বিহু কাৰো খেলাৰ সামগ্ৰী নহয়
অঞ্জন শৰ্মা

‘ছলচাই কঠীয়া পাৰিবা কলিয়া
বতাহত নিসিঁচিবা ধান৷
সমনীয়াৰ আগত ফালি কথা নক’বা
ই কথা পাবলৈ টান৷৷’’
####
ডেকা : থুৰিয়াই কাটিলোঁ তামোল তিনিখনি,
নুৰিয়াই বান্ধিলোঁ পাণ৷
পথাৰে পথাৰে বিচাৰি ফুৰিলোঁ,
ক’তে দাই আছিলা ধান৷৷
গাভৰু : থুৰিয়াই কটা নাই, তামোল তিনিখনি
নুৰিয়াই বন্ধা নাই পাণ৷
পথাৰে পথাৰে বিচাৰি ফুৰা নাই,
দলনিত দাইছিলোঁ ধান৷৷
স্বনামধন্য ডিম্বেশ্বৰ নেওগে কৈছিল যে পূৰ্বতে বিহু আছিল মূলতঃ চাৰিটা ৷ সেই চাৰিটা বিহু আছিল যথাক্ৰমে ব’হাগ বিহু, কাতি বিহু, মাঘ বিহু আৰু আহাৰ বিহু৷
এক অসম্পূৰ্ণ বিপ্লৱৰ এটি জীয়া নাম বিষ্ণুপ্ৰসাদ ৰাভাইও কৈ গৈছে যে ‘বিহু’ শব্দৰ মূল উৎস হ’ল জনজাতীয় ভাষাৰ ভাণ্ডাৰ–‘বি’ মানে ‘দিয়া’ আৰু ‘হু’ মানে ‘লোৱা’৷
অসমৰ তিনিটা বিহু বা চাৰিটা বিহু [ডিম্বেশ্বৰ নেওগ]ক পূৰ্বতে ‘বিহু’ বুলি সংজ্ঞায়িত কৰা হোৱা নাছিল৷

আগতে কৃষিজীৱি লোকসকলে ব’হাগ, কাতি, মাঘ [আৰু ‘আহাৰ’] মাহত বেলি, আকাশ, বৰুণ, অগ্নি, বায়ু ইত্যাদি শক্তি বা দেৱতাক সন্তুষ্ট কৰিবলৈ পূজা কৰিছিল ৷
পৰৱৰ্তীকালত লাহে লাহে ধৰ্মীয় বিশ্বাস মোলান পৰি পূজাকেন্দ্ৰিক আনন্দ উৎসৱ প্ৰধান হৈ পৰে [এতিয়া যিদৰে দুৰ্গাপূজাৰ সময়ত দিনৰ ভাগত মূল পূজাৰ সময়ত মানুহৰ উপস্থিতিৰ বিপৰীতে সন্ধিয়াপৰত অগণন মানুহে আলোকসজ্জা, পূজামণ্ডপৰ কাৰিকৰী কৌশল আদি চাবলৈ হিলদল ভাঙি অহা দেখা যায়]৷
এনে আনন্দ উৎসৱে নতুন মাত্ৰা লাভ কৰে আহোম স্বৰ্গদেউৰ দিনত ৷
অৰ্থাৎ, আহোমৰ দিনত অসম ৰাজ্যত সেই আনন্দ উৎসৱে ‘বিহু’ নামেৰে এক সুকীয়া ৰূপ ধাৰণ কৰে৷
ডেকাই গাবলৈ ধৰিছিল :
‘চকলা টেঙাটি চেনাই ঐ অকলে নাখাবা২
চেনাই ঐ আমাকো এচকল দিবা৷
যোৰহাট জিলালৈ চেনাই ঐ অকলে নাযাবা২
চেনাই ঐ আমাকো লগতে নিবা৷
গাভৰুৱেও গাইছিল :
‘জীৱন ঐ এৰীপলু মৰিলে,
জীৱন ঐ এৰা পাত নালাগে
জীৱন ঐ আভোকত নালাগে ভাত৷
জীৱন ঐ বয়স ভাটি দিলে
জীৱন ঐ গহনা নালাগে
জীৱন ঐ বহনা নাথাকে গাত৷’

ব’হাগ বিহু বা ৰঙালী বিহু চ’ত মাহৰ শেষ [সংক্ৰান্তি] দিনটোৰ পৰা আৰম্ভ হয় যদিও এসময়ত সাতদিন ধৰি ব’হাগ বিহু পালন কৰা হৈছিল আৰু প্ৰতিটো দিনৰে সুকীয়া নাম আছিল ৷
সেই নামসমূহ আছিল–গৰু বিহু, মানুহ বিহু, গোঁসাই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, ঘৰচীয়া জীৱ-জন্তুৰ বিহু, তথা চেৰা-বিহু৷ এই সাতোটা দিনক সামৰি নামাকৰণ কৰা হৈছিল ‘সাতবিহু’৷
বহু শতিকা পূৰ্বে হোৱাংহো আৰু ইয়াংচিকিয়াং নৈৰ পাৰৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকালৈ আগমন হোৱা অষ্ট্ৰিক ধালৰ কৃষকসকলৰেই হেনো অৱদান আছিল ‘বিহু’৷
কিছুসংখ্যকৰ মতে আকৌ, অষ্ট্ৰিকসকলৰ পিছত সাংস্কৃতিক প্ৰভাৱেও বিহুক প্ৰভাৱান্বিত কৰি পৰিৱৰ্তন কৰিছিল, বিস্তৃত ৰূপত ৰূপায়িত কৰিছিল৷ খেতিপথাৰত নমাৰ আগতে তেওঁলোকে নৃত্য-গীত কৰি ভাল পাইছিল হেতুকেই খেতিৰ আগতেই এই উৎসৱৰ সময় আছিল বুলি বহুতেই কয়৷
সেইহেতুকে, যি সময়ত ব্ৰহ্মপুত্ৰ উপত্যকাত ঢোলত চাপৰ পৰিছিল, ম’হৰ শিঙাৰ পেঁপা বাজি উঠিছিল–সেই একেই সময়তে হয়তো হোৱাংহো বা ইয়াংচিকিয়াং নৈৰ পাৰতো কোনো ডেকাই মনৰ আনন্দত গীত গাইছিল–খেতিপথাৰলৈ চাই, প্ৰকৃতিলৈ চাই–অনাগত দিনৰ সপোন দেখি দেখি৷
পিছলৈ বিহুৰ ক্ৰমবিকাশত সহায় কৰিলে তিব্বতবৰ্মীসকলে, তাৰ পিছত আহোমসকলে৷ বিষ্ণুপ্ৰসাদ ৰাভাই যিদৰে ‘বি’ আৰু ‘হু’ৰ বিষয়ে কৈছিল, একেদৰে কিছুমানৰ মতে আকৌ আহোমসকলৰ ‘পি-হু’ বা ‘পাই-হু’ শব্দৰ পৰাই হেনো ‘বিহু’ শব্দৰ উৎপত্তি৷
যি কি নহওক–বছৰৰ এক নিৰ্দিষ্ট সময়ত কৃষিজীৱি লোকসকলে নৃত্য কৰিছিল কিয়–সেই প্ৰশ্নৰ উত্তৰেই বিহুৰ উৎস, বিহুৰ তাৎপৰ্য৷
আমি পূৰ্বেও লেখিছিলো, আহি যিদৰে ঋতুৰ পৰিৱৰ্তন হয়, আগতেও হৈছিল৷
বহু হাজাৰ বছৰ আগতে ঋতুৰ পৰিৱৰ্তন ঘটি নতুন বছৰে ভুমুকিওৱা সময়ত নতুন ৰূপেৰে প্ৰকৃতিয়ে যৌৱনৰ নৱ-উদ্ধত অস্তিত্ব প্ৰকাশ কৰাৰ লগে লগে প্ৰকৃতিক বশ কৰিবলৈ, সন্তুষ্ট কৰিবলৈ, কাৰ্য্যৰ উৎপাদন বঢ়াবলৈ, কৃষিজীৱি মানুহে নৃত্য কৰিছিল আৰু সেই নৃত্য আছিল সমূহীয়া–যৌনগন্ধী সমূহীয়া নৃত্য৷ আজিৰ বিজ্ঞান-প্ৰযুক্তিৰ জগতখনতকৈ সেইসময়ৰ জগতখন সম্পূৰ্ণ ভিন্ন আছিল৷

সেই সময়ত কৃষিজীৱি মানুহে ধাৰণা কৰিছিল যে বীজ আৰু মাটিৰ মাজত সম্পৰ্ক হ’লে শস্য উৎপাদন হয় আৰু সেই শস্য বৰষুণ-ৰ’দে লালন কৰে, প্ৰকৃতি সদয় হ’লে উৎপাদন বাঢ়ে, উৎপাদন বাঢ়িলে দুখ কমে–সুখ বাঢ়ে¯৷
‘অজ্ঞ’ আছিল বুলি আজিৰ ‘বিজ্ঞ’ই ক’লেও, সেই ‘অজ্ঞ’ কৃষিজীৱিসকলে এই কথা জানিছিল যে নাৰী আৰু পুৰুষৰ মাজত দৈহিক সম্পৰ্ক স্থাপন হ’লে সন্তানৰ জন্ম হয়৷
বীজ আৰু মাটি, পুৰুষ আৰু নাৰী, শস্যৰ উৎপাদন আৰু সন্তান উৎপাদন–সম্ভৱতঃ এনে ধৰণৰ এক চিন্তাৰ ফলশ্ৰুতিত শস্যৰ উৎপাদন বৃদ্ধি কৰাৰ স্বাৰ্থত, প্ৰকৃতিক সন্তুষ্ট কৰাৰ স্বাৰ্থত, নতুন সাজেৰে গাভৰু হোৱা পৃথিৱীখনক দেখি আনন্দমনেৰে সৃষ্টি কৰিছিল৷
যৌনগন্ধী নৃত্য– যি নৃত্যৰ জৰিয়তে ডেকা-গাভৰুৱে আনন্দ কৰিছিল, তৃপ্ত হৈছিল৷ ড0 বিৰিঞ্চি কুমাৰ বৰুৱাই লিখিছিল, ‘‘ডেকা-গাভৰুৱে চুম পাতি কৰা বিহুনৃত্য এহাতে প্ৰেমৰ নৃত্য, আনহাতে প্ৰজনন নৃত্য৷ কাৰণ ইয়াৰ যোগেৰে পথাৰত লহপহকৈ শস্য গজি উঠিবৰ কাৰণে আৰু ধ্বংসকাৰী কু-শক্তিবোৰক হৰুৱাই দিবৰ কাৰণে আই বসুমতীক প্ৰাৰ্থনা কৰা হয়৷’’ ড0 বৰুৱাৰ কথাখিনিতেই নিহিত হৈ আছে সেই সময়ৰ কৃষিজীৱি লোকসকলৰ নৃত্যৰ তাৎপৰ্য৷

হেম বৰুৱাইও লিখিছিল, ‘‘বিহুতলীৰ নাচনীজনী বহাগ মহীয়া গাভৰু পৃথিৱী৷ বিহুবলীয়া ডেকাটো হৈছে পৃথিৱীৰ সৈতে মিলন আকাংখী মৌচুমীৰ মেঘ৷ উভয়ৰে মিলনৰ চিন স্বৰূপে বৰ্ষা নামে পৃথিৱীৰ গৰ্ভত নতুন সৃষ্টি সম্ভৱ হয়৷ উৎপাদন বাঢ়ে৷ পথাৰত উৎসৱমুখৰ ডেকা-গাভৰুৱে প্ৰকৃতিৰ এই সৃষ্টিৰ ছবিখনকেই প্ৰতীক আৰু নৃত্য-গীতৰ লহৰেৰে ৰূপায়িত কৰে৷ বিহু নৃত্যৰ স্বাভাৱিক ভংগীমাই, বিশেষকৈ ডেকাৰ কঁকাল ভঙা ছেৱে যৌন-জীৱনৰ ইংগিত দিয়ে৷’’
পথাৰ-বৰষুণ-ৰ’দ-বতাহৰ দৰেই, ডেকা-গাভৰুৰ মিলনৰ দৰেই, শস্য আৰু সন্তান উৎপাদনৰ দৰেই–অইন গুৰুত্বপূৰ্ণ বিষয় আছিল কৃষিকাৰ্যত নিয়োজিত হোৱা গৰু তথা চহা জীৱনৰ এৰাব নোৱৰা সামগ্ৰী বাঁহ৷ তেনে উৎসৱমুখৰ পৰিৱেশৰ পটভূমিত গৰু-বিহু আৰম্ভ হৈছিল–গৰুক মৰ্যদা দিবলৈ, সন্তুষ্ট কৰিবলৈ, চেনেহৰ চিহ্ন প্ৰকট কৰিবলৈ৷

গতিকে দীঘলতিৰ নুফুলা ঠাৰিৰে কোবাই কোবাই গৰুক পথাৰলৈ খেদি নি নৈ, বিল, পুখুৰীৰ পাৰত গা ধুৱাই লাও, বেঙেনা গৰুক অপÇণ কৰি কেটুৰী, হালধি, থেকেৰা, কেৰেলা আদি চকলিয়াই গাঁথি গৰুক আগবঢ়োৱা প্ৰথা আৰম্ভ হৈছিল, দিয়া হৈছিল নতুন পঘা ৷
পশ্চিম অসমত পূৱ-অসমৰ দৰে বিহুৰ নৃত্য-গীতৰ প্ৰাধান্য নাথাকিলেও খেতিৰ প্ৰধান অৱলম্বন, উৰ্বৰতাৰ প্ৰতীক হিচাবে বিহুৰ প্ৰথম দিনটো গো-সংবৰ্ধনৰ বাবে উৎসৰ্গীকৃত হৈছিল আৰু গৰুবিহুৰ দিনা গধূলিপৰত হাতত জেতুকা লোৱাটো জীয়ৰী-বোৱাৰীৰ বাবে অপৰিহাৰ্য আছিল৷ বিশ্বাস কৰা হৈছিল যে নিশা মচুৰ মাহ, আমৰ ফল, কঁঠালৰ মুচি, নিমপাত, নিমখ একেলগে পিহি খালে মহৌষধিৰ কাম কৰে আৰু বছৰটো বেমাৰ নহয়৷
পিছদিনা ‘মানুহ বিহু’;, কামৰূপত ‘বৰ দোমাহী’ বা দোমাহী/দহমী/দুমেহী আদিৰেও দিনটো আৰম্ভ হয়৷ ইয়াৰে লগতে বাহকেন্দ্ৰিক–‘পাউৰা তুলা’ পৰ্ব আৰম্ভ হয়৷ উল্লেখযোগ্য যে দামোদৰ দেৱৰ অন্যতম শিষ্য তথা গোবিন্দপুৰ সত্ৰৰ প্ৰতিষ্ঠাতা শ্ৰীভগৱান দেৱৰ দিনৰে পৰাই বজালী অঞ্চলৰ গোবিন্দপুৰত ‘পাউৰা তুলা’ নামেৰে বাঁহ কেন্দ্ৰিক উৎসৱ আৰম্ভ হয় আৰু পাঠশালা পাটাছাৰকুছি, বেজকুছি, সৰ্থেবাৰী, বাঘমাৰা আদিতো এই উৎসৱ অনুষ্ঠিত হয়৷
যি কি নহওক, সময়ৰ লগে লগে পৰিৱৰ্তন হৈ হৈ ১৯৫০-৫১ চনত ৰাধাগোবিন্দ বৰুৱাৰ উদ্যোগত অসমত প্ৰথমবাৰৰ বাবে মঞ্চ বিহুৰ যি আয়োজন আৰম্ভ হ’ল–যি এতিয়া সমগ্ৰ অসম বিয়পি পৰিছে আৰু প্ৰকৃত বিহুৰ তাৎপৰ্য যেন ক্ৰমে ক্ৰমে মোলান পৰিছে ৷
আজিকালি জনপ্ৰিয় শিল্পীৰ সময়-সুবিধামতে বিহু উৎসৱৰ দিন-বাৰ ঠিক কৰা হয়৷ সমগ্ৰ বছৰটো ‘চেনেল বিহু’ চলি থাকে¯ সেই পটভূমিত, বিহুৰ সমাদৰ অটুত ৰাখিবলৈ হ’লে নিজস্ব বৈশিষ্ট্য ৰক্ষা কৰি আজিৰ সমাজ-ব্যৱস্থাত বাস্তৱলৈ চকু দি বৃহত্তৰ কৃষিজীৱি মানুহৰ সুখ-দুখ, হতাশা-আশা, অনুৰাগ-ক্ষোভক প্ৰতিফলিত কৰিব পাৰিব লাগিব ৷ অন্যথাই বিহু হৈ পৰিব মাথো গায়কৰ বিহু, নাচনীৰ বিহু ৷ সকলোৱে উপলব্ধি কৰিব লাগিব–বিহু কাৰো খেলাৰ সামগ্ৰী নহয়৷

[Images from different sources]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)