–দিলীপ দৈমাৰী |
(১) নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া ( এন.এইচ.এ.আই)ৰ অধীনত বৰ্তমান ৰাষ্ট্ৰীয় পথ আছে ১,৩২,৪৯৯ কিলোমিটাৰ আৰু ইয়াৰে পৰাই ২০২২-২০২৫ আৰ্থিক চনৰ ভিতৰত মুঠ ২৬৭০০ কিলোমিটাৰ পথ, অৰ্থাৎ ২২% ৰাষ্ট্ৰীয় পথ মাত্ৰ ১,৬০,০০০ কোটি টকাৰ বিনিময়ত কৰ্পোৰেটৰ হাতত তুলি দিয়া হ’ব।
(২) ভাৰতীয় ৰেলৰ অধীনত আছে ৭৩২৫ টা ৰেল ষ্টেচন, ৬৭৯৫৬ কিলোমিটাৰ ৰুটলেংথৰ বাবে মুঠ ১২৬৩৬৬ কিলোমিটাৰ ৰেলপথ, ১৩১৬৯ খন যাত্ৰীবাহী ৰেলগাড়ী, ১২৪৬ টা গুডচ্ শ্বেড, ৫ টা হিলচ্ ৰেলৱেজ্, বহুকেইখন ষ্টেডিয়াম, ৰেলৱে কলোনী, আৰু পূৱ-পশ্চিম ৰেলৱেজৰ অধীনত ২৮৪৩ কিলোমিটাৰ কেৱলমাত্ৰ মাল পৰিবহণৰ বাবে ফ্লেট কৰিডৰ। এই বিপুল সম্পদৰ পৰা ইতিপূৰ্বে উল্লেখিত ২০২২-২০২৫ বিত্তীয় বৰ্ষত কৰ্পোৰেটৰ হাতত তুলি দিয়া হ’ব ৪০০ টা ৰেল ষ্টেচন, ৯০ খন যাত্ৰীবাহী ৰেলগাড়ী, এটা ৰুটৰ ১৪০০ কিলোমিটাৰ ৰেলপথ, কোঙ্কন ৰেলৱেৰ ৭৪১ কিলোমিটাৰ ৰেলপথ, ১৫ খন ৰেলৱে ষ্টেচন, কেইবাটাও নিৰ্দিষ্ট ৰেলৱে কলোনী, ২৬৫ টা ৰেলৱেজ গুডচ্ শ্বেড, ৪ টা হিলচ্ ৰেলৱেজ। এই বিশাল সম্পদৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে ১৫২৪৯৬ কোটি টকা।
(৩) এয়াৰপোৰ্ট অথৰিটি অৱ ইন্ডিয়াৰ মালিকানাধীন ১৩৭ টা বিমানবন্দৰৰ মাজৰ পৰা উল্লেখিত বিত্তীয় বৰ্ষৰ বাবে ২৫ টা বিমানবন্দৰ চিহ্নিত কৰা হৈছে। ইয়াৰে ভিতৰত আছে বাৰাণসী, চেন্নাই, নাগপুৰ, ভুৱনেশ্বৰ আদিৰ লগতে উদয়পুৰ, দেৰাদুন, ইন্দোৰ, ৰাঁচী, কোম্বাইটুৰ, যোধপুৰ, বৰোদা, পাটনা, বিজয়ৱাৰা, তিৰুপতি আদিৰ দৰে বিমানবন্দৰ। এইবোৰ কৰ্পোৰেটৰ হাতত তুলি দি মোডী চৰকাৰে লাভ কৰিব ২০৭৮২ কোটি টকা।
(৪) উল্লেখিত সময়ৰ ভিতৰতে ‘পাৱাৰ ট্ৰেন্সমিশ্যন লাইন’ পুঁজিপতিৰ হাতত তুলি দি ৪৫২০০ কোটি টকা মোডী চৰকাৰে উপাৰ্জন কৰাৰো পৰিকল্পনা কৰিছে। এই পৰ্যন্ত ৰাষ্ট্ৰীয় পাৱাৰগ্ৰীড কৰ্পোৰেশ্যনৰ মালিকানাধীন সম্পদৰ পৰিমাণ হ’ল ৪৪৪৭৩৮ MVA ট্ৰেন্সফৰ্মেশ্যন ক্ষমতাসম্পন্ন ২৬২ টা বৃহদাকাৰ চাব-ষ্টেচন আৰু ১৭১৯৫০ কিলোমিটাৰ ‘পাৱাৰ ট্ৰেন্সমিশ্যন লাইন’। ইয়াৰে ২৮৬০৮ চাৰ্কিট কিলোমিটাৰ লাইনসহ সংশ্লিষ্ট চাব-ষ্টেচনবোৰ বেচৰকাৰী খন্ডক সমৰ্পণ কৰাৰ বাবে মোডী চৰকাৰে চিহ্নিত কৰিছে।
(৫) ৰাজহুৱা সম্পত্তি NTPC( নেশ্যনেল থাৰ্মেল পাৱাৰ কৰ্পোৰেশ্যন) আৰু এন.টি.পি.চি.ৰ ‘জয়েন্ট ভেন্সাৰ’ তথা ‘চাবচিডিয়াৰি’ৰ হাতত আছে ৪৯১২ MW আৰু অইন এক ৰাজহুৱা প্ৰতিস্থান NHPCৰ হাতত আছে ৭০৭১ MW ক্ষমতাসম্পন্ন হাইড্ৰো, উইন্ড তথা চোলাৰ পাৱাৰ উৎপাদন ক্ষমতা। ইয়াৰে পৰা ৬ GW বা ৬০০০ MW বিদ্যুৎ উৎপাদন ক্ষমতা মোডী চৰকাৰে ৩৯৮৩২ কোটি টকাৰ বিনিময়ত ব্যক্তিগত খন্ডৰ হাতত তুলি দিবলৈ চিহ্নিত কৰিছে।
(৬) GSI ( জিওলজিকেল চাৰ্ভে অৱ ইন্ডিয়া)ৰ তৰফৰ পৰা ২০২০ চনৰ ১ এপ্ৰিলত দিয়া হিচাব অনুযায়ী ভাৰতৰ ভূ-পৃষ্ঠত ১২০০ কিলোমিটাৰ পৰ্যন্ত সঞ্চিত হৈ থকা মুঠ কয়লা সম্পদৰ পৰিমাণ হ’ল ৩৪৪ বিলিয়ন টন। মোডী চৰকাৰে উল্লেখিত সময়ছোৱাত ১৬০ খন কয়লা ক্ষেত্ৰক ২৮৭৪৭ কোটি টকাৰ বিনিময়ত পুঁজিপতিৰ হাতত তুলি দিবলৈ চিহ্নিত কৰিছে।
(৭) মোডী চৰকাৰে ভাৰতৰ টেলিকম সম্পদকো পুঁজিপতিৰ হাতত উল্লেখিত সময়ছোৱাত তুলি দি উপাৰ্জন কৰিবলৈ সাজু হৈছে, আৰু ইয়াৰ পৰিমাণ হ’ল ৩৫১০০ কোটি টকা। বৰ্তমান BSNL আৰু MTNLঅৰ হাতত আছে মুঠ ৬৯০৪৭ টা ‘টেলিকম টাৱাৰ’ আৰু ইয়াৰে ২১%, অৰ্থাৎ ১৪১৯৭ টা ব্যক্তিগত খন্ডৰ হাতত তুলি দিবলৈ চিহ্নিত কৰিছে মোডী চৰকাৰে। একেদৰেই ভাৰতজুৰি মাটিৰ তলত থকা ৫২৫৭০৬ কিলোমিটাৰ ‘ভাৰত-নেট’ অপ্টিকেল ফাইবাৰৰ পৰা ২৮৬০০০ কিলোমিটাৰ তুলি দিয়া হ’ব কৰ্পোৰেটৰ হাতত।
(৮) পেট্ৰোলিয়াম সামগ্ৰী, যেনে পেট্ৰ’ল, ডিজেল, এল-পি-জি আদি পৰিৱহণৰ বাবে ৰাজহুৱা প্ৰতিস্থান ইন্ডিয়ান অইল কৰ্পোৰেশ্যন, হিন্দুস্থান পেট্ৰ’লিয়াম কৰ্পোৰেশ্যন, গেছ অথৰিটি অৱ ইন্ডিয়াৰ মালিকানাধীন ১৪০৬৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৪৫ টা প্ৰডাক্ট পাইপলাইন আৰু ৩৩৬৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৬ টা পাইপলাইন, অৰ্থাৎ মুঠ ১৭৪৩২ কিলোমিটাৰ পাইপলাইনৰ পৰা ৩৯৩০ কিলোমিটাৰ পেট্ৰোলিয়াম প্ৰডাক্ট পাইপলাইন একেদৰে ব্যক্তিগত খন্ডৰ হাতত তুলি দি মোডী চৰকাৰে উপাৰ্জন কৰিব ২২৩০৩ কোটি টকা।
(৯) প্ৰতিদিনে ৪০০ নিযুত ষ্টেন্ডাৰ্ড কিউবিক মিটাৰ প্ৰাকৃতিক গেছ ভাৰতৰ বিভিন্ন প্ৰান্তলৈ পৰিৱহণ কৰিবলৈ ৰাজহুৱা ক্ষেত্ৰৰ গেছ পাইপলাইন আছে ১৬৯০০ কিলোমিটাৰ; আকৌ ১৮৩৬৩ কিলোমিটাৰ গেছ পাইপলাইন বহুওৱাৰ কাম চলি আছে। আগন্তুক ৩ বছৰৰ পৰা ৫ বছৰৰ ভিতৰত গেছ পাইপলাইনৰ দৈৰ্ঘ্য হৈ পৰিব মুঠ ৩৫২৬৩ কিলোমিটাৰ। ইয়াৰে ৮১৫৪ কিলোমিটাৰ পাইপলাইন ব্যক্তিগত খন্ডৰ হাতত তুলি দি মোডী চৰকাৰে উপাৰ্জন কৰিব ২৪৪৬২ কোটি টকা।
(১০) ভাৰতৰ সমুদ্ৰ উপকুলৰ ৭৫০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভিতৰত আছে ১২ টা বৃহৎ বন্দৰ, ২০০+ সৰু বন্দৰ, আৰু এইবোৰৰ মুঠ ‘হেন্ডলিং কেপাচিটি’ হ’ল বছৰি ১৫৩৫ নিযুত টন। মোডী চৰকাৰে সিদ্ধান্ত লৈছে যে ১২৮২৮ কোটি টকাৰ বিনিময়ত ব্যক্তিগত খন্ডৰ হাতত তুলি দিয়া হ’ব ৯ টা বৃহৎ বন্দৰৰ ৩১ টা প্ৰজেক্ট।
(১১) ‘ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া’ আৰু ‘চেন্ট্ৰেল ৱেৰহাউচিং কৰ্পোৰেশ্যন’ৰ মালিকানাধীন ২১০ লাখ টন সামগ্ৰী গুদামত সংৰক্ষণ কৰাৰ ক্ষমতা আছে। এই ক্ষমতা সম্পদৰ ৩৯% সম্পদ ২৮৯০০ কোটি টকাৰ বিনিময়ত ব্যক্তিগত খন্ডৰ হাতত তুলি দিবলৈ চিহ্নিত কৰিছে মোডী চৰকাৰে।
(১২) ৰাজহুৱা ক্ষেত্ৰৰ ৰিয়েল ইষ্টেট, হোটেল, দিল্লীৰ ৭ টা চৰকাৰী হাউচিং কলোনি আৰু ইন্ডিয়ান টুৰিজিম কৰ্পোৰেশ্যনৰ ৮ খনকৈ হোটেল নামমাত্ৰ মূল্যৰ বিনিময়ত ব্যক্তিগত খন্ডৰ হাতত তুলি দিবলৈ চিহ্নিত কৰিছে মোডী চৰকাৰে।
(১৩) জৱাহৰলাল নেহৰু ষ্টেডিয়াম আৰু স্পোৰ্টচ্ অথৰিটি অফ ইণ্ডিয়াৰ সম্পদ হিচাপে বিবেচিত সম্পদৰ উপৰিও SAI( Sports Authority of India)ৰ বাঙ্গালোৰ তথা জিকিৰপুৰত থকা দুটা আঞ্চলিক কেন্দ্ৰকো মোডী চৰকাৰে এৰা নাই। এইবোৰ কৰ্পোৰেটৰ হাতত তুলি দিবলৈ চিহ্নিত কৰিছে মোডী চৰকাৰে ১১৪৫০ কোটি টকাৰ বিনিময়ত।