• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, August 18, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

বিষ্ণু ৰাভা: প্রতীক আৰু প্ৰতিমা

ASSAMESE SECTION / Bishnu Rabha

by Editor
June 19, 2025
in Bishnu Rabha, ASSAMESE SECTION
Reading Time: 2 mins read
0
বিষ্ণু ৰাভা: প্রতীক আৰু প্ৰতিমা
Share on FacebookShare on TwitterShare on LinkedIn

বিষ্ণু ৰাভা: প্রতীক আৰু প্ৰতিমা

নৱকান্ত বৰুৱা

navakanta
নৱকান্ত বৰুৱা

অন্নদাশঙ্কৰ ৰায়ে বিষ্ণু ৰাভাক তুলনা কৰিছিল ইউৰোপৰ নৱন্যাস যুগৰ জীৱনধর্মী আবেগিক ব্যক্তিসকলৰ লগত, যিসকলে তৰোৱালৰ লগতে কলম আৰু তুলিকা চলাইছিল, বা, তুলি-কলম আৰু তৰোৱাল অর্থাৎ কলাবিদ্যা আৰু যুদ্ধ— দুয়োটাই তেওঁলােকৰ জীৱন আৰু চিন্তাৰ উপাদান আছিল।

সেই ধাৰণাতেই আমি এতিয়া কোৱা শুনো: সৈনিক-শিল্পী বিষ্ণু ৰাভাৰ এখন হাতত চিফুং, আনখন হাতত ষ্টেনগান। কিন্তু দুয়ােখন হাত ব্যৱহাৰ নকৰিলে চিফুঙো নাবাজে, ষ্টেনগানৰ গুলিও নিচানত লগাব নােৱাৰি।

আচলতে চিফুং আৰু বন্দুক— দুয়ােটাই প্রতীক। আমি কেৱল তাৰে প্রতিমা নির্মাণ কৰিছোঁ।

চিফুং তেওঁৰ সংস্কৃতিৰ প্রতীক আৰু ষ্টেনগান সশস্ত্ৰ সংগ্রামৰ। কিন্তু তেওঁৰ ষ্টেনগানৰ পৰা কেতিয়াবা গুলী ওলাইছিল নে নাই, সেই কথা তেওঁৰ সমসাময়িক ইতিহাসে স্পষ্টকৈ নকয়।

সম্ভৱতঃ ওলােৱা নাছিল।

তেওঁ এটা প্রকৃত ট্রেজিক চৰিত্ৰ; বিশ্বাসৰ ভিত্তিত কাম কৰা লােকসকলৰ জীৱন সদায়ে ট্রেজিক। তেওঁ ছহিদো নহয়, আততায়ীও নহয়, তেওঁ সাংস্কৃতিক আৰু ৰাজনৈতিক ক্ষেত্ৰৰ এজন স্বপ্নদ্ৰষ্টা লােক।

এতিয়া ষ্টেনগান বা তাতোকৈ উন্নত এচল্ট ৰাইফল, এ কে ৪৭-৫২…, ক্ৰমে সমৰ সংস্কৃতি চলিছে— ৰজাঘৰে, প্ৰজাঘৰে। চিফুং যেন হৈ পৰিছে এটা এথনিক প্রতীক।

বিষ্ণু ৰাভা: প্রতীক আৰু প্ৰতিমা

      কিন্তু বিষ্ণু ৰাভা?

এই প্রবাদ পুৰুষজন?

তেওঁ গণদেৱতা গণেশ নে লােকদেৱতা লোকনাথ শিৱৰ মানস আৰু মানৱ পুত্ৰ?

বিশ্বৰ ছন্দে ছন্দে তমোহৰ দেৱক আহ্বান কৰা মানুহজন কোন?

তেওঁৰ উপাধি আছিল— ৰাভা, কিন্তু সকলোৱে এতিয়া জানে, নৃত্তত্ববিদৰ বা চৰকাৰী তালিকাত তেওঁ বড়াে বা কছাৰীহে। ৰাভা নহয়। বহুভাষী এই লােকজনে বড়ো ভাষাত কথা ক’ব আৰু লেখিব পাৰিছিল; কিন্তু কোনটো ফৈদৰে ৰাভা ভাষাৰ লগত তেওঁৰ প্ৰত্যক্ষ যোগাযােগ, সেই কথা আমি নাজানো। এই এনিগমেটিক প্ৰহেলিকাময় মানুহজনৰ জীৱন অৰ্পিত হৈছিল যিটো ভাষাৰ কল্পে, সেই ভাষাটো আছিল অসমীয়া। তেওঁৰ তেজৰ সোঁতেৰে অৰ্থাৎ জেনেটিকেলি কোনাে ভাষাই অহা নাছিল। কোনাে নৱজাত শিশুৰে নাহে।

নাক, মুখ, চকুৰ ৰং, চুলিৰ ৰং, গাৰ ৰং— এইবোৰ জন্মসূত্ৰে পাব পাৰি, কিন্তু ভাষা নোৱাৰি। সামাজিক পৰিৱেশেহে শিশুক ভাষা শিকায় আৰু সি ক্ৰমে ব্যাপক হৈ যায় আৰু ভাষাই দিব পৰা সংস্কৃতিও সি আয়ত্ত কৰে। বিভিন্ন পৰিৱেশত, বিভিন্ন প্ৰয়োজনত এই মানুহজনে বিভিন্ন ভাষা আয়ত্ত কৰি লৈছিল। শৈশৱতেই পূব বাংলাৰ ভাষা আৰু গানৰ লগত পৰিচিত হৈছিল, যিটো একান্তভাৱে অসমীয়া বা বড়াে গাঁৱত সম্ভৱ নহলহেঁতেন। কিন্তু পাছৰ কর্মক্ষেত্ৰই— সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক— তেওঁক অসমীয়া ভাষাৰ লেখক-গীতিকাৰ ৰূপেই পৰিচিত কৰালে।

“অন্নদাশঙ্কৰ ৰায়ে বিষ্ণু ৰাভাক তুলনা কৰিছিল ইউৰোপৰ নৱন্যাস যুগৰ জীৱনধর্মী আবেগিক ব্যক্তিসকলৰ লগত, যিসকলে তৰোৱালৰ লগতে কলম আৰু তুলিকা চলাইছিল, বা, তুলি-কলম আৰু তৰোৱাল অর্থাৎ কলাবিদ্যা আৰু যুদ্ধ— দুয়োটাই তেওঁলােকৰ জীৱন আৰু চিন্তাৰ উপাদান আছিল।”

     এতিয়া গােষ্ঠীয়ে গােষ্ঠীয়ে সংঘৰ্ষৰ দিনত মনত পৰে এই প্ৰহেলিকাময় যেন লগা অথবা সম্পূর্ণ বাস্তৱ আৰু ঐতিহাসিকভাৱে আত্মনির্মিত এই মানুহজনলৈ— যিজন আছিল নামে-কামে সমন্বয়ৰ প্ৰতীক। নামটো বাৰু আনে দিয়া, কামখিনি তেওঁৰ নিজৰ।

       মােৰ মনলৈ আহে পঢ়াশলীয়া বিদ্যা— প্রতীক আৰু প্ৰতিমা— এই দুটা শব্দ। তাৰ পার্থক্য লিখিলো বিদ্যালয়ত।

কিন্তু এতিয়া অনুভব কৰোঁ যেন প্রতীক আৰু প্রতিমা দুয়ােটা একেটা মুদ্ৰাৰে দুটা পিঠি… এটাত থাকে পৰিচয় আৰু আনটোত মূল্য… ওহোঁ ওহোঁ, এই বেপাৰীৰ ভাষা ব্যৱহাৰ কৰিবৰ মন যােৱা নাই— মােৰ আইতাৰ দিনৰ সােণৰ যেন এফাল মিনা কৰা, আনফালটো বাখৰুৱা।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: বিষ্ণু ৰাভা
Editor

Editor

Related Posts

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ
Climate Change

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

by Jharna Sarma Dev Choudhury
August 16, 2026
0

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ ঝৰ্ণা শৰ্মা দেৱচৌধুৰী এনে এখন দেশ, যিখন দেশ হয়তো আৰু কেইবছৰমানৰ...

Read moreDetails
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

August 14, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

July 29, 2026
দ্যা ডিক্লাইনিং ডেম’ক্ৰেচি: সোনম ৱাংচুকৰ আঁত ধৰি

দ্যা ডিক্লাইনিং ডেম’ক্ৰেচি: সোনম ৱাংচুকৰ আঁত ধৰি

July 23, 2026
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

July 19, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d