বি বৰুৱা কলেজত বিশ্ব খাদ্য সুৰক্ষা দিৱস উদযাপন
বি বৰুৱা কলেজত যোৱা ইংৰাজী ৭ জুন ২০২৩ তাৰিখে বিশ্ব খাদ্য সুৰক্ষা দিৱস উপলক্ষে এখন আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়৷
ৰসায়ন বিজ্ঞান বিভাগে অনুস্থিত কৰা আলোচনাচক্ৰ খন শুভাৰম্ভ কৰে বিশিষ্ট শিক্ষাবিদ তথা কলেজৰ প্ৰাক্তন উপাধক্ষ্য ড° জগদিন্দ্ৰ ৰায়চৌধুৰীয়ে আৰু তেখেতৰ ভাষনত খাদ্য সুৰক্ষাৰ সচেতনতাৰ ওপৰত আলোকপাত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক সৰুকৈ হলেও একোখন পাকঘৰ বাগিচা (Kitchen Garden)নিজৰ নিজৰ ঘৰত প্ৰস্তুত কৰাৰ বাবে উৎসাহিত কৰে৷
ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী ড° দিগন্ত চৌধুৰীৰ সভাপতিত্বত আলোচনা চক্ৰ খনত খাদ্য বিনষ্ট হোৱাৰ বিভিন্ন কাৰক তথা সেই সমূহ নিৰাময়ৰ উপায়কে ধৰি খাদ্য সুৰক্ষাৰ বিভিন্ন দিশ সামৰি আলোচনা চক্ৰখনত মূল বক্তৃতা প্ৰদান কৰে ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক শ্যামল কৰে৷
সৰহ সংখ্যক ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়ত্ৰী উপস্থিত থকা অনুষ্ঠানটো পৰিচালনা কৰে ড° বিজয় শংকৰ গোস্বামীয়ে ৷
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)