প’ল আৰ’ডছ –বিস্ময়কৰ এক গাণিতিক জীৱন
ড° পৰিধি শৰ্মা

দেশখনৰ নাম হাংগেৰি ৷ গণিতৰ ইতিহাসত এই হাংগেৰিৰ আছে এক সুকীয়া স্থান ৷
১৯১৩ চনত হাংগেৰিৰ মেথেমেটিকেল এণ্ড ফিজিকিল ছ’ছাইটিয়েই গণিত অলিম্পিয়াদৰ সৰ্বপ্ৰথম বীজ ৰোপন কৰিছিল৷ এই হাংগেৰিৰে এজন মুধাফুটা গণিতজ্ঞ হল প’ল আৰ’ডছ (Paul Erdős) ৷
প’ল আৰ’ডছ ৰ জন্ম হৈছিল ১৮৯৪ চনত ২৬ মাৰ্চত ৷
সৰুৰে পৰাই এক গাণিতিক বিস্ময়ৰ গৰাকী আৰ’ডছৰ কোনো স্থায়ী চাকৰি নাছিল কোনো পদত তেওঁ অধিস্থিতও নাছিল৷ বিশ্বৰ দিহিঙে দিপাঙে তেওঁ গণিতৰ ভাষণ দি লৱৰি ফুৰিছিল৷

গণিতেই আছিল তেওঁৰ প্ৰাণ ৷ পৃথিৱীৰ দেশে দেশে ভ্ৰমি তেওঁ উলিয়াই আনিছে গণিতৰ নতুন নতুন প্ৰতিভা ৷ আগবঢ়াইছে গণিতৰ বিভিন্ন শাখাত বহু মৌলিক অৱদান৷ প্ৰতি বছৰে তেওঁ বিশ্বৰ বিভিন্ন ঠাইত ভাষণ দিয়ে৷ নিজৰ জন্মদেশ হাংগেৰিলৈ কেতিয়াবাহে আহে ৷
পৃথিৱীবিখ্যাত বিভিন্ন গণিতজ্ঞৰ সংস্পৰ্শলৈ আহিছে৷ বহু মৌলিক কামৰ জৰিয়তে গণিতৰ সভাত মধ্যমণিৰ দৰে জিলিকি আছে৷
অকল জিলিকাই নহয় খ্যাতিও কম বোটলা নাই ৷ বহু পুৰস্কাৰ আৰু স্বীকৃতি পাইছে৷ “সংখ্যা-তত্ব”ত মৌলিক অৱদান আগবঢ়োৱাৰ বাবে আমেৰিকান মেথেমেটিকেল ছ’ছাইটিয়ে ১৯৫২ চনত অতি সন্মানীয় ক’ল প্ৰাইজেৰে ( Cole Prize) বিভূষিত কৰে৷
গণিতৰ জীৱনজোৰা সাধনাৰ বাবে ১৯৮৩ চনত তেওঁক উলফ প্ৰাইজেৰে (wolf Prize) বিভূষিত কৰে ৷এই পুৰস্কাৰ পোৱা পূৰ্বসূৰী প্ৰখ্যাত গণিতজ্ঞ কেইজন হ’ল ক’লম’গৰভ আৰু আদ্ৰে উইল ৷ তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেছনেল অকাডেমী অৱ চায়েন্সৰ সদস্য নিৰ্বাচিত হৈছিল ৷ ৰয়েল ছছাইটিৰ বিদেশী সদস্য নিৰ্বাচিত হৈছিল৷ ইয়াৰ ওপৰিও বিশ্বৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰিছিল বহু সন্মানীয় ডক্টৰেট ডিগ্ৰী৷
“১৯৩২ চনত গণিতজ্ঞ আৰ’ডছ ৰ মৌলিক সংখ্যা ( Prime Number ) সম্পৰ্কীয় এখন গৱেষণাপত্ৰ প্ৰকাশ পায়৷এইদৰে আৰম্ভ হয় তেওঁৰ অনিৰ্বাচনীয় গাণিতিক জীৱন৷ আৰ’ডছে এইখন গাণিতিক গৱেষণা পত্ৰ প্ৰস্তুত কৰাৰ সময়তে ৰামানুজনৰ বিস্ময়কৰ গাণিতিক উপপাদ্যবোৰৰ লগত পৰিচিত হয় ৷”
গণিতজ্ঞ আৰ’ডছ এনেকুৱা মানুহ আছিল এই যে বিশ্বৰ বিভিন্ন ঠাই ঘূৰি ফুৰা বাবে বিশ্ববিদ্যালয় , আন আন অনুষ্ঠান প্ৰতিষ্ঠানত ভাষণ আদি দিয়া বাবে তেওঁৰ আয়ো হয়, বঁটাসমূহৰ পৰাও হাতলৈ ধন আহে পৰ্যাপ্ত ৷ আপুনি বাৰু নাভাবেনে যে এই টকাবোৰে আৰ’ডছে কি কৰে ? তেওঁৰতো কোনো সংসাৰ পৰিয়াল নাই ! চিৰকুমাৰ ৷ পাৰ্থিৱ বিষয় বৈভৱৰ প্ৰতি নাই কোনো ৰাপ৷ এজন সন্যাসীৰ দৰে তেওঁ জীৱন নিৰ্বাহ কৰে ৷

যিখিনি ধন আহে তেওঁৰ হাতলৈ প্ৰয়োজনীয়খিনি ৰাখি বাকীখিনি দান দিয়ে৷ শিক্ষামূলক প্ৰতিষ্ঠানত দান দিয়ে৷ উল্লেখ্য যে পল আৰ’ডছে উথ্বাপন কৰা গাণিতিক সমস্যাবোৰ সমাধান কৰা লোকসকলক এই বঁটা দিয়ে৷
বিভিন্ন সভাই সমিতিয়ে তেওঁ বহু মৌলিক প্ৰশ্ন উথ্বাপন কৰে ৷ সেইবিলাক সমস্যা সমাধান কৰিব পৰা লোকসকলক নগদ ধনেৰে পুৰস্কৃত কৰে৷
বিশ্ববিখ্যাত ভাৰতীয় গণিতজ্ঞ ৰামানুজন তেওঁৰ উদ্ভাৱন কৰা গাণিতিক সমস্যাবোৰৰ বাবে যিদৰে বিখ্যাত ঠিক সেইদৰে গণিতজ্ঞ পল আৰ’ডছ বিখ্যাত আকৰ্ষণীয় গাণিতিক সমস্যা উপস্থাপন কৰা বাবে৷
১৯৩২ চনত গণিতজ্ঞ আৰ’ডছ ৰ মৌলিক সংখ্যা ( Prime Number ) সম্পৰ্কীয় এখন গৱেষণাপত্ৰ প্ৰকাশ পায় ৷এইদৰে আৰম্ভ হয় তেওঁৰ অনিৰ্বাচনীয় গাণিতিক জীৱন৷ আৰ’ডছে এইখন গাণিতিক গৱেষণা পত্ৰ প্ৰস্তুত কৰাৰ সময়তে ৰামানুজনৰ বিস্ময়কৰ গাণিতিক উপপাদ্যবোৰৰ লগত পৰিচিত হয় ৷
তেতিয়াৰেপৰা ৰামানুজন পল আৰ’ডছৰ গাণিতিক জীৱনৰ অন্যতম প্ৰধান পৰিচালিত শক্তি হৈ পৰে৷

সেই তেতিয়াৰে পৰা ইউক্লিডৰ দিনৰে পৰা মৌলিক সংখ্যাসমূহে গণিতজ্ঞসকলক আকৰ্ষিত কৰি আহিছে৷ আৰ’ডছে ৰামানুজনৰ সমগ্ৰ ৰছনাৱলী সংগ্ৰহ কৰি অধ্যয়ন কৰিবলৈ ধৰিলে ৷ বিশ্ববিশ্ৰুত গাণিতিক বিস্ময় ৰামানুজনৰ গাণিতিক ৰছনাৱলীয়ে আৰ’ডছক বিস্ময়াভূত কৰি তুলিলে ৷
ঊনবিংশ শতিকাৰ অন্তিমভাগত ফৰাছী গণিতজ্ঞ হাডামাৰ্ড আৰু লাভালি পুঁছাই সুকীয়া সুকীয়াকৈ প্ৰায় একে সময়তে ইয়াৰ প্ৰমাণ আগবঢ়ায় ৷ তেখেতসকলে ইয়াৰ প্ৰমাণৰ বাবে জটিল সংখ্যাতত্ব ব্যৱহাৰ কৰিছিল ৷ গণিতজ্ঞসমাজ ইয়াৰ বাবে এক অপেক্ষাত আছিল ৷
১৯৪৯ চনত সকলো জল্পনা কল্পনাৰ ওৰ পেলাই আৰ’ডছ আৰু ছেলবাৰ্গে উপৰিউক্ত উপপাদ্যৰ এক প্ৰাথমিক প্ৰমাণ আগবঢ়ায় আৰু ইয়ে গণিতজ্ঞমহলত এক তীব্ৰ আলোড়ন সৃষ্টি কৰে৷ সেইবাবেই ১৯৫০ চনত ছেলবাৰ্গক দিয়া হয় ফিল্ডছ মেডেল আৰু ১৯৫২ চনত চনত আৰ’ডছক দিয়া হয় ক’ল প্ৰাইজ৷

ৰামানুজনৰ গাণিতিক ৰছনাৱলীয়ে আৰ’ডছক বৰ গভীৰভাৱে অনুপ্ৰাণীত কৰিছিল সেইবাবেই হবলা ভাৰতীয় গণিতজ্ঞসকলৰ প্ৰতি আৰ’ডছৰ সদায়েই এক আকৰ্ষণ আছিল ৷
অন্যতম ভাৰতীয় গণিতজ্ঞ শিৱশংকৰ নাৰায়ন পিল্লাইৰ মৃত্যু হয় এক শোকাবহ বিমান দুৰ্ঘটনাত গণিতজ্ঞ পিল্লাইৰ মৃত্যু হৈছিল৷ মুঠৰ ওপৰত বহু ভাৰতীয় তৰুণ গণিতজ্ঞক সুপ্ৰতিষ্ঠিত কৰাত আৰ’ডছে আগভাগ লৈছিল৷
এইজনেই হৈছে বিখ্যাত গণিতজ্ঞ প’ল আৰ’ডছ ৷ ১৯৯৬ চনৰ ছেপ্তেম্বৰ মাহত প’লেণ্ডৰ ওৱা্শ্বত এখন গণিত সন্মিলনত অংশ গ্ৰহণ কৰিবলৈ আৰ’ডছ গৈছিল ৷ তাতেই ৮৩ বছৰ বয়সত বিংশ শতিকাৰ অতি বিচক্ষণ গণিতজ্ঞ প’ল আৰ’ডছৰ মৃত্যু হয় ৷

Images from different sources
ড° পৰিধি শৰ্মা; দিল্লী বিশ্ববিদ্যালয়
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)