• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, August 12, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

বুদ্ধ পূৰ্ণিমাৰ মহত্ব আৰু গৌতম বুদ্ধৰ আদৰ্শ

ASSAMESE SECTION / INSPIRATION / Gautam Buddha

by Monoswini Sarmah
May 12, 2025
in ASSAMESE SECTION, Inspiration
Reading Time: 3 mins read
0
gold colored buddhas dome building

Photo by Pixabay on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

বুদ্ধ পূৰ্ণিমাৰ মহত্ব আৰু গৌতম বুদ্ধৰ আদৰ্শ

বুদ্ধ পূৰ্ণিমাৰ মহত্ব আৰু গৌতম বুদ্ধৰ আদৰ্শ

মনস্বিনী শৰ্মা

manaswini Sarma
মনস্বিনী শৰ্মা

“এক আনন্দৰ জীৱন যাপন কৰিবলৈ
প্ৰচুৰ পৰিমাণে একো বস্তুৱেই
নিজৰ বুলি গণ্য কৰা উচিত নহয়
“
– গৌতম বুদ্ধ

  প্ৰাচীন ভাৰতৰ ধৰ্মগুৰু আৰু বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাপক গৌতম বুদ্ধৰ খ্যাতি আৰু আৰ্দশ সদা অক্ষয়। ‘বুদ্ধ’ শব্দৰ অৰ্থ হৈছে ‘আলোকপ্ৰাপ্ত ব্যক্তি’ বা ‘দিব্যজ্ঞানপ্ৰাপ্ত ব্যক্তি’। তেওঁৰ লৰালিকালৰ নাম আছিল সিদ্ধাৰ্থ।

বুদ্ধ পূৰ্ণিমাৰ মহত্ব আৰু গৌতম বুদ্ধৰ আদৰ্শ

সিদ্ধাৰ্থ সৰুৰে পৰাই চিন্তাশীল আছিল। তেওঁৰ ৰাজকাৰেঙৰ লাহ- বিলাহ সুখ- সম্ভোগে তেওঁক সুখী কৰিব পৰা নাছিল। মাথোঁ ২৯ বছৰ বয়সত ৰাজকুমাৰ সিদ্ধাৰ্থই এদিন মাজৰাতি পুত্ৰ পৰিয়ালক এৰি মানুহৰ সুখ- শান্তিৰ উপায় বিচাৰি ঘৰৰ পৰা ওলাই আহিল ।

অৱশেষত বোধগয়া নামৰ ঠাইত তপস্যা কৰি দিব্যজ্ঞান লাভ কৰে আৰু এক মহান সত্যৰ কথা জগতক জনাবলৈ সমৰ্থ হল। তেওঁৰ সকলো জীৱৰ প্ৰতি দয়া অহিংসা আৰু সমাজৰ ভেদ, ভাৱ পাহৰি কেনেকৈ এক শুদ্ধ জীৱন যাপন কৰিব পাৰি সেই কথা মানৱ জাতিক জনালে। তেতিয়াৰ পৰা সিদ্ধাৰ্থ – বুদ্ধ অৰ্থাৎ পৰম জ্ঞানী বুলি খ্যাত হৈছিল।

    কথিত আছে, এদিন ৰাজকুমাৰ সিদ্ধাৰ্থই বাহিৰলৈ যাওঁতে ৪জন ব্যক্তিৰ লগত তেওঁৰ সাক্ষাৎ হয়। প্ৰথমে তেওঁ এজন বৃদ্ধ মানুহ, তাৰপিছত এজন অসুস্থ মানুহ আৰু শেষত এজন মৃত মানুহক দেখা পায়। তেওঁ তেতিয়া তেওঁৰ লগৰীয়া সকলক এই বিষয়ে প্ৰশ্ন কৰাত তেওঁলোকে উত্তৰ দিয়ে যে এইবোৰেই হ’ল মানুহৰ নিয়তি।

সেইদিনাই এনেদৰে ভ্ৰমণ কৰি থকা অৱস্থাত মুণ্ডিতমস্তক আৰু পীতবৰ্ণৰ জীৰ্ণ বাস পৰিহিত এজন সাধু দেখা পালে। লগৰীয়াসকলে এই লোকজনক সন্ন্যাসী বুলি সিদ্বাৰ্থক পৰিচয় কৰাই দি কয় যে, এই লোকজনে মানুহৰ দুখৰ বাবে নিজ জীৱন ত্যাগ কৰিছে। ৰাজকুমাৰ সিদ্ধাৰ্থই সেই ৰাতিয়েই শুই থকা অৱস্থাত নিজৰ পত্নী, পুত্ৰ, পৰিবাৰক নিঃশব্দে বিদায় জনাই জ্ঞানান্বেষণৰ অৰ্থে মাত্ৰ ২৯ বছৰ বয়সতে ৰাজপ্ৰসাদ ত্যাগ কৰে। সিদ্ধাৰ্থৰ এই যাত্ৰাকেই মহানিষ্ক্ৰমণ বুলি কোৱা হয়।

   গৌতম বুদ্ধই জীৱন যাত্ৰাত নিজ হাতে একো লিখি থৈ যোৱা নাই৷ তেওঁ গোটেই জীৱনজুৰি মৌখিকভাৱেই তেওঁৰ ধ্যান-ধাৰণা মানুহৰ মাজত বিলাই ফুৰিছিল৷ শিষ্য-প্ৰশিষ্যসকলৰ মুখে মুখে শ্ৰুতিৰ ৰূপত তেওঁৰ মুখনিসৃত মহৎ বাণীসমূহ দীৰ্ঘকাল ধৰি চলি অহাৰ পাছত কোনো এটা সময়ত সেইবোৰ লিপিবদ্ধ কৰা হৈছিল৷

  গৌতম বুদ্ধৰ জ্ঞানলাভৰ স্থানটি হৈছে বোধগয়া, যিটো বৰ্তমান ভাৰতৰ বিহাৰ ৰাজ্যত অবস্থিত। এই স্থানত তেওঁ নিৰঞ্জনা নদীৰ পাৰত থকা এক অশত্থ গছৰ (বোধি বৃক্ষ) তলত ধ্যান কৰি জ্ঞান লাভ কৰিছিল। 

     বুদ্ধৰ জ্ঞান আৰু বাণী হ’ল বৌদ্ধ ধৰ্মৰ মূল ভিত্তি, যি জ্ঞানৰ মাধ্যমে মানুহে দুঃখৰ পৰা মুক্তি লাভ কৰিব পাৰে। বুদ্ধৰ শিক্ষাৰ মূল বিষয় হ’ল নির্বাণ লাভ কৰা, যিটো হ’ল এক শান্তি ও আনন্দময় জীৱন যাপন কৰা। বুদ্ধৰ জ্ঞানৰ মূল বিষয় হ’ল – দুঃখৰ কাৰণ, দুঃখৰ পৰা মুক্তি লাভ কৰাৰ পথ, আৰু সেই পথত আগবাঢ়ি যোৱাৰ নিয়ম। বুদ্ধৰ শিক্ষাৰ এই মূল নীতিৰ ওপৰত ভিত্তি কৰি বৌদ্ধ ধৰ্মৰ বিভিন্ন মতবাদ সৃষ্টি হৈছে।

   বুদ্ধ পূৰ্ণিমা হৈছে পাৰম্পৰিক ভাবে ঘাইকৈ বৌদ্ধ ধৰ্মাৱলম্বী সকলে পালন কৰা এটি উৎসৱ। বৌদ্ধ সকলে বুদ্ধ পূৰ্ণিমাক গৌতম বুদ্ধৰ জন্ম, পৰম জ্ঞান লাভ আৰু মৃত্যু বা মহাপৰিনিৰ্মাণৰ দিৱস হিচাপে পালন কৰে।হিন্দুসকলৰ বাবেও এই দিনটো অতি পৱিত্ৰ। হিন্দুসকলে বুদ্ধক বিষ্ণুৰ নৱম অৱতাৰ বুলি বিশ্বাস কৰে। ১৯৫০ চনত শ্ৰীলংকাত অনুষ্ঠিত প্ৰথম বিশ্ব বৌদ্ধ ফেল’শ্বিপ সন্মিলনত বুদ্ধ পূৰ্ণিমাক বুদ্ধৰ জন্মদিন হিচাপে পালন কৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

বুদ্ধ পূৰ্ণিমাৰ দিনা বৌদ্ধ ধৰ্মাৱলম্বী সকলে বুদ্ধ মন্দিৰ আৰু বিহাৰত গোট খায়। তাত তেওঁলোকে বৌদ্ধ পতাকা উত্তোলন কৰে আৰু বৌদ্ধ ধৰ্মৰ ত্ৰিনীতি বুদ্ধ, ধৰ্ম আৰু সংঘৰ গৰিমা গায়। ভক্ত সকলে ফুল, চাকি বা মমবাটি আৰু ধুপেৰে বুদ্ধৰ পূজা কৰে আৰু লগতে গুৰুকো সেৱা জনায়।

এই দিনা নিৰামিষ আহাৰ গ্ৰহণ কৰা নিয়ম। বৌদ্ধ ধৰ্মাৱলম্বী সকলৰ কিছুমানে এইদিনা সাধাৰণ বগা বসন পিন্ধে আৰু গোটেই দিন মন্দিৰত থাকি অষ্টাংগ মাৰ্গ পালন কৰে। কিছুমান মন্দিৰত বুদ্ধ প্ৰতিমাক অভিষেক কৰা হয়। ভক্ত সকলে এই দিনা বৌদ্ধ ভিক্ষুৰ প্ৰবচন আৰু বুদ্ধৰ বাণী শুনে। 

বুদ্ধ পূৰ্ণিমাৰ মহত্ব আৰু গৌতম বুদ্ধৰ আদৰ্শ

(মনস্বিনী শৰ্মা শিৱসাগৰৰ এগৰাকী যুৱ লেখিকা)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Monoswini Sarmah

Monoswini Sarmah

Related Posts

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…
Health

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

by Sanghamitra Kashyap
July 29, 2026
0

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা সংঘমিত্ৰা কাশ্যপ আমাৰ সমাজখন বিজ্ঞান প্ৰযুক্তি আৰু স্বাস্থ্য সম্বন্ধীয় বহু ক্ষেত্ৰত আজি আগবাঢ়ি গৈছে।...

Read moreDetails
How India’s ‘Cockroach’ Movement Reclaimed Democracy

How India’s ‘Cockroach’ Movement Reclaimed Democracy

July 26, 2026
দ্যা ডিক্লাইনিং ডেম’ক্ৰেচি: সোনম ৱাংচুকৰ আঁত ধৰি

দ্যা ডিক্লাইনিং ডেম’ক্ৰেচি: সোনম ৱাংচুকৰ আঁত ধৰি

July 23, 2026
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

July 19, 2026
পৰিৱেশ সংৰক্ষণত নাৰী

পৰিৱেশ সংৰক্ষণত নাৰী

July 19, 2026
প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

July 19, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d