• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, August 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

বৌদ্ধ ধৰ্ম জাগৰণত বৈদিক ব্ৰাহ্মণসকলৰ যোগদান

by Editor
June 28, 2024
in Special Report
Reading Time: 5 mins read
0
buddha dordenma statue in bhutan

Photo by Pema Gyamtsho on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

বৌদ্ধ ধৰ্ম জাগৰণত বৈদিক ব্ৰাহ্মণসকলৰ যোগদান

সৌম্যদ্বীপ দত্ত

Soumyadeep Datta 1
সৌম্যদ্বীপ দত্ত

বহু বছৰ ধৰি উদ্দেশ্য প্ৰণোদিতভাবে এদল মানুহে এই কথা প্ৰচাৰ কৰি আছিল যে – বৌদ্ধধৰ্মৰ সৃষ্টি যেন ব্ৰাহ্মণ্যধৰ্মৰ বিৰুদ্ধাচাৰণৰ বাবেই সৃষ্টি হৈছিল৷

এই উদ্দেশ্য প্ৰণোদিত ভুল প্ৰচাৰত মূলতঃ কিছুমান পণ্ডিত, ভিন্ন দৰ্শনৰ বিদ্বান, বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ কিছুমান অধ্যাপক-প্ৰাধ্যাপক, বিশেষ ৰাজনৈতিক বিচাৰ ধাৰাৰ মানুহ, ভাৰত বিৰোধী শক্তি আৰু বিদেশী শক্তিৰ মদতপুষ্ট সাধু-সন্ন্যাসী ইত্যাদিসকলে বিশেষ ভূমিকা পালন কৰি আহিছে ৷

বৌদ্ধ ধৰ্ম জাগৰণত বৈদিক ব্ৰাহ্মণসকলৰ যোগদান
Gautam Buddha ( Image: Powershift)

বৌদ্ধধৰ্ম আৰু ব্ৰাহ্মণ্যধৰ্মৰ মাজত বিভেদ সৃষ্টি কৰি, নিজৰ নিজৰ স্বাৰ্থ পূৰণ কৰাই এইসকল ব্যক্তি আৰু দল-সংগঠনৰ প্ৰধান লক্ষ্য ৷ বৌদ্ধ আৰু হিন্দুসকলৰ মাজত ভুল বুজাবুজি তথা মনোমালিন্য হ’লে আমাৰ সমাজ আৰু দেশ দুৰ্বল হ’ব৷ সেয়েহে ভাৰতবিৰোধী শক্তিবোৰে হিন্দু আৰু বৌদ্ধসকলৰ মাজত সদায় যাতে দূৰত্ব বিৰাজ কৰে তাৰবাবে সচেষ্ট থাকে৷

          ইতিমধ্যে বহুত বৌদ্ধ পণ্ডিত, বৌদ্ধ সন্ন্যাসী, বৌদ্ধধৰ্ম আৰু বৌদ্ধবিদ্যাক লৈ চৰ্চা কৰা মেধাৱী ব্যক্তিত্বই এই কথা স্পষ্ট কৰি দিছে যে, বুদ্ধৰ শিক্ষা, প্ৰচাৰ, ব্ৰাহ্মণ্যধৰ্ম বা কোনো ধৰ্মৰ বিৰুদ্ধে নাছিল৷ বুদ্ধই মানুহক দুখৰ পৰা পৰিত্ৰাণ পোৱাৰ বাট প্ৰদৰ্শন কৰিছিল৷ বুদ্ধৰ ধৰ্ম আছিল মানুহক মুক্তি বা নিৰ্বাণৰ পথ প্ৰদৰ্শক ধৰ্ম৷ বুদ্ধই মানুহক নিজৰ নৈতিক চৰিত্ৰ গঠনৰ শিক্ষা দিছিল৷ দয়া, প্ৰেম, কৰুণা, মৈত্ৰী, অহিংসা প্ৰচাৰ আছিল বৌদ্ধধৰ্মৰ মূল আলোচ্য বিষয়৷

গৌতম বুদ্ধ, বেদ বিৰোধী আছিল, ঈশ্বৰ বিৰোধী আছিল, মূৰ্তিপূজাৰ বিৰোধী আছিল, এনেকুৱা ভবাৰ বা সিদ্ধান্তত উপনীত হোৱাৰ কোনো কাৰণ নাই৷ গৌতম বুদ্ধই কেতিয়াও কোনো স্থানতেই এইবোৰ কথা কোৱা নাই৷ ভগৱান বুদ্ধই ঈশ্বৰ চিন্তাৰ বিৰুদ্ধে বা বেদৰ বিৰুদ্ধে কেতিয়াও কোনো মন্তব্য কৰা নাই৷ তেনেহ’লে আমি কেনেদৰে এই সিদ্ধান্তত আহিব পাৰো যে তেওঁ এইবোৰৰ বিৰুদ্ধাচাৰণ কৰিছিল ! বুদ্ধই অকল তেওঁৰ নিজৰ সিদ্ধান্ত আৰু উপদেশ মানুহক শুনাইছিল৷

বুদ্ধই ভাৰতীয় সনাতন পৰম্পৰাৰ কিছুমান কথাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছিল, কিছুমান বস্তুৰ সংস্কাৰ সাধন কৰিছিল আৰু নিজে আৱিষ্কৃত জ্ঞান বা বোধিৰে পৃথিৱীৰ মঙ্গল সাধন কৰিছিল৷ ভাৰতৰ সেই সময়ৰ ব্ৰাহ্মণ্য প্ৰাধান্য থকা পৰিৱেশতেই তেওঁ আত্মপ্ৰকাশ কৰে৷ তেওঁৰ শৈশৱ, ছাত্ৰকাল, যৌৱন আৰু পৰৱৰ্তী ধৰ্মপ্ৰচাৰৰ সময়তো ভাৰতৰ সেইসময়ৰ ব্ৰাহ্মণ্য সমাজৰ লোকসকলে তেওঁক বিপুল ৰূপে ভক্তি-শ্ৰদ্ধা কৰে, সমৰ্থন কৰে৷

ভগৱান বুদ্ধক সেই সময়ৰ বৈদিক ব্ৰাহ্মণসকলে যি সহযোগিতা অৰ্থাৎ বুদ্ধৰ ধৰ্মপ্ৰচাৰৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছিল, যেনেদৰে বুদ্ধ শিক্ষাত নিমজ্জিত হৈছিল, সেই কথাবোৰ বৌদ্ধ সাহিত্যত স্বৰ্ণাক্ষৰত লিপিবদ্ধ হৈ আছে৷ আজিৰ দিনত প্ৰত্যেকজন ভাৰতীয়ৰ বুদ্ধ সাহিত্য আৰু বৌদ্ধ ইতিহাস জনাটো নিত্যান্ত প্ৰয়োজন৷

ভাৰতীয় হৈ আমি যদি বুদ্ধৰ কথা অৱগত নহও, বুদ্ধ শিক্ষাৰ প্ৰতি উদাসীন থাকোঁ, যদি ভাৰতৰ বৌদ্ধ ইতিহাস আমাৰ অজ্ঞাত থাকে, তেনেহ’লে আমি অনুভৱ কৰোঁ ভাৰতীয় হিচাপে আমাৰ জীৱন অসম্পূৰ্ণ হৈ ৰয় ৷ বুদ্ধৰ কথা জনাটো প্ৰত্যেকজন ভাৰতীয়ৰ নৈতিক কৰ্তব্য৷ ভাৰতৰ মেধাৱী ব্ৰাহ্মণসকলে যে বুদ্ধৰ নতুন ধৰ্ম সহজতে বুজি পাব, সেই কথা ভগৱান বুদ্ধই সেই সময়তেই অনুভৱ কৰিছিল আৰু সেই মতে কাম কৰিছিল৷

বৈদিক ব্ৰাহ্মণৰ প্ৰসঙ্গত যিসকলে কিছুমান নিন্দা প্ৰচাৰ কৰি ফুৰে, তেওঁলোকে বৌদ্ধধৰ্মৰ জাগৰণত ব্ৰাহ্মণসকলৰ যোগদান আৰু কৰ্মকাণ্ডৰ কথা কেতিয়াও আলোচনা নকৰে৷

বৌদ্ধধৰ্ম সেই সময়ত, ভাৰতত নতুন ধৰ্ম ৰূপে পৰিৱেশিত হৈ আছিল৷ সেয়েহে এই কথা অত্যন্ত স্বাভাৱিক যে সেই সময়ৰ ধৰ্মৰ নেতা, গুৰু, ব্ৰাহ্মণসকলৰ কিছুমানে এই ধৰ্ম সহজতে বুজি পোৱা নাই বা মানি ল’ব খোজা নাই বা বিৰোধ কৰিছিল, হয়তো তৰ্ক-বিতৰ্কও হৈছিল, তাৰ অৰ্থ এইটো নহয় যে বৈদিক সমাজৰ প্ৰত্যেকেই এই ধৰ্মৰ বিৰোধ কৰিছিল৷ কথাটো ঠিক তাৰ উল্টা৷ যিসকলে ভাৰতৰ বৌদ্ধ ইতিহাস সম্পৰ্কে অৱগত তেওঁলোকে মোৰ কথাৰ সত্যতা অনুভৱ কৰিবলৈ সক্ষম হ’ব৷

বৌদ্ধ ধৰ্ম জাগৰণত বৈদিক ব্ৰাহ্মণসকলৰ যোগদান
Image: Powershift

          সিদ্ধাৰ্থ-গৌতমৰ পৃথিৱীত জন্মগ্ৰহণৰ আগৰে পৰা গৌতমে ব্ৰাহ্মণ্য সংস্কৃতিত চৰ্চা লাভ কৰে৷ শাক্যসকলে যে বৈদিক ব্ৰাহ্মণ্য পৰিধিৰ জনগোষ্ঠী আছিল, মই অকল সেইটো কথাই ক’বলৈ বিচৰা নাই৷ মায়াদেৱীৰ সপোনৰ ঘটনাৰ পৰাই ব্ৰাহ্মণসকলে সিদ্ধাৰ্থ-গৌতমৰ লগত, অৰ্থাৎ তেওঁৰ জীৱনৰ পৰিঘটনাৰ লগতে জড়িত হৈ পৰে৷

সিদ্ধাৰ্থ-গৌতমৰ পিতা, ৰজা শুদ্ধোধন যে বৈদিক পৰম্পৰাৰ ব্যক্তি আছিল সেই কথাৰ প্ৰমাণ আমি তেতিয়াতেই পাওঁ যেতিয়া মায়াদেৱীৰ  হস্তীৰ সপোন আৰু সিদ্ধাৰ্থৰ ভৱিষ্যৎ গণনাৰ বাবে ৰজা শুদ্ধোধনে আঠজন ব্ৰাহ্মণ তথা দৈৱজ্ঞ জ্যোতিষী পণ্ডিতক নিজৰ গৃহত মাতি আনে৷ এই আঠজন ব্ৰাহ্মণ দৈৱজ্ঞৰ নাম আছিল – ৰামদ্বিজ, ধ্বজ, মন্ত্ৰী, লক্ষণ, সুযাম, সুদাক্ত, ভোজ আৰু কৌণ্ডিন্য ৷ এই আঠজন ব্ৰাহ্মণৰ ভিতৰত বয়সত কৌণ্ডিন্য সকলোতকৈ সৰু আছিল৷

বৌদ্ধ ধৰ্ম জাগৰণত বৈদিক ব্ৰাহ্মণসকলৰ যোগদান
Image: Powershift

ৰজা শুদ্ধোধনৰ কুল-পুৰোহিত দেৱল ঋষি আছিল এজন পণ্ডিত ব্ৰাহ্মণ৷ বাল্যকালত তথা ছাত্ৰ জীৱনত সিদ্ধাৰ্থ-গৌতমৰ শিক্ষাগুৰুসকলো আছিল ব্ৰাহ্মণ আৰু সংস্কৃত ভাষাত সিদ্ধাৰ্থ-গৌতমে জ্ঞানচৰ্চা কৰিছিল৷

          আনকি সিদ্ধাৰ্থ-গৌতমে যেতিয়া গৃহ ত্যাগ কৰি সন্ন্যাসী ৰূপে ঘূৰি ফুৰিছিল, তেতিয়া তেওঁ বৈশালীৰ আৰাড় নামৰ এজন ব্ৰাহ্মণ গুৰুৰ ওচৰত শিষ্যত্ব গ্ৰহণ কৰে৷ তাতে তেওঁ ধ্যান শিক্ষা লাভ কৰে আৰু ধ্যান অভ্যাস কৰে৷ সিদ্ধাৰ্থ-গৌতমে উদ্ৰক ৰামপুত্ৰ নামৰ এজন ব্ৰাহ্মণ গুৰুৰ আশ্ৰমতো অলপদিন শাস্ত্ৰ অধ্যয়ন কৰিছিল৷ এই সকলো কথা সিদ্ধাৰ্থ-গৌতমৰ বোধি প্ৰাপ্তিৰ আগৰ কথা৷

          অৱশেষত নিজৰ ধ্যান-তপস্যা আৰু চেষ্টাৰ বলত সিদ্ধাৰ্থ-গৌতমৰ বোধি প্ৰাপ্তি ঘটে ৷ সিদ্ধাৰ্থ-গৌতম বুদ্ধত পৰিণত হয় ৷

          বোধিপ্ৰাপ্ত হোৱাৰ পিছত বুদ্ধই ভাবিব ধৰিলে মানুহক জৰা-ব্যাধি আৰু মৃত্যুৰ হাতৰ পৰা উদ্ধাৰৰ বাবে তেখেতে যি অমূল্য জ্ঞান লাভ কৰিছে সেই জ্ঞান মানুহক জনোৱাটো প্ৰয়োজন৷ মানুহৰ মুক্তিৰ বাবে, দুখ-দুৰ্দশাৰ পৰা মানুহক উদ্ধাৰ কৰিবৰ বাবে আৰু সকলোৰে মংগলৰ বাবে তেখেতে বুদ্ধ হৈছে৷ কেতিয়াবা ভাবিলে মানুহে এই অমূল্য জ্ঞানৰ কথা অনুভৱ কৰিবনে?

বৌদ্ধ ধৰ্ম জাগৰণত বৈদিক ব্ৰাহ্মণসকলৰ যোগদান
Gautam buddha (Image: Powershift)

কিন্তু বুদ্ধই মনে মনে ভাবিলে – মানুহক এই মুক্তিৰ কথা ক’ব লাগিব৷ হয়তো লাহে লাহে মানুহে তেওঁৰ কথাবোৰ বুজি পাব৷ বুদ্ধই ভাবিছিল তেওঁৰ নতুন কথাবোৰ সাধাৰণ মানুহে সহজতে বুজি পোৱা কষ্টকৰ হ’ব৷ ভাৰতৰ ব্ৰাহ্মণসকল আছিল বিদ্বান, সদাচাৰী, বিদ্যানুৰাগী, মেধাৱী আৰু বুদ্ধিমান৷ সেইবাবে বুদ্ধই ভাবিলে তেওঁৰ নতুন কথাবোৰ, তেওঁ আৱিষ্কৃত দুখ মুক্তিৰ উপায় আৰু নিৰ্বাণৰ তাৎপৰ্যবোৰ ব্ৰাহ্মণসকলেই প্ৰথমতে সহজতে বুজি পাব৷

সেইবাবেই বুদ্ধই প্ৰথম উৰুবেলাৰ অৰণ্যৰ পৰা ওলাই ব্ৰাহ্মণ আৰাড় কালাম আৰু উদ্ৰক ৰামপুত্ৰৰ খবৰ ল’লে৷ খৱৰ লৈ বুদ্ধই গম পালে যে তেওঁলোক দুজনেই মৃত্যুবৰণ কৰিছে৷ তেওঁলোকৰ ওচৰত যোৱাটো সম্ভৱ নহয় বুলি জানি বুদ্ধই তেওঁৰ লগত থকা পাঁচজন ব্ৰাহ্মণ সন্তানক বিচাৰিব ধৰিলে৷

          সাধাৰণ মেধাসম্পন্ন মানুহেই এই কথা উপলব্ধি কৰিবলৈ সক্ষম হ’ব যে – যদি বুদ্ধ ‘বেদ’ বিৰোধী হ’ল হয় বা ‘ব্ৰাহ্মণ’ বিদ্বেষী হ’ল হয় তেনেহ’লে তেওঁ তেওঁৰ নতুন জ্ঞানৰ কথাবোৰ আলোচনাৰ বাবে তথা নতুন ধৰ্ম সম্পৰ্কে আলোচনাৰ বাবে বা তেওঁৰ ধৰ্ম প্ৰদানৰ বাবে ব্ৰাহ্মণসকলৰ ওচৰত নগ’লহেঁতেন৷ ব্ৰাহ্মণৰ বাহিৰতো তেতিয়া বহুতো অব্ৰাহ্মণ পণ্ডিত ব্যক্তি আছিল, তথাপি বুদ্ধই প্ৰথম ব্ৰাহ্মণসকলক লৈ তেওঁৰ উদ্দেশ্যৰ পিনে অগ্ৰসৰ হ’বলৈ বিচাৰিছিল৷ এই কথাটোৱে প্ৰমাণ কৰে যে ব্ৰাহ্মণসকলৰ লগত বা বেদৰ লগত বুদ্ধৰ সামান্য দৰ্শনগত পাৰ্থক্য থাকিলেও বিৰোধ কেতিয়াও নাছিল৷

বৌদ্ধ ধৰ্ম জাগৰণত বৈদিক ব্ৰাহ্মণসকলৰ যোগদান
Image: Powershift

          ঋষিপত্তনত আহি বুদ্ধই তেওঁ বিচাৰি ফুৰা পাঁচজন ব্ৰাহ্মণক বিচাৰি পালে৷ এই পাঁচজন ব্ৰাহ্মণে বুদ্ধৰ শিষ্যত্ব গ্ৰহণ কৰিছিল৷ বুদ্ধই বাৰে বাৰে তেখেতৰ শিষ্যসকলক কৈছিল – ‘সকলো কথা যাতে যুক্তি আৰু জ্ঞানেৰে বিচাৰ-বিবেচনা কৰি গ্ৰহণ কৰে৷’ বুদ্ধৰ পাঁচজন শিষ্যৰ লগত বুদ্ধৰ বহুত কথোপকথন হ’ল৷ বুদ্ধৰ কথা ভালদৰে বুজি নোপোৱালৈকে বুদ্ধই শিষ্যসকলৰ লগত কথাবোৰ আলোচনা কৰি থাকিল৷

          এই আলোচনাৰ সময়ত পঞ্চ ভিক্ষুৰ মাজত প্ৰথমতে বুদ্ধৰ উপদেশৰ মৰ্মকথা উপলব্ধি কৰিছিল কৌণ্ডিল্য নামৰ ভিক্ষুজনে৷ কৌণ্ডিল্যই প্ৰথম বুদ্ধৰ আদৃত ভিক্ষু তথা শিষ্য৷ ইয়াৰ কেইদিনমান পিছত বুদ্ধৰ উপদেশ বুজি পাই দুজন শিষ্য অশ্বজিৎ আৰু মহানামে বুদ্ধৰ শিষ্যত্ব গ্ৰহণ কৰে৷ এই তিনি শিষ্য যেতিয়া ভিক্ষা কৰিবলৈ যায় তেতিয়া বুদ্ধৰ লগত আৰু দুজন শিষ্যৰ ধৰ্মৰ আলোচনা চলে৷ মাজে সময়ে এই দুই শিষ্য বপ্ৰ আৰু ভদ্ৰিয়ৰ লগত বুদ্ধৰ তৰ্ক-বিতৰ্কও হয়৷

বুদ্ধই পৰম ধৈৰ্য আৰু কৰুণাৰ মাজেৰে দুই শিষ্যক ধৰ্মৰ প্ৰতিটো কথা ব্যাখ্যা কৰি বুজাই থাকে৷ অৱশেষত বুদ্ধৰ সকলো কথাৰ মমাৰ্থ উপলব্ধি কৰি শেষত দুই শিষ্য বপ্ৰ আৰু ভদ্ৰিয়ই বুদ্ধৰ শিষ্যত্ব গ্ৰহণ কৰে৷ এই পঞ্চ শিষ্যক লৈ আৰম্ভ হয় বুদ্ধৰ ধৰ্মচক্ৰৰ৷

বুদ্ধৰ নৱধৰ্মৰ প্ৰতি আস্থা ৰাখি এই পঞ্চ ভিক্ষুৰ দীক্ষা প্ৰদানৰ কাৰ্যক কোৱা হয় ধৰ্মচক্ৰৰ প্ৰৱৰ্তন৷ সেয়েহে আমি দেখিবলৈ পাওঁ যে, বৌদ্ধধৰ্মৰ প্ৰথম প্ৰচাৰৰ মুহূৰ্তৰে পৰা আৰু ভগৱান বুদ্ধৰ ধৰ্ম আন্দোলনৰ প্ৰথম পদক্ষেপৰে পৰা বৈদিক ব্ৰাহ্মণসকলৰ যোগদানে বৌদ্ধধৰ্ম আন্দোলনক গতি প্ৰদান কৰিছিল৷

বৌদ্ধ ধৰ্ম জাগৰণত বৈদিক ব্ৰাহ্মণসকলৰ যোগদান
Image: Powershift

          পৰৱৰ্তী সময়ত অসংখ্য বৈদিক ব্ৰাহ্মণ সন্তান বৌদ্ধ সংঘত যোগদান কৰিছিল আৰু বৌদ্ধ ৰূপে, বুদ্ধৰ ধৰ্ম আন্দোলনক আগুৱাই লৈ গৈছে৷ বৌদ্ধধৰ্মৰ সকলো স্তৰৰ মানুহ বৌদ্ধ সংঘত যোগদান কৰিছিল৷ সকলোৰে মিলিত প্ৰচেষ্টাত বৌদ্ধ আন্দোলনে অগ্ৰগতি লাভ কৰিছিল৷

বৌদ্ধধৰ্মত অব্ৰাহ্মণসকলৰ যোগদান স্বাভাৱিক আছিল কিন্তু ব্ৰাহ্মণসকলেও যে বৌদ্ধ আন্দোলনত যোগদান কৰি মহাশ্ৰাবক-মহাথেৰ আৰু প্ৰসিদ্ধ উপাধিপ্ৰাপ্ত হৈছিল এই কথা বহুতেই হয়তো মনত নাৰাখে৷ ভগৱান বুদ্ধৰ আশীজন মহাশ্ৰাবকৰ ভিতৰত বহুতেই আছিল বৈদিক ব্ৰাহ্মণৰ সন্তান৷ বুদ্ধৰ প্ৰথম অগ্ৰশ্ৰাবক ‘সাৰিপুত্ৰ’ আছিল ব্ৰাহ্মণ সন্তান৷ বুদ্ধৰ সময়ত বৌদ্ধ সংঘত তেওঁ প্ৰজ্ঞাবানসকলৰ মাজত শ্ৰেষ্ঠ বুলি বিবেচিত হৈছিল৷

বুদ্ধৰ দ্বিতীয় অগ্ৰশ্ৰাবক ‘মৌদগল্যায়ণ’ আছিল ব্ৰাহ্মণ সন্তান, তেওঁ ঋদ্ধি শক্তিত শ্ৰেষ্ঠ আছিল৷ ‘উৰুবেলা কাশ্যপ’ মহাপৰিষদ লাভীসকলৰ মাজত শ্ৰেষ্ঠ আছিল৷ ‘কৌণ্ডিন্য’ প্ৰাচীনসকলৰ মাজত শ্ৰেষ্ঠ আছিল৷ বুদ্ধৰ তৃতীয় মহাশ্ৰাবক ‘মহাকাশ্যপ’ ধুতাঙ্গজীৱিসকলৰ মাজত শ্ৰেষ্ঠ আছিল৷ মহাশ্ৰাবক পিণ্ডোল ভৰদ্বাজ, বিখ্যাত ধৰ্মভানক পুন্ন মন্তানীপুত্ত, অৰণ্যক ভিক্ষু ৰেবত খদিৰবনিয়, বক্‌লি থেৰ, কুণ্ডধান থেৰ, উপসেন, পিলিন্দ-বচ্চ থেৰ, মহাকোট্‌ঠিত থেৰ ইত্যাদি প্ৰত্যেকেই আছিল ব্ৰাহ্মণ সন্তান৷

এনেকৈ অসংখ্য ব্ৰাহ্মণ সন্তানৰ বৌদ্ধ আন্দোলনত যোগদানৰ কথা বৌদ্ধ ইতিহাসত লিপিবদ্ধ হৈ আছে৷ বুদ্ধৰ সময়ৰ পৰাই এই প্ৰক্ৰিয়া অত্যন্ত সবল আছিল, পৰৱৰ্তী সময়ত এই প্ৰৱণতা অধিক বৃদ্ধি পায়৷ অশ্বঘোষ, নাগাজুৰ্ন, চন্দ্ৰকীৰ্তি, বসুবন্ধু, আৰ্য অসংগ, দিৎনাগ, চন্দ্ৰগোমিন ইত্যাদি অসংখ্য ব্ৰাহ্মণ সন্তানে বৌদ্ধধৰ্ম, সাহিত্য আৰু বৌদ্ধ ইতিসাহত উজ্জ্বল হৈ আছে৷

          অন্যান্য সকলোকে ভগৱান বুদ্ধই যেনেদৰে তৃষ্ণামুক্ত হ’বলৈ উপদেশ দিছিল, ব্ৰাহ্মণসকলকো তেওঁ তৃষ্ণা মুক্ত হ’বলৈ কৈছিল৷ ‘ব্ৰাহ্মণ’ শব্দটোৰ প্ৰতি ভগৱান বুদ্ধৰ বিশেষ অভিমত আছিল; সেই কথা তেওঁৰ বাক্যৰ পৰা আমি অনুভৱ কৰিবলৈ সক্ষম হওঁ৷ ভগৱান বুদ্ধই ব্ৰাহ্মণসকলক সদায় মঙ্গলজনক কাম কৰিবলৈ উপদেশ দি গৈছে৷ ব্ৰাহ্মণ শব্দটোৰ প্ৰতি ভগৱান বুদ্ধৰ বিশেষ ধাৰণা আছিল৷

বৌদ্ধ ধৰ্ম জাগৰণত বৈদিক ব্ৰাহ্মণসকলৰ যোগদান
Image: Powershift

ব্ৰাহ্মণ শব্দটো তেওঁ উচ্চ গুণসম্পন্ন বিশেষ শব্দ বুলি অনুভৱ কৰিছিল৷ বৌদ্ধ পৰিয়ালত জন্মগ্ৰহণ কৰিলেই যেনেকে কোনোবাই বৌদ্ধ হৈ নাযায়, বৌদ্ধ হ’বলৈ হ’লে শীল পালন কৰিব লাগে, অহিংসা পথত গমন কৰিব লাগে, ঠিক তেনেকৈ বুদ্ধই কৈছিল – ‘‘জাতিৰ দ্বাৰা কিম্বা ব্ৰাহ্মণীৰ গৰ্ভত জন্মগ্ৰহণ কৰাৰ কাৰণেই মই কাকো ব্ৰাহ্মণ বুলি স্বীকাৰ নকৰোঁ৷ যিসকল নিষ্কলুষ, অনাসক্ত, মই তেওঁকেই ব্ৰাহ্মণ বুলি কওঁ৷’’ ব্ৰাহ্মণ সম্পৰ্কে ভগৱান বুদ্ধই অতি উচ্চ ধাৰণা পোষণ কৰিছিল৷ ব্ৰাহ্মণ সম্পৰ্কে তেওঁ কৈছে –

                * যিয়ে সৰ্বসংযোজনচ্চিন্ন কৰি, ভয়মুক্ত হৈছে, সেই অনাসক্ত, বন্ধনমুক্ত ব্যক্তিক মই ব্ৰাহ্মণ কওঁ৷

                * যাৰ ইপাৰো নাই, সিপাৰো নাই, তেওঁৰ উভয় পাৰেই নাই৷ সেই ভয়হীন আৰু অনাসক্ত পুৰুষক, মই ব্ৰাহ্মণ বুলি কওঁ৷

                * যি ধ্যায়ী, বিৰজ, স্থিত, সম্পন্ন কৰ্তব্য, অনাস্ৰব আৰু অৰ্হতপ্ৰাপ্ত, মই তেওঁক ব্ৰাহ্মণ বুলি কওঁ৷

                * যি ক্ৰোধ, তৃষ্ণা আৰু অনুশয়সহ মিথ্যাদৃষ্টিসমূহ উচ্চিন্ন কৰি অবিদ্যা আৱৰণ ধ্বংস কৰিছে, সেই সত্যোপলব্ধ ব্যক্তিক মই ব্ৰাহ্মণ কওঁ৷

                * যি বিৰুদ্ধবাদীসকলৰ ভিতৰত সমন্বয় সম্বন্ধভাবাপন্ন, দণ্ডধাৰীৰ মাজত শান্ত, আসক্তসকলৰ মাজত অনাসক্ত তেওঁকেই মই ব্ৰাহ্মণ বুলি কওঁ৷

বৌদ্ধ ধৰ্ম জাগৰণত বৈদিক ব্ৰাহ্মণসকলৰ যোগদান
Photo by Suraphat Nuea-on on Pexels.com

          এনেকুৱা অসংখ্য মন্তব্য ভগৱান বুদ্ধই ব্ৰাহ্মণ বুজাবলৈ কৰিছে, ব্ৰাহ্মণৰ তাৎপৰ্য মানুহক অৱগত কৰিছে৷ বৌদ্ধ ধৰ্ম জাগৰণত বৈদিক ব্ৰাহ্মণ সন্তানসকলৰ অৱদানৰ বিষয়ে ভগবান বুদ্ধ অৱগত আছিল৷ সেইকাৰণে আদৰ্শ ব্ৰাহ্মণ হোৱাৰ গুণাৱলীৰ বিষয়ে ভগৱান বুদ্ধই উপদেশ প্ৰদান কৰিছে ৷

বুদ্ধৰ সময়ৰ পৰা আজিলৈকে বৌদ্ধধৰ্মৰ প্ৰতি ব্ৰাহ্মণ সন্তানসকলৰ নিষ্ঠা, বৌদ্ধ সাহিত্যত ব্ৰাহ্মণ সন্তানসকলৰ অৱদানৰ বিষয়ে লিখিবৰ হ’লে সুকীয়া সুকীয়াকৈ বহুকেইখন কিতাপ প্ৰণয়নৰ প্ৰয়োজন হ’ব৷

বৰ্তমান সময়ত আমি বাস্তৱভাৱে এটা বস্তু প্ৰত্যক্ষ কৰোঁ, কিছুমান লোকে [তাৰে ভিতৰত কিছুমান লোকে নিজকে বৌদ্ধ বুলিও পৰিচয় দিয়ে] প্ৰকৃত বুদ্ধ শিক্ষাৰ প্ৰচাৰ নকৰি, বুদ্ধৰ উপদেশবোৰ প্ৰচাৰ কৰাৰ পৰিৱৰ্তে, বৌদ্ধধৰ্মৰ অৱলম্বনত বা বৌদ্ধ প্ৰসঙ্গত, ব্ৰাহ্মণ্য ধৰ্মৰ সমালোচনা আৰু বিবাদবাদী কথা-বতৰাৰ অৱতাৰণা কৰে, আলোচনা কৰে৷ তেওঁলোকে বুদ্ধৰ শিক্ষা প্ৰচাৰতকৈ আনৰ সমালোচনাত মুখৰ হৈ থাকে৷

বৰ্তমানে ‘ইউটিউব’ প্ৰচাৰৰ মাধ্যমে বহুতেই বৌদ্ধধৰ্মক হাথিয়াৰ কৰি, অন্যধৰ্ম সম্পৰ্কে বৃথা বাক্য ব্যয় কৰি থাকে, নিন্দা কৰি থাকে৷ এই কাৰ্য ‘সদ্ধম’ বা বৌদ্ধধৰ্মৰ বাবে অত্যন্ত ক্ষতিকাৰক৷ নিজৰ স্বাৰ্থ চৰিতাৰ্থ কৰাৰ বাবে তেওঁলোকে বৌদ্ধধৰ্মৰ ক্ষতি কৰিবলৈ অগ্ৰসৰ হয় বা দ্বিধা নকৰে৷ বহুত ক্ষেত্ৰত অজ্ঞতাৰ বাবেও এইধৰণৰ আচৰণ পৰিলক্ষিত হয়, আকৌ পৰিকল্পিতভাবেও সংগঠিত ৰূপত কিছুমানে এই কৰ্মত লিপ্ত৷ যিটো বৌদ্ধধৰ্মৰ পৰিপন্থী তথা বৌদ্ধধৰ্মক নাশ কৰাৰ অন্যতম এটা অকুশল কৰ্ম৷

buddha hand statue
Photo by Tenzing Kalsang on Pexels.com

ভগৱান বুদ্ধৰ সময়ত এই বিষয়ত সাৱধানবাণী শুনোৱা হৈছিল:

                    ‘‘তমেব বাচং ভাসেয্য যাস’ত্তানং ন তাপযে

                    পৰে চ ন বিহিং সেয্য যা বে বাচ্ছা সুভামিতা’ত্ৰি৷’’

          যি বাক্যত নিজে অনুতপ্ত হ’ব নালাগে আৰু আনৰ মাজতো বিবাদ ইত্যাদি অশান্তিৰ সৃষ্টি নহয়, তেনেকুৱা বাক্যই কোৱা উচিত৷ সেয়াই সুভাসিত বাক্য৷ যিজনে বৃথা বাক্য প্ৰয়োগ কৰে তেওঁ অধৰ্মবাদী৷ অধৰ্মবাদী সৎধৰ্ম অন্তৰ্ধানৰ কাৰণ হয়৷

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Editor

Editor

Related Posts

Legal profession takes a heavier toll on Female Advocates
Opinion

Legal profession takes a heavier toll on Female Advocates

by Pradakshina Sarmah
August 18, 2026
0

Legal profession takes a heavier toll on Female Advocates Pradakshina Sarmah The Legal profession has long been associated with prestige...

Read moreDetails
Supreme Court Stands Firm Against Wealthy Silencing Media!

India’s Judicial Transparency In the path of Transition

August 15, 2026
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

August 13, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
অসমৰ বানপানী আৰু গৰাখহনীয়া

অসমৰ বানপানী আৰু গৰাখহনীয়া

August 12, 2026
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Understanding the Value Chain of Ecological Restoration

Understanding the Value Chain of Ecological Restoration

August 18, 2026
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

August 18, 2026
How the Education System Trains You for the Rat Race: The Truth No One Talks About

How the Education System Trains You for the Rat Race: The Truth No One Talks About

August 18, 2026
Afghan women2

Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

August 18, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39811 shares
    Share 15924 Tweet 9953
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18659 shares
    Share 7464 Tweet 4665
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3806 shares
    Share 1522 Tweet 952
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    289 shares
    Share 116 Tweet 72
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4188 shares
    Share 1675 Tweet 1047
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    140 shares
    Share 56 Tweet 35
  • FREEDOM FIGHTERS OF ASSAM

    5109 shares
    Share 2044 Tweet 1277
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    109 shares
    Share 44 Tweet 27
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    97 shares
    Share 39 Tweet 24
  • অসমত বানৰ অকল্পনীয় ধ্বংসলীলা

    94 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d