•অৰবিন্দ ৰাভা
২০২১ চনটোকো পুনৰবাৰ কোভিড -১৯ মহামাৰীয়ে দখলত ৰাখিবলৈ সক্ষম হ’ল – দ্বিতীয় ঢৌৰ প্ৰচন্ড সোঁতত বিধ্বস্ত হৈ পৰিল দেশৰ পিছত দেশ। ভাৰততো প্ৰথম ঢৌৰ তুলনাত দ্বিতীয় ঢৌৰ প্ৰভাৱ অকল্পনীয় হৈ পৰিল। মে’ মাহটোত প্ৰতিদিনে ৪০০০০০ মানুহ আক্ৰান্ত হ’বলৈ ধৰিলে আৰু আক্ৰান্তৰ মৃত্যুৰ সংখ্যা দৈনিক ৪০০০ হৈ পৰিল – যদিও প্ৰকৃত তথ্য অনুসৰি এই হিচাব বহুত বেছি হ’ব। এই মাৰাত্মক ঢৌৰ নেগুৰত ধৰি আৰম্ভ হ’ল নতুন এক অধ্যায় – ভেকচিনৰ অধ্যায়; ধনী দেশবোৰত প্ৰথমতে সংশয় হ’লেও লাহে লাহে ভেকচিন বা টিকাকৰণ পৰ্ব সফল হ’ল আৰু চিকিৎসালয়লৈ যোৱা ৰোগীৰ সংখ্যা ক্ৰমশঃ কমি আহিল। কিন্তু ভাৰতত এই টিকাকৰণক প্ৰথমতে গুৰুত্ব নিদি বিদেশলৈ টিকা প্ৰেৰণ কৰি বাঃ বাঃ ল’ব বিচৰা হেতুকে পৰিস্থিতিৰ ভয়ংকৰ অৱনতি ঘটিল, শ্মশানত চিতাৰ অভাৱ হ’ল, খৰিৰ অভাৱ হ’ল, চিকিৎসালয়ত বিচনা নোহোৱা হ’ল, অক্সিজেনৰ অভাৱত বহুতেই মৃত্যুবৰণ কৰিলে, পুনৰ নামি আহিল ভয়ংকৰ দিনবোৰ, খৰি আৰু শ্মশানৰ অভাৱত গঙ্গাত উটুৱাই দিয়া হ’ল শত শত মৃতদেহ, ত্ৰিৱেণী সংগমৰ সমীপৰ বালিত পুতি থোৱা হ’ল শত শত মৃতদেহ, এইবোৰৰ লগতে চলি থাকিল লক-ডাউন, স্তব্ধ হৈ পৰিল অৰ্থনীতিৰ চকা।
লাহে লাহে বিভিন্ন দেশত ‘লক-ডাউন’ শিথিল হ’ল, প্ৰত্যাহাৰ কৰা হ’ল। মেলবোৰ্ণত ২৬২ দিনীয়া সুদীৰ্ঘ লক-ডাউনৰ অন্ত পৰিল। স্থল, জল, বায়ুৰে ভ্ৰমণৰ ক্ষেত্ৰতো লাহে লাহে শিথিলতা আহিল। ভ্ৰমণ সংস্থা, পৰ্যটন উদ্যোগে বহু বিৰতিৰ পিছত এঙামুৰি দিবলৈ সক্ষম হ’ল নৱেম্বৰ মাহত – টিকা লোৱা সকলক লৈ। ২০২১ চনৰঅক্টোবৰ মাহত ২০১৯ চনতকৈ ৬৬% কম যাত্ৰী আছিল আন্তৰ্জাতিক বিমান সেৱাসমূহৰ !
বিভিন্ন কোম্পানীয়ে নিজৰ নিজৰ বহু কৰ্মচাৰীক কৰ’নাৰ পটভূমিত কৰ্মচ্যুত কৰিছিল আৰুকিছু কোম্পানীয়ে অৱশিষ্ট সকলক ঘৰৰ পৰাই কাম-কাজ চলাই থাকিবলৈ দিছিল; আৰু অক্টোবৰ-নৱেম্বৰত বহুত ঠাইত লাহে লাহে কৰ্মচাৰী সকলে আগৰ দৰেই কাৰ্যালয়লৈ আহিবলৈ আৰম্ভ কৰিলে – মুখা পিন্ধি তথা বহু ঠাইত মুখা নিপিন্ধি। ঘৰৰ পৰাই কাম-কাজ, মিটিং, স্কুল আদিত অংশ লোৱাৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা লোৱা ‘ঝুম’ নামৰ কোম্পানীৰ শ্বেয়াৰৰ মূল্য অক্টোবৰত আছিল ৫৬০ আমেৰিকান ডলাৰ; এতিয়া কমি কমি হৈ পৰিল ১৮০ আমেৰিকান ডলাৰ।
কৰ’নাৰ অমিত বিক্ৰমৰ পটভূমিত ২০২০ চনত স্থগিত কৰিবলৈ বাধ্য হোৱা টকিঅ’ অলিম্পিক ২০২১ চনত ষ্টেডিয়ামৰ আসনত দৰ্শকৰ উপস্থিতি নোহোৱাকৈ, হাতচাপৰি আৰু হৰ্ষোল্লাস নোহোৱাকৈ সম্পন্ন কৰা হ’ল। অসমৰ লাভলীনা গগৈয়ে পোনপ্ৰথমবাৰৰ বাবে অসমলৈ বক্সিঙৰ পদক আজুৰি আনি সমগ্ৰ অসমক আহ্লাদিত কৰিলে। কৰ’নাৰ ক্ষেত্ৰত নিয়ন্ত্ৰণহীনতাৰ বাবে জাপানৰ জনসাধাৰণৰ ৰোষৰ বলি হৈ প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰিবলগীয়া হ’ল।
ম্যানমাৰত সামৰিক বাহিনীয়ে ফেব্ৰুৱাৰীত অভ্যুত্থানৰ দ্বাৰা ক্ষমতা নিজৰ হাতলৈ আনি ২০২০ চনৰ শেষৰ ফালে গণতান্ত্ৰিক ভাবে নিৰ্বাচিত আং ছান ছ্যু-কি-ৰ চৰকাৰক ওফোৰাই ১০ বছৰীয়া গণতান্ত্ৰিক ব্যৱস্থাক মষিমূৰ কৰি প্ৰচন্ড অত্যাচাৰ আৰম্ভ কৰি সমগ্ৰ বিশ্বৰ সমালোচনাৰ পাত্ৰ হ’ল। শত শত প্ৰতিবাদীক নিষ্ঠুৰভাবে হত্যা কৰা হ’ল। আং ছান ছ্যু-কি-ক মিছা গোচৰ জাপি দি বিচাৰৰ নামত প্ৰহসন কৰি কাৰাৰুদ্ধ কৰা হ’ল।
আমেৰিকাত ডোনাল্ড ট্ৰাম্পৰ সমৰ্থক সকলৰ একাংশই ৬ জানুৱাৰীত কংগ্ৰেছক আক্ৰমণ কৰি ট্ৰাম্পৰ নিৰ্বাচনী ফলাফল তেওঁৰ অনুকুলে নিবলৈ চেষ্টা চলাই তীব্ৰভাবে সমালোচিত হ’ল আৰু ডেম’ক্ৰেটসকলে ট্ৰাম্পক জগৰীয়া কৰিলে। জো বিদেন আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পিছত ট্ৰাম্পৰ দিনৰ বে-পৰোৱা উদ্ধত দিনবোৰৰ ঠাইত বহু পৰিমাণে শান্ত পৰিৱেশ উভতি আহিল। বিদেনৰ আমেৰিকাই পুনৰ পৰিৱেশ পৰিৱৰ্তন সম্পৰ্কীয় পেৰিছ চুক্তিত যোগদান কৰি এক নতুন মাত্ৰা প্ৰদান কৰিলে।
গ্ৰীচ, ইজৰাইল, ইটালী, টুৰ্কী, আলজেৰিয়া আদিত বনজুইয়ে বিধ্বংসী ৰূপ ধাৰণ কৰি পৰিৱেশ বিধ্বস্ত কৰি তুলিলে। আলজেৰিয়াত এনে অগ্নিৰ কোপত ৯০ জনৰ মৃত্যু হ’ল। বানৰ কোপত চীনত আৰু জাৰ্মানীত শতাধিকৰ মৃত্যু হ’ল। পৰিৱেশ পৰিৱৰ্তন আৰু কৰণীয় সম্পৰ্কে অনুষ্ঠিত বিশেষ অধিৱেশন ‘ক’প-২৬’ গ্লাচগোত সুকলমে সম্পন্ন হ’ল। পৃথিৱীৰ উত্তাপ হ্ৰাস কৰিবলৈ বহুত আলোচনা কৰা হ’ল আৰু সিদ্ধান্ত গ্ৰহণ কৰা হ’ল১৯৫৯ চনত বিপ্লৱৰ মাজেৰে ক্ষমতা দখল কৰি কমিউনিষ্ট শাসন প্ৰৱৰ্তন কৰা কিউবাত ৰাষ্ট্ৰপতি ৰাউল কেষ্ট্ৰ’ই অৱসৰ গ্ৰহণ কৰাৰ লগে লগে সুদীৰ্ঘকালৰ ‘কেষ্ট্ৰ’- শাসন’ৰ অৱসান হ’ল। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন-এ নিৰ্যাতনৰ মাত্ৰা বৃদ্ধি কৰাৰ লগতে প্ৰভাৱশালী বিৰোধী ৰাজনৈতিক নেতা এলেক্সেই নাভালনি ( Alexei Navalny)ক বিভিন্ন গোচৰ জাপি দি কাৰাগাৰত নিক্ষেপ কৰে। উল্লেখযোগ্য যে তেওঁক ( এলেক্সেই নাভালনি) ২০২০ চনত খাদ্যত বিষ দি হত্যা কৰিব বিচৰা হৈছিল আৰু কাৰাগাৰত নিক্ষেপ কৰাৰ কিছুদিন আগেয়ে তেওঁ ৰাছিয়ালৈ আহিছিল। ৰাছিয়াৰ ছত্ৰছাঁয়াত থকা বেলাৰুছৰ একনায়কত্ববাদী শাসকে নিৰ্বাচনত ৰিগিং কৰি ক্ষমতা পুনৰ হস্তগত কৰা বুলি বিক্ষুব্ধ হোৱা জনতাক নিৰ্যাতন চলোৱাৰ লগতে তেওঁৰ বিৰুদ্ধে লেখা সাংবাদিক এজনক কাৰাবন্দী কৰাবলৈ তেওঁ ভ্ৰমণ কৰা এখন বিদেশী বিমান বেলাৰুছৰ ৰাজধানী মিন্স্কত বলপূৰ্বক অৱতৰণ কৰাই তেওঁক গ্ৰেপ্তাৰ কৰাই সমগ্ৰ সংবাদ জগতৰ নিন্দাৰ পাত্ৰ হয়।
ৰাছিয়াৰ আশীষধন্য ‘চাইবাৰ অপৰাধীৰ গোট'( Cyber -gangs)-এ ‘পণদাবীযুক্ত কম্পিউটাৰ/ইলেক্ট্ৰনিক ভাইৰাছ’ৰ আক্ৰমণেৰে আমেৰিকাৰ পাইপলাইনৰ মাজেৰে হৈ থকা খাৰুৱা তেলৰ সৰবৰাহ বন্ধ কৰাৰ লগতে ফিনলেণ্ডৰ আৰু আনৰো বিত্তীয় ব্যৱস্থা অকামিলা কৰি তুলি বিশাল অৰ্থনৈতিক ক্ষতি সাধন কৰা আৰু তেনে অপৰাধীক ক্ৰিপ্টোকাৰেন্সিৰ দ্বাৰা পণৰ ধন আদায় দিয়া ঘটনাও ২০২১ চনৰ এক অন্যতম গুৰুত্বপূৰ্ণ ঘটনা হিচাপে পৰিগণিত হৈছে। আমেৰিকাই এনে কাৰ্যৰ বাবে ৰাছিয়াৰ লগতে চীনকো জগৰীয়া কৰিছে।
মিত্ৰসকলৰ সৈতে আলোচনা বিলোচনা নকৰাকৈ অৰ্থনৈতিক সংকটৰ মোকাবিলা কৰিবলৈ একপক্ষীয় সিদ্ধান্ত লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন-এ হঠাৎ আফগানিস্তানৰ পৰা আমেৰিকাৰ সৈন্যবাহিনীক প্ৰত্যাহাৰ কৰাৰ ফলত আশা কৰাতকৈ বহুত আগতে আৰু বহুত শোচনীয়কৈ আফগানিস্তানৰ চৰকাৰখনৰ লজ্জাজনক পতন হ’ল, আফগানিস্তানৰ ৰাষ্ট্ৰপতিয়ে পলায়ন কৰিলে, আৰু তালিবানে আফগানিস্তানৰ ক্ষমতা দখল কৰি এক নৈৰাজ্যবাদৰ সৃষ্টি কৰি পুনৰ অন্ধকাৰ অধ্যায়লৈ আফগান সকলক লৈ গ’ল। বিমানবন্দৰ সমূহত আফগানিস্তান পৰিত্যাগ কৰিব বিচৰা জনসমুদ্ৰ চম্ভালিব নোৱাৰা হ’ল। নতুন ইছলামিক আইন জাপি মহিলাসকলক বিধ্বস্ত কৰা হ’ল। আফগানিস্তানৰ অৰ্থনৈতিক অৱস্থা ভাঙি পৰিল। তীব্ৰ খাদ্য সংকটে দেখা দিলে। তালিবানৰ অত্যাচাৰ চলি থাকিল। আফগানিস্তানত এনে অৱস্থাৰ বাবে সকলোৱে আমেৰিকাকেই জগৰীয়া কৰিলে। আফগানিস্তানত এক অকল্পনীয় পৰিস্থিতিৰ সৃষ্টি হ’ল।
১৬ বছৰৰ পিছত জাৰ্মানীত খ্ৰীষ্টিয়ান ডেম’ক্ৰেট সকলে নিৰ্বাচনত পৰাজয় বৰণ কৰিলে। ২০০৫ চনত এঞ্জেলা মাৰ্কেলে ক্ষমতাৰ বাঘজৰী হাতত লোৱাৰ ১৬ বছৰ পিছত পৰিৱৰ্তন হৈ নতুন ‘চোছিয়েল ডেম’ক্ৰেট-গ্ৰীণ-ফ্ৰি ডেম’ক্ৰেট’ চৰকাৰ এখন গঠন হ’ল। মাৰ্চ মাহত হোৱা নিৰ্বাচনৰ ফলাফলৰ পটভূমিত ইজৰাইলৰ শক্তিশালী প্ৰধানমন্ত্ৰী বেঞ্জামিন নেত্যান্যাহুৱেও প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় ত্যাগ কৰিবলগীয়া হ’ল। পেৰুত বামপন্হীৰ হাতলৈ ৰাষ্ট্ৰপতিৰ ক্ষমতা হস্তান্তৰিত হ’ল। নিকাৰাগুৱাৰ ডেনিয়েল ওৰ্টেগাই বিৰোধীসকলক দমন কৰি নিজৰ হাততেই ক্ষমতা ৰাখিবলৈ সক্ষম হ’ল।
ইথিওপিয়াত গৃহযুদ্ধ ৰক্তাক্ত হৈ পৰিল। ছুদানত দ্বিতীয়টো অভ্যুত্থানৰ দ্বাৰা ক্ষমতা হাতলৈ নিয়া সামৰিক বাহিনীয়ে পুতলা প্ৰধানমন্ত্ৰী এজনক আসনত বহুৱাই জেনেৰেল সকলৰ দ্বাৰা শাসন চলাই থাকিল।
চীনৰ চৰকাৰে নিজৰ দেশৰ প্ৰযুক্তিবিদ্যা ভিত্তিক ব্যৱসায় প্ৰতিষ্ঠান সমূহক বিভিন্ন নীতি-নিয়মৰ নাগপাশেৰে বান্ধি নিৰ্যাতন আৰম্ভ কৰিলে ( আলিবাবাৰ মুখ্য কাৰ্যবাহী তথা প্ৰতিষ্ঠাপক জনক এতিয়া দেখাই পোৱা নাযায়, কাৰণ তেওঁ চীনৰ চৰকাৰক সমালোচনা কৰিছিল)। চীনৰ ‘দিদি গ্লোবেল'( Didi Global)-এ নিউয়ৰ্কত নিজৰ ‘আই-পি-অ’ মুকলি কৰাৰ পিছতেই চীনৰ চৰকাৰ অতি কঠোৰ হৈ পৰে আৰু চীনৰ সকলো প্ৰতিষ্ঠানক জনাই দিয়া হয় যে চীনৰ ৰাষ্ট্ৰপতিৰ কথামতে সকলো চলিব লাগিব, অন্যথা বিপদ অনিবাৰ্য।
মহাকাশ পৰ্যটনৰ নতুন অধ্যায়ৰ সূচনা হ’ল। ৰিচাৰ্ড ব্ৰ্যানচন্-এ মহাকাশৰ পৰ্যটনৰ ফিটা কাটিলে তেওঁৰ ভাৰ্জিন গেলেক্টিক-অৰ দ্বাৰা। তাৰে লগে লগে আমাজনৰ জেফ বেজোছেও মহাকাশলৈ যাত্ৰা কৰি উভতি আহিল। এলন মাস্কেও মহাকাশ যাত্ৰাৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰি এক নতুন অধ্যায়ৰ সূচনা কৰিলে।
বছৰটোৰ শেষত কৰ’নাৰ ডেল্টা ভেৰাইটিৰ হাতত ধৰি ওমিক্ৰণৰ আৱিৰ্ভাৱ হৈ পুনৰ ২০২২ চনটোৰ বাবে এক উদ্বেগজনক পৰিস্থিতিৰ সূচনা কৰিলে।