বেয়া লগা কথাটো
মামণি দাস
মোৰ কিবা এটা বেয়া লাগিছিল
কানিমুনি সন্ধিয়া ৰুমলৈ বাট পোনাওতে
এটোপ দুটোপকৈ বৰষুণ পৰিছিল
বেয়া লগাটো বুজাই ক’ব নোৱাৰি
বুজা-বুজিৰ কথা
বেয়া লাগিলে ক’ব নোৱাৰাটো
দুৰ্বলতা
বেয়া লাগিলে আইনাত মুখ চাব নোৱাৰি
পৃষ্ঠা লুটিয়াব নোৱাৰি
সকলোতকৈ নোৱাৰি নিজৰ ওচৰত থাকিব
কাক ক’ম বেয়া লাগিলে !
গোমা আকাশত বিজুলী
কি ক’ম বেয়া লাগিলে !
বেয়া লাগিলে মই গুচি যাওঁ বুলিও পুনৰ ঘূৰি আহোঁ
শেষ মুহূৰ্ত্তৰ বেমাৰী এটা ৰখা দি নিজৰ ওচৰতে বহি থাকো
বেয়া লগা কথাটো বৰ বিৰক্তিকৰ
যেনেকৈ বিৰক্তিকৰ নেৰেনেপেৰাকৈ বৰষুণ অহা
শাওণৰ মাহ
যেনেকৈ অসহায়
টিনেৰে পানী সৰকিব বুলি বৰষুণলৈ ভয় কৰা মানুহবোৰ
তেনেকৈ অসহায় বেয়া লগা কথাটোও
বেয়া লগা কথাটো বুজাব নোৱাৰি
বুজাবুজিৰ কথা……
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)