• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, September 9, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Opinion

ব্যৱসায় প্রশমন বিভাগ !

ASSAMESE Section/ Opinion

by Sanjeev Kumar Nath
April 4, 2026
in Opinion, Education, Politics
Reading Time: 3 mins read
0
ব্যৱসায় প্রশমন বিভাগ !
Share on FacebookShare on TwitterShare on LinkedIn

ব্যৱসায় প্রশমন বিভাগ !

সঞ্জীৱ কুমাৰ নাথ

Sanjeev Nath
সঞ্জীৱ কুমাৰ নাথ

(এজন বেপাৰীৰ পাপ-পুণ্য সমান আছিল, গতিকে মৃত্যুৰ পিছত তেওঁৰ স্থান স্বর্গত হ’ব নে নৰকত হ’ব তাক লৈ বিধাতা বিপদত পৰিল। তেওঁক কোৱা হ’ল যে “তোমাৰ পাপ আৰু পুণ্য যিহেতু সমান, আমি তোমাক স্বর্গলৈ পঠাম নে নৰকলৈ পঠাম ঠিক কৰিব পৰা নাই। তুমিয়েই কোৱাচোন তুমি ক’ত থাকিব বিচাৰা?” বেপাৰীৰ উত্তৰ : “স্বর্গ আৰু নৰকলৈ বুলি বাটটো যি ঠাইত ফাটি তিনি আলিৰ সৃষ্টি হৈছে, তাতে মোক এখন দোকান দিবলৈ সুবিধা কৰি দিয়ক”।)

ব্যৱসায় প্রশমন বিভাগ
এজন বেপাৰীৰ পাপ-পুণ্য সমান আছিল, গতিকে মৃত্যুৰ পিছত তেওঁৰ স্থান স্বর্গত হ’ব নে নৰকত……

এখন বিশ্ববিদ্যালয়ৰ আলহী ঘৰত এৰাতি থাকি পুৱা অকলে ওলাই গ’লো খোজ কাঢ়িবলৈ বুলি। দুফালে গছৰ শাৰী থকা ধুনীয়া অকোৱা পকোৱা বাট বোৰেৰে গৈ থাকোতে বিশ্ববিদ্যালয়খনৰ বিভিন্ন বিভাগবোৰ চকুত পৰিছে। ফলকবোৰ পঢ়ি গৈছোঁ। এঠাইত দূৰৰ পৰা দেখিলোঁ “ব্যৱসায় প্রশমন বিভাগ”। আচৰিত হৈ ভালদৰে আকৌ চালো। নাই, “ব্যৱসায় প্রশমন বিভাগ” নহয়; মোৰ ভুল হৈছিল। চশমাজোৰো পিন্ধি থকা নাছিলোঁ। ওচৰৰ পৰা ভালদৰে চাই দেখিলোঁ যে “ব্যৱসায় প্রশমন বিভাগ” নহয়, “ব্যৱসায় প্রশাসন বিভাগ”হে, অর্থাৎ বিজনেছ এডমিনিষ্ট্রেশন ডিপাৰর্টমেন্ট।

কিন্তু ৰাতিপুৱা মোৰ মনটোৰ বেগ কিছু বেছি থাকে বাবে মই কৰা ভুলটোৱে মোৰ লগ নেৰিলে। প্রাত:ভ্রমণৰ সমষ্ট বাট চোৱাত সেই কথাটোৱেই মোক আমনি দি থাকিল—যে সঁচাকৈ এটা “ব্যৱসায় প্রশমন বিভাগ”ৰো বিশেষ প্রয়োজন আছিল। ব্যৱসায় প্রশমন বিভাগ—এনে এটা বিভাগ যি আমাৰ উঠি অহা ডেকা-গাভৰু হঁতক শিকাব পাৰিব যে ব্যৱসায় বৃত্তিটো সকলোতে খটুৱাব নালাগে, যে বহু ক্ষেত্রত ব্যৱসায় বৃত্তিটো প্রশমন কৰিব লাগে, নিয়ন্ত্রণ কৰিব লাগে, শান্ত, নিস্তেজ কৰিব লাগে।

ব্যৱসায়-বাণিজ্যত কিনা-বেচা হয়। এজনে বেচে, আনজনে কিনে। বিক্রেতা বা ব্যৱসায়ীজনে নিজৰ লাভৰ বাবে বেচে, গতিকে তেওঁ যিটো বস্তু ক্রেতাক দিয়ে তেওঁৰ বাবে সেইটোতকৈ তেওঁ তাৰ ঠাইত ক্রেতাৰ পৰা পোৱা ধন বেছি মূল্যবান। ক্রেতাৰ আকৌ সেই বস্তুৰ প্রয়োজন থকা বাবে তেওঁ ধন খৰছ কৰি তাক কিনে। বেচা-কিনা, বেচা-কিনা, বেচা-কিনা মানেই ব্যৱসায়।

ব্যৱসায়ীয়ে ব্যৱসায় কৰে লাভৰ বাবে। নৈতিকতা মানি ব্যৱসায় কৰিব পাৰি; বহুতো ব্যৱসায়ীয়ে নৈতিক ভাবেই ব্যৱসায় কৰে। লাভ বিচাৰে যদিও তেওঁলোকে কাকো ঠগিব নিবিচাৰে। কিন্তু আজিৰ ভোগবাদী, ধনতান্ত্রিক সমাজত অনৈতিক উপায়েৰে বেছি লাভ কৰিব বিচৰা ব্যৱসায়ীৰ সংখ্যা বহু বেছি।


সৌ সিদিনা বিদেশী চকলেট কোম্পানী এটাই নিজৰ বিজ্ঞাপনত দেখুৱা উচ্চমানৰ চকলেট উৎপাদনৰ প্রক্রিয়া আৰু তেওঁলোকৰ চকলেট উৎপাদনৰ প্রকৃত প্রক্রিয়াৰ মাজত আকাশ-পাতাল পার্থক্য আছে বুলি মানি লবলৈ বাধ্য হৈছে। বিজ্ঞাপনে কয় অতি উচ্চমানৰ চকলেটৰ কথা, আৰু ৰাইজে উচ্চমানৰ চকলেটৰ দাম দি খাই আছে নিকৃষ্ট মানৰ চকলেট।

আমাৰ বহুতে আকৌ বিদেশী কোম্পানী বোৰৰ বস্তু বৰ ভাল বুলি ভাবে, বিদেশী বেপাৰীবোৰ আটাইবোৰ যুধিষ্ঠিৰৰ অৱতাৰ বুলি ভাবে, কিন্তু ব্যৱসায়ী ব্যৱসায়ীয়েই।

ব্যৱসায় প্রশমন বিভাগ
সঁচাকৈ এটা “ব্যৱসায় প্রশমন বিভাগ”ৰো বিশেষ প্রয়োজন আছিল।

বর্ণসংকৰ বীজৰ অতি বৃহৎ কোম্পানীয়ে নিজৰ ব্যৱসায় এনেদৰে বিশ্বজুৰি বঢ়াইছে যে প্রাচীন কালৰে পৰা থকা থলুৱা শষ্য, উপকাৰী তৰু-তৃণৰ অস্তিত্ব সংকটাপন্ন হৈ পৰিছে। জিনেটিকেলি মডিফাইড শষ্য, পাচলি মানুহৰ শৰীৰৰ বাবে ক্ষতিকাৰক হ’ব পাৰে, কিন্তু আমেৰিকা হেন দেশতো বৃহৎ বীজ কোম্পানীয়ে তেনে শষ্য, পাচলিৰ বীজেৰে বজাৰ দখল কৰি পেলাইছে।

বহু দশক ধৰি আমেৰিকাত বিনা বিচাৰে কোনো বন্দুকধাৰীয়ে কৰা গুলি-চালনাত শিক্ষানুষ্ঠান, শ্বপিং মল আদিত বহু মানুহে প্রাণ হেৰুৱাইছে, কিন্তু বেছ সহজে যি কোনোৱে বন্দুক ক্রয় কৰিব পৰা তেওঁলোকৰ ব্যৱস্থাৰ বিশেষ সালসলনি হোৱা নাই কাৰণ বন্দুক যিমানে বিক্রী হয়, সেই ব্যৱসায়ত জড়িত সকলৰ সিমানে লাভ হয়।


আমাৰ দেশীয় ব্যৱসায়ীসকলো কম নহয়। বজাৰৰ পৰা কিনা পাচলি, মিঠাই, গাখীৰ, মাছ সকলোতে ব্যৱসায়ীয়ে বেছি লাভৰ আশাত নিষিদ্ধ ৰসায়নিক পদার্থ ব্যৱহাৰ কৰাৰ বাতৰি ওলায়েই থাকে। ৰাজনৈতিক নেতা আৰু ব্যৱসায়ীৰ মধুৰ সম্পর্কৰ কথা কোনে নাজানে?

বাবাজী ৰূপধাৰী ব্যৱসায়ীয়ে ভুৱা, ভুল প্রচাৰ কৰে, নেতাসকলো এনে বেপাৰীৰ প্রচাৰক হৈ পৰে, আৰু মানুহে “মিৰাকল মেডিচিন” বুলি তেওঁৰ ঔষধ কিনে। উচ্চতম ন্যায়ালয়ে ক’ব লগীয়া হয় যে ভ্রান্তিমূলক প্রচাৰ নকৰিবা। বিদেশত দেশৰ বদনাম কৰা ভাৰতীয় ব্যৱসায়ীয়ে ভাৰতত ৰাজ-আতিথ্য পায়। চৰকাৰৰ আশীর্বাদপুষ্ট বৰ বৰ বেপাৰীয়ে কৰে বৃহৎ ব্যৱসায়, বেঙ্কৰ পৰা কোটি কোটি টকাৰ ধাৰ লৈ ঘূৰাই দিয়াৰ নাম নলয়। (সাধাৰণ মানুহ এজনে সৰু ধাৰ এটা লৈ বেঙ্কক ঘূৰাই নিদিয়কচোন, কি হয় চাব।)

“সঁচাকৈ এটা “ব্যৱসায় প্রশমন বিভাগ”ৰো বিশেষ প্রয়োজন আছিল। ব্যৱসায় প্রশমন বিভাগ—এনে এটা বিভাগ যি আমাৰ উঠি অহা ডেকা-গাভৰু হঁতক শিকাব পাৰিব যে ব্যৱসায় বৃত্তিটো সকলোতে খটুৱাব নালাগে, যে বহু ক্ষেত্রত ব্যৱসায় বৃত্তিটো প্রশমন কৰিব লাগে, নিয়ন্ত্রণ কৰিব লাগে, শান্ত, নিস্তেজ কৰিব লাগে।”


আটাইতকৈ ভয়ানক কথাটো হ’ল যে আজি অনৈতিক ব্যৱসায় সর্বব্যাপী হৈ পৰিছে। য’ত ব্যৱসায়ৰ অৱকাশেই থাকিব নালাগিছিল, তাতো হয় অনৈতিক ব্যৱসায়। ব্যৱসায়ৰ সৈতে কোনো সম্বন্ধ নথকা এটা পেছা বা জীৱিকাতো অনৈতিক ব্যৱসায় সোমাই তাক চিনিব নোৱৰা কৰি পেলাইছে। আঁহতৰ বীজ পৰি যিদৰে এজোপা গছত প্রথমে আঁহতৰ সৰু পুলি এটা ওলায় আৰু লাহে লাহে ডাঙৰ হৈ সি মূল গছজোপাকে গ্রাস কৰি পেলায় ঠিক সেইদৰে অনৈতিক ব্যৱসায়ে শিক্ষা, ৰাজনীতি, চিকিৎসা-
বিজ্ঞান, শাসন-ব্যৱস্থা সকলোকে গ্রাস কৰি পেলাইছে। সেইবাবে “ব্যৱসায় প্রশমন”ৰ প্রয়োজন আছিল।

ব্যৱসায় প্রশমন বিভাগ


মহামান্য ন্যায়াধীশ, উচ্চ ন্যায়াধীশ একোজনো হেনো কেতিয়াবা লোভী, অনৈতিক ব্যৱসায়ী হয়। অৱসৰৰ পিছত চৰকাৰী সা-সুবিধা পাবলৈ, সংসদ ভৱনত গপছত বহি থকাৰ সুবিধা পাবলৈ, চৰকাৰৰ সৈতে হেনো দৰ-দাম কৰে; চৰকাৰে ভাল পোৱা ৰায়দান দি নিজৰ ভৱিষ্যত “মধুৰ” কৰে—অৱসৰৰ পিছতো একেই অহংকাৰ, গর্ব, প্রতাপেৰে থাকিব পৰা ব্যৱস্থা কৰি লয়।

বিজ্ঞানৰ নামত, চিকিৎসাৰ নামত হোৱা ব্যৱসায়ৰ লেখ-জোখ নাই। বিজ্ঞানী এজনৰ গৱেষণাত ভৱিষ্যতৰ ব্যৱসায়ৰ সম্ভাৱনা দেখা পালে ধনী কোম্পানী একোটাই তেওঁৰ গৱেষণা, আৰু তেওঁক কিনি ল’ব বিচাৰে। কোৱা যায় যে জিনেটিকছৰ ক্ষেত্রত গৱেষণাৰ অগ্রগতি হোৱা দেখি অতি ধনী, বহুজাগতিক কোম্পানী কিছুমানে ভৱিষ্যতৰ লাভৰ লোভত সেই গৱেষণা ক্ষেত্রত প্রবেশ কৰি টনা-আঁজোৰা আৰম্ভ কৰাৰ কাৰণে জিনেটিকছৰ গৱেষণাৰ ক্ষতি হ’ল। এতিয়া এপিজিনেতিকছৰ
গৱেষণাৰ ক্ষেত্রখন প্রচুৰ সম্ভাৱনাময় হৈ পৰিছে হেনো, কিন্তু পুনৰ সেই ভয় আছে—লুভীয়া বহুজাগতিক কোম্পানীবোৰে মাজত সোমাই গণ্ডগোল কৰিব নেকি?

বৰ বৰ নেতাই ব্যৱসায় কৰে। ৰাইজক কয় যে “চোৱা, তোমালোকক অমুক দিছোঁ, তমুক দিছোঁ। আনে দিয়া নাছিল। আমি দিছোঁ। গতিকে আমাক ভোট দিবা। আমি ৰাজপাট খাম আৰু তোমালোকে বিনামূলীয়া বা সস্তীয়া চাউলৰ ভাত খাবা”। বিনামূলীয়া চাউল বা সস্তীয়া চাউল বা ধন ক’ৰ পৰা দিছে তেওঁলোকে? ৰাইজৰ পৰা কোঢ়োনাৰে চপোৱা ধনৰ এটা ক্ষুদ্র অংশ ৰাইজকে দি কয় যে “আমি দিছোঁ”।

প্রাচীন সামন্তবাদী সমাজ আৰু আধুনিক গণতন্ত্রৰ মাজৰ পার্থক্য নজনা এজাক বুর্বক মানুহে হাত জোৰ কৰি চাউল, ধন লৈ নিজকে কৃতার্থ মানিছে। কিন্তু ৰাইজৰ ধন ৰাইজক দি নেতাই কি কৰিছে? ব্যৱসায় কৰিছে। ধন লোৱা, অমুক লোৱা, তমুক লোৱা, আৰু ভোট দিয়া। ব্যৱসায়ীয়ে যিদৰে কয় যে এইটো সামগ্রী লোৱা আৰু ইমান ধন দিয়া, নেতাইও কয় যে এইবোৰ সা-সুবিধা লাগে যদি ভোট দিয়া।

ব্যৱসায় প্রশমন বিভাগ

নেতা আৰু ব্যৱসায়ীৰ মাজত পার্থক্য কি? অনৈতিক ব্যৱসায়ীয়ে যিদৰে ক্রেতাক ঠগিব খোজে সেইদৰে ভোটাৰ ৰাইজক ঠগিব খোজা ৰাজনৈতিক নেতা আৰু অনৈতিক ব্যৱসায়ীৰ মাজত পার্থক্য কি?

আমি আজি এই ব্যৱসায়-সর্বস্ব ব্যৱস্থাত ইমানেই অভ্যস্ত হৈ পৰিলোঁ যে উঠি অহা চামে প্রায় ধৰিয়েই লৈছে যে সকলো পেছাতে ব্যৱসায় থাকিবই। অন্তত: তেওঁলোক যাতে বিপথে পৰিচালিত নহয়, যাতে তেওঁলোকে বুজি পায় যে সকলো ক্ষেত্রতে ব্যৱসায় ঠিক নহয়, তাৰ বাবে এটা ব্যৱসায় প্রশমন বিভাগত তেওঁলোকৰ প্রশিক্ষণৰ প্রয়োজন আছিল।

বুঢ়া শালিকাক মাত লোৱাব নোৱাৰিলেও পোৱালি শালিকাক মাত ল’বলৈ শিকাব পাৰি। ব্যৱসায় কর্মত নিয়োজিত নোহোৱা স্বত্তেও ব্যৱসায়- বৃত্তি যিসকলৰ মজ্জাগত হৈ পৰিছে তেওঁলোকৰ পৰিবর্তন অসম্ভৱ, কিন্তু উঠি অহা ল’ৰা-ছোৱালী, ডেকা-গাভৰুহঁতক যদি বুজাব পৰা গ’ল হেঁতেন যে বহু ক্ষেত্রত ব্যৱসায় বঢ়োৱাৰ সলনি ব্যৱসায়-বৃত্তিৰ প্রশমনৰ হে প্রয়োজন।

(Sanjeev Kumar Nath, sanjeevnath21@gmail.com)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Sanjeev Kumar Nath

Sanjeev Kumar Nath

Related Posts

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy
Opinion

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

by Kakali Das
September 9, 2026
0

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy KAKALI DAS Is India’s economy in...

Read moreDetails
Soliloquy of a Song: The birth of Buku hom hom kore…

ভূপেন হাজৰিকা: মই বিধানসভাৰ সদস্য কিয় হৈছিলো ?

September 6, 2026
The Role of a Teacher in a Student’s Life

The Role of a Teacher in a Student’s Life

September 5, 2026
shallow focus of letter paper

When Words Had a Journey: Letters in a Digital Age

September 4, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

কামতাপুৰ আন্দোলন

September 3, 2026
silhouette of four person with flag of united states background

CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

September 3, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

September 9, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

September 9, 2026
Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

September 7, 2026
Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

What ‘natural’ calamities in 2026 indicate about Climate Change

September 7, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40643 shares
    Share 16257 Tweet 10161
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18912 shares
    Share 7565 Tweet 4728
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4039 shares
    Share 1616 Tweet 1010
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    951 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    152 shares
    Share 61 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4087 shares
    Share 1635 Tweet 1022
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    384 shares
    Share 154 Tweet 96
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d