বিষ্ণু ৰাভা
মৃণাল কুমাৰ মিশ্ৰ
বিষ্ণুপ্ৰসাদ ৰাভা – অসম আৰু অসমীয়াই (বৃহৎ অৰ্থত, সকলো জাতি- জনজাতিক সামৰি) কেতিয়াও পাহৰিব নোৱাৰা এক সত্তা।
তেখেতৰ সৃষ্টিৰাজিৰ সম্যক ধাৰণা উঠি অহা প্ৰজন্মই অনুমান কৰা কঠিন। তেওঁলোকৰ মনত বিষ্ণুপ্ৰসাদ ৰাভা মাথো বছৰৰ এটা নিৰ্দিষ্ট দিনত স্মৰণযোগ্য এজন ব্যক্তি। দোষ তেওঁলোকৰ নহয়, দোষ আমাৰ। আমি নিজকে প্ৰথমে সুধি চোৱা উচিত – সঁচাকৈয়ে আমি বিষ্ণুপ্ৰসাদ ৰাভাক চিনি পাইছিলোনে ?
তেখেতৰ সমূহ সৃষ্টিৰ প্ৰকৃত মূল্যায়ন যোগ্যজনৰ হাতত হ’লনে ? তেখেতৰ সকলো সৃষ্টি সংৰক্ষণ কৰিব পৰা হৈছিল নে অথবা ভৱিষ্যতেও হোৱাৰ আশা আছেনে?
উত্তৰ সমূহ দুখলগাকৈ ঋণাত্মক। অন্তৰৰ কোনোবাখিনিত এক বুজাব নোৱাৰা বেদনাই চুই যায়। আকৌ আহিল ২০ জুন। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ৰজনজনাই থাকিব ৰাভা দিৱসৰ বিভিন্ন জকমকীয়া অনুষ্ঠানৰ শব্দৰ মায়াজালেৰে। পিছদিনা ৰাতিপুৱাই আকৌ এবছৰলৈ পাহৰণিৰ গৰ্ভত উটি যাবলৈ এৰি দিম ৰাভাদেৱক। এনেদৰেই আমি বছৰৰ পাছত বছৰ তেখেতৰ স্মৃতিত এচলু পানী দি যাম।
ৰাভাদেৱৰ অসমীয়া জাতিৰ প্ৰতি থকা অৱদানখিনি আমি এনেদৰেই স্মৰণ কৰি আহিছোঁ আৰু ভৱিষ্যতলৈও হয়তো বিশেষ একো পৰিৱৰ্তন নঘটিলে এনেদৰেই চলি থাকিব। কিন্তু নতুন প্ৰজন্মই ইয়াক এনেদৰে আগবঢ়াই নি থাকিব বুলি আমি বিশ্বাস কৰিব নোৱাৰোঁ। কাৰণ তেওঁলোকৰ মাজত ৰাভাদেৱৰ সৃষ্টিসমূহৰ চৰ্চা মুঠেও নাই।
আচলতে ওপৰৰ কথাখিনি হঠাতেই মনলৈ আহিল, এখন সৰু কিতাপৰ মাজত দেখা ৰাভাদেৱৰ অজ্ঞাতবাসৰ সময়ছোৱাৰ এক মধুৰ বিশ্লেষণৰ পৰা। এজন চিন্তাশীল তথা গৱেষণাধৰ্মী লেখক, অৱসৰপ্ৰাপ্ত শিক্ষক ভূবিন ৰাভাদেৱৰ গ্ৰন্থ “অজ্ঞাতবাসত বিষ্ণু ৰাভা”ৰ ভিতৰৰ পৃষ্ঠাৰ মাজত জিলিকি উঠিছে সুদীৰ্ঘ চাৰিবছৰীয়া অজ্ঞাতবাসৰ সময়ছোৱাৰ বিষ্ণু ৰাভাৰ অন্য এখন ছবি।
১৯৪৮ চনৰ মে মাহৰ ১ তাৰিখৰ পৰা ১৯৫২ চনৰ ১৬ জুলাইলৈকে সুদীৰ্ঘ ৪ বছৰ, ২ মাহ ১৫ দিন গণশিল্পী জনে আত্মগোপন কৰি কটাবলগীয়া হৈছিল। এই সময়খিনিকে ৰাভাদেৱে অজ্ঞাতবাস বুলি অভিহিত কৰিছে। প্ৰকৃতাৰ্থত গণশিল্পী ৰাভাদেৱে বিপ্লৱৰ পথত ভৰি দিছিল একমাত্ৰ খাটি খোৱা মানুহৰ দুখ-দুৰ্গতিৰ পৰিত্ৰাণ বিচাৰি, অভাৱ নামৰ দৈত্যটোৰ হাতোৰাৰ পৰা মুক্তি বিচাৰি।
কিন্তু ইয়াৰ বাবেই চৰকাৰৰ চকুত ৰাভাদেৱ হৈ পৰিল বিপ্লৱী, দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী। যি কোনো উপায়ে ৰাভাদেৱক বন্দী কৰি জেলত ভৰাব লাগে।
মানুহৰ মুক্তিৰ বাবে বিপ্লৱৰ পথত ভৰি দিয়া গণশিল্পী ৰাভাদেৱক ধৰিব পৰা জানো ইমান সহজ !
“বিষ্ণুপ্ৰসাদ ৰাভা – অসম আৰু অসমীয়াই (বৃহৎ অৰ্থত, সকলো জাতি- জনজাতিক সামৰি) কেতিয়াও পাহৰিব নোৱাৰা এক সত্তা। তেখেতৰ সৃষ্টিৰাজিৰ সম্যক ধাৰণা উঠি অহা প্ৰজন্মই অনুমান কৰা কঠিন। তেওঁলোকৰ মনত বিষ্ণুপ্ৰসাদ ৰাভা মাথো বছৰৰ এটা নিৰ্দিষ্ট দিনত স্মৰণযোগ্য এজন ব্যক্তি। দোষ তেওঁলোকৰ নহয়, দোষ আমাৰ। আমি নিজকে প্ৰথমে সুধি চোৱা উচিত – সঁচাকৈয়ে আমি বিষ্ণুপ্ৰসাদ ৰাভাক চিনি পাইছিলোনে ?”
অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিজন খাটি খোৱা মানুহেই আছিল তেখেতৰ বুকুৰ এফাল । সেয়েহে চৰকাৰৰ চকুত ধূলি দি অতি সহজেই নানান ভেশত বিভিন্ন ঠাইত বিভিন্ন মানুহৰ মাজত ৰাভাদেৱে লুকাই থাকিব পাৰিছিল।
কিন্তু অসমবাসীৰেই দূৰ্ভাগ্য, ৰাভাদেৱৰ বহু অমূল্য সৃষ্টি, এই অজ্ঞাতবাসৰ সময়ছোৱাতেই চিৰদিনৰ বাবে নোহোৱা হৈ গ’ল। সঁচাকৈয়ে যাযাবৰী জীৱনত অভ্যস্ত ৰাভাদেৱে নিজৰ সৃষ্টি সমূহ সংৰক্ষণ কৰাৰ কথা হয়তো কেতিয়াও ভাবিয়েই নাচালে। তেনে কিছু অমূল্য সৃষ্টি যিবোৰ চিৰদিনৰ বাবে হেৰাই গ’ল, ভূবিন ৰাভাদেৱৰ গ্ৰন্থ খনৰ পৰা তুলি দিব বিচাৰিছোঁ।
১) শাস্ত্ৰীয় সংগীতৰ সুৰেৰে লোকসংগীতক সজোৱা কিছু লোকগীতৰ সংকলনৰ বহী এখন পুলিচৰ ভয়ত জুইত পুৰি পেলায়।
২) সৰ্বানন্দ সিংহৰ ছবি সহিতে হাতে লেখা মটক বুৰঞ্জীখন হেৰাল।
৩) নগা পৰ্বত সম্বন্ধে হাতে লেখা ৮০০ পৃষ্ঠাৰ কিতাপখন বিচাৰি পোৱা নগ’ল।
৪) সংগীতৰ তাল আৰু লয়ৰ এখন বৃহৎ সংকলন ৰাভাদেৱে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি প্ৰস্তুত কৰিছিল, যিখনো এই অজ্ঞাতবাসৰ সময়ত নোহোৱা হ’ল।
৫) অজ্ঞাতবাসৰ তেখেতৰ ১৮০ খন ডায়েৰীৰ কোনো শুংসূত্ৰ পোৱা নগ’ল।
৬) অজ্ঞাতবাসৰ কীৰ্তিস্তম্ভ চাৰিহাজাৰ বছৰৰ দুই হাজাৰ পৃষ্ঠাৰ অসম বুৰঞ্জীখনো হেৰাই থাকিল।
এই তালিকাখন ইমানতেই শেষ নহয়। আৰু অনেক তেখেতৰ সৃষ্টি এনেদৰেই চিৰদিনলৈ হেৰাই গ’ল। আমি অসমীয়া সকলৰ এটা বদনাম আছেই। জীয়াই থাকোঁতে শিল্পীৰ সৃষ্টিৰ মূল্যায়ন কৰিব নাজানো।
ৰাভাদেৱৰ ক্ষেত্ৰত এয়া এশ শতাংশ শুদ্ধ। মৃত্যুৰ ইমান বছৰ পাছতো বিষ্ণুপ্ৰসাদ ৰাভাক আমি প্ৰকৃত সন্মান দিব পাৰিছোনে ?
২০ জুন, ৰাভা দিৱস।
বিষ্ণুপ্ৰসাদ ৰাভাক মনত পেলাবলৈ সংৰক্ষিত কৰি ৰখা বছৰৰ এটা নিৰ্দিষ্ট দিন। সাংস্কৃতিক সন্ধিয়াৰ ৰঙীণ পোহৰৰ মাজত ৰাভাদেৱক সোঁৱৰাৰ নিষ্ফল প্ৰয়াসৰ দিন।
মনে নামানে। ৰাভাদেৱক এনেদৰে কলাগুৰুৰ ৰূপত বন্দী কৰি ৰখাটো উচিত হৈছেনে ?
তেখেতৰ সৃষ্টিসমূহক সংৰক্ষণ কৰাৰো ক্ষমতা নহ’ল আমি অসমীয়াৰ। তেজপুৰৰ তেখেতৰ ঘৰৰ এটা সৰু কোঠাত উৱলি যাবলৈ ধৰিছে সেই আপুৰুগীয়া সম্পদবোৰ। নিগনিয়ে কুটি শেষ কৰিবলৈ লৈছে সেই অনবদ্য সৃষ্টি সমূহ। তাৰ পিছতো আমি বছেৰেকীয়া উৎসৱৰ দৰেই ৰাভা দিৱস পাতো, সাংস্কৃতিক সন্ধিয়াত ৰাভাদেউক স্মৰণ কৰো , ভোজভাত খাই পিছদিনা পুনৰ পাহৰি যাওঁ। এনেদৰেই চলিবনে অনন্তকাল ? নাজানো, আমাৰ মনে নামানে ।
তথাপিও হে ৰাভাদেৱ, তোমাক পাহৰিব নোৱাৰোঁ। ভুল নুবুজিবা আমাক। একো কৰিব নোৱাৰাৰ ক্ষোভেৰে হ’লেও তোমাৰ প্ৰতিটো স্মৃতি দিৱসত তোমাৰ স্মৃতিত একাজলি শ্ৰদ্ধাঞ্জলি যাচি যাম।
[ তথ্য সংগ্ৰহ : ‘অজ্ঞাতবাসত বিষ্ণু ৰাভা’ নামৰ কিতাপখনৰ বাবে শ্ৰীযুত ভূবিন ৰাভাদেৱলৈ কৃতজ্ঞতাৰে ]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)