• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, June 7, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ 

ASSAMESE SECTION / Bihu / Culture

by Raktim Ranjan Saikia
April 14, 2026
in ASSAMESE SECTION, Cultural, Culture, History
Reading Time: 4 mins read
0
বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ 
Share on FacebookShare on TwitterShare on LinkedIn

বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ 

ডঃ ৰক্তিম ৰঞ্জন শইকীয়া

Dr Raktim Ranjan Saikia
ৰক্তিম ৰঞ্জন শইকীয়া

সমগ্ৰ পৃথিৱীজুৰি সকলো কৃষিজীৱি জনগোষ্ঠীয়েই বিভিন্ন ৰূপত বিভিন্ন নামত, বিভিন্ন ধৰণেৰে বসন্ত উৎসৱ পালন কৰিছিল ৷ সভ্যতাৰ আদিকালত এনে উদযাপন সমূহৰ বিশেষ দিন বাৰ নাছিল৷ কিন্তু ক্ৰমাৎ বিকাশ লাভ কৰা বিভিন্ন সমাজত বর্ষপঞ্জীৰ ধাৰণা অহাৰ পাচত এই বসন্ত উৎসৱ বোৰ নির্দিষ্ট তাৰিখত পালন কৰিবলৈ লোৱা হ’ল ৷

নিজাকৈ কোনো বর্ষপঞ্জী উদ্ভাৱন কৰিব নোৱাৰা জনগোষ্ঠী সমুহে আজিও বিশেষ তাৰিখ অবিহনেই বসন্ত উৎসৱ পালন কৰে৷ ব্ৰহ্মপুত্ৰ উপত্যকাত জাতিগঠনৰ প্ৰক্ৰিয়াৰ লগত বসন্ত উৎসৱৰ এক গভীৰ সম্পর্ক বিৰাজ কৰিছে ৷ এই সম্পর্কটো বুজিবলৈ আমি চেষ্টা কৰিব লাগিব৷
বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ

জাতি নামৰ ধাৰণাটোৱেই উদ্যোগ বিপ্লৱৰ পাচত অহা এক আধুনিক ধাৰণা৷ এই ধাৰণাটোৰ প্ৰয়োগ পৃথিৱীৰ বিভিন্ন অঞ্চলত কৰা হ’ল যদিও সকলোতে জাতিগঠন সম্ভৱ নহ’ল৷ কাৰণ জাতিগঠন এটা আধুনিক ধাৰণা যদিও ই্য়াৰ সফল ৰূপায়নৰ বাবে একো একোখন ঠাই মধ্যযুগীয় কিছুমান কিছু বিশেষ সামন্ততান্ত্ৰিক বৈশিষ্ট্য আৰু ৰাজনৈতিক প্ৰেক্ষাপটৰ মাজেৰে যোৱাৰ প্ৰয়োজন৷

কিন্তু মধ্যযুগত ব্ৰহ্মপুত্ৰ উপত্যকাত (যাক আমি আজি অসম বুলি অভিহিত কৰো) প্ৰাকৃতিক আৰু ৰাজনৈতিক কাৰণত জাতিগঠনৰ বাবে প্ৰয়োজনীয় ৰাজনৈতিক প্ৰেক্ষাপটৰ সৃষ্টি নহ’ল৷ জাতিগঠনৰ এক গুৰুত্বপূর্ণ চর্ত হ’ল একে শাসনৰ অধীনৰ এক সুৰক্ষিত সীমাৰেখা৷

কিন্তু মধ্যযুগত বর্তমানৰ অসম খনৰ সীমাক পৰিবেষ্টিত কৰা অঞ্চলটো সামৰি এখন বৃহৎ ৰাজ্য কোনো  দিনে নাছিল৷ সেই সময়ত অঞ্চলটোত আছিল আহোম, কোচ আৰু কছাৰী ৰাজ্যৰ দৰে কিছুমান সৰু ৰাজ্যহে৷ ঔপনিৱেশিক যুগ আৰু উত্তৰ ঔপনিৱেশিক যুগত জাতি গঠনৰ কুচকাৱাজ আগবঢ়াৰ সময়ত বিহুৱে বিশেষ ভূমিকা লোৱা আমি দেখিবলৈ পাওঁ৷

মধ্যযুগৰ শ্বান (পৰৱর্তী কালত সংমিশ্ৰিত হৈ আহোম নাম লোৱা) সকলৰ আগমণৰ পূৰ্বে অঞ্চলটোত বসন্ত উৎসৱৰ ৰেহৰূপ কেনে আছিল তাক কোৱা অতি কঠিন৷ প্ৰাচীন তাম্ৰলিপি আৰু বুৰঞ্জীৰ ওপৰত ভিত্তি কৰি আমি তাৰ এটা অনুমানহে কৰিব পাৰো৷

শ্বান সকলৰ অসম আগমণৰ পূর্বে অসমত ৰাজ্যগঠনৰ পর্যায় পোৱা জনগোষ্ঠী কেইটাৰ অন্যতম চুতীয়া সকলৰ মাজত আজি উদযাপন কৰাৰ দৰেই ব্যাপক ভাৱে নাচিবাগি বিহু উদযাপন কৰাৰ এটা পৰম্পৰা আছিল বুলি দেওধাই বুৰঞ্জীৰ “চুটিয়াৰ কথা” অধ্যায়টিৰ এটি বাক্যৰ পৰা অনুমান কৰিব পাৰো৷

  “চুটিয়াৰ কথা”ত উল্লেখ কৰা মতে “ফ্ৰাচুংমুং বৰগোহাঁয়ে মন্ত্ৰণা কৰি ঘিলাগছত বগোৱাই পর্বতৰ ওপৰত ঢুলীয়াক ঢোল বজাবলৈ দিলেগৈ৷ স্বর্গীৰজাৰ আজ্ঞাৰে পর্বতত উঠি ঢোল বজালেগৈ”—দেওধাই অসম বুৰঞ্জী, পৃষ্ঠা ২০০৷ ডঃ স্বর্ণলতা বৰুৱাই চুতীয়া জনশ্ৰুতিৰ উদ্ধৃতি উল্লেখ কৰিছে যে যুদ্ধৰ সময়চোৱা আছিল বিহুৰ সময়৷

ঢোলৰ মাত শুনি চুতীয়া সৈন্যই বিহু বুলি আনন্দত মতলীয়া হোৱাৰ সুযোগতে আহোম সৈন্যৰ চুতীয়া সকলক আক্ৰমণ কৰি পৰাস্ত কৰিলে—চুতীয়া ৰাজ্যৰ গঠন আৰু বিকাশ, চুতীয়া জাতিৰ বুৰঞ্জী, পৃষ্ঠা ১৩৬৷

বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ

খ্ৰীষ্টীয় পঞ্চদশ শতিকাৰ প্ৰথম ভাগৰ চুতীয়া ৰজা লক্ষীনাৰায়ণ ওৰফে মুক্তাধৰ্মনাৰায়ণৰ ঘিলামৰা তাম্ৰফলকৰ এটা গুৰুত্বপূর্ণ শ্লোকে চুতীয়া ৰজা সকলৰ বিভিন্ন জনগোষ্ঠীৰ বসন্ত উৎসৱ সমূহক একীকৰণ কৰাৰ প্ৰচেষ্টা এটাৰ বিষয়ে ইংগিত দিয়ে৷ ঘিলামৰা তাম্ৰফলকত উল্লেখ আছে– 

“উৎসৃজ্য বিষুৱে পুণ্যে ৰৱিদেৱ-দ্বিজন্মনে বখনা গ্ৰাম সহিতং শত-দ্বয় পুটি মিতং”—

ইয়াৰ অর্থ বিহু (বিষুৱ) উৎসৱ উপলক্ষে লক্ষীনাৰায়ন ৰজাই ১৪০১ খ্ৰীষ্টাব্দত ৰৱিদেৱ ব্ৰাহ্মনক বখনাগাঁও খন দান কৰিছিল৷ চুতীয়া সকলে বিহু উৎসৱ দুৰ অতীতৰে পৰা পালন কৰি অহাৰ তথ্যটো সন্দেহাতীত৷ লক্ষীনাৰায়ণৰ ঘিলামৰা তাম্ৰফলকত উল্লেখিত “বিষুৱ” শব্দটো বিহুৰে সংস্কৃত ৰূপ বুলি সকলোৱে গণ্য কৰি আহিলেও ইয়াৰ অন্য এটা দিশো মন কৰিব লগীয়া আছে৷

বিহুৰ বর্তমান ৰূপটো কৃষিজীৱি সমাজৰ একচেটীয়া সম্পত্তি৷ কিন্তু অসম ভূখণ্ডত অতীতৰে সংখ্যালঘূ হ’লেও নাঙলত নধৰা দুটি জনগোষ্ঠীও আছিল৷ সেই দুটা জনগোষ্ঠী হ’ল উপবীতধাৰী ব্ৰাহ্মণ আৰু উত্তৰীয়ধাৰী কায়স্থ ভূঞা৷ বৈদিক যাগযজ্ঞ আৰু হিন্দু বর্ষপঞ্জীৰ লগত জড়িত এই দুটা জনগোষ্ঠীৰ মাজত উৎসৱ ৰূপে নহ’লেও চ’তৰ বিহুৰ দিনা “বিষুৱ সংক্ৰান্তি” নামৰ দিনটো পালনৰ পৰম্পৰা আছিল৷

Bihu 3 1

চুতীয়া ৰজা সকলে হিন্দু বর্ষপঞ্জী অনুসৰণ কৰাৰ সূত্ৰে চুতীয়া সকলৰ পৰম্পৰাগত বিহুক হিন্দু বর্ষপঞ্জীৰ “বিষুৱ সংক্ৰান্তি”ৰ লগত সংমিশ্ৰণ কৰি দুটা সংস্কৃতিৰ মিলনৰ পথ প্ৰশস্ত কৰাৰ প্ৰৱল সম্ভাৱনা আছে৷ কাৰণ হিন্দু বর্ষপঞ্জী অনুযায়ী বিহু উদযাপনৰ এইটো সকলোতকৈ পুৰণি উদাহৰণ৷ উল্লেখযোগ্য যে খ্ৰীষ্টীয় ১৬ শতিকাৰ পৰাই চুতীয়া ৰজাই প্ৰতিষ্ঠা কৰা ঢকুৱাখনাৰ হার্হি দেৱালয়ৰ বাকৰিত ওচৰৰ বিভিন্ন জনগোষ্ঠীৰ দল আহি বিহু নাচ প্ৰদৰ্শন কৰিছিল।

এই ঘটনা চুতীয়া ৰজা সকলৰ বিভিন্ন জনগোষ্ঠীৰ বসন্ত উৎসৱক এক কৰাৰ প্ৰচেষ্টাটোৰ দুৰণিবটীয়া ৰেঙণি হ’ব পাৰে৷ কাৰণ চুতীয়া সকলৰ সময়তে বিহু সংস্কৃতিৰ পূর্ণ বিকাশ ঘটি গজগজীয়া হৈছিল৷

শ্বান জনগোষ্ঠীৰো স্বভাৱিকতে নিজৰ বসন্ত উৎসৱ থাকিলেও ব্ৰহ্মপুত্ৰ উপত্যকাত পূর্বৰে পৰা প্ৰচলিত বিহুৰ পৰম্পৰাটো তেওঁলোকে ব্ৰহ্মপুত্ৰ উপত্যকাত সংমিশ্ৰণ হৈ ‘আহোম’ হোৱাৰ পাচত চুতীয়া সকলৰ গ্ৰহণ কৰাৰ সম্ভাৱনা প্ৰৱল৷ কাৰণ আহোম বুৰঞ্জী সমূহত চুতীয়া ৰাজ্যৰ পতনৰ পাচত চুহুংমুং দিহিঙিয়া ৰজাৰ সময়ৰ পৰাহে বিহুৰ উল্লেখ পোৱা যায়—“আতপাচে বৈশাগৰ বিহুত তিনিজনা ডাঙ্গৰীয়া সহিত ৰাজাদেৱে কুকুৰা যুঁজাইছে…”-সাতসৰী অসম বুৰঞ্জী, পৃষ্ঠা ৫৫৷

Bihu

কিন্তু বিহুত ঘৰে ঘৰে গৈ হুঁচৰি কোৱাৰ পৰম্পৰাটো পুৰণা শ্বান পৰম্পৰা (ডঃ প্ৰদীপ নেওগ, হুঁচৰিৰ উৎপত্তি, ঐতিহ্য আৰু বিশিষ্ট উপাদান)৷ আহোম সকলে এই পৰম্পৰা আনি বিহুৰ লগত সংযুক্ত কৰিছিল৷ নৱবৈষ্ণৱ ধর্মৰ প্ৰভাৱত সোনকালে হুঁচৰিত বৈষ্ণৱ পৰম্পৰাৰ প্ৰভাৱো পৰিল৷ এইদৰে বিহুত প্ৰায় সকলো জনগোষ্ঠীয় পৰম্পৰাৰ মিলন ঘটিছে৷ 

প্ৰাকঔপনিৱেশিক কালত ব্ৰহ্মপুত্ৰ উপত্যকাৰ আহোম ৰাজ্যত বিহুৱে ধীৰে ধীৰে এক সমন্বয়ৰ সংস্কৃতিৰ ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰিছিল যদিও ঔপনিৱেশিক কালত এই গতি বাধাপ্ৰাপ্ত হয়৷ এই সময়চোৱাত বর্ণহিন্দু সকলে বিহুৰ পৰা নিজক আঁতৰাবলৈ যত্ন কৰিবলৈ আৰম্ভ কৰিলে৷ ইয়াৰ গভীৰ সামাজিক কাৰণ আছে যদিও আজিলৈকে ইয়াৰ বিশ্লেষণ হোৱা পৰিলক্ষিত হোৱা নাই৷

বিহু মূলতঃ কৃষিজীৱি ৰাইজৰ অনুষ্ঠান৷ কিন্তু আমি আগতে উল্লেখ কৰাৰ দৰে ব্ৰহ্মপুত্ৰ উপত্যকাত দুটা জনগোষ্ঠীয়ে নাঙলত ধৰি কৃষি কর্ম কৰা নাছিল৷ এই দুটা জনগোষ্ঠীৰ ভিতৰত ব্ৰাহ্মণ সকলে আহোম ৰাজ্যত নিজৰ পৰম্পৰা ৰক্ষা কৰি টিকি থাকিবলৈ সক্ষম হ’লেও উত্তৰীয়ধাৰী কায়স্থ ভূঞা সকলৰ ক্ষেত্ৰত কথাটো বেলেগ আছিল৷

Bihu3

আহোম ৰজাৰ হাতত পৰাস্ত হোৱাৰ পাচত ভূঞা সকলক ডা-ডাঙৰীয়া সকলৰ “বিলাত” নামেৰে পৰিচিত দুৰণিবতীয়া ভিতৰুৱা খাট বোৰলৈ পাইক বনুৱা হিচাপে পঠিয়াই দিয়া হৈছিল—“বারভূঁয়াই পুনৰ মঠ ধৰাত ১৫৫৬ সঁকত ভাঙ্গি বিলাতত পাতিলে”—আসাম বুৰন্জি পুথি, ইন্দ্ৰবংশি আসাম মহাৰজা সকলৰ বিবৰন, পৃষ্ঠা ৩২, আৰু “…এই শকত উত্তৰকোল ভাঙ্গি বাৰভূঞা দক্ষিণকোলে পাতিলে৷ তাতপাচে বৰগোঁহাই, বুঢ়াগোঁহাই, বৰপাত্ৰ গোঁহাইৰ বিলাইত পাতি বাটি দিলে”—সুকুমাৰ মহন্তৰ ঘৰত পোৱা অসম বুৰঞ্জী, পৃষ্ঠা ৬৮৷

পাইক হৈ কান্ধত ভাৰ আৰু হাতত নাঙল ল’বলগীয়া এই সকল কায়স্থ ভূঞাক নামনিৰ কোচ ৰাজ্যৰ ভূঞাই নিম্নস্তৰৰ বুলি গণ্য কৰা হ’ল—“”তোমাৰ দেশত কাথ বুলি কই হল ভাৰ বই, বেটিখানি বিবাহৰ কাল হ’লঃ বেটাকো কৰাব লাগিল সজ জ্ঞাতি নাই মিত্ৰ কৰিবলৈ”—গুৰু চৰিত কথা, পৃষ্ঠা ৩৬৷

পূর্বে নাঙলৰ পৰা দুৰত থকা এই সকলে সেয়ে বিহুৰ দৰে নাঙলৰ লগত জড়িত সংস্কৃতিৰ প্ৰতি বিদ্বেষ ভাৱ পোষণ কৰিছিল৷ ঔপনিৱেশিক কালত এই সকলে পুণৰ উত্তৰীয় ধাৰণ কৰি বিহুৰ প্ৰতি একেবাৰে উৎকট ঘৃণাৰ মনোভাৱ প্ৰদশর্ন কৰিবলৈ লয়—

“আনন্দ কৰোক   পাহৰোক শোক

বিশুদ্ধ ভাবেৰে মজোক চিত

কিন্তু কোনে হৰি লাজ পৰিহৰি

            চলালে বিহুত নিলাজ গীত”—ৰত্নেশ্বৰ মহন্ত ৰচনাৱলী।

Bihu 1

কায়স্থৰ লগতে ব্ৰাহ্মণৰ মাজতো ঔপনিৱেশিক কালত বিহুৰ প্ৰতি বিদ্বেষ পৰিলক্ষিত হয়৷ এনে পৰিস্থিতিত ১৮৭৪ চনত বংগদেশৰ পৰা অসমক পৃথক কৰি লগত পূর্বৰ কোচৰাজ্যৰ গোৱালপাৰা, কাছাৰ, আৰু পাহাৰীয়া অঞ্চলকেইটি সামৰি ‘অসম’ নামাকৰণ কৰাৰ পাচতহে জাতি গঠনৰ প্ৰক্ৰিয়াটোৱে প্ৰকৃতার্থত গতি লাভ কৰে৷

বেজবৰুৱাৰ দৰে কিছু লোকে এই প্ৰক্ৰিয়াত বিহুকে ধৰি বিভিন্ন জনগোষ্ঠীৰ বসন্ত উৎসৱ বোৰে জাতিগঠনৰ কামটোত বৰঙণি যোগোৱাৰ সম্ভাৱনা দেখা পাই বিহুৰ সপক্ষে ব্যাপক প্ৰচাৰ চলাইছিল৷ এইখিনিলৈকে ঘটা সকলো ঘটনা অসমৰ সামাজিক ইতিহাসত লিপিবদ্ধ হৈছে৷

কিন্তু ইয়াৰ পাচতে শেষ ঔপনিৱেশিক যুগ আৰু স্বাধীনোত্তৰ অসমত বিহুক লৈ অসমৰ সামাজিক ইতিহাসত এনে কিছুমান ঘটনা ঘটিছিল সেই বোৰ এতিয়ালৈকে লিপিবদ্ধ হোৱা নাই অথচ জাতিগঠনৰ ক্ষেত্ৰত এনে ঘটনা সমূহৰ অতিশয় গুৰুত্ব আছে৷ এই খিনি ঘটনাৰ তথ্য উৎস আমাৰ পিতৃ ৰাজেন্দ্ৰনাথ শইকীয়া৷ ঔপনিৱেশিক কালৰ আৰম্ভণিতে বহুখিনি কায়স্থ ভূঞাই উত্তৰীয় ধাৰণ কৰি কৃষি কর্মৰ পৰা দুৰত অৱস্থান লৈছিল৷

কিন্তু সময় যোৱাৰ লগে লগে দেশৰ আর্থিক অৱস্থাৰ এনে পৰিবর্তন হ’ল যে উত্তৰীয় ধাৰণ কৰি কৃষি কার্যৰ পৰা আঁতৰি থাকিলে জীয়াই থকাটোৱেই কঠিন হৈ পৰিল৷ সেয়ে এদিন এখন বিৰাট সভা অনুষ্ঠিত হৈছিল৷ সেই সভাখনৰ বিষয়ে আমাৰ পিতৃয়ে শুনিছিল হে৷ আমি হিচাপ কৰি পোৱা মতে যোৱাটো শতিকাৰ ৩০ ৰ দশকতে সেই সভাখন অনুষ্ঠিত হৈছিল৷

সেই সভাতে যোৰহাটৰ অনাসত্ৰীয়া কায়স্থ সকলে একেলগে উত্তৰীয় ত্যাগ কৰি কৃষক সমাজৰ লগত মিলি যোৱাৰ সিদ্ধান্ত লৈছিল৷ সেই সভাৰ সিদ্ধান্ত অসমৰ বাকী ঠাইবোৰত কেনেকৈ পৰিছিল তাৰ বিষয়ে কোনো কথা জনা নগ’ল৷ কিন্তু আমি অসমৰ কোনো ঠাইতে বর্তমান উত্তৰীয়ধাৰী অনাসত্ৰীয়া কায়স্থ দেখা নাই৷

আমাৰ পিতৃয়ে জনোৱামতে যোৰহাটৰ ন-আলি ঢেকিয়াজুলি অঞ্চলৰ খাজাঞ্চি বৰুৱাৰ ঘৰৰ গোলোক বৰুৱা নামৰ ১৯০১ চনতে এন্ট্ৰেন্স পাচ কৰি বার্মা অইল কোম্পানীত চাকৰি কৰা লোকজনে সেই সভাৰ সিদ্ধান্তৰ বিৰোধিতা কৰি কেতিয়াও উত্তৰীয় পৰিত্যাগ নকৰিলে৷

কিন্তু উত্তৰীয় ত্যাগ কৰাৰ বহুকাল পাচতহে ন-আলি ঢেকিয়াজুলি অঞ্চলৰ কায়স্থ সকলে ১৯৪৬ চনত এখন হাইস্কুল প্ৰতিষ্ঠাৰ বাবে হুঁচৰি মাৰিছিল আৰু সেইকালৰ কিংবদন্তী ওজা “ৰং ওজা”ক পাটি ঢাৰিত বহুৱাই সম্বর্ধনা জনাইছিল৷ উল্লেখযোগ্য যে তাৰ আগলৈকে ওজা সকলক নগা ঢাৰিতহে বহিবলৈ দিয়া হৈছিল৷ অর্থাৎ বিহুৱে লাহে লাহে সার্বজনীনতা লাভৰ পথত আগবাঢ়িছিল৷ 

Bihu2

দেখা গৈছে যে অসমীয়া জাতিগঠনৰ প্ৰক্ৰিয়াটো সুদৃঢ়কৰণ হোৱাৰ লগে লগে বিহুৱেও অধিক সার্বজনীনতা লাভ কৰি গৈ আছিল৷ স্বাধীনোত্তৰ কালত ১৯৫১ চনত লতাশিলত ৰাধাগোবিন্দ বৰুৱাৰ উদ্যোগত মঞ্চ বিহুৰ আযোজন হোৱাৰ পাচত বিহুৱে জনগোষ্ঠী, ধর্ম, সীমা সকলোৰে পৰিধি ভাঙি সকলোৰে মাজত সোমাই পৰিবলৈ আৰম্ভ কৰে৷

এই নতুন ৰূপৰ বিহুৱে কৃষিৰ লগত সম্পর্ক হেৰুৱালে যদিও জাতিগঠনৰ ক্ষেত্ৰত ইতিবাচক ভূমিকা গ্ৰহন কৰিবলৈ কৰিছে আৰু জাতীয় উৎসৱৰ অভিধাতো কিছু পৰিমাণে হ’লেও সার্থক হৈছে৷

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Raktim Ranjan Saikia

Raktim Ranjan Saikia

Related Posts

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…
Health

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

by Sanghamitra Kashyap
June 6, 2026
0

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা সংঘমিত্ৰা কাশ্যপ আমাৰ সমাজখন বিজ্ঞান প্ৰযুক্তি আৰু স্বাস্থ্য সম্বন্ধীয় বহু ক্ষেত্ৰত আজি আগবাঢ়ি গৈছে।...

Read moreDetails
বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

June 4, 2026
backview of sad child waiting on a glass window

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 

June 4, 2026
Why Hitler Hated Jews: Origins of the Holocaust

Why Hitler Hated Jews: Origins of the Holocaust

May 28, 2026
Brahmaputra -The never-ending metaphor as Media of the valley

Brahmaputra -The never-ending metaphor as Media of the valley

May 25, 2026
পৰিৱেশ সংৰক্ষণত নাৰী

পৰিৱেশ সংৰক্ষণত নাৰী

May 24, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d