• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Nature

ব্যস্ততাৰ ধামখুমীয়াত চৰাই পৰ্যবেক্ষণৰ প্ৰাসংগিকতা

by Editor
July 14, 2024
in Nature, Lifestyle
Reading Time: 3 mins read
0
ব্যস্ততাৰ ধামখুমীয়াত চৰাই পৰ্যবেক্ষণৰ প্ৰাসংগিকতা
Share on FacebookShare on TwitterShare on LinkedIn

ব্যস্ততাৰ ধামখুমীয়াত চৰাই পৰ্যবেক্ষণৰ প্ৰাসংগিকতা

জিজ্ঞাস বৰুৱা

2 min
জিজ্ঞাস বৰুৱা

আমি মানুহবোৰ প্ৰকৃতিৰে অংশ। মানুহ আৰু প্ৰকৃতি দুটা বেলেগ বেলেগ অস্তিত্ব নহয়। প্ৰকৃতিৰ মাজতে মানুহ আছে, মানুহৰ মাজত প্ৰকৃতি।

সময়ৰ লগে লগে, মানুহৰ বুদ্ধিমত্তা বিকাশৰ লগে লগে আমি মানুহবোৰ লাহে লাহে প্ৰকৃতিৰ পৰা আঁতৰি আহি আছোঁ।

প্ৰকৃতিৰ পৰা লাহে লাহে আঁতৰি অহাৰ বাবে আমি পাহৰি গৈছোঁ আমাৰ জীৱনত প্ৰকৃতিৰ অৱদানৰ কথা।

ব্যস্ততাৰ ধামখুমীয়াত চৰাই পৰ্যবেক্ষণৰ প্ৰাসংগিকতা
Image: Powershift
কিন্তু পৃথিৱীৰ জলবায়ুৰ পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতাৰ বৃদ্ধিৰ ফলত পৰিৱেশৰ যিধৰণে পৰিৱৰ্তন হৈছে সি বাৰে বাৰে সোঁৱৰাই আছে যে মানুহ আৰু প্ৰকৃতিৰ যি সম্বন্ধ সেই কথা পাহৰি যোৱাটো অনুচিত। আমি নিজে আৰু আমাৰ নৱপ্ৰজন্মই এই কথা অনুভৱ  কৰাটো নিতান্ত প্রয়োজনীয় যে আমি প্ৰকৃতিৰ অংশ, প্ৰকৃতিক বাদ দি মানুহ চলিব নোৱাৰে।

প্ৰকৃতিক অনুভৱ কৰিবলৈ, প্ৰকৃতিৰ যি অৱদান সেই অৱদানৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ আমি নিজকে প্ৰকৃতিৰ লগত

একাত্ম বুলি ভাৱিবলৈ শিকিব লাগিব। প্ৰকৃতিৰ ওচৰ চাপি যাবলৈ, এটা প্ৰাকৃতিক পৰিৱেশ, এটা পৰিৱেশতন্ত্ৰৰ প্ৰয়োজনীয়তা, বন্য জীৱ-জন্তু, গছ-লতা আদিৰ অৱদান আৰু প্ৰয়োজনীয়তাৰ বিষয়ে অনুধাৱন কৰিবলৈ চৰাই পৰ্যবেক্ষণ এটা অতি সহজ আৰু ভাল লগা উপায়।

আমি ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমাৰ আশে-পাশে বিভিন্ন ৰঙ-বিৰঙী, বিভিন্ন আকাৰ আৰু গঠনৰ, বিভিন্ন প্ৰজাতিৰ চৰাই দেখা পাওঁ। তুলনামূলকভাৱে আন জীৱতকৈ ডাঙৰ আৰু সহজে চকুত পৰাৰ বাবে চৰাই চিনি পাবলৈ সহজ। কিছুমান চৰাই আমাৰ নিচেই কাষতে চৰি ফুৰে, কিছুমান ঘৰৰ ওচৰৰ গছ-গছনিত চৰি ফুৰে।

চৰাই চাবৰ বাবে আমি কোনো ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য আদিলৈ যোৱাৰ প্ৰয়োজন নাই। ঘৰতে থাকি অতি সহজে আমি বিভিন্ন প্ৰজাতিৰ চৰাই পৰ্যবেক্ষণ কৰিব পাৰোঁ। ইয়াৰ বাবে কোনো ধৰণৰ দামী সঁজুলিৰো প্ৰয়োজন নাই।

নিতৌ পুৱা- আবেলি ১৫ ৰ পৰা ৩০ মিনিট সময় যদি আমি আমাৰ ঘৰৰ ওচৰে পাজৰে সদায় দেখা চৰাইবোৰ চাওঁ আৰু লিপিবদ্ধ কৰি যাওঁ, তেতিয়া আমি এটা সময়ত দেখা পাম যে আমাৰ ঘৰৰ ওচৰৰ পাজৰে কি কি প্ৰজাতিৰ চৰাই পোৱা যায়।

তাতকৈ অলপ আগবাঢ়ি আমি যদি এই চৰাইবোৰৰ কোনটোৱে কি খাইছে, কোনজোপা গছত বহিছে, বাহ সাজিছে যদি ক’ত সাজিছে, কোন সময়ত কেনেধৰণে মাতিছে এইবোৰ যদি লিপিবদ্ধ কৰি যাওঁ, লিপিবদ্ধ কৰি যোৱা এই টোকাবোৰে আমাক কোনো এখন ঠাইৰ চৰাইৰ ওপৰত এটা সম্যক জ্ঞান দিব।

ভৱিষ্যতে এই টোকাবোৰৰ পৰাই ঠাইখনৰ কেনেধৰণৰ পৰিৱৰ্তন ঘটিছে, পৰিৱৰ্তনবোৰ যোগাত্মক হৈছে নে ঋণাত্মক হৈছে সেই কথা চাব পৰা যাব আৰু ইয়ে ভৱিষ্যতে ঠাইখনৰ বাবে কেনেধৰণে উন্নয়নৰ কাম কৰিলে প্ৰকৃতিক কোনো অনিষ্ট সাধন নকৰাকৈ ঠাইখনৰ কেনেকৈ উন্নতি কৰিব পৰা যাব সেইবিষয়ে এটা আভাষ দিব।

ব্যস্ততাৰ ধামখুমীয়াত চৰাই পৰ্যবেক্ষণৰ প্ৰাসংগিকতা
Image: Powershift

যিহেতু উন্নয়নৰ লগে লগে এখন ঠাইৰ প্ৰাকৃতিক পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পৰাৰ ফলত ঠাইখনৰ জৈৱবৈশিষ্ট্যৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰিছে আৰু জৈৱবৈশিষ্ট্য হ্ৰাস হৈছে, যিয়ে পৰিৱেশতন্ত্ৰৰ সন্তুলিত অৱস্থাটোত ব্যাঘাত জন্মাইছে,ফলত জলবায়ু পৰিৱৰ্তন, গোলকীয় উষ্ণতা বৃদ্ধি আদিৰ দৰে বিভিন্ন প্ৰতিক্ৰিয়া দেখা গৈছে।

চৰাই পৰ্যবেক্ষণৰ ফলত যে কেৱল এখন ঠাইৰহে বিভিন্ন ক্ষেত্ৰত লাভৱান হয় তেনে নহয়। চৰাই পৰ্যবেক্ষণৰ ফলত মানুহ প্ৰকৃতিৰ ওচৰ চাপি যায়, প্ৰকৃতিক অনুভৱ কৰিবলৈ লয় আৰু ই এজন মানুহক মানসিকভাৱে সুস্থ হৈ থকাত যথেষ্ট সহায় কৰে।

ব্যস্ততাৰ ধামখুমীয়াত চৰাই পৰ্যবেক্ষণৰ প্ৰাসংগিকতা
Image: Powershift

পৰিৱেশ আৰু মানুহৰ মানসিক স্বাস্থ্যৰ ওপৰত চলোৱা বিভিন্ন গৱেষণাৰ পৰা এই কথা প্ৰমাণিত হৈছে যে, যিসকল লোক কম বেছি পৰিমানে প্ৰাকৃতিক পৰিৱেশৰ লগত বিভিন্ন ধৰণে জড়িত হৈ থাকে তেওঁলোকৰ মানসিক স্বাস্থ্য কোনোধৰণে প্ৰকৃতিৰ সৈতে জড়িত নোহোৱা লোকসকলতকৈ বেছি উন্নত লগতে তেওঁলোকৰ শাৰীৰিক স্বাস্থ্যও ভাল।

যিহেতু বৰ্তমান সময়ত মানুহে দৈনন্দিন জীৱনত বিভিন্ন কামৰ হেঁচা আৰু চাপৰ মাজেৰে পাৰ কৰে, সেয়েহে শাৰীৰিক আৰু মানসিক স্বাস্থ্য সুস্থ কৰি ৰাখিবলৈ অকণমান সময় প্ৰাকৃতিক পৰিবেশৰ মাজত প্ৰকৃতিৰ লগত কটোৱাৰ বাবে উলিয়াবলৈ চেষ্টা কৰিব লাগে আৰু এই ক্ষেত্ৰত চৰাই পৰ্যবেক্ষণ এটা অতি ভাল উপায়।

ব্যস্ততাৰ ধামখুমীয়াত চৰাই পৰ্যবেক্ষণৰ প্ৰাসংগিকতা
Image: Powershift

নৱপ্ৰজন্মক সৰুৰে পৰাই প্ৰকৃতিৰ অৱদানৰ বিষয়ে, প্ৰকৃতিৰ সৈতে একাত্ম হ’বলৈ, প্ৰকৃতিক অনিষ্ট কৰা যিকোনো কামৰ পৰা আঁতৰত থাকিবলৈ অনুপ্ৰেৰণা দিব লাগে। এই ক্ষেত্ৰত অভিভাৱকসকলে বিশেষকৈ আগভাগ লোৱাটো দৰকাৰ। লগতে নতুন প্ৰজন্মটোক এখন সুস্থ পৃথিৱী গতাই যোৱাটো আমাৰো দায়িত্ব।

সেয়েহে নতুন প্ৰজন্মটোক এই ক্ষেত্ৰত শিক্ষিত কৰি তোলাৰ লগতে প্ৰকৃতিৰ সুৰক্ষা আৰু পৃথিৱীৰ সুস্বাস্থ্যৰ বাবে আমিও আমাৰ কৰণীয়বোৰ কৰিবলৈ সদায় চেষ্টা কৰাটো উচিত।

ব্যস্ততাৰ ধামখুমীয়াত চৰাই পৰ্যবেক্ষণৰ প্ৰাসংগিকতা
Image: Powershift

জিজ্ঞাস বৰুৱা, আঞ্চলিক বন বিষয়া, পৰিৱেশ আৰু বন বিভাগ, অসম চৰকাৰ

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Editor

Editor

Related Posts

The fountain of youth
Lifestyle

The fountain of youth

by Angshuman Dutta
July 7, 2026
0

The fountain of youth Angshuman Dutta Do you want to get older? I am sure we all want to hold...

Read moreDetails
Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

June 30, 2026
Millets: Rediscovering the Super Food!

Millets: Rediscovering the Super Food!

June 30, 2026
Badimalika: Journey to the Mystical Green Meadows of Far-West Nepal

Badimalika: Journey to the Mystical Green Meadows of Far-West Nepal

June 29, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 26, 2026
Sea Levels Rise: Will the movie ‘Waterworld’ become a reality soon?

Vanishing Shores, Shifting Borders: The Global Warming Reshaping India, Bangladesh, and Assam

June 18, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026
From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

July 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37480 shares
    Share 14992 Tweet 9370
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    16979 shares
    Share 6792 Tweet 4245
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2214 shares
    Share 886 Tweet 554
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    328 shares
    Share 131 Tweet 82
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    143 shares
    Share 57 Tweet 36
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6748 shares
    Share 2699 Tweet 1687
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3937 shares
    Share 1575 Tweet 984
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d