বেজবৰুৱাৰ সৈতে শেষ সাক্ষাৎ
বেণুধৰ শৰ্মা
১৯৩৮ চনৰ ফেব্ৰুৱাৰী মাহত লক্ষ্মীনাথ বেজবৰুৱা যেতিয়া জোঞায়েক ৰোহিণী বৰুৱাৰ ঘৰত ডিব্ৰুগড়ত বেমাৰত পৰি আছিল, তেতিয়া নেছনেল ইণ্ডিয়ান লাইফ ইন্সিয়ৰেঞ্চ কোম্পানীৰ আসাম ব্ৰাঞ্চৰ মেনেজৰ ৰমেশ চন্দ্ৰ মজুমদাৰে গুৱাহাটীৰপৰা মটৰেৰে উজনি অসমৰ এজেঞ্চী চাবলৈ আহে।
বেজবৰুৱাক চাবলৈ যাওঁ বোলাত মোকো তেওঁ লগতে লৈ ডিব্ৰুগড় পালেগৈ। বেজবৰুৱাক চাব খুজিছোঁ বুলি কোৱাত ৰোহিণী বৰুৱাই প্ৰথমতে চাবলৈ যাব নিদিছিল।
বেজবৰুৱাক মোৰ নামটো ক’লত, তৎক্ষণাৎ বেজবৰুৱাই মোক তেওঁৰ নৰিয়াপাটীৰ কাষলৈ মাতিলে। মই ওচৰ পোৱা মাত্ৰকে তেওঁ বিচনাৰপৰা উঠি মোক সাৱট মাৰি ধৰিলে আৰু ক’লে, “তুমি মোতকৈও clever (টেঙৰ) হে”।
এইদৰে কোৱাৰ অৰ্থ হৈছে, তাৰ কিছু দিনৰ আগতে “দেশদ্ৰোহী কোন বদন নে পূৰ্ণানন্দ?” বোলা সমালোচনামূলক প্ৰবন্ধটো ‘আৱাহন’ত ওলাইছিল। বেজবৰুৱা ডাঙৰীয়াই ‘বেলিমাৰ’ নাটত পূৰ্ণানন্দক প্ৰশংসাৰে বুৰাই পেলাইছে আৰু ‘বাঁহী’ত বদনক ‘অসমৰ কাণ কটালি’ বুলি শাও-পাতত উঠিব নোৱৰাকৈ থৈছে।
মোৰ প্ৰবন্ধটোত পূৰ্ণানন্দক জগৰীয়া পাতি বদনক দোষমুক্ত (বিদ্ৰোহৰপৰা) কৰা বাবে সেই কথা কৈছিল। তেতিয়া বেজবৰুৱাৰ প্ৰায় অন্তিম সময়– গাটো তেনেই নিস্তেজ, উঠিব নোৱাৰে। ভৰি লৰক-ফৰক।
• বেণুধৰ শৰ্মা (‘মজিয়াৰপৰা মেজলৈ’, বেণুধৰ শৰ্মা ৰচনাৱলী, প্ৰথম খণ্ড, ১৯৮৫, পৃ. ৫৪২-৫৪৩) (কিতাপত থকা বানান অপৰিৱৰ্তিত)
















