বৌদ্ধ ধৰ্ম আৰু দুখ নিবৃত্তি
ৰাণাদীপ কাকতী

অশ্বত্থ (আঁহত) বৃক্ষৰ তলত জীৱন-চৰ্যা আৰু মানৱ জীৱনৰ অনন্ত দুখ-শোক, জৰা, মৃত্যুৰ উত্তৰ বিচাৰি সিদ্ধাৰ্থ যেতিয়া গভীৰ ধ্যানত মগ্ন হৈছিল, তেতিয়াই বুদ্ধৰ সৃষ্টি হৈছিল৷
বুদ্ধ, অৰ্থাৎ এক গভীৰ অৰ্থৱহ জ্ঞান আৰু বুদ্ধি৷ সুখ-স্বাচ্ছন্দ্যৰে ভৰা ৰাজকীয় জীৱন পৰিহাৰ কৰি সিদ্ধাৰ্থই মানুহৰ দুখৰ উত্তৰ বিচৰাটো আৰু তাৰ পাছত সেই পৰম জ্ঞানপ্ৰাপ্তিৰে আলোকিত হৈ গৌতম বুদ্ধলৈ ৰূপান্তৰিত হোৱা এইগৰাকী জ্ঞান মনীষীৰ দীক্ষা সৰ্বদা অম্লান ৷
ইয়াৰ প্ৰকৃত কাৰণটোৱেই হ’ল তেওঁৰ দীক্ষা সত্যপ্ৰতিষ্ঠিত, বাস্তৱমুখী আৰু প্ৰকৃতিৰ নিয়মৰ সৈতে ওতপ্ৰোতভাৱে সংপৃক্ত৷ এই তিনি দিশৰ পৰা চাবলৈ হ’লে বুদ্ধই যি জ্ঞান মানৱৰ কাৰণে আগ বঢাইছিল, তাৰ গূঢাৰ্থ জনা আৰু আয়ত্ত কৰাটো অতি দৰকাৰী ৷
বুদ্ধই মানৱ জীৱনৰ পৰিচৰ্যা আৰু মানৱ কল্যাণক সদায় আগস্থান দিছিল৷ এয়া হ’ল বৌদ্ধ ধৰ্মৰ মূল আধাৰ ৷ তেওঁৰ এই পৰম জ্ঞানেই তেওঁক তেজ-মঙহৰ এজন মানুহৰ পৰা ভগৱানৰ শাৰীলৈ উত্তীৰ্ণ কৰে৷ কিন্তু, বুদ্ধৰ শিক্ষা কি, তালৈ যোৱাৰ পূৰ্বে আন দুটামান দিশো চাব লাগিব৷
ভাৰতীয় পৰম্পৰাত দুটা দৰ্শন আছে–আস্তিক দৰ্শন আৰু নাস্তিক দৰ্শন৷ ভাৰতত নাস্তিক দৰ্শনৰো এক উচ্ছস্থান নথকা নহয়৷ নাস্তিক বুলি কোৱাৰ মূল কাৰণ হ’ল বেদক প্ৰমাণ হিচাপে অস্বীকাৰ কৰা৷ পৰম জ্ঞানপ্ৰাপ্তিৰ পাছত গৌতম বুদ্ধই দেখিলে যে মানুহে [ব্ৰাহ্মণ] বেদৰ জ্ঞানক বিকৃত কৰি নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে কেৱল কৰ্মকাণ্ডলৈ পৰিণত কৰিছে ৷
ফলত চৌদিশে অন্ধকাৰ, কু-সংস্কাৰ আৰু অন্ধবিশ্বাস প্ৰবল ঘনীভূত হৈ পৰিছে৷ বৈদিক যজ্ঞৰ ৰূপটো সম্পূৰ্ণ সলনি কৰি এই ভেটি প্ৰতিষ্ঠা কৰিলে যে বেদৰ নামত যদি হিংসাও কৰা হয়, বলিও দিয়া হয়, তেন্তে ইয়াক হিংসা বুলিব নোৱাৰি–বৈদিক হিংসা হিংসা নভৱতে৷ ফলত বলি-বিধানৰ আচাৰ আৰম্ভ হয়৷ কিন্তু, বুদ্ধই এনে কৰ্মকাণ্ডৰ বিৰুদ্ধে সকলোকে সচেতন হৈ মাত মাতিবলৈ আহ্বান জনায় ৷
বুদ্ধৰ মতে, যি বেদৰ জ্ঞানক বিকৃত কৰাটো সম্ভৱ, সেই বেদৰ জ্ঞান কেতিয়াও সত্য জ্ঞান হ’ব নোৱাৰে৷ বুদ্ধই সকলোকে স্বতন্ত্ৰভাৱে, নিজস্ব বিবেচনাৰে, নিজস্ব চিন্তাৰে কথাবিলাক ফঁহিয়াই চাবলৈ কয়৷ বুদ্ধৰ মতে, যি ব্যক্তিয়ে নিজৰ বিবেক-বুদ্ধি প্ৰয়োগ নকৰি কেৱল বেদকে অন্তিম আৰু পৰম সত্য জ্ঞান আৰু প্ৰমাণ বুলি ভাবে, তেওঁতকৈ বোধহীন কোনো হ’ব নোৱাৰে৷ উদাহৰণস্বৰূপে, বেদত উল্লেখ থকা অনুসৰি গংগা জল অতি পৱিত্ৰ ৷
যদি বেদৰ প্ৰমাণ মানি শোধন নকৰাকৈ গংগা জল পান কৰা হয়, তেন্তে যিকোনো ব্যক্তিৰ ৰোগ হোৱাৰ সম্ভাৱনা আছে৷ কিন্তু, যদি ব্যক্তিয়ে নিজৰ বিবেচনাৰে শোধন কৰি পান কৰে, তেন্তে তেওঁ ৰক্ষা পৰিব৷ সেয়ে, বুদ্ধই বেদক একাষৰীয়া কৰিবলৈ কয়৷ দ্বিতীয়তে, বুদ্ধৰ মতে, বেদৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়াটো সম্ভৱ নহয়৷
এই প্ৰসংগত মহান দাৰ্শনিক প্লেটোৰ এষাৰ উক্তি উল্লেখ কৰিব পাৰি– man is not known by the type of the answers he gives because there are many questions which contain their own answer and there are other questions which the wisest man of the world cannot reply. ইয়াৰ অৰ্থ হ’ল যে যি ব্যক্তিয়ে প্ৰশ্নৰ উত্তৰ দিয়ে, তাত তেওঁ বুদ্ধিমানী বুলি প্ৰকাশ নাপায়৷ তেওঁ বুদ্ধিমানী বুলি প্ৰকাশ পায় কি ধৰণৰ প্ৰশ্ন তেওঁ কৰে ৷

উদাহৰণস্বৰূপে, মোৰ হাতত দহটা মাৰ্বল আছে৷ তাৰে চাৰিটা মোৰ ভনীজনীক দিলে, মোৰ হাতত কেইটা মাৰ্বল থাকিব? এই প্ৰশ্নটোৰ উত্তৰ প্ৰশ্নটোতে আছে ৷ ইয়াৰ উত্তৰ দিয়াটোৱে ব্যক্তিৰ বুদ্ধিমত্তা প্ৰকাশ নকৰে৷ আকৌ, কিছুমান প্ৰশ্নৰ উত্তৰ দিয়াটো সম্ভৱ নহয় ৷ উদাহৰণস্বৰূপে, মোৰ ভাইটোৱে এশ কিঃমিঃ বেগত গাড়ী চলালে মোৰ বয়স কিমান? প্লেটোৰ মতে, এনে ধৰণৰ প্ৰশ্ন উত্থাপন কৰক, য’ত জ্ঞান-বুদ্ধি প্ৰকাশ পায়৷
বেদত এই প্ৰশ্ন আছে যে এই ব্ৰহ্মাণ্ড কোনে সৃষ্টি কৰিলে৷ যেতিয়া সৃষ্টিকৰ্তা ভগৱানৰ কথা আহিল, বুদ্ধই প্ৰশ্ন কৰে যে ভগৱানতো নিৰাকাৰ ৷ তেন্তে ভগৱানৰ অস্তিত্ব ক’ত আছে? এই সাকাৰ আৰু নিৰাকাৰৰ বিতৰ্ক আজিও চলি আছে৷ গতিকে, বেদৰ এই প্ৰশ্ন হ’ল উত্তৰবিহীন৷ বুদ্ধৰ মতে, বেদৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়াটো সময়ৰ অপচয়হে মাথোন৷ এনেদৰে সময়ৰ অপচয় কৰাৰ পৰিৱৰ্তে মূল্যৱান সময়ৰ সঠিক প্ৰয়োগ হ’ব লাগে৷
বুদ্ধই এই মূল্যৱান সময় মানৱতাৰ কাৰণে, মানৱৰ কল্যাণৰ কাৰণে প্ৰয়োগ কৰিবলৈ কৈছে৷ সেয়ে, বৌদ্ধ ধৰ্মক মানৱ ধৰ্ম বুলিও কোৱা হয়৷ ভগৱানৰ অস্তিত্বৰ প্ৰসংগতো বুদ্ধই এইবুলি প্ৰশ্ন কৰে যে এই জগতত ইমানবিলাক পাপ কৰ্ম চলি আছে, পাপী আছে, তাৰ পাছতো সৰ্বশক্তিমান ভগৱানে কিয় ৰোধ কৰিব পৰা নাই?
বুদ্ধই কয় যে হয়তো ভগৱান মোৰ দৰেই দুৰ্বল আৰু অসহায়, যি এই দুষ্কৰ্ম দেখিও একো কৰিব নোৱাৰে৷ অথবা এই পাপ কৰ্ম আৰু পাপীসকলক লৈ হয়তো ভগৱান উদাসীন অথবা তেওঁ কিবা প্ৰকাৰে সন্তুষ্ট ৷ এনে ভগৱানক কিয় পূজিব লাগে বুলি বুদ্ধই প্ৰশ্ন কৰে ৷

যেতিয়া বুদ্ধই এই মূল আধাৰৰ প্ৰশ্নবিলাকৰ সঠিক উত্তৰ ব্ৰাহ্মণসকলৰ পৰা নাপালে, তেতিয়া বুদ্ধই বেদৰ পাছতে ভগৱানকো একাষৰীয়া কৰিবলৈ কৈ কৰ্মক প্ৰাধান্য দিয়ে৷ বুদ্ধৰ মতে, কোনো এক কাৰ্যৰ পশ্চাদত কাৰণ নিহিত হৈ থাকে৷ সেয়ে, বৌদ্ধ ধৰ্মত কাৰ্যকাৰণৰ প্ৰাধান্য আছে ৷ অৰ্থাৎ, কোনো এক কাৰণত যেতিয়া কোনো এক কাৰ্য ঘটে, সেই কাৰ্যকাৰণক ভগৱানেও সলনি কৰিব নোৱাৰে ৷
আন কথাত, আম গছত কঁঠাল অথবা কঁঠাল গছত আম উৎপন্ন কৰিব নোৱাৰি৷ বুদ্ধৰ মতে, কৰ্মৰ যি ফল উৎপন্ন হ’ব, সেয়া নিশ্চিত আৰু সলনি নহয়৷ গতিকে, বুদ্ধই নিজ কৰ্মত জোৰ দিছে৷ এই দৃষ্টিকোণৰ পৰা বৌদ্ধ ধৰ্ম নৈতিক কৰ্ম দৰ্শনতহে প্ৰতিষ্ঠিত৷ ইয়াত ৰহস্যবাদৰ স্থান নাই ৷
অৰ্থাৎ, স্বৰ্গ-নৰকৰ বিষয়টো গুৰুত্বপূৰ্ণ নহয়৷ কিয়নো, নিজ কৰ্মৰ মাধ্যমেৰে নৈতিকতা সৃষ্টি কৰিব পাৰিলে, ব্যক্তিৰ কাৰণে ভগৱানে স্বৰ্গ অথবা নৰকৰ স্থান নিৰ্ণয় কৰিব নোৱাৰে৷ বুদ্ধই বেদ আৰু ভগৱানক একাষৰীয়াকৈ ৰাখি কেৱল মানৱ আৰু জগতৰ কল্যাণৰ নিমিত্তে আত্মোৎসৰ্গ হ’বলৈ দীক্ষা দিছে৷ এই ভিত্তিতে বুদ্ধই চাৰিটা আৰ্য (মহৎ, শ্ৰেষ্ঠ) সত্য প্ৰতিষ্ঠা কৰে৷
এতিয়া চাওঁ আহক, এই চাৰিটা আৰ্য সত্যৰ মাধ্যমেৰে বুদ্ধই কি শিক্ষা আগ বঢ়াইছে৷ বুদ্ধই কৈছে যে এই চাৰিটা আৰ্য সত্যৰ সঠিক উপলব্ধি আৰু কাৰ্যকৰণ নহ’লে প্ৰত্যেকে এটা জন্মৰ পৰা আন এক জন্ম লৈ থাকিব লাগিব আৰু দুখ ভোগ কৰিব লাগিব৷ বুদ্ধই পৰম জ্ঞানপ্ৰাপ্তিৰে এই চাৰিটা আৰ্য সত্য উপলব্ধি আৰু কাৰ্যকৰণ কৰি নিৰ্বাণ লাভ কৰিবলৈ সমৰ্থ হৈছিল ৷
বুদ্ধই কৈছে যে যেতিয়া কল্যাণৰ কাম কৰিবলৈ আগ বাঢ়িব, তেতিয়া দেখা যাব যে জগতখন দুখেৰে ভৰি আছে৷ চাৰিটা আৰ্য সত্যৰ প্ৰথমটো হ’ল সৰ্বং দুঃখম৷ অৰ্থাৎ, এই জগতৰ প্ৰতিজন ব্যক্তিয়েই দুখত নিমজ্জিত৷ বুদ্ধই এই দুখ বুজিবৰ কাৰণে চেষ্টা কৰিবলৈ কৈছে৷ বুদ্ধৰ মতে, তিনিটা দুখ সকলোৰে আছে– জৰা, ব্যাধি আৰু মৃত্যু৷ ইয়াৰ পৰা কোনো মুক্ত নহয় ৷

দুখৰ সম্পৰ্কত বুদ্ধই কৈছে যে এই সৃষ্টি জগতখন কেৱল দুখেৰে ভৰা৷ যিদৰে সুখ লাভ নকৰাটো দুখ, সেইদৰে সুখৰ সন্ধান লাভৰ চেষ্টাও দুখ, সুখ লাভৰ পাছত সেই সুখক চিৰস্থায়ী কৰাৰ কাৰণেও দুখ ৷ যিহেতু প্ৰতিটো বস্তুৱেই এদিন নহয় এদিন লয় হয়, অৰ্থাৎ অনিত্য নহয়, সেয়ে প্ৰাপ্ত সুখৰো এদিন অন্ত পৰে আৰু তাৰ পাছত আহে দুখ৷ জন্মৰ পৰা মৃত্যুলৈকে সমগ্ৰ জীৱনটো সেয়েহে দুখেৰেহে ভৰা৷
মৃত্যুৰ পাছতো এই দুখৰ অন্ত নহয়৷ কাৰণ, তাৰ পাছত পুনৰ জন্ম হয়, আকৌ মৃত্যু হয়৷ এনেদৰেই জন্ম-মৃত্যুৰ চক্ৰ চলি থাকে আৰু প্ৰতিজন মানুহেই এই চক্ৰত সোমাই দুখ ভোগ কৰে৷ বুদ্ধই কৈছে যে যিহেতু সমগ্ৰ সংসাৰখন দুখেৰে ভৰা, তেন্তে আনন্দ কৰাৰ কাৰণে অৱকাশ ক’ত?
দ্বিতীয় আৰ্য সত্যটো হ’ল দুঃখ সমুদায়, অৰ্থাৎ দুখৰ কাৰণ ৷ প্ৰতিটো দুখৰে কাৰণ থাকে ৷ কিয়নো, কাৰণ অবিহনে কোনো কাৰ্য নহয়৷ এয়াই হ’ল প্ৰতিত্যসমুৎপাদ৷ প্ৰতিত্য আৰু সমুৎপাদ– এই দুই শব্দ সন্ধি হৈ প্ৰতিত্যসমুৎপাদ হৈছে৷ ইয়াৰে প্ৰতিত্য শব্দৰ অৰ্থ হ’ল কোনো বস্তু প্ৰাপ্তি হ’লে আৰু সমুৎপাদ শব্দৰ অৰ্থ হ’ল অন্য এটাৰ উৎপত্তি হয় ৷ দুখৰ উৎপত্তিৰ কাৰণ জনাটো অত্যন্ত দৰকাৰী ৷
প্ৰতিত্যসমুৎপাদ অনুসৰি, যদি এইটো আছে, তেন্তে সিটো আছে৷ এইটোৰ উদয় হ’লেই আনটোৰ উৎপত্তি হয়৷ উদাহৰণস্বৰূপে, এজোপা গছ হ’বলৈ বীজ লাগিব ৷ বীজৰ পৰা গছ আৰু গছত ফল লাগে ৷ এই চক্ৰ চলি থাকে ৷ একেদৰে মানুহো জীৱন-মৰণৰ চক্ৰত ঘূৰি থাকে আৰু আগৰ জন্মৰ দুখ ভোগ কৰিবলৈ পুনৰ জন্ম লয় ৷ প্ৰতিটো কাৰ্যই হ’ল কাৰণ-আশ্ৰিত ৷
দুখৰ কাৰ্যকাৰণ সম্পৰ্কে ক’বলৈ গৈ বুদ্ধই দ্বাদশ নিদান উল্লেখ কৰিছে৷ অৰ্থাৎ, দুখৰ কাৰ্যকাৰণ জানিবলৈ বাৰটা শৃংখলৰ কথা কৈছে, যেনে– অবিদ্যা, সংস্কাৰ (কৰ্ম), বিজ্ঞান (চেতনা), নামৰূপ (মনৰ সৈতে শৰীৰ), ষড়ায়তন (জ্ঞানেন্দ্ৰিয় আৰু মন), স্পৰ্শ (ইন্দ্ৰিয় আৰু বিষয়ৰ সম্পৰ্ক), বেদনা (বিষয়ানুভূতি), তৃষ্ণা (বিষয়াশক্তি বা ইচ্ছা), উপাদান (ৰাগ আৰু মোহ), ভৱ (জন্ম গ্ৰহণৰ ইচ্ছা, অস্তিত্ব), জাতি [জন্ম] আৰু জৰা (মৰণ) ৷

এই শৃংখলৰ মূল, অৰ্থাৎ দুখৰ মূল হ’ল অবিদ্যা৷ এতিয়া এটা কাৰ্যৰ কাৰণে আন এটাৰ উৎপত্তি কেনেকৈ হয়, সেয়া বুজিবলৈ এই বাৰটা নিদানলৈ লক্ষ্য কৰিলেই হ’ল ৷ এই দ্বাদশ নিদানৰ ওপৰতে সম্পূৰ্ণ বৌদ্ধ ধৰ্ম প্ৰতিষ্ঠিত বুলি ক’ব পাৰি ৷ বুদ্ধই এই বাৰটা শৃংখলৰ পৰিণামকে দুখৰ কাৰণ হিচাপে দেখুৱাইছে৷ জৰা (মৰণ) অৰ্থাৎ মৰণৰ দুখ ৷ ইয়াৰ কাৰণ হ’ল জাত অৰ্থাৎ জন্ম৷
আন কথাত, এই দুখেৰে ভৰা সংসাৰত জন্ম ল’লে দুখ ভোগ কৰে৷ জাতৰ কাৰণ হ’ল ভৱ অৰ্থাৎ জন্ম লোৱাৰ ইচ্ছা ৷ ভৱৰ কাৰণ হ’ল উপাদান, অৰ্থাৎ সাংসাৰিক বস্তুৰ প্ৰতি মোহ৷ আন কথাত, সাংসাৰিক বস্তুৰ প্ৰতি মোহৰ কাৰণেই জন্ম লোৱাৰ ইচ্ছা জাগে ৷ বৌদ্ধ দৰ্শনত সাংসাৰিক বস্তুৰ প্ৰতি মোহক বিষয়ৰ প্ৰতি আসক্তি বা তৃষ্ণা বুলি কৈছে৷ ইয়াত সাংসাৰিক বস্তুৰ প্ৰতি মোহ অৰ্থাৎ উপাদান আৰু বিষয়ৰ প্ৰতি তৃষ্ণা অৰ্থাৎ আসক্তি একেই ৷
উদাহৰণস্বৰূপে, কোনো স্ত্ৰীৰ প্ৰতি উৎপন্ন হোৱা মোহ হ’ল উপাদান ৷ কিন্তু, যদি ইয়াৰ কাৰণ স্ত্ৰীগৰাকীৰ ৰূপৰ প্ৰতি আসক্তি হয়, তেন্তে এয়া হ’ল তৃষ্ণা ৷ বুদ্ধৰ মতে, ব্যক্তিৰ ইন্দ্ৰিয়ৰ অনুভৱৰ পৰাই তৃষ্ণাৰ উৎপন্ন হয় আৰু ইয়ে হ’ল বেদনা৷ ইন্দ্ৰিয় সংবেদনশীল কাৰণে ব্যক্তিয়ে কোনো বস্তু অনুভৱ কৰে আৰু এই অনুভৱৰ কাৰণেই কোনো বস্তুৰ প্ৰতি আসক্তিৰ জন্ম হয় ৷
বৌদ্ধ দৰ্শনত তৃষ্ণাৰ কাৰণ স্পৰ্শ বুলি কৈছে ৷ ইয়াৰ অৰ্থ হ’ল বিষয়ৰ সৈতে ইন্দ্ৰিয়ৰ সংযোগ ৷ স্পৰ্শ মানে হ’ল চকুৰে দৰ্শন, কাণেৰে শব্দ, জিভাৰে স্বাদ, নাকেৰে ঘ্ৰাণৰ সৈতে হোৱা সংযোগ৷ উদাহৰণস্বৰূপে, যেতিয়া খাদ্যৰ সৈতে জিভাৰ সংযোগ হয়, এয়াই হ’ল স্পৰ্শ৷ স্পৰ্শৰ জৰিয়তে নিজৰ সংবেদনশীলতাৰে জিভাই সেই খাদ্যৰ স্বাদ অনুভৱ কৰে৷ এই অনুভৱেই হ’ল বেদনা৷

এই বেদনাৰ ফলস্বৰূপে ব্যক্তিৰ মনত সেই স্বাদৰ প্ৰতি আসক্তিৰ উৎপন্ন হয় আৰু এয়াই হ’ল তৃষ্ণা ৷ এই তৃষ্ণাৰ আতুৰতাক সেই খাদ্যৰ মাধ্যমেৰে দূৰ কৰিব পাৰি৷ ফলত সেই খাদ্যৰ প্ৰতি ব্যক্তিৰ মনত মোহ ওপজে৷ এয়াই হ’ল উপাদান৷ বুদ্ধই এই স্পৰ্শৰ কাৰণ ষড়ায়তন বুলি উল্লেখ কৰে৷ অৰ্থাৎ ছটা ইন্দ্ৰিয়– পাঁচটা জ্ঞানেন্দ্ৰিয় আৰু মন ৷ এই ইন্দ্ৰিয়ৰ স্পৰ্শৰ কাৰণতে অনুভৱপ্ৰাপ্তি হয় আৰু শেষত দুখৰ উৎপন্ন ঘটে ৷
এই ষড়ায়তনৰ কাৰণ বুদ্ধই নামৰূপ বুলি কৈছে৷ নাম অৰ্থাৎ মন আৰু ৰূপ অৰ্থাৎ ভৌতিক শৰীৰ ৷ মনযুক্ত ভৌতিক শৰীৰৰ পৰাই ইন্দ্ৰিয়ৰ জন্ম হয়৷ বৌদ্ধ দৰ্শনত নামৰূপৰ কাৰণ বিজ্ঞান অৰ্থাৎ চেতনা বুলি কৈছে ৷ কোনো জীৱৰ উৎপত্তি প্ৰক্ৰিয়াত সৰ্বপ্ৰথম চেতনা উৎপন্ন হয়৷ এই চেতনাৰ কাৰণ হ’ল সংস্কাৰ৷
সংস্কাৰৰ অৰ্থ হ’ল পূৰ্বজন্মত কৰা কৰ্ম৷ পূৰ্বজন্মৰ সংস্কাৰৰ কাৰণে বিজ্ঞান অৰ্থাৎ চেতনাৰ প্ৰৱাহ হয় আৰু ফলত ব্যক্তিৰ পুনৰ জন্ম ঘটে৷ বুদ্ধই এই সংস্কাৰৰ কাৰণ হিচাপে অবিদ্যা অৰ্থাৎ জ্ঞানৰ অভাৱ বুলি কৈছে ৷ জ্ঞানৰ অভাৱৰ কাৰণতে ব্যক্তিয়ে এনে কাম কৰে, যাৰ কাৰণে তেওঁ দুখ ভোগ কৰিব লগীয়া হয়৷ যেতিয়া ‘অবিদ্যাৰ কাৰণ কি’ বুলি বুদ্ধক সোধা হ’ল, তেতিয়া বুদ্ধ মৌন হৈ ৰয়৷
গতিকে, দুখৰ মূল কাৰণ হ’ল অবিদ্যা ৷ যদি জ্ঞানপ্ৰাপ্ত হয়, তেতিয়া দুখৰ অন্ত পৰে৷ অৰ্থাৎ নিৰ্বাণপ্ৰাপ্তি হয় ৷ বৌদ্ধ দৰ্শনত জীৱিত কালতে জ্ঞানৰ মাধ্যমেৰে নিৰ্বাণ অৰ্থাৎ মুক্তি সম্ভৱ বুলি কৈছে ৷ এই জ্ঞানপ্ৰাপ্তিৰ কাৰণে বুদ্ধই অষ্টাংগ মাৰ্গৰ নিদান দিছে ৷
তৃতীয় আৰ্য সত্যটো হ’ল দুঃখ নিৰোধ, অৰ্থাৎ দুখৰ নিবৃত্তি৷ বুদ্ধৰ মতে, এই দুখৰ পৰা মুক্তি সম্ভৱ ৷ এই মুক্তিকে বুদ্ধই নিৰ্বাণ বুলি কৈছে৷ যদি দুখৰ কাৰণ যথাৰ্থভাৱে নিৰ্ণয় কৰিব পৰা যায়, তেন্তে ব্যক্তিৰ মনত এই দৃঢ় নি(য়তাৰ সৃষ্টি হয় যে সেই কাৰণ নিবাৰণ কৰিব পৰা যায়৷ নিৰ্বাণ হ’ল তৃষ্ণা বা ইচ্ছা নিৰ্বাপণ কৰা ৷ নিৰ্বাণপ্ৰাপ্তিৰ অৱস্থা মানে হ’ল য’ত জন্ম নাই, জৰা নাই, ব্যাধি নাই, মৃত্যু নাই, শোক নাই, হতাশা নাই ৷
, এই নিৰ্বাণ অৱস্থাত সংসাৰৰ গতি ৰুদ্ধ হৈছে ৷ কিন্তু, জীৱন চালিত হয় সকলোৰে পৰা মুক্ত হৈ পৰম অৱস্থাৰ মাজেৰে, য’ত ব্যক্তিয়ে জন্ম-মৃত্যুৰ চক্ৰৰ পৰা মুক্তি পায় ৷ অৰ্থাৎ, আগৰ জন্মৰ কৰ্মৰ ফল ভোগ কৰিবলৈ যিদৰে পুনৰ জন্ম লয়, সেই চক্ৰৰ পৰা মুক্ত হৈ দুখৰ ওৰ পৰে আৰু এয়াই হ’ল নিৰ্বাণপ্ৰাপ্তি৷ আন কথাত, ইন্দ্ৰিয়ক বশীভূত কৰি এই জীৱন কালতে দুখৰ ওৰ পেলাই নিৰ্বাণ লাভ কৰিব পাৰি ৷
ইয়াৰ কাৰণে বুদ্ধই দিয়া চতুৰ্থ আৰ্য সত্য কঠোৰভাৱে প্ৰতিপালন কৰিব লাগিব ৷ ইপিনে, বৌদ্ধ ধৰ্মত দুই প্ৰকাৰৰ নিৰ্বাণ আছে–নিৰ্বাণ আৰু পৰিনিৰ্বাণ৷ নিৰ্বাণত কামনা-বাসনাৰ অন্ত হয় ৷ কিন্তু, জীৱন চলি থাকে৷ পৰিনিৰ্বাণত কামনা-বাসনাৰ লগতে জীৱনৰো অন্ত পৰে ৷

এতিয়া চাওঁ আহক এই চতুৰ্থ আৰ্য সত্যটোনো কি? এই আৰ্য সত্যটো হ’ল দুঃখ নিৰোধ মাৰ্গ, অৰ্থাৎ দুখ নিবৃত্তিৰ উপায়৷ কোনো কাৰ্য হোৱাৰ কাৰণটো জনাৰ পাছত যেতিয়া তাৰ পৰা পৰিত্ৰাণৰ উপায় জ্ঞাত হ’ব, তেতিয়াই দুখ দূৰ হয় ৷ বুদ্ধই দুখত হতাশ নহৈ ইতিবাচত আৰু আশাবাদেৰে আগুৱাই যাবলৈ কৈছে ৷ কিয়নো, আজি যদি জীৱনত অন্ধকাৰ আছে, কাইলৈ নি(য়কৈ সেই অন্ধকাৰ নাইকিয়া হৈ জ্যোতিৰ্ময় হ’ব ৷ ইয়াৰ কাৰণে কৰ্মই হ’ব মূল ৷
বুদ্ধৰ মতে, দুখৰ কাৰণ হ’ল নিৰাশা ৷ এই সৰ্বব্যাপ্ত দুখ নিবৃত্তিৰ কাৰণে বুদ্ধই কেইটামান বিশেষ মাৰ্গ বা উপায়ৰ নিদান আগ বঢ়াইছে৷ অৰ্থাৎ আঠটা বিশেষ মাৰ্গ বা উপায় আছে ৷ এই দুখ নিবাৰণৰ মাৰ্গত যদি ব্যক্তি আগ বাঢ়ে, তেওঁ নিৰ্বাণপ্ৰাপ্ত হ’বলৈ সমৰ্থ হ’ব আৰু দুখৰ নিবৃত্তি ঘটিব ৷ এই মাৰ্গ নৈতিক আৰু আধ্যাত্মিকতাৰ কঠোৰ সাধনা ৷ এই আঠটা মাৰ্গ বা উপায়ক অষ্টম মাৰ্গ অথবা অষ্টাংগ মাৰ্গ বুলি কোৱা হয় ৷
তদুপৰি, মধ্যম মাৰ্গ বুলিও কয়৷ কাৰণ, এই মাৰ্গ হ’ল অত্যন্ত ইন্দ্ৰিয় বা ভোগবিলাস আৰু অনাৱশ্যক আৰু অত্যন্ত কঠোৰ তপস্যাৰ মাজৰ পথ হয়৷ সেয়ে, বুদ্ধই ভিক্ষুসকলক উদ্দেশ্যি দুটা কৰ্মৰ পৰা বিৰত থাকিবলৈ কয়– প্ৰথমটো হ’ল সুখৰ কাৰণে কাম-ভোগত লিপ্ত নোহোৱা আৰু দ্বিতীয়টো হ’ল শৰীৰক কষ্ট দি অৰ্থহীন তপ নকৰা ৷ তথাগত বুদ্ধই সেয়ে এই দুই কৰ্ম ত্যাগ কৰি আৰ্য অষ্টাংগ মাৰ্গত আগ বাঢ়িবলৈ কৈছে ৷
বুদ্ধই কৈছে যে প্ৰত্যেক মানুহে নিজৰ নিৰ্বাণ নিজেই প্ৰাপ্ত কৰিব লাগিব ৷ এই চাৰিটা আৰ্য সত্য অবিহনে কোনো মানুহেই আগ বাঢ়িব নোৱাৰে৷ অষ্টাংগ মাৰ্গকেইটা হ’ল– সম্যক দৃষ্টি, সম্যক সংকল্প, সম্যক বাক, সম্যক কৰ্ম (কৰ্মান্ত), সম্যক জীৱিকা (আজীৱ), সম্যক ব্যায়াম, সম্যক স্মৃতি আৰু সম্যক সমাধি৷ এই অষ্টাংগ মাৰ্গৰ প্ৰতিটোৰে নিজা উৎকৃষ্ট অৰ্থ আছে ৷

সম্যক দৃষ্টি ঃ সম্যক দৃষ্টি মানে হ’ল চাৰিটা আৰ্য সত্যক বিশ্বাস কৰা, অৰ্থাৎ, সমাজখনক উচিত দৃষ্টিৰে চাই ভুল-শুদ্ধ বিচাৰ কৰা ৷ ইয়াৰ কাৰণে নিজৰ বিবেক-বুদ্ধি প্ৰয়োগ কৰিব লাগে ৷ অবিদ্যাই যিহেতু সকলো দুখ-শোকৰ মূল, তাৰ পৰা পৰিত্ৰাণ পাবলৈ চাৰিটা আৰ্য সত্যৰ সম্যক জ্ঞান লাভ কৰাটো দৰকাৰ ৷
সম্যক সংকল্প ঃ সম্যক সংকল্প মানে মানসিক আৰু নৈতিক বিকাশৰ কাৰণে প্ৰতিজ্ঞা কৰা ৷ অৰ্থাৎ, চাৰিটা কাম কৰিলে মানসিক আৰু নৈতিক বিকাশ হয়৷ প্ৰথমটো হ’ল, যিজন সমাজত উজলি উঠিছে, উন্নতি কৰিছে, তেওঁৰ প্ৰতি ঈৰ্ষান্বিত নহৈ প্ৰশংসা কৰিব লাগে আৰু তেওঁৰ ওচৰলৈ গৈ শিকিবলৈ চেষ্ট কৰিব লাগে ৷ তেতিয়া সিজন ব্যক্তি প্ৰসন্ন হয় আৰু দুখ নহয়৷
দ্বিতীয়তে, যিজন সমপৰ্যায়ৰ, তেওঁৰ সৈতে মৈত্ৰী কৰিব লাগে ৷ দুখত দুখী আৰু সুখত সুখী হ’বলৈ প্ৰয়াস কৰা উচিত৷ একেলগে উন্নতি কৰাৰ সহযোগিতা থাকিব লাগে ৷ ইয়াৰ ফলত ঈৰ্ষা ভাব উদয় নহয়৷ মৈত্ৰীৰ এটাই প্ৰমাণ আছে– সুখ-দুখ ভগাই ল’লে দুয়ো দুখী নহয় ৷
তৃতীয়তে, নিজতকৈ সৰুজনক ঘৃণা কৰাৰ সলনি কৰুণা কৰিব লাগে ৷ ফলত দুখী নহয়৷
চতুৰ্থতে, উপেক্ষা কৰা৷ অৰ্থাৎ, পাপী আৰু দুষ্টৰ সৈতে বন্ধুত্ব অথবা শত্ৰুতা নকৰি, তেনে লোকক উপেক্ষা কৰিব লাগে, আঁতৰি থাকিব লাগে ৷ তেতিয়া দুখ নহয় ৷ আন কথাত, ঈৰ্ষা পৰিহাৰ কৰি প্ৰেম আৰু পৰোপকাৰ কৰা ৷
সমক্য বাক্ ঃ সম্যক বাক্ মানে হানিকাৰক আৰু অসত্য কথা নোকোৱা ৷
সম্যক কৰ্ম (কৰ্মান্ত) ঃ সম্যক কৰ্ম মানে হানিকাৰক কৰ্ম নকৰা৷ অৰ্থাৎ বিচাৰ কৰিহে কৰ্ম কৰিব লাগে৷ অন্যথা, ভাল ফল লাভ কৰা নাযায় ৷ যি কৰ্মই কীৰ্তি দিয়ে, মন প্ৰসন্ন কৰে, সমাজত উচ্ছস্থান দিয়ে, তেনে কৰ্ম কৰা ৷
সম্যক জীৱিকা (আজীৱ) ঃ সম্যক জীৱিকা মানে স্পষ্ট অথবা অস্পষ্টকৈ হ’লেও হানিকাৰক জীৱিকা অথবা অনুচিত বেপাৰ নকৰা ৷
সম্যক ব্যায়াম ঃ সম্যক ব্যায়াম মানে নিজকে শুধৰাবৰ কাৰণে চেষ্ট কৰা৷ অৰ্থাৎ সৎ চিন্তা আৰু মনোভাৱেৰে জীৱন পৰিচালিত কৰিবলৈ চেষ্টা কৰা ৷
সম্যক স্মৃতি ঃ সকলো ক্ষণস্থায়ী– এই কথা মনত ৰখাটোৱেই হ’ল সম্যক স্মৃতি ৷
সম্যক সমাধি ঃ শেষৰটো হ’ল সম্যক সমাধি৷ ইয়াৰ অৰ্থ হ’ল নিৰ্বাণপ্ৰাপ্তি ৷ অৰ্থাৎ, ওপৰৰ সাতটা নিদান প্ৰতিপালন কৰিব পাৰিলে ব্যক্তিৰ কোনো দুখ নাথাকে৷ এইটো হ’ল এক মনোবৈজ্ঞানিক ধাৰণা ৷

এই প্ৰসংগতে বিখ্যাত মনোবিজ্ঞানী ফ্ৰয়েডৰ এষাৰ বৰ তাৎপৰ্যপূৰ্ণ মন্তব্য উল্লেখ কৰিব পাৰি৷ ফ্ৰয়েডৰ মতে– বেমাৰৰ কাৰণে ব্যক্তি ইমান দুখী নহয়, যিমান দুখী তেওঁ বেমাৰটোক লৈ কৰা চিন্তাৰ কাৰণে হয়৷ সেয়ে, বুদ্ধই কৈছে যে যিমানেই দুখ নহওক কিয়, সেই দুখৰ চেতনা আহিবলৈ দিব নালাগে ৷
বুদ্ধই এই সম্যক দৃষ্টি আৰু সম্যক সংকল্পক প্ৰজ্ঞা, সম্যক বাক্, সম্যক কৰ্ম আৰু সম্যক জীৱিকাক শীল আৰু সম্যক ব্যায়াম, সম্যক স্মৃতি আৰু সম্যক সমাধিক সমাধি হিচাপে অভিহিত কৰিছে৷ ইয়াৰে সম্যক বাক্, সম্যক কৰ্ম আৰু সম্যক জীৱিকাৰ দহটা শীল পালন কৰিবলৈ উল্লেখ কৰে৷
এয়া হ’ল– অহিংসা, সত্য, অস্তেয় (চুৰ নকৰা), অপৰিগ্ৰহ (যি লাভ কৰা হৈছে, তাতকৈ অধিক নিবিচৰা), মদ্যপান নকৰা, অসময়ত ভোজন নকৰা, কোমল অথবা আৰামদায়ক বিচনাত নোশোৱা, ধন সঞ্চয় নকৰা, ব্ৰহ্মচৰ্য অৰ্থাৎ স্ত্ৰীসংগৰ পৰা আঁতৰত থকা আৰু নৃত্য-গীতৰ পৰা আঁতৰত থকা ৷
বৌদ্ধ ভিক্ষুসকলৰ কাৰণে এই দহটা শীল অৱশ্যপালনীয়৷ কিন্তু, যিসকল সাংসাৰিক বান্ধোনত আছে, তেওঁলোকৰ কাৰণে প্ৰথম পাঁচটা শীল পালন কৰাটো অপৰিহাৰ্য বুলি বুদ্ধই কৈছে ৷ ইয়াকে পঞ্চশীল বুলি কয় ৷
শেষত– বৌদ্ধ ধৰ্মৰ যিখিনি মূল সিদ্ধান্ত, সেইখিনি সম্পৰ্কত আলোচনা কৰা হ’ল যদিও বৌদ্ধ ধৰ্মৰ বেলেগ বেলেগ সম্প্ৰদায়ৰ মাজত পৃথক সিদ্ধান্ত আছে ৷ অৱশ্যে, এই সকলো সিদ্ধান্তই বৌদ্ধ ধৰ্মৰ কেন্দ্ৰীয় সিদ্ধান্ত প্ৰতিত্যসমুৎপাদৰ ওপৰত প্ৰতিষ্ঠিত৷ (সহায় লোৱা হৈছে) ৷

ভ্ৰাম্যভাষ -৯৪৩৫১-৫২৭৭৭
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)