ব্যস্ততাৰ ধামখুমীয়াত চৰাই পৰ্যবেক্ষণৰ প্ৰাসংগিকতা
জিজ্ঞাস বৰুৱা

আমি মানুহবোৰ প্ৰকৃতিৰে অংশ। মানুহ আৰু প্ৰকৃতি দুটা বেলেগ বেলেগ অস্তিত্ব নহয়। প্ৰকৃতিৰ মাজতে মানুহ আছে, মানুহৰ মাজত প্ৰকৃতি।
সময়ৰ লগে লগে, মানুহৰ বুদ্ধিমত্তা বিকাশৰ লগে লগে আমি মানুহবোৰ লাহে লাহে প্ৰকৃতিৰ পৰা আঁতৰি আহি আছোঁ।
প্ৰকৃতিৰ পৰা লাহে লাহে আঁতৰি অহাৰ বাবে আমি পাহৰি গৈছোঁ আমাৰ জীৱনত প্ৰকৃতিৰ অৱদানৰ কথা।

কিন্তু পৃথিৱীৰ জলবায়ুৰ পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতাৰ বৃদ্ধিৰ ফলত পৰিৱেশৰ যিধৰণে পৰিৱৰ্তন হৈছে সি বাৰে বাৰে সোঁৱৰাই আছে যে মানুহ আৰু প্ৰকৃতিৰ যি সম্বন্ধ সেই কথা পাহৰি যোৱাটো অনুচিত। আমি নিজে আৰু আমাৰ নৱপ্ৰজন্মই এই কথা অনুভৱ কৰাটো নিতান্ত প্রয়োজনীয় যে আমি প্ৰকৃতিৰ অংশ, প্ৰকৃতিক বাদ দি মানুহ চলিব নোৱাৰে।
প্ৰকৃতিক অনুভৱ কৰিবলৈ, প্ৰকৃতিৰ যি অৱদান সেই অৱদানৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ আমি নিজকে প্ৰকৃতিৰ লগত
একাত্ম বুলি ভাৱিবলৈ শিকিব লাগিব। প্ৰকৃতিৰ ওচৰ চাপি যাবলৈ, এটা প্ৰাকৃতিক পৰিৱেশ, এটা পৰিৱেশতন্ত্ৰৰ প্ৰয়োজনীয়তা, বন্য জীৱ-জন্তু, গছ-লতা আদিৰ অৱদান আৰু প্ৰয়োজনীয়তাৰ বিষয়ে অনুধাৱন কৰিবলৈ চৰাই পৰ্যবেক্ষণ এটা অতি সহজ আৰু ভাল লগা উপায়।
আমি ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমাৰ আশে-পাশে বিভিন্ন ৰঙ-বিৰঙী, বিভিন্ন আকাৰ আৰু গঠনৰ, বিভিন্ন প্ৰজাতিৰ চৰাই দেখা পাওঁ। তুলনামূলকভাৱে আন জীৱতকৈ ডাঙৰ আৰু সহজে চকুত পৰাৰ বাবে চৰাই চিনি পাবলৈ সহজ। কিছুমান চৰাই আমাৰ নিচেই কাষতে চৰি ফুৰে, কিছুমান ঘৰৰ ওচৰৰ গছ-গছনিত চৰি ফুৰে।
চৰাই চাবৰ বাবে আমি কোনো ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য আদিলৈ যোৱাৰ প্ৰয়োজন নাই। ঘৰতে থাকি অতি সহজে আমি বিভিন্ন প্ৰজাতিৰ চৰাই পৰ্যবেক্ষণ কৰিব পাৰোঁ। ইয়াৰ বাবে কোনো ধৰণৰ দামী সঁজুলিৰো প্ৰয়োজন নাই।
নিতৌ পুৱা- আবেলি ১৫ ৰ পৰা ৩০ মিনিট সময় যদি আমি আমাৰ ঘৰৰ ওচৰে পাজৰে সদায় দেখা চৰাইবোৰ চাওঁ আৰু লিপিবদ্ধ কৰি যাওঁ, তেতিয়া আমি এটা সময়ত দেখা পাম যে আমাৰ ঘৰৰ ওচৰৰ পাজৰে কি কি প্ৰজাতিৰ চৰাই পোৱা যায়।
তাতকৈ অলপ আগবাঢ়ি আমি যদি এই চৰাইবোৰৰ কোনটোৱে কি খাইছে, কোনজোপা গছত বহিছে, বাহ সাজিছে যদি ক’ত সাজিছে, কোন সময়ত কেনেধৰণে মাতিছে এইবোৰ যদি লিপিবদ্ধ কৰি যাওঁ, লিপিবদ্ধ কৰি যোৱা এই টোকাবোৰে আমাক কোনো এখন ঠাইৰ চৰাইৰ ওপৰত এটা সম্যক জ্ঞান দিব।
ভৱিষ্যতে এই টোকাবোৰৰ পৰাই ঠাইখনৰ কেনেধৰণৰ পৰিৱৰ্তন ঘটিছে, পৰিৱৰ্তনবোৰ যোগাত্মক হৈছে নে ঋণাত্মক হৈছে সেই কথা চাব পৰা যাব আৰু ইয়ে ভৱিষ্যতে ঠাইখনৰ বাবে কেনেধৰণে উন্নয়নৰ কাম কৰিলে প্ৰকৃতিক কোনো অনিষ্ট সাধন নকৰাকৈ ঠাইখনৰ কেনেকৈ উন্নতি কৰিব পৰা যাব সেইবিষয়ে এটা আভাষ দিব।

যিহেতু উন্নয়নৰ লগে লগে এখন ঠাইৰ প্ৰাকৃতিক পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পৰাৰ ফলত ঠাইখনৰ জৈৱবৈশিষ্ট্যৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰিছে আৰু জৈৱবৈশিষ্ট্য হ্ৰাস হৈছে, যিয়ে পৰিৱেশতন্ত্ৰৰ সন্তুলিত অৱস্থাটোত ব্যাঘাত জন্মাইছে,ফলত জলবায়ু পৰিৱৰ্তন, গোলকীয় উষ্ণতা বৃদ্ধি আদিৰ দৰে বিভিন্ন প্ৰতিক্ৰিয়া দেখা গৈছে।
চৰাই পৰ্যবেক্ষণৰ ফলত যে কেৱল এখন ঠাইৰহে বিভিন্ন ক্ষেত্ৰত লাভৱান হয় তেনে নহয়। চৰাই পৰ্যবেক্ষণৰ ফলত মানুহ প্ৰকৃতিৰ ওচৰ চাপি যায়, প্ৰকৃতিক অনুভৱ কৰিবলৈ লয় আৰু ই এজন মানুহক মানসিকভাৱে সুস্থ হৈ থকাত যথেষ্ট সহায় কৰে।

পৰিৱেশ আৰু মানুহৰ মানসিক স্বাস্থ্যৰ ওপৰত চলোৱা বিভিন্ন গৱেষণাৰ পৰা এই কথা প্ৰমাণিত হৈছে যে, যিসকল লোক কম বেছি পৰিমানে প্ৰাকৃতিক পৰিৱেশৰ লগত বিভিন্ন ধৰণে জড়িত হৈ থাকে তেওঁলোকৰ মানসিক স্বাস্থ্য কোনোধৰণে প্ৰকৃতিৰ সৈতে জড়িত নোহোৱা লোকসকলতকৈ বেছি উন্নত লগতে তেওঁলোকৰ শাৰীৰিক স্বাস্থ্যও ভাল।
যিহেতু বৰ্তমান সময়ত মানুহে দৈনন্দিন জীৱনত বিভিন্ন কামৰ হেঁচা আৰু চাপৰ মাজেৰে পাৰ কৰে, সেয়েহে শাৰীৰিক আৰু মানসিক স্বাস্থ্য সুস্থ কৰি ৰাখিবলৈ অকণমান সময় প্ৰাকৃতিক পৰিবেশৰ মাজত প্ৰকৃতিৰ লগত কটোৱাৰ বাবে উলিয়াবলৈ চেষ্টা কৰিব লাগে আৰু এই ক্ষেত্ৰত চৰাই পৰ্যবেক্ষণ এটা অতি ভাল উপায়।

নৱপ্ৰজন্মক সৰুৰে পৰাই প্ৰকৃতিৰ অৱদানৰ বিষয়ে, প্ৰকৃতিৰ সৈতে একাত্ম হ’বলৈ, প্ৰকৃতিক অনিষ্ট কৰা যিকোনো কামৰ পৰা আঁতৰত থাকিবলৈ অনুপ্ৰেৰণা দিব লাগে। এই ক্ষেত্ৰত অভিভাৱকসকলে বিশেষকৈ আগভাগ লোৱাটো দৰকাৰ। লগতে নতুন প্ৰজন্মটোক এখন সুস্থ পৃথিৱী গতাই যোৱাটো আমাৰো দায়িত্ব।
সেয়েহে নতুন প্ৰজন্মটোক এই ক্ষেত্ৰত শিক্ষিত কৰি তোলাৰ লগতে প্ৰকৃতিৰ সুৰক্ষা আৰু পৃথিৱীৰ সুস্বাস্থ্যৰ বাবে আমিও আমাৰ কৰণীয়বোৰ কৰিবলৈ সদায় চেষ্টা কৰাটো উচিত।

জিজ্ঞাস বৰুৱা, আঞ্চলিক বন বিষয়া, পৰিৱেশ আৰু বন বিভাগ, অসম চৰকাৰ
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.