বিৱর্তনৰ ধামখুমীয়াত বিয়া
ড. প্ৰদ্যুম্ন শৰ্মা
বিয়া এক প্ৰাণময় সামাজিক প্রথা। এশটা শৰৎ একেলগে জীয়াৰ হেঁপাহেৰে, কেতিয়াবা মন্ত্রৰ মাধ্যমেৰে অথবা কেতিয়াবা মনৰ মাধ্যমেৰে দুগৰাকী মানুহে জীৱনজুৰি একেলগে থকাৰ সংকল্প লয়। তেওঁলোকৰ এনে শুভ সংকল্পই দুখন ঘৰৰ লগতে দুখন সমাজকো ওচৰ চপাই আনে।
সময়, আর্থিক স্থিতি, চাহিদা, দৃষ্টিভংগী আদিৰ পৰিৱর্তনে আমি দেখা বহু বস্তুৰ দৰে বিয়ালৈও স্বাভাৱিকভাবে বহু পৰিৱর্তন আনিছে। বিয়াৰ এনে বিবিধ বিৱর্তনৰ টুকুৰা টুকুৰ ক’লাজেই আজিৰ ৰচনাৰ মূল পৃষ্ঠভূমি।
আজিৰ পৰা কেইদশক মান আগলৈও (স্থানবিশেষে আজিও) বিয়া মানে মাথোন দুখন ঘৰৰ মাজৰ কথা নহয়। বৰঞ্চ ই ওচৰ-চুবুৰীয়া, জ্ঞাতি-কুটুম্ব, গঞা ৰাইজ সকলোৰে অনাবিল আনন্দৰ উৎস ।

বিয়াৰ দিন খাটাং হোৱাৰ দিনাখনৰ পৰা আঠমঙলাৰ দিনলৈ গোটেই ৰাইজখন বিয়াঘৰত উবুৰি খাই থাকে। মাছ-মাংস, দৈ-মিঠাইৰ ‘বায়না’ৰ পৰা কোনজন ৰান্ধনীৰ হাতখন ভাল সেই বিষয়ে বিয়াঘৰীয়াৰ চোতালত পুংখানুপুংখ সমজুৱা আলোচনা চলে।
গাৱৰে নৱই চাৰিআলিলৈ যাওতে গজেনৰ চাইকেলৰ দোকানত সোমাই বিয়াৰ বাবে গজেনৰ হেচাক লাইট কেইটা বন্দোবস্ত কৰি থৈ আহে। বিয়ালৈ মাজত কেইদিনমান থকা অৱস্থাত ওচৰৰ জীয়ৰী-বোৱাৰী, খুড়ী-জেঠীহঁতে লগ-লাগি বিয়াঘৰত যাত্রা-সান্দহ খুন্দে। ঢেকীৰ চাৱ আৰু আয়তীৰ গীত-পদে ঘৰখনৰ পৰিবেশ উদুলি-মুদুলি কৰি তোলে।
খিচা-গীত (জোৰা নাম) গাই খিলখিলাই ইজনীৰ গাত সিজনী বাগৰি পৰিব খোজা জীয়ৰী-বোৱাৰী কেইজনীলৈ পন্দোৱাকৈ চাই এনেয়ে কঁকালৰ বিষত বিচনাৰ পৰা নামিব নোৱাৰা ‘মাষ্টৰৰ মাক’ জেঠীয়ে ঢেঁকীৰ খুবলীৰ ওচৰত হাউলী লৈ চিৰা এটা পিটিকি চায়-মিহি হৈছে নে নাই ? ঘৰৰ ভিতৰত বিয়াৰ আলহীৰ বাবে লাৰু পিঠা কৰি থকা সময়ত কাষৰ ঘৰৰ ন-বোৱাৰী জনীয়ে অনভ্যস্ত হাতেৰে ওৰণিখন টানি থাকে।
ওৰণি-বাৰণি নহোৱাকৈ কোনোবা বৰ-জনাই দেখিব লাগিলে কমখন লাজৰ কথা হ’বনে? ইফালে গৃহস্থৰ বাৰীৰ পৰা কেইজোপামান মজ আৰু আম কাটি আনি ডেকাহঁতে বিয়াৰ দিনাখনৰ বাবে খৰি মেলাইছে। গেঠো খুট্টি, মেকা খুট্টি, ৰামো কাহঁতে বিয়াৰ ভোজৰ বাবে ভীমকলৰ ‘চইতা’ (কলপটুৱা) কাটি অটাই এলেপা গুড়েৰে ৰঙাচাহ একোকাপ খাই এতিয়া জলপানৰ বাটিটোলৈ হাত মেলিছে।
আটাইতকৈ অথন্তৰত পৰিছে উধৰ পৰা মুধলৈকে চিকুনাই যোৱা ৰামেশ্বৰ কাই। নঙলা মুখৰ বনখিনি চাঁছি থাকোতেই কোনোবাই তামোল দুটামান পাৰি দিব কব, তামোল আনি দিয়াৰ পিছত আন কোনোবাই কব “যাচোন অমুকৰ ঘৰৰ পৰা পীৰা দুখনমান লৈ আহ!” মুঠৰ ওপৰত নিজৰ কামৰ আয় নাই। তাতে আকৌ ভূতৰ ওপৰত দানহ পৰিবলৈ আছে সম্মুখৰ ঘৰৰ নব্বৈ বছৰীয়া বিশ্ব আতা!
বিয়াঘৰত এনে ‘ঘীণাই সাতোলা’ প্রজাতিৰ বয়োবৃদ্ধ বোৰ নাথাকিলেও বিপদ, থাকিলে আৰু বিপদ। তাতে আকৌ বিশ্ব আতা ঋষি দুর্বাসাৰ যমজ সদৃশ। এভমকত আহি দিলে নহয় হুংকাৰ “এইটো নকটাকৈ কিয় ৰাখিছ? কাট এইটো।” ৰামেশ্বৰ কায়ে ঘুৰি চাই দেখিলে এটা ‘নিৰীহ’ খৰিকাজাইৰ পুলি। খোদ কইনাই যোৱাবছৰ নিজে আপদাল কৰি ৰোৱা। এইবছৰ ডাল-পাত ভৰি জাতিস্কাৰ হৈ উঠিছে। তদুপৰি মড়ল বা ৰভা সজোৱাত পুলিটোৱে কোনো অসুবিধাৰ সৃষ্টি কৰাৰ সম্ভাৱনা নাই।

কিন্তু এইখিনি কথা দুর্বাসাক বুজাবলৈ ৰামেশ্বৰ কাৰ কলিজা মাত্র এটাহে! সেয়ে ৰামেশ্বৰে চালে বাৰান্দাত বহি হাতত জেতুকালৈ থকা কইনাক, কইনাই সজল চকুৰে চালে গঞাৰ পৰা অহা বাচন-বর্তনৰ হিচাপ লৈ থকা খুড়াকক।
কইনাৰ খুড়াক বুদ্ধিমান মানুহ। পোনচাটেই বিশ্ব আতাৰ কাষলৈ গৈ মনত পেলাই দিলে যে তেখেতে ৰাতিপুৱাও জলপান নখোৱাকৈ গৈছে। গতিকে এতিয়া কিবা এটা মুখত দিবই লাগিব। এইবুলি প্রায় জোৰকৈ খুড়াকে দুর্বাসাক ভিতৰলৈ লৈ গ’ল। বিশ্ব আতাৰ কথাৰ মান আৰু খৰিকাজাইৰ পুলিৰ জীবন দুয়োটাই ৰক্ষা পৰিল। এনেকুৱা বিবিধ খণ্ড চিত্রৰে ভৰি থাকে বিয়াঘৰ।
বিয়াৰ তিনি-চাৰিদিন আগৰে পৰা মিতিৰ-কুটুমেৰে ঘৰখন গিজগিজাই থাকে। ঘৰত ঠাই নুজুৰিলে ওচৰ চুবুৰীয়াৰ ঘৰতো আলহী ৰখাৰ ব্যবস্থা কৰা হয়। জোৰোণৰ দিনা আবেলিৰ ফালে চাইকেলৰ সমুখত মাছ, নাৰিকল, তামোলৰ থোক, তেল-সেন্দুৰ, কাপোৰ আদি ‘তেলৰ ভাৰ’ৰ সামগ্রী লৈ দৰাৰ সৰু মোমায়েক, ডাঙৰ ভিনিহীয়েক আৰু খুড়াক আহি কইনা ঘৰত উপস্থিত হল। (নামনি অসমৰ প্ৰায়বোৰ ঠাইতে সৌ সিদিনালৈ জোৰোণ বা ‘তেলৰ ভাৰ’ত কেৱল পুৰুষ মানুহেহে অংশগ্রহণ কৰিছিল।)

কন্যাপক্ষই সকলোকে আদৰি নি মণ্ডপৰ সমূখত নির্দিষ্ট ঢাৰিত বহুৱালে। লৌকিক আচাৰ সমাপনৰ অন্তত লাৰু-পিঠা, দৈ-চিৰা বা কোমল চাউলৰ জলপানেৰে অতিথি সোধা হল। তাৰপিছত কইনাৰ দেউতাকে আগবঢ়াই দিয়া কইনাৰ কুস্তি’ (সোঁৱৰণী) আৰু বৰ নিমন্ত্ৰণৰ কাপোৰ (সাধাৰণতে গামোচা) লৈ দৰা পক্ষৰ লোক সকল উভটি গ’ল।
টেণ্ট হাউচ, কেটাৰিং পার্টি, বিবাহ ভৱন আদিৰ আবির্ভাৱৰ আগতে মড়ল সজোৱা, ৰভা দিয়া, ভোজ ভাত বিলোৱা আদি সকলো দ্বায়িত্ব চুবুৰীৰ ডেকাহঁতে কান্ধ পাতি লৈছিল। দৰা/কইনাৰ ভায়েকৰ লগ- সমনীয়া সকল এইক্ষেত্রত ‘আগহাথা’ আছিল। ৰাতি দুপৰলৈ চৌকা খন্দাই চৌকা খান্দিছে, পাচলি কুটাই পাচলি কুটিছে, ৰঙ-বিৰঙৰ কাগজ বা কলপটুৱাৰে মড়ল সজোৱাই মড়ল সজাইছে, ৰভাথলী খন পাত-ফুল আদিৰে সজোৱা সকলে অখণ্ড মনোযোগেৰে নিজৰ কাম কৰিছে।
তাৰ মাজতে দুজন মানে ডাঙৰ বোৰে নেদেখাকৈ বাৰীৰ পাছৰ আমজোপাৰ তলত চিগাৰেট হুপি আহিছে। বাঁহ বা কাঠৰ ফ্ৰেমত কাপোৰ লগাই তাৰ ওপৰত ‘শুভ-বিবাহ’ বা ‘আঁদৰিছো’ বুলি লিখি অটোৱালে পূৱ আকাশত বেলিয়ে ফেহুজালি দিয়ে। ডেকা সকলৰ কর্মস্পৃহাৰ এনে আতিশয্যত অৱশ্যে আন এবিধ মিঠা কাৰকে অথবা আৰকে প্রভাৱ নেপেলোৱা নহয়।

বিয়া বুলি কলেজত পঢ়ি থকা দৰাৰ ভনীয়েকৰ লগৰ ছোৱালী কেইজনীমান আহিছে চহৰৰ পৰা। বিয়াৰ আগদিনা গধূলি চোতালত জুম পাতি বহি কথাৰ মহলা মৰা গাভৰু হঁতৰ কথাই- অকথাই খিলখিলীয়া হাঁহি আৰু নাচাও নাচাও কৈ চোৱা বেঁকা চাৱনিয়ে আমাৰ ডেকাহঁতৰ কামৰ গতি আৰু সৃজনী শক্তিত নতুন ৰহন বোলায়। বৰলা ডেকাৰ বুকুৱেদি উজাই আহিব খোজা গানৰ কলি সুৰৰ অভাৱত গুণগুণনিত পৰিণত হয়। কথাতে কয় নহয়, এখন বিয়াই আন বহুকেইখন বিয়াৰ বাট কাটে।
অৱশেষত আহি আহি বিয়াৰ দিন পালেহি। ৰাতিপুৱাৰ পৰাই বিয়াঘৰত উখল মাখল পৰিবেশ। আগফাল পিছফাল মানুহেৰে খদমদম। গৃহস্থই সাধ্য অনুসৰি আভ্যর্থনাৰ আয়োজন কৰিছে। কাৰোবাৰ সামর্থ্য আছে মাছে-মঙহে খুৱাইছে। সাধ্যই নুকুলোৱা সকলে মাটিমাহৰ দাইল আৰু আলুৰ দমেৰে ৰাইজক সুধিছে। ৰাইজৰ পিছে একোতে অৰুচি নাই। খাই-বৈ মুখত তামোল এখন সুমুৱাই দুয়োহাত ডাঙি দৰা/কইনাক আশীর্বাদ দি ঘৰাঘৰি গৈছে।
লেঠা লাগিল ৰাতিহে…. , দৰা যাব ওলোৱা সময়ত। গোঁসাই ঘৰৰ চোতালত দেখা গ’ল দৰা যাত্রী যাবলৈ ভাড়া কৰা বাছখন আহি ৰৈ আছে। কিন্তু তাৰ সম্মুখত প্রায় দুখন বাছৰ জোখেৰে সাম্ভাব্য বৰযাত্রী সাজি-কাঁচি ৰৈ আছে। বেছিভাগেই চেঙেলীয়া। কি কৰা যায় এতিয়া? বহুত মানুহ লৈ গৈ কইনাঘৰক বিপদত পেলাবও নোৱাৰি।
হেন সময়তে আগবাঢ়ি আহিল দৰাৰ ডাঙৰ মোমায়েক হেৰম্ব মামা । সৌ সিদিনা দুদ্ধৰ্ষ আৰক্ষী বিষয়া হিচাপে অৱসৰ লৈছে মাথোন। মামা গৈ বাছৰ দুৱাৰ মুখত থিয় দিলে। তেওঁৰ ব্যাঘ্র-চকুৰ আগেৰে এজন এজনকৈ নির্বাচিত সৌভাগ্যবান বৰযাত্রী বাছত উঠিল।
বাকী বোৰে বাছখন যোৱাৰ পিছত পিছফালৰ ৰঙা লাইট দুটালৈ সতৃষ্ণ নয়নেৰে কিছু পৰ চাই ঘৰলৈ উভটিল। মনত এটাই আশা অহা মাহত হ’বলগীয়া মহেশ খুড়াৰ বিয়াত নিশ্চয় যাব। দৰকাৰ হ’লে গধূলিতেই আহি মনে মনে বাছৰ পিছৰ ছিটত শুই থাকিব।
বৰযাত্ৰীৰ প্রসংগতে আন এখন বিয়াৰ কথা মনলৈ আহিছে। সেয়া সত্তৰৰ দশকৰ আগ ভাগৰ কথা। আমাৰ চহৰখনৰ একমাত্ৰ কলেজ খনত সেইসময়ত উত্তৰ প্রদেশ, বিহাৰ, কেৰেলা, উৰিষ্যা আদি বহিঃৰাজ্যৰ কেইবাজনো অধ্যাপকে কাম কৰি আছিল। তেনে সময়তে অংকশাস্ত্ৰৰ অধ্যাপক হিচাপে যোগ দিলেহি বিহাৰৰ এগৰাকী সদ্য বিবাহিত ডেকা অধ্যাপকে। যোগদান কৰাৰ কেইমাহমান পিছতে এগৰাকী সহকর্মীৰ বিয়াৰ দৰাযাত্ৰী হ’বলৈ পাই আমাৰ ডেকা অধ্যাপক উৎফুল্লিত হ’ল।

যথা সময়ত নিজৰ ভাল কোটটো পিন্ধি, ডিঙিত মাফলাৰ খন বান্ধি লৈ অংকৰ অধ্যাপক অন্যান্য বৰযাত্রীৰ লগত ওচৰৰ গাঁৱত থকা কইনাঘৰত পদব্ৰজে উপস্থিত হল। উত্তৰ ভাৰতীয় বিয়াৰ পৰম্পৰাৰে পৰিচিত অধ্যাপক গৰাকীৰ বাবে এই গোটেইখিনি অভিজ্ঞতা নতুন আছিল। হেচাক লাইটৰ অনুজ্জ্বল পোহৰতো উজ্জ্বল মুখেৰে কইনা ঘৰৰ মানুহে তাকৰীয়া বৰযাত্ৰীক আথে বেথে মাতি নি কলপাতেৰে সজা ‘চাইনা’ (ৰভা)ৰ তলত বহুৱালে।
বিয়া আৰম্ভ হ’ল, আয়তীয়ে জাঁত জাঁত নাম গাই কইনাক আনি দৰাৰ গুৰিত বহুৱালে, কিন্তু খোৱা-বোৱাৰ দেখোন নাম-গোন্ধেই নাই। আমাৰ ডেকা অধ্যাপক বিবুধিত পৰিল। বৰযাত্রী হ’ব বাবে ঘৰত ভালদৰে একো খাই অহাও নহ’ল। ইপিনে নির্বিকাৰ মুখেৰে ওচৰত বহি থকা লগৰ বিলাকক সুধিবলৈও সংকোচ। এনেতে খানা আহিল- কাগজৰ টোপোলাত বন্ধা বুন্দিয়া-ভূজিয়া আৰু লাল চাহ!
সেই সময়ৰ বজালী কলেজৰ অংকৰ এই অধ্যাপক গৰাকীৰ নাম আছিল মুৰলীধৰ চাহু। (পিতৃৰ সহকর্মী হোৱাৰ সূত্রে আমি ভাইভনী কেইটাৰ চাহু খুৰা) এই কাহিনী শেষ কৰাৰ সময়ত চাহু খুৰাই সদায় উল্লেখ কৰিছিল যে চাহ আৰু বুন্দিয়া-ভুজিয়াৰে ‘বৰাতী’ৰ অভ্যর্থনা নিঃসন্দেহে তেওৰ বাবে চাৰপ্ৰাইজিং আছিল, কিন্তু ওচৰৰ গাঁৱৰ দৰা হ’লে তেতিয়া সেইটোৱে প্রথা আছিল।

অন্য কোনো কথাতে কইনা ঘৰৰ মানুহৰ ‘আপচোচ’ৰ কোনো ঘাটি নাছিল। (আমাৰ ফালে এতিয়াও ‘আপচোচ’/’আফ্চোচ’ শব্দটো আদৰ/অপ্যায়ন, সহৃদয়তা আদি বুজাবলৈ ব্যৱহাৰ কৰা হয়।) আজি যেতিয়া আমি ৰঙ্-বিৰঙৰ লাইটেৰে আলোকিত বিবাহ ভৱনত পঞ্চাছ ব্যঞ্জনেৰে সমৃদ্ধ বিয়া খাবলৈ যাও, এই ‘আপচোচ’ বোৰ দেখোন কাচিৎহে দেখা পাও!
সৰু থাকোতে আমাৰ দৰে ‘খখমল’ সকলৰ বাবে বিয়াৰ অন্যতম আকর্ষণ আছিল মিঠাই। ‘ইতৰ জনেষু মিষ্টান্নঃ…’। সেইসময়ত বিয়াৰ সার্বজনীন মিঠাই আছিল ৰসোগোল্লা । সময়ৰ লগে লগে আগৰ দিনৰ চিৰা-সান্দহ, বোকা চাউল, চাগু আদিক পিছ পেলাই পুৰি-লুচিৰ প্রাদুর্ভাৱ ঘটিল আৰু আমিও ভ্রষ্ট নেতাৰ দৰে আনুগত্য সলাই পুৰি দেৱীৰ ভজনাত নিমগ্ন হলো।
যিবোৰ বিয়াত পুৰিৰ অৱস্থিতিৰ আশা ক্ষীণ আছিল তেনেবোৰ বিয়াত আমাৰ উপস্থিতিৰ সম্ভাৱনাও ক্ষীণতৰ আছিল। ভাৱটো এনে যে পুৰিয়েই যদি নাই তেন্তে বিয়ালৈ গৈ দৰা/কইনাৰ মুখ কেইখন চাই কিনো স্বর্গোদ্ধাৰ কৰিম! খোৱা-বোৱাৰ কথা ওলালেই যেতিয়া আৰু এখন বিয়াৰ বিশেষ অভিজ্ঞতা এটা এই আপাহতে কৈ থও।

অসম আন্দোলনৰ সময় কথা। পাঠশালাৰ অন্যতম আঢ্যৱন্ত মাৰোৱাৰী মহাজন এজনৰ ল’ৰাৰ বিয়া। মা-পিতাৰ লগত বিয়া খাবলৈ গৈ দেখিলো যে ইলাহী কাৰবাৰ। বাকী কথাটো বাদেই পুৰিয়েই তিনিবিধ নে চাৰিবিধ। তাৰে লগত আছে হিং দিয়া কচুৰী, বিশুদ্ধ ঘীত ভজা সৰু সৰু মুৰমুৰীয়া জিলাপী, মলমলাই থকা বাচমতি চাউলৰ পোলাও, কেশৰ দিয়া ক্ষীৰ, মলাই পেৰা ইত্যাদি ইত্যাদি।
সর্বশেষত আহিল ৰসত টৈ-টম্বুৰ হৈ থকা গৰম গৰম গোলাপ-জামু। একোটাৰ আকাৰ ক্রিকেট বলৰ সমান! কিন্তু হায় কপাল! পেটত সূচ্যাগ্ৰ মেদিনীৰো ঠাই নাই। কি কৰা যায়!! পৰম অনিচ্ছা স্বত্বেও গোলাপ জামুক বিদায় দিলো আৰু আজি এই আদ্ বয়সলৈও সেই চেঙেলীয়া কালৰ ‘পেটক অটা চকুক নটা’ নিদাৰুণ স্মৃতি কঢ়িয়াই ফুৰিছো।

এতিয়া আহো সাম্প্রতিক সময়ৰ বিয়াৰ প্রসংগলৈ। অপ্রিয় হলেও এই কথা আমি আজি সকলোৱে স্বীকাৰ কৰো যে যিবোৰ বিয়াত চমকৰ পৰিমান হিচাপতকৈ বেছি, তেনেবোৰ বিয়াত আদৰ-অপ্যায়নৰ পৰিমান অৱধাৰিত ৰূপে কম হয়। ধৰি লওক আপুনি এখন বিয়া খাবলৈ গৈছে। যথাসময়ত সুদৃশ্য বিবাহ ভৱনত উপস্থিত হৈ আপুনি দেখিলে ভিৰৰ মাজত দুই চাৰিখন চিনাকি মুখ আছে যদিও আচল গৃহস্থৰ চোন দেখা-দেখি নাই।
সোধ – পোচ কৰি গম পালে যে সকলো নিজৰ ভাগে ব্যস্ত। মাক ভনীয়েক সমন্বিতে কইনা ব্যস্ত মেকআপ আর্টিষ্টৰ লগত মেক্ আপ্ কৰাত। কইনাৰ দেউতাক ব্যস্ত গণমান্য অতিথি সৱৰ লগত আড্ডা মৰাত। ফেচবুক লাইভ চলি আছে। আপোনাৰ অৱস্থা তেতিয়া ‘ন যযৌ ন তস্হৌ’।
হেন সময়তে ‘ইভেন্ট মেনেজাৰ’ প্রজাতিৰ কোনোবা এজনে আহি শুকান হাঁহি এটা মাৰি খবৰ দিব “আপোনালোকে খাই লব দেই। কেটাৰিং স্টাৰ্ট হৈছে।” যেন আপুনি অকল খাবৰ বাবেই অতদূৰ বাটকুৰি বাই গৈছে। হাতত থকা উপহাৰটো উপহাৰৰ টোপোলাৰে দ’ম লাগি থকা টেবুল খনত থৈ আপুনি ডাইনিং হ’ললৈ গৈ কিবা অলপ খাই লওক।
ঘৰলৈ ওভটাৰ আগতে গৃহস্হক মাতষাৰ লগাই আহিব নোৱাৰা বাবে মন বেয়া নকৰিব। বিয়াৰ ভিডিও ৰেকর্ডিঙৰ পৰাই গৃহস্হই আপোনাৰ উপস্থিতিৰ বিষয়ে জানিব পাৰিব। (এনেয়েও মাত লগোৱাৰ দ্বায়িত্বটো গৃহস্থৰহে আছিল!)। আজিকালিৰ বিয়াৰ মূল মানুহজন বোলে ফটোগ্ৰাফাৰ জনহে। তেৰাই ইচ্ছা কৰিলে বিয়াৰ কইনাক এক ফোটা নকন্দাকৈ ৰাখিব পাৰে, বিশেষ মুহুর্ত ধৰি ৰাখিবলৈ বিয়াৰ শাস্ত্রীয় বিধি প’জ বা ৰিৱাইণ্ডো কৰিব পাৰে। ফটোৱেই মেইন যে!
আজি কেইদিনমান আগতে জপনা খুলি মুখৰ চিনাকি মানুহ এজন ঘৰলৈ সোমাই আহিল। হাতত সুদৃশ্য চিঠি দেখি বুজি পালো বিয়াত মাতিব আহিছে। শ্রীমতীয়ে বিয়াৰ চিঠিখন হাতত লৈ এবাৰ চকু ফুৰাই অভ্যাসবশতঃ প্রশংসা কৰাত মানুহজনে পোনচাটেই ক’লে ‘পাৰ পিচ ফাইভ হান্ড্রেড!’ কি হৈছে বাৰু এইবোৰ? আমি কাক দেখুৱাবলৈ কি কৰি আছো?
পুত্র-কন্যাৰ বিয়াত সামর্থ্য অনুসৰি খৰচ কৰিবলৈ প্ৰত্যেক পিতৃ-মাতৃৰে হেঁপাহ থাকে। কিন্তু এই হেঁপাহে যেতিযা অসুস্থ/অ-সম প্রতিযোগিতাৰ বোকোচাত উঠি প্রদর্শনকামিতাৰ উন্মাদনাৰ ৰূপ লয়, সেই অশুভ বাতাবৰণত মোলান পৰি যায় আমাৰ ভূতকালৰ বিশ্ব আতা, মাষ্টৰৰ মাক জেঠী, গেঠো খুঁট্টিহঁতৰ উমাল আদৰ-সাদৰবোৰ।
আজি যেতিয়া আমি পৃথিৱীখনেই এখন গাঁৱত পৰিণত হোৱা বুলি আত্মহাৰা হও, তেতিয়াই আমি এবাৰ ভাৱি চোৱা উচিত যে ঠিক একে সময়তে আমাৰ গাঁওখন, আমাৰ আপোন ঘৰখনো একোখন অচিন পৃথিৱীত পৰিণত হৈছে নেকি-য’ত আমি সকলোৱে সকলোৰে অচিন-চিনাকি!
অৱশ্যে এইটোৱো সমানে স্বীকার্য যে পৰিৱর্তনৰ এই ধামখুমীয়াতো আজিও বহু বিয়া নির্মল প্রাণোচ্ছ্বলভাবে সম্পন্ন হয়। কিন্তু সেয়া আন এক গল্প। সেই বিষয়ে আন এদিন কথা পাতিম।

(ভ্ৰাম্যভাষ: ৯৪৩৫০২৭৯৬০)
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.


















