কিডনি ফেইলৰ
ডা° মুকুল শৰ্মা
কিডনি বা বৃক্কৰ মূখ্য কাম হ’ল আমাৰ শৰীৰৰ তেজত উৎপন্ন হোৱা দূষিত পদাৰ্থসমূহ আৰু অতিৰিক্ত জুলীয়া পদাৰ্থখিনি শৰীৰৰ পৰা বাহিৰ কৰি দিয়া। এই দূষিত পদাৰ্থ সমূহ আৰু অতিৰিক্ত জুলীয়া পদাৰ্থখিনি মূত্ৰ বা পেচাবৰ আকাৰত শৰীৰৰ পৰা বাহিৰ হৈ যায়। শৰীৰৰ তেজ বিশুদ্ধীকৰণ কৰাৰ লগতে বৃক্কই আমাৰ শৰীৰৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে আৰু তেজৰ ইলেক্ট্ৰলাইটৰ মাত্ৰাৰ ভাৰসাম্যতা ৰক্ষা কৰে, শৰীৰত লোহিত ৰক্তকণিকা উৎপন্ন হোৱাত সহায় কৰে।
প্ৰত্যেকটো বৃক্ক বহু হাজাৰ নেফ্ৰন নামৰ আনুবীক্ষনিক অৱয়বেৰে গঠিত যিয়ে আমাৰ শৰীৰৰ তেজ বিশুদ্ধীকৰণ কৰে। কিডনি ফেইলৰ বা বৃক্ক বিকলতাক ক্ৰনিক কিডনি ডিজিজ্ (CKD) বুলিও কোৱা হয়। এই বেমাৰত দুইটা কিডনিৰে কাৰ্য্যক্ষমতা লাহে লাহে বহু মাহ বা কেতিয়াবা বছৰৰ লগে লগে লোপ পাবলৈ ধৰে। আৰম্ভণিতে ইয়াৰ কোনো লক্ষণ নাথাকিব পাৰে কিন্তু সময়ৰ লগে লগে বৃক্কৰ কাৰ্য্যক্ষমতা লোপ পাবলৈ ধৰাৰ বহুতো ভয়ংকৰ লক্ষণ দেখা দিবলৈ ধৰে। সাধাৰণতে বেছিভাগ ক্ষেত্ৰতে বৃক্কৰ নেফ্ৰনবিলাক আক্ৰান্ত হয় যাৰ ফলত ইহঁতৰ তেজ বিশুদ্ধীকৰণ ক্ষমতা লোপ পাবলৈ ধৰে।
বৃক্ক বিকলতাৰ কাৰণ:-
বৃক্ক বিকল হোৱাৰ কাৰণ সমূহ চালি জাৰি চালে দেখা যায় যে বেছিভাগ ক্ষেত্ৰতে অন্য কোনো স্বাস্থ্য সম্বন্ধীয় সমস্যাৰ বাবেহে বৃক্কৰ লাহে লাহে ক্ষতি হৈ গৈ থাকে আৰু অৱশেষত সম্পূৰ্ণৰূপে বিকল হৈ পৰে। সঠিকভাৱে নিয়ন্ত্ৰিত নকৰা ডায়েবেটিজ আৰু উচ্চ ৰক্তচাপ হ’ল এই কাৰণসমূহৰ ভিতৰত প্ৰধান ভাবে দেখা দিয়া সমস্যা। অন্য কাৰণসমূহৰ ভিতৰত উল্লেখযোগ্য হ’ল:-
- নেফ্ৰোটিক চিণ্ড্ৰম
- মূত্ৰতন্ত্ৰৰ সংক্ৰমণ
- পৰিয়ালৰ কোনো সদস্যৰ যদি বৃক্কৰ কোনো সমস্যা আছিল বা আছে তেনে লোকৰো বৃক্কৰ বেমাৰ হোৱাৰ সম্ভাৱনা থাকে।
- কিছুমান জন্মগত বেমাৰৰ ফলতো বৃক্কৰ বেমাৰ হব পাৰে। যেনে – পলিচিস্টিক কিডনি ডিজিজ্ ।
- বৃক্কত হোৱা অস্মৰী বা পাথৰ।
- অট’ইমিউন ডিজিজ্, যেনে – লুপাচ এৰিথ্ৰমেটাছ, IgA নেফ্ৰ’ পেথি।
- প্ৰোষ্টেট গ্ৰন্থিত হোৱা কোনো বেমাৰ।
- বিভিন্ন ধৰণৰ ঔষধ সেৱনৰ ফলত। যেনে-বিষ নিবাৰক ঔষধ, এণ্টিবায়টিক ইত্যাদিৰ বহুল আৰু দীঘলীয়া প্ৰয়োগৰ ফলত। অন্য কিছুমান পদাৰ্থ যেনে- বহুদিনৰ পৰা মদ্যপান, নিষিদ্ধ ড্ৰাগছৰ সেৱন ইত্যাদি।
কেতিয়াবা বৃক্কই হঠাৎ কাম কৰিবলৈ এৰি দিব পাৰে (দুই তিনি দিনৰ ভিতৰত)। এনেকুৱা বৃক্ক বিকলতাক একুইট্ ৰিনেল ফেইলৰ বুলি কোৱা হয়। সাধাৰণতে তলত দিয়া কাৰণবিলাকৰ বাবে এনে হব পাৰে – –
- মূত্ৰতন্ত্ৰৰ সংক্ৰমণ ।
- হাৰ্ট এটেক।
- নিষিদ্ধ ড্ৰাগছৰ ব্যৱহাৰ বা সেৱন।
- কিডনি লৈ ৰক্তসঞ্চালন বন্ধ হোৱা বা কমি যোৱা।
এনেকুৱা ধৰণৰ বৃক্ক বিকলতা সাধাৰণতে স্থায়ী নহয়। এনেকুৱা ক্ষেত্ৰত মানুহজনৰ যদি অন্য কোনো গম্ভীৰ স্বাস্থ্যজনিত সমস্যা নাথাকে তেন্তে চিকিৎসা কৰিলে বেমাৰটো থিক হৈ যায় আৰু কিডনিৰ স্বাভাৱিক অৱস্থা ঘূৰি আহে। ওপৰোক্ত যিবিলাক বৃক্ক বিকলতাৰ কাৰণ দৰ্শোৱা হৈছে ইয়াৰ অৰ্থ এইটো নহয় যে এই সমস্যাবিলাক থাকিলেই মানুহ এজনৰ বৃক্ক বিকলতা হবই। নিয়মিত স্বাস্থ্যসন্মত জীৱনশৈলী আৰু চিকিৎসকৰ সথিক পৰামৰ্শ মানি চলিলে ইয়াৰ পৰা হাত সাৰি থাকিব পাৰি।
বৃক্ক বিকলতাৰ লক্ষণ :- আৰম্ভণিতে বৃক্ক বিকলতাৰ কোনো লক্ষণ দেখা নিদিও পাৰে। এই সমস্যাটো লাহে লাহে বেমাৰৰ পিনে গতি কৰে আৰু যেতিয়ালৈকে বৃক্ক বেয়াকৈ প্ৰভাৱিত নহয় তেতিয়ালৈকে লক্ষণসমূহ দেখা নিদিবও পাৰে। যেতিয়া কিডনিয়ে লাহে লাহে কাম কৰা বন্ধ কৰিবলৈ আৰম্ভ কৰে তলত দিয়া লক্ষণবিলাক দেখা দিয়ে।
- ভৰি আৰু ভৰিৰ গোৰোহা ফুলি উঠিব পাৰে।
- শৰীৰৰ দুৰ্বলতা।
- আলস্য ভাৱ।
- শ্বাস প্ৰশ্বাস চুটি হব পাৰে।
- সঘনাই মাংসপেশীৰ বিষ বা সংকোচন হব পাৰে।
- জ্বৰ (কেতিয়াবা ধাৰাবাহিক আৰু তীব্ৰ হব পাৰে)।
- পেচাব কমকৈ হব পাৰে।
- একেৰাহে গোটেই গাতে খজুৱতি হব পাৰে।
- বুকুৰ বিষ।
- অবসাদ ভাব।
- বমি বমি ভাব, বমিও হব পাৰে ।
- অভোক
- হৃদৰোগ
- তেজত পটাছিয়ামৰ পৰিমান বাঢ়ি যাব পাৰে।
- ডায়েৰিয়া
- অনিদ্ৰা
- কঁকালৰ বিষ
- নাকৰ পৰা তেজ ওলোৱা
- ৰক্তহীনতা
- ভ্ৰম
- হৃদস্পন্দনৰ অস্বাভাৱিকতা
- উচ্চ ৰক্তচাপ
- মুখৰ বেয়া সোৱাদ
- ঠাণ্ডা লগা ইত্যাদি।
বৃক্ক বিকলতা নিৰ্ণয়ৰ উপায়:-
বৃক্ক বিকলতাৰ সম্পূৰ্ণ ৰোগ নিৰ্ণয় লগতে বৃক্কৰ ক্ষতিৰ মাত্ৰা আৰু ইয়াৰ ভৱিষ্যত ফলাফল নিৰ্ভৰ কৰে ৰোগৰ লক্ষণ, ৰোগী পৰীক্ষা কৰি পোৱা পৰিণাম আৰু পৰীক্ষাগাৰত পৰীক্ষা কৰি পোৱা ফলাফলৰ ওপৰত। সাধাৰণতে পৰীক্ষাগাৰত তলত দিয়া পৰীক্ষাসমূহ কৰা হয়।
- পেচাব পৰীক্ষা – পেচাবত থকা প্ৰটিনৰ পৰিমাণ, অস্বাভাবিক কোষ কিবা আছে নেকি আৰু ইলেকট্ৰলাইটৰ ঘনত্ব পৰীক্ষা কৰা হয়।
- তেজৰ ইউৰিয়া নাইট্ৰজেন টেষ্ট( BUN)
- চেৰাম ক্ৰিয়েটিনিন টেষ্ট
- গ্লমেৰুলাৰ ফিলট্ৰেচন ৰেট টেষ্ট
- পেটৰ আল্ট্ৰাচনগ্ৰাফী
- চি টি স্কেন
- বৃক্কৰ বায়’প্চি। ইত্যাদি।
# আধুনিক চিকিৎসা বিজ্ঞানত বৃক্ক বিকলতাৰ চিকিৎসা – মূলতঃ তিনি ধৰণৰ চিকিৎসা কৰা হয়।
১/হিম’ডায়েলাইচিচ্
২/পেৰিট’নিয়েল ডায়েলাইচিচ্
৩/কিডনি ট্ৰেন্সপ্লেন্ট।
নতুন গৱেষণাৰ পৰা পোৱা তথ্য অনুসৰি হিম’ডায়েলাইচিচত ৰোগীৰ হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় কাৰণ হিম’ডায়েলাইচিচত ইউৰেমিক টক্সিন আতৰ নহয়।
বৃক্ক বিকলতাৰ আয়ুৰ্বেদীয় চিকিৎসা :- যদি বৃক্ক বিকলতাৰ কোনো ৰোগীয়ে ৰোগ চিনাক্ত হোৱাৰ লগে লগে ডায়েলাইচিচ আৰম্ভ নকৰাকৈ আয়ুৰ্বেদীক চিকিৎসা গ্ৰহণ কৰে সেই ৰোগীয়ে, ডায়েলাইচিচৰ পিছত চিকিৎসা গ্ৰহণ কৰিবলৈ অহা ৰোগীতকৈ অধিক সুফল লাভ কৰে। ডায়েলাইচিচ কৰি থকা ৰোগীয়েও সুফল লাভ কৰে আৰু আয়ুৰ্বেদীক চিকিৎসাৰ দ্বাৰা এটা ডায়েলাইচিচৰ পৰা অন্য এটা ডায়েলাইচিচৰ মাজৰ সময় বঢ়াব পাৰি আৰু কেতিয়াবা ডায়েলাইচিচ বন্ধ কৰিব পৰাও যায়(বেমাৰৰ গম্ভীৰতা অনুসৰি ভিন্ন ৰোগীৰ ক্ষেত্ৰত ভিন্ন ফলাফল হব পাৰে)। আয়ুৰ্বেদত কিছুমান আচৰিত ধৰণৰ ঔষধৰ নাম উল্লেখ আছে যিয়ে বৃক্কৰ কোষসমূহক নতুন চালিকা শক্তি প্ৰদান কৰে আৰু পেচাব সুচাৰুৰূপে উৎপন্ন হোৱাত সহায় কৰে। পঞ্চকৰ্ম চিকিৎসাও ব্যৱহাৰ কৰিব পাৰি। এই ঔষধসমূহত বিশেষকৈ পুনৰ্নবা, বৰুন, শিগ্ৰু, অপামাৰ্গ, কাসনী, ৰক্তচন্দন, গক্ষৰু ইত্যাদি ঔষধি উদ্ভিদ ব্যৱহাৰ কৰা হয়।
বৃক্ক বিকলতাৰ ৰোগীৰ বাবে খাদ্যাভাস আৰু জীৱনশৈলী – বৃক্ক বিকলতাৰ ৰোগীয়ে কিমান পানী বা জুলীয়া পদাৰ্থৰ সেৱনৰ পৰিমাণ আৰু কিছুমান নিৰ্দিষ্ট পোষকতত্ব বা খনিজ লবণ যুক্ত খাদ্যপদাৰ্থ সেৱনৰ ওপৰত কিছু সীমাবদ্ধতা আৰোপ কৰিব লাগে। লগতে ৰোগীজনৰ কিমান পৰিমাণৰ পেচাব হৈ আছে সেইটোও লক্ষ্য ৰাখিব লাগে। সৰহভাগ বৃক্ক বিকলতাৰ ৰোগীয়ে তলত উল্লেখ কৰা খাদ্যবস্তুৰ সেৱনৰ ওপৰত সীমাবদ্ধতা অৱলম্বন কৰিব লাগে। যেনে-
জুলীয়া পদাৰ্থ :- অতিবেছি জুলীয়া পদাৰ্থ সেৱনৰ ফলত দেহত পানী জমা হৈ ফুলি যাব পাৰে, উচ্চ ৰক্তচাপ, হৃদৰোগ আৰু উশাহ নিশাহত সমস্যা হব পাৰে। যিবিলাক খাদ্য সামগ্ৰীত জুলীয়া পদাৰ্থৰ পৰিমাণ বেছি থাকে তেনে খাদ্য সামগ্ৰী পৰিহাৰ কৰা উচিত বা সীমিত ভাবে সেৱন কৰা উচিত।
পটাছিয়াম – বৃক্ক বিকলতাৰ ৰোগীয়ে সহজতে তেজৰ পটাছিয়াম আতৰাই পঠাব নোৱাৰে। সেয়েহে অধিক পটাছিয়াম যুক্ত খাদ্য বস্তুৰ সেৱন পৰিহাৰ কৰিব লাগে বা কমকৈ সেৱন কৰিব লাগে। তেজত পটাছিয়ামৰ পৰিমাণ বাঢ়ি গলে হাৰ্ট ফেইলৰ হোৱাৰ সম্ভাৱনা থাকে। অধিক পটাছিয়াম যুক্ত খাদ্য বস্তু সমূহ হ’ল বীন, কল, দৈ, আলু, পালেং, মাছ, মাছৰুম, ডালিম, আঙুৰ, কমলা, লিচু, আম, মাধুৰীআম, কিৱি ফল ইত্যাদি।
ফছফৰাছ – অধিক ফছফৰাছ যুক্ত খাদ্যবস্তু যেনে- কণী, মাংস, মাছ, গাখীৰ, ডাইল, বীন, চকলেট, শীতল পানীয় ইত্যাদিৰ সেৱন পৰিহাৰ বা সীমিত ভাবে কৰিব লাগে। ফছফৰাছে আমাৰ শৰীৰৰ কেলছিয়াম আৰু ভিটামিন-ডি ৰ বিপাক ক্ৰিয়াত সহায় কৰে। বৃক্ক বিকল হোৱা ৰোগীৰ তেজত ফছফৰাছৰ পৰিমাণ বাঢ়ি গ’লে বিভিন্ন হাড়ৰ বেমাৰ যেনে- অস্হিওপৰোচিচ্(য’ত সহজতে হাড় ভাগি যায়) হব পাৰে।
ছডিয়াম – ছডিয়ামে আমাৰ শৰীৰত নিৰ্দিষ্ট পৰিমাণৰ জুলীয়া পদাৰ্থ ধৰি ৰখাত সহায় কৰে। যেতিয়া বৃক্কৰ কাৰ্য্যক্ষমতা হ্ৰাস পায় বা লোপ পায় তেজত ছডিয়ামৰ পৰিমাণ বাঢ়ি গৈ শৰীৰত অধিক পৰিমাণৰ পানী ধৰি ৰাখিব লগীয়া হয়। ফলত ৰক্তচাপ বাঢ়ি যায়। তেজত ছডিয়ামৰ পৰিমাণ সীমিত ৰাখিবলৈ তলত দিয়া টিপচ্ কেইটা মানি চলিব লাগে –
*খাদ্য ৰন্ধাৰ সময়ত বা অতিৰিক্ত ভাবে নিমখ মিহলি কৰিব নালাগে। কম পৰিমাণৰ সৈন্ধৱ লবণ ব্যৱহাৰ কৰিব লাগে।
*সাগৰীয় খাদ্য, বিলাহী, কণী, মছলা, আচাৰ, ব্লেক টি, কফি, চাহ, বীয়েৰ, মদ আদি পৰিহাৰ কৰিব লাগে।
লগতে ধপাতজাতীয় সামগ্ৰী, তেলজাতীয় বা চৰ্বীজাতীয়, মছলাযুক্ত, পেকেজড্ আৰু শীতলীকৃত খাদ্য, জাংক-ফুদ্, সোনকালে হজম নোহোৱা খাদ্য ইত্যাদি সেৱন কৰিব নালাগে ।
*লগতে কৰিবলগীয়া –
*নিজৰ সামৰ্থ্য অনুসৰি ব্যায়াম কৰিব লাগে।
*যিকোনো পৰিস্থিতিতে ধনাত্মক দৃষ্টিভংগী অটুট ৰাখিব লাগে।
*ধ্যান কৰিব লাগে।
*শাক পাচলি আৰু ফলমূল যেনে- জিকা, পানীলাউ, তিয়ঁহ, অমিতা,ৰঙালাও, পুনৰ্নবা শাক ইত্যাদি সেৱন কৰিব লাগে । অৱশ্যে খাদ্যৰ তালিকা ৰোগী অনুসৰি ভিন ভিন হব পাৰে। গতিকে যিকোনো খাদ্য গ্ৰহণ কৰাৰ আগতে চিকিৎসা কৰি থকা চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।
{ ডা. মুকুল শৰ্মা # Mob: 9508026825 }