• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, February 2, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

বিহাৰৰ বেতিয়া ষ্টেচনৰ আকৰ্ষণঃ ‘ডিজিটেল ভিক্ষাৰী ৰাজু’!

তনয় চক্ৰৱৰ্তী

by Admin
December 19, 2022
in Special Report, National, News, Uncategorized
Reading Time: 2 mins read
0
বিহাৰৰ বেতিয়া ষ্টেচনৰ আকৰ্ষণঃ ‘ডিজিটেল ভিক্ষাৰী ৰাজু’!
Share on FacebookShare on TwitterShare on LinkedIn

ডিজিটেল ভিক্ষাৰী ৰাজু!

তনয় চক্ৰৱৰ্তী

বিহাৰৰ বেতিয়া ষ্টেচনৰ আকৰ্ষণঃ 'ডিজিটেল ভিক্ষাৰী ৰাজু'!

বিহাৰ : ‘ডিজিটেল লেনদেন’ৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ পিছত ভাৰতবৰ্ষত ডিজিটেল লেনদেনে কেনে ৰূপ ধাৰণ কৰিছে – তাৰেই এক চমকপ্ৰদ ঘটনা পোহৰলৈ আহিছে। ঘটনাৰ স্থান বিহাৰৰ বেতিয়া ষ্টেচন।


ঘটনাৰ নায়কৰ নাম ৰাজু প্ৰসাদ, বয়স ৩৯ বছৰ, স্বাস্থ্য-পাতি আকৰ্ষণীয়, চুলিবোৰ বিন্যস্ত হ’লেও চেহেৰাত অপুষ্টিৰ কোনো চিন-মোকাম নাই। হাঁহিমুখে থাকে। তেওঁৰ জীৱিকা হ’ল ভিক্ষাবৃত্তি। হাঁহিমুখেই ভিক্ষা খোজে তেওঁ। কিন্তু অইন ভিক্ষাৰীসকলৰ দৰে ভিক্ষাৰী তেওঁ নহয়।

RelatedPosts

Is the movie Pathaan a Game-Changer?

Is the movie Pathaan a Game-Changer?

February 2, 2023
news inscription on neon signboard hanging on street

Freedom of Expression and Media Ethics For The New World

February 2, 2023
person holding clear plastic bottle

Media and its influence on issues related to climate change

February 2, 2023

তেওঁ হ’ল ‘ডিজিটেল ভিক্ষাৰী’!

ৰাজু প্ৰসাদে গলত ‘কিউ-আৰ স্কেন-কোড’ ওলোমাই লৈ ৰেলষ্টেচনৰ প্লেটফৰ্মত বিচৰণ কৰি নিজৰ মেজাজেৰে ভিক্ষা খোজে। ভাৰতবৰ্ষৰ অগণন ভিক্ষাৰীৰ মাজত থকা তেওঁ এতিয়া নিজৰ স্বতন্ত্ৰ পৰিচয় তৈয়াৰ কৰিবলৈ সক্ষম হৈছে। নগদ ধনৰ ভিক্ষা তেওঁ নিবিচাৰে। গলত ওলোমাই থোৱা জনপ্ৰিয় ‘ই-ৱালেট’ সংস্থাৰ ‘কিউ-আৰ কোড’ দেখুৱাই ৰাজুৱে অনুৰোধ কৰে – তেওঁক যেন ফোন-পে, পেটিএম, গুগল পে, ফ্ৰিচাৰ্জ – জাতীয় ডিজিটেল মাধ্যমেৰে ভিক্ষা প্ৰদান কৰা হয়।

বিহাৰৰ পশ্চিম চম্পাৰন জিলাৰ বেতিয়া ৰেলষ্টেচনৰ প্লেটফৰ্মত ৰাজুৱে ভিক্ষা বিচৰা শৈলী দেখিলে তেওঁৰ ৰাজকীয় মেজাজৰ উমান পোৱা যায়।

ৰাজুই নিজে কয় যে,‘ মই আধুনিক সময়ৰ তালে তালে সলনি হোৱা এজন আধুনিক ভিক্ষাৰী। সন্মুখত বাতি বা কাঁহী লৈ বহি থাকিবলৈ মই ভাল নাপাওঁ। হাতে ভৰিয়ে বেন্ডেজ লগাই কুষ্ঠৰোগী হৈ বহি থাকিবলৈ মোৰ অকণো ইচ্ছা নাই। মোৰ সন্মুখত কোনোবা আহি থিয় হ’লে হাতযোৰ কৰি ভিক্ষা বিচাৰো মই। যিসকলে দিবলৈ ৰাজী হয়, মই তেওঁলোকক ডিজিটেল পদ্ধতিৰে ভিক্ষা দিবলৈ কওঁ। এনে ক্ষেত্ৰত যিসকলে মোক দিবলৈ ৰাজী হয়, কিন্তু ডিজিটেল পদ্ধতিৰে লেনদেন নকৰে, তেওঁলোকে মোক মুদ্ৰা বা নোট প্ৰদান কৰিলে মই লবলগীয়া হয়।’


ৰাজুৱে কিয় নগদ ধন নলয়, তাকে লৈ অইন ভিক্ষাৰীসকলৰ মাজতো তুমুল চৰ্চা চলিছে। নাম প্ৰকাশত অনিচ্ছুক বেতিয়া ষ্টেচনৰ এজন হকাৰে কোৱা অনুসৰি, ‘প্লেটফৰ্মত আৰু ষ্টেচনৰ বাহিৰত যিসকলে ভিক্ষা বিচাৰে – তেওঁলোকৰ অন্তৰালত ‘দাদা’ আছে। সেই ‘দাদা’ৰ অন্তৰালত ৰাজনৈতিক নেতা আৰু পুলিচৰ অদৃশ্য হাত আছে। ফলত, ভিক্ষাৰী সকলে দিনটোৰ শেষত ‘প্ৰণামী’ৰ ধন ‘দাদা’ক দিবলগীয়া হয়। ‘দাদা’ৰ অনুচৰ সকলে সন্ধিয়া ভিক্ষাৰীৰ মোনাৰ ভিতৰত হাত ভৰাই হিচাব লয়। সেইবাবেই তেনে ঝামেলাৰ পৰা হাত সাৰিবলৈ ৰাজুই এনে অভিনৱ পদ্ধতি ব্যৱহাৰ কৰিছে।’ 


ৰাজুই নিজে অৱশ্যে এই কথা স্বীকাৰ নকৰে। তেওঁ কয় যে, ‘স্বয়ং মোডীজীয়ে সকলোকে ডিজিটেল লেনদেনৰ প্ৰতি আগ্ৰহী হ’বলৈ কৈছে। মইও মোৰ সীমিত সামৰ্থ্যৰে মোডীজীৰ আহ্বানত সহাঁৰি দিছো।’ বিহাৰত বিজেপিৰ সৈতে নীতিশ কুমাৰৰ জোঁটবন্ধনৰ চৰকাৰ চলি আছে, আৰু ৰাজুৰ মতে তেওঁ বিজেপিৰ তথা নৰেন্দ্ৰ মোডীৰ সমৰ্থক।

তাৰোপৰি, চোছিয়েল মেডিয়াৰ জহত ৰাজুৰ ডিজিটেল ভিক্ষা সম্পৰ্কে ব্যাপক প্ৰচাৰ হোৱা হেতুকে ৰাজুৱে কোনো ‘দাদা’ক ‘প্ৰণামী’ দিবলগীয়া নহয়। সামাজিক মাধ্যমত ৰাজুৰ নতুন নাম হৈছে ‘ডিজিটেল কিউট ৰাজু’! 

বিহাৰৰ বেতিয়া ষ্টেচনৰ আকৰ্ষণঃ 'ডিজিটেল ভিক্ষাৰী ৰাজু'!
ৰাজুই ডিজিটেল ভিক্ষাৰ হিচাবে পৰীক্ষা কৰা সময়ৰ ছৱি


ৰাজু মাথো ডিজিটেল ভিক্ষাৰীয়েই নহয়, ৰাজু বেচ চতুৰ বুলিও জনাজাত। ষ্টেচনত বহি একেসময়তে লালু প্ৰসাদ যাদৱ তথা নৰেন্দ্ৰ মোডীৰ স্তুতি গীত গায় তেওঁ। ৰাজুৰ মতে পঢ়া-শুনা বেছি কৰিব নোৱৰা হেতুকে চাকৰি তেওঁৰ কপালত নাই, গতিকেই ভিক্ষাবৃত্তি।

আৰম্ভণিতে তেওঁ হাত পাতি ভিক্ষা বিচাৰিছিল, পিছলৈ সেই ধনেৰে বেংকৰ একাউণ্ট খোলা, স্মাৰ্ট ফোন কিনা, ই-ৱালেট পদ্ধতিত পাৰদৰ্শিতা লাভ কৰা – ইত্যাদি বিভিন্ন অভিজ্ঞতাৰ পিছত এনে পন্হা অৱলম্বন কৰে তেওঁ।

তেওঁৰ ভিক্ষা বিচৰা শৈলী ইমান আকৰ্ষণীয় যে কোনোবাই তেওঁক ভিক্ষা নিদিলেও দুইমিনিট থিয় হৈ তেওঁৰ ‘সংলাপ’ শোনে। দিনটোৰ শেষত তেওঁৰ ‘আয়’ কিমান হয় বুলি প্ৰশ্ন কৰিলে তেওঁ উত্তৰ দিয়ে – ‘ইমানখিনি ক’ব নোৱাৰি, কিন্তু চাকৰি কৰিলেও ইয়াতকৈ অধিক নহ’লহেতেন’!


ছৱিঃ ‘নৱভাৰত টাইমছ্’ আৰু ‘নৱজীৱন এক্সপ্ৰেছ’ৰ সৌজন্যত

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

Is the movie Pathaan a Game-Changer?
Opinion

Is the movie Pathaan a Game-Changer?

by Admin
February 2, 2023
0

Is the movie Pathaan a Game-Changer? H. Srikanth H. Srikanth That I am a movie buff is a fact. I...

Read more
news inscription on neon signboard hanging on street

Freedom of Expression and Media Ethics For The New World

February 2, 2023
person holding clear plastic bottle

Media and its influence on issues related to climate change

February 2, 2023
Two years on from Myanmar military coup!

Deny legitimacy of Myanmar’s military junta

February 1, 2023
Hate Speech: Turning the tide

Hate Speech: Turning the tide

February 1, 2023
Two years on from Myanmar military coup!

Two years on from Myanmar military coup!

January 31, 2023
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
কমতাপুৰ ধ্বংস কাব্য

কমতাপুৰ ধ্বংস কাব্য

February 2, 2023
মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

February 2, 2023
close up photography of cherry blossom tree

“তানকা’’—জীৱনসম্পৃক্ত জাপানি কবিতা

February 2, 2023
Is the movie Pathaan a Game-Changer?

Is the movie Pathaan a Game-Changer?

February 2, 2023

Popular Stories

  • Dholera: Modi’s Dream Project turns lifeless and barren!

    Dholera: Modi’s Dream Project turns lifeless and barren!

    427 shares
    Share 171 Tweet 107
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    236 shares
    Share 94 Tweet 59
  • ড° মাধুৰ্য্যমণ্ডিত বৰুৱাৰ ‘অসম বুৰঞ্জী’

    63 shares
    Share 25 Tweet 16
  • The outsider and the Assamese language: Reflections on Baptist missionaries and baseball bats for bhaona

    62 shares
    Share 25 Tweet 16
  • লৈঙ্গিক অসমতা আৰু উত্তৰ আধুনিক সমাজৰ প্ৰতিক্ৰিয়া

    59 shares
    Share 24 Tweet 15
  • তথ্য নিৰুদ্দেশ হোৱা এটা যুগৰ বাসিন্দা আমি

    89 shares
    Share 36 Tweet 22
  • অভিশপ্ত দুলীয়াজান: লিখিবলৈ ভাষা নাই

    74 shares
    Share 30 Tweet 19
  • কোচবিহাৰকো কিদৰে কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

    63 shares
    Share 25 Tweet 16
  • Russian authorities have begun the procedure for the denunciation of international treaties!

    57 shares
    Share 23 Tweet 14
  • “মে ডাম মে ফী “– এটি দৃষ্টি …

    50 shares
    Share 20 Tweet 13
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: