• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, May 21, 2022
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Justice

বৃন্দাক পৰাজিত কৰিবলৈ মণিপুৰৰ ঘৰে ঘৰে অমিত শ্বাহ

বৃন্দা

by Admin
February 27, 2022
in Justice, National, News, Politics, Real Stories, Special Report, Uncategorized, Women
Reading Time: 2 mins read
0
বৃন্দাক পৰাজিত কৰিবলৈ মণিপুৰৰ ঘৰে ঘৰে অমিত শ্বাহ
Share on FacebookShare on TwitterShare on LinkedIn

বৃন্দা

অৰবিন্দ ৰাভা

RelatedPosts

 Assamese women nominated in Crain’s New York Business Awards

 Assamese women nominated in Crain’s New York Business Awards

May 21, 2022
Why should Afghan girls suffer?

Why should Afghan girls suffer?

May 21, 2022
adult biology chemical chemist

World Health Statistics 2022

May 21, 2022

বৃন্দাক পৰাজিত কৰিবলৈ মণিপুৰৰ ঘৰে ঘৰে ভোটভিক্ষা কৰিবলৈ বাধ্য হৈছে অমিত শ্বাহ!

মণিপুৰৰ প্ৰথম পৰ্যায়ৰ ভোটৰ বাবে এতিয়া মাথোঁ তামোল এখনৰ বাট। মণিপুৰৰ বিভিন্ন ঠাইত এতিয়া বিজেপিয়ে ‘মৰো জিও সোঁ আধিকৈ’ নিৰ্বাচনী প্ৰচাৰ চলাইছে। জয়লাভ কৰিম বুলি নিশ্চিত বুলি দাবী কৰিও, আত্মবিশ্বাসেৰে বলীয়ান বুলি দেখুৱাইও কিবা যেন ৰিঙা ৰিঙা ভাবৰ বলি হোৱা হেতুকে বিজেপিৰ হৈ এতিয়া ঘৰে ঘৰে গৈ প্ৰচাৰ চলাব লগীয়া হৈছে বাহুবলী নেতা তথা ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ-এ! প্ৰকৃততে যেন নিশ্চিন্ত হ’ব পৰা নাই বিজেপি! কিন্তু কাৰণ কি ?

অইন ‘ফেক্টৰ’ বাদেই, এগৰাকী ‘জেডিইউ’ (JDU)‌ প্ৰাৰ্থীয়ে জ্বলা-কলা খুৱাইছে মণিপুৰৰ বিজেপিক, আৰু অমিত শ্বাহক। তেওঁ এক কথাত অনন্য। যদিও ‘জেডিইউ’ৰ প্ৰাৰ্থী, সেয়া তেওঁৰ পৰিচয় নহয়। তেওঁ হ’ল মণিপুৰৰ প্ৰাক্তন উচ্চপদস্থ পুলিচ বিষয়া বৃন্দা দাউনাওজাম ( Brinda Thounaojam)! মণিপুৰৰ অদমনীয় পুলিচ বিষয়া হিচাপেই‌ তেওঁৰ পৰিচিতি। নৈতিক শক্তিৰে বলীয়ান তেওঁ, সাহসেৰে শক্তিশালী তেওঁ। সেই বৃন্দাই এইবাৰ ‘য়াচ্কুল’ বিধানসভা সমষ্টিৰ পৰা জেডিইউ দলৰ প্ৰাৰ্থী হৈছে আৰু তেওঁৰ প্ৰতিপক্ষ‌ বিজেপি দলৰ প্ৰাৰ্থীজনৰ নিদ্ৰাহৰণ হৈছে।

বৃন্দা স্ব-মহিমাৰে মহীয়সী নাৰী। বিভিন্ন সময়ত বিভিন্ন কাৰণত বিভিন্ন ধৰণে বৃন্দাৰ সৈতে তেওঁৰ শহুৰেকৰ নামটো টানি আনি পৰিস্থিতিক ধোঁৱাচাঙত তুলি থবলৈ প্ৰয়াস কৰা হয় যদিও বৃন্দাই সেইবোৰৰ বহু ঊৰ্দ্ধত নিজৰ বলিষ্ঠ স্থিতিৰে মহিমামণ্ডিত হৈছে। প্ৰসঙ্গক্ৰমে উল্লেখযোগ্য যে বৃন্দাৰ শহুৰেক হ’ল মণিপুৰৰ বিদ্ৰোহী সত্তা ৰাজকুমাৰ মেঘেন ( অথবা, ‘ছানা-য়াইমা’)। ৰাজকুমাৰ মেঘেন-এ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা ‘আন্তৰ্জাতিক সম্পৰ্ক'( International Relations) বিভাগৰ স্নাতকোত্তৰ। তেওঁ মণিপুৰৰ বিদ্ৰোহী সংগঠন ‘ইউনাইটেড লিবাৰেশ্যন ফ্ৰন্ট'( UNLF)ৰ প্ৰাক্তন ‘চেয়াৰমেন’। ৰাজকুমাৰ মেঘেন হ’ল মণিপুৰৰ কিম্বদন্তী স্বৰূপ বীৰপুৰুষ তথা ৰজা টিকেন্দ্ৰজিত সিঙৰ আজোনাতি – যিগৰাকী টিকেন্দ্ৰজিতে সৈন্যবাহিনীৰ সন্মুখত থাকি ১৮৯১ চনৰ এংলো – মণিপুৰ যুদ্ধত নিজৰ দেশ মণিপুৰৰ বাবে ঐতিহাসিক যুদ্ধত অৱতীৰ্ণ ‌হৈছিল।

মণিপুৰৰ সাৰ্বভৌমত্ব অৰ্জনৰ বাবে সশস্ত্ৰ সংগঠন গঠন কৰি নেতৃত্ব দিয়া ৰাজকুমাৰ মেঘেন ওৰফে ‘ছানা-য়াইমা’ই ১৯৭৫ চনতেই নিজৰ পত্নী আৰু পুত্ৰ সন্তান দুটিক নিজ গৃহত এৰি যাত্ৰা কৰিছিল ম্যানমাৰৰ ছ’মৰা ট্ৰেকত থকা মুইভা আৰু খাপলাঙৰ নেতৃত্বাধীন এন-এছ-চি-এনৰ কেম্প অভিমুখে। সেইসময়ত তেওঁৰ সৰু পুত্ৰ আৰ.কে.চিংলেনৰ বয়স মাত্ৰ কেইদিনমান হে হৈছিল।

ইয়াৰ পিছত বহুত ঘটনাপ্ৰৱাহ। আৰ. কে. চিংলেং লাহে লাহে ডাঙৰ হ’ল। তেওঁ যুৱক হ’ল। আৰু এদিন তেওঁৰ বিবাহো সম্পন্ন হ’ল বৃন্দা দাউনাওজামৰ সৈতে। ইতিমধ্যে এসময়ত ৰাজকুমাৰ মেঘেনো গ্ৰেপ্তাৰ হ’ল বাংলাদেশত আৰু ভাৰতক গতাই দিয়া হ’ল ২০১০ চনৰ ছেপ্তেম্বৰ মাহত। তাৰপিছত বহুদিন একো শুং-সূত্ৰ নাই! তেতিয়া ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ নেতা এ-বি বৰ্দ্ধনে সেইসময়ৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙলৈ পত্ৰ লিখি দাবী জনালে – ৰাজকুমাৰ মেঘেনক ক’ত ৰখা হৈছে সেয়া ৰাজহুৱা কৰিব লাগে। মেঘেনৰ পত্নীয়েও ভাৰতৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙলৈ পত্ৰ লিখিলে – পৰিয়ালক জনাব লাগে – ক’ত আছে ৰাজকুমাৰ? অৱশেষত পিছলৈ চৰকাৰীভাৱে কোৱা হ’ল যে ২০১০ চনৰ ডিচেম্বৰ মাহ প্ৰথম সপ্তাহত বিহাৰৰ চম্পাৰণ জিলাৰ পৰা মেঘেনক নিজৰ জিম্মাত লৈছে এন-আই-এ। ৰাজকুমাৰ মেঘেনক ভাৰতৰ সংবিধানে দিয়া অধিকাৰ তথা বিধি অনুসৰি ন্যায়-বিচাৰৰ সুবিধা দিব লাগে বুলি মণিপুৰৰ ৰাজপথত হোৱা প্ৰতিবাদী কাৰ্যসূচীত অইনৰ লগতে তেওঁৰ বোৱাৰী বৃন্দাইও অংশগ্ৰহণ কৰিছিল। অৱশেষত ঘোষণা কৰা হৈছিল যে গুৱাহাটীৰ আদালতত মেঘেনক হাজিৰ কৰোৱা হ’ব। সেই সূত্ৰে ২০১১ চনৰ জানুৱাৰী মাহৰ কোনোবা এদিন ৰাজকুমাৰ মেঘেনক গুৱাহাটীৰ আদালতত হাজিৰ কৰোৱা হ’ব বুলি জনোৱা হ’ল।

অপেক্ষাৰ অন্ত পৰিছিল। সম্পূৰ্ণ ৩৬ বছৰৰ পিছত, ২০১১ চনত, আৰ.কে. চিংলেং-এ তেওঁৰ পিতৃ ৰাজকুমাৰ মেঘেনক সাক্ষাৎ কৰিবলৈ সুযোগ পালে গুৱাহাটীৰ আদালতত। তেওঁ নামি আহিল মণিপুৰৰ পৰা, লগত আছিল তেওঁৰ পত্নী বৃন্দা। সেয়া আছিল ২০১১ চনৰ জানুৱাৰী মাহৰ শীতৰ দিন। আদালত কক্ষৰ দুৱাৰৰ বাহিৰত থকা কাঠৰ বেঞ্চখনত চাৰি ঘন্টা সময় দুয়ো বহি আছিল – যেতিয়ালৈ ৰাজকুমাৰ মেঘেনক হাজিৰ কৰোৱা হোৱা নাছিল।

অৱশেষত সেই ক্ষণটো আহিছিল। বৃন্দাই পোন প্ৰথমবাৰৰ বাবে তেওঁৰ শহুৰক দেখা পাইছিল। সেইদিনাই পোন প্ৰথমবাৰৰ বাবে ( মাত নুফুটা শৈশৱৰ কথা বাদ দি) আৰ.কে.চিংলেঙেও পিতৃৰ সাক্ষাৎ পাইছিল। সেই ক্ষণটোৰ বিষয়ে পিছলৈ বৃন্দাই মণিপুৰৰ জনপ্ৰিয় বাতৰি-কাকত ‘Sangai Express’ত লিখিছিল -তেওঁৰ স্বামীয়ে ৩৬ বছৰৰ পিছত পিতৃক সাৱট মাৰি ধৰাৰ পিছত পিতৃৰ মুখমণ্ডলত কিদৰে আঙুলিৰে স্পৰ্শ কৰি কৰি সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিছিল – যিদৰে নিজৰ সন্তানকো কৰে!

বৃন্দা

ৰাজকুমাৰ মেঘেনক সশ্ৰম কাৰাদণ্ড বিহিছিল আদালতে। ১০ বছৰ তেওঁ কাৰাগাৰত বন্দী হৈ আছিল।

ৰাজকুমাৰ মেঘেনক আইনী অধিকাৰ দিব লাগে বুলি মণিপুৰৰ ৰাজপথত হোৱা প্ৰতিবাদী কাৰ্যসূচীত ভাগ লোৱাৰ দুবছৰৰ পিছত বৃন্দাই ‘মণিপুৰ ষ্টেট পাব্লিক চাৰ্ভিছ কমিশ্যন’ৰ পৰীক্ষাত অৱতীৰ্ণ হয়। যদিও বৃন্দাৰ নাম সফল প্ৰাৰ্থীসকলৰ তালিকাত আছিল, তেওঁক কৰ্মত যোগদান কৰিব পৰাকৈ অইনসকলৰ দৰে ‘এপইন্টমেন্ট লেটাৰ’ দিয়া হোৱা নাছিল – কাৰণ বৃন্দা হ’ল মেঘেনৰ বোৱাৰীয়েক, মেঘেন হ’ল প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণকাৰী! গতিকে মণিপুৰ চৰকাৰৰ তেনে মনোভাৱৰ বিৰুদ্ধে বৃন্দাই ২০১৩ চনৰ জানুৱাৰী মাহত উচ্চতম ন্যায়ালয়ত এখন ‘ৰিট্ পিটিশ্যন’ দাখিল কৰিলে। সেই সম্পৰ্কে বৃন্দাই কৈছিল, “I sought redressal for violation of my constitutional rights with regard to the denial of my appointment to the state police service by the government without giving any official reason after I was issued the offer form.” যি কি নহওঁক, বৃন্দাৰ গোচৰটো উচ্চতম ন্যায়ালয়ে গুৱাহাটী উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ কৰিলে, আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে মণিপুৰ চৰকাৰক আদেশ দিলে বৃন্দাক যথাযথভাবে চাকৰিত নিযুক্তি দিবলৈ। বৃন্দাই আৰু কৈছিল, ‘..the government’s post- facto written explanation to the high court “branded me as a sympathiser of UNLF and as being close to my father-in-law. It said my being in the Police would make it vulnerable to the designs of the UNLF. The justification given was that I took part in the protests that took place when my father-in-law disappeared for 61 days from Dhaka in 2010. It failed to see that the demand was to produce him in a court of law and subject him to a fair trial as per the constitution.”

বৃন্দা

যি কি নহওঁক, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আদেশৰ ফলত বৃন্দাই পুলিচ বিভাগত যোগদান কৰিলে। কিন্তু পদে পদে বিভিন্ন ৰাজনৈতিক আতিশায্যই তেওঁক জুলুম দিবলৈ আৰম্ভ কৰিলে। তথাপিও নিজৰ স্থিতিত অটল হৈ ৰ’ল বৃন্দা। ৰাজনৈতিক নেতাৰ বা মুখ্যমন্ত্ৰী বা অইন মন্ত্ৰীৰ পদলেহন নকৰি তেওঁ নিজৰ কাম কৰি গ’ল। ২০১৮ চনত বৃন্দাই এক অভিযান চলাই ২৭ কোটি টকাৰ মাদখ দ্ৰব্য উদ্ধাৰ কৰি শিৰোনাম দখল কৰে। তেওঁক পুলিচ পদক দিয়া হয়। পুলিচ পদক দিয়ে মণিপুৰৰ তৎকালীন মুখ্যমন্ত্ৰী এন. বীৰেন সিঙে। কিন্তু ঘটনাপ্ৰৱাহ অইনপিনে ঢাল খায়।

দুবছৰ মান পিছত বৃন্দাই জানিবলৈ পায় যে সেই মাদক দ্ৰব্যৰ সৰবৰাহকাৰী সকলৰ সৈতে মণিপুৰৰ মুখ্যমন্ত্ৰী এন.বীৰেন সিঙৰ সদ্ভাৱ আৰু যোগাযোগ আছে। বৃন্দাক মাদক দ্ৰব্যৰ সৰবৰাহকাৰী সকলৰ প্ৰতি নমনীয় হ’বলৈ কোৱা হয় আৰু গোচৰ উঠাই ল’বলৈ কোৱা হয়। কিন্তু মুখ্যমন্ত্ৰীৰ তেনে নিৰ্দেশ সাহসেৰে প্ৰত্যাখ্যান কৰি বৃন্দাই পলম নকৰি ২০২০ চনত পদক ওভোতাই দিয়ে তথা নিজৰ আত্মমৰ্যদা আৰু আত্মসন্মান ৰক্ষা কৰিবলৈ তেওঁ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত হৈ থকা চাকৰিৰ পৰাও অব্যাহতি বিচাৰে, জানুৱাৰীৰ‌ ২৬ তাৰিখে। ২০২০ চনৰ ‌জুলাই মাহত বৃন্দাই মণিপুৰ উচ্চ ন্যায়ালয়ত এখন ‘এফিডেফিট’ দাখিল কৰি কয় যে মণিপুৰৰ মুখ্যমন্ত্ৰী এন. বীৰেন সিঙে তেওঁক অন্যায় কাম কৰিবলৈ কৈছিল – বৃন্দাই গ্ৰেপ্তাৰ কৰা নিষিদ্ধ ড্ৰাগচ্ সৰবৰাহকাৰীৰ নেতা এজনক এৰি দিবলৈ কৈ। ‘নাৰকোটিক এন্ড এফেয়াৰ্চ অফ বোৰ্ডাৰ ব্যুৰো'(NAB)ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত বৃন্দাই ড্ৰাগ-লৰ্ড ‘লুখোছেই ঝোউ’ ( Lhukhosei Zou)ক গ্ৰেপ্তাৰ কৰাৰ পিছতেই মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং বৃন্দাৰ ওপৰত খৰ্গহস্ত হৈ পৰে। বৃন্দাই ২০১৮ চনৰ জুন মাহত ঝোউ আৰু অইন ৭ জনক এক অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল তথা ৪.৫৯৫ গ্ৰাম হেৰোইন, ২৮০২০০ টা ‘World is Yours’ টেবলেট, ৫৭.১৮ লাখ নগদ টকা, ইত্যাদি উদ্ধাৰ কৰিছিল। ঘটনাক্ৰমে ঝোউ আছিল এগৰাকী বিজেপি নেতা, আৰু তেওঁ চান্দেল স্বায়ত্ব শাসিত পৰিষদৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। গতিকে কেনা লাগিছিল! ৰাজনৈতিক হেঁচা দিয়াৰ পিছত সৈমান নোহোৱাত বৃন্দাকো বদলি কৰা হৈছিল।

মণিপুৰৰ নতুন প্ৰজন্মৰ বাবে আদৰ্শস্বৰূপ বৃন্দাই এইবাৰ মণিপুৰৰ আইনমন্ত্ৰী তোকচেম সত্যব্ৰত সিঙৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। বিজেপি নিশ্চিন্ত হ’ব পৰা নাই। সেইবাবেই অমিত শ্বাহে ঘৰে ঘৰে ভোটভিক্ষা কৰিবলৈ বাধ্য হৈছে। বৃন্দাই কিন্তু এই কাৰ্যক ইতিবাচক হিচাপে লৈছে। তেওঁ কৈছে,’ বিষয়টোক মই ইতিবাচক হিচাপে গ্ৰহণ কৰিছো। মণিপুৰৰ এজন মন্ত্ৰীয়ে মোৰ বিৰুদ্ধে প্ৰাৰ্থী হিচাপে থিয় দিছে আৰু এজন কেন্দ্ৰীয় মন্ত্ৰীক মোৰ বিৰুদ্ধে প্ৰচাৰত নমাইছে। কিন্তু মোৰ যুদ্ধখন হ’ল মাদক আৰু দুৰ্নীতিৰ বিৰুদ্ধে। এজন পুলিচ বিষয়া হিচাপে মানুহৰ বাবে বিশেষ একো কৰিব নোৱাৰিলো। বিধানসভাৰ মজিয়াত নিজৰ উপস্থিতিৰে সেই ঘোষণা কৰিব বিচাৰো।’

উল্লেখযোগ্য যে মণিপুৰৰ বিধানসভাৰ নিৰ্বাচন ২৮ ফেব্ৰুৱাৰী, ৫ মাৰ্চত হ’ব, ফলাফল ঘোষণা কৰা হ’ব ১০ মাৰ্চত।

(২৭-০২-২০২২)

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

 Assamese women nominated in Crain’s New York Business Awards
Women

 Assamese women nominated in Crain’s New York Business Awards

by Admin
May 21, 2022
0

Assamese women & New York Business Awards KAKALI DAS “There is no limit to what we, as women, can accomplish.”...

Read more
Why should Afghan girls suffer?

Why should Afghan girls suffer?

May 21, 2022
adult biology chemical chemist

World Health Statistics 2022

May 21, 2022
Farida Razaqi

AFGHAN WOMEN: ‘My life was never easy as everyone’s life’

May 21, 2022
RISHIRAJ ADHIKARY, AN ASSAMESE SCHOLAR BAGS FULLBRIGHT-NEHRU FELLOWSHIP  

RISHIRAJ ADHIKARY, AN ASSAMESE SCHOLAR BAGS FULLBRIGHT-NEHRU FELLOWSHIP  

May 21, 2022
Afghan women’s rights under Taliban’s Rule!

I am an Afghan woman!

May 21, 2022
  • Trending
  • Comments
  • Latest
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

May 12, 2022
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

December 5, 2021
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

Indian Army’s Civilian Killings in Nagaland Again!

December 5, 2021
বিদায় অনিমেষ, বিদায় !

বিদায় অনিমেষ, বিদায় !

November 30, 2021
girls with signs on protest against russian war on ukraine

UKRAINE DIARY: Today is the 3rd day of war

1

The Chainsmokers Actually Make a Great Nickelback Cover Band

0

Obama Wants To Visit Ubud On Low-key Bali Vacation: Bali Official

0
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
 Assamese women nominated in Crain’s New York Business Awards

 Assamese women nominated in Crain’s New York Business Awards

May 21, 2022
ৰিচাৰ্ড ফাইনমেনৰ দৃষ্টিত বিজ্ঞানৰ স্বৰূপ

ৰিচাৰ্ড ফাইনমেনৰ দৃষ্টিত বিজ্ঞানৰ স্বৰূপ

May 21, 2022
কিংবদন্তি বড়তালা আৰু ইতিহাসে কথা কয়

কিংবদন্তি বড়তালা আৰু ইতিহাসে কথা কয়

May 21, 2022
Why should Afghan girls suffer?

Why should Afghan girls suffer?

May 21, 2022

Popular Stories

  •  Assamese women nominated in Crain’s New York Business Awards

     Assamese women nominated in Crain’s New York Business Awards

    32 shares
    Share 13 Tweet 8
  • Emergence Of The KNF In Chittagong Hill Tracts

    306 shares
    Share 122 Tweet 77
  • RISHIRAJ ADHIKARY, AN ASSAMESE SCHOLAR BAGS FULLBRIGHT-NEHRU FELLOWSHIP  

    16 shares
    Share 6 Tweet 4
  • The Heaven on Earth: KASHMIR

    18 shares
    Share 7 Tweet 5
  • সংগীত : এক চিকিৎসা পদ্ধতি

    9 shares
    Share 4 Tweet 2
  • AFGHAN WOMEN: ‘My life was never easy as everyone’s life’

    7 shares
    Share 3 Tweet 2
  • Women under Islamic Emirate of Taliban

    7 shares
    Share 3 Tweet 2
  • An Interview of Indrani Baruah by Jahnavi Gogoi

    34 shares
    Share 14 Tweet 9
  • ভাৰতত ‘চিঙ্গল ইউজ’ প্লাস্টিক নিষিদ্ধ হ’বঃ ১ জুলাইৰ পৰা 

    6 shares
    Share 2 Tweet 2
  • NEIPF’s ‘Diphupar Declaration’

    80 shares
    Share 32 Tweet 20
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
loading Cancel
Post was not sent - check your email addresses!
Email check failed, please try again
Sorry, your blog cannot share posts by email.
%d bloggers like this: