভাদেৱে অভিনয় কৰা নাটকসমূহ হ’ল- নৰকাসুৰ,বিহুৱতী, জন্মাষ্টমী,বেউলা, বৰদৈচিলা, শংকৰদেৱ-মাধৱদেৱ,কাৰাগাৰ, আলিবাবা,এৰা বাটৰ সুৰ,মাহুত বন্ধুৰে, প্ৰতিধ্বনি আদি। তেখেতে অসমীয়া ভাষাৰ উপৰিও অনান্য ১৬ টা ভাষা জানিছিল। এই ১৬ টা ভাষাটো তেখেতে গীত ৰচনা কৰিছিল। নৃত্য,সঙ্গীত,শাস্ত্ৰৰ সংস্কৃত শ্লোকসমূহ সুন্দৰকৈ বুজাৰ লগতে মুখস্থও কৰিব পাৰিছিল। 

     জীৱনৰ শেষৰ ফালে ৰাভাদেৱে তেওঁৰ মৃত্যুৰ কথা অনুভৱ কৰিয়েই হয়তো লিখিছিল ‘এয়ে মোৰ শেষ গান, মোৰ জীৱন-নাটৰ শেষ ৰাগিনী, কল্যাণ খৰমান…………..,’

সেইয়াই যেন শেষ গান আছিল তেওঁৰ বাবে। পাকস্থলীত হোৱা কৰ্কট ৰোগত ভূগি এইজনা অসমীয়া সংস্কৃতিৰ সাধক, অসমীয়া সংস্কৃতিৰ পূজাৰী ৰভাদেৱে ১৯৬৯ চনৰ ২০ জুন তাৰিখে ৰাতি ২.২৫ বজাত তেজপুৰত মৃত্যুক সাৱতি লব লগা হয়।

    তেখেতেৰ মৃত্যুদিনটোৰ প্ৰতি সন্মান জনাই অসমবাসী ৰাইজে “ৰাভা দিৱস” হিচাপে পালন কৰি আহিছে আৰু ভৱিষ্যতেও কৰি গৈ থাকিব।

আমি ভাৱো কেৱল ‘ৰাভা দিৱস’ পাতিলেই নহ’ব বিষ্ণু ৰাভাক জীয়াই ৰাখিবলৈ হ’লে তেওঁৰ সৃষ্টিৰাজি জীয়াই ৰাখিব লাগিব তেওঁৰ সৃষ্টিৰাজি বহুলভাৱে প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থাও হাতত লব লাগিব তেতিয়া হয়তো ৰাভাদেৱৰ সকলো কলা কৃষ্টি আমাৰ মাজত জীয়াই থাকিব।

বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Monoswini Sarmah

Monoswini Sarmah

Related Posts

 All the military experience of the last century is simply irrelevant!
Ukraine

 All the military experience of the last century is simply irrelevant!

by Oleksandra Matviichuk
July 13, 2026
0

All the military experience of the last century is simply irrelevant! OLEKSANDRA MATVIICHUK Yesterday (11th July, 2026), at a meeting...

Read moreDetails
The Dangote Effect and Nigeria’s Energy Transition

The Dangote Effect and Nigeria’s Energy Transition

July 13, 2026
Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

July 12, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 12, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 10, 2026
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

July 7, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d