• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, May 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

বিহু কাৰো খেলাৰ সামগ্ৰী নহয় !

ASSAMESE SECTION / Bihu / Culture

by Anjan Sarma
April 13, 2025
in ASSAMESE SECTION, Cultural, Culture, Folk, Nature
Reading Time: 7 mins read
0
বিহু কাৰো খেলাৰ সামগ্ৰী নহয় !
Share on FacebookShare on TwitterShare on LinkedIn

RelatedPosts

চন্দ্ৰকান্ত সিংহ আৰু শিখ – হিন্দুস্তানী সৈনিক সকল

চন্দ্ৰকান্ত সিংহ আৰু শিখ – হিন্দুস্তানী সৈনিক সকল

May 18, 2026
গছে সলায় পাত, পক্ষীয়ে লগায় মাত

গছে সলায় পাত, পক্ষীয়ে লগায় মাত

May 14, 2026
পৃথিৱীৰ অন্যতম আকৰ্ষণীয় অনন্য বটল গছঃ বাওবাব

পৃথিৱীৰ অন্যতম আকৰ্ষণীয় অনন্য বটল গছঃ বাওবাব

May 11, 2026

বিহু কাৰো খেলাৰ সামগ্ৰী নহয় !

অঞ্জন শৰ্মা

 হেঁপাহৰ বাপতিসাহোন ৰঙালী বিহু

Anjan Sarma Picture
অঞ্জন শৰ্মা

‘ছলচাই কঠীয়া পাৰিবা কলিয়া

বতাহত নিসিঁচিবা ধান৷

সমনীয়াৰ আগত ফালি কথা নক’বা

ই কথা পাবলৈ টান৷৷’’

বিহু কাৰো খেলাৰ সামগ্ৰী নহয়
Image : Bijoylakshmi Borah

ডেকা : থুৰিয়াই কাটিলোঁ তামোল তিনিখনি,

                নুৰিয়াই বান্ধিলোঁ পাণ৷

                পথাৰে পথাৰে বিচাৰি ফুৰিলোঁ,

                ক’তে দাই আছিলা ধান৷৷

গাভৰু : থুৰিয়াই কটা নাই, তামোল তিনিখনি

                নুৰিয়াই বন্ধা নাই পাণ৷

                পথাৰে পথাৰে বিচাৰি ফুৰা নাই,

                দলনিত দাইছিলোঁ ধান৷৷

স্বনামধন্য ডিম্বেশ্বৰ নেওগে কৈছিল যে পূৰ্বতে বিহু আছিল মূলতঃ চাৰিটা ৷ সেই চাৰিটা বিহু আছিল যথাক্ৰমে ব’হাগ বিহু, কাতি বিহু, মাঘ বিহু আৰু আহাৰ বিহু৷

এক অসম্পূৰ্ণ বিপ্লৱৰ এটি জীয়া নাম বিষ্ণুপ্ৰসাদ ৰাভাইও কৈ গৈছে যে ‘বিহু’ শব্দৰ মূল উৎস হ’ল জনজাতীয় ভাষাৰ ভাণ্ডাৰ–‘বি’ মানে ‘দিয়া’ আৰু ‘হু’ মানে ‘লোৱা’৷

অসমৰ তিনিটা বিহু বা চাৰিটা বিহু [ডিম্বেশ্বৰ নেওগ]ক পূৰ্বতে ‘বিহু’ বুলি সংজ্ঞায়িত কৰা হোৱা নাছিল৷

বিহু কাৰো খেলাৰ সামগ্ৰী নহয়

আগতে কৃষিজীৱি লোকসকলে ব’হাগ, কাতি, মাঘ [আৰু ‘আহাৰ’] মাহত বেলি, আকাশ, বৰুণ, অগ্নি, বায়ু ইত্যাদি শক্তি বা দেৱতাক সন্তুষ্ট কৰিবলৈ পূজা কৰিছিল ৷

পৰৱৰ্তীকালত লাহে লাহে ধৰ্মীয় বিশ্বাস মোলান পৰি পূজাকেন্দ্ৰিক আনন্দ উৎসৱ প্ৰধান হৈ পৰে [এতিয়া যিদৰে দুৰ্গাপূজাৰ সময়ত দিনৰ ভাগত মূল পূজাৰ সময়ত মানুহৰ উপস্থিতিৰ বিপৰীতে সন্ধিয়াপৰত অগণন মানুহে আলোকসজ্জা, পূজামণ্ডপৰ কাৰিকৰী কৌশল আদি চাবলৈ হিলদল ভাঙি অহা দেখা যায়]৷

এনে আনন্দ উৎসৱে নতুন মাত্ৰা লাভ কৰে আহোম স্বৰ্গদেউৰ দিনত ৷

অৰ্থাৎ, আহোমৰ দিনত অসম ৰাজ্যত সেই আনন্দ উৎসৱে ‘বিহু’ নামেৰে এক সুকীয়া ৰূপ ধাৰণ কৰে৷

ডেকাই গাবলৈ ধৰিছিল :

                                ‘চকলা টেঙাটি চেনাই ঐ অকলে নাখাবা২

                                চেনাই ঐ আমাকো এচকল দিবা৷

                                যোৰহাট জিলালৈ চেনাই ঐ অকলে নাযাবা২

                                চেনাই ঐ আমাকো লগতে নিবা৷

গাভৰুৱেও গাইছিল :

                                ‘জীৱন ঐ এৰীপলু মৰিলে,

                                                জীৱন ঐ এৰা পাত নালাগে

                                জীৱন ঐ আভোকত নালাগে ভাত৷

                                জীৱন ঐ বয়স ভাটি দিলে

                                                জীৱন ঐ গহনা নালাগে

                                জীৱন ঐ বহনা নাথাকে গাত৷’

বিহু কাৰো খেলাৰ সামগ্ৰী নহয়
Image: Bijoylakshmi Borah

ব’হাগ বিহু বা ৰঙালী বিহু চ’ত মাহৰ শেষ [সংক্ৰান্তি] দিনটোৰ পৰা আৰম্ভ হয় যদিও এসময়ত সাতদিন ধৰি ব’হাগ বিহু পালন কৰা হৈছিল আৰু প্ৰতিটো দিনৰে সুকীয়া নাম আছিল ৷

সেই নামসমূহ আছিল–গৰু বিহু, মানুহ বিহু, গোঁসাই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, ঘৰচীয়া জীৱ-জন্তুৰ বিহু, তথা চেৰা-বিহু৷ এই সাতোটা দিনক সামৰি নামাকৰণ কৰা হৈছিল ‘সাতবিহু’৷

বহু শতিকা পূৰ্বে হোৱাংহো আৰু ইয়াংচিকিয়াং নৈৰ পাৰৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকালৈ আগমন হোৱা অষ্ট্ৰিক ধালৰ কৃষকসকলৰেই হেনো অৱদান আছিল ‘বিহু’৷

কিছুসংখ্যকৰ মতে আকৌ, অষ্ট্ৰিকসকলৰ পিছত সাংস্কৃতিক প্ৰভাৱেও বিহুক প্ৰভাৱান্বিত কৰি পৰিৱৰ্তন কৰিছিল, বিস্তৃত ৰূপত ৰূপায়িত কৰিছিল৷ খেতিপথাৰত নমাৰ আগতে তেওঁলোকে নৃত্য-গীত কৰি ভাল পাইছিল হেতুকেই খেতিৰ আগতেই এই উৎসৱৰ সময় আছিল বুলি বহুতেই কয়৷

সেইহেতুকে, যি সময়ত ব্ৰহ্মপুত্ৰ উপত্যকাত ঢোলত চাপৰ পৰিছিল, ম’হৰ শিঙাৰ পেঁপা বাজি উঠিছিল–সেই একেই সময়তে হয়তো হোৱাংহো বা ইয়াংচিকিয়াং নৈৰ পাৰতো কোনো ডেকাই মনৰ আনন্দত গীত গাইছিল–খেতিপথাৰলৈ চাই, প্ৰকৃতিলৈ চাই–অনাগত দিনৰ সপোন দেখি দেখি৷

Gitashri Bihu
Image : Gitashri Kakoti

পিছলৈ বিহুৰ ক্ৰমবিকাশত সহায় কৰিলে তিব্বতবৰ্মীসকলে, তাৰ পিছত আহোমসকলে৷ বিষ্ণুপ্ৰসাদ ৰাভাই যিদৰে ‘বি’ আৰু ‘হু’ৰ বিষয়ে কৈছিল, একেদৰে কিছুমানৰ মতে আকৌ আহোমসকলৰ ‘পি-হু’ বা ‘পাই-হু’ শব্দৰ পৰাই হেনো ‘বিহু’ শব্দৰ উৎপত্তি৷

যি কি নহওক–বছৰৰ এক নিৰ্দিষ্ট সময়ত কৃষিজীৱি লোকসকলে নৃত্য কৰিছিল কিয়–সেই প্ৰশ্নৰ উত্তৰেই বিহুৰ উৎস, বিহুৰ তাৎপৰ্য৷

আমি পূৰ্বেও লেখিছিলো, আহি যিদৰে ঋতুৰ পৰিৱৰ্তন হয়, আগতেও হৈছিল৷

বহু হাজাৰ বছৰ আগতে ঋতুৰ পৰিৱৰ্তন ঘটি নতুন বছৰে ভুমুকিওৱা সময়ত নতুন ৰূপেৰে প্ৰকৃতিয়ে যৌৱনৰ নৱ-উদ্ধত অস্তিত্ব প্ৰকাশ কৰাৰ লগে লগে প্ৰকৃতিক বশ কৰিবলৈ, সন্তুষ্ট কৰিবলৈ, কাৰ্য্যৰ উৎপাদন বঢ়াবলৈ, কৃষিজীৱি মানুহে নৃত্য কৰিছিল আৰু সেই নৃত্য আছিল সমূহীয়া–যৌনগন্ধী সমূহীয়া নৃত্য৷ আজিৰ বিজ্ঞান-প্ৰযুক্তিৰ জগতখনতকৈ সেইসময়ৰ জগতখন সম্পূৰ্ণ ভিন্ন আছিল৷

bihu2

সেই সময়ত কৃষিজীৱি মানুহে ধাৰণা কৰিছিল যে বীজ আৰু মাটিৰ মাজত সম্পৰ্ক হ’লে শস্য উৎপাদন হয় আৰু সেই শস্য বৰষুণ-ৰ’দে লালন কৰে, প্ৰকৃতি সদয় হ’লে উৎপাদন বাঢ়ে, উৎপাদন বাঢ়িলে দুখ কমে–সুখ বাঢ়ে¯৷

‘অজ্ঞ’ আছিল বুলি আজিৰ ‘বিজ্ঞ’ই ক’লেও, সেই ‘অজ্ঞ’ কৃষিজীৱিসকলে এই কথা জানিছিল যে নাৰী আৰু পুৰুষৰ মাজত দৈহিক সম্পৰ্ক স্থাপন হ’লে সন্তানৰ জন্ম হয়৷

বীজ আৰু মাটি, পুৰুষ আৰু নাৰী, শস্যৰ উৎপাদন আৰু সন্তান উৎপাদন–সম্ভৱতঃ এনে ধৰণৰ এক চিন্তাৰ ফলশ্ৰুতিত শস্যৰ উৎপাদন বৃদ্ধি কৰাৰ স্বাৰ্থত, প্ৰকৃতিক সন্তুষ্ট কৰাৰ স্বাৰ্থত, নতুন সাজেৰে গাভৰু হোৱা পৃথিৱীখনক দেখি আনন্দমনেৰে সৃষ্টি কৰিছিল৷

যৌনগন্ধী নৃত্য– যি নৃত্যৰ জৰিয়তে ডেকা-গাভৰুৱে আনন্দ কৰিছিল, তৃপ্ত হৈছিল৷ ড0 বিৰিঞ্চি কুমাৰ বৰুৱাই লিখিছিল, ‘‘ডেকা-গাভৰুৱে চুম পাতি কৰা বিহুনৃত্য এহাতে প্ৰেমৰ নৃত্য, আনহাতে প্ৰজনন নৃত্য৷ কাৰণ ইয়াৰ যোগেৰে পথাৰত লহপহকৈ শস্য গজি উঠিবৰ কাৰণে আৰু ধ্বংসকাৰী কু-শক্তিবোৰক হৰুৱাই দিবৰ কাৰণে আই বসুমতীক প্ৰাৰ্থনা কৰা হয়৷’’ ড0 বৰুৱাৰ কথাখিনিতেই নিহিত হৈ আছে সেই সময়ৰ কৃষিজীৱি লোকসকলৰ নৃত্যৰ তাৎপৰ্য৷

facebook 1681414455127 7052363374800709953

হেম বৰুৱাইও লিখিছিল, ‘‘বিহুতলীৰ নাচনীজনী বহাগ মহীয়া গাভৰু পৃথিৱী৷ বিহুবলীয়া ডেকাটো হৈছে পৃথিৱীৰ সৈতে মিলন আকাংখী মৌচুমীৰ মেঘ৷ উভয়ৰে মিলনৰ চিন স্বৰূপে বৰ্ষা নামে পৃথিৱীৰ গৰ্ভত নতুন সৃষ্টি সম্ভৱ হয়৷ উৎপাদন বাঢ়ে৷ পথাৰত উৎসৱমুখৰ ডেকা-গাভৰুৱে প্ৰকৃতিৰ এই সৃষ্টিৰ ছবিখনকেই প্ৰতীক আৰু নৃত্য-গীতৰ লহৰেৰে ৰূপায়িত কৰে৷ বিহু নৃত্যৰ স্বাভাৱিক ভংগীমাই, বিশেষকৈ ডেকাৰ কঁকাল ভঙা ছেৱে যৌন-জীৱনৰ ইংগিত দিয়ে৷’’

পথাৰ-বৰষুণ-ৰ’দ-বতাহৰ দৰেই, ডেকা-গাভৰুৰ মিলনৰ দৰেই, শস্য আৰু সন্তান উৎপাদনৰ দৰেই–অইন গুৰুত্বপূৰ্ণ বিষয় আছিল কৃষিকাৰ্যত নিয়োজিত হোৱা গৰু তথা চহা জীৱনৰ এৰাব নোৱৰা সামগ্ৰী বাঁহ৷ তেনে উৎসৱমুখৰ পৰিৱেশৰ পটভূমিত গৰু-বিহু আৰম্ভ হৈছিল–গৰুক মৰ্যদা দিবলৈ, সন্তুষ্ট কৰিবলৈ, চেনেহৰ চিহ্ন প্ৰকট কৰিবলৈ৷

bihu

গতিকে দীঘলতিৰ নুফুলা ঠাৰিৰে কোবাই কোবাই গৰুক পথাৰলৈ খেদি নি নৈ, বিল, পুখুৰীৰ পাৰত গা ধুৱাই লাও, বেঙেনা গৰুক অপÇণ কৰি কেটুৰী, হালধি, থেকেৰা, কেৰেলা আদি চকলিয়াই গাঁথি গৰুক আগবঢ়োৱা প্ৰথা আৰম্ভ হৈছিল, দিয়া হৈছিল নতুন পঘা ৷

পশ্চিম অসমত পূৱ-অসমৰ দৰে বিহুৰ নৃত্য-গীতৰ প্ৰাধান্য নাথাকিলেও খেতিৰ প্ৰধান অৱলম্বন, উৰ্বৰতাৰ প্ৰতীক হিচাবে বিহুৰ প্ৰথম দিনটো গো-সংবৰ্ধনৰ বাবে উৎসৰ্গীকৃত হৈছিল আৰু গৰুবিহুৰ দিনা গধূলিপৰত হাতত জেতুকা লোৱাটো জীয়ৰী-বোৱাৰীৰ বাবে অপৰিহাৰ্য আছিল৷

বিশ্বাস কৰা হৈছিল যে নিশা মচুৰ মাহ, আমৰ ফল, কঁঠালৰ মুচি, নিমপাত, নিমখ একেলগে পিহি খালে মহৌষধিৰ কাম কৰে আৰু বছৰটো বেমাৰ নহয়৷

পিছদিনা ‘মানুহ বিহু’;, কামৰূপত ‘বৰ দোমাহী’ বা দোমাহী/দহমী/দুমেহী আদিৰেও দিনটো আৰম্ভ হয়৷ ইয়াৰে লগতে বাহকেন্দ্ৰিক–‘পাউৰা তুলা’ পৰ্ব আৰম্ভ হয়৷ উল্লেখযোগ্য যে দামোদৰ দেৱৰ অন্যতম শিষ্য তথা গোবিন্দপুৰ সত্ৰৰ প্ৰতিষ্ঠাতা শ্ৰীভগৱান দেৱৰ দিনৰে পৰাই বজালী অঞ্চলৰ গোবিন্দপুৰত ‘পাউৰা তুলা’ নামেৰে বাঁহ কেন্দ্ৰিক উৎসৱ আৰম্ভ হয় আৰু পাঠশালা পাটাছাৰকুছি, বেজকুছি, সৰ্থেবাৰী, বাঘমাৰা আদিতো এই উৎসৱ অনুষ্ঠিত হয়৷

যি কি নহওক, সময়ৰ লগে লগে পৰিৱৰ্তন হৈ হৈ ১৯৫০-৫১ চনত ৰাধাগোবিন্দ বৰুৱাৰ উদ্যোগত অসমত প্ৰথমবাৰৰ বাবে মঞ্চ বিহুৰ যি আয়োজন আৰম্ভ হ’ল–যি এতিয়া সমগ্ৰ অসম বিয়পি পৰিছে আৰু প্ৰকৃত বিহুৰ তাৎপৰ্য যেন ক্ৰমে ক্ৰমে মোলান পৰিছে ৷

আজিকালি জনপ্ৰিয় শিল্পীৰ সময়-সুবিধামতে বিহু উৎসৱৰ দিন-বাৰ ঠিক কৰা হয়৷ সমগ্ৰ বছৰটো ‘চেনেল বিহু’ চলি থাকে¯ সেই পটভূমিত, বিহুৰ সমাদৰ অটুত ৰাখিবলৈ হ’লে নিজস্ব বৈশিষ্ট্য ৰক্ষা কৰি আজিৰ সমাজ-ব্যৱস্থাত বাস্তৱলৈ চকু দি বৃহত্তৰ কৃষিজীৱি মানুহৰ সুখ-দুখ, হতাশা-আশা, অনুৰাগ-ক্ষোভক প্ৰতিফলিত কৰিব পাৰিব লাগিব ৷ অন্যথাই বিহু হৈ পৰিব মাথো গায়কৰ বিহু, নাচনীৰ বিহু ৷

সকলোৱে উপলব্ধি কৰিব লাগিব–বিহু কাৰো খেলাৰ সামগ্ৰী নহয়৷

Bihu1

[Images from different sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

 

 

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

চন্দ্ৰকান্ত সিংহ আৰু শিখ – হিন্দুস্তানী সৈনিক সকল
ASSAMESE SECTION

চন্দ্ৰকান্ত সিংহ আৰু শিখ – হিন্দুস্তানী সৈনিক সকল

by Diganta Kumar Gogoi
May 18, 2026
0

চন্দ্ৰকান্ত সিংহ আৰু শিখ - হিন্দুস্তানী সৈনিক সকল দিগন্ত কুমাৰ গগৈ  উনবিংশ শতিকাৰ দ্বিতীয় দশকত আহোম ৰাজবিষয়া সকলৰ অন্তৰ্কলহ আৰু...

Read moreDetails
গছে সলায় পাত, পক্ষীয়ে লগায় মাত

গছে সলায় পাত, পক্ষীয়ে লগায় মাত

May 14, 2026
পৃথিৱীৰ অন্যতম আকৰ্ষণীয় অনন্য বটল গছঃ বাওবাব

পৃথিৱীৰ অন্যতম আকৰ্ষণীয় অনন্য বটল গছঃ বাওবাব

May 11, 2026
bihu2

ব’হাগ আৰু অসমৰ অৰ্থনীতি

May 8, 2026
backview of sad child waiting on a glass window

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 

May 3, 2026
পেৰাফিলিয়া : যৌন আকৰ্ষণ আৰু বিকাৰ

পেৰাফিলিয়া : যৌন আকৰ্ষণ আৰু বিকাৰ

May 2, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Rupee at 96+ Against the Dollar: Is India Heading Toward Another Economic Vulnerability Crisis in 2026?

Rupee at 96+ Against the Dollar: Is India Heading Toward Another Economic Vulnerability Crisis in 2026?

May 19, 2026
চন্দ্ৰকান্ত সিংহ আৰু শিখ – হিন্দুস্তানী সৈনিক সকল

চন্দ্ৰকান্ত সিংহ আৰু শিখ – হিন্দুস্তানী সৈনিক সকল

May 18, 2026
Adapting Agriculture for a Changing Climate

Adapting Agriculture for a Changing Climate

May 18, 2026
Plant-Based Eating for a Sustainable Future: Greener Choices, Brighter Tomorrow

Plant-Based Eating for a Sustainable Future: Greener Choices, Brighter Tomorrow

May 18, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    32553 shares
    Share 13021 Tweet 8138
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    14194 shares
    Share 5678 Tweet 3549
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    281 shares
    Share 112 Tweet 70
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3730 shares
    Share 1492 Tweet 933
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    943 shares
    Share 377 Tweet 236
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6533 shares
    Share 2613 Tweet 1633
  • Love in the Age of Ghosting and Situationships

    83 shares
    Share 33 Tweet 21
  • Guwahati Flood Crisis: How City Is Sinking Under Decades of Urban Neglect

    81 shares
    Share 32 Tweet 20
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4331 shares
    Share 1732 Tweet 1083
  • The Oxfam Report, 2021: India’s Health Inequality & Covid-19

    224 shares
    Share 90 Tweet 56
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d