• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, May 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

ডা. মুকুল শৰ্মা

by Anjan Sarma
April 24, 2022
in Health, Lifestyle
Reading Time: 4 mins read
0
person in black tank top

Photo by Kindel Media on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

RelatedPosts

The fountain of youth

The fountain of youth

May 16, 2026
man in black shorts sitting on floor

Mental Flexibility: Working on the Core of it

May 16, 2026
পাৰ্কিনছন ৰোগ

পাৰ্কিনছন ৰোগ

May 16, 2026

কিডনি ফেইলৰ

ডা° মুকুল শৰ্মা

কিডনি বা বৃক্কৰ মূখ্য কাম হ’ল আমাৰ শৰীৰৰ তেজত উৎপন্ন হোৱা দূষিত পদাৰ্থসমূহ আৰু অতিৰিক্ত জুলীয়া পদাৰ্থখিনি শৰীৰৰ পৰা বাহিৰ কৰি দিয়া। এই দূষিত পদাৰ্থ সমূহ আৰু অতিৰিক্ত জুলীয়া পদাৰ্থখিনি মূত্ৰ বা পেচাবৰ আকাৰত শৰীৰৰ পৰা বাহিৰ হৈ যায়। শৰীৰৰ তেজ বিশুদ্ধীকৰণ কৰাৰ লগতে বৃক্কই আমাৰ শৰীৰৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে আৰু তেজৰ ইলেক্ট্ৰলাইটৰ মাত্ৰাৰ ভাৰসাম্যতা ৰক্ষা কৰে, শৰীৰত লোহিত ৰক্তকণিকা উৎপন্ন হোৱাত সহায় কৰে।

প্ৰত্যেকটো বৃক্ক বহু হাজাৰ নেফ্ৰন নামৰ আনুবীক্ষনিক অৱয়বেৰে গঠিত যিয়ে আমাৰ শৰীৰৰ তেজ বিশুদ্ধীকৰণ কৰে। কিডনি ফেইলৰ বা বৃক্ক বিকলতাক ক্ৰনিক কিডনি ডিজিজ্  (CKD) বুলিও কোৱা হয়। এই বেমাৰত দুইটা কিডনিৰে কাৰ্য্যক্ষমতা লাহে লাহে বহু মাহ বা কেতিয়াবা বছৰৰ লগে লগে লোপ পাবলৈ ধৰে। আৰম্ভণিতে ইয়াৰ কোনো লক্ষণ নাথাকিব পাৰে কিন্তু সময়ৰ লগে লগে বৃক্কৰ কাৰ্য্যক্ষমতা লোপ পাবলৈ ধৰাৰ বহুতো ভয়ংকৰ লক্ষণ দেখা দিবলৈ ধৰে। সাধাৰণতে বেছিভাগ ক্ষেত্ৰতে বৃক্কৰ নেফ্ৰনবিলাক আক্ৰান্ত হয় যাৰ ফলত ইহঁতৰ তেজ বিশুদ্ধীকৰণ ক্ষমতা লোপ পাবলৈ ধৰে।

বৃক্ক বিকলতাৰ কাৰণ:-

বৃক্ক বিকল হোৱাৰ কাৰণ সমূহ চালি জাৰি চালে দেখা যায় যে বেছিভাগ ক্ষেত্ৰতে অন্য কোনো স্বাস্থ্য সম্বন্ধীয় সমস্যাৰ বাবেহে বৃক্কৰ লাহে লাহে ক্ষতি হৈ গৈ থাকে আৰু অৱশেষত সম্পূৰ্ণৰূপে বিকল হৈ পৰে। সঠিকভাৱে নিয়ন্ত্ৰিত নকৰা ডায়েবেটিজ আৰু উচ্চ ৰক্তচাপ হ’ল এই কাৰণসমূহৰ ভিতৰত প্ৰধান ভাবে দেখা দিয়া সমস্যা। অন্য কাৰণসমূহৰ ভিতৰত উল্লেখযোগ্য হ’ল:-

  • নেফ্ৰোটিক চিণ্ড্ৰম
  • মূত্ৰতন্ত্ৰৰ সংক্ৰমণ
  • পৰিয়ালৰ কোনো সদস্যৰ যদি বৃক্কৰ কোনো সমস্যা আছিল বা আছে তেনে লোকৰো বৃক্কৰ বেমাৰ হোৱাৰ সম্ভাৱনা থাকে।
  • কিছুমান জন্মগত বেমাৰৰ ফলতো বৃক্কৰ বেমাৰ হব পাৰে। যেনে – পলিচিস্টিক কিডনি ডিজিজ্ ।
  • বৃক্কত হোৱা অস্মৰী বা পাথৰ।
  • অট’ইমিউন ডিজিজ্, যেনে – লুপাচ এৰিথ্ৰমেটাছ, IgA নেফ্ৰ’ পেথি।
  • প্ৰোষ্টেট গ্ৰন্থিত হোৱা কোনো বেমাৰ।
  • বিভিন্ন ধৰণৰ ঔষধ সেৱনৰ ফলত। যেনে-বিষ নিবাৰক ঔষধ, এণ্টিবায়টিক ইত্যাদিৰ বহুল আৰু দীঘলীয়া প্ৰয়োগৰ ফলত। অন্য কিছুমান পদাৰ্থ যেনে- বহুদিনৰ পৰা মদ্যপান, নিষিদ্ধ ড্ৰাগছৰ সেৱন ইত্যাদি।

কেতিয়াবা বৃক্কই হঠাৎ কাম কৰিবলৈ এৰি দিব পাৰে (দুই তিনি দিনৰ ভিতৰত)। এনেকুৱা বৃক্ক বিকলতাক একুইট্ ৰিনেল ফেইলৰ বুলি কোৱা হয়। সাধাৰণতে তলত দিয়া কাৰণবিলাকৰ বাবে এনে হব পাৰে – –

  • মূত্ৰতন্ত্ৰৰ সংক্ৰমণ ।
  • হাৰ্ট এটেক।
  • নিষিদ্ধ ড্ৰাগছৰ ব্যৱহাৰ বা সেৱন।
  • কিডনি লৈ ৰক্তসঞ্চালন বন্ধ হোৱা বা কমি যোৱা।
kidney

এনেকুৱা ধৰণৰ বৃক্ক বিকলতা সাধাৰণতে স্থায়ী নহয়। এনেকুৱা ক্ষেত্ৰত মানুহজনৰ যদি অন্য কোনো গম্ভীৰ স্বাস্থ্যজনিত সমস্যা নাথাকে তেন্তে চিকিৎসা কৰিলে বেমাৰটো থিক হৈ যায় আৰু কিডনিৰ স্বাভাৱিক অৱস্থা ঘূৰি আহে। ওপৰোক্ত যিবিলাক বৃক্ক বিকলতাৰ কাৰণ দৰ্শোৱা হৈছে ইয়াৰ অৰ্থ এইটো নহয় যে এই সমস্যাবিলাক থাকিলেই মানুহ এজনৰ বৃক্ক বিকলতা হবই। নিয়মিত স্বাস্থ্যসন্মত জীৱনশৈলী আৰু চিকিৎসকৰ সথিক পৰামৰ্শ মানি চলিলে ইয়াৰ পৰা হাত সাৰি থাকিব পাৰি।

বৃক্ক বিকলতাৰ লক্ষণ :- আৰম্ভণিতে বৃক্ক বিকলতাৰ কোনো লক্ষণ দেখা নিদিও পাৰে। এই সমস্যাটো লাহে লাহে বেমাৰৰ পিনে গতি কৰে আৰু যেতিয়ালৈকে বৃক্ক বেয়াকৈ প্ৰভাৱিত নহয় তেতিয়ালৈকে লক্ষণসমূহ দেখা নিদিবও পাৰে। যেতিয়া কিডনিয়ে লাহে লাহে কাম কৰা বন্ধ কৰিবলৈ আৰম্ভ কৰে তলত দিয়া লক্ষণবিলাক দেখা দিয়ে।

  • ভৰি আৰু ভৰিৰ গোৰোহা ফুলি উঠিব পাৰে।
  • শৰীৰৰ দুৰ্বলতা।
  • আলস্য ভাৱ।
  • শ্বাস প্ৰশ্বাস চুটি হব পাৰে।
  • সঘনাই মাংসপেশীৰ বিষ বা সংকোচন হব পাৰে।
  • জ্বৰ (কেতিয়াবা ধাৰাবাহিক আৰু তীব্ৰ হব পাৰে)।
  • পেচাব কমকৈ হব পাৰে।
  • একেৰাহে গোটেই গাতে খজুৱতি হব পাৰে।
  • বুকুৰ বিষ।
  • অবসাদ ভাব।
  • বমি বমি ভাব,  বমিও হব পাৰে ।
  • অভোক
  • হৃদৰোগ
  • তেজত পটাছিয়ামৰ পৰিমান বাঢ়ি যাব পাৰে।
  • ডায়েৰিয়া
  • অনিদ্ৰা
  • কঁকালৰ বিষ
  • নাকৰ পৰা তেজ ওলোৱা
  • ৰক্তহীনতা
  • ভ্ৰম
  • হৃদস্পন্দনৰ অস্বাভাৱিকতা
  • উচ্চ ৰক্তচাপ
  • মুখৰ বেয়া সোৱাদ
  • ঠাণ্ডা লগা ইত্যাদি।

বৃক্ক বিকলতা নিৰ্ণয়ৰ উপায়:-

বৃক্ক বিকলতাৰ সম্পূৰ্ণ ৰোগ নিৰ্ণয় লগতে বৃক্কৰ ক্ষতিৰ মাত্ৰা আৰু ইয়াৰ ভৱিষ্যত ফলাফল নিৰ্ভৰ কৰে ৰোগৰ লক্ষণ, ৰোগী পৰীক্ষা কৰি পোৱা পৰিণাম আৰু পৰীক্ষাগাৰত পৰীক্ষা কৰি পোৱা ফলাফলৰ ওপৰত। সাধাৰণতে পৰীক্ষাগাৰত তলত দিয়া পৰীক্ষাসমূহ কৰা হয়।

  • পেচাব পৰীক্ষা – পেচাবত থকা প্ৰটিনৰ পৰিমাণ, অস্বাভাবিক কোষ কিবা আছে নেকি আৰু ইলেকট্ৰলাইটৰ ঘনত্ব পৰীক্ষা কৰা হয়।
  • তেজৰ ইউৰিয়া নাইট্ৰজেন টেষ্ট( BUN)
  • চেৰাম ক্ৰিয়েটিনিন টেষ্ট
  • গ্লমেৰুলাৰ ফিলট্ৰেচন ৰেট টেষ্ট
  • পেটৰ আল্ট্ৰাচনগ্ৰাফী
  • চি টি স্কেন
  • বৃক্কৰ বায়’প্চি। ইত্যাদি।

# আধুনিক চিকিৎসা বিজ্ঞানত বৃক্ক বিকলতাৰ চিকিৎসা – মূলতঃ তিনি ধৰণৰ চিকিৎসা কৰা হয়। 

১/হিম’ডায়েলাইচিচ্

২/পেৰিট’নিয়েল ডায়েলাইচিচ্

৩/কিডনি ট্ৰেন্সপ্লেন্ট।

নতুন গৱেষণাৰ পৰা পোৱা তথ্য অনুসৰি হিম’ডায়েলাইচিচত ৰোগীৰ হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় কাৰণ হিম’ডায়েলাইচিচত ইউৰেমিক টক্সিন আতৰ নহয়।

বৃক্ক বিকলতাৰ আয়ুৰ্বেদীয় চিকিৎসা :- যদি বৃক্ক বিকলতাৰ কোনো ৰোগীয়ে ৰোগ চিনাক্ত হোৱাৰ লগে লগে ডায়েলাইচিচ আৰম্ভ নকৰাকৈ আয়ুৰ্বেদীক চিকিৎসা গ্ৰহণ কৰে সেই ৰোগীয়ে, ডায়েলাইচিচৰ পিছত চিকিৎসা গ্ৰহণ কৰিবলৈ অহা ৰোগীতকৈ অধিক সুফল লাভ কৰে। ডায়েলাইচিচ কৰি থকা ৰোগীয়েও সুফল লাভ কৰে আৰু আয়ুৰ্বেদীক চিকিৎসাৰ দ্বাৰা এটা ডায়েলাইচিচৰ পৰা অন্য এটা ডায়েলাইচিচৰ মাজৰ সময় বঢ়াব পাৰি আৰু কেতিয়াবা ডায়েলাইচিচ বন্ধ কৰিব পৰাও যায়(বেমাৰৰ গম্ভীৰতা অনুসৰি ভিন্ন ৰোগীৰ ক্ষেত্ৰত ভিন্ন ফলাফল হব পাৰে)। আয়ুৰ্বেদত কিছুমান আচৰিত ধৰণৰ ঔষধৰ নাম উল্লেখ আছে যিয়ে বৃক্কৰ কোষসমূহক নতুন চালিকা শক্তি প্ৰদান কৰে আৰু পেচাব সুচাৰুৰূপে উৎপন্ন হোৱাত সহায় কৰে। পঞ্চকৰ্ম চিকিৎসাও ব্যৱহাৰ কৰিব পাৰি। এই ঔষধসমূহত বিশেষকৈ পুনৰ্নবা, বৰুন, শিগ্ৰু, অপামাৰ্গ, কাসনী, ৰক্তচন্দন, গক্ষৰু ইত্যাদি ঔষধি উদ্ভিদ ব্যৱহাৰ কৰা হয়।

বৃক্ক বিকলতাৰ ৰোগীৰ বাবে খাদ্যাভাস আৰু জীৱনশৈলী – বৃক্ক বিকলতাৰ ৰোগীয়ে কিমান পানী বা জুলীয়া পদাৰ্থৰ সেৱনৰ পৰিমাণ আৰু কিছুমান নিৰ্দিষ্ট পোষকতত্ব বা খনিজ লবণ যুক্ত খাদ্যপদাৰ্থ সেৱনৰ ওপৰত কিছু সীমাবদ্ধতা আৰোপ কৰিব লাগে। লগতে ৰোগীজনৰ কিমান পৰিমাণৰ পেচাব হৈ আছে সেইটোও লক্ষ্য ৰাখিব লাগে। সৰহভাগ বৃক্ক বিকলতাৰ ৰোগীয়ে তলত উল্লেখ কৰা খাদ্যবস্তুৰ সেৱনৰ ওপৰত সীমাবদ্ধতা অৱলম্বন কৰিব লাগে। যেনে-

জুলীয়া পদাৰ্থ :- অতিবেছি জুলীয়া পদাৰ্থ সেৱনৰ ফলত দেহত পানী জমা হৈ ফুলি যাব পাৰে, উচ্চ ৰক্তচাপ, হৃদৰোগ আৰু উশাহ নিশাহত সমস্যা হব পাৰে। যিবিলাক খাদ্য সামগ্ৰীত জুলীয়া পদাৰ্থৰ পৰিমাণ বেছি থাকে তেনে খাদ্য সামগ্ৰী পৰিহাৰ কৰা উচিত বা সীমিত ভাবে সেৱন কৰা উচিত।

পটাছিয়াম – বৃক্ক বিকলতাৰ ৰোগীয়ে সহজতে তেজৰ পটাছিয়াম আতৰাই পঠাব নোৱাৰে। সেয়েহে অধিক পটাছিয়াম যুক্ত খাদ্য বস্তুৰ সেৱন পৰিহাৰ কৰিব লাগে বা কমকৈ সেৱন কৰিব লাগে। তেজত পটাছিয়ামৰ পৰিমাণ বাঢ়ি গলে হাৰ্ট ফেইলৰ হোৱাৰ সম্ভাৱনা থাকে। অধিক পটাছিয়াম যুক্ত খাদ্য বস্তু সমূহ হ’ল বীন, কল, দৈ, আলু, পালেং, মাছ, মাছৰুম, ডালিম, আঙুৰ, কমলা, লিচু, আম, মাধুৰীআম, কিৱি ফল ইত্যাদি।

ফছফৰাছ – অধিক ফছফৰাছ যুক্ত খাদ্যবস্তু যেনে- কণী, মাংস, মাছ, গাখীৰ, ডাইল, বীন, চকলেট, শীতল পানীয় ইত্যাদিৰ সেৱন পৰিহাৰ বা সীমিত ভাবে কৰিব লাগে। ফছফৰাছে আমাৰ শৰীৰৰ কেলছিয়াম আৰু ভিটামিন-ডি ৰ বিপাক ক্ৰিয়াত সহায় কৰে। বৃক্ক বিকল হোৱা ৰোগীৰ তেজত ফছফৰাছৰ পৰিমাণ বাঢ়ি গ’লে বিভিন্ন হাড়ৰ বেমাৰ যেনে- অস্হিওপৰোচিচ্(য’ত সহজতে হাড় ভাগি যায়) হব পাৰে।

ছডিয়াম – ছডিয়ামে আমাৰ শৰীৰত নিৰ্দিষ্ট পৰিমাণৰ জুলীয়া পদাৰ্থ ধৰি ৰখাত সহায় কৰে। যেতিয়া বৃক্কৰ কাৰ্য্যক্ষমতা হ্ৰাস পায় বা লোপ পায় তেজত ছডিয়ামৰ পৰিমাণ বাঢ়ি গৈ শৰীৰত অধিক পৰিমাণৰ পানী ধৰি ৰাখিব লগীয়া হয়। ফলত ৰক্তচাপ বাঢ়ি যায়। তেজত ছডিয়ামৰ পৰিমাণ সীমিত ৰাখিবলৈ তলত দিয়া টিপচ্ কেইটা মানি চলিব লাগে –

*খাদ্য ৰন্ধাৰ সময়ত বা অতিৰিক্ত ভাবে নিমখ মিহলি কৰিব নালাগে। কম পৰিমাণৰ সৈন্ধৱ লবণ ব্যৱহাৰ কৰিব লাগে।

*সাগৰীয় খাদ্য, বিলাহী, কণী, মছলা, আচাৰ, ব্লেক টি, কফি, চাহ, বীয়েৰ, মদ আদি পৰিহাৰ কৰিব লাগে।

লগতে ধপাতজাতীয় সামগ্ৰী, তেলজাতীয় বা চৰ্বীজাতীয়, মছলাযুক্ত, পেকেজড্ আৰু শীতলীকৃত খাদ্য, জাংক-ফুদ্, সোনকালে হজম নোহোৱা খাদ্য ইত্যাদি সেৱন কৰিব নালাগে ।

*লগতে কৰিবলগীয়া –

*নিজৰ সামৰ্থ্য অনুসৰি ব্যায়াম কৰিব লাগে।

*যিকোনো পৰিস্থিতিতে ধনাত্মক দৃষ্টিভংগী অটুট ৰাখিব লাগে।

*ধ্যান কৰিব লাগে।

*শাক পাচলি আৰু ফলমূল যেনে- জিকা, পানীলাউ, তিয়ঁহ, অমিতা,ৰঙালাও, পুনৰ্নবা শাক ইত্যাদি সেৱন কৰিব লাগে । অৱশ্যে খাদ্যৰ তালিকা ৰোগী অনুসৰি ভিন ভিন হব পাৰে। গতিকে যিকোনো খাদ্য গ্ৰহণ কৰাৰ আগতে চিকিৎসা কৰি থকা চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

{ ডা. মুকুল শৰ্মা # Mob: 9508026825 }

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: Kidney Failureকিডনি ফেইলৰবৃক্ক বিকলতা
Anjan Sarma

Anjan Sarma

Related Posts

The fountain of youth
Lifestyle

The fountain of youth

by Angshuman Dutta
May 16, 2026
0

The fountain of youth Angshuman Dutta Do you want to get older? I am sure we all want to hold...

Read moreDetails
man in black shorts sitting on floor

Mental Flexibility: Working on the Core of it

May 16, 2026
পাৰ্কিনছন ৰোগ

পাৰ্কিনছন ৰোগ

May 16, 2026
ৰঘু ৰায় : কেমেৰাৰ লেন্সেৰে কাহিনী লিখা মানুহজন

ৰঘু ৰায় : কেমেৰাৰ লেন্সেৰে কাহিনী লিখা মানুহজন

May 12, 2026
FROM CURIOSITY TO COMPULSION: THE DOOMSCROLL ERA

FROM CURIOSITY TO COMPULSION: THE DOOMSCROLL ERA

May 6, 2026
ফেটি লিভাৰ ডিজিজ্ (Fatty Liver Disease)

ফেটি লিভাৰ ডিজিজ্ (Fatty Liver Disease)

May 4, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
The fountain of youth

The fountain of youth

May 16, 2026
man in black shorts sitting on floor

Mental Flexibility: Working on the Core of it

May 16, 2026
পাৰ্কিনছন ৰোগ

পাৰ্কিনছন ৰোগ

May 16, 2026
Eighteen Dead Elephants – One Explanation – Many Unanswered Questions

Eighteen Dead Elephants – One Explanation – Many Unanswered Questions

May 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    32265 shares
    Share 12906 Tweet 8066
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    13962 shares
    Share 5585 Tweet 3491
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    269 shares
    Share 108 Tweet 67
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3712 shares
    Share 1485 Tweet 928
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6522 shares
    Share 2609 Tweet 1631
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    927 shares
    Share 371 Tweet 232
  • Love in the Age of Ghosting and Situationships

    83 shares
    Share 33 Tweet 21
  • Guwahati Flood Crisis: How City Is Sinking Under Decades of Urban Neglect

    78 shares
    Share 31 Tweet 20
  • Assam Crisis : How Melting Glaciers, Rising Seas & Decades of Political Neglect Are Threatening Indigenous Communities

    74 shares
    Share 30 Tweet 19
  • The Oxfam Report, 2021: India’s Health Inequality & Covid-19

    218 shares
    Share 87 Tweet 55
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d