• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, March 14, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature History

ব্ৰহ্মপুত্ৰৰ পাৰৰ হাবুং : ভূগোল, ইতিহাস আৰু বিভ্ৰান্তি

ড০ ৰক্তিম ৰঞ্জন শইকীয়া/ ড০ নুৰুল আমিন

by Anjan Sarma
August 7, 2023
in History, Geography, Opinion
Reading Time: 7 mins read
0
ব্ৰহ্মপুত্ৰৰ পাৰৰ হাবুং : ভূগোল, ইতিহাস আৰু বিভ্ৰান্তি
Share on FacebookShare on TwitterShare on LinkedIn

ব্ৰহ্মপুত্ৰৰ পাৰৰ হাবুং : ভূগোল, ইতিহাস আৰু বিভ্ৰান্তি

ড০ ৰক্তিম ৰঞ্জন শইকীয়া/ড০ নুৰুল আমিন

Raktim Ranjan Saikia
ড০ ৰক্তিম ৰঞ্জন শইকীয়া
Dr Nurul Amin
ড০ নুৰুল আমিন

বুৰঞ্জী অধ্যয়ন কৰোতে কোনো সময়ত বিশেষ বিশেষ প্ৰসংগত উল্লেখিত ঠাই সমূহ বৰ্তমান সময়ত সঠিকভাৱে চিনাক্তকৰণ কৰাতো প্ৰত্যাহ্বান হৈ পৰে। অসমৰ তেনে এখন ঠাই হৈছে ব্ৰহ্মপুত্ৰ পাৰত অৱস্থিত হাবুং।

হাবুং আহোম বুৰঞ্জীত সঘনাই উল্লেখ হোৱা মধ্যযুগৰ অসমৰ এক উল্লেখনীয় ঠাই। অসমলৈ অহাৰ সময়ত চুকাফা কিছু দিনৰ বাবে হাবুঙত আছিল বুলি বুৰঞ্জীত উল্লেখ আছে।
সেয়েহে চুকাফাৰ অসম আগমনৰ সময়ৰপৰা বুৰঞ্জী সমূহত হাবুঙৰ সঘনাই উল্লেখ পোৱা যায়। কিন্তু হাবুঙৰ বৰ্তমান অৱস্থান লৈ বিতৰ্কৰ শেষ নাই।

বুৰঞ্জীসমূহৰ কিছু পৰস্পৰ বিৰোধী তথ্যই হাবুঙৰ প্ৰকৃত অৱস্থান নিৰ্ণয়ৰ ক্ষেত্ৰত বিধি পঠালি দিয়ে। বৰ্তমানৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাই হাবুঙৰ প্ৰকৃত অৱস্থান বুলি এক শক্তিশালী জনবিশ্বাসে গঢ় লৈ উঠিছে আৰু বহু বিশিষ্ট বুৰঞ্জীবিদে এই জনবিশ্বাসক মান্যতা দিয়ে (দ্ৰষ্টব্যঃ ড০ স্বৰ্ণলতা বৰুৱা, চুতীয়া ৰাজ্যৰ গঠন আৰু বিকাশ, চুতীয়া জাতিৰ বুৰঞ্জী, পৃষ্ঠা ১২৮)।

এই বিশ্বাসৰ ভিত্তি সঠিকভাৱে জনা নগ’লেও মধ্যযুগৰ অসমৰ নদীসমূহৰ সংৰচনাৰপৰা এই মতবাদ সমৰ্থন কৰাত অসুবিধা আছে। বিশেষকৈ অসমত বুৰঞ্জী অধ্যয়নত প্ৰাকৃতিক বিজ্ঞানক এক আহিলা হিচাপে ব্যৱহাৰ কৰাৰ পৰম্পৰাতো এতিয়াও আৰম্ভ নোহোৱাৰ হেতু সঠিক সিদ্ধান্তত উপনীত হোৱাত ব্যৰ্থ হোৱা দেখা যায়।

RelatedPosts

Musk

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

March 10, 2026
Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

March 8, 2026
Intersectionality and the Spectrum of Autonomy !

Intersectionality and the Spectrum of Autonomy !

March 7, 2026

বুৰঞ্জী মতে চুকাফা হাবুঙত তিনি বছৰ আছিল। ‘‘মহাৰাজা হাবুঙ্গত তিনিবছৰ আছিল। তলযোৱা দেখি তাত নাথাকিল। লুইতে ভটীয়াই আহি দিখৌমুখ পালেহি।…’’ (সাতসৰী অসম বুৰঞ্জী, দ্বিতীয়খন বুৰঞ্জী, পৃষ্ঠা ৫৬)।

চুকাফা অসম আগমণৰ পাছত তেওঁৰ গতিবিধি লক্ষ্য কৰিলে দেখা যায় যে প্ৰথমচোৱাত তেওঁ দিহিং নদীৰ আশে পাশেই অতিবাহিত কৰিছিল।

“আমাৰ সিদ্ধান্ত হ’ল হাবুং, লুইত আৰু দিহিঙৰ মাজৰ মাজালিত অৱস্থিত আছিল। মাজুলিৰ উৎপত্তিৰ সময়তে হাবুঙক লুইতে খহাই নিলে। এনে ধৰণৰ ঘটনা বিশেষভাৱে অসমৰ দৰে নদী প্ৰধান, পলসেৰে গঠিত উপত্যকাত পৰিলক্ষিত হয়। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদীসমূহৰ অস্থিৰ প্ৰকৃতিৰ বাবে অসমৰ ভূপ্ৰকৃতি সঘনাই সলনি হৈ থাকে। যাৰফলত বহু বুৰঞ্জী প্ৰসিদ্ধ স্থানৰ এতিয়া চিনমোকাম নাই আৰু বহু স্থান ভুলভাৱে চিনাক্ত হৈছে।”

চুকাফাৰ ভ্ৰমণ পথ বৰ্ণনাত আছে ‘‘দিহিঙে ভটীয়াই আহিলে, তিপাম পালেহি। তাতে তিনি বৎসৰ আছিল। পানী তল যোৱা গতি দেখি তাত নাথাকিলে। তাতে কানপুঙ্গক অধিকাৰ কৈ থ’লে। দিহিঙে ভটীয়াই আহিল, শলগুৰি পালেহি। তাতে পাঁচ বৎসৰ বহিছিল। তাতো হাবি গতি দেখি দিহিঙ্গে ভটিয়াই আহিল, হাবুঙ্গত ৰহিল’’ (সাতসৰী অসম বুৰঞ্জী, দ্বিতীয়খন বুৰঞ্জী, পৃষ্ঠা ৫৫)।

অৰ্থাৎ এই বৰ্ণনা মতে চুকাফা দিহিঙেৰে আহি হাবুঙ পাইছিল। অনুমান কৰিব পাৰি যে হাবুঙৰ অৱস্থিতি আছিল দিহিঙৰ পাৰত।

ব্ৰহ্মপুত্ৰৰ পাৰৰ হাবুং : ভূগোল, ইতিহাস আৰু বিভ্ৰান্তি
চুকাফা

দেওধাই বুৰঞ্জীতো চুকাফা আহি ৰাজ্য পাতিবৰ উপযোগী স্থান বিচাৰি ঘূৰি ফুৰাৰ সময়ৰ বৰ্ণনাত কোৱা হৈছে ‘‘পাচে টিপামৰ গাটি তল যোৱা দেখি বহিব নোৱাৰি বোলে ‘আত থাকিবলৈ ভাল নহয়’ এই বুলি.. ৰজা দিহিঙে ভটিয়াই আহি দিহিং নদীৰ কাষৰত, শলগুৰিত ৰ’লহি। …পাঁচ লাকনি তাতে থাকি… ৰাজা লুইতে ভটিয়াই হাবুঙত ৰ’লহি।… ‘পানীত তলযোৱা মাটি, থাকিবলৈ ভাল নহয়’ এই বুলি চুকাফা ৰাজা লুইতে ভটিয়াই দিখৌমুখ পালেহি। দিখৌমুখে উজাই আহি দিলিহৰ মুখ পালেহি’’ (দেওধাই অসম বুৰঞ্জী, পৃ্ষ্ঠা ৮)। এই বৰ্ণনা মতে কিন্তু চুকাফা লুইতেৰে আহি হাবুঙত উঠিছিল, অৰ্থাৎ হাবুঙৰ অৱস্থিতি লুইতৰ পাৰতহে।

আকৌ পুৰণি অসম বুৰঞ্জীৰ মতে ‘‘নামৰূপৰ পৰা নগায়ে বান্ধি দিয়া কাকভুৰেৰে দিহীং পাৰ হুই উজাই লাখান তেলচা এই দুখন নগাৰ গাঞ্জা মাৰিলে। তাতে খুন্তক অধিকাৰ পাতি থৈ তিপামলৈ আহি লোকজন বশৱৰ্তী কৰি তাতে কাণ্ডণক অধিকাৰ পাতি থৈ দিহীঙ্গলৈ আহিলে। তাতে ৫ বৎসৰ থাকি হাবি গাতি দেখি তাতো নাথাকি লুইতে নাৱে ভটিয়াই আহি বাহুঙ্গত ৩ বৎসৰ থাকি, তল যাই দেখি তাতো নাথাকি দিহীঙ্গৰ মুখলৈ আহি, পানী বাঢ়ি আহিছে হেন দেখি উলটি দিখৌৱে উজাই শিলপানীলৈ আহি তাতো পানী জুখি…’’ (পুৰণি অসম বুৰঞ্জী, পৃষ্ঠা ১৪)। এই বুৰঞ্জী মতেও চুকাফা লুইতেৰে আহি হাবুঙত উঠিছিল। ইয়াতেও লুইতৰ পাৰতহে হাবুঙৰ অৱস্থিতিৰ কথা কোৱা হৈছে।

ব্ৰহ্মপুত্ৰৰ পাৰৰ হাবুং : ভূগোল, ইতিহাস আৰু বিভ্ৰান্তি
দিহিঙ

অন্য এক বুৰঞ্জী মতে ত্যাওখামতি ৰজাৰ সৰু কুঁৱৰীক সগৰ্ভা অৱস্থাত দিহিং নদীত উটাই দিয়া হৈছিল। বুৰঞ্জীয়ে কয় ‘‘সগৰ্ভা দেখি নকটাকৈ ৰাখি ভূৰত তুলি সেই কুঁৱৰীক দিহিঙ্গ নদী উটাই দিলে। উটি গৈ হাবুং পালে…’’ (হৰকান্ত সদৰামিনৰ অসম বুৰঞ্জী, পৃষ্ঠা ১৬)। এই তথ্য মতে হাবুং আছিল দিহিঙৰ পাৰত।

ওপৰত বৰ্ণনা কৰা বুৰঞ্জীসমূহত চুকাফা হাবুঙলৈ আহোতে দিহিঙেৰে আহিছিল নে লুইতেৰে আহিছিল সেইটো স্পষ্ট নহয়। কিন্তু ভৌগোলিক দৃষ্টিকোণৰপৰা টিপামৰপৰা নামনিলৈ আহিবলৈ দিহিঙেৰেহে আহিব লাগিব। কাৰণ লুইত সেই ঠাইৰপৰা যথেষ্ট দূৰত। কিন্তু দিহিঙৰ পাৰত ‘৫ বৎসৰ’ থাকি হঠাতে ‘লুইতে ভটিয়াই’ হাবুং পোৱা ঘটনাৰ ক্ষেত্ৰত দিহিং আৰু লুইত সমাৰ্থক হিচাপেহে ব্যৱহাৰ হৈছে যেন লাগে।

কাৰণ পাচমুহূৰ্ততে লিখকে পুনৰ দিহিঙেদি ভটিয়াই দিহিংমুখ পৰ্যন্ত যোৱাৰ উল্লেখ কৰিছে। দেওধাই বুৰঞ্জীৰে অন্তৰ্গত ‘‘বাঁহগৰীয়া বুঢ়াগোহাঁইৰ বুৰঞ্জী“ত আছে ‘‘পাছে তিপামৰ পৰা দিহিঙে ভটীয়াই আহি দিখৌমুখ পাই উজাই দিহিংমুখ পালেহি’’ (দেওধাই অসম বুৰঞ্জী, পৃষ্ঠা ৯৯)। এইক্ষেত্ৰতো দিহিং আৰু লুইত সমাৰ্থক হিচাপেহে ব্যৱহাৰ হৈছে যেন লাগে। তেতিয়ালৈকে আহোমসকলে লুইত দেখাই নাছিল।

“চুকাফাই মূলতঃ দিহিং নদীৰ সুঁতি ধৰিয়েই বিভিন্ন ঠাইত ঘূৰি ফুৰিছিল। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে হাবুং আছিল বুলি আমি ধৰি লওঁ তেন্তে মানচিত্ৰ খন চালেই ধৰিব পাৰি যে দিহিং নদীৰ সোঁতেৰে হাবুঙত ওলাবলৈ কোনো পথ নাই। তেনে হ’বলৈ হ’লে খাচ কছাৰী ৰাজ্যৰ মাজেৰে লখৌৱেদি ব্ৰহ্মপুত্ৰ ওলাই পুনৰ ব্ৰহ্মপুত্ৰইদি উজাই ভূঞাৰাজ্য আৰু চুতীয়া ৰাজ্যৰ মাজেদি যাব লাগিব। বুৰঞ্জীত তেনে কোনো তথ্য পোৱা নাযায়। তেনেহ’লে হাবুঙৰ অৱস্থিতি ক’ত?”

সেইসময়ত আহোমসকলে দিহিঙৰ উপনদী দিখৌ পৰ্যন্ত অঞ্চলটো পৰ্যন্তহে জানিছিল। লুইতখনৰ বিষয়ে অহুকাণে পহুকাণে শুনি বুৰঞ্জী লেখকে দিহিং লুইত সমাৰ্থক কৰি পেলালে যেন ভাৱ হয়। চুকাফা হাবুঙলৈ আহোতে দিহিং নৈৰ বুকুৰেহে আহিছিল।

এতিয়া অহা যাওক হাবুঙৰ অৱস্থিতিৰ বিষয়ে। বৰ্তমানৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাই হাবুঙৰ প্ৰকৃত অৱস্থান বুলি যি এক জনবিশ্বাসে আছে সেয়া ভৌগোলিক দৃষ্টিত সমৰ্থনযোগ্য নহয়। ত্যাওখামতি ৰজাৰ সৰু কুঁৱৰী তথা চুডাংফা বামুণীকোঁৱৰৰ মাতৃক সগৰ্ভা অৱস্থাত দিহিং নদীত উটাই দিয়া হৈছিল। বুৰঞ্জীয়ে কয় ‘‘সগৰ্ভা দেখি নকটাকৈ ৰাখি ভূৰত তুলি সেই কুঁৱৰীক দিহিঙ্গ নদীত উটাই দিলে। উটি গৈ হাবুং পালে…’’ (হৰকান্ত সদৰামিনৰ অসম বুৰঞ্জী পৃষ্ঠা ১৬)।

হাবুং ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অৱস্থিত হ’লে দিহিঙেদি উটি যোৱা ভূৰ এখন হাবুঙত লগাটো কোনোমতেই সম্ভৱ নহয়।

সেই কথা বুজিবলৈ আমি অন্য এখন বুৰঞ্জীলৈ চাওঁ। এই বৰ্ণনা মতে ‘‘মিচা কথাত ডাঙৰিয়াই সৰু কুয়ৰিক নকটাই বুৰি দিহিঙ্গ নৈ ওচৰতে ভুৰ এখন তেতিক্ষণে সজোয়াই… এনে বুলি দিহিঙ্গত ভূৰ তুলি ভূৰ উটাই দিলে…। ভূৰ উটী গৈ হাবুঙ্গিয়া বামুমৰ ঘাট পোয়াত বামুণ এটাই দিহিঙ্গত গা ধুবলৈ আহোতে…’’ (নাওবৈচা ফুকনৰ অসম বুৰঞ্জী, পৃষ্ঠা- ৩২-৩৩); ইয়াতো স্পষ্টভাৱেই হাবুং দিহিঙৰ পাৰতে বুলি কোৱা হৈছে। কথাখিনি ভালকৈ বুজিবলৈ আমি সেইসময়ৰ নদী সংৰচনাটোলৈ লক্ষ্য কৰা উচিত ।

ব্ৰহ্মপুত্ৰৰ পাৰৰ হাবুং : ভূগোল, ইতিহাস আৰু বিভ্ৰান্তি
ব্ৰহ্মপুত্ৰ

বুৰঞ্জীবিদসকলে তেতিয়াৰ উজনি অসমৰ নদী সংৰচনাটো আজিৰ দৰে বুলি ধৰি লোৱাৰ বাবেই বুৰঞ্জী ব্যাখ্যাত বিভ্ৰান্তি আহিছে। চুকাফাৰ অসম আগমণৰ সময়ত উজনি অসমৰ নদী সংৰচনা আজিৰ দৰে নাছিল। তেতিয়া দিহিং নদী ব্ৰহ্মপুত্ৰৰ সমান্তৰালকৈ বৈ গৈ লখৌত ব্ৰহ্মপুত্ৰত পৰিছিল।

তৃৰ্থ মাটি পানী সজ থল দেখি : বংশক গতি দিবলৈ আনিলেগৈ : আনি হাবুঙ্গতে থৈ বোলে মই চাই ঠিকনাকৈ আহো তহঁতো জিৰাহাক : এই বুলি থৈ গৈ চাই দিহাঙ্গমুখতে থিতকৈ আহিল নিবলৈ’’— গুৰু চৰিত কথা, পৃষ্ঠা ১৫৩

চুকাফাই মূলতঃ দিহিং নদীৰ সুঁতি ধৰিয়েই বিভিন্ন ঠাইত ঘূৰি ফুৰিছিল। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে হাবুং আছিল বুলি আমি ধৰি লওঁ তেন্তে মানচিত্ৰ খন চালেই ধৰিব পাৰি যে দিহিং নদীৰ সোঁতেৰে হাবুঙত ওলাবলৈ কোনো পথ নাই। তেনে হ’বলৈ হ’লে খাচ কছাৰী ৰাজ্যৰ মাজেৰে লখৌৱেদি ব্ৰহ্মপুত্ৰ ওলাই পুনৰ ব্ৰহ্মপুত্ৰইদি উজাই ভূঞাৰাজ্য আৰু চুতীয়া ৰাজ্যৰ মাজেদি যাব লাগিব। বুৰঞ্জীত তেনে কোনো তথ্য পোৱা নাযায়।

তেনেহ’লে হাবুঙৰ অৱস্থিতি ক’ত?

ইতিমধ্যে ভূতাত্বিকভাৱে প্ৰতিষ্ঠিত মধ্যযুগৰ অসমৰ নদীসমূহৰ মানচিত্ৰ খনৰ সহায়ত আৰু চুকাফাৰ ভ্ৰমণৰ বিষয়ে বুৰঞ্জীসমূহত উল্লেখিত তথ্যৰ সহায়ত হাবুঙৰ অৱস্থানৰ বিষয়ে সঠিক ধাৰণা ল’বলৈ যত্ন কৰিব পাৰি। সেই কালত মানচিত্ৰত দেখুওৱা দুইমুনিমুখৰ ওচৰত দিহিঙৰ যিটো ভাঁজ তাতেই দিহিঙৰ উত্তৰপাৰে হাবুঙৰ অৱস্থিতি সম্ভৱপৰ।

সেই ঠাইৰ উত্তৰেৰে লুইত বা ব্ৰহ্মপুত্ৰ বৈ থকা হেতুকে হাবুং লুইতৰো পাৰত অৱস্থিত। অৰ্থাৎ হাবুং দিহিঙৰ উত্তৰে আৰু লুইতৰ দক্ষিণে অৱস্থিত এখন ঠাই আছিল।

ব্ৰহ্মপুত্ৰৰ পাৰৰ হাবুং : ভূগোল, ইতিহাস আৰু বিভ্ৰান্তি

(১৭৫০ চনৰ আগৰ ব্ৰহ্মপুত্ৰত আৰু উপনৈসমূহৰ মানচিত্ৰ। আধাৰ মানচিত্ৰ, J.N. Sarma, আৰু M.K. Phukan, 2004: Origin and some geomorphological changes of majuli Island of the Brahmaputra River in Assam, India, Geomorphology, Volume 60, Issues 1-2 pages 1-19)।

উল্লিখিত মানচিত্ৰ খনক আলম হিচাপে লৈ আমি বুৰঞ্জীসমূহৰ তথ্য ৰাজী বিশ্লেষণ কৰিবলৈ যত্ন কৰিলে হাবুঙৰ ওচৰ চাপিব পাৰিম।

এতিয়া প্ৰশ্ন হয় দিহিঙৰ পাৰৰ প্ৰসিদ্ধ হাবুং ক’ত হেৰাই গ’ল। ইয়াৰ উত্তৰ সহজ। ১৭৫০ চনত ব্ৰহ্মপুত্ৰই গতি সলালে আৰু দিহিঙৰ নামনি অংশ মূল ব্ৰহ্মপুত্ৰ হৈ ব’বলৈ আৰম্ভ কৰিলে (J.N. Sarma, আৰু M.K. Phukan, 2004; Origin and some geomorphological changes of Majuli Island of the Brahmaputra River in Assam, India, Geomorphology, volume 60, Issues 1-2, Pages 1-19)। মাজুলিৰ উৎপত্তি হ’ল।

দিহিঙৰ উত্তৰ পাৰৰ যিটো ভাঁজত হাবুং অৱস্থিত আছিল সেই ভাঁজেদিয়েই বোধহয় ব্ৰহ্মপুত্ৰই গতি সলাইছিল। যাৰ ফলত হাবুঙক চিৰদিনলৈ লুইতে গ্ৰাস কৰিলে। অধ্যাপক ড০ ডম্বৰুধৰ নাথে সঠিক ভাৱেই হাবুঙ মাজুলিত বুলি বক্তব্য ৰাখিছে (Majuli Island, Society, Economy and Culture: page 254), যদিও তেখেতে মাজুলিত হাবুঙৰ অৱস্থিতিৰ ক’ত আছিল তাৰ ব্যাখ্যা আগবঢ়োৱা নাই।

আমাৰ সিদ্ধান্ত হ’ল হাবুং, লুইত আৰু দিহিঙৰ মাজৰ মাজালিত অৱস্থিত আছিল। মাজুলিৰ উৎপত্তিৰ সময়তে হাবুঙক লুইতে খহাই নিলে। এনে ধৰণৰ ঘটনা বিশেষভাৱে অসমৰ দৰে নদী প্ৰধান, পলসেৰে গঠিত উপত্যকাত পৰিলক্ষিত হয়। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদীসমূহৰ অস্থিৰ প্ৰকৃতিৰ বাবে অসমৰ ভূপ্ৰকৃতি সঘনাই সলনি হৈ থাকে। যাৰফলত বহু বুৰঞ্জী প্ৰসিদ্ধ স্থানৰ এতিয়া চিনমোকাম নাই আৰু বহু স্থান ভুলভাৱে চিনাক্ত হৈছে।

“হাবাঙৰ পৰা চিটাগঙ আৰু চিটাগঙৰপৰা ইবনবটুটা ইণ্ডোনেচীয়াৰ এচেহ (Aceh), সুমাত্ৰা, মালয় ভিয়েটনাম হৈ চীনদেশ ওলায়গৈ। চীনদেশৰ পৰা ঘূৰি আহোতেও তেওঁ এচেহ প্ৰদেশৰ ‘‘সমুদ্ৰ পাচাই’’ বংশীয় চুলতানৰ এখন জাহাজত উঠি এচেহ পাইগৈ। এচেহ প্ৰদেশৰপৰা তেওঁ পুনৰ কালিকটলৈ আহে। কালিকটৰপৰাই ইবনবটুটাই মধ্যপ্ৰাচ্য হৈ মৰক্কোলৈ ঘূৰি যায়। এনচাইক্লপেডিয়া বিট্ৰেনিকাৰ অনলাইন সংস্কৰণত ইবনবটুটাৰ ভ্ৰমণপথটোৰ সুন্দৰ মানচিত্ৰ আছে। কিন্তু অসমীয়া পণ্ডিতৰ পণ্ডিতালীৰ কোবাল সোঁতত ‘‘হাবাঙ’’ হ’লগৈ হাবুং আৰু ‘‘নীলানদী’’ (মেঘনা) হ’লগৈ সোৱণশিৰী।”

হাবুঙক ব্ৰহ্মপুত্ৰৰ উত্তৰ ঢকুৱাখনাত অৱস্থিত বুলি আমি ভাবি থকা সাধুটোৰ আৰম্ভণি হয় ৰাজমোহন নাথ ডাঙৰীয়াৰ এটি ভুলৰ পৰা। ৰাজমোহন নাথ ডাঙৰীয়াই তেখেতৰ বহুল পথিত গ্ৰন্থ The background of Assamese Culture গ্ৰন্থত (পৃষ্ঠ ৬৪) ত ইবনবটুটাই চীন ভ্ৰমণ কৰিবলৈ অসমৰ হাবুং ৰাজ্যৰ মাজেদি গৈছিল বুলি কোনো উৎসৱ উল্লেখ নকৰাকৈ লিপিবদ্ধ কৰিছে। তেওঁ সেই হাবুং ৰাজ্যৰো এটি চমু বৰ্ণনা দিছে। সেই বৰ্ণনা পঢ়িলে হাবুঙ অসমৰ দৰে জকাইচুকত নহৈ ৰোমান সাম্ৰাজ্যৰ প্ৰদেশ যেন হে লাগে। ৰাজমোহন নাথৰ সাধুটো ড০ স্বৰ্ণলতা বৰুৱাৰ দৰে বুৰঞ্জীবিদেও বিনাদ্বিধাই গ্ৰহণ কৰাটোহে আচৰিত কথা (চুতীয়া জাতিৰ বুৰঞ্জী, পৃষ্ঠা ১২২)।

ব্ৰহ্মপুত্ৰৰ পাৰৰ হাবুং : ভূগোল, ইতিহাস আৰু বিভ্ৰান্তি
ইবনবটুটা

প্ৰকৃততে হাবুঙটো বাদেই ইবনবটুটাই আজিৰ ভৌগোলিক অসমলৈও অহা নাছিল। ইবনবটুটাৰ ভ্ৰমণ কাহিনী ‘‘আল-ৰিহলা’’ৰ মাবদি হুচেইনে (Mabdi Hussein) ইংৰাজীলৈ অনুবাদ কৰা আৰু বৰোডাৰ মহাৰাজা ছায়াজীৰাও বিশ্ববিদ্যালয়ৰ অৰিয়েণ্টেল ইন্সিটিটিউটে ১৯৫৩ চনত প্ৰকাশ কৰা ‘‘The Rahla of Ibn battuta’’ নামৰ গ্ৰন্থখন আৰু ১৮২৯ চনত লণ্ডণৰ পৰা প্ৰকাশ হোৱা চেমুৱেল লি (Rev. Samuel Lee) নামৰ ব্যক্তিজনে কৰা ইবনবটুটাৰ মূল পাণ্ডুলিপিৰ প্ৰথম ইংৰাজী অনুবাদ “The travels of Ibn Batuta”ক সকলোতকৈ বিশ্বাসযোগ্য বুলি ধৰা হয়।

এই গ্ৰন্থ দুখনৰ মতে ইবনবটুটাৰ চীনযাত্ৰা আৰম্ভ হৈছিল গুজৰাটৰ খাম্বাট বন্দৰৰ পৰা। খাম্বাটৰপৰা ইবনবটুটাই কালিকট আৰু কুইলন বন্দৰৰ ৰৈ মালদ্বীপ পাইগৈ। ইবনবটুটাই মালদ্বীপৰ পৰা জাহাজেৰে বাংলাদেশৰ চিটাগং বন্দৰলৈ আহিছিল। তাৰপৰা ১৩৪৫ চনত শ্বেখ জালালউদ্দিন নামৰ সন্তজনক লগ কৰাৰ কাৰণে ‘‘কামৰু’’ বা অসমৰ অন্তৰ্গত চিলেটত প্ৰবেশ কৰিছিল। ইবনবটুটাই আজিৰ অসম খনৰ ভৌগোলিক সীমাৰ ভিতৰত কেতিয়াও প্ৰবেশ কৰা নাছিল।

ব্ৰহ্মপুত্ৰৰ পাৰৰ হাবুং : ভূগোল, ইতিহাস আৰু বিভ্ৰান্তি
www.britannica.com/biography/Ibn-Battuta

তাৰপাছত তেওঁ পুনৰ চিটাগঙলৈ ঘূৰি যায়। চিলেটৰপৰা চিটাগঙলৈ ঘূৰি যাওঁতে তেওঁ ‘‘নীলানদী’’ৰ (মেঘন) পাৰৰ হাবাং চহৰত সোমাই যায়। হাবাং চহৰ হ’ল চিলেটৰ দক্ষিণে অৱস্থিত বাংলাদেশৰ হবিগঞ্জ জিলাৰ এখন ঠাই। এই ঠাইক এতিয়াও হাবাংটিলা নামে জনা যায়। ‘‘নীলানদী’’ হ’ল মেঘনা। অৱশ্যে এই কথাখিনি আমাৰ নহয়। ইবনবটুটাৰ ভ্ৰমণ পথৰ ওপৰত অনেক গৱেষণা কৰা বিশ্বখ্যাত পণ্ডিসকলৰহে।

“১২২২ চনৰ ভিতৰত ৰত্নধ্বজপালে ন্যায়পালৰ ৰাজ্য দখল কৰি কমতাৰাজ্য সীমালৈকে ৰাজ্য বিস্তাৰ কৰে। উল্লেখযোগ্য যে ৰত্নধ্বজপালৰ চুতীয়া ৰাজ্যখন সেই সময়ৰ পূবভাৰতৰ এখন অতি শক্তিশালী ৰাজ্য আছিল। এক পৰিপক্ব স্তৰীভূত সমাজ ব্যৱস্থা তথা শাসনতন্ত্ৰ বৰ্তি থকা ৰাজ্য এখনৰ মাজ মজিয়াত চুকাফাৰ দৰে নৱাগত, প্ৰায় জনজাতীয় দলপতি এজনে ৩ বছৰ ধৰি ৰাজধানী পাতি ৰাজ্যশাসন কৰাৰ দৰে উদ্ভট চিন্তা ইমান দিনে অসমীয়া ইতিহাসবিদসকলে কৰি আহিছিল। প্ৰকৃততে চুকাফাই ৰত্নধ্বজপালৰ দৰে অতি অতি শক্তিশালী ৰজা এজনৰ সময়তে হাবুঙত ৰাজধানী পাতিবলৈ সক্ষম হোৱাটোৱে হাবুঙক চুতীয়া ৰাজ্যৰ অতি প্ৰান্তীয় অঞ্চল হিচাপেহে চিহ্নিত কৰে। শক্তিশালী চুতীয়া ৰাজ্যৰ কাষতে কোনো যুঁজ বাগৰ নোহোৱাকৈ তিনিতাকৈ বছৰ চুকাফাৰ দৰে নৱাগত এজনে কটাই দিয়ালৈ চাই হাবুঙক ‘‘মাজালি’’ৰো অতি অস্বাস্থ্যকৰ দুৰ্গম ঠাইত অৱস্থিত বুলি গণ্য কৰিব পাৰো।”

হাবাঙৰ পৰা চিটাগঙ আৰু চিটাগঙৰপৰা ইবনবটুটা ইণ্ডোনেচীয়াৰ এচেহ (Aceh), সুমাত্ৰা, মালয় ভিয়েটনাম হৈ চীনদেশ ওলায়গৈ। চীনদেশৰ পৰা ঘূৰি আহোতেও তেওঁ এচেহ প্ৰদেশৰ ‘‘সমুদ্ৰ পাচাই’’ বংশীয় চুলতানৰ এখন জাহাজত উঠি এচেহ পাইগৈ। এচেহ প্ৰদেশৰপৰা তেওঁ পুনৰ কালিকটলৈ আহে। কালিকটৰপৰাই ইবনবটুটাই মধ্যপ্ৰাচ্য হৈ মৰক্কোলৈ ঘূৰি যায়। এনচাইক্লপেডিয়া বিট্ৰেনিকাৰ অনলাইন সংস্কৰণত ইবনবটুটাৰ ভ্ৰমণপথটোৰ সুন্দৰ মানচিত্ৰ আছে। কিন্তু অসমীয়া পণ্ডিতৰ পণ্ডিতালীৰ কোবাল সোঁতত ‘‘হাবাঙ’’ হ’লগৈ হাবুং আৰু ‘‘নীলানদী’’ (মেঘনা) হ’লগৈ সোৱণশিৰী।

চুকাফাৰ অসম আগমণৰ সময়ত ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে ৰাজত্ব কৰিছিল চুতীয়াসকলৰ সকলোতকৈ শক্তিশালী ৰজা ৰত্নধ্বজপালে (১২১০-১২৫০ চন)। ৰত্নধ্বজপালৰ ৰাজ্য ব্ৰহ্মপুত্ৰৰ উত্তৰে দিক্ৰং নদীৰ পূবৰ সমষ্ট ৰাজ্যখণ্ড আছিল। সেইসময়ত দিক্ৰং নদীৰ পশ্চিমে আছিল ভূঞা ৰাজ্য আৰু ন্যায়পাল নামৰ ৰজাজনৰ ৰাজ্য (চুতীয়া জাতিৰ বুৰঞ্জী, মুখ্য সম্পাদক-স্বৰ্ণলতা বৰুৱা, পৃষ্ঠা -১১০-১১১)।

১২২২ চনৰ ভিতৰত ৰত্নধ্বজপালে ন্যায়পালৰ ৰাজ্য দখল কৰি কমতাৰাজ্য সীমালৈকে ৰাজ্য বিস্তাৰ কৰে। উল্লেখযোগ্য যে ৰত্নধ্বজপালৰ চুতীয়া ৰাজ্যখন সেই সময়ৰ পূবভাৰতৰ এখন অতি শক্তিশালী ৰাজ্য আছিল। এক পৰিপক্ব স্তৰীভূত সমাজ ব্যৱস্থা তথা শাসনতন্ত্ৰ বৰ্তি থকা ৰাজ্য এখনৰ মাজ মজিয়াত চুকাফাৰ দৰে নৱাগত, প্ৰায় জনজাতীয় দলপতি এজনে ৩ বছৰ ধৰি ৰাজধানী পাতি ৰাজ্যশাসন কৰাৰ দৰে উদ্ভট চিন্তা ইমান দিনে অসমীয়া ইতিহাসবিদসকলে কৰি আহিছিল।

প্ৰকৃততে চুকাফাই ৰত্নধ্বজপালৰ দৰে অতি অতি শক্তিশালী ৰজা এজনৰ সময়তে হাবুঙত ৰাজধানী পাতিবলৈ সক্ষম হোৱাটোৱে হাবুঙক চুতীয়া ৰাজ্যৰ অতি প্ৰান্তীয় অঞ্চল হিচাপেহে চিহ্নিত কৰে। শক্তিশালী চুতীয়া ৰাজ্যৰ কাষতে কোনো যুঁজ বাগৰ নোহোৱাকৈ তিনিতাকৈ বছৰ চুকাফাৰ দৰে নৱাগত এজনে কটাই দিয়ালৈ চাই হাবুঙক ‘‘মাজালি’’ৰো অতি অস্বাস্থ্যকৰ দুৰ্গম ঠাইত অৱস্থিত বুলি গণ্য কৰিব পাৰো। অস্বাস্থ্যকৰ সঘনাই বানপানীৰ গৰাহত পৰাৰ বাবেই চুকাফাইও অৱশেষত হাবুং ত্যাগ কৰিবলগীয়া হৈছিল।

হাবুং যে কেন্দ্ৰীয় অঞ্চল নহৈ প্ৰান্তীয় অঞ্চলহে আছিল তাৰ আন এক পৰোক্ষ প্ৰমাণ আছে। অসমত ৰাজ্য গঠনৰ ধৰণ ভাৰতৰ বাকী অংশৰ লগত নিমিলিছিল। প্ৰাচীন অসমত মাটিৰ অভাৱ নাছিল। অভাৱ আছিল উন্নত কৃষি পদ্ধতিৰ আৰু জনসংখ্যাৰ। ৰাজ্য গঠনৰ পৰ্যায়লৈ যোৱা কেন্দ্ৰবোৰে শাসনৰ বাহিৰত থকা জনজাতীয় অঞ্চলেবাৰক ৰাজ্যৰ আওতালৈ আনিবলৈ এক অভিনৱ পন্থা লৈছিল।

অসমৰ ৰজাসকলে প্ৰায়ে দুৰ্গম প্ৰত্যন্ত অঞ্চলবোৰত ব্ৰাহ্মণসকলক ভূমি দান কৰিছিল। ৰজাসকলৰ হৈ এই ব্ৰাহ্মণসকলে উন্নত কৃষি পদ্ধতিৰ বিস্তাৰৰ জৰিয়তে ৰাজ্যগঠনৰ পৰা আঁতৰত থকা সীমামুৰীয়া জনজাতীয় অঞ্চলবোৰক ৰাজ্যৰ গঠনৰ আওঁতালৈ আনিবলৈ এক সচেতন প্ৰচেষ্টা চলাইছিল (Processual Model of State Formation and The State in Early Assam)। দুৰ্গম হাবুঙো ইয়াৰ ব্যতিক্ৰম নাছিল।

চুতীয়া ৰজা ধৰ্মনাৰায়ণৰ (১৪২০ চনত ৰাজপাতত উঠে) এখন ১৪২৮ চনৰ এখন ভূমিদানৰ তামৰ ফলি সদিয়া-চাপাখোৱা অঞ্চলত পোৱা গৈছে। হাবুঙৰ শাসনকৰ্তা শ্ৰীবৃহৎপাত্ৰই ৰজা ধৰ্মনাৰায়ণৰ আদেশত ব্ৰাহ্মণ পুৰন্দৰ মিত্ৰক হাবুঙত ৪০০ পুৰা মাটি দান কৰিছে (মহেশ্বৰ নেওগ, সদিয়া-চেপাখোৱা তাম্ৰপত্ৰ ১৩৫০ শক, সংজ্ঞা, দ্বিতীয় সংখ্যা, পৃষ্ঠা ৯১-১০১)। এই তাম্ৰফলিয়ে হাবুং চুতীয়া ৰাজ্যৰ অন্তৰ্গত বুলি নিশ্চিত কৰে।

বুৰঞ্জীয়েও ১৭৫০ চনৰ আগৰ দিহিঙক আহোম আৰু চুতীয়া ৰাজ্যৰ সীমা বুলি চিহ্নিত কৰিছে—‘‘মাজে সীমা উত্তৰফালে চুটীয়া ৰজা দক্ষিণে দিহিঙ্গ ৰাজাৰ ৰাজ্য’’— (সুকুমাৰ মহন্তৰ ঘৰত পোৱা অসম বুৰঞ্জী, পৃষ্ঠা-৮) গতিকে স্বাভাৱিক ভাৱেই দিহিঙৰ পাৰৰ হাবুঙক চুতীয়া ৰাজ্যৰ অন্তৰ্গত হ’ব। চুতীয়া ৰাজ্যৰ মূল কেন্দ্ৰৰপৰা দূৰত অৱস্থিত দুৰ্গম অঞ্চল হেতুকে চুকাফাই ইয়াত সকলোৰে অলক্ষিতে অথবা বুজাবুজিৰ মাজেৰে তিনিটাকৈ বছৰ কটাই দিব পাৰিছিল।

কিন্তু পাছলৈ চুতীয়াসকল ক্ৰমাৎ দুৰ্বল হৈ আহে আৰু আহোমসকল শক্তিশালী হৈ আছে। চুহুংমুং দিহিঙিয়া ৰজাৰ দিনত ১৫১২ চনত আহোমসকলে তেতিয়াৰ দিহিং নদী পাৰ হৈ চুতীয়া ৰাজ্যৰ অন্তৰ্গত মাজালি আগ্ৰাসন আৰম্ভ কৰে আৰু হাবুং আৰু ইয়াৰ কাষৰীয়া পানবাৰী দখল কৰে—‘‘লাকলি ৰাইচিঙ্গা শকত ৰাজাদেও হাবুঙৰ পাণবাৰী ল’লেগৈ’’— (দেওধাই অসম বুৰঞ্জী, পৃষ্ঠা-১৩)।

চুতীয়া ৰাজ্যৰ ভিতৰত দিহিঙিয়া ৰজাৰ হাবুং অভিযানে সেইসময়ৰ চুতীয়া ৰজা ধীৰনাৰায়ণক বিতুষ্ট কৰিলে আৰু ১৫১৩ চনত মাজালিৰ চেৰুৱাকাটা নামৰ ঠাইত অৱস্থিত চুটীয়া কোঠটোৰ পৰা সসৈন্যে দিহিঙেদি উজাই আহি দিখৌমুখত কোঠ মাৰি আহোম ৰাজ্য আক্ৰমণ কৰিলে (মেপ চাওক)। এই খবৰ পাই হাবুঙত কোঠ মাৰি থকা দিহিঙিয়া ৰজাই দিখৌমুখৰ চুতীয়া কোঠ আক্ৰমণ কৰিলে আৰু চুতীয়াসকলক পৰাস্ত কৰিলে।

১৫২০ চনত পুনৰ ধীৰনাৰায়ণে আহোম ৰাজ্য আক্ৰমণ কৰি হেৰোৱা ঠাইবোৰ পুনৰ উদ্ধাৰ কৰিছিল। এই সময়লৈ চুতীয়া ৰাজ্যৰ সীমাত অৱস্থিত হাবুঙে ৰণনৈতিক গুৰুত্ব লাভ কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু ১৫২২ চনত ধীৰনাৰায়ণে জোঁৱায়েক নীতিপালক ইংহাসন গতাই দিয়াৰ পাছতে চুতীয়া ৰাজ্যত আভ্যন্তৰীণ কন্দল আৰম্ভ হয়। ইয়াৰে সুযোগ গ্ৰহণ কৰি দিহিঙিয়া ৰজাই ১৫২৩ চনত পুনৰ চুতীয়া ৰাজ্য আক্ৰমণ কৰি দখল কৰে। ইয়াৰ পাছতে হাবুঙৰ ৰণনৈতিক গুৰুত্ব হ্ৰাস পায়।

বুৰঞ্জীয়ে ঢুকি পোৱাৰ কালৰে পৰা হাবুঙত এখন সুপ্ৰতিষ্ঠিত ব্ৰাহ্মণ সমাজ থকাৰ তথ্য আমি পাওঁ। ১৪২৮ চনত পুৰন্দৰ মিত্ৰক ধৰ্মনাৰায়ণৰ ঊমিদানৰ আগতেও হাবুঙত এখন ব্ৰাহ্মণ সমাজ থকাৰ তথ্য পাওঁ। ১৩৮০ চনত ত্যাওখামতি স্বৰ্গদেৱে সিংহাসন আৰোহণ কৰাৰ সময়তো বৰ্তি থকা হাবুঙৰ ব্ৰাহ্মণ সমাজখনৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিছো।

‘‘গুৰুচৰিত কথা’’টো হাবুঙীয়া ব্ৰাহ্মণ সমাজখনৰ কথা উল্লেখ পোৱা যায়— ‘‘সনাতন আতৈ হাবুঙ্গৰ বামুন ঘোৰাঘাহি’’… (গুৰুচৰিত কথা—পৃষ্ঠা-১৬৯)। ৰাজপৃষ্ঠপোষকতাত এই ব্ৰাহ্মণসকলে এই প্ৰত্যন্ত জনজাতীয় অঞ্চলবোৰত উন্নত পানীখেতি প্ৰৱৰ্তন কৰি এখন স্থায়ী কৃষক সমাজৰ পাতনি তৰিছিল। হাবুঙীয়া ব্ৰাহ্মণসকল বৈষ্ণৱ আছিল। তেওঁলোকে শালগ্ৰামৰূপী বিষ্ণুৰ উপাসনা কৰিছিল।

হাবুঙীয়া ব্ৰাহ্মণৰ ঘৰত ডাঙৰ হৈ পাছত স্বৰ্গদেউ হোৱা চুডাংফাই পালক পিতৃৰ পৰা শালগ্ৰাম এজনা নি প্ৰথমবাৰৰ বাবে আহোম ৰজাৰ চাঙত তোলাৰ কথা হৰকান্ত বৰুৱা সদৰামিনে উল্লেখ কৰিছে (পৃষ্ঠা-১৮)।

উজনি অসমত এতিয়াও হাবুঙীয়া বামুনৰ শক্তিশালী পৰম্পৰাৰ প্ৰচলন আছে। এই হাবুঙীয়া ব্ৰাহ্মণসকলে এতিয়াও নিজকে প্ৰকৃত অসমীয়া ব্ৰাহ্মণ বুলি দাবী কৰে। ব্ৰহ্মপুত্ৰৰ খহনীয়াত হাবুং জাহ যোৱাৰ পাছত এই হাবুঙীয়া ব্ৰাহ্মণসকল উজনিৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ পৰে। হাবুং জাহ গ’ল যদিও হাবুঙীয়া ব্ৰাহ্মণসকলে এই পৰম্পৰা এতিয়াও বহন কৰি আছে।

তথ্যসূত্ৰঃ

১.     তামুলি, লক্ষ্মীনাথ (সম্পাদনা, ২০০৭) : নাওবৈছা ফুকনৰ অসম বুৰঞ্জী, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী-২১।

২.    ভূঞাঁ, ড০ সূৰ্য্যকুমাৰ (সম্পাদনা, ২০০৯) : সাতসৰী অসম বুৰঞ্জী, বাণীমন্দিৰ সংস্কৰণ, হেদায়েৎপুৰ, গুৱাহাটী-৩।

৩.    ভূঞাঁ, ড০ সূৰ্য্যকুমাৰ (সম্পাদনা, ১৯৯০) : হৰকান্ত বৰুৱা সদৰামিনৰ অসম বুৰঞ্জী, বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, অসম চৰকাৰ, গুৱাহাটী, তৃতীয় প্ৰকাশ, ১৯৯০ চন।

৪.    বৰুৱা, ড০ স্বৰ্ণলতা (সম্পাদনা, ২০০৭) : চুতীয়া জাতিৰ বুৰঞ্জী, চুতীয়া জাতিৰ বুৰঞ্জী প্ৰণয়ন সমিতি, সদৌ চুতীয়া জাতি সন্মিলন, অসম।

৫.    ভূঞা, ড০ সূৰ্য্যকুমাৰ (সম্পাদনা, ১৯৯০) : দেওধাই বুৰঞ্জী, ভূঞাঁ, বুৰঞ্জী আৰু পুৰাতত্ব বিভাগ, গুৱাহাটী।

৬.    বৰা, ধ্ৰুৱজ্যোতি (১৯৯৮) : মোৱামৰীয়া গণ অভ্যুৎত্থান (প্ৰথম খণ্ড), বনলতা, পাণবজাৰ, গুৱাহাটী-১।

৭.    গোস্বামী, হেমচন্দ্ৰ (সম্পাদক, ১৯২২) : পুৰণি অসম বুৰঞ্জী, কামৰূপ অনুসন্ধান সমিতি, গুৱাহাটী।

৮.    শইকীয়া, ড০ ৰক্তিম ৰঞ্জন (২০১৩, ১-১৫ ফেব্ৰুৱাৰী) : উজনি অসমৰ পটভূমিত বুৰঞ্জী অধ্যয়নত প্ৰাকৃতিক বিজ্ঞান আৰু যন্ত্ৰ বিজ্ঞানৰ ভূমিকা, প্ৰান্তিক।

৯.    ভূঞা, ড০ সূৰ্য্যকুমাৰ (সম্পাদনা, ১৯৯৮) : অসম বুৰঞ্জী, সুকুমাৰ মহন্তৰ ঘৰত পোৱা, বুৰঞ্জী আৰু পুৰাতত্ব বিভাগ, অসম চৰকাৰ, গুৱাহাটী।

১০.   নেওগ, ড০ মহেশ্বৰ (২০০৩) : গুৰুচৰিত কথা, গুৱাহাটী বিশ্ববিদ্যালয়।

১১.   Sarma , J.N and Phukan, M.K (2004): Origin and some geomorphological changes of Majuli Island of the Brahmaputra River in Assam, India, Geomorphology, Volume 60, Issues 1–2, Pages 1–19

১২.    Nath, Dr Dambarudhar, Majuli Island, Society, Economy and Culture, Anshah Publishing House, Patparganj, New Delhi, 2009.

১৩.    Nath, Rajmohan: Dutta Baruah and Co, Guwahati-1, 1978

১৪.    Hussein, Mabdi (1953): The Rahla of Ibn Battuta, Oriental Institute, The Maharaja Sayajirao University of Barooda.

১৫.    Lee, Rev. Samuel (1829): The Travels of Ibn Batuta, London

১৬.    Sarma, Chandan Kumar (2006): Processual Model of State Formation And The State in Early Assam, Journal of Historical Research, Department of History, Dibrugarh University, Volume XV.

[ ড০ ৰক্তিম ৰঞ্জন শইকীয়া/ ড০ নুৰুল আমিন; অধ্যাপক, ভূতত্ব বিভাগ; জগন্নাথ বৰুৱা মহাবিদ্যালয়, যোৰহাট ফোনঃ ৯৮৫৯৩৪৪৭১৭/৮৯৫৪১৩১৩০১]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

Musk
Tech

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

by Anjan Sarma
March 10, 2026
0

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!! অঞ্জন শৰ্মা আমেৰিকান চিনেমা পৰিচালক ৰিচাৰ্ড লেষ্টাৰে (Richard Lester) ১৯৭৯ চনত ‘কিউবা’ নামেৰে এখন চিনেমা...

Read moreDetails
Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

March 8, 2026
Intersectionality and the Spectrum of Autonomy !

Intersectionality and the Spectrum of Autonomy !

March 7, 2026
New Humanism: seeds of the future in a dystopian present

New Humanism: seeds of the future in a dystopian present

March 5, 2026
The Brahmaputra River: A Transboundary Titan of Geomorphology, Ecology, and Geopolitics

A Historical Inquiry into Climate and Environment in Assam

March 5, 2026
Rural Waste Management: The Silent Challenge in India’s Sustainability Journey

Rural Waste Management: The Silent Challenge in India’s Sustainability Journey

March 3, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
How the Iran Conflict is Triggering an LPG Shortage in India?

How the Iran Conflict is Triggering an LPG Shortage in India?

March 14, 2026
ice

Why Is Greenland Moving and What Does It Mean for Global Sea Levels?

March 14, 2026
U.S.-Israel Strikes on Iran Ignite Fears of a Regional War

মধ্যপ্ৰাচ্যৰ সংকটত অশান্ত বিশ্ব

March 14, 2026
India’s 7th National Report to the CBD

India’s 7th National Report to the CBD

March 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    28441 shares
    Share 11376 Tweet 7110
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11419 shares
    Share 4568 Tweet 2855
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    120 shares
    Share 48 Tweet 30
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    110 shares
    Share 44 Tweet 28
  • Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

    105 shares
    Share 42 Tweet 26
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3522 shares
    Share 1409 Tweet 881
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    81 shares
    Share 32 Tweet 20
  • WSDS 2026 Concludes in New Delhi: Urgent Call for Energy Justice, Climate Finance Reform

    68 shares
    Share 27 Tweet 17
  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    237 shares
    Share 95 Tweet 59
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d