• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, October 11, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
    • October 2026 – Vol-IV
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
    • October 2026 – Vol-IV
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Cultural

বিহু: ৰূপান্তৰৰ আলিদোমোজাত

বিহু

by Anjan Sarma
April 13, 2024
in Cultural, Culture, Dance, Folk
Reading Time: 4 mins read
0
bihu1
Share on FacebookShare on TwitterShare on LinkedIn

ৰূপান্তৰৰ আলিদোমোজাত বিহু

গৌতম শৰ্মা

Gautam Sarma
গৌতম শৰ্মা

আকৌ আহিল ধৰাৰ বুকুলৈ ঋতুৰাজ বসন্ত।

বসন্তৰ আগমনত গছ-লতিকাই প্ৰকৃতিৰ চিৰনিয়মক প্ৰতিষ্ঠা কৰি পুনৰবাৰ পিন্ধিছে এযোৰ নতুন পোছাক।

বিহুৱতী চৰাইজনীও নামি আহিছে ভৈয়ামৰ বুকুলৈ সুমধুৰ কন্ঠৰে মিঠা-মিঠা গীত গাই। বসন্তই লৈ আহে প্ৰকৃতিৰ বুকুলৈ শান্তি, সম্প্ৰীতি আৰু প্ৰগতিৰ বতৰা। বসন্তৰ পৰশত মানৱ হৃদয়ৰ পৰস্পৰৰ মাজত গঢ়ি উঠে ঐক্য, সংহতি আৰু ভাতৃত্ববোধৰৰ এনাজৰীডাল।

বসন্তৰ উপস্থিতিয়েই আঁতৰাই সামাজিক হিংসা আৰু সন্ত্ৰাস। বসন্তই গঢ়ে সেউজী ধৰা, সুনিৰ্মল আকাশ। বসন্তৰ সুকোমল পৰশত কবি-গীতিকাৰেও ৰচে ন-ন গীত আৰু কবিতা। বসন্তৰ আগমনত সেউজীয়া প্ৰকৃতি জগতখনে কি যে অপৰূপ সৌন্দৰ্য ধাৰণ কৰে তাৰ যে কোনো উপমা নাই।

বসন্ত বুলিলেই মনলৈ আহে চিৰপৰিচিত প্ৰতি অসমীয়াৰ প্ৰাণৰো আপোন ব’হাগ বিহুটি। য’ত পোৱা যায় কেৱল আনন্দ আৰু আনন্দ। বসন্তৰ বুকুত উহ্য থকা এই ব’হাগ বিহুটিৰো আছে আকৌ এক সোণোৱালী ইতিহাস।

মূলতঃ পৰম্পৰাগত কৃষি তথা সৰ্বসাধাৰণৰ মাজৰ পৰাই বিহুৰ উৎপত্তি আৰু ক্ৰমবিকাশ হ’লেও সাম্প্ৰতিক সময়ত অসমীয়াৰ সাহ এই বিহুটিয়ে যেন পৰিৱৰ্তনৰ চাকনৈয়াত, ৰূপান্তৰৰ আলিদোমোজাত এক নৱৰূপ ধাৰণ কৰিছে। যি ৰূপত ইতিবাচকতাৰ বিপৰীতে দিনকদিনে বাঢ়ি গৈছে নানান দুষ্কাৰ্য, যাৰ ফলত ব’হাগৰ বাঢ়িছে বহু বদনাম।

প্ৰকৃতপক্ষে ইতিহাসৰ বুকুত বিহু সৃষ্টিৰ পটভূমিক নিৰীক্ষণ কৰিলে আমি পাওঁ যে বিহু আছিল এক কৃষিজীৱী, শ্ৰমজীৱী সাধাৰণ মানুহৰ উৎসৱ। যি বিহুত পোৱা গৈছিল মানুহ আৰু প্ৰকৃতি জীৱন, যৌৱনৰ কেঁচা গোন্ধ। যি গোন্ধৰ সুবাসত আমোলমোলাই উঠিছিল ধৰিত্ৰী। কিন্তু আজিও আছেনে বাৰু সেই বিহু, সেই বিহুৰ বৈশিষ্ট্যসমূহ!

বিহু কেৱল অসমীয়া ভাষী লোক সকলৰেই একচেতিয়া উৎসৱ নহয়।

বিহু অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভূমিপুত্ৰস্বৰূপ আদিম জনগোষ্ঠী মাত্ৰৰে উমৈহতীয়া এক জাতীয় উৎসৱ। অষ্ট্ৰ’-মংগোলয়ড সংস্কৃতিৰ উৰ্বৰা বিশ্বাসৰ আধাৰত প্ৰতিষ্ঠাপিত, আৰ্য-দ্ৰাবিড় সংস্কৃতিৰ উপাদানেৰে সংপৃক্ত তিনিওটা বিহুৰে চিত্ৰময় লোকাচাৰে ইয়াৰ সমন্বিত ৰূপৰ কথাকে সূচায়।

ৰূপান্তৰৰ আলিদোমোজাত বিহু

ভাৰতবৰ্ষৰ অন্য প্ৰান্তত প্ৰচলিত বৈশাখী, বিষ্ণু, পোঙ্গল আদিৰ দৰে প্ৰাচীন আৰ্যভাষী হিন্দুসকলৰ পৌষ-মকৰ সংক্ৰান্তি, চৈত সংক্ৰান্তি-বিষুৱন, গোৱামময়, ইন্দ্ৰধ্বজ, অতিৰাজ ইত্যাদি পৰ্বৰ সৈতে সাদৃশ্য থকা চাকমাসকলৰ বিঝু, তাই আহোমৰ পয়হু-পয়চাংখেন, চাহ জনগোষ্ঠীৰ টুছু, কৰম পূজা,…

.…. কাৰ্বিসকলৰ ৱল’কেতৰ-চ’জুন, ৰিয়াঙসকলৰ বিসূচনী, কুকিসকলৰ আৰেম, নিচিসকলৰ চলুং, গালঙসকলৰ মপিন, ৰেংমাসকলৰ ছিচু, গাৰোসকলৰ ৱানগালা-ৰংছুগালা, ৰাভাসকলৰ বায়খো-খোকচি,….

.... তিৱাসকলৰ ছগ্ৰা-মিচাৱা-লাংখুন ইত্যাদি উৎসৱ-পৰ্বসমূহে ভাৰতীয় মহা-সংস্কৃতিৰ (আৰ্য-দ্ৰাবিড়-অষ্ট্ৰিক-মংগোলীয়) সমন্বিত ৰূপ ধাৰণ কৰাত বিশেষ অৱদান আগবঢ়াই আহিছে।

বিশেষকৈ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ লোকসংস্কৃতিৰ উমৈহতীয়া সমল হিচাপে একমাত্ৰ বিহু উৎসৱে এতিয়াও ইয়াৰ বহু প্ৰাচীন বৈশিষ্ট্য অক্ষুণ্ণ ৰাখি যুগৰ সৈতে খাপ খাই জনজীৱনৰ সৈতে সংপৃক্ত আৰু প্ৰবাহিত হৈ আছে।

বিহঙ্গম দৃষ্টিৰে চাবলৈ গ’লে বিহু আৰু ইয়াৰ লগত জড়িত নানাধৰণৰ ধৰ্মীয় আচাৰ-ৰীতি, লোকবিশ্বাস, লোকাচাৰ, লোকব্যঞ্জন, লোক-অভৰণ, লোকবাদ্য তথা ভৌতিক সংস্কৃতি, লোকনৃত্য-গীত তথা পৰিৱেশ্য কলা; বিশেষকৈ বিহুগীত, বনঘোষা, হুঁচৰি ইত্যাদিসমূহ ক’তো, কেনিও গাইগুটীয়া একক চৰিত্ৰত অক্ষুণ্ণ হৈ থকা নাই।

প্ৰকৃতিৰ চিৰসেউজ সৌন্দৰ্য আৰু মেটমৰা সম্ভাৰেৰে পূৰ্ণ, ঐতিহ্য আৰু মৌলিক পৰম্পৰাৰে সমৃদ্ধ লোকসংস্কৃতিৰ অনুপম ভূমি হৈছে অসম; য’ত ঋতুৰাজ বসন্তৰ আগমনত ধৰিত্ৰী হৈ পৰে চিৰযৌৱনা।

ঠিক তেনে সময়তে স্বতঃস্ফূৰ্তভাৱে বৰ আঁহতৰ তল, নৈৰ চাপৰি, বাৰীৰ চুক আৰু পথাৰৰ মাজত দৰ্শকবিহীন ঠাইত মনৰ পৰিধি ভাঙি হেঁপাহ পলুৱাই অসমীয়া ডেকা-গাভৰুৱে মুক্তমনে, আনন্দ মনেৰে বিহুনাম গাইছিল, নাচিছিল; স্পন্দিত হৈ পৰিছিল তেওঁলোকৰ দেহ, মন, প্ৰাণ।

ৰূপান্তৰৰ আলিদোমোজাত বিহু

বিহুনামৰ বুকুভৰা মনপৰশা সুৰ আৰু শব্দই সকলোৰে অন্তৰ চুইছিল। ডেকা-গাভৰুৰ নাচৰ গিৰিপনি আৰু গোৰোহনিত ধৰিত্ৰী কঁপি উঠিছিল। গাঁওবোৰত, গৃহস্থৰ চোতালত বিহু সংস্কৃতিৰ অনুপম নিদৰ্শন হুঁচৰিয়ে চৌদিশ ৰজনজনাই তুলিছিল।

হুঁচৰি পৰিৱেশনৰ লগতে গোহালিৰ গৰু, বাৰীৰ তামোল-পান, পুখুৰীৰ মাছ, গৃহস্থৰ কুশল-মংগল কামনা কৰি দিয়া আৰ্শীবাদ অতি তাৎপৰ্যপূৰ্ণ আছিল। যিসমূহে অসমীয়া জনজীৱনত প্ৰচলিত লোকাচাৰ, লোকবিশ্বাস, লোকপৰম্পৰা, লোকৰীতিসমূক চহকী কৰি গঢ়িছিল।

কিন্তু সময়ৰ দ্ৰুত পৰিৱৰ্তনত কোনেও আশা নকৰাকৈয়ে বিহুৱে আজি দৰ্শক, বিচাৰকৰ সন্মুখত আধুনিক প্ৰতিযোগিতাৰ মঞ্চত প্ৰৱেশ কৰিলে। ফলত আলোকসজ্জিত মঞ্চত সাম্প্ৰতিক কালত বিহুৰ অৰ্থবহ ৰূপ, লোক-পৰম্পৰাৰ মৌলিকতাখিনিত এক ডাঠ আঁচোৰ পৰা যেন আমাৰ অনুভৱ হৈছে।

বৈচিত্ৰ্যতাৰে পৰিপূৰ্ণ লোকনৃত্যৰ সম্পদখিনিক কাহানিও বিভাজিত কৰিব আৰু প্ৰলেপ সানিব নোৱাৰি। পৰা হ’লে ঐতিহ্য আৰু যুগজয়ী সভ্যতাৰ বুনিয়াদ ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰক ভিন্ন ৰঙেৰে আধুনিক ৰূপত সজাই তুলিব পৰা হ’ল হয়। প্ৰণিধানযোগ্য যে, এটা জাতিৰ লোকনৃত্য আৰু লোক সম্পদসমূহ সেই জাতিৰ লোককৃষ্টিৰ সম্ভ্ৰান্ত প্ৰতীক।

এই লোককৃষ্টিৰ মাজেদিয়েই এটা সুসভ্য জাতিৰ স্বকীয় চিন্তা-চেতনাসমূহ প্ৰতিফলিত ঘটে। বৰ্ণাঢ্য উপদানেৰে পৰিপূৰ্ণ জাতীয় জীৱনৰ সাহ বিহু।

ইতিমধ্যে কেঁচা মাটিৰ গোন্ধ সম্বলিত বিহুৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰতাই বৰলুইতৰ সীমা অতিক্ৰম কৰি আন্তৰ্জাতিক পৰ্যায়লৈ গতি কৰিছে। সেয়া সঁচাই অতি আমাৰ বাবে গৌৰৱৰ কথা। কিন্তু সমান্তৰালকৈ বিহু উৎসৱক উদযাপনৰ বিশেষত্বলৈ অহা কেতবোৰ অশনি সংকেতে আমাক বহু কথাই আজি চিন্তিত কৰি তুলিছে।

ৰূপান্তৰৰ আলিদোমোজাত বিহু

অভিজাত ৰঙীন আধুনিক মঞ্চসমূহত ডাঙৰ-ডাঙৰ বিজ্ঞাপনৰ বেনাৰ, হৰ্ডিং আঁৰি বিহু উদযাপন কৰিলেই জাতীয় সংস্কৃতিক স্বৰূপাৰ্থত প্ৰতিনিধিত্ব কৰা নুবুজায়। তাৰ পৰিৱৰ্তে এখন গাঁৱৰ সামগ্ৰিক সঁচা ছবিৰ আৰ্হি অংকন কৰিলে বিহুতলীসমূহ অধিক আকৰ্ষণীয় হ’ব।

কিয়নো ইতিমধ্যে বিহুৰ লগত অতি নিবিড় আৰু কৃষিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত নাঙল-যুৱলী, জাপি, মৈ, টকা, বিৰিয়া, বাওকা, হোলোকা, জাকৈ-খালৈ, তাঁতশাল, ঢেঁকী আদিক আজিৰ প্ৰজন্মই ক্ৰমাৎ নিচিনা হৈ আহিছে।

আকৌ ধৰিত্ৰী আইৰ অবিহনে, বহল পথাৰক বাদ দি, গছ, তৰু-তৃণ বাদ দি বিহু কেতিয়াও সম্পূৰ্ণ হ’ব নোৱাৰে। যিহেতু মাটি আৰু কৃষকৰ অনুভূতিৰ সম্পৰ্কযুক্ত সমন্ধক কস্মিন কালেও অস্বীকাৰ কৰিব নোৱাৰে।

কেঁচা, বোকামাটিৰ গোন্ধ, মাটি আৰু পানীৰ স্পৰ্শ, প্ৰকৃতিৰ মনোৰম বৈশিষ্ট্য অবিহনে ব’হাগৰ মাদকতা কেতিয়াও উপভোগ কৰিব নোৱাৰি। ধৰিত্ৰী আৰু নাঙলৰ সঁচা আৰু অকৃত্ৰিম প্ৰেমতেই আছে বিহুৰ অন্তৰ্নিহিত অৰ্থবহ ৰূপ। যাক এৰি গ’লে বিহুৱে কাহানিও পূৰ্ণতা নাপায়।

সময়ৰ নিষ্ঠুৰ হাতোৰাৰ আঘাতত বিহু আজি বজাৰত কিনিবলৈ পোৱা এবিধ পণ্য সামগ্ৰীলৈ ৰূপান্তৰ হৈছে। বিহুক কিনা-বেচা, দৰ-দাম কৰাৰ লোকৰ সংখ্যা ক্ৰমাৎ বাঢ়ি যাব ধৰিছে। যাৰ পৰিপ্ৰেক্ষিতত স্বতঃস্ফূৰ্তভাৱে বিহুৰ পৰা আঁতৰি গৈছে কৃষিজীৱী, শ্ৰমজীৱীৰ উৎসাহ-আনন্দ।

আঁতৰি গৈছে বিহুত জড়িত থকা নানা লোক পৰম্পৰা। আজি সেই তাহানিৰ আঁহতৰ তল, নৈ চাপৰি, বাৰীৰ চুক, মুকলি পথাৰৰ বিহুৱে দখল কৰিছে বহু লাখটকীয়া, কোটিটকীয়া বিহুমঞ্চ আৰু চোতাল। অপ্ৰিয় হ’লেও এয়াই সত্য যে, আজি গাঁৱসমূহতো আচল বিহুৰ মাদকতা দেখিবলৈ পোৱা নাযায়, চহৰৰ কথা বাদেই দিলোঁ। বিহু, হুঁচৰি মৰা দলসমূহেও আজি মানুহৰ ঘৰ চাই-চাইহে বিহু-হুঁচৰি মাৰে।

ৰূপান্তৰৰ আলিদোমোজাত বিহু

য’ত নাই সৰ্বসাধাৰণ লোকৰ বিহুত অংশগ্ৰহণৰ সুবিধা। আজি বিহু গাবৰ বাবে প্ৰয়োজন এযোৰ অতি নামী আৰু দামী পোছাকৰ; যাৰ পৰা বঞ্চিত বহু বিহুৱা-নাচনী। বিহু সৃষ্টিৰ উপাদানবোৰক উপেক্ষা কৰি বিহুক আজি পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰাটো বৰ দুৰ্ভাগ্যজনক।

বিহু কাৰো ব্যক্তিগতভাৱে আৰ্জিত তথা পৈত্ৰিক সম্পত্তি নহয়, ই এক পৰম্পৰা, ইয়াৰ প্ৰকৃত গৰাকী বুলি নিজকে প্ৰতিজন অসমীয়াই দাবী কৰিব পাৰে।

তেনেস্থলত যেতিয়াই তেতিয়াই বিহু মঞ্চ পাতি বিহু কৰাটো, বিহুক লৈ চলি অহা অজস্ৰ পৰম্পৰাক দোহাই দি বিহুত নানান ভণ্ডামী, অসৎ তথা বেপেৰুৱা কাৰ্য কৰি বিহুৰ ঐতিহ্য আৰু পৰম্পৰাত কলংক সানিবলৈ প্ৰয়াস কৰাৰ কাৰো অধিকাৰ নাই।

মানুহৰ আচাৰ-বিচাৰ, পৰম্পৰা আদিবোৰ সলনি হ’লেও সলনি হোৱা নাই প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য, বিস্ময় আৰু কর্মৰ। বসন্তৰ মধুৰ পৰশত আজিও গছ-বিৰিখত ন-কুঁহিপাত মেলে, কপৌ-ভাটৌৰ ফুল আৰু কুলি- কেতেকীয়েও বসন্ত অহাৰ বাতৰি দি লংঘন কৰা নাই ব’হাগৰ ঐতিহ্য।

অথচ আজি আমি জীৱশ্ৰেষ্ঠ তথা বিবেকৱান হৈয়ো পৰিৱৰ্তনক দোহাই দি ব’হাগৰ সৌন্দৰ্য আৰু মাধুৰ্যক চূড়ান্তভাৱে নষ্ট আৰু ধ্বংস কৰিছোঁ।

Bihu1

এটা কথা আমি সদায় মনত ৰখোৱাটো উচিত হ’ব যে, সংস্কৃতিৰ সুশৃংখলিত সংস্কাৰ হোৱাটো আমাৰ কাম্য। কিন্তু এই সংস্কাৰ কৰিবলৈ যাওঁতে লোকসংস্কৃতিৰ সংস্কাৰকামী উপাদানবোৰত তীব্র আঁচোৰ পৰাটো আমাৰ কাম্য নহয়।

বিহুৰ ঐতিহ্য, পৰম্পৰা আৰু সৃষ্টিৰ উপাদানবোৰক বাদ দি সংস্কাৰ তথা ৰূপান্তৰ আনিব বিচৰাটো একেবাৰে অনুচিত। হাজাৰ

বছৰীয়া এই উপাদান তথা লোকসংস্কৃতিৰ স্বকীয় বৈশিষ্ট্যবোৰক দলিয়াই দি বিহু সংস্কৃতিৰ পৰিৱৰ্তন তথা সংস্কাৰ আনিবলৈ গ’লে অচিৰেই এই সংস্কৃতি এৰা তথা মৰা সুঁতিত পৰিণত হ’ব।

(লেখক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ গৱেষক লগতে হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ সহকাৰী অধ্যাপক। ফোন: ৯৯৫৪-০০২০০)

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

 

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

শেষ হাঁহি !
ASSAMESE SECTION

শেষ হাঁহি !

by Anjan Sarma
September 27, 2026
0

শেষ হাঁহি ! অঞ্জন শৰ্মা মায়াবী মায়াৰে মায়াময় ভূমন্ডল প্ৰিয়-পৰিজন, আত্মীয়-স্বজন, পাৰ্থিৱ সম্পদ, অযুত স্মৃতি, আশাৰ ৰংঘৰ সকলোৰে পৰা মুক্ত...

Read moreDetails
Zubeen Garg’s Death: An End to an Era

Zubeen Garg’s Death: An End to an Era

September 19, 2026
Zubeen Garg’s Death: An End to an Era

Zubeen Garg: “Sing ‘Mayabini’ for me when I am gone”

September 18, 2026
Soliloquy of a Song: The birth of Buku hom hom kore…

ভূপেন হাজৰিকা: মই বিধানসভাৰ সদস্য কিয় হৈছিলো ?

September 6, 2026
Understanding Visual Culture: Its Evolution and Social Influence

Understanding Visual Culture: Its Evolution and Social Influence

July 19, 2026
photography of book page

Mind-Blowing Literary Fusion: Reading Jiban Narah’s Soulful Assamese Poems While Devouring Haruki Murakami’s Memoir 

April 19, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
Mamata Banerjee’s Denial Backfires: The Decisive Verdict from West Bengal Voters

Mamata Banerjee’s Denial Backfires: The Decisive Verdict from West Bengal Voters

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
নাগা ভদ্ৰলোক, খাউণ্ড, মহৰ্ষি ভৃগু, তিৰুপতিৰ বালাজী আৰু ঋণগ্ৰস্ত অসম!

নাগা ভদ্ৰলোক, খাউণ্ড, মহৰ্ষি ভৃগু, তিৰুপতিৰ বালাজী আৰু ঋণগ্ৰস্ত অসম!

October 10, 2026
Can Homer’s The Odyssey Still Captivate Modern Audiences? Christopher Nolan Thinks So

Can Homer’s The Odyssey Still Captivate Modern Audiences? Christopher Nolan Thinks So

October 10, 2026
Fiji Pre-COP Launchpad for COP31

Fiji Pre-COP Launchpad for COP31

October 10, 2026
How Much Wealth Does One Need?

How Much Wealth Does One Need?

October 10, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    41736 shares
    Share 16694 Tweet 10434
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4934 shares
    Share 1974 Tweet 1234
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    19809 shares
    Share 7924 Tweet 4952
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4205 shares
    Share 1682 Tweet 1051
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4303 shares
    Share 1721 Tweet 1076
  • From Montreal to Guwahati: Assam’s New Cooling Imperative

    91 shares
    Share 36 Tweet 23
  • NGT’s international conference: Climate Justice Must Move from the Courtroom to the Catchment

    74 shares
    Share 30 Tweet 19
  • দুৰ্গা পূজা পালনৰ ইতিবৃত্ত

    711 shares
    Share 284 Tweet 178
  • Zubeen Garg : Radical Romanticism of an Irreverent Icon

    1226 shares
    Share 490 Tweet 307
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    438 shares
    Share 175 Tweet 110
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
    • October 2026 – Vol-IV
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d