বেস্ট নোভেল হুডিনি পুৰস্কাৰ
• দিলীপ দৈমাৰী
শিশুটোৰ বয়স মাত্ৰ ৮ বছৰ। নাম ডিলন হেলবিগ। ইতিমধ্যে তেওঁ লাভ কৰিছে ‘হুডিনি পুৰস্কাৰ‘। তেওঁৰ ৮৮ পৃষ্ঠাৰ উপন্যাস খন কোনে প্ৰকাশ কৰিব তাকে লৈ প্ৰকাশকসকলেও হাতত চেকবহী লৈ তেওঁৰ বাসগৃহত উপস্থিত হৈছে। কিন্তু সকলোবোৰ দেখিও নিৰুদ্বেগ হৈ ৰৈছে উপন্যাসিক ডিলন হেলবিগ!
ডিলনে নিজেও গম পোৱা নাছিল যে তেওঁ লেখা উপন্যাসখনে মাত্ৰ কেইদিনমানৰ ভিতৰতে ইমান সমাদৰ পাব। আনপিনে সমগ্ৰ ঘটনাটোক কাকতালীয় বুলি ব্যাখ্যা কৰিছে বহুতেই। আমেৰিকাৰ সামাজিক মাধ্যমত ডিলনৰ উপন্যাসৰ কেইটামান পৃষ্ঠা এতিয়া ভাইৰেল হৈ পৰিছে।
বৰদিনৰ বন্ধৰ সময়ছোৱাত হান্টিনটনৰ এটা স্থানীয় পুথিভৰাললৈ আইতাকৰ সৈতে ফুৰিবলৈ গৈছিল ৮ বছৰীয়া ডিলন। সৰুৰে পৰাই কিতাপৰ প্ৰতি তেওঁৰ প্ৰেম সুপ্ত। সেই বয়সৰ শিশুসকলে যেতিয়া অৱসৰৰ সময়ত খেলপথাৰত বা ইলেক্ট্ৰনিক গেজেটক লৈ ব্যস্ত, তেতিয়া ডিলন বুৰ গৈ আছিল গল্পৰ কিতাপ আৰু কমিক্সৰ পৃষ্ঠাত। স্কুলীয়া পাঠ্যপুথিও যে পছন্দ নকৰে তেনে নহয়, কিন্তু পাঠ্যপুথিৰ বাহিৰেও অইন কিতাপ পঢ়িও তেওঁ ভাল পায়। কিতাপৰ মাজত ডুবি থাকিব বিচাৰে তেওঁ।
এই কিতাপ পঢ়াৰ আগ্ৰহৰ পৰাই দৈনিক দিনপঞ্জী লেখাৰ প্ৰতিও ডিলনৰ আকৰ্ষণ বাঢ়ে। যোৱা বছৰ বৰদিনৰ সময়ত তেওঁলোকৰ পৰিয়ালটোৱে কিদৰে বৰদিন পালন কৰিছিল, তাৰেই পটভূমিত ডিলনে এখন উপন্যাস ৰচনা কৰে। সেই উপন্যাসৰ নাম দিয়ে -‘ দ্যা এডভেঞ্চাৰ অফ ডিলন ক্ৰিচমাছ্‘। কোনো মুদ্ৰিত কিতাপ নহয়, বৰ্তমানলৈ কোনো প্ৰকাশকো নাই। কিন্তু এখন উপন্যাস বুলিলে যি বুজা যায়, সকলো আছে ডিলনৰ কিতাপত। বিখ্যাত লেখকৰ ছপা উপন্যাসত থকাৰ দৰে ডিলনৰ ৮৮ পৃষ্ঠাৰ ৰঙা নোটবুকখনো হুবহু একেই, মাজে মাজে ‘ইলাষ্ট্ৰেচন’ হিচাপে বাওঁফালৰ পৃষ্ঠাত , আকৌ কেতিয়াবা সোঁফালৰ পৃষ্ঠাত ৰঙীণ কাঠপেঞ্চিলেৰে ছৱিও আঁকিছে তেওঁ। কোনো ছৱিত ফুটি উঠিছে বৰদিনৰ বৃক্ষ সজোৱা সময়ত পৰিয়ালৰ সদস্যৰ ব্যস্ততা, আৰু। কেতিয়াবা মাতৃ তথা আইতাকৰ কেক প্ৰস্তুত কৰা সময়ৰ ব্যস্ততা।

আইতাকৰ লগত পুথিভঁৰালটোলৈ গৈ মনে মনে নিজৰ ৰঙা নোটবুকখন কিতাপৰ আলমাৰীত থৈ আহিছিল তেওঁ। আইতাকেও গমকেই পোৱা নাছিল যে এনে এক কান্ড কৰি আহিছে তেওঁৰ নাতিয়ে। ঘৰলৈ উভতি আহিও একো কোৱা নাছিল ডিলনে। দুই সপ্তাহ পিছত এদিন হঠাৎ নিজৰ ৰঙা ৰঙৰ নোটবুকটো ঘৰত বিচাৰি চলাথ কৰিবলৈ ধৰিলে ডিলনে। বিচাৰি নাপাই কন্দা-কটাও কৰিলে তেওঁ। ঘৰখনত হুলস্থূল লাগিল। যি কি নহওক, ডিলনৰ মনত পৰিল যে তেওঁ পুথিভঁৰালত থৈ আহিছে ৰঙা ৰঙৰ নোটবুকখন। গতিকে ডিলনে আইতাকৰ লগত পুনৰ যাত্ৰা কৰিলে পুথিভঁৰাল অভিমুখে।
কিন্তু পুথিভঁৰালৰ আলমাৰীত ডিলনৰ কিতাপখন বা ৰঙা ৰঙৰ নোটবুকখন নাই! ডিলনৰ আইতাক চমকি উঠিল। নোটবুকখন পুথিভঁৰালত নাই, সেয়া সত্য, কিন্তু বিচুৰ্তি খাবলগীয়া কথা এয়ে যে সেইখন পঢ়াৰ বাবে শতাধিক পঢ়ুৱৈ-এ নিজৰ নিজৰ নাম পুথিভঁৰালৰ পঞ্জীয়ন বহীত লিখি থৈ গৈছে। পুথিভঁৰালৰ পৰা কঢ়া নিৰ্দেশ -‘সেই ৰঙা নোটবুকখন বা ‘দ্যা এডভেঞ্চাৰ অফ ডিলন ক্ৰিচমাছ্’ কোনোবাই ৰাতিপুৱা পঢ়িবলৈ নিলে দুপৰীয়া ওভোতাই দিব লাগিব আৰু দুপৰীয়া লৈ গ’লে সন্ধিয়া ওভোতাই দিব লাগিব আৰু সন্ধিয়া লৈ গ’লে ৰাতিপুৱা ওভোতাই দিব লাগিব’!
ডিলনে লেখা কিতাপ যে ইমান জনপ্ৰিয় হৈ পৰিছে, সেই বিষয়ে আইতাকেও ভাবিবই পৰা নাছিল। পুথিভঁৰালৰ কৰ্তৃপক্ষই ডিলনৰ নাম- ঠিকনা নথিভুক্ত কৰি ল’লে। কেইদিনমানৰ পিছতেই ডিলনৰ ঘৰত উপস্থিত হ’ল ম্যাগ্ৰহেলচ্, অক্সফোৰ্ড দ্যা প্ৰেছ আদিকে ধৰি প্ৰথম শাৰীৰ প্ৰকাশন সংস্থাবোৰ! তেওঁলোকে ডিলনে লেখা ‘দ্যা এডভেঞ্চাৰ অফ ডিলন ক্ৰিচমাছ্’ নামৰ হাতেলেখা উপন্যাস ছপা কৰিবলৈ আগ্ৰহী। আৰু সেইবাবে ডিলনক চাহিদা অনুসাৰে পৰ্যাপ্ত ডলাৰ আগবঢাবলৈও তেওঁলোক প্ৰস্তুত। ডিলনৰ পৰিয়ালে প্ৰকাশ কৰিছে যে মুঠ ১৭ টা প্ৰকাশন সংস্থাই কিতাপখন মুদ্যণ কৰিবলৈ আগবাঢ়ি আহিছে।

‘দ্যা এডভেঞ্চাৰ অফ ডিলন ক্ৰিচমাছ্’ অতি কম সময়ৰ ভিতৰতে সকলো বয়সৰ পাঠকৰ মাজত ইমান জনপ্ৰিয় হৈ পৰিছে যে ডিলনক ‘বেষ্ট চিল্ড্ৰেন ৰাইট’ পুৰস্কাৰৰ লগতে আমেৰিকাৰ শিশু সাহিত্যৰ সৰ্বোচ্চ সন্মান ‘হুডিনি পুৰস্কাৰ’ৰ দ্বাৰাও পুৰস্কৃত কৰা হৈছে। দুটা পুৰস্কাৰৰ ধন হিচাপে তেওঁ লাভ কৰিছে ৫০০০০ আমেৰিকান ডলাৰ! অৰ্থাৎ, ভাৰতীয় মুদ্ৰা অনুসৰি ডিলনে ইতিমধ্যেই লাভ কৰিছে ৪০,০০,০০০ টকা। ইয়াৰ পিছত কোনোবা প্ৰকাশকে যদি মুদ্ৰণৰ অনুমতি পায়, তেনেহলে ৮ বছৰ বয়সতেই কোটিপতি হৈ পৰিব ডিলন। কিন্তু এইবোৰক লৈ উপন্যাসিক ডিলনৰ কোনো ভাৱান্তৰ নাই, তেওঁ সম্পূৰ্ণ উদাসীন!!