• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, February 2, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Remembrance

বুঢ়া সত্ৰীয়া বশিষ্ট দেবশৰ্মা

কুমাৰ দীপক দাস

by Admin
October 23, 2022
in Remembrance, Inspiration
Reading Time: 2 mins read
0
বুঢ়া সত্ৰীয়া বশিষ্ট দেবশৰ্মা
Share on FacebookShare on TwitterShare on LinkedIn

বুঢ়া সত্ৰীয়া বশিষ্ট দেবশৰ্মা

কুমাৰ দীপক দাস

20221023 011418

বুঢ়া সত্ৰীয়া বশিষ্ট দেবশৰ্মা – বৰপেটা তথা বৃহত্তৰ অসমবাসীৰ বাবে বিশেষকৈ সত্ৰীয়া সংস্কৃতিৰে সমৃদ্ধ সমাজ খনৰ বাবে এটি পবিত্ৰতা আৰু আপোনভাব জাগ্ৰত কৰি দিবপৰা নাম ৷                  

দুজনা গুৰুৰ আশীষ নিৰ্মালীৰে সিদ্ধ সুন্দৰীদিয়া এই বৈষ্ণৱ আন্দোলনৰ এক পবিত্ৰ, প্ৰসিদ্ধ ভুমিখণ্ডত জন্ম লাভ কৰা  বশিষ্ট দেবশৰ্মাৰ পিতৃ গৃহ আছিল এক অনন্য সাংস্কৃতিক টোল ৷ য’ত তেওঁলোক তিনি ভাতৃ ক্ৰমে স্বনামধন্য প্ৰভাত শৰ্মা , মুৰাৰী শৰ্মা আৰু বশিষ্ট দেবশৰ্মা দেৱে সত্ৰীয়া সংস্কৃতি আৰু লোক সংস্কৃতিৰ  সাধনাক  শিৰৰ মুকুত হিচাবে লৈ নিজ নিজ কৰ্মক্ষেত্ৰলৈ ওলাই গৈছিল ৷

 বশিষ্ট দেবশৰ্মা দেৱে শিক্ষকতাক বৃত্তি হিচাবে লৈ বৃহত্তৰ বৰপেটাৰ সেই সময়ৰ সত্ৰীয়া আৰু লোক কৃষ্টিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ সৈতে জড়িত শিল্পী সকলৰ সৈতে লগ লাগি সত্ৰীয়া সংস্কৃতি আৰু পৰম্পৰাক প্ৰাণময় কৰি তুলিবলৈ সক্ষম হয় ৷

একেধাৰে বৰপেটা সত্ৰ প্ৰাংগনত নিতৌ গধুলি ভাগৱত পাঠ আৰু চৰ্চাৰে এক মধুৰ পৰিবেশ সৃষ্টি কৰি এক আধ্যাত্মিক নৱজাগৰণৰ সফল নেতৃত্বৰ ভাৰ বহন কৰে ৷

RelatedPosts

Holocaust remembrance: beware ‘siren songs of hate’

Holocaust remembrance: beware ‘siren songs of hate’

January 29, 2023
প্ৰফুল্ল হাফিলা: আকৌ আহিবা বন্ধু…

প্ৰফুল্ল হাফিলা: আকৌ আহিবা বন্ধু…

January 27, 2023
মই ইংৰাজী কবলৈ শিকাৰ আৰৰ কাহিনী

মই ইংৰাজী কবলৈ শিকাৰ আৰৰ কাহিনী

January 23, 2023

তেখেতৰ সত্ৰীয়া  সংস্কৃতিৰ অধ্যয়ন আৰু  প্ৰচাৰৰ এনে বৰ্নিল যাত্ৰাক নতুন মাত্ৰা প্ৰদান বৰপেটা সত্ৰবাসী ৰাইজে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া এই মুল আসনত অধিস্হিত কৰি অসমৰ বৈষ্ণব আন্দোলনক এক নতুন শকতি দিয়াৰ বাবে এইগৰাকী বহুমুখী প্ৰতিভাসম্পন্ন বশিষ্ট দেবশৰ্মা দেৱক ন-সাহেৰে প্ৰবুদ্ধ হৈ আগুৱাবলৈ নেতৃত্ব প্ৰদান কৰে ৷ 

তেখেতে এই দায়িত্ব  সুখ্যাতিৰে পালন কৰি কেবল সত্ৰীয়া সংস্কৃতি আৰু পৰম্পৰাক মহিয়ান কৰাই নহয় পুৰ্বোত্তৰৰ কাশী পুৰী বৰপেটা ধামৰ পবিত্ৰতা আৰু মহিমাকো নতুন ৰূপত বিস্তাৰিত কৰে ৷

সেয়েহে সত্ৰীয়া সংস্কৃতিৰ একনিষ্ঠ সাধক, গুৰুজনাৰ আধ্যাত্মিকতাৰ বাণীৰ প্ৰচাৰ আৰু প্ৰসাৰেৰে সমাজত এক বিশেষ স্থান দখল কৰা বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া শ্ৰী বশিষ্ঠ দেৱশৰ্মাক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ২০১৭ বৰ্ষৰ সৰ্বোচ্চ শংকৰদেৱ বঁটা প্ৰদান কৰিবলৈ সিদ্ধান্ত লয় ৷

এয়া এই মনিষা গৰাকীৰ আজীৱন সংস্কৃতি  সাধনাৰ এক মধুৰ প্ৰাপ্তি আছিল ৷

     এক শৰণ নাম ধৰ্মৰ লগতে সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰৰ সৈতে আজীৱন কৃচ্ছ সাধন কৰা সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক, অসমৰ লোক কলা-সংস্কৃতিৰ ওজাব্যক্তি তথা ঐতিহাসীক বৰপেটা সত্ৰৰ যুগমীয়া সত্ৰীয়া পৰম্পৰাৰ ধাৰক বাহক ৰূপে নিজকে নিয়োজিত কৰি ইয়াৰ গৰীমা অক্ষুন্ন ৰাখিবলৈ সক্ষম হোৱা অন্যতম বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া , আমাৰ অতি শ্ৰদ্ধাৰ বশিষ্ঠ দেৱশৰ্মা দেৱৰ বিয়োগ আমাৰ জাতীয় জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি।       

বুঢ়া সত্ৰীয়া বশিষ্ট দেবশৰ্মা1
বশিষ্ঠ দেৱশৰ্মা

এগৰাকী বিশিষ্ট উপদেষ্টা হিচাবে ঐতিহ্যপূৰ্ণল মধুপুৰ সত্ৰৰ গৰিমা আৰু ঐতিহ্যক সমৃদ্ধিশালী কৰিবলৈ প্ৰাপ্ত তেখেতৰ সান্নিধ্য তথা প্ৰদান কৰা পৰামৰ্শ আৰু উপদেশবোৰ আজিৰ এই কঠিন মূহুৰ্তত আমি শ্ৰদ্ধাৰে সুঁৱৰি সত্ৰ পৰিচালনা সমিতিৰ হ’কেও আমাৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি যাচিছোঁ ৷  তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি প্ৰাৰ্থনা জনালোঁ ।         

22-10-2022

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

Holocaust remembrance: beware ‘siren songs of hate’
Remembrance

Holocaust remembrance: beware ‘siren songs of hate’

by Admin
January 29, 2023
0

Holocaust remembrance: beware ‘siren songs of hate’ – UN chief At a UN ceremony to mark the Holocaust on Friday,...

Read more
প্ৰফুল্ল হাফিলা: আকৌ আহিবা বন্ধু…

প্ৰফুল্ল হাফিলা: আকৌ আহিবা বন্ধু…

January 27, 2023
মই ইংৰাজী কবলৈ শিকাৰ আৰৰ কাহিনী

মই ইংৰাজী কবলৈ শিকাৰ আৰৰ কাহিনী

January 23, 2023
The Martyrs of Oil blockade Agitation remembered in Duliajan

The Martyrs of Oil blockade Agitation remembered in Duliajan

January 20, 2023
বিদায় প্ৰফুল্ল হাফিলা, বিদায়

বিদায় প্ৰফুল্ল হাফিলা, বিদায়

January 12, 2023
বিদায়, হে কিম্বদন্তি পেলে, বিদায়!

বিদায়, হে কিম্বদন্তি পেলে, বিদায়!

December 30, 2022
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
Is the movie Pathaan a Game-Changer?

Is the movie Pathaan a Game-Changer?

February 2, 2023
অৰুজ হাকিমি, এগৰাকী আফগান সাংবাদিকৰ জীৱনৰ সঁচা তিক্ত কাহিনী

AFGHANISTAN: More than one year of Taliban!

February 1, 2023
Two years on from Myanmar military coup!

Deny legitimacy of Myanmar’s military junta

February 1, 2023
Hate Speech: Turning the tide

Hate Speech: Turning the tide

February 1, 2023

Popular Stories

  • Dholera: Modi’s Dream Project turns lifeless and barren!

    Dholera: Modi’s Dream Project turns lifeless and barren!

    411 shares
    Share 164 Tweet 103
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    235 shares
    Share 94 Tweet 59
  • লৈঙ্গিক অসমতা আৰু উত্তৰ আধুনিক সমাজৰ প্ৰতিক্ৰিয়া

    57 shares
    Share 23 Tweet 14
  • Russian authorities have begun the procedure for the denunciation of international treaties!

    57 shares
    Share 23 Tweet 14
  • তথ্য নিৰুদ্দেশ হোৱা এটা যুগৰ বাসিন্দা আমি

    84 shares
    Share 34 Tweet 21
  • অভিশপ্ত দুলীয়াজান: লিখিবলৈ ভাষা নাই

    74 shares
    Share 30 Tweet 19
  • The outsider and the Assamese language: Reflections on Baptist missionaries and baseball bats for bhaona

    40 shares
    Share 16 Tweet 10
  • ইংৰাজী-প্ৰীতিয়ে কঢ়িয়াই অনা মাতৃভাষাৰ সংকট

    87 shares
    Share 35 Tweet 22
  • কোচবিহাৰকো কিদৰে কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

    26 shares
    Share 10 Tweet 7
  • Hell on Earth: Russia is creating an ecological catastrophe in Ukraine

    88 shares
    Share 35 Tweet 22
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: