বৈবাহিক ধৰ্ষণ
মনোজ কুমাৰ বৰুৱা
আমাৰ সমাজখনত কিছুমান বিষয়ৰ আলোচনাৰ পৰা সভ্যসমাজে সততে এক সুবিধাজনক দূৰত্ব অৱলম্বন কৰা পৰিলক্ষিত হয়। তেনেবোৰ বিষয়ৰ ভিতৰত ‛বৈবাহিক ধৰ্ষণ’ অন্যতম।
অৱশ্যে তাৰ বাবে এই ধৰ্ষণৰ প্ৰকৃত সংজ্ঞাৰ অভাৱ আৰু সমাজৰ দ’ লৈকে শিপাই থকা পিতৃতান্ত্রিকতা সম্পূৰ্ণৰূপে ক্ৰিয়াশীল। পিতৃতান্ত্রিকতাও একেদৰে সমাজখনৰ লগত সম্পৃক্ত হৈ থকা মতবাদ বা চিন্তা। লৈঙ্গিকতাৰ বিশ্লেষণৰ অবিহনে আপেক্ষিক আধিপত্য আৰু আপেক্ষিক দমনৰ আলোচনা নিৰৰ্থক।
প্ৰথমেই উল্লেখ কৰি থোৱা উচিত হ’ব যে, যেনেদৰে নাৰীবাদী চিন্তা চৰ্চাৰ বাবে এগৰাকী নাৰী হোৱাটো প্ৰাথমিক প্ৰয়োজনীয়তা নহয় ঠিক তেনেদৰে নিজৰ মাজত পিতৃতান্ত্রিকতাক লালন পালন কৰিবলৈও নিজে এজন পুৰুষ হোৱাৰ প্ৰয়োজনীয়তা নাথাকে। গতিকে এনেবোৰ দিশৰ ছাঁতে সন্তৰ্পণে বৈবাহিক ধৰ্ষণৰ দৰে গুৰুতৰ বিষয়ে প্ৰাধান্য পায়। লগতে বৈবাহিক ধৰ্ষণৰ অপৰাধীকৰণৰ আলোচনাও বৰ্তমান প্ৰাসংগিক হৈ উঠিছে।
অলপতে চত্তিশগড় উচ্চ ন্যায়ালয়ৰ বিচাৰপতি এন.কে. চন্দ্ৰবংশীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৫ নং ধাৰাৰ অধীনত বৈবাহিক ধৰ্ষণত আৰোপিত এজন ব্যক্তিক দোষমুক্ত কৰে। ৩৭৫ নং ধাৰাৰ ব্যতিক্রমত স্পষ্টভাৱে উল্লেখ আছে যে, যদিহে পত্নীগৰাকী ১৫ বছৰতকৈ ওপৰৰ বয়সৰ হয়, তেন্তে পত্নীৰ অনুমতি অবিহনেও শাৰীৰিক সম্পৰ্ক কৰিলে সেয়া ধৰ্ষণ ৰূপে গণ্য নহ’ব।
উক্ত গোচৰটোত বিচাৰাধীন মানুহজনক ৩৭৬ নং (ধৰ্ষণৰ বাবে শাস্তি) ধাৰাৰ অধীনত বিচাৰাধীন কৰাটোও ‛ভুল আৰু অনৈতিক’ হ’ব বুলি উল্লেখ কৰে। অন্যহাতে বিচাৰাধীন মানুহজনক উচ্চ ন্যায়ালয়ে ৩৭৭ আৰু ৪৯৮(ক) ধাৰাৰ অধীনতহে বিচাৰাধীন কৰে। মূলতঃ ৩৭৫ নং ধাৰাৰ এই ব্যতিক্ৰমে বৈবাহিক ধৰ্ষণক ন্যাৰ্যতা প্ৰদান কৰাৰ দৰে হৈছে।
চত্তিশগড়ৰ ঘটনাটোৰে যদি আমি উদাহৰণ লওঁ তেন্তে গম পাম যে আসুৰিক যৌন তৃপ্তি লাভৰ বাবে পতিয়ে পত্নীৰ ইচ্ছাৰ অবিহনে অপ্ৰাকৃতিক শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। কিন্তু ইয়াৰ পাছতো কেৱল ‛বিবাহ’ নামৰ এই বিশেষ অনুষ্ঠানটোক সুৰক্ষিত কৰাৰ স্বাৰ্থত পুনৰ পতিজন এই দোষৰ পৰা দোষমুক্ত হ’ল।
বৈবাহিক ধৰ্ষণক অপৰাধীকৰণ কৰিব নোৱাৰাৰ মূল কাৰণ হৈছে ইয়াৰ অপব্যৱহাৰ। মূলতঃ এগৰাকী পত্নীয়ে নিজৰ ইচ্ছাতে যদিও অপ্ৰাকৃতিক যৌন ক্ৰিয়াৰ ইচ্ছা কৰে আৰু পাছদিনাই শৰীৰৰ উৎকৃষ্ট প্ৰমাণ সহ বৈবাহিক ধৰ্ষণৰ গোচৰ দিয়ে তেন্তে এনে অপৰাধীকৰণে সামাজিক প্ৰমূল্যবোধৰ ক্ষতি কৰাৰ যুক্তি ইয়াৰ সপক্ষে থাকে।
অন্যহাতে যৌনতাৰ প্ৰায়োগিক দিশৰ একো জ্ঞান নথকাকৈয়ে বিবাহ প্ৰক্ৰিয়াৰ মাজেৰে মুক্ত আৰু স্বাধীন যৌনসম্পৰ্ক স্থাপনৰ সন্মতি (consent) প্ৰদানৰ ধাৰা সমাজত অতীজৰে পৰা বহুলভাৱে প্ৰচাৰিত। সেয়েহে কেনেধৰণৰ শাৰীৰিক সম্পৰ্কই ইয়াক বৈবাহিক ধৰ্ষণৰ শাৰীলৈ পৰ্যবসিত কৰাব সেয়া নিশ্চিতি দিয়াৰ ভিত্তি বৰ্তমানেও অভাৱ। মূল কথাটো হৈছে এজনী নাৰীয়ে নিজে বৈবাহিক ধৰ্ষণৰ সন্মুখীন হৈছে নে সেয়া প্ৰাকৃতিক যৌনক্ৰিয়া তাকো নজনাকৈয়ে ধৰ্ষণৰ বলি হৈ থাকে ।
গতিকে বৈবাহিক ধৰ্ষণৰ অপৰাধীকৰণৰ পৰা এনেবোৰ অজুহাত দেখুৱাই আঁতৰি থকা দেখা যায়।
এতিয়া যদি বিবাহ নামৰ অনুষ্ঠান ৰক্ষা কৰাৰ কথা আলোচনা কৰা যায়, তেন্তে ই নিশ্চিত যে বিবাহে কেতিয়াও এগৰাকী মহিলাক পুৰুষৰ সম্পত্তি কৰি নোতোলে, এগৰাকী নাৰীৰ ব্যক্তিগত আৰু শাৰীৰিক স্বাধীনতা অথবা সামাজিক দায়ৱদ্ধতাৰ মালিকীস্বত্ব এজন পুৰুষে লাভ নকৰে। ইতিমধ্যে ভাৰতৰ উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰিছে যে, বিবাহ কেতিয়াও আনুষ্ঠানিক নহয় ই সম্পূৰ্ণ ব্যক্তিগত।
যদিহে বৈবাহিক ধৰ্ষণৰ অপৰাধীকৰণে ‛বিবাহ’ৰ ধ্বংস কৰে, তেন্তে এই তথাকথিত অনুষ্ঠানৰ প্ৰয়োজন ক’ত?
তদুপৰি এই অপৰাধীকৰণে ইয়াৰ অপব্যৱহাৰ সুচল কৰি তুলিব বুলি বিশ্লেষণ কৰোঁতে আমি এইখিনি বুজি উঠাটো প্ৰয়োজনীয় যে বিবাহ কেতিয়াও যৌন সম্পৰ্ক নহয়। এগৰাকী মহিলাৰ কাপোৰ কানি, যৌনতাৰ ইতিহাসৰ ওপৰত ভিত্তি কৰি মহিলাগৰাকীয়ে শাৰীৰিক সম্পৰ্কৰ বাবে সন্মতি প্ৰদান কৰা বুলি ধৰি লোৱাৰ মানসিকতা ইয়াৰ অপব্যৱহাৰ তুলনাত বেছি অপকাৰী। যদিহে তিনি তালাকৰ অপৰাধীকৰণে সমাজত অৰাজকতাৰ সৃষ্টি নকৰে তেন্তে বৈবাহিক ধৰ্ষণৰ সুযোগ দি এজন অমানুষিক পতিক পত্নীৰ যৌনতাৰ মালিকীস্বত্ব প্ৰদান নকৰাৰ এয়াই উৎকৃষ্ট সময়।
কেৰালা উচ্চ ন্যায়ালয়ে এই সম্পৰ্কীয় এক বিশেষ বিচাৰনামাত উল্লেখ কৰিছে যে নৃশংসতাৰ ওপৰত ভিত্তি কৰি পত্নী গৰাকীয়ে বিবাহ বিচ্ছেদৰ সুবিধা পায়। কিন্তু মহিলা এগৰাকীয়ে প্ৰায়ে আৰ্থিক সুৰক্ষাৰ অভাৱতে এনে নৃশংসতা সহ্য কৰিবলগীয়া হয়। LFPR (Labour Force Participation Rate) ৰ তথ্য অনুসৰি প্ৰতি চাৰিগৰাকী মহিলাৰ তিনিগৰাকীৰ কৰ্মসংস্থাপন নাই। এনেবোৰ দিশৰ উন্নতিয়েহে এই সামাজিক অৱস্থালৈ পৰিৱৰ্তন আনিব।
ধাৰাবাহিক অথবা বলিউদী ৰম্য কাহিনীয়ে দেখুওৱা নাৰীবাদৰ ভুল ব্যাখ্যাৰ পৰা আঁতৰি মনৰ মাজত সোমাই থকা পিতৃতান্ত্রিকতাৰ বীজ উলিয়াই পেলোৱাহে সকলোৰে কাম্য হোৱা উচিত।
সাধাৰণতে ব্যক্তি স্বাধীনতা অথবা সমতাৰ দোহাই দি সংবিধানৰ উদ্ধৃতি দি নিজকে উদাৰ আৰু প্ৰগতিশীল ৰূপে চিনাকি দিয়া আমিবোৰে বৈবাহিক ধৰ্ষণৰ বেলিকা এনেবোৰ বিষয়ৰ পৰা আঁতৰি আহোঁ। অনুচ্ছেদ ২১ আৰু অনুচ্ছেদ ১৪ ই প্ৰদান কৰা ব্যক্তিৰ জীয়াই থকাৰ অধিকাৰ আৰু সমতাৰ অধিকাৰৰ কথা আমি পাহৰি যাওঁ।
২০১৮ চনত উচ্চতম ন্যায়ালয়ে পৰপুৰুষ অথবা পৰস্ত্ৰীৰ সৈতে কৰা সম্পর্কৰ ক্ষেত্ৰত থকা অপৰাধীকৰণ নিৰ্মূল কৰিছে আৰু লগতে উল্লেখ কৰিছে যে, এগৰাকী নাৰী কেতিয়াও পুৰুষৰ সম্পত্তি নহয় যে ইচ্ছা কৰিলেও কাৰোৰে সৈতে সম্পৰ্ক স্থাপন কৰিব নোৱাৰিব। পুৰুষৰ ক্ষেত্ৰত এই একেখন সমাজ এনেবোৰ দিশত যথেষ্ট উদাৰ।
বৈবাহিক ধৰ্ষণৰ সৈতেও এনে এক জঘন্য পিতৃতান্ত্রিকতা নিহিত হৈ আছে যিয়ে একবিংশ শতিকাতো ইয়াৰ প্ৰতি মানুহৰ সহৃদয়তা অব্যাহত ৰাখিছে। আইন নিৰ্মাতা সকলৰো প্ৰায় বহুতেই নাৰীজনিত অপৰাধত অভিযুক্ত হোৱা দেখা যায়। সমাজৰ ইমান এটা গুৰুতৰ সমস্যাৰ গুৰিও অৱশেষত নিৰ্বাচনী ৰাজনীতিতে সম্পৃক্ত। গতিকে সমাজখনত বাস কৰা মানৱীয় প্ৰমূল্যক গুৰুত্ব দিয়া প্ৰত্যেকজনে প্ৰয়োজনীয় সজাগতা অনাৰ পথত পথিক হোৱাটো নিতান্তই প্ৰয়োজনীয়।
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)