বুঢ়ী দিহিং পৰীয়া এটা কাহিনী
টাইফাকে

ধ্ৰুপদী বেজবৰুৱা
অসম নদীমাতৃক দেশ। অসমত থকা ১০৪ খন নৈক কেন্দ্ৰ কৰি জী উঠে ‘অসমীয়া’ নামৰ মহাজাতিটো। নৈকেইখনৰ পাৰত সাৰুৱা হৈ থাকে বহু জাতি-জনজাতিৰ নিজা কাহিনী। এনে বহুকেইটা কাহিনীৰ মাজৰে এটা কাহিনী বুঢ়ীদিহিঙৰ পাৰত লালিত-পালিত হৈ আছে ‘টাই ফাকে’ জাতি।
১২২৮ খ্ৰীষ্টাব্দত চ্যুকাফাৰ নেতৃত্বত অহা ‘টাই’ সম্প্ৰদায়ৰ এটি দলে অসমত ৰাজ্য স্থাপন কৰি অসম ইতিহাসৰ এক উল্লেখযোগ্য আৰু পৰিচিত নাম ‘আহোম’ হৈ জিলিকি উঠিল। আহোমসকলৰ বীৰত্ব, পৰাক্ৰম আৰু সুনিপুণ প্ৰশাসনৰ কথা সকলোৰেই জ্ঞাত।
কিন্তু এই টাইসকলৰ অন্য এটি ঠাল ‘টাইফাকে’ জাতিটোৰ বিষয়ে হয়তো বহুলোকেই জ্ঞাত নহয়। ১৭শ শতিকাত ম্যানমাৰৰ মুংমাও অঞ্চলৰ ‘চান’ সাম্ৰাজ্যৰ পৰা চাও তা মেং খুৱেন মেঙৰ নেতৃত্বত অসমলৈ অহা টাই ফাকেসকলে বুঢ়ী দিহিং নৈৰ পাৰত বসতি স্থাপন কৰিছিল।
টাই ভাষা অনুসৰি ‘ফাকে’ শব্দটোৰ অৰ্থ হৈছে ‘ফা’ অৰ্থাৎ ‘দেৱাল’ আৰু ‘কে’ অৰ্থাৎ পুৰণি ‘ফাকে’ শব্দৰ সম্পূৰ্ণ অৰ্থ ‘পুৰণি দেৱাল’। স্বভাৱত শান্ত আৰু শান্তিপ্ৰিয় টাইফাকে লোকসকলৰ নিজা ইতিহাস আছে, নিজা সংস্কৃতি আছে আৰু আছে নিজা পৌৰাণিক লিপি।
টাই ফাকে ভাষাৰ ‘মান’ ভাষাৰ সৈতে সাদৃশ্য আছে। তেওঁলোকৰ নিজা টাইফাকে ভাষাত মূলতঃ দহটা স্বৰবৰ্ণ, পোন্ধৰটা ব্যঞ্জনবৰ্ণ আৰু দুটা অৰ্ধস্বৰবৰ্ণৰ উপস্থিতি আছে। অসমত বাস কৰা টাই ফাকে লোকসকলৰ মাজত অসমীয়া ভাষাৰ প্ৰচলন কিছু পৰিমাণে আছে যদিও নাকীসুৰীয়া টাই ফাকে ভাষাই তেওঁলোকৰ মূল ভাষা।
মুংমাওৰ পৰা অহা টাই ফাকেসকলৰ কিছুৱে অসমৰ নাহৰকটীয়া, ডিব্ৰুগড়ৰ সীমান্তবৰ্তী অঞ্চলৰ নামফাকে, টিপামফাকে, বৰফাকে আদি গাঁওসমূহত নিগাজীকৈ বসতি স্থাপন কৰে আৰু কিছুৱে ঢাপলি মেলে সাতভনীৰ অন্যতম অপৰূপা অৰুণাচলৰ বুকুলৈ। বৰ্তমান অৰুণাচলৰ মানমু, নামচাই, মাংলং, নাংলাই নিংগোম, ফানেং আদি ঠাইত টাই ফাকে লোকসকলে বসবাস কৰি আহিছে।
টাই ফাকেসকলৰ জীৱনশৈলী আৰু সংস্কৃতিৰ এক মন মুহিব পৰা শক্তি আছে। মাটিৰ পৰা কিছু ওপৰত বাঁহ, কাঠ-খেৰ, টকৌ পাত আদিৰে তেখেতসকলৰ পৰম্পৰাগত ‘হোৱান হাং’ (চাংঘৰ)টো বসতিৰ বাবে অতি শীতল আৰু উপযোগী। এই হোৱান হাং-ৰ ভিতৰত থাকে এটি ‘কান-নক’ (চৰাঘৰ), এটি ‘খক তাম চম’ (গোঁসাই ঘৰ), এটি ‘কাননন’ (শোৱা কোঠা) আৰু এটি ‘হৌন তাংখাও’ (ৰান্ধনি ঘৰ)।
অসম যেনেদৰে ভিন্ন জাতি-জনগোষ্ঠীৰ নিজা সংস্কৃতিৰে মহীয়ান ঠিক তেনেদৰেই ভিন্ন জনগোষ্ঠীয় ৰঙীণ সাজেৰে ৰাঙলী অসমীয়া জাতিৰ ঐতিহ্য। অসমীয়াৰ মূগা-ৰিহা-মেখেলা, বড়োৰ দখনাৰ দৰেই টাই ফাকেৰ ‘শ্বিন’ (মেখেলা সদৃশ), ‘নাংওৱাত’ (ব্লাউজ/কামিজ) আৰু ‘চাই-চিন’, ‘ফা-হু’ পৰিধানেৰে নিজা সংস্কৃতিক জাকত-জিলিকা কৰি ৰাখে।
প্ৰায় ১৭শ শতিকাতে অসমলৈ অহা টাইফাকেসকলৰ আজিও ম্যানমাৰৰ সৈতে এক আদৰৰ সম্পৰ্ক আছে। বুদ্ধ আৰু বুঢ়ীদিহিঙক বুকুত বান্ধি শান্ত সমাহিতভাৱে জীৱন-নিৰ্বাহ কৰা এই জাতিটোৰ সু-শৃংখলিত জীৱন পদ্ধতি, তেওঁলোকৰ ইতিহাস খামুচি নামফাকে গাঁৱৰ লোকসকলে পৰ্যটকৰ সকলো উপাদানেৰে পৰিপূৰ্ণ এখন গাঁও য’ত শিপাই আছে বহুতৰ বাবে অচিনাকী ‘টাইফাকে’ৰ ইতিহাস।
ধ্ৰুপদী বেজবৰুৱা; স্নাতক ৫ম ষাণ্মাসিক, গুৱাহাটী বিশ্ববিদ্যালয়
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.


















