পৰ্যটনৰ বিশাল ভাণ্ডাৰ বাঘবৰৰ বৈঠাপুতা সত্ৰ ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ উপক্ৰম
যুগান্ত বায়ন
অসমৰ পৰ্যটন উদ্যোগৰ বিকাশ, সম্প্ৰসাৰণ, প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত অসমৰ জাতীয় জীৱনৰ এক অবিচ্ছেদ্য অংগ সত্ৰ-নামঘৰসমূহে উল্লেখযোগ্য স্থান দখল কৰি আহিছে।
অসমৰ বিভিন্ন প্রান্তত এনে বহু ইতিহাস গৰকা সত্ৰ আছে, যিবোৰ সত্ৰই অসমীয়া জাতীয় জীবন চহকী কৰি ৰাখিছে। এই সত্রসমূহক অধিক প্রাণৱন্ত কৰি ৰখাৰ বাবে অসম চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা আঁচনিসমূহৰ বাবে অসম চৰকাৰ ধন্যবাদৰ পাত্র।
উদাহৰণস্বৰূপে মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱৰ জন্মস্থান বৰদোৱা সত্ৰক ব্যাপক পৰিসৰত গঢ়ি তোলাৰ বাবে এক ব্যয়বহুল আঁচনি ৰূপায়ণ হৈ আছে। ঠিক সেইদৰে গুৰুজনাই দেহ ত্যাগ কৰা কোচবিহাৰৰ মধুপুৰ সত্ৰ আৰু মধুপুৰ সত্ৰক কেন্দ্ৰ কৰি পশ্চিমবংগৰ বিভিন্ন ঠাইত গঢ়ি উঠা সত্ৰ-নামঘৰসমূহক সংৰক্ষণ কৰাৰ বাবেও চৰকাৰে চিন্তা-চৰ্চা অব্যাহত ৰাখিছে।
ইয়াৰ পিছতো পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা কেইবাখনো সত্র আজিও অৱহেলিত, অনাদৃত। এইক্ষেত্ৰত বৰপেটাৰ বাঘবৰৰ বৈঠাপুতা সত্ৰৰ কথা উল্লেখনীয়- যিখন সত্র আজি লুইতৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে।
মহাপুৰুষ শ্রীশ্রী মাধৱদেৱৰ স্মৃতি জড়িত হৈ থকা এই সত্রখন লুইতৰ প্ৰবল গৰাখহনীয়া আৰু অঞ্চলটোত হোৱা ব্যাপক প্রব্রজন তথা জনসংখ্যা বিস্ফোৰণৰ ফলত থলুৱা খিলঞ্জীয়া লোকসকলৰ অস্তিত্ব নাইকিয়া হৈ পৰিছে। সত্ৰখনক জীয়াই ৰখাৰ বাবে অঞ্চলটোত বর্তমানে কেৱল ৩৩টা পৰিয়ালৰ ১৫০জনমান থলুৱা লোকে জীবন জীৱিকাৰ বাবে কঠোৰ সংগ্ৰামত ব্ৰতী হৈ আছে।
উল্লেখযোগ্য যে মহাপুৰুষ শ্রীশ্রী মাধৱদেৱে নাৱেৰে ভটিয়াই আহোঁতে বর্তমান বহৰী সত্ৰৰ দক্ষিণে সোলোঙাটাৰী নামৰ ঠাইত নদীৰ পাৰত নাও বান্ধি নিশা কটাইছিল। তাতে তেওঁ বৈঠাখন পুতি তাৰ ওপৰত বন্তি জনাইছিল। পিছদিনা পুৱা সেই গাঁৱৰ মানুহ পথাৰলৈ আহোঁতে নদীৰ পাৰত মহাপুৰুষজনাক লগ পায় আৰু তাতে তেওঁ গঞাসকলক বন্তিগছি দিয়ে আৰু তাক স্থাপন কৰি নিতৌ জ্বলাই থাকিবলৈ পৰামর্শ দিয়ে।
কালক্রমত উক্ত গাঁও ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হোৱাত গাঁওখনৰ ৰাইজ স্থানান্তৰিত হৈ খোলাবন্ধালৈ আহে আৰু তাতে বস্তিগছি ধিক পুনৰ স্থাপন কৰে। এইদৰে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ বাবে দলগোমাৰ ওচৰৰ বহতি নামৰ ঠাই আৰু নগৰবেৰা ওচৰৰ মালঞ্চা নামৰ অঞ্চলত বন্তিগছি স্থাপন কৰে। কিন্তু ১৯১০ চনত বন্তিগছি বাঘবৰত স্থাপন কৰা হয় আৰু বর্তমানলৈ বাঘবৰৰ বৈঠাপুতা সত্রতে এই বস্তিগছি প্রজ্বলিত হৈ আছে।
কিন্তু অতি সম্প্রতি এই সত্রখন অস্তিত্বৰ মহা সংকটত। বুঢ়ালুইতৰ তীব্র খহনীয়া, অবাধ প্রব্রজন আৰু জনবিস্ফোৰণৰ ফলত সত্ৰখন জীয়াই ৰখাৰ বাবে এমুঠিমান থলুৱা খিলঞ্জীয়া লোকৰ সহায়ত যুঁজ দি থাকিবলগীয়া হৈছে। বর্তমানে মাত্র ২০ মিটাৰ ব্যৱধানত ব্রহ্মপুত্র নদীয়ে অৱস্থান কৰি আছে। যিকোনো মুহূর্তত সত্রখন নদীৰ বুকুত লীন হৈ যোৱাৰ উপক্ৰম হৈছে। সত্ৰখন নদীৰ বুকুলৈ গ’লে এতিয়ালৈকে বসবাস কৰি থকা প্রায় ডেৰশ থলুৱা লোকৰো জীৱন-বন্তিনুমাই যাব।
২০২২ চনৰ ২৪ মে’ত ৰাজ্যৰ জলসম্পদ মন্ত্ৰীগৰাকীয়ে সত্ৰখন পৰিদৰ্শন কৰি সত্ৰখনৰ বাবে কিছু সাময়িক ব্যৱস্থা গ্রহণ কৰিছিল যদিও সেয়া পর্যাপ্ত নহয়। প্রাপ্ত তথ্য মতে, ২০২২ চনৰ ১৯ নৱেম্বৰত গড়কাপ্টানি (পথ) বিভাগৰ মুখ্য অভিযন্তাই অসম চৰকাৰলৈ গৰাখহনীয়া ৰোধৰ বাবে ৩ কোটি ২৬ লাখ টকাৰ অনুমোদন বিচাৰি এক প্ৰস্তাৱ প্ৰেৰণ কৰিছিল।
কিন্তু এই প্রস্তাৱ আজিও কাৰ্যকৰী নহ’ল। প্রাপ্ত তথ্য মতে, এই সমুদায় টকা এক অন্য অঞ্চলৰ কামত ব্যৱহাৰ কৰাৰ বাবে পৰিকল্পনা কৰা হৈছে। লুইতৰ নৈসর্গিক সৌন্দর্য কঢ়িয়াই লৈ ফুৰা এই বৈঠাপুতা সত্ৰক কেন্দ্ৰ কৰি পৰ্যটনৰ এক বিশাল উদ্যোগ গঢ়ি তুলিব পাৰি। কিন্তু এনেবোৰ কামত চৰকাৰী প্ৰচেষ্টা একেবাৰে শূন্য।
২০১৭-১৮ চনতে বৰপেটা জিলাৰ তদানীন্তন উপায়ুক্ত থানেশ্বৰ মালাকাৰৰ প্ৰচেষ্টাতেই বৈঠাপুতা সত্ৰৰ মুখ্য দুৱাৰ নিৰ্মাণ আৰু সত্ৰখনৰ সংযোগৰ বাবে এখন কাঠৰ দলং নিৰ্মাণ কৰা হৈছে। লগতে এটা অতিথিশালা আৰু সমূহীয়া ভৱন নিৰ্মাণ কৰা হৈছিল।
তাৰ পিছৰ পৰা কোনো প্রশাসনীয় বিষয়াই সত্ৰখনৰ কথা চিন্তা কৰা নাই। চৰকাৰৰ এনে চৰম অমনোযোগিতাৰ বাবে কিছুসংখ্যক থলুৱা যুৱক অঞ্চলটোক এক পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ নানান প্রতিকূলতাৰ মাজতো নিজস্ব প্রচেষ্টা অব্যাহত ৰাখিছে। এইক্ষেত্রত থলুৱা যুৱক অচিন্ত কুমাৰ দাসৰ প্ৰচেষ্টা অতি আদৰণীয়। সম্পূর্ণ ব্যক্তিগত পর্যায়ত এই যুৱকজনে এক বিলাসী পর্যটন নিবাস নির্মাণ কৰাৰ উপৰি ব্ৰহ্মপুত্ৰৰ বুকুত নৌকা বিহাৰৰ ব্যৱস্থা গ্রহণ কৰিছে।
ফলত প্রতিদিনে অঞ্চলটোলৈ পৰ্যটকৰ সংখ্যা বৃদ্ধি হ’বলৈ ধৰিছে। কিন্তু অতি পৰিতাপৰ বিষয় যে জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে শাসনভাৰ গ্ৰহণ কৰা বৰ্তমানৰ চৰকাৰে বাঘবৰ অঞ্চলৰ এই ক্ষুদ্ৰ থলুৱা খিলঞ্জীয়া লোকসকলৰ প্ৰতি যেন মাহীআইৰ দৃষ্টি গ্রহণ কৰিছে। ঐতিহাসিক সত্ৰখনৰ প্ৰতিও চৰকাৰৰ অৱহেলা আৰু অমনোযোগিতাই থলুৱা লোকসকলক ব্যথিত কৰি তুলিছে।
শেহতীয়া কৈ ব্ৰহ্মপুত্ৰৰ খহনীয়াই বিধ্বস্ত কৰা বৈঠাপুতা সত্ৰ এলেকাত বসবাস কৰা দুখীয়া খিলঞ্জীয়া লোকসকলৰ দুখ-দুৰ্দশাৰ কাহিনীৰ যেন কোনো অন্ত নপৰা হৈছে। চৰকাৰে প্ৰশাসনৰ অমনোযোগিতাৰ পিছতো নানা সমস্যাৰ সম্মুখীন হৈও উক্ত এলেকাত বসবাস কৰা খিলঞ্জীয়া লোকসকলে কেৱল সত্ৰখনৰ অস্তিত্ব জীয়াই ৰখাৰ স্বাৰ্থতে নিজৰ জন্মস্থানক খামোচ মাৰি ধৰি আছে যদিও এই সকললোকক এতিয়া খেদি ফুৰিছে দুখ আৰু দুৰ্দশায়।
এলেকাটোৰ প্ৰায় ত্ৰিশটা খিলঞ্জীয়া পৰিয়ালে বাস কৰে যদিও অতি সম্প্ৰতি এই পৰিয়ালসমূহৰ ভিতৰত বেছি ভাগৰে আৰ্থিক অৱস্থা ক্ৰমান্বয়ে শোচনীয় হৈ পৰিছে। কৰ্তৃপক্ষৰ অৱহেলা আৰু অনীহাৰ বাবেই এলেকাটোৰ বাসিন্দাসকল সু-চিকিৎসা ব্যৱস্থা, উন্নতমানৰ যাতায়ত ব্যৱস্থাকে আদি কৰি বিভিন্ন সা-সুবিধাৰ পৰা বঞ্চিত হৈ আছে।
এনে পৰিস্থিতিৰ বলি হৈ শেহতীয়াভাৱে এলেকাটোৰ এটা দুখীয়া পৰিয়ালত সংঘটিত হৈছে এক হৃদয়বিদাৰক কৰুণ ঘটনা। উপযুক্ত চিকিৎসাৰ অভাৱত এগৰাকী মহিলাই কৰুণভাৱে মৃত্যুক সাৱটি লোৱাৰ পিছতে মাতৃ বিয়োগৰ দুখ সহ্য কৰিব নোৱাৰি পুত্ৰই আত্মহত্যা কৰা ঘটনাই স্বাভাৱিকতে সকলোকে স্তম্ভিত কৰি তুলিছে।
যি সময়ত সমগ্ৰ বিশ্ব গোলকীকৰণৰ জৰিয়তে উন্নয়নৰ চৰম শিখৰত উপনীত হোৱাৰ বাবে দুৰ্বাৰ প্ৰতিযোগিতাত নামি পৰিছে, ঠিক সেই সময়তেই বৰপেটা জিলাৰ সদৰৰ পৰা ৩০ কি:মি দূৰত্বত অৱস্থিত বৈঠাপুতা সত্ৰ আৰু সত্ৰ নিবাসীসকলক কোনো উন্নয়ন আৰু বিকাশেই স্পৰ্শ কৰিব পৰা নাই।
জাতি, মাটি আৰু ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে শাসন চলাই থকা বৰ্তমানৰ গতিশীল মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান বৈঠাপুতা সত্ৰৰ অস্তিত্ব লৈ ৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সত্ৰখনক ৰক্ষা কৰি থকা ত্ৰিশটা খিলঞ্জীয়া পৰিয়ালৰ আৰ্থ সামাজিক উন্নয়ন কৰিব বুলি আমি আশাবাদী।
যুগান্ত বায়ন/৮৮৭৬৪১৫০৮৯
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)