• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, June 17, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Cultural Poetry

বিৰহিণী বিলাপ কাব্য

-হিতেশ্বৰ বৰবৰুৱা

by Anjan Sarma
June 19, 2021
in Literature, Poetry
Reading Time: 99 mins read
0
Share on FacebookShare on TwitterShare on LinkedIn

-হিতেশ্বৰ বৰবৰুৱা |

উছৰ্গা।

আছিল যি ঘৰে পৰে সঙ্গিনী প্ৰাণৰ,

অৰ্ন্ধঙ্গিনী, অৰ্ন্ধভাগী দুখ বিপদত,

ফুলে স’তে ফুল মধু সৌরভ মধুৰ,

আশ্ৰিত যিৰূপে লতা তৰুৰ দেহত;

শোওঁতে খাওঁতে, কিম্বা কৰোঁতে ভ্ৰমন

ছয়াঁৰূপে যি আছিল শিতেশ -সঙ্গিনী,

মৰু সমনীয়া এই সংসাৰ মাজত।

হিতেশৰ, যাৰ মূৰ্ত্তি প্ৰফুল্ল নলিনী।

শোক দুখ বিষাদৰ ক’লা মেঘ খনি

আবৰি যেতিয়া ধৰে হিয়া দুভাগাৰ

সি কালত যাৰ সেই মউ-সনা হাঁহি

কৰিছিল অন্তৰৰ দুৰ অন্ধকাৰ।

সেই প্ৰিয়া প্ৰাণ প্ৰিয়া প্ৰাণ-সখী নামে

উছৰ্গিলো “বিৰহিণী” এক-চিত্ত-প্ৰাণে।

ইতি ২২ জুলাই *৯*২।

যোৰহাট।                             হিতেশ

কটকীপুখুৰী

                   ••••••••••••••

                পাঠিকা সকললৈ।

আছে যদি কোনো মোৰ কোমল পাঠিকা

জ্বলি পুৰি বিৰহত, কান্দিছে শোকত

হেৰুৱাই হৃদয়ৰ সাঁচতীয়া ধন

“বিৰহিণী” দিলো আজি তেঁওৰে হাতত॥

টুকিছে চকুলো যদি কোনোক পাঠিকা

নিৰাশা ঢউত ভাহি প্ৰেম-সাগৰত,

বিৰহ-ব্যাকুলা দীনা “বিৰহিণী” মোৰ

সাদৰে অৰ্পিলো আজি তেঁওৰে হাতত॥

প্ৰণয়ৰ প্ৰতিদান অলপো নাপাই,

কোনো দুৰ্ভাগিনী যদি দেখিছে আন্ধাৰ

উন্মাদিনী “বিৰহিণী” চিৰ হতভাগী

সৰ্পিলো হাতত আজি সেই পাঠিকাৰ॥

কান্দা আজি, হে পাঠিকা!

কান্দাহে খন্তেক উলিয়াই দুচকুত চকুলো দুধাৰ॥

                  •••••••••••••

            || বিৰহিণী বিলাপ কাব্য||

                       প্ৰথম সৰ্গ

সখী

“মম মৰণমেব বৰমতিবিতথ কে’তনা।

কিমিহমিষহামি বিৰহানলমচেতনা॥

মামহহ বিধুৰয়তি মধুৰ মধু যামিনী।

কাপি হৰিমনুভবতি কৃত সুকৃত কামিনী॥

অহহ কলয়ামি বলয়ামি বলয়াদি মণিভূষণং।

হৰি বিৰহদহন বহনেন বহু দূষণ॥

কুসুমসুকুমাৰতনুমতনু শৰ লীলয়া।

স্ৰগপি হৃদি হন্তি মামতি বিষমশীলয়া॥”

                                     ⸺জয়দেৱ।

[ ১৭৮ ]

(ক)

সখি! কিনো ক’ম আৰু মোৰ দুখ!

নহ’ল যে মোৰ সংসাৰত সুখ॥

২

মই যে তাপিনী ঘৰতো অকল

লগত নাট যে কোনো!

পালেহি বাৰিষা স্বামী গুছি গ’ল

তাকে দিনে ৰাতি গুণো॥

৩

সখি! আজি মোৰ জনমিছে ভয়,

অথিৰ অবিৰ পৰাণ হৃদয়!

৪

গৰজিছে মেঘ ঘোৰ গৰজনে,

কঁপিছে হৃদয় মোৰ!

থমকি থমকি নাচিছে বিজুলী

ল’ৰিছে পৰণ-জোঁৰ॥

৫

দুষ্ট মউপীয়া ‘পিউ পিউ’ কৰি

দহিছে অন্তৰ আজি!

জলা অগণিত আহুতি ঢালিছে

বনৰ দুৰন্ত পখী!

                  •••••••••••••

[ ১৭৯ ]

(খ)

সখি ঐ!

  নপৰে দুখৰ ওৰ, ভৰা বাৰিষাৰ

  এনুৱা কালত স্বামী শূণ্য ঘৰ মোৰ।

২

  কোৱ-মুৱা মেঘে গাজে দিনে নিশা

  বৰষে বাৰিষা পানী;

  স্বামী বিদেশত, বিৰহৰ জুয়ে

  দহিছে হৃদয় খনি!

৩

  মেঘেৰে সইতে নাচিছে বিজুলী

  ম’ৰাই ধৰিছে ছালী;

  ভেকুলীয়ে মাতে, মাতে দাউকীয়ে,

  তিতিছে শুকান বালী।

৪

  সখি ঐ! ইয়াকে দেখি শুনি মোৰ

  জ্বলিছে বুকুত জুই;

  পোঁৰে হিয়া খনি নাপাওঁ তৰণী

  মাটীয়ে বালীয়ে শুই!

                    •••••••••••

(গ)

সখি ঐ!

  অভাগিণী মোৰ সুখ নহ’ল!

  স্বামীকে ভাবোতে জীৱন গ’ল;

[ ১৮০ ]

২

  বাটলৈ চাওঁতে বিষালে চকু

  বিৰহৰ জুয়ে পুৰিলে বুকু।

৩

  “শীঘ্ৰে আহোঁ” বুলি পলালে স্বামী,

  নুশুনিলে ৰাধা, বুলিলো কান্দি॥

৪

  প্ৰেম ভালপােৱা পাহৰি গ’ল,

  অভাগীৰ আশা মনতে ৰ’ল!

৫

  যত দুখ মােৰ কিমানে ক’ম!

  নলওঁ যে আৰু নাৰী জনম॥

(ঘ)

সখি ঐ

  পৰিছোঁ পাৱত, কোৱাঁছোন মােক

  কলৈনো যে গল’ স্বোৱামী ধন?

  বিৰহৰ জুয়ে দহে ঘনে হিয়া

  পুৰিহে ই দেহা শুকান বন॥

২

  মােৰ প্ৰাণস্বামী কিহত ভুলিলে?

  পালেগৈ ক’ত কেনে সুন্দৰী?

  কোন সেই নাৰী নাৰীৰ কলঙ্ক,

  অভাগীৰ ধন ৰাখিলে ধৰি?

[ ১৮১ ]

৩

নতুন তিৰুতা পাই মোৰ স্বামী

নতুন প্ৰেমৰ ভুঞ্জিছে সুখ।

কিন্তু যে অভাগী কান্দিছোঁ বাগৰি

নেদেখি স্বামীৰ সুন্দৰ মুখ॥

৪

নিয়াঁ শোলোকাই কানৰ থুৰিয়া

নিয়াঁ শোলোকাই হাতৰ খাৰু;

মণি বিৰি মোৰ নিয়াঁ শোলোকাই

অলঙ্কাৰ সখি! নিপিন্ধোঁ আৰু॥

৫

যদি বা দাসীক ত্যজিলে স্বামীয়ে

কিনো কাম আছে লাহত মোৰ?

কপালৰ ফোঁট দিয়াঁ মছি সখি!

জন্মিছে মনত কেলেশ ঘোৰ॥

৬

লই যোৱাঁ মোৰ ধন অলঙ্কাৰ,

নইৰ সোতত দিয়াঁ উটাই।

নালাগে নিপিন্ধো আৰু সাজ-পাৰ

লাহ-বিলাহত সকাম নাই॥

              •••••••••••••

(ঙ)

দিন গ’ল, সন্ধ্যা হ’ল,

লাহে লাহে পখী গ’ল,

[ ১৮২ ]

 ক’লিম’লী নিশা আহে মাৰি ক’লা ধুন!

 ক’তা?—তেওঁ নাহিল দেখোন?

২

 গাভৰু ছোৱালী মই

 কিৰূপে সহিম ঐ?

 হৃদয়ৰ জ্বল জুই বিৰহ-যাতনা?

 নাহিল দেখোন তেওঁ?— সখি! কি ছলনা?

৩

 পৰাণ সঁপিলে যাত নাহিলে উলটি তেওঁ,

 হৃদয়ৰ দুখ মোৰ ক’তা বুজিলে কেও?

৪

(হায়!) কতদিন কত ফুল তুলিছিলো কোছ ভৰি

 তেঁওক পিন্ধাম বুলি অতি হাবিয়াস কৰি॥

৫

 কিন্তু মোৰ সেই ফুল শুকাল!—-শুকাল।

 নাপালো পিন্ধাব মোৰ কপাল!-কপাল।

                    ••••••••••••

(চ)

সখি ঐ! কেতিয়া আহিল স্বামী?

 ইপৰ সিপৰ কৰি দিনটো কটালো সখি!

 এদিন দুদিন কৰি পঠিয়ালো মাহ;

 এমাহ দুমাহ কৰি বছৰো যে গ’ল গুছি

[ ১৮৩ ]

 বছৰ বছৰ কৰি যুগ পালে নাশ!

 নাই আৰু সখি। মােৰ জীৱনত আশ!

২

 এনুৱা বয়স যদি বিৰহতে যায় সখি!

 কি কৰিম পাছে আৰু প্ৰাণ পতি লই

 কি দিন কি ৰাতি সখি! ত’কে ভাবো মই॥

………..

(ছ)

সখি ঐ!

 নজনা আছিলাে,

 ভালেই আছিল,—

 সুখৰ হেপাহ নাছিল মােৰ!

 নিচিনো স্বোৱামী,

 প্রণয় নুবুজোঁ,

 অজলা ভাবত আছিলো ভােৰ॥

২

 হৃদয় পদুম আছিল অফুলা,

 নিচিনো ভােমােৰা কেনুৱা ধন!

 কাল পাই সখি! ফুলিল পদুম,

 পৰিল ভােমােৰা, প্রেমিক মন॥

(কিন্তু) লুটুৰা ভোমােৰা যাতেই চঞ্চল!

 পদুমৰ মধু পদুমে থই,

[ ১৮৪ ]

কেতেকী ফুলত মধু আশা কৰি

পৰিল ভােমোৰা পগলা হই॥

………….

(জ)

মনৰ বেদনা সখি! মনতে থাকিল মােৰ

হৃদয়ৰ জুই ৰ’ল হৃদয়তে জ্বলি!

অকলে যেতিয়া মোক যায় এৰি থই তেওঁ,

একোকে নহ’ল কোৱা কওঁ—কওঁ বুলি॥

২কওঁ-কওঁ বুলিছিলাে, ক’ব হায়! নােৱাৰিলো,

লাজে ধৰিলেহি আগভেটি!

অন্তৰৰ কথা একো নােলাল নিচেই সখি!

কথা মােৰ হ’ল লেটিপেটি!!

৩তেওঁৰ মুখলৈ চাই কতনো কান্দিলো সখি!

নামানিলে তেওঁ, কিন্তু গ’ল প্ৰবাসত!

লাজৰ সন্মান ৰাখি দুৰ্ঘটনা হ’ল মােৰ

জ্বলিছে অগনি আজি হিয়াৰ মাজত॥

৪পুৰিছে অন্তৰ মোৰ নাথাকে পৰাণ সখি!

কোমল ছোৱালী আৰু সহিম কতনা?

কাকনো বুলিম সখি, কোনেনো শুনিব ঐ?

কোৱাঁ সখি কি ৰূপেনো গুছাও যন্ত্ৰণা?

………..

[ ১৮৫ ]

(ঝ)

সেই মুখ খনি সদাই মনত

পৰে মােৰ সখি! তোমাৰে শপত।

২

ভূলে ভূলাে বুলি খােজোঁ ভূলিব,

যাতনাতে প্ৰাণ খোজে মৰিব।

৩

ভাবোঁ মনে মনে কাজ কাম কৰোঁ,

তেওঁৰ নামটো আৰু নুসুমৰোঁ।

৪

কিন্তু সখি! মনে নামানে একো,

সি হেতু সদাই ভাবিয়ে থাকোঁ

সেই বুলি সখি? লাগে বৰ দুখ,—

যাৰ নিমিত্তেই পাওঁ অত শোক,—

৫

তেওঁ যে নাচায় চকু ফুৰাই,

সি দুখত মাথোঁ কান্দো বীনাই।

…………

(ঞ)

সখি ঐ!

 যেই দিনা তেওঁ

 যায় প্ৰবাসত,

 কান্দিলো বহুত মই।

 চিয়ঁৰি চিয়ঁৰি

[ ১৮৬ ]

ইনালো বীনালো

আউলী-বাউলী হই॥

২

হাত দি মুৰত শপত কৰিলে,

সাদৰে মােলই চাই,—

কিন্তু কোৱাঁ সখি! কিয়নো পুৰুষে

শপত পাহৰি যায়?

৩

বাটলৈ চাওঁতে হিয়া বিয়াকুল

পালেহি বসন্ত কাল;

কুউ কুউ কৰি কুলিয়ে মাতিছে,

উৰিছে পখিলা হাল॥

৪

গুজৰে ভোমোৰা, বলিছে মলয়া,

হাঁহিছে প্ৰকৃতি সতী;

এনুৱা কালত কোনে ধৰি ৰাখে

মােৰ পৰাণৰ পতি?

……………

(ট)

সখি ঐ।

 কিৰূপে সহিম মই

 বিৰহ বিকাৰ?

 জীবন মৰণ মােৰ দুয়োটা শঙ্কট হ’ল,

[ ১৮৭ ]

দিয়াঁ বুদ্ধি, কিনো কৰোঁ?

কৰাঁ সখি! উপকাৰ। .

২

যাৰ নাম দিনে ৰাতি

নুগুছে মনৰ পৰা,—

যাৰ ভাল পােৱা সখি! সোঁৱৰোঁ সদাই,—

বিৰহ-সাগৰ-মাজে

যাৰ মিলনৰ আশে

দুখে শােকে আছোঁ সখি! আজিও জীয়াই॥

৩

মৰিলে যে সেই মুখ

(তেওঁৰ অমিয়া মুখ)

নাপাওঁ দেখিব’ আৰু এই জনমত।

সেই ভয়ে হায় সখি!

নোখোজে মৰিব প্ৰাণি,

কান্দো সিকাৰণে আজি তােমাৰ আগত

৪কি ৰূপে বা ৰাখোঁ প্ৰাণ!

জ্বলিছে বিৰহ জুই,

পুৰিছে হৃদয় মােৰ শুকান বননী।

প্ৰেম সাগৰত সখি!

উঠিছে বিৰহ-ঢউ

কৰিছে আকুল মােক নাপাওঁ তৰণী॥

…………

[ ১৮৮ ]

সখি ঐ!

 বিদৰে হৃদয় হায়!—

 কিৰূপে সহিম?

 তেওঁৰ বিৰহে প্ৰাণ কি কৰি ৰাখিম?

২

 স্বামীৰ বিৰহ বাণ ব্যাকুল কৰিছে প্ৰাণ

 তেঁওৰ সুন্দৰ মুখ নােৱাৰি ভূলিব,—

 তিয়াগি তেঁওক সখি!

 নােৱাৰি থাকিব॥

৩

 প্ৰাণ যদি যায় সখি! তাত একো নাই হানি;

 যদিহে এবাৰ পাওঁ দেখা সেই মুখ খনী॥

৪

 প্ৰণয় ফাঁহেৰে বান্ধি আকাশৰ জোন ধৰি,

 পিম সখি! প্ৰেম শুধা,— ভালপােৱা দিম,—

 কলৈকো নিদিওঁ যাব,

 ঘৰতে ৰাখিম॥

………..

সখি ঐ!

 পুৰুষৰ কেনুৱা হৃদয়?

 তিৰুতাৰ প্ৰাণ সখি! বধিবৰ কাৰণে কি

[ ১৮৯ ]

 ‘পুৰুষ জনম’ পালে

 পুৰুষ নিৰ্দ্দয়?

২

 এয়েকি তেঁওৰ কাম

 চুৰ কৰি মন প্ৰাণ,

 মিছা-মিছি প্ৰণয়ৰ চিন দেখুৱাই

 অৱশেষে ৰমণীক দিব উটুৱাই,

৩

 বিৰহৰ সাগৰত

 নৈশ বিৰাজে যত,

 হয় য’ত জলা-কলা ৰমণী হৃদয়?

 জানিলো আজিহে সখি! পুৰুষ নিৰ্দ্দয়॥

.. ………..

(ঢ)

সখি ঐ।

 আছিল যি হিয়া মােৰ, ইন্দ্ৰৰ নন্দন বন,

 নিতে হাঁহিছিল,

 মউসনা ভাল পােয় মন্দাকিনী নই, সখি!

 ধীৰে বলিছিল॥

২

 ভাগিল হৃদয় সেই,

 শুকাল প্ৰেমৰ নই,

 ‘আকাশ কুসুম’ সখি! সৰি সৰি গ’ল!

 কোৱাঁ সখি! কোৱাঁ মােৰ কিহত কিবাটো হ’ল?

[ ১৯০ ]

৩

এই যে আকউ সখি! কত আশা আহিছে!

মিলন পিয়াহে মোক বিয়াকুল কৰিছে!!

৪

সপোন দেখাৰ দৰে

কত যে প্ৰেমৰ কথা,

কৰবাৰ পৰা আহি বিয়াপিছে হৃদয়ত;

কিমানে বৰ্ণাম সখি! অকাঁ আছে হৃদয়ত॥

৫

সেয়া যে কুলিয়ে সখি! গাইছে গছত গান,—

ব্যাকুল কৰিছে মোৰ ঘনে ঘনে মন প্ৰাণ॥

৬

আকাশত জোনে সখি! হাঁহিছে আনন্দ মনে,—

বাজিছে কিন্তু ঐ সখি!—শেল মোৰ প্ৰাণে ঘনে॥

                  •••••••••••

                       দ্বিতীয় সৰ্গ।

(সূৰ্য)

যিটী গ’ল, ক’তা? আৰু নাহিল দেখোন?

মিছাতে আহিব বুলি ভাবিছোঁ মাথোন!

২

দিবাকৰ!—প্ৰতিদিনে

পশ্চিম-পৰ্ব্বত-পিনে

যোৱা তুমি সন্ধিয়াত, আহা পুঁৱা হ’লে,

কিন্তু মোৰ যিটী গ’ল কিয়নো নাহিলে?

৩

(কিয়নো নাহিল হায়!—

নেদেখি পৰাণ যায়!)

তোমাৰ পোহৰে দেৱ! দেখোঁ ত্ৰিভূবন! —

কিয়নো নেদেখো মাথোঁ স্বোৱামী ৰতন?

৪

জগত পোহৰাঁ তুমি,

পোহৰাঁ পাতাল ভূমি,

স্বৰগ পোহৰাঁ,—কৰাঁ উজ্জল সংসাৰ!

হৃদয় কিয়নো মোৰ দোৰ্ঘোৰ এন্ধাৰ?

[ ১৯২ ]

তুমি পাত্-পাত্ কৰি

ত্ৰিজগত আছা ঘুৰি,

দেখিছা সকলো ঠাই, জগতৰ প্ৰাণী,

নাপালানে দেখা দেব!—ক’তো মোৰ স্বামী?

………..

(চন্দ্ৰ)

সুধাকৰ! লোকে কয় তোমাৰ কিৰণ

পৰাণ-শীতল-কাৰী, শাঁত কৰে মন।

২

লোকে কয়,—তুমি বৰ

শান্তি দাতা, মনোহৰ,

প্ৰেমিক-প্ৰেমিকা নাচে তোমাক দেখিলে;—

কোৱাঁ দেৱ! কোৱাঁ মোৰ প্ৰাণ কিয় জ্বলে?

৩

যদি আনে পায় সুখ,

মই কিয় পাওঁ দুখ?

কিয় কান্দে প্ৰাণ মোৰ দেখি তযু মুখ?

তোমাৰ হাঁহিত মই কিয় পাওঁ দুখ?

৪

লোকে কয়,—তুমি বৰ

নিষ্কলঙ্ক, সুধাকৰ!—

[ ১৯৩ ]

লোকে কয়,—তুমি বৰ কোমল হৃদয়!

মাথোঁ পৰ দুখে হাঁহা, পালো পৰিচয়!

৫

পালো দেৱ! পৰিচয়,—

তুমি কঠিন হৃদয়,—

নিৰ্দ্দয় তোমাৰ মন,—কৰা উপহাস

অভাগিণী তিৰুতাক!—“চাবাছ! চাবাছ!”

৬

কিন্তু জানা সুধাকৰ!—

স্বভাব চঞ্চল বৰ,—

মিচিকীয়া হাঁহি তযু নাথাকে সদাই,—

আউশীৰ অন্ধকাৰে পেলাব লুকাই!

৭

লুকাব মুখৰ হাঁহি,

শুৱণী গোলাপ পাহি,

কিন্তু তুমি সেই হাঁহি পাবা ওলোটাই;–

কোৱা দেৱ! স্বোৱামীক পামনে ঘুৰাই?

৮

পামনে হৃদয়-চোৰ

প্ৰাণৰ প্ৰণয়ী মোৰ?

পামনে তেতিয়া দেৱ! স্বোৱামী প্ৰাণৰ?

যেতিয়া ঘূৰাই পাবা হাঁহিটী নিজৰ?

…………..

[ ১৯৪ ]

(তৰা)

কিয়নো হাঁহিছ তই, স্বৰগৰ তৰা

মৃদু মিচিকীয়া হাঁহি?

কিয়নো মাৰিলি ঠাহি

হৃদয়ত শেল মোৰ? কিয় জুই দিলি?

উপহাস তই মোক কিয়নো কৰিলি

২

অন্তৰত বিহ লই,

মুখ হাঁহিমুৱা কই,

বিদ্ৰুপি হাঁহিলি মোক অনন্দ মনত!

জানিলো আজিহে,—দুষ্ট থাকে স্বৰগত!

মোৰ এই বুকু হায়!

বিৰহ যাতনা পাই

কি ৰাতি কি দিন চকু-পানীৰে তিতিছে।

মোৰ দুখ দেখি আজি জগতে কান্দিছে!!

৪

চকুৰ পানীৰে মোৰ

বুৰাইছোঁ খাল খোৰ,

কিন্তু হায় তৰা। তই বিদ্ৰূপি হাঁহিছ!

মাৰি মিচিকিয়া হাঁহি ৰঙ্গেৰে চাইছ!!

৫

মোৰ এই চকুপানী

কোমলালে টান মাটি,

[ ১৯৫ ]

নোৱাৰিলে মাত্ৰ তোৰ কোমলাব মন!

কৰিলি দুগুণে মোৰ হৃদয় দহন!!

৬

এতিয়া জানিলো মই,

তৰা! নিৰদয় তই,

শোক সাগৰত মোক দিলি ওপঙ্গাই!

জানিলো, দয়ালু লোক আকাশতো নাই!!

৭

যেই তৰা স্পৰ্শমনি,

সেই তৰ। কলফনি

এনে তৰালই কাৰ ভকতি ওপজে?

এনুৱা তৰাক কোনে তৰা বুলি ভজে?

৮

প্ৰথমতে মন হৰে,

পাছে উপহাস কৰে,

এনুৱা তৰাৰ হাঁহি কোনে হাঁহি বোলে?

এনুৱা হাঁহিত হায়! কাৰ মন ভুলে?

৯

যত দিন জিয়াই থাকিম,

এই শোক সদাই সহিম,

কি দিনত, কি ৰাতিত,

কি শোৱা ধাৰি পাটীত,

হৃদয়ত এই শোক থাকিবই জ্বলি!

ভাল, স্বৰগৰ তৰা! আজি শোক দিলি॥

[ ১৯৬ ]

১০

ই শোক তেতিয়া যাব,

মোৰ যেৱে যাব জীৱ,

একেবাৰে শোক ভূমি পৃথিবীক এৰি!

থাকবা তেতিয়া, তৰা! বিদ্ৰুপ নকৰি!!

……………

বিজুলী।

কিয়নো হাঁহিছ, ৰাঙ্গলী বিজুলী!

নীলা আকাশত তই?

তইতো নহৱ জীয়াৰী ছোৱালী,

ইমান হাঁহিবি, হঁই?

২

আনৰ ঘৰতো দেখিছোঁ বোৱাৰী

তো-দৰে নাহাঁহে কেও!

কচোন, বিজুলী! এনে হাঁহি তোক

শিকালে কোনেনো, তেও?

৩

লোকৰ বোৱাৰী নাহাঁহে ইদৰে,

নকৰে ইদৰে ৰঙ্গ!

যদিওবা হাঁহে, তেতিয়াই এৰে

দেখিলে স্বামীৰ খঙ্গ!!

৪

তইতো নহৱ জীয়াৰী ছোৱালী,

কিয় অত হাঁহ তই?

[ ১৯৭ ]

দাঁত উলিয়াই হাঁহ ঘনে ঘনে,

লাজ নালাগেনে, হঁই!

৫

আপোন মনেৰে হাঁহিবি ইয়াত

নহয় মাৰৰ ঘৰ!

শাহ শহুৰৰ আগতে হাঁহিছ

তইতো নীলাজী বৰ!!

৬

নিলাজী, বান্দৰী তই, অ’ বিজুলী

নাপাৱ অলপো লাজ।

জানো বিধতাই চৰজিলে তোক

পিন্ধাই নিলাজী সাজ!!

৭

তোৰতো প্ৰাণৰ স্বোৱামী, বিজুলী?

বাৰিষা কালৰ মেঘ।

তোক হঁহা দেখি খঙ্গেৰে গজিছে

ৰখা অ’ হাঁহিৰ বেগ॥

৮

যাতেই নিলাজী তই, অ’ বিজুলী!

নুশুন মেঘৰ হাক!

মোৰে মূৰ খাব, কছোঁ বাৰু মোক,

ভাল কি নাপাৱ তাক?

৯

নাহাঁহিবি বুলি ইমান কইছে

গুঁজৰি গামৰি মেঘ!

[ ১৯৮ ]

তথাপিতো তই অলপো নৰৱ,

নাৰাখ হাঁহিৰ বেগ!

১০

যত দিয়ে হাক ঘোৰ গাজনীৰে,

ততই হাঁহিছ তই!

আপোনাৰ স্বামী ইমান বাঁধিছে,

ভয় নালাগেনে হঁই?

১১

নে—পৰৰ দুখত

বৰ ৰঙ্গ পাৱ? সি কাৰণে হাঁহ তই?

অইনে কান্দিলে হাঁহ খেক্ খেক্,

এনে নিদাৰুণী হঁই?

১২

স্বামী বিৰহত কান্দিছো বাগৰি,

হাঁহিছ মাথোন তই?

বাৰিষা কালৰ ক’লা মেঘে সতে

ভুমুক-ভুমুকি কই?

১৩

ইমান কান্দিলো ইনাই-বীণাই,

নালাগিলে বেয়া তোৰ?

হিয়াখনি নেকি শিলেৰে বন্ধোৱা

অন্তৰ বন্ধোৱা লোৰ?*

লোৰ অৰ্থ লৌহ নিৰ্মিত।

[ ১৯৯ ]

১৪

কেচুৱা কালত কান্দোতে-কাটোঁতে

আইৰ কোলাত শুই,

নীলা আকাশত ফেলেক-ফেলেক

হাঁহি যে আছিলি তই!

১৫

নানা কথা কই, ভয় দেখুৱাই,

আয়ে নিচুকাইছিলে,

নাকান্দিবি আক, সৌৱা আকাশত

চাছোঁ ৰঙ্গা জীবা জ্বলে॥

১৬

সেয়া ৰাক্ষসিণী ৰঙ্গাজীবা মেলি

চেলেকি খাইছে পানী!

“নাকান্দিবি আাৰু, নাকান্দিবি, আই।

তোকো লই যাব টানি॥”

১৭

কাঠৰী বিজুলী! জানিলো এতিয়া,

কথাটী মিছা নহয়।

সঁছাকৈয়ে তই সঁছা ৰাক্ষসিণী,

ভালেতো নিৰ্দ্দয়া তই?

১৮

ৰাক্ষসী নহলে নহয় এনুৱা,

এনে দয়ামায়া হীন;

[ ২০০ ]

নিশ্চয় জানিলো তই ৰাক্ষসিণী,

পালো আজি তোৰ ছিন॥

১৯

বাৰিষা কালৰ মেঘক পাইছ,

পাই ছ অপোন পতি,

কেনুৱা বিৰহ বিচ্ছেদ-যন্ত্ৰনা,

নাই পোৱা একো এটী॥

২০

নতুন প্ৰেমত বিভোৰ হইছ,

হাঁহিছ ভৰাই প্ৰাণ!

বিষম চক্ৰত পৰি কন্দা নাই,

নুবুজ শোকৰ গান॥

২১

(কিন্তু) সদাইতো মেঘ নাথাকে বিজুলী,

এদিন কান্দিবি তই!

এতিয়া নাকান্দ মোৰ কান্দোনত,

তেতিয়া বুজিবি, হঁই!!

………….

(মাৰ-যাওঁ-যাওঁ-হোৱা বেলি)।

হঁহুৱাই কন্দুবাই

গোটেই দিনতে তুমি

গোটেই জগত খনি, হায় দিবাকৰ!

অস্ত আচলত গই

[ ২০১ ]

শুইছা এতিয়া তুমি,

লুকাইছা নিজ ৰূপ ৰূপহ সুন্দৰ॥

২

দেখিছা কি ই দুখুনী

বিৰহিণী অভাগীক?

পৰি আছে কান্দি কাটি নইৰ পাৰত।

নেদেখি প্ৰাণৰ পতি

জ্বলিছে বুকুত জুই,

হিয়া ঢাকুৰিছে আজি পৰি বিৰহত!

৩

চিগিছে তাইৰ জানো

হৃদয়-বীনাৰ তাঁৰ,

ঝংকাৰ নীৰৱ যেন হ’ল একেবাৰে॥

জীৱন হইছে জানো

“চাহাৰা” মৰুভূমি,

প্ৰেমৰ সাগৰ জানাে ভৰা বলুকাৰে!!

৪

ৰ’বা ৰ’বা, দিবাকৰ!

ৰ’বাছোঁ খন্তেক তুমি,

ৰ’বাছোঁ অলপ, হেৰা কালৰ কিঙ্কৰ!

নৰ’লা অলপো তুমি?

নুশুনিলা কথা মােৰ?

নাই পােৱা জানাে তুমি দুখ বিৰহৰ?

[ ২০২ ]

যােৱাঁ বাৰু, দিবাকৰ!

নৰ’লা অলপাে তুমি?

যােৱাঁ তুমি যোৱাঁ গই চিৰ কাললই!

নেদেখো আকউ যেন

পূৱ ফালে দি তােমাক,

নােলােৱা আকউ তুমি যেন ৰঙ্গা হই॥

(মেঘ)

বাৰিষা কালৰ মেঘ!

শুনিছোঁ দেখােন মই,

কটকী আছিলি বােলে

তই তাহানি কালত।

চিত্ৰকুট পৰ্ব্বতৰ

বিৰহ ব্যাকুল যক্ষে

পঠিয়াইছিলে বােলে

তােকে প্ৰিয়াৰ কাষত?

২

তয়েনে, কছোন মেঘ।

সেই মেঘ? লই বাৰু

কালিদাসে “মেঘদূত”

কাব্য কৰিলে ৰচনা?

যদি হৱ, তেনে মেঘ!

[ ২০৩ ]

কৰ মোকো উপকাৰ,

অথিৰ কৰিছে মোকো

তেনে বিৰহ যাতনা !

৩

মেঘ ! তই কবি গই

স্বামীৰ আগত গই,

“যুগমীয়া কৰি প্ৰাণ

তেওঁতে অৰ্পিছোঁ মই ।

কবি মই মোৰ কথা

(শুনি জানো লাগে বেথা)

অকলে কান্দিছো মই

চকুলো দুধাৰি লই॥

*  *  *

অাৰু ক’বি (ক’লো তোক,)

বোলে, কিয় দিছে শোক?

ক’বি তই, অভাগিনী

মৰে প্ৰাণ এৰি থই॥

                  •••••••••••••••

তৃতীয় সৰ্গ।

…………..

(কলি)

কিয় পখি! কি কাৰণে

“কুউ কুউ কৰি ঘনে

বিৰহিনী তিৰুতাৰ দহিছ অন্তৰ

কোনেনো শিকালে তোক

এনে বিষময় মাত?

অভাগিনী ৰমণীক কৰিলি জৰ্জ্জৰ

মই অতি অভাগিনী,

বহু কাল বিৰহিনী,

পৰাণৰ স্বামী, মোৰ নাই যে ঘৰত

কিয় কুউ কুউ কৰি

জুলালি পৰাণ মোৰ?

দয়া মায়া তোৰ, কুলি নাইনে মনত?

লগত মলয়া সখী

পালেহি বসন্ত পখি

দেখি মোৰ ঘনে ঘনে জ্বলিছে পৰাণ

তয়ো তাতে ‘কু’ কৰি

[ ২০৫ ]

উগাৰিছ বিহ কুলি

ধিক্ তোক শত ধিক্ নাই তোৰ জ্ঞান॥

৪

কালাকাল নাই জ্ঞান,

সদাই জ্বলাৱ প্ৰাণ,

কুট বুদ্ধি তৰা তোৰ কলীয়া হৃদয়।

বাহিৰে কলীয়া যেনে,

ভিতৰেও তেনে তোৰ,

সময়ত মিত্ৰ, শক্ৰ অসময়ে তই॥

৫

কালাকাল নাই জ্ঞান

পৰৰ জ্বলাৱ প্ৰাণ,

জুড়াইছ নিজ প্ৰাণ কোকিলীক লই।

বিষময় বসস্তুত

বিৰহনো কেনেকুৱা,

কেনুৱা বিচ্ছেদ-দুখ নাই পোৱা তই॥

৬

কোকিলীক লগে লই

ভুঞ্জিছ প্ৰণয় তই,—

গুছাম সি সুখ তোৰ বুজিবি তেতিয়া—

উঘালি মূৰৰ চুলি,

গছতলে যুটি পাতি

ধৰিম প্ৰিয়াক তোৰ ৰাখিম যেতিয়া,—

[ ২০৬ ]

বুজিবি তেতিয়া তই

বিৰহ কেনুৱা ঐ,

বুজিব পাৰিবি,— মই কত পাওঁ দুখ।

নাথাকে ততিয়া আৰু

আনন্দ মনত তোৰ

নাথাকিব “কুউ মাত’ হাহি মুৱা মুখ॥

৮

কুউ কুউ গীত সুৰ

ভাল নালাগিব তোৰ

বিৰহে পুৰিব দেহা প্ৰাণ আদৰৰ;—

মলয়াৰ ৰিৱ ৰিৱ

নস’ব পৰাণে তোৰ

পকা আম হব বিহ, বসন্ত দুখৰ॥

৯

* * * *

গছৰ দালত পৰি

নাগা অীক কুউ গান।

বিৰহে দহিছে মোৰ

ঘনে ঘনে মন প্ৰাণ॥

১০

যদি চাৱ নিজ হিত

নাথাকিবি এইখিত,

মিনতি কৰিছোঁ, পখি আঁতৰি যা তই।

[ ২০৭ ]

শুনি তোৰ কুউ মাত

অন্তৰ জ্বলিছে মোৰ

কোকিলীৰ সুখ দেখি দুখ পাওঁ মই

…………

(সখীয়তী)

বাঁহ গছে গছে পৰি

“সখি উ! সখি উ!!’ কৰি

মাতা তুমি কোন সখী হেৰা সখীয়তী?

চোৱাঁ কাক চাৰুফালে উলটি পালটি?

২

হেৰুৱালা কোন সখী

কোৱাঁছোন হেৰা পখি!

নেদেখি কেনুৱা সখী বিচাৰি ফুৰিছা?

কাৰ বিৰহত তুমি জগত ভ্ৰমিছা?

৩

যি সখীৰ বিচ্ছেদত

প্ৰাণ সদা ছট্ ফট্ ‘সখী উ! সখী উ!!’ কৰি কৰিছা ক্ৰন্দন,—

তেওঁ কি তোমাৰ সঁচা বান্ধৱ ৰতন?

৪

তেওঁ কি তোমাৰ, পখী

অতি চেনেহৰ সখী?

মোহিলে তেওঁ কি পখি তোমাৰ হৃদয়?

ভাবি কি তেওঁকে মন বিয়াকুল হয়?

[ ২০৮ ]

৫

তেও কি তোমাক সেইদৰে ভাল পায়,

যেনেকই ভাল পোৱা তুমি?

যদি পায় তেনে পখি বৰ বেয়া হ’ল,—

হেৰুৱালা প্ৰণয়ৰ তুমি॥

৬

কিন্তু পখি হেৰুৱালা, নাকান্দিবা তুমি;

কান্দিলে নোপোৱা আৰু সখী।

হেৰালে পোৱাটো টান বান্ধৱ ৰতন,

তুমি শোক এৰি দিয়াঁ পখি॥

৭

মোৰো যে আছিল পখি পৰাণৰ পতি।

গাঁথিছিলো দুয়ো প্ৰাণে প্ৰাণে।

পাইছিলে বৰ ভাল মোৰ এই মন

মোহিছিল সুমধুৰ তানে॥

৭

কালৰ বতাহে কিন্তু নিলে উৰুৱাই,

পেলালে দূৰত মোৰ পতি;

কি ৰাতি কি দিন মই চিয়ঁৰোঁ তেওঁক,

নামাতে কোনেও কিন্তু পখি॥

৯

কোনেনো মতিব মোক স্বামী বিদেশত।

মোক এৰি আছে অকলই;

[ ২০৯ ]

কান্দিছোঁ মাথোন পখি ফুৰিছোঁ চিয়ঁৰি,

কিন্তু হায়! মিছাতে এনেই॥

১০

কওঁ সি কাৰণে, পখি থাকাঁ মনে মনে;

সখী উ! নকৰা সখীয়তি!

তোমাৰ অমিয়া তানে সবে সুখ পায়,

কিন্তু মোক দিয়ে দুৰগতি॥

১১

সখী উ! বুলিলে তুমি স্বামীক মনত পৰে,

কঁপি কঁপি উঠে হিয়া

হওঁ জ্ঞান নাইকিয়া,

স্বামীৰ ভাবনা ভাবি বিয়াকুল হওঁ!

মনে মনে থাকা, পখি ভৰি চুই কওঁ॥

১২

যেতিয়া ওলাব পখি! ভাগ্য অকাশৰ বেলি,

নীলিম গগন ভেদি

বিৰহ এন্ধাৰ খেদি,

তোমাৰ নিজৰ সখী পাবা তুমি পখি!

ময়ো পাম তেতিয়াহে পৰাণৰ পতি॥

…………

(কেতেকী)

ইগছ সি গছ কৰি

দলে দালে পৰি পৰি

[ ২১০ ]

খোজ কাঢ়ি যাম মই, যাবা উৰি উৰি,

বিচাৰিবা “স্বামী” তুমি, বিচাৰিম “পতি

…………

(শালিকী)

চুটীয়া শালিকী! –কত সুখে আছ

সুন্দৰ সজাটী লই।

ৰূপৰ বাতিত খাইছ গাখীৰ,

কিয় কান্দি থাক তই?

২

নিতে নিতে আনি, দিছে তোক পখি!

নতুন নতুন ফল!

দেৱৰো-বাঞ্চিত খাইছ পায়স,

সোন্দা, চেনিচম্পা কল॥

৩

আপোন হাতেৰে চক্ৰবৰ্ত্তি ৰজা

কৰিছে আদৰ তোক;

ইমান সুখতে তথাপি, শালিকী।

কিয় কৰি থাক শোক?

৪

ফুটুকা-ফুটুকী নানাবৰণীয়া,

ওপৰে “চাদোৱা” তৰি,

তাৰ তলে দিনি সুন্দৰ সজাত

তোক যে থইছে আৰি॥

[ ২১১ ]

৫

কি ৰাতি কি দিন গাইছ সদাই

“কৃষ্ণ-নাম” সুধাময়!

“ৰাধা-কৃষ্ণ” বুলি নিতে চিয়ৰিছ,

হেপাহ পুৰাই লই॥

৬

এনুৱা সুখতো কিয় কান্দ পখি!

কিয়নো বিমন তই?

কিনো যে ভাবিছ, কিনে, যে গুনিছ!

একো বুজা নাই মই॥

৭

বধ লাগে—পখি! কছোঁ তই মোক

কি দুখত থাক কান্দি?

অৰণ্য-মাজত পৰাণৰ প্ৰাণ

এৰি কি আহিলি স্বামী?

৮

বহুত কবিয়ে নানা কথা কয়

দুখৰ বিষয়ে তোৰ!

সঁছাকৈয়ে, পখি! এটীটো যে তাৰ

বিশ্বাস নহয় মোৰ॥

৯

কয় কোনো কবি, হেৰুৱালি তই

“স্বাধীনতা” মহাধন।

[ ২১২ ]

সি দুখতে তই কান্দি থাক নিতে,

সদা বিয়াকুল মন॥

১০

এই কথা পখি! যিটো কবি কয়,

একোকে নাজানে তেঁও!

সংসাৰ-ক্ষেত্ৰৰ পলখত পৰি

নাই লোৱা তেঁও লেও॥

১১

যি দিনা অবধি আসাম মাতৃয়ে

হেৰালে স্বাধীন ধন।

সি দিনা অৱধি আসাম-বাসীৰ

পৰৰ অধীন মন॥

১২

সি দিনা অৱধি অসমীয়া জাতি

আনৰ গোলাম হ’ল!

খোৱা, পিন্ধা, লোৱা, উঠা, বহা, শোৱা,

লোকৰ হাতত গ’ল!!

১৩

তথাপিও পখি! এটাৰো মুখত

নাই বিষাদৰ চিন।

তইতো, শালিকী!—-আসামৰে পখী?

তয়ো হ’বি পৰাধীন॥

১৪

স্বাধীনতা গ’ল, সেই বুলি তোৰ,

জানিছোঁ,—নাকান্দে মন।

[ ২১৩ ]

নীলা পৰ্ব্বতৰ কাঠনী-মাজত

এৰিলি স্বোৱামী ধন!!

১৫

চেঙ্গেৰা কালৰ স্বামীক এৰিলি,

কান্দিছে সঘনে প্ৰাণ!

চকুৰ চকুলো ওলায় দুধাৰে,

কলা ভাবনাত কান!!

১৬

 * * * * *

 * * * * *

জুৰুলী -পুৰুলী কিয় হ’লি তই?

গাখীৰ নাখাৱ কিয়?

নাখাই-নবই স্বামীৰ শোকত

মাৰিব খুজিছ জীব?

১৭

সঁছাকৈয়ে যদি এৰিলি স্বোৱামী।

যদি সঁছাকৈয়ে হয়!

তোৰে-মোৰে দেখো একেই দুৰ্দ্দশ

স্বামী-বিৰহিণী মই!

১৮

নিষ্ঠুৰ মানৱ! নাই দয়া মায়া;

স্বামীৰ লগৰ পৰা

বান্ধিলি সজাত অজলী শালিকী

হিয়া দুখে শোকে ভৰা॥

[ ২১৪ ]

নিৰ্দ্দয় বিধাতা! হৃদয়ৰ পৰা

লুকালি অমূল্য ধন।

কিয়নো নিদিয় পুনু দেখুৱাই,

এনে নিদাৰুণ মন?

………….

(কাউৰী)

উৰি যোৱা কোৱা!

কথা শুনি যোৱা,

পাৰা যদি কোৱা বতৰা মোক,

কেতিয়া আহিব

মোৰ প্ৰাণপতি?

কেতিয়ানো যাব বিৰহ দুখ?

২

ঘৰে ঘৰে তই

শুনিছোঁ, কাউৰি!—

কই ফুৰ সদা ‘অহা বতৰা”;

কছোন কাউৰি।

মোকো আজি তই,

আহিবনে মোৰ জীৱন-তৰা?

৩

আহিবনে মোৰ

পৰাণৰ প্ৰাণ?

*কোৱা=কাউৰী

[ ২১৫ ]

জীৱন জুড়োৱা বুকুৰ ধন?

পামনে আকউ

পামনে পিন্ধিব’

হেম-হাৰ মোৰ স্বামী ৰতম?

৪

“কেলেলে-কেলেলে”

কৰি তই, কোৱা!—

ঘৰৰ কাষৰ গছত পৰি

কই ফুৰ সদা

‘‘আলহি আহিব”

—লোকৰ আগত থমক ধৰি॥

৫

নকৱ কিয়নো,

কলীয়া কাউৰি!

মোৰো ওছৰত গছত পৰি

“নাকান্দা আইতি!—

আহিব তোমাৰ

স্বোৱামী ৰতন এতিয়া লৰি”?

 * * * * *

 * * * * *

৬

কইযা কাউৰি!

মোৰে মূৰ খাৱ!

পাৰ যদি তই যাত্ৰা তেওঁৰ।

[ ২১৬ ]

কেতিয়া আহিব?

কেতিয়া দেখিম

সেই হাঁহি মুখ চকুৰে মোৰ?

৭

যদিহে নক’বি

বাতৰি কাউৰি!—

জানিবি, অভাগী মৰিব আজি!-

বিৰহ জুইৰে

দেহা খৰি-দিব-

প্ৰণয় খৰিৰে চিতাটী সাজি॥

                    ••••••••••••••

                     চতুৰ্থ সৰ্গ।

(বসন্ত)

কিয় সাজ পাৰ পিন্ধি

আহিলি বসন্ত! তই?

কালাকাল তোৰ একো নাইনে বিচাৰ?

মিচিকীয়া হাহি মাৰি

জ্বলালি হৃদয় মোৰ!—

নিচিন নিৰ্ব্বোধ। —তই সময় হহাঁৰ?

২

স্বামী নাই ঘৰে মোৰ

ভুঞ্জিছোঁ কেলেশ ঘোৰ,

বিৰহৰ সাগৰত ওপঙ্গি ফুৰিছো।

জান কি বসন্ত! তই কিমান কান্দিছোঁ?

৩

বিৰহৰ সাগৰত

কেলেশ বিৰাজে য’ত

মই অভাগিণী ফুৰিছোঁ ভাহি;.

কিন্তু, হে ৰসন্ত! তই

মোৰ ঘথে সুখী হই

মিচিকীয়া আজি হাঁহিছ হাঁহি!

[ ২১৮ ]

জানিলো, বুজিলো মই,

বসন্ত! নিৰ্দ্দয় তই!

বিৰহিনী গাভৰুক জ্বলা-কলা কৰ।

কি সময়, অসময়, একো নিবিচাৰ॥

৫

গুছি যা। বসন্ত! তোৰ বৰ পক্ষপাত;

কাকো দিয় মহাসুখ, জুই কাৰো গাত!

৬

কোনো হাঁহে কোনো কান্দে,

কাৰো বা হৃদয় ভাগে,

কাৰো ভাগ্যে হয় মাথোঁ অশেষ ক্ৰন্দন।

জানিলো বসন্ত! তোৰ পক্ষপাতী মন!

৭

মউ লই মউ লই

আহিলি বসন্ত! তই,

ফুল লই ফুল লই আহিলি ভৰাই

নানিলি মোলই কিয় স্বোৱামীক চাই?

৮

দিলিহি গছক পাত

(কোমল লাৱণ্য পাত)

পিন্ধালি নতুন সাজ প্ৰকৃতি দেবীক।

নিদিলিহি কিয় আনি মোৰ স্বোৱামীক?

[ ২১৯ ]

৯

জানিলো বসন্ত! তই

অতিশয় নিৰদয়,

পক্ষ-পাতে ভৰা তোৰ কঠিন হৃদয়!

নাক বসন্ত আৰু; আঁতৰি যা তই॥

১০

গুছি যা, বসন্ত। তই,

এই অসময়,

এতিয়া নাহিবি তই, আহিবি পাছত।

আনিবি যেতিয়া মোৰ

পৰাণৰ প্ৰাণ,

হৃদয় বজ্যৰ ৰজা স্বামীক লগত॥

⸺·×·⸺

(মলয়া)

ৰিব্ ৰিব্ ৰিব্ কৰি,

লাহে লাহে ল’ৰি ল’ৰি,

কিয়নো, মলয়া। তই আহিলি এনেই।

সেই দিন নাই মোৰ

যি দিন আদৰ তোৰ,

গুছি যা উলটি তই আহিলি যেনেই॥

২

নাই আজি সেই দিন, ফুলনী মাজত

স্বামীয়ে সইতে বহি আনন্দ মনত

[ ২২০ ]

যি দিনা আদৰ বহু কৰিছিলো তোক,

শীতল প্ৰাণেৰে ভূঞ্জি সমীৰণ সুখ॥

৪

নাই আজি সেই দিন,

গুছি যা, মলয়া!

আদৰ নাপাৱ আজি মোৰ ফুলনীত।

গুছি যা তালই তই

বিৰাজিছে য’ত

প্ৰেমিক-প্ৰেমিকা গাই প্ৰণয়ৰ গীত

৫

সৌভাগ্য উদয় যদি

কেতিয়াবা হয়,

সুখৰ বেলিটি যদি হাঁহে আকাশত;

বিৰহ সাগৰ সিঁচি,

যদি কেতিয়াবা

স্বোৱামীক লই বহোঁ ফুলনী মাজত;

৬

আহিবি তেতিয়া তই,

সাদৰী মলয়া।

ৰঙ্গে আদৰিম।

নহলে, জানিবি এই

“শেষ দেখা-দেখি”

আৰু নেদেখিম!

………….

[ ২২১ ]

(মন)

কিয়নো হইছ, মন!

ইমান কাতৰ ঐ?

তেওঁৰ লগতে তই আছতো সদাই?

চকুৱে যে দিন ৰাতি

টুকিছে চকুলো ধাৰি,

তাৰো যে কাৰণ আছে, দেখিব নাপাই।

পৰিছে চকুলো

কান্দিছে দুচকু,

নাপাই দেখিব তেওঁৰ মুখ।

কিন্তু, কিয় মন! কান্দিছনো তই?

কিয়নো মিছাতে কৰিছ শোক?

দেহা যে ইমান ক্ষীণ

দিনে দিনে হইছে,

তাৰো যে কাৰণ আছে, হ’ল বহু দিন

নাই পোৱা আলিঙ্গন

তেওঁৰ দেহাৰ, মন!

সি শোকতে হয় দেহা দিনে দিনে ক্ষীণ।

কান যে উদ্বিগ্ন সদা,

নোৱাৰি দুষিব তাকো

[ ২২২ ]

শুনা নাই বহু দিন তেওঁৰ সুস্বৰ।

কিন্তু, মন! কি কাৰণে হইছ কাতৰ।

৫

মুখ যে ইমান মোৰ

ক’লা ম’লা পৰিছে,-

খোৱা নাই মউ চুমা তেওঁৰ মুখত।

তেওঁৰ লগতে, মন।-

আছতো সদাই তই?

কাতৰ হইছ কিয়? – কিহৰ শোকত?

৬

*  *  *

*  *  *

কিন্তু, মন! কান্দ তই

কিনো দুখ পাই?

(চকু)

চকু ঐ!

কিয়নোসদাই চকুলো টোক?

কান্দি কান্দি তই

জীৱন কটালি,

তথাপি নহ’ল কামনা পূৰ?

অক কত দিন

কান্দিবিনো তই

নেদেখি প্ৰাণৰ স্বোৱামী মোৰ?

[ ২২৩ ]

২

মোৰ দুখ দেখি,

হাঁহে জোন বেলী,

মিচিকীয়া আজি হাঁহিছে তৰা,

মোৰ দুখে দুখী

তয়েহে, ঐ চকু!

তয়েহে সদাই চকুলো-ভৰা॥

৩

জানো তোৰ চকু!

কোমল অন্তৰ

পৰৰ দুখত কান্দিছ তই।

দুখিত মনেৰে

ব্যাকুল প্ৰাণেৰে,

পৰৰ দুখত বলীয়া হই।

৪

জানিবি, ঐ চকু!

পূৰ্ব্ব জনমত

কিবা পাপ কৰি আহিলো মই!

সি পাপে সদাই

নিতে কন্দা মোৰ,

কিন্তু কিনো পাপ কৰিলি তই?

৭

তোৰ যে অন্তৰ

সদাই পবিত্ৰ,

[ ২২৪ ]

কাকো যে নিহিংস কোনো (ও) কালে;

কিয়নো, ঐ চকু

কান্দি থাক তই

কি পাপত তোক বিষাদে পালে।

যি নামে পানীত

সেয়ে নিজে তিতে

মোৰ পাপে পাপী কিয়নো তই।

নাকান্দিবি চকু!

কি হ’ব কান্দিলে

পৰৰ দুখত ব্যাকুল হই॥

(হেপাহ)

হৃদয়ৰ দাৰুণ হেপাহ!

একোতে নহ’লি পূৰ,

বাঢিলি জানক -জানে,

কৰিলি দিনক-দিনে পৰাণ উদাস।

বলীয়া কৰিলি মোক,

পগলা হেপাহ! তই,

অনন্ত কৰিলি মোৰ অন্তৰৰ আশ।

তেওঁ নে কি এনুৱা অমিয়া?

অমৃত নইৰ পৰা

[ ২২৫ ]

আনি অমৃতৰ টোপা

নিৰ্জ্জনে বিধাতা বহি কৰিলে সৃজন?

সি কাৰণে কি , হেপাহ

তুলিব নোৱাৰ তই?

তেওঁতে পৰাণ মন কৰিলি অৰ্পন।

যেই দিনা তেওঁ এৰি গল,

দুচকু নীৰল হল ,

চকুৰ টোপনী গ’ল,

নাইকিয়া হ’ল মন থাকিব ঘৰত!

বিয়াকূল হল মন,

হিষ চৰি ফাটি গ’ল!

তথাপি, হেপাহ! সুখ ন’হল মনত।

তেওঁতেই সপিলো জীবন

কুলত কলঙ্ক দিলো

এৰিলো সুখৰ আশা!

হেৰুৱালো আপোনাক অপোন দোষত!

তথাপি, হেপাহ! তই

একোতে ন’হলি পুৰ।

বাঢ়িলি দিনক-দিনে মোৰ অন্তৰত!

তেওঁকেই ভাবো দিন ৰাতি।

তেওঁকেই আশা কৰি

[ ২২৬ ]

দিন গ’ল, মাহ গ’ল;

তেওঁকেই ভাবি প্ৰাণ জ্বলা-কলা হ’ল।

ধিয়াই তেওঁৰে নাম

সাজিছোঁ যোগিনী মই,

ভাবোতে তেওঁৰ নাম বহু কাল গ’ল

হৃদয়ৰ হেপাহ দাৰুণ

ইমানতে! তোৰ আশা

নহ’ল নহ’ল পূৰ

নুগুছিল চকু-পাণী দুচকুৰ পৰা?

হৃদয়ৰ জুই মোৰ

নুমাই নগল আৰু,

নুশুকাল শোক-নই শোক-দুখ-ভৰা?

ভৱলীলা সমাপণ হ’লে,

দেখিম, –স্বৰ্গৰ মাজে

পাওঁ কি নাপাওঁ তাত,

হব কি নহৱ পুৰ দেখিম, হেপাহ!—

চকুপানী দুচকুৰ

যায় কি নাযায় মাৰ,

গুছে কি নুগুছে মোৰ অনন্ত পিয়াহ?

[ ২২৭ ]

(শান্তি)

   শান্তি ঐ!

প্ৰেমসাগৰৰ ঢউ-খলকত

নিৰ্জ্জীৱ নীৰৱ তই!

চিয়ঁৰি-বাখৰি কত মাতোঁ তোক,

বিচাৰি নাপাওঁ মই।

তপসীৰ হায়! নিৰ্জ্জন বহাত

প্ৰসন্নতা তোৰ পবিত্ৰতা স’তে

নীৰৱ নীৰলে ৰয়।

বিৰহিণী নাৰী কত মাতোঁ তোক

ওলাই নামাত তই!

৩

বিষম কঠোৰ সংসাৰৰ মাজে

নাথাক অলপো ৰ’ই!

বিৰহ ঢউৰ গাজনীয়ে স’তে

যাৰ যে মিহলি হই।

(কিন্তু) কেচুৱা কালৰ ফিলিকা হাঁহিত

সদাই আছিলি ৰই!

ইমান দিনত জানিলো অ’ শান্তি –

মোক তিয়াগিলি তই।

যা অ’ বাৰু, শান্তি!—এৰি অভাগীক,

কিন্তু নেৰোঁ তোক মই!

[ ২২৮ ]

এই সংসাৰত পলাই থাকিবি,

পাম যে স্বৰ্গত গই?

আছ যে, অ’ শান্তি!—এনুৱা এঠাই

পলাব নোৱাৰ য’ত!

আছেযে সৰগ অনন্ত শান্তিৰ

তয়োতো থাকবি ত’ত।

ত্ৰিলোকৰ পতি বিৰাজিছে তাত,

দাস যে তেওঁৰ তই।

সি ঠাইত, শান্তি কিৰূপে পলাবি?

পামতো তেতিয়া মই?

(বতাহ)

বতাহ ঐ।

বিৰহিণী নাৰী বিৰহ জুইত

পুৰি-দেই হই ছাই,

দুখে হুমুনীয়া পেলাব খুজিলে

সিকালতো তোক পায়।

হুমুনীয়া স’তে থাক তই সদা

আৰু থাক তই ত’ত

[ ২২৯ ]

ফুলনী বাৰীত প্ৰেমিক-প্ৰেমিকা

একে লগে বহে য’ত॥

৩

প্ৰেমি-প্ৰেমিকাৰ মিহলি নিশ্বাস

অতি হেপাহৰ তোৰ;

তাকে পালে তয় নাযাৱ কলৈকো

সদাই তাতেই ভোৰ।

৪

(কিন্তু) তই যে বতাহ! সৰ্ব্ব-ঠাই-গামী,

সকলো ঠাইতে যাৱ।

ফুৰোতে ফুৰোতে জানো! কৰবাত

মোৰো স্বোৱামীক পাৱ?

৫

বা অ’যা, বতাহ! যাছোন বেগাই,

তেওঁক ই কথা কবি,

বুলি, অভাগিনী আছে এতিয়াও

নম’ৰি, তেওঁকে জপি॥

                  ••••••••••••

                       পঞ্চম সৰ্গ।

(মাধৈ লতাৰ পৰা নিয়ৰৰ টোপা সৰি

থকা দেখি)

কিয়নো, মাধই লতা

কান্দ এই শেহ নিশা।

কাৰ বিৰহত? তোৰ আছেনো বা কোন।

টপ-টপ-টপ কৰি

পৰিছে চকুলো তোৰ।

কিয় কান্দ? কাত লাগি সছাঁই কছোন।

২

মাটীয়ে বালীয়ে শুই,

চকুৰ পানীৰে তোৰ

তিয়াৱ তলৰ ঠাই কাৰ বিৰহত?

কাকননা নাপাই তই

বিণাৱ ইদৰে আজি।

কছোন, লাহৰী লতা নাৰাখি কপট।

৩

তৰুৰ বিহনে তোৰ

ওলাইছে চকুপানী,

নাপাই তৰুক তই বাগৰ মাটীত

[ ২৩১ ]

নিৰাশাৰ সাগৰত

ফুৰিছ ওপঙ্গি তই,

তিতিছে সি বুলি মাটী চকুৰ পানীত?

৪

তৰুৰ বিহনে তোৰ

কান্দিছে পৰাণ মন?

মোৰ চকু দুটা তেন্তে কিয় নাকান্দিব?

চাওঁতে চাওঁতে বাট

বিষালে দুচকু মোৰ,

ইমানতো নেকি মোৰ স্বোৱামী নাহিব?

৫

আৰু কতদিন, লতা!

কান্দি কান্দি বাট চাম?

কতদিন আৰু মই জপিম যি নাম?

যি নাম জপিলে হায়!

জ্বলে হদয়ত জুই

বিয়াকুল হয় মন, অথিৰ পৰাণ॥

…………….

(নই)

বিৰহৰ জ্বালা তুমি জানা ভালকই, নদি?

সিকাৰণে সদা তুমি সাগৰ-সঙ্গমে,

কোনো ফালে চকু নিদি, নামানি বাধা-বুধলি

দিন ৰাতি যোৱা তুমি আকুল পৰাণে॥

[ ২৩২ ]

সি মহা জ্বালাতে আজি মইও তাপিত, নদি!

ময়ো যে ব্যাকুল আজি স্বামীক বিচাৰি!

বিৰহৰ তুহ জুয়ে পুৰিছে হৃদয় মোৰো

স্বামীৰ বিৰহে ময়ো

কান্দিছোঁ বাগৰি॥

*  *  *

৩

হেজাৰ হেজাৰ ঢউ থই থই আঁতৰাই

সমুদ্ৰে তোমাক, নদি!

কৰে আলিঙ্গন!

তুমি দুয়ো হাত মেলি সুখে আলিঙ্গন কৰি

পতিয়ে সইতে হোৱা

আনন্দে মিলন॥

৪

কিন্তু মোৰ দশা নদি! চোৱাছোঁন ভাবি তুমি

টোপনীত কত দিন

দেখোতে সপোন,

হাত দুটি মেলি মেলি তেওঁক ধৰিব খোজোঁ,

নাপাওঁ ধৰিব হায়!

নহয় মিলন॥

৫

সাৰ পাই কান্দো কাটোঁ চকুৰ চকুলো টোকোঁ

পুৰি মৰোঁ বিৰহৰ

[ ২৩৩ ]

জ্বলা অগনিত!

কোৱাছোঁন কোবা নদি! পাম কি তেওঁক মোৰ?

পাম জানো মিলনৰ

সুখ পৃথিবীত?

…… ……

(শোৱনী কোঠাত সোমাই)

কাৰ নিমিত্তেনো আৰু

ধাৰী-পাটী পাৰি থম?

থাক পৰি ধাৰী-পাটী!

মাটীতেই পৰি ৰ’ম!

২

নাই মোৰ প্ৰাণপতি

বিহ যেন ধাৰী-পাটী

শিমলু তুলাৰ তুলি যেন কাঁয়েটীয়া!

থাক্ পৰি ধাৰী-পাট

তোতকই ভাল মাটী,

মাটী যে শীতল,—তাত বিহ নাইকিয়া .

৩

বিৰহৰ তুহ জুই

বুকুৰ মাজত লই

এনেই হইছোঁ মই পুৰি দেই ছাই॥

তাতে তয়ো, ধাৰী-পাটী

আছ কালকূট সানি

তুলি!—তয়ো আছ লই কাঁইট ভৰাই॥

[ ২৩৪ ]

৪

কমোৱা তুলাৰ গাৰু

কোমলতা নাই আৰু

শিলাময় হ’লি তই শুম কেনেকই?

আঠুৱা তয়ো যে ঐ

উঠিলি শতুৰু হই;

সুখৰ শোৱনী ঘৰ জুই-শাল তই॥

৫

দাপোন-কাকই যোৰ

কিবা কাজ আৰু মোৰ?

গুছি যোৱা তোমা-দুয়ো আনৰ কাষত।

কোনে চাব খোঁপা মোৰ

সেন্দুৰৰ ফোঁট যোৰ

চাই যিটে ধুন মোৰ নাই যে ঘৰত॥

৬

শোৱনী কোঠাৰ চাকি

কিয়নো জ্বলিছ তই?

জ্বলিছ,—কিন্তু যে নাই অলপো পোহৰ।

বিৰহ এন্ধাৰ খেদি

কোঠাটো পোহৰ ভৰা

পাৰ কি কৰিব তই বিহনে নাথৰ?

৭

মিছা কথা, ছাকি! তই

নালাগে জ্বলিব আৰু

[ ২৩৫ ]

স্বোৱামী নাহিলে ঘৰ নহয় পোহৰ!

কি কাজ মিছাতে জ্বলি;

সুমা সুমা ছাকি তই

জ্বল গই আছে যাৰ স্বোৱামী প্ৰাণৰ॥

…………..

(গোলাপ)

গোলাপ ঐ

স্বামী থকা হলে হায় এনুৱা কালত

আঁচুৰি মুৰৰ চুলি

সুন্দৰ খোঁপাটী বান্ধি

পিন্ধিলো তোমাক হয় আনন্দ মনত!

২

গোলাপ তোমাক চিঙ্গি

সুন্দৰ দোলেৰে গাঁথি

সজালো হেতেন ৰঙ্গে ধাৰি পাটী মই!

নাই হায়! কিন্তু মোৰ আজি সি সময়॥

৩

স্বোৱামী যে নাই আজি

কি কাজ তোমাক পিন্ধি

কোনে চাব আজি মোৰ ফুলময় বেশ?

সি হেতু গোলাপ! মই পাওঁ বৰ ক্লেশ॥

…………

(পৰ্ব্বত।)

শিলেৰে বন্ধোৱা দেহ!

কঠিন পৰ্ব্বত

[ ২৩৬ ]

কি ৰূপে বুজিবি তই

প্ৰাণৰ যাতনা ঐ

অন্তৰৰ দুখ মোৰ? তোৰ যে হৃদয়

লোহাতো অধিক টান, তই শিলাময়!

২

কঠিনতা ছবি লই

আছ থিয় হই তই

কঠোৰ ভাবেৰে হায় দেখাইছ মুখ

পাৰ কি বুজিব তই অভাগীৰ দুখ?

৩

কঠিন পদাৰ্থ লই

বন্ধাইছ হিয়া তই

পিন্ধি কঠিনতা-সাজ আছ থিয় হই

কিৰূপে বুজিবি দুখ বিৰহৰ তই?

৪

কি দিন কি ৰাতি তোক

সহিব নোৱাৰি দুখ,

কান্দি কান্দি চকুলোৰে দিছোঁ ওপঙ্গাই,

চকুলোৰ নই হায়! পঠালো বোৱাই॥

৫

তথাপি নহ’ল দয়া,

নাই নেকি তোৰ মায়া?

নুমুছিলি চকু-পানী মোৰ দুচকুৰ।

কঠিন পৰ্ব্বত! তোৰ হৃদয় কঠোৰ॥

[ ২৩৭ ]

(নইৰ দাতিত)

দেহি ঐ।

পৰোঁ-পৰোঁ-হোৱা ৰঙ্গা বেলিটীয়ে

ঢালিছে কিৰণ ৰ’দ্।

সোনালী সাজেৰে হাঁহে নই খনি

বজাই সুৱলা গদ্॥*

২

সোনালী মুকুট পিন্ধিছে মুৰত

ঠউকী-বাঠুকী ঢউ!

কুল কুল কৰি গীত গাই নদী

ঢালিছে অমিয়া মউ॥

৩

সাগৰৰ ফালে উত্ৰাৱল নদী

একান্ত মনেৰে যায়।

শুনাব খুজিছে জানো প্ৰেমকথা

আজি মিঠা গীত গাই॥

৪

ৰ’বাছোঁ অলপ ৰই যোবা, নদি!

শুনি যোৱাঁ মোৰ দুখ।

পাইছোঁ যেনুৱা সন্তাপ মনত

নেদেখি স্বামীৰ মুখ॥

“গদ্” বা গৎ।

[ ২৩৮ ]

৫

বধ লাগে নদি! ৰ’বাছোঁ খন্তেক

চকুলো এধাৰি নিবা।

যদি ক’ৰবাত পোৱা স্বোৱামীক

তেওঁৰ পাৱতে দিবা॥

৬

নাৰী জনমৰ শেষ উপহাৰ

চকুৰ চকুলো ধাৰি।

লই যোৱা নদি! দিবা স্বোৱামীক,

মাতিছোঁ কাকুতি কৰি॥

                      •••••••••••

                        ষষ্ঠ সৰ্গ!

(স্বপ্ন)

সপোন ঐ!

মিছাতে খন্তেক মাথোঁ

দেখুৱালি সেই মূৰ্ত্তি

অতীত প্ৰাণৰ দুখ কৰিলি দুগুণ!

সপোন! এনুৱা তই কিয় নিদাৰুণ?

বহু দিনাৱধি হায়!

নেদেখি নেদেখি মোৰ

প্ৰায় সহিছিল প্ৰাণে বিৰহ যাতনা

কত ভাবি, কত কান্দি

অনকে বুজাই কত

প্ৰায় শেষ হইছিল প্ৰেমৰ ভাবনা!

সুন্দৰ লাৱণ্য ছবি,

মউ সনা, মৃদু হাঁহি,

মিছাতে খন্তেক মাথোঁ কিয় দেখুৱালি?

অনন্ত চিন্তাত পৰি

[ ২৪০ ]

প্ৰায় হইছিল শেষ

আভা ফেৰি মাথোঁ হায় আছিল উজ্জ্বলি॥

৪

কিন্তু যে সপোন তই

এখন্তেক দেখুৱাই

এটি দুটি কৰি হায় সকলোটি জগালি।

মিছাতে ছঁয়াৰ দৰে কিয়নো যে দেখালি?

৫

বহুত দিনৰ পাছে

দেখা হ’ল তেঁৱে সতে

দেখা হ’ল, সঁছা,-কিন্তু দেখাও নহ’ল।

অক্ষয় অনন্ত কাল

প্ৰাণে চাব খোজে যাক

খন্তেক দেখিতো হায় হেপাহ নগ’ল?

৬

নি দাৰুণ হেপাহত

সাগৰ শুহিব খোজে,

গুছে কি পিয়াহ তাৰ এটোপা পানীত?

পূৰ্ণিমাৰ ৰঙ্গা জোন

চাব খোজ প্ৰাণে যাৰ,

তাৰ কি হয় শাত হয় জোনাকীত?

৭

   সপোন ঐ!

দেখা শেষ হই গ’ল

যি হবৰ সেয়ে হ’ল,

[ ২৪১ ]

আকউ জ্বলিল সেই বিৰহ অগনি

নুপুৰুতে মন আশা,

অনন্ত হেপাহ, হায়!—

সাৰ মাথোঁ হ’ল মোৰ দুচকুৰ পানী!

( স্বামী )

প্ৰাণনাথ! ভাল পোৱা

যেন সপোনৰ খেলা

এয়ে শেষ নেকি, নাথ

হ’লনে কি তাৰ বেলা?

পশ্চিম আকাশে দিনি

হাউলি পৰিছে বেলি

ৰ’দ গ’ল, বেলা গ’ল,

সন্ধীয়া কৰিছে কেলি

প্ৰাণৰ প্ৰেযসী লই

বনৰীয়া পখী যায়,

আপোনাৰ বাহে বাহে

বিচাৰি আপোন ঠাই

আকাশত জোন দেখি

হাঁহিছে কুমুদ ফুল

[ ২৪২ ]

প্ৰাণনাথ –মাথোঁ মই

অভাগিনী বিয়াকুল॥

এটী দুটী কৰি, হায়

ওলাইছে বহু তৰা

দেখি প্ৰেমিকাৰ মন

পৰাণ উলাহে ভৰা॥

হাঁহে আকাশত তৰা

কান্দিছো মাথোন মই

কোৱা নাথ? ভাল পোৱা

গ’লনে কি অন্ত হই?

হায়!

আজিও হেপাহ মোৰ

নাই নাথ! পূৰ হোৱা

আজিও আশাৰ নই

অছে হৃদই বোৱা

আজিও শুকাল দিঙ্গি

পিয়াহত বিয়াকুল,

মন-ফুলানীত ফুলে

আজিও প্ৰেমৰ ফুল॥

[ ২৪৩ ]

সৰু বয়সৰে পৰা

মই নাথ! তুমি-ময়

শিৰৰ মাজে দি মোৰ

তোমাৰেই তেজ বয়॥

তুমি মই দুয়োটিয়ে

আছিলোতো অচেতন

অকস্মাতে সাৰ পাই

কিয় বিৰহ দহন?

প্ৰাণনাথ! ভাল পোৱা

খেন সপোনৰ খেলা!

এয়ে শেষ নেকি, নাথ?

হল নেকি তাৰ বেলা?

(অকলে-অকলে)

(ক)

অকলে কান্দিছোঁ হায়!

বিচাৰি নাপাওঁ

কি ৰূপেনো জীৱন কটাওঁ?

দেখিলো—পূৱতী গুছি গ’ল?

দেখিলো—সন্ধীয়া আহি হ’ল,

[ ২৪৪ ]

দেখিলো-ওলাল বহু তৰা

এটী দুটী কই, হৰ্ষ-ভৰা

দেখিলো—সকলো মাৰ গ’ল

দেখিলো—পূঁৱতী পুনু হল,

বিচাৰিলো মনৰ কামনা,

টুকিলো চকুৰ চকুপানী,

চিঙ্গিলো আশাৰ পুনু জৰি

নিৰাশৰ শোকে কান্দি কান্দি

অকলে কান্দিছোঁ, হায়

বিচাৰি নাপাওঁ

কি ৰূপেনো জীৱন কটাওঁ!

দেখিলো-বহুত ফুল

ফুলিছিল ফুলনীত,

শুনিলো, বহুত পখী

জুৰিছিল নানা গীত

দেখিলে, মলয়া বায়ু

ৰিব ৰিব বলিছিলে

পাতে পাতে ফুলে ফুলে

বহু নচুৱাইছিল।

[ ২৪৫ ]

অকলে অকলে বহি

দেখিলো আগত,

সকলোটী পুনু, হায়!

লুকাল আঁৰত॥

অকলে যে

নোৱাৰো থাকিব আৰু মই

দাৰুণ বিষাদ! তই আহ!

হৃদয়ৰ ঘা মই

নোৱাৰো ঢাকিব

আঁউশী এন্ধাৰ! তই আহ

অকলে অকলে আছো

বিচাৰি নাপাওঁ!

কি ৰূপেনো

জীৱন কটাওঁ।

(অকলে-অকলে)

(খ)

টুকিলো বহুত দিন

চকুলো হধাৰ।

কিয় আৰু মিছা মায়া

মোহৰ মোহিনী ছঁয়া

[ ২৪৬ ]

ক’লা দাৰৰ গাত বিজুলীৰ হাৰ?

কিয় মধুময় সুৰে

মাতে পুনু জুৰে জুৰে?—

“আঁহা আঁহা” বাজে কিয় আশাৰ ঝঙ্কাৰ?

২

কন্দা মাথোঁ সাৰ হ’ল!

হিয়! মাথোঁ ভাগি গ’ল!

নীৰৱে চিগিল মাথোঁ তাঁৰ হৃদয়ৰ।

শূন্য মৰুভূমি, হায়!

মৰিচিকা দেখা পাই

সহিলে পিয়াহে মাথোঁ মানস অন্তৰ!

৩

হৃদয়ৰ মন্দিৰত

“বেদি” তুলি মানসত,

এক ধ্যানে থাপিছিলো “দেৱ” হেপাহত!

ই মোৰ পৰাণ লই

চকুপানী মিহলাই,

উছৰগ কৰিছিলো সেই চৰণত॥

৪

গোটেই জীৱন ভৰি,

অশেষ কামনা কৰি,

এক মনে সাধিছিলো “দেব” তুল্য ভাবি!

কায়মনে,⸺এক প্ৰাণে

[ ২৪৭ ]

এক ধ্যানে, এক জানে,

পূজিলো যতনে সেই প্ৰেমময় ছবি।

৫

নাই সেই ছবি আৰু,—

নাইকিয়া ছঁয়া তাৰো,

আঁতৰিল মূৰ্ত্তি সেই হিয়া শূন্য কৰি!

কি যে এটা কথা কই

এটা হুমুনীয়া থই

সেই মূৰ্ত্তি বিসৰ্জন! হৰি! হৰি! হৰি!

৭

তেনে, আৰু কিয় মায়া?

আশাৰ মোহিনী ছঁয়া?

ক’লা দাৱৰৰ গাত বিজুলীৰ হাৰ!

কন্দা মাথোঁ সাৰ হ’ল,

হিয়া মাথোঁ ভাগি গ’ল!

নীৰৱে চিগিল মাথোঁ হৃদয়ৰ তাঁৰ!

কান্দিলো অনেক দিন,—কান্দোছোঁ এবাৰ!

⸺·×·⸺

(সুখ)

   সুখ ঐ!—

সকলোৱে কয় মোক

আছ পৃথিবীতে তই,

বহুত বিচাৰি চালো

[ ২৪৮ ]

নেদেখিলো তোৰ মুখ।

বিৰহৰ তিক্ষ্ণ বাণ

নিতউ বিন্ধিছে প্ৰাণ,-

নিতে নিতে অপমান

পাইছোঁ কতনো মই!

সহিছোঁ কতনো দুখ!

২

সহিছোঁ,— আৰু সহিম,—

ভুগিছোঁ, আৰু ভুগিম,

মৰিলেও নমৰিম,-

জগত ভ্ৰমিম মই

বিচাৰি বিচাৰি তোক।

মনৰ হেপাহ, হায়!

এতিয়াও পূৰা নাই,

প্ৰাণে কৰে ৰাঁই-জাঁই।

সকলো দুৰাশা মিলি

কৰিলে উতলা মোক।

৩

   সুখ ঐ –

সকলো ঠাইতে মই

তোতে বিয়াকুল হই,

ধীৰে ধীৰে গই গই,

হলনা কৰিলো কত

ক’তো যে নাপালো তোক!

[ ২৪৯ ]

ভাবোঁ কেতিয়াবা, হায়!

‘সুখ’ বুলি একো নাই

কিন্তু পুনু দেখো চাই,

হাঁহিছে জগতে কৰি

আনন্দত তোক ভোগ॥

হাঁহিছে জগতে যদি

মই কিয় নিৰৱধি

কান্দিম চকুলো টুকি?

আহ, সুখ! কৰো ভোগ

হাঁহিৰ জগত, কান্দি

কিয় কন্দুৱাওঁ?

আহছো অলপ, সুখ

ভোগ কৰি চাওঁ॥

(চাৰিও ফালে চাই)

সেই দৰে আকাশত

হাঁহি আছে সেই জোন,

সেই দৰে মউ-মাখী

আছে কৰি গুণ-গুণ॥

সেই দৰে এতিয়াও

ওলাইছে দিবাকৰ

[ ২৫০ ]

সেই দৰে আছে কৰি

ফুলে ফুলনী পোহৰ।

সি দৰে আজিও ৰাতি

হয় দিনৰ পাছত,

এতিয়াও সেই দৰে

সেই মেঘৰ মাজত

চমকি-চমকি নাচে,

সেই বিজুলী ৰঙ্গিণী,

ক’তো নাই জগতত

একো সলনা-সলনি।

এতিয়াও,দেহি ঐ –

আজি সেই একেদৰে

প্ৰকৃতি আইৰ ৰূপে

মন আৰু প্ৰাণ হৰে।

সেই দৰে এতিয়াও

সেই শীতৰ পাছত

বসন্ত উদয় হয়;

সেই গছৰ দালত

‘কুউ-কুউ-কুউ’ কৰি

সেই একে গান গায়;

[ ২৫১ ]

এতিয়াও দিয়ে শান্তি

সেই গছৰ ছঁয়াই।

৮

সেই একেদৰে, হায়!—

এতিয়াও আছে নই

‘কুল্-কুল্-কুল্’ কৰি

সেই ধীৰে ধীৰে বই।

৯

আগৈয়ে আছিল যি যি

আছে সেয়ে এতিয়াও;

সলনা-সলনি ক’তো

একো হোৱা নাই!

কিম্তু মাথোঁ অভাগিনী,—

মই চিৰ দুৰ্ভাগিণী

আপোন অৱস্থা, হায়!—

আনিলো সলাই!

১০

শোকাকুল হই মাথোঁ

কান্দিছোঁ নিতউ মই।

দুয়োটি চকুৰে পানী

সদাই ধাৰেৰে বই।

⸺·×·⸺

[ ২৫২ ]

(পুখুৰী)

তোৰ যে পাৰতে বহি

ধৰি কত বিধ ভাও

সাদৰে হাতত ধৰি

কইছিল “ভাল পাও”!

২

নীল আকাশত জোনে

হাঁহিছিল কত হাঁহি,

হহুৱাই পৰাণৰ

সেই ভেট ফুল পাহি।

৩

নীৰৱে উজ্জ্বল তৰা

চাইছিল জুঁপি জুঁপি

নতুন জোনক বেৰি

জ্বলিছিল থুপি থুপি।

৪

সেই মউ-সনা হাঁহি

আজিওতো সেয়ে আছে

বিৰহত পুৰি মোক

তেওঁ কিয় গ’ল, পাছে?

৫

দুয়োটিয়ে একেথিৰে

চাইছিলো জোন বাই।

[ ২৫৩ ]

আজি দেখি সেই জোন

কিয় প্ৰাণ জ্বলে, হায়।

৬

যদি তেওঁ যাব গুছি,

কিয় ভাল পাইছিলে!

বিৰহৰ জ্বলা জুই

কিয়নো জ্বলাই দিলে?

৭

কি চকুৰে চালো হায়া!

ক’ব যে নোৱাৰোঁ মই,

তেঁওৰ কাৰণে প্ৰাণ

সদাই ব্যাকুল হয়॥

৮

মউ-সনা মনোহৰ

তেঁওৰ লাহৰী কথা

তপত হিয়াত মোৰ

নিতে ঢালিছিল সূধা॥

৯

নিজকে পাহৰি, হায়।

তেওঁকেই পালো ভাল!

ই ভাল পোৱাত কই

নোপোৱা আছিল ভাল

[ ২৫৪ ]

১০

প্ৰথম যৌবন কালে

দেখিছিলো, জানো, হায়?

অতৃপ্ত প্ৰণয় তাপে

পুৰি-দেই হ’লো ছাই!!

১১

জানো, কত দুখ পাই

তেওঁ মোৰ গুছি গ’ল?

মধুময়ী স্মৃতি মাথোঁ

হৃদয়ত অঁকা ৰ’ল!!

১২

কিন্তু, আৰু কি আশাত

পৰাণ ৰাখিম মই!

তেওঁ কি আহিব ঘুৰি!

পুখুৰি! ক’ছোন তই?

১৩

জীৱনৰ অশা মোৰ

সকলোটি শেষ হ’ল!

চকু দুটি মাথোঁ মোৰ

বাটল’ই চাই ৰ’ল

⸺·×·⸺

(নিজ মনতে)

দাৰুণ বিৰহ জুই

দিন ৰাতি দহে হিয়া,

[ ২৫৫ ]

হদয়ৰ ভিতৰত সেয়ে মাথোঁ যাতনা!

অন্তৰত (হাৰে হাৰে)

তেওঁৰেই ছবি অঁকা

হিয়া মন্দিৰত মোৰ তেওঁৰেই অৰ্চনা॥

২

অতীতৰ যত সুখ

গ’ল এটি ছুটি কই

আছে মৰু-সমনীয়া পৰাণৰ বেদনা!

নিৰাশা বলুকা তাত

চাৰু ফালে দেখা যায়!

তথাপিও কিয় মোৰি ই দাৰুণ কামনা!

৩

দেৱ তেওঁ স্বৰগৰ

মই কীট নৰকৰ,

বুজিও নুবুজোঁ হায়! নিজে মাথোঁ দুৰাশা!

প্ৰণয়ৰ ফাঁহ পাটি

বান্ধিব তেওঁক খোজোঁ

চকুৰ আগত মোৰ, এয়ে মাথোঁ আকাঙ্খা॥

৪

*  *  *

*  *  *

তেওঁৰ পাৱতে মই

ই জীবন দিম ঢালি,

[ ২৫৬ ]

কৰিম অকলে বহি সেই মূৰ্ত্তি সাধনা।

মধুময় সেই নাম

হিয়াত জপিম নিতে,

পূৰ্ণ হ’ব আশা মোৰ পূৰ হ’ব কামনা॥

৫

অস্ত হলে ভৱলীলা

তেওঁৰ পাৱৰ ধূলা

আপোন শিৰত তুলি কৰি ল’ম থাপনা।

দেখোঁতে দেখোঁতে যেন

প্ৰাণ পখী উৰি যায়,

আৰু যে নালাগে একো, এয়ে মাথোঁ কামনা।

(পদুম)

সংসাৰ পুখুৰি তই

শোভাৰে ভৰাই লই

ফুলিছ পদুম ফুল! অনন্ত শোভাত!

কিন্তু কিয় দিছ দুখ অভাগীৰ গাত!

২

আকাশৰ মাজে হাঁহে

ৰঙ্গচুৱা বেলিটিয়ে

(পৰাণৰ স্বামী তোৰ);—তই দেখা পাই

বিদ্ৰুপি হাঁহিছ মোক? দয়া মায়া নাই?

*

  *  *

*

  *  *

[ ২৫৭ ]

৩

কিয়নো পদুম তই

দিছ অভাগীক দুখ?

কিয়নো কৰিছ মোক উপহাস, হায়!

কিয় হাঁহ? থাক তই দুচকু জপাই॥

৪

হায়! বিধতাৰ কিনো

নিষ্ঠুৰ বিধান!

ফুলৰ কোমল হিয়া

কিয়নো নিৰ্দ্দয় বিধি

পৰ্ব্বতৰ শিল আনি কৰিলে নিৰ্মাণ॥

দিলে কিয় তাতে হায়! নিষ্ঠৰ পৰাণ?

৫

সৰলতা ভৰা যেন

দেখি মুখ খানি!

পদুম! কিয়নো তেনে

কি ভাব মনত গুণি

হৃদয় কৰিছ তই এনুৱা কুটিল?

লোকৰ দুখত কিয় হাঁহ খিল্ খিল্?

৬

   হায়।

সুখৰ সপোন যেন

বিজুলীৰ ৰেখা!

সপোন ভাগিণে পাছে

[ ২৫৮ ]

নিৰাশাৰ বজ্ৰপৰে

যি দৰে শিৰত,—মোৰো তেনেকুৱা হ’ল!

খতে কীয়া স্বপ্ন,—আহা! ভাগি চিগি গ’ল!

৭

ক’ত গ’ল, হায়! মোৰ

সুখৰ সপোন?

যি স্বপ্নত তেঁৱে স’তে

অতি হৰষিত মনে

খন্তেক সাতৰিছিলো প্ৰেম সাগৰত,

ক’ত গ’ল সেই স্বপ্ন এনুৱা কালত?

*  *  *

*  *  *

কিয়নো সপোন সেই

উলটি নাহিল পুনু?

পদুম! সি কথা মই

নিতে দিনে ৰাতি গুণো।

৯

সেই কথা যেই হোক,

কিয়নো, পদুম!

মোৰ কান্দোনত তই

মিচিকি মিচিকি হাঁহ?

নালাগেনে বেয়া তোৰ? তোৰ হিয়া খনি

শিলেৰে বন্ধোৱা? নাই চেনেহ একনি!

[ ২৫৯ ]

১০

ফুলৰ কোমল হিয়া,

মিছা কথা তেনে।

মিছা সৰলতা ছবি,

মিছা মিচিকীয়া হাঁহি

সকলােটি হ’ল বেয়া আজি দুৰ্দ্দিনত!

ভাল মাথোঁ থাকে ভাল সম্পদ কালত॥

*  *  *

*  *  *

থাক বাৰু, সন্ধ্যা হ’ক

বেলিটিও মাৰ য’ক

কান্দিব লাগিব তয়ো

পৰি বিৰহত!

এতিয়া হাঁহিছ মােক,

জানিবি পাছত॥

               •••••••••••••••

বিৰহিণী বিলাপ কাব্যৰ “ওপৰঞ্চি”।

“Forgive my grief for one removed,

Thy creature whom I found so fair,

I trust, he lives in thee, and there

I find him worthier to be loved.

Forgive these wild wondering cries

Confusions of a wasted youth;

Forgive them where they fail in truth.

And in thy wisdom make me wise.”

   ⸻Alfred Lord Tennyson.

“অনন্ত নিৰাশা মাজে

আশাৰ ছবিটা বাজে

নিৰাশৰ ৰূপে পুনু শূন্যত লুকাই যায়।

প্ৰাণৰ লাহৰী বীণা,

নাবাজে যে আজি দিনা,

ঝঙ্কাৰ নীৰৱ, যেন নিদ্ৰাত চেতনা নাই

লাহৰী ছবিটী গ’ল,

মাথোঁ সোঁৱৰণী ৰ’ল,

শিলেৰে ৰন্ধোৱা হিয়া

কান্দে কিয় নিশা দিন?”

  ⸻“আঁজলী” (অপ্ৰকাশিত)।

[ ২৬২ ]

যদি

 জীৱনৰ নউ দুপৰ হওতে

  হেৰুৱাই থাকা ভনিতী প্ৰাণৰ,

 অতি মৰমৰ জন্মদাত্ৰী আই

  স্নেহৰ নিজৰ অমৰা পুৰৰ॥

যদি

 অতি আদৰৰ নুমলীয়া ভাই

  জীৱনৰ সঙ্গী সংসাৰ ক্ষেত্ৰত

 হেৰাইছে কাৰো দুৰ্ভাগাৰ দৰে

  “ওপৰঞ্চি” দিলো তেওঁৰে হাতত॥

(আৰু) যদি

  জিতেনৰ দৰে

  ভাঙ্গিছে কোনোৱে

 কোনো বাপেকৰ হিয়া,

  তেওঁৰে হাততে

  দিলো “ওপৰঞ্চি”

 সাদৰে হাতলৈ নিয়া॥

      ইতি।

                      •••••••••••

                        ভনিতী।*

⸺“Oh tell me once and tell me twice

And tell me thrice to make it plain,

When we who part this weary day

When we who part shall meet again.”

                  ⸻Christina G. Rossetti.

স্নেহৰ ভনিতি! তুমি গইছা কলই?

যি দেশত গ’লা তুমি,

তাতনে কি নাই মাটি?

গঢ়িছে সি দেশ বিধি মালতী ফুলেৰে?

মন্দাকিনী তাতনে কি বলিছে ধাৰেৰে?

তাতনে কি নাই ৰোগ,

বন্ধু বান্ধৱৰ শোক?

তাই ভনী তাতনেকি বিচ্ছেদ নহয়?

লাহৰী ভনিতি!—তুমি গ’লা কি তালই?

তাতনে কি নাই কন্দা,

শোকত-হৃদয় ফটা,

চকুৰ চকুলো নেকি সিদেশত নাই?

শোকত মানৱে তাত নাকান্দে বীনাই?

তাত কি নিতউ হাহে?

আনন্দ-ঢউত ভাহে?

*মৃত্যু সময় ১৪ এপ্ৰিল ১৯০৩।

[ ২৬৪ ]

মানৱৰ প্ৰাণ তাত হৰিষ সদাই?

তাত কি, ভনিতি! দুখ কনা মাত্ৰো নাই?

তাতনে কি ফুলি ফুল

গোন্ধত আমোল মোল?

সি দেশত ৰ’দে নেকি ফুল নুশুকায়?

সদাই বসন্ত তাত, জাৰ নেকি নাই?

কুৱা কুল কৰি নই

তাত কি ধীৰেৰে বয়?

ডকা ঢউ, ধলনীৰ পানী তাত নাই?

পাৰৰ ফুলনী তাত নিনিয়ে উটাই?

স্নেহৰ ভনিতি! তুমি গইছা ক’লই?

যি দেশত গ’লা তুমি

সি দেশ কি ৰম্য ভূমি?

কেনেকুৱা পথতাৰ, কেনি গ’লে পায়?

বাটত যাওতে বোকা ক’তো কি নাপায়?

সি দেশ কিমান দূৰ?

সেয়ে কি অমৰাপুৰ?

ভাত নেকি ভাৰতীয়ে “কছপী” বজায়

সা-ৰে-গা মা-পা-ধা-নি-সা বীণাত মিলাই?

সেয়ে নেকি স্বৰ্গ পুৰি?

ভাত নেকি থাকে হৰি,

অগতিৰ গতি প্ৰভু পতিত পাৱন

যোগী মুনি নিতে যাৰ আৰাধে চৰণ?

গ’লে নেকি সেই ঠাই

[ ২৬৫ ]

স্ৰজোতাক দেখা পাই?

সংসাৰৰ মায়া নেকি গুছে সি দেশত?

চিৰ শান্তি লাভ তাত হয়কি প্ৰাণত?

তাত নেকি নাই দুখ?

তাত কি সদাই সুখ?

কালৰ কৰাল মুৰ্ত্তি নাই সি ৰাজত,

নপৰে কি কোনো তাত ৰোগৰ মুখত?

সি দেশ সুখৰ ঠাই,

চিৰ শান্তি তাত পাব,

কালে কি নিচিঙ্গে তাত দোল মৰমৰ?

কৃতান্তে নহৰে তাত লাহৰী প্ৰাণৰ?

কিন্তু কিয়, সোনকনি!—

অছা মনে ২ শুনি,—

উত্তৰ নিদিয়া কিয় লাহৰী মাতেৰে?

তাত গলে নেকি, হায়। সকলো পাহৰে?

ভাল পোৱা সংসাৰৰ

লীলা খেলা মৰতৰ

মৰততে নেকি শেষ, তালই নাযায়?

সংসাৰৰ ভাল পোৱা মাথোঁ স্বপ্ন-প্ৰায়?

তেন্তে নেকি, সোনকনি!

মিছাতে কান্দিছো আমি?

আমাৰ কান্দোন তুমি তাত শুনা নাই?

মিছাতেই নেকি আমি কান্দিছোঁ বীনাই?

কিন্তু কোৱাছোঁন তুমি

[ ২৬৬ ]

মৃত্যুৰ পাছত আমি

তাত গলে পাম নেকি বিচাৰি তোমাক?

আপোনাৰ, বুলি জানো চিনিবা আমাক?

এই স্নেহ ভাল পোৱা

ৰঙ্গে উদঙাই হিয়া

তাতো কি আমাক দিবা প্ৰাণৰ লাহৰি?

দিবা কি লাহৰী চুমা মুখত সাদৰি।

তাতো “মাজুকাই” বুলি

মাতিবা কি সোনকনি?

তাতো নেকি দিবা স্নেহ ভনিতী প্ৰাণৰ?

মৰম চুমাৰে মুছি ছবি বিষাদৰ?

ভনিতি!

অন্তৰত এয়ে দুখ

অন্তিম কালত মুখ

নেদেখিলো দুচকুৰে তোমাৰ লাহৰি!

দুৰ্ভাগাৰ আশা, পূৰ্ণ নকৰিলে হৰি॥

পীড়িতা ঘৰত তুমি,

দাসত্ব দোলেৰে আমি

দূৰ দূৰস্ত বন্ধা;অন্তিম কালত

নাপালো শুনিব মাত তোমাৰ মুখত

কত যে হেপাহ কৰি

নৰ জীৱন এৰি

যাব খোজোঁ সি ৰাজত গইছা য’লই,

সংসাৰৰ মায়া মোহ সংসাৰতে থই॥

[ ২৬৭ ]

কিন্তু আহা! সোনকনি!

জানিছা নিজেই তুমি

মানৱৰ মৃত্যু থাকে কালৰ হাতত!

ইচ্ছা মৃত্যু মানৱৰ নাই জগতত!

সেই বুলি একে থিৰে

তধা হই ধীৰে ধীৰে

থাকিম নিতউ চাই সি দেশৰ ফালে,—

জীৱনৰ শেষ হই, সন্ধীয়া লাগিলে,

নশ্বৰ জীৱন এৰি

তোমাক বিচাৰ কৰি,

“প্ৰাণৰ ভনিতী বুলি তাত চুমা খাম,—

স্নেহেৰে কোলাত তুলি মুখ খনি চাম॥

অনন্ত সুখৰ ভূমি

যি ৰাজত আছা তুমি,

তোমাৰ কাৰণে আৰু নাকান্দো শোকত।

অনন্ত সুখেৰে থকা তুমি সি দেশত॥

                 •••••••••••••

                      ভাইতি।

………He was born in the the spring,

And died before harvesting

On the last summer day

He left us, he would not stay

For autumn twilight cold and grey.

Sit we by his grave, and simg

He is gone away.”

               ⸻Christina G. Rosstti.

সংসাৰৰ এচুকে দি,

ফুলনী শুৱনী কৰি,

একেটী ঠাৰিতে আমি ফুলিছিলো ভাই।

বিষাদৰ চোকা ৰ’দ।

তুচ্ছ ভাব কৰিছিলো,

কালৰ ধুমুহা বায়ু দিছিলো উৰাই॥

আউশীৰ এন্ধাৰকো

এন্ধাৰ নাভাবিছিলো,

পূহৰ জাৰকো ভাই। নাই ভবা জাৰ!

নিতে তৰাৱতী নিশা!

আকাশত শোভিছিল,

আছিল নিতউ যেন বসন্ত আমাৰ!!

প্ৰকৃতি কোলাত শুই

তিনোটীয়ে হাঁহিছিলো

*মৃত্যু সময় ডিচেম্বৰ ১৯০৬।

[ ২৬৯ ]

তিনোৱে তিনোক চাই উলাহ মগন।

দেখিব নোৱাৰি কিন্তু

দুৰন্ত কৃতান্তে তাকে,

অকালত এটী ফুল কৰিলে হৰণ!!

তিনটী আছিলো ভাই

কৰিলে কৃতান্তে দুটি

নিৰ্দ্দয় কৃতান্ত!—তাৰ দয়া মায়া নাই!

আধা ফুল ঢোপাকলি

ফুলতে চিঙ্গিলে আজি,

নিদিলে ফুলিব ফুল ফুলনী শুৱাই!!

নুমলীয়া ভাই তুমি,

লাহৰি সোনাই কনি!

সুৰেশ! আমাৰ তুমি দৰিদ্ৰৰ ধন!

কৃতান্ত দস্যুৱে পাই

দৰিদ্ৰক কন্দুৱাই

বলেৰে তোমাক আজি কৰিলে হৰণ।

শিলেৰে বন্ধোৱা জানো

কৃতান্তৰ মন প্ৰাণ

মানৱৰ কান্দোনত নাকান্দে অন্তৰ?

নজনমে দয়া জানো

তাৰ হৃদয়ত হায়!

ঘূৰাই নিদিয়ে পুনু ধন দৰিদ্ৰৰ?

কিন্তু ভাই! যদি

বিষময় সংসাৰত

[ ২৭০ ]

বিষম কেলেশ পাই

দুৰন্ত ৰোগৰ হাত এৰাই সোনাই!

বিচাৰি অনন্ত শান্তি,

পাহৰি মৰ্ত্ত্য়ৰ মায়া,

প্ৰভূৰ পাৱত গই ল’লা তুমি ঠাই!!

⸻যোৱাঁ তুমি যোৱাঁ তেনে,

থাকাঁ তুমি স্বৰগত,

ৰাণী কমলাৰে স’তে বিৰাজিছে য’ত

দয়াৰ সাগৰ প্ৰভু

পতিত পাবন হৰি,

থাকাঁ, ভাই! চিৰসুখে থাকাঁ তুমি ত’ত॥

ভাগ্যৱন্তু তুমি, ভাই!

পালা সি সুখৰ ঠাই,

নাই তাত ৰোগ শোক বিষাদৰ ছঁয়া,

চিৰসুখ চিৰশান্তি

নিতউ বিৰাজে তাত,

নাই তাত কন্দা-কটা, সংসাৰৰ মায়া॥

সংসাৰীৰ ঘোৰ জ্বালা

নাই তাত নাই, ভাই!

কৃতান্তে নহৰে তাত লাহৰী প্ৰাণৰ;

পুত্ৰ হেৰুৱাই তাত

নাকান্দে মাকৰ প্ৰাণ,

নাঢাকুৰে হিয়া তাত, নদহে অন্তৰ॥

যোৱাঁ, ভাই! যোৱাঁ তুমি

[ ২৭১ ]

থাকাঁ মহা সুখে তাত,

তোমাৰ কাৰণে আৰু নাকান্দো বিনাই

নহয় মাথোন তুমি

গইছা অকলে তাত,

আমিও এদিন যাম, প্ৰাণৰ সোনাই!

মৰ জগতত, ভাই!

নহয় অমৰ কোনো,

এই জগতৰ কোনো নাথাকে সদাই

যি ৰূপে গইছা তুমি

আমিও এদিন যাম,

দুদিন আগে মাথোঁ গইছা, সোনাই!

—ভাগ্যৱন্ত তুমি, সোন!

শীঘ্ৰে এৰি দুখৰ সংসাৰ

পালা তুমি যাবলই!

শান্তি ভৰা স্বৰগত,

দুৰ্ভগীয়া আমি কিন্তু থাকিলো ইয়াত!

সংসাৰীৰ ঘোৰ জ্বালা

নিতে জ্বলে পৰাণত

সন্তাপ শোকৰ জুই জ্বলিছে হিয়াত!

সি কাৰণে কওঁ পুনু

নহয় নহয়, সোন!

নাকান্দো নাকান্দো আৰু,

নাকান্দো নাকান্দো ভাই! তোমাৰ শোকত,

একে থিৰে তধা লাগি

[ ২৭২ ]

সেই দিন বাট চাম,

যি দিনা লাগিব সন্ধ্যা এই জীৱনত

জীৱনত সন্ধ্যা লাগি

বেলিটীও মাৰ যাব,

আমিও তিয়াগি দেহ, যাম সি থানত।

অতি চেনেহৰে সতে

তোমাক সাবটি ধৰি

মৰমৰ খাম চুমা লাহৰী গালত।

সংসাৰত যেনে কই

আমি ভাল পাইছিলো,

শতোধিক পাম ভাল তাতো, সোনকনি।

মউ সনা মৃদু হাঁহি

নিতউ হাঁহিম আমি,

স্বৰ্গীয় ভাবত ভৰি হিয়া কেউ খনি।

কিন্তু ভাই! এটী কথা,

শুধিছো তোমাক আমি,

শোকত বিদৰে হিয়া, নোলায় মুখত।

পাইছানে দেখা তাত

প্ৰাণৰ ভনিটী কনি,

লাহৰী বিমলা, গই সেই স্বৰগত?

প্ৰাণৰ ভনিটী বুলি

খাইছানে তাতে চুমা?

তাতো কি কোলাত লই কৰিছা আদৰ?

বিমলায়ো নেকি তাত,

[ ২৭৩ ]

কাষত তোমাক পাই,

গাল ওপছাই দিছে চুমা মৰমৰ!

ৰঙ্গে সৰুকাই” বুলি

তাতো কি মাতিছে, সোন!

তাতো কি দুহাতে ধৰে সাবটি দিঙ্গিত?

সুৱলা লাৱণ্য হাঁহি

তাতো কি ভনিটী হাঁহে?

মউ সনা মাতে কৰে তাতো কি মোহিত?

তাতো কি “দাইতি” বুলি

সুৰেনে ধৰে তোমাক?

তাতো কি বোকোছা উঠে অতি হেপাহত?

শোধেনে তোমাক, সোন!

তাতো কি আমাৰ কথা?

কয়নে কি “দাইতাৰ” কথা সি দেশত?

আৰু⸻⸻

সুখৰ দুখৰ কথা

শোধেনে কি ভনিটীয়ে

সংসাৰৰ ভাল পোৱা পৰেণে মনত!

স্বৰগত থাকি নেকি

স্বৰ্গীয় সুখত মজি,

পাহৰিলে সকলোটী দেহাৰ লগত?

নহয় নহয়, সোন!

ভাই ভনিতীৰ প্ৰেম

দেহা সতে সংসাৰত বিনাশ নহয়!

[ ২৭৪ ]

সংসাৰৰ ভাল পোৱা

আত্মাৰ লগত গঁথা

আত্মা সতে থাকে প্ৰেম, আত্মা প্ৰেমময়।

যোৱাঁ সোন! যোৱা তুমি,

ভাই ভনী দুয়োটীয়ে

থাকিবা অনন্ত কাল অনন্ত সুখত।

আলাই-আথানি মাথোঁ

নকৰিবা সুৰেনক,

তুলি ল’বা সোনটিক বুকুৰ মাজত!

চিৰ প্ৰেমে চিৰ সুখে

থাকাঁ, সোন! স্বৰগত,

তোমাৰ কাৰণে আমি নাকান্দো মনত।

এয়েই মাথোন দুখ

থাকিল আমাৰ, ভাই।

ভনিটী আছিল, হ’লো দুটী সংসাৰত।

সংসাৰ কৰ্ম্মৰ ক্ষেত্ৰ,

কৰ্ম্ম মাথোঁ মূল মন্ত্ৰ,

প্ৰাৰম্ভতে সি কৰ্ম্মৰ (লিখা কপালত!)

চিগিলে এখনি হাত,

অকালত বজ্ৰপাত!

নিসহায় দুটী ভাই ব্ৰহ্মাণ্ড-মাজত!!

হৃদয়ৰ যত আশা

[ ২৭৫ ]

হৃদয়তে পালে লয়

শতুৰুৰ হ’ল ৰঙ্গ আনন্দ মনত!

অন্তৰৰ হাবিয়াস

নহ’ল আমাৰ পূৰ!

এয়েই থাকিলে মাথোঁ দুখ অন্তৰৰ!!

                   ••••••••••

                    আইতা।

“—But wherefore weep? Her-Spirit soars

Beyond where splendid shines the orb of day:

And weeping angels lead her to those bowers

Where endless pleasures virtue’s deeds repay.

                           ⸺Lord Byron.

ল’ৰা তিৰুতাৰে ভৰা; কিন্তু কিয় হয়

শূন্যভাব? লাগে ঘৰ কিয় শূন্যময়?

কিয় আজি এনে ভাব? কিয় ভাবান্তৰ?

কানে কিয় মন প্ৰাণ কিয়বা অন্তৰ?

যাৰ পৰা এই জন্ম (মানব জনম)

যাৰ যত্নে কৰ্ম্মী আজি ই কৰ্ম্ম-ক্ষেত্ৰত,

সেই মাতৃ জন্মদাত্ৰী (স্নেহ মুৰ্ত্তিমতী)

নৰ দেহা এৰি আজি যায় স্বৰগত॥

নোহে মানৱৰ দেহা, দেবৰ শৰীৰ!—

স্বৰগৰ জীৱ,হ’ল পুনু স্বৰ্গলাভ!

মায়া ত্যজি সংসাৰৰ চিৰ শান্তি পালে,—

তবু কিয় কান্দে প্ৰাণ? কিয় শূন্য ভাব?

কিয় কান্দ, হে নিৰ্ব্বোধ! হে অবোধ মন!

নৰভাগ্যে জন্ম মৃত্যু বিধিৰ লিখন॥

 —যোঁৱা যোঁৱা, আই!

 কি হ’ব বীনাই,

[ ২৭৭ ]

মিছাতে কিয় বা কান্দোঁ?

মাউৰা কৰিলা

দুয়োটী ভাইকে,

সি বুলি চকুলো টোকোঁ

গলা তুমি যোৱাঁ

যোৱাঁ স্বৰগত,

কি কৰি ৰাখিম, আই?

অমিয়া মধুৰ

“অইতা কথাটী

আৰু যে আমাৰ নাই

আৰু জনমত

নাপাওঁ তোমাক

মাতিব আইতা” বুলি!

সংসাৰৰ মায়া

এৰি গ’লা আই!

স্বৰ্গৰ মায়াত ভূলি

আৰু জগতত

নোবোলা আমাক

“বোপাই” সাদৰ কৰি!

স্বৰগৰ মোহে

মোহিলে তোমাক

চিঙ্গিলা স্নেহৰ জৰি!!

গ’লা গ’লা যোৱাঁ

যোৱাঁ তুমি আই!

[ ২৭৮ ]

কি ৰূপে ৰাখিম আমি?

তোমাৰ ধাউতি

স্বৰগৰ ফালে,

কি হ’ব মিছাতে কান্দি?

নাকান্দো নাকান্দো

তোমাৰ নিমিত্তে,

নপমে তোমাৰ মন;

আগৰ নিচিনা

এতিয়া নোহোৱা

বেলেগ এতিয়া মন।

মনুষ্যৰ দেহা!

নহয় এতিয়া

নাই সংসাৰত মায়া

পুত্ৰ পৰিয়াল

সকলো এৰিলা,

কায়াৰ লগতে মায়া

আঠোটী তুলিলা

চাৰিটি ৰাখিলা

সমানে কালক দিলা!

হিয়া ঢাকৰি

বহুত কান্দিলা,

এয়ে সংসাৰৰ লীলা

[ ২৭৯ ]

যোৱাঁ আই যোৱা

থাকা যেন তুমি

স্বৰ্গত অনন্ত কাল।

নোহে যেন আৰু

“পুনৰ জনম”

নৰ অন্ম নোহে ভাল!!

নৰ জনমৰ

থাকে লগে লগে

হাঁহি কন্দা পলে পল

কেতিয়া হাঁহিবা।

কেতিয়া কান্দিবা

কেতিয়া অন্তৰ জ্বলে

এনুৱা সংসাৰ

সংসাৰৰ ভোগ

সংসাৰ ভেলেকী বাজী।

সংসাৰৰ আশা

আকাশ কুসুম,

ফুৰে বালী-ঘৰ সাজি।

যিটোকে পাতিবা

সিটোই ভাগিব,

পুখুৰি খনেৰে খনা

বিষম সংসাৰ

বিষময় মূৰ্ত্তি

উগাৰে বিহৰ কনা

[ ২৮০ ]

এনে সংসাৰত

আৰু যেন আই

আহিব নালাগে ঘুৰি,

যত দিন জীম

ইয়াকে ভাবিম

প্ৰভুৰ পাৱত ধৰি।

                 ••••••••••••

                   প্ৰাণৰ জিতেন।

“—Yet is remembrance of those virtues dear

Yet fresh the memory of that beauteous face-

Still they call forth my warm affection’s tear,

Stil my heart retain there wanted place.”

                          ⸻Lord Byron

“—True—has forced thee from my breast

Yet in my heart thou keepest thy seat

There, there thine image still must rest

Until the heart shall cease to beat.”

                                 ⸻Lord Byron.

⸺ফুলনিৰ মোৰ

গোলাপ জুপিত

ধৰিলি চাৰিটী কলি!

চাৰিটীৰে এটি

কিয়, ঐ জিতেন!

থিতাতে লেৰেলি গ’লি?

ফুলনী শুৱাই

আছিলি সোনাই!

তোক কিহেঁ নিলে হৰি?

চকু পচাৰতে

হিয়া উদঙ্গাই

দিনতে আন্ধাৰ কৰি?

[ ২৮২ ]

নিৰদয় পোকে

কুটিলে কি তোক

শুৱনী গোলাপ পাহি?

চ’তালী ৰদে কি

পেলালে লেৰেলা,

নাহাঁহ মধুৰ হাহি?

বাসন্তী কুলিৰ

‘কুউ’ শবদত

নহয় শীতল প্ৰাণ!

   (তোৰ) মউসনা কথা

আধা আধা ফুটা

অমৰা পুৰৰ গান!

পূৰ্ণীমাৰ জোন

নহয় ধুনীয়া

তাতো কলঙ্কৰ ছিন!

তোৰ যে মুখনি

কেনুৱা শুৱনী

কাৰেনো তুলনা দিম?

মোৰ সংসাৰৰ

শুৱনী গোলাপ

নিলে কোনে আজি হৰি?

কিয় অকস্মাত

শুন্দৰ ফুলনী

পৰিলে আন্ধাৰে ভৰি?

[ ২৮৩ ]

কিয় ধৰিছিলি

গোলাপৰ কলি?

নাপালি ফুলিৰ দেহি!

অকালতে গ’লি,

ঢোপাতে শুকালি,

থিতাতে পৰিলি খহি!

সোন ঐ

– কত হেপাহেৰে

তুলিছিলো তোক,

জুই দি কিয়নো গ’লি?

“মা-গ”-দেই তাক

ক’তনো এৰিলি,

কিয় এনেকুৱা হ’লি?

“বুৰী আইতা”ক

আৰু কি নামাত,

কোলাত নবহ সোন?

আৰু কি নাহাঁহ

মিচিকীয়া হাহি,

আউশী নিশাৰ জোন?

যদি সেয়ে হয়!

কিয় আহিছিলি

মাথোন দুদিনলই?

কিয়নো মিছাতে

মৰম লগালি

[ ২৮৪ ]

মউসনা কথা কই?

মৰম লগাই

বুকত সোমাই

বুকতে কুঠাৰ দিলি!

মৰমৰ বস্তু!

নহ’ল মৰম,

কিয়নো নিৰদয় হলি?”

মাইকী বাপেকূ

আমি দুয়োটীৰে

আছিলি স্নেহৰ অতি,

“বুৰি আইতা”ৰ

পৰাণতো প্ৰিয়,

কিন্তু কি কৰিলি গতি?

মাইকী এৰিলি,

বাপেকী এৰিলি,

ত্যজিলি ককাই ভাই;

এৰিলি কাপোৰ

পিন্ধাৰ সজুলী,

হেপাহ একোতে নাই?

পূৰ্ব্ব জনমত

শতুৰু আছিলি,

শতুৰু শীলিলি, গ’লি!

বন্ধুৰ সাজেৰে

শতুৰু আছিলি

[ ২৮৫ ]

এতিয়া চিনাকি দিলি!

সোন ঐ!

নহয়, নহয়,

নহয় শতুৰু,

সোনটী প্ৰাণৰ তই!

যেনে মৰমৰ

আছিলি আগেয়ে,

থাকিবি তেনুৱা হই!

পৰাণৰ সোন,

চিৰকালে সোন,

আৰু কি দোছোৰা হ’ব!

মৰিও সোনাই

জীয়ায়ো সোনাই,

সোনাই সোনায়ে ৰ’ব!!

জীৱন মৰণ

একে সোনকলি!

মৰণ বৰঞ্চ ভাল!

বিষাদৰ কন্দা

নাথাকে তেতিয়া

অন্তৰ নদহে কাল!

সংসাৰৰ দুখ

নউ পাওতেই

গইছ সংসাৰ এৰি!

সুখৰ জীৱটী

[ ২৮৬ ]

গ’লি সুখতেই

সুখেৰে লাহৰী ফেৰি!

বিষম সংসাৰ,

গতি বিষময়,

সংসাৰ অশান্তিময়,

কাল চক্ৰে তাত

নৰ প্ৰাণ কান্দে

দুখে জৰ্জ্জৰিত হই॥

কাল সংসাৰৰ

কালৰ চক্ৰত

নউ বুৰোতেই তই!

নউ কান্দোতেই

দুখৰ কান্দোন

দুধাৰি চকুলো লই;

এৰিলি সংসাৰ

অশান্তিৰ ঠাই

ভালে ভালে সোন কনি!

স্বৰগৰ জীৱ!

পালি পুনু স্বৰ্গ,

অনন্ত সুখৰ খনি॥

দেৰ কন্যা সবে

নিতে কোলা ল’ব

অতি যে সাদৰ কৰি,

শুবৰ বেলিকা!

[ ২৮৭ ]

কাষত শুৱাব,

দিঙ্গিত সাবতি ধৰি।

কান্দিব খুজিলে

নিচুকাব তাত,

আছে জগতৰ আই।

ভোকৰ বেলিকা

অন্নদা খুৱাব,

দুখ কোনোটিতে নাই।

কিন্তু⸻

যদি কেতিয়াবা

“দে-তা”ক বিচাৰ,

“মা-গ”লৈ মনত পৰে,

ৰাতি সপোনত

আহি দেখা দিবি,

জানো বা হেপাহ পূৰে॥

স্বপ্নত একোলা

ল’ম, সোন কনি!

স্বপ্নতে এচুমা খাম!

এখন্তেক জানো

শান্ত হয়, সোন!

বাপেকী মাকৰ প্ৰাণ!!

হৃদয়ৰ জুই

জানোবা খন্তেক

নজ্বলে নুমাই যায়

[ ২৮৮ ]

জানোবা জুড়ায়

দুচকু আমাৰ

স্বপ্নতে দেখিব পাই!

সোন ঐ!

দৰ্জ্জিৰ হাতেদি

শিয়ালো চাৰিটী

ছোলা হাবিয়াস কৰি;

তিনিৰ তিনটী

পায়েই পিন্ধিলে

তোৰটী থাকিল পৰি!

আপোন আপোন

পিন্ধিলে তিনিয়ে

তোৰটো নিপিন্ধ কিয়?

জাৰৰ দিনত

উদঙ্গে থাকিবি

জাৰত কপাই জীৱ?

বেলাটোতে, সোন!

পিন্ধ তিনি বেলি

তিনটা ছোলা নতুন!

দিনে দিনে লাগে!

নতুন “চুলিয়া” (১)

নিতউ নতুন ধুন॥

নতুন দেখিলে

(১) অৰ্থাৎ “চুৰিয়া”।

[ ২৮৯ ]

পেলাৱ পূৰণি,

নতুন মাথোঁন বাৰু।

তেনুৱা নতুন

ছোলাকো নিপিন্ধ,

নালাগে “চুলিয়া” আৰু

নে,— সংসাৰ এৰিলে

একোকে নালাগে

উদঙ্গে স্বৰ্গত থাকে?

ছোলা চুৰিয়া

সংসাৰৰ বস্তু!

ইয়াতে মাথোন লাগে?

 *  *  *

 *  *  *

“মোৰ” কথা নেকি

মাথোঁ সংসাৰত

স্বৰগত ই কথা নাই?

তিয়াগি সংসাৰ

গ’লে স্বৰগত

“মোৰ” কথা পাহৰি যায়?

পাহৰিছ যদি

পাহৰ সোনাই! .

নুবুলিবি আৰু ‘মোৰ’!

“মোৰ” বুলিবলৈ

নাই সংসাৰত,

[ ২৯০ ]

সংসাৰ যে ভ্ৰান্তি ঘোৰ

*  *  *

*  *  *

মোৰ মোৰ বুলি

“দে-তা”ক ধৰহি,

নিদিছিলি কাকো চুব।

“মোৰ মা-গ” বুলি

লগে লগে ফুৰ,

এতিয়া কোননে যাব?

“মোৰ” বুলিছিলি

“পৰ” ভাবি ললি

হঠাতে তিযাগি গ’লি!

যি “আপোন” তোৰ

এৰিলি সবকে,

“পৰক বিচাৰি ল’লি।

*  *  *

*  *  *

দয়াময়

অসাৰ সংসাৰ

সকলো অসাৰ

সংসাৰত একো নাই?

কোনো লোকে কয়

সংসাৰেহে সাৰ

সংসাৰতে মোক্ষ পায়!

[ ২৯১ ]

সংসাৰ ক্ষেত্ৰত

তযু লীলা প্ৰভূ।

বুজিব নোৱাৰো একো

স্বাৰ্থত ব্যাঘাত

লাগিলে মাথোন

চকুৰ চকুলো টোকোঁ

সাৰ কি অসাৰ

ই ভৱ সংসাৰ

বুজিব নোৱাৰোঁ আমি

সংসাৰ ৰহস্য

তুমি মাথোঁ জানা

সৰ্বজ্ঞ অন্তৰ্য্যামি

জানো মাথোঁ আমি

জগতৰ পিতা

মূল সকলোৰে তুমি

স্ৰজোঁতা মাৰোতা,

দিওঁতা, নিওতা,

পালোতা সকলো প্ৰাণী

সকলোৰে আদি,

অনাদি কাৰণ

তোমাৰ বিভূৰ্ত ভৱ,

তোমাৰ ঐশ্বৰ্য্য

তিনিও ত্ৰৈলোক্য

তোমাৰে সকলো জীৱ

[ ২৯২ ]

সন্তান সন্ততি

দিছিলা চাৰিটী

তুমিয়ে মাথোন, হৰি

চাৰিটীৰে এটি

নিলা! তুমি নিজে,

তুমি কাল মূৰ্ত্তি ধৰি

আপোনাৰ বস্তু

নিলা যে আপুনি

তাত কি মাতিম আমি?

সংসাৰ হাটত

তযু লীলা খেলা,

অহা যোৱা কৰে প্ৰাণী॥

কিবা ভাব কৰি

দিছিলা পঠাই

লাহৰী জিতেন ফেৰি

কি বা মন হ’ল,

নিলা পুনৰায়,

কি সাধ্যে ৰাখিম ধৰি

দুদিনৰ হেতু

দিছিলা পঠাই,

দুদিন সমাপ্ত হ’ল

জীৱনৰ লীলা

কৰি সমাপন

মোৰে যে জিতেন গ’ল

[ ২৯৩ ]

তোমাৰেই মায়া

(সংসাৰৰ মায়া)

সি মায়া-জালতে পৰি

সোনক হেৰাই

কান্দি উঠে প্ৰাণ,

ওলাব চকুলো ধাৰি

সি মায়া দোলতে

বান্ধ খাই, প্ৰভু

তালই চিতনী লাগে,

জনো সি পুৰিতো

“মা-গ দে-ইতা”ক

নেদেখি জিতেন কান্দে

যদি কোনো দিন

কান্দে সোনে তাত

আমাৰ সলনি; হৰি

কোলা লই তাক

চুমা এটী দিবা

দিঙ্গিত সাবতি ধৰি

জগতৰ পিতা

দিবা জিতেনক

বাৎসল্য স্নেহৰ ভাগ

কুমলীয়া ল’ৰা

অকলে নেৰিবা,

ছাগকে ভাবিব বাঘ

[ ২৯৪ ]

নজনা লৰাই

যদি দুষ্ট কৰে

তুমি নোকোবাবা তাত

আদৰৰ বস্তু

থ’বা আদৰত,

দুখৰ নিদিবা ছাত॥

তুমি দয়াময়

জগতৰ পতি

তুমি ব্ৰহ্মা বিষ্ণু হৰি

তোমাৰ কাষত

ইয়াকে খাটিলো

দুখানি চৰণ ধৰি॥

                  ••••••••••

                     প্ৰিয়তমা।

“My love involves the love before;

My love is vaster passion now;

The mix’d with God and Nature thou,

I seem to love thee more and more.

Far of thou art, but ever nigh;

I have the still, ⸺ ⸺

I shall not lose thee tho’ ⸺

                   ⸺Alfred Lord Tonnyson.

⸺আৰু কি বাজিৰ

লাহৰী বীণাত

প্ৰাণৰ অমিয়া সুৰ?

বাজিব খোজোঁতে

চিগিলে যে তাঁৰ—

আৰু কি লাগিব জোৰ?

আৰুনে প্ৰাণত

মিচিকীয়া হাঁহি

খেলিব বিজুলী সাজি?

বিজুলীয়ে স’তে

আৰুনে নাচিব

যি হিয়া গইছে ভাগি

ভগা হিয়া খনি

[ ২৯৬ ]

আৰু জোৰা খাব,

“সাহাৰা” ফুলনী হ’ব?

মৰুৰ মাজত

ফুলিব গোলাপ?

আৰু মন্দাকিনী ব’ব?

কুল্ কুল্ সুৰে

আৰু নেকি গাব

অমিয়া মধুৰ গান?

শক্তিৰূপী নেকি

শীতল নিজৰা

শান্তিৰে ভৰাব প্ৰাণ?

হায়!⸻⸺

——যি অমূল্য ধন

হেৰাল হাততে

হিতেশে আৰু কি পাব

হিতেশৰ প্ৰাণ

হিতেশৰ মন

আৰু কি আগৰ হ’ব?

আৰুনে হিতেশে

হাঁহিব মিচিকি

প্ৰাণৰ অমিয়া হাঁহি?

বাজিবনে ধীৰে

আৰু হিতেশৰ

প্ৰাণত মধুৰ বাঁহি?

[ ২৯৭ ]

নাই!⸻

নাবাজে!—নাবাজে!

আৰুতো নাবাজে!

আৰু যে নাগাব গান!

পাপৰ অৰ্দ্ধাঙ্গী

গইছে তিয়াগি

ভাঙ্গি অকালত প্ৰাণ!!

অকালে ভাগিছে

বীণা হিতেশৰ

অকালে নীৰৰ আজি!

ভগা বীণা নেকি

আৰু জোৰা খাব

আৰু কি উঠিব বাজি

নহয়!⸻

প্ৰাণৰ মইনা!

প্ৰাণৰ প্ৰতিমা!

প্ৰাণৰ অৰ্দ্ধাঙ্গী মোৰ!

যি বীণা ভাঙ্গিলা

তুমি অকালত

আৰু সি নাখায় জোৰ

ভগা বীণা খনি

ভগা হৈয়ে ৰ’ল,

গোটেই জীৱন জুৰি!—

মধুময় সুৰে

[ ২৯৮ ]

পৰে কেতিয়াবা

স্বপ্নত দিবাহি দেখা।

স্বপ্নতে এবাৰ

চাম মুখ-খনি

মোৰ প্ৰাণ-মন-হৰা।

দাৰুণ অশান্তি

জানোবা আঁতৰে

খন্তেক মনৰ পৰা॥

               •••••••••••

                   সামৰণি।

“Thine are these orbs of light and shade;

Thou madest Life in man and brute :

Thou madest Death, and lo, thy foot

Is on the skull whichthou hast made,

Thou wilt not leave us in the dust;

Thou madest man, he knows not why,

He thinks, he was not made to die:

And thou hast made him thou art **,

Thou seemest human and divine,

The highest, holiest manhood, thou:

Our wills are ours, to make them thine,

Our little systems have their day;

They have their day and cease to be:

They are but broken lights of thee:

A beam in darkness

                     ⸻Alfred Lord Tennyson.

 ক্ষমা কৰাঁ, প্ৰভূ! তুমি

 অজ্ঞান মানৱ আমি,

 তােমাৰ অনন্ত মায়া

  বুজিব নােৱাৰি,

 মিছাতে চকুলো টোকোঁ

  বিলাপে চিধৰি।

 জগতৰ স্ৰষ্টা তুমি

 তোমাৰ সৃজিত প্ৰাণী

[ ৩০০ ]

তােমাৰে মায়াত দৃৰে

 সংসাৰ ক্ষেত্ৰত,

কাল পূৰ্ণ হলে—যায়

 তােমাৰে কাষত॥

মােৰৰ ভাই, ভী, নাথ!

এই সংসাৰ হাত

মৰ্ত্ত্যৰ লীলাৰ ছঁষা

 থই মৰতত ,

লভিলে অনন্ত শান্তি

 তোমাৰ পাৱত॥

জন্মদাত্ৰী—মাতৃ,—সােণ!

লাহৰী জিতেন মোৰ

(আদৰৰ বস্তু তযু)

 নিলা তুমিয়েই,

মায়ামুগ্ধ নৰ আমি

 কান্দিছোঁ এনেই॥

পৰাণৰ অৰ্ধাঙ্গিনী

সুখে দুখে সমভাগী,

হিয়া শূন্য কৰি মােৰ,—

 নিলা কিবা ভাবি

অকল সৰিয়া কৰি

 জীৱনৰ বাকি।

তোমাৰে সম্পত্তি, প্ৰভু!

তুমিয়েই নিলা পুনু

[ ৩০১ ]

অবোধ মানৱ, হায়!

 কান্দিছো বিনাই!

মায়াত বিভোল আমি

 কাণ্ডজ্ঞান নাই॥

প্ৰভু মোক ক্ষমা কৰাঁ,

অজ্ঞান এন্ধাৰ হৰাঁ

অন্তৰত দিয়া জ্ঞান

 পবিত্ৰ নিৰ্ম্মল,

 মানৱ জনম মোৰ

 নকৰা বিফল॥

              (অন্ত)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: বিৰহিণী বিলাপ কাব্য
Anjan Sarma

Anjan Sarma

Related Posts

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম
ASSAMESE SECTION

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

by Anjan Sarma
June 14, 2026
0

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম অঞ্জন শৰ্মা  ফেব্ৰুৱাৰী মাহৰ সময়, ১৮২৪ চন। অসম বিধ্বস্ত মানৰ আক্ৰমণত ! চৌদিশে...

Read moreDetails
Brahmaputra -The never-ending metaphor as Media of the valley

Brahmaputra -The never-ending metaphor as Media of the valley

June 11, 2026
Why Hitler Hated Jews: Origins of the Holocaust

Why Hitler Hated Jews: Origins of the Holocaust

May 28, 2026
DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

May 16, 2026
photography of book page

Mind-Blowing Literary Fusion: Reading Jiban Narah’s Soulful Assamese Poems While Devouring Haruki Murakami’s Memoir 

April 19, 2026
বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ 

বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ 

April 14, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
The Modern Odyssey: Cape Verde’s ‘Ulysses Spirit’ Rewrites World Cup History Against 2010 Champions

The Modern Odyssey: Cape Verde’s ‘Ulysses Spirit’ Rewrites World Cup History Against 2010 Champions

June 17, 2026
Childhood under Siege

Childhood under Siege

June 16, 2026
Indigenous Agrobiodiversity: A Climate Survival Opinion

Indigenous Agrobiodiversity: A Climate Survival Opinion

June 16, 2026
Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

June 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    35069 shares
    Share 14027 Tweet 8767
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    15657 shares
    Share 6263 Tweet 3914
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    969 shares
    Share 388 Tweet 242
  • বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

    669 shares
    Share 268 Tweet 167
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    322 shares
    Share 129 Tweet 81
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    3523 shares
    Share 1409 Tweet 881
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1065 shares
    Share 426 Tweet 266
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3847 shares
    Share 1539 Tweet 962
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6652 shares
    Share 2661 Tweet 1663
  • মাধৱদেৱৰ সাহিত্যকৃতি

    712 shares
    Share 285 Tweet 178
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d