বুদ্ধিজীৱীৰ নিৰপেক্ষতাইহে সমাজৰ বিকাশ সাধে
গৌতম শৰ্মা

কিমান দিনলৈ এই বৌদ্ধিক দাসত্ব!
জাতিৰ জটিল সন্ধিক্ষণত লেখক, বুদ্ধিজীৱী, শিল্পী, সাহিত্যিকসকল একত্ৰিত, নিৰপেক্ষ হ’ব নোৱাৰাটো বহু লজ্জাজনক।
ব্যক্তি স্বাৰ্থতকৈ সমাজ, দেশ আগত; সমাজৰ নেতৃস্থানীয় ব্যক্তিসকলে কথাষাৰ কোনদিনা হৃদয়ংগম কৰিব! নীতি-আদৰ্শহীন ধৰ্ম আৰু ৰাজনীতিৰ স্বজন, তোষণ, ষড়যন্ত্ৰৰ পৰা সকলোৱে নিজৰ ব্যক্তি সত্বাক মুক্ত কৰাৰ সময় এয়া।
ব্যক্তি স্বাৰ্থতকৈ সামূহিক স্বাৰ্থ বহুত ওপৰত। কোনো লেখক, বুদ্ধিজীৱী, শিল্পী, সাহিত্যক তথা সমাজৰ নেতৃস্থানীয় ব্যক্তিসকল যেতিয়া কোনো ধৰ্মীয়, ৰাজনীতি তথা ব্যক্তিৰ নীতি, আদৰ্শ, মতাদৰ্শৰ সপক্ষে বা বিপক্ষে হয় তেতিয়াই সমাজে, দেশে আশা কৰা দৰে একো তেখেতসকলৰ পৰা নাপায়।
বহুসময়ত আকৌ এইসকল ব্যক্তিৰ ভুৱা, অদূৰদৰ্শী তথা উদ্দেশ্যপ্ৰণোদিত নেতৃত্বই বহু সমাজত, বহু ৰাষ্ট্ৰত অভাৱনীয় পৰিৱেশসমূহৰ সৃষ্টি কৰোৱাই ব্যক্তিক, সমাজ জীৱনক বহু বিপথে পৰিচালিত কৰাই। যিটো দুৰ্ভাগ্যজনক পৰিৱেশ সম্প্ৰতি এইখন অসমতেই আমি আজি বহু স্পষ্টকৈ দেখিবলৈ পাইছোঁ।
বুদ্ধিজীৱী তেখেতক কোৱা হয় যিয়ে নিজৰ জীৱনজোৰা জ্ঞানৰ বুদ্ধিক বৃত্তি হিচাপে লৈ সমাজক পোহৰৰ দিশে আগবঢ়াই লৈ যায়; বুদ্ধিজীৱী তেখেতক কোৱা হয় যিয়ে জাতিৰ জটিল সন্ধিক্ষণত, সমাজৰ বিপদৰ সময়ত নিজৰ সুস্থ, সুন্দৰ আৰু সবল চিন্তাই জনতাক, সমাজক, দেশখনক সুপথে পৰিচালিত কৰাৰ স্বাৰ্থত নিজৰ সকলো ন্যস্ত স্বাৰ্থ পৰিহাৰ কৰি সকলোকে প্ৰভাৱিত আৰু একত্ৰিত কৰে।
কিন্তু, যিসকল লোকে, যিখন সমাজে এইসকল ব্যক্তিক সমাজত আগস্থান দিয়ে সেইসকল ব্যক্তি আৰু সমাজৰ বিপদৰ সময়ত তেওঁলোকক চিনি নাপায়, একো গুৰুত্ব নিদিয়ে তেনেজন ব্যক্তি কেতিয়াও বুদ্ধিজীৱী হ’ব নোৱাৰে। কোনোবাই তেখেতসকলক বুদ্ধিজীৱী বুলি ক’লেও সেই বিভূষণৰ গৰাকী প্ৰকৃতপক্ষে তেখেত নহয়, এককথাত হ’বই নোৱাৰে।

সাম্প্ৰতিক সময়ৰ জটিল প্ৰেক্ষাপটত ভাঙোনমুখী সমাজখনক, ৰাজ্য তথা দেশখনত ঐক্য, সম্প্ৰীতিৰ এডাল সুদৃঢ় এনাজৰী গঢ়ি তোলাৰ ক্ষেত্ৰত এই লেখক, বুদ্ধিজীৱী, শিল্পী, সাহিত্যিকসকলৰ বহু কৰণীয় আছে।
তেখেতসকলৰ দ্বাৰা প্ৰয়োজন হৈছে আজি দুষ্কাৰ্যক প্ৰতিবাদ কৰাৰ। কিয়নো সমাজৰ আগশাৰীৰ ব্যক্তি বুলি ভবা প্ৰত্যেকজন এনে বিশেষ গুণবিশিষ্ট লোকৰে প্ৰতিখন সমাজতে যুগে যুগে সৃষ্টি কৰি আহিছে এনে এখন উমৈহতীয়া মঞ্চ; যিখন মঞ্চৰ যোগেদি তেখেতসকল প্ৰত্যেকেই তেখেতসকলৰ নীতি, আদর্শৰ প্ৰতি আকৰ্ষিত কৰি ৰাখিছে বহুজনক।
সেয়েহে সমাজৰ এইচাম প্ৰভাৱশালী লোকে আজি কেতবোৰ সৎ, সময়োপযোগী বলিষ্ঠ চিন্তাই তেখেতসকলৰ শুভাকাংশী তথা সৰ্বসাধাৰণক আচল পথসমূহ দেখুৱাৰ বিশেষ সময় আহি পৰিছে।
আৰু ইয়াৰ বাবে পোনপ্ৰথমে প্ৰয়োজন হ’ব আমি আগেয়ে উল্লেখ কৰি অহাৰ দৰে লেখক, বুদ্ধিজীৱী, শিল্পী, সাহিত্যিক আদি সমাজৰ নেতৃস্থানীয় ব্যক্তিসকলৰ একত্ৰিতকৰণ আৰু নিৰপেক্ষ নীতি অৱলম্বন। তেতিয়াহে সমাজৰ বিকাশ সাধন হ’ব।
(লেখক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ শিক্ষক। ফোন: ৯৯৫৪০-০০২০০)
Headline Image: thevoiceslu.com
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)