• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, July 14, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Geography

ব্ৰহ্মপুত্ৰ নদী : উৎপত্তি আৰু ইয়াৰ মানচিত্ৰ নির্মান

by Anjan Sarma
July 6, 2024
in Geography, History, Special Report
Reading Time: 8 mins read
0
ব্ৰহ্মপুত্ৰ নদী : উৎপত্তি আৰু ইয়াৰ মানচিত্ৰ নির্মান
Share on FacebookShare on TwitterShare on LinkedIn

ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি আৰু ইয়াৰ মানচিত্ৰ নির্মান

ডঃ ৰক্তিম ৰঞ্জন শইকীয়া

Raktim Ranjan Saikia
ডঃ ৰক্তিম ৰঞ্জন শইকীয়া

ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনদী সহ সম্পুর্ণ তন্ত্ৰটোকে আশ্ৰয় কৰি অসমৰ ভূগোল, ভূতত্ত্ব, জৈৱবৈচিত্ৰ, পৰিবেশতন্ত্ৰ আৰু ভূৰাজনীতিয়ে গঢ়লৈ উঠিছে ৷ এই সকলো দিশৰ পৰা লক্ষ্য কৰি সঠিক ভাৱেই ইয়াৰ অসমৰ আয়ুসৰেখা বুলি অভিহিত কৰা হৈছে ৷

ব্ৰহ্মপুত্ৰ নদীৰ সর্বদিশৰ পৰা অভাৱনীয় গুৰুত্ব স্বত্ত্বেও এই নদীৰ বয়স তুলনামূলক ভাৱে একেবাৰে কম ৷ ব্ৰহ্মপুত্ৰৰ ভূতাত্ত্বিক উৎপত্তি সম্পর্কে কেইবাটাও মতবাদ থাকিলেও ইয়াৰ বয়স সম্পর্কে সকলোৰে সহমত আছে ৷ ব্ৰহ্মপুত্ৰৰ উৎপত্তি সম্পর্কে থকা বিভিন্ন মতামতৰ ভিতৰত ই এইচ পেচক’ৰ (E H Pascoe, 1919) মতবাদটো অতি জনপ্ৰিয়৷

ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি আৰু ইয়াৰ মানচিত্ৰ নির্মান

আজিৰ পৰা ১৪০ নিযুত বছৰৰ আগলৈকে ভাৰত ভূখণ্ড, এচিয়াৰ বাকী ভূখণ্ডৰ পৰা পৃথক আছিল ৷ ভাৰত ভূখণ্ড আৰু এছিয়াৰ বাকী ভূখণ্ডৰ মাজত বর্তি আছিল এখন সাগৰ৷ এই সাগৰখনক টেথিচ নামে অভিহিত কৰা হয়৷ পৃথিৱীৰ খোলাটো গঠিত হোৱা ফলক সমুহৰ গতিৰ বাবে ১৪০ নিযুত বছৰৰ আগতে টেথিচ সাগৰত জমা হোৱা গেদবোৰ উঠি আহি হিমালয় পর্বতমালাৰ উৎপত্তি হৈছিল৷

ভিতৰত ই এইচ পেচক’ৰ তত্ত্ব মতে হিমালয় পর্বতমালাৰ উৎপত্তিৰ পাচত হিমালয়ৰ সমান্তৰালকৈ পর্বতটোৰ দক্ষিণ দিশে এটা প্ৰকাণ্ড দীঘল খালৰ উৎপত্তি হৈছিল৷ এই খালটোৱেদিয়েই অসমৰ পূৱ অংশৰ পৰা গংগা উপত্যকাইদি পশ্চিমৰ আৰব সাগৰলৈকে এখন নদী বৈ গৈছিল৷ এই নদীখনৰ নাম পেচক’ই “ইণ্ডোব্ৰহ্ম” নদী ৰাখিছিল৷ এই ইন্দোব্ৰহ্ম নদীয়ে ১২০ নিযুত বছৰ বৈ থাকি প্ৰচুৰ পৰিমাণে গেদ জমা কৰিছিল৷

কিন্তু আজিৰ পৰা ২০ নিযুত বছৰৰ আগতে ভূতাত্ত্বিক বিৱর্ত্তনৰ কাৰণে নদীখন তিনি টুকুৰা হৈ যায়৷ এই তিনি টুকুৰাৰ একেবাৰে পশ্চিমৰ টুকুৰাই বর্তমানৰ সিন্ধুনদীৰ নিম্নাংশ, মাজৰ টুকুৰাই গংগা নদীৰ মধ্যাংশ আৰু পূৱৰ টুকুৰাই ব্ৰহ্মপুত্ৰৰ মধ্যাংশৰ সৃষ্টি কৰে৷ পেচক’ৰ তত্ত্ব মতে হিমালয়ৰ উত্তৰেও “তিব্বতীয় নদী” নামেৰে নামকৰণ কৰা এখন নদী পূৱৰ পৰা পশ্চিমলৈ বৈ গৈ অক্সাচ হ্ৰদত পৰিছিলগৈ৷

ইন্দোব্ৰহ্ম নদীখন খণ্ডিত হোৱাৰ সময়তে এই নদীখনো খণ্ডিত হৈছিল আৰু ইয়াৰ পূৱৰ অংশটোৱে উভতি ববলৈ আৰম্ভ কৰি বর্তমানৰ ব্ৰহ্মপুত্ৰৰ আগলি অংশ চাংপোৰ সৃষ্টি কৰিছিল৷ ই এইচ পেচক’ৰ তত্ত্বটোত বহুত দুর্বলতা থাকিলেও ই এটা জনপ্ৰিয় তত্ব হিচাপে পৰিগণিত হৈছে৷

ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি আৰু ইয়াৰ মানচিত্ৰ নির্মান

ব্ৰহ্মপুত্ৰ নদীৰ আগলি অংশক চাংপো নামেৰে জনা যায় যদিও চীনদেশে তিব্বত মালভূমি অধিকাৰ কৰাৰ পাচত চাংপোৰ নাম সলাই “য়াৰলাং ঝাংবো (Yarlung Zangbo) কৰিছে ৷ এই চাংপো নদী তিব্বতৰ মানস সৰোবৰ হ্ৰদৰ পৰা ৭৫ কিলোমিটাৰ পশ্চিমে অৱস্থিত ‘চেমা য়ুং দয়” হিমবাহৰ পৰা ওলাই পশ্চিমৰ পৰা পূৱলৈ বৈ আহিছে ৷

ওলাই পশ্চিমৰ পৰা পূৱলৈ বৈ আহি চাংপো নদীখনে অৰুণাচল প্ৰদেশৰ ‘কোৰবো’ নামৰ ঠাইত একে বাৰে ওলোটা মুখে ঘূৰি দিহাং বা চিয়াং নাম লৈ পূৱৰ পৰা পশ্চিমলৈ ববলৈ আৰম্ভ কৰে৷ ইতিমধ্যে উল্লেখ কৰিছোঁ যে সুদুৰ অতীতত চাংপো খনো “তিব্বতীয় নদী”ৰ অংশ হিচাপে পূৱৰ পৰা পশ্চিমলৈ বৈ গৈছিল৷ সেই সময়ত চিয়াং আছিল অন্য এখন নদী৷ এসময়ত চিয়াঙে শীর্ষখনন কৰি চাংপোত লাগি গ’ল আৰু চাংপোক অপহৰণ কৰি পশ্চিমৰ পৰা পূৱলৈ বাধ্য কৰিলে৷

সুপ্ৰাচীন কালতে সংঘটিত হোৱা এই ঘটনাটোৰ কথা প্ৰাচীন কালৰ পুৰাণ লেখক সকলে জানিছিল বোধ হয়৷ নদীৰ শীর্ষখনন পৰিঘটনাটোৰ পৰাই পৰশুৰামে কুঠাৰেৰে ব্ৰহ্মকুণ্ডৰ পাৰ কাটি বোৱাই অনাৰ কাহিনীটোৰ ৰচনা হোৱাৰ সম্ভাৱনা থকাৰ বিষয়ে ডঃ যোগেন্দ্ৰনাথ শর্মাই উল্লেখ কৰিছে (অসমৰ নদনদী, পৃষ্ঠা ১৪)৷

চিয়াং নদী বৈ আহি শদিয়াৰ ওচৰত দিবাং আৰু লোহিতৰ লগ লাগি ব্ৰহ্মপুত্ৰ নাম লৈ অসম উপত্যকাৰ মাজেদি বৈ গৈছে৷ তিব্বতৰ উৎসৰ পৰা সমুদ্ৰলৈ ব্ৰহ্মপুত্ৰৰ দৈর্ঘ্য প্ৰায় ২৮৮০ কিলোমিটাৰ৷

তুলনামূলক ভাৱে নবীন এই নদীখন আৰু গেদীয় উপত্যকাৰ মাজেদি বৈ যোৱা ইয়াৰ তন্ত্ৰো আজিও সুস্থিৰ হোৱা নাই বাবে নদীখনে অসংখ্যবাৰ গতি সলনি কৰি আজিৰ অৱস্থাটো পাইছেহি৷ আনকি ঐতিহাসিক কালছোৱাতে ব্ৰহ্মপুত্ৰ নদীখনে অসংখ্যবাৰ ইয়াৰ গতিপথ সলনি কৰিছে৷ নদীৰ গতিৰ পৰিবর্তন, নদীৰ অধিগ্ৰহন, নদীৰ মৃত্যু আদিৰ দৰে ঘটনা সমূহ এই উপত্যকাত অতকে সুলভ ৷ আনকি আজিৰ পৰা ৫০০ বছৰৰ আগতেও এই নদীৰ গতিপথ আজিৰ দৰে নাছিল৷

Brahmaputra River Tsangpo
Brahmaputra River ( Tsangpo), Britannica

সমস্যা হ’ল প্ৰাচীন কালৰে পৰা ভাৰতীয় সকলে বিজ্ঞানৰ বিভিন্ন শাখাৰ চর্চা কৰি আহিছে যদিও আচৰিত ভাৱে ভাৰতীয় পৰম্পৰাত মানচিত্ৰৰ কোনো ধাৰণা নাছিল৷ সেয়ে আমি প্ৰাচীন ভাৰতত অঙ্কন কৰা কোনো মানচিত্ৰ দেখিবলৈ নাপাওঁ ৷

ভাৰতত কেৱল মাৰাঠা সকলৰ মাজতহে মানচিত্ৰ অঙ্কন কৰাৰ পৰম্পৰা আছিল৷ মাৰাঠা সকলে যুদ্ধৰ প্ৰয়োজনত তেওঁলোকে সেনা সঞ্চালন কৰা ভূমিপৃষ্ঠৰ মানচিত্ৰ অংকন কৰিছিল বুলি জনা যায় (Land of the Seven Rivers, page ২০৬)৷

ইউৰোপীয় সকলেহে ভাৰতত মানচিত্ৰ অঙ্কনৰ ধাৰণাটো প্ৰৱর্তন কৰে৷ ভাৰতলৈ অহা ইউৰোপীয় নাবিক সকলে তেওঁলোকৰ নৌচালনাৰ সুবিধার্থে ভাৰতৰ উপকূল জৰীপ কৰি মানচিত্ৰ অঙ্কন কৰিছিল ৷ ইউৰোপীয় সকল অসমলৈ পলমকৈ আহিছিল কাৰণে  অসমলৈ মানচিত্ৰৰ ধাৰণাটো অহা যথেষ্ঠ পলম হৈছিল৷

Yarlung Tsangpo
Yarlung Tsangpo

অসমলৈ বহুদিনলৈ কোনো বহিৰাগতৰ প্ৰৱেশ নিষিদ্ধ আছিল বাবে ইউৰোপীয় সকলেও জৰীপ কৰি কোনো মানচিত্ৰ অঙ্কনৰ সুযোগ পোৱা নাছিল৷ গতিকে আমি ঐতিহাসিক কালচোৱাতো সময়ে সময়ে ব্ৰহ্মপুত্ৰৰ সলনি হৈ থকা গতিপথৰ কোনো পুৰণা মানচিত্ৰ নাপাওঁ৷ ব্ৰহ্মপুত্ৰৰ পুৰণি গতিপথৰ বিষয়ে ধাৰণা পাবৰ কাৰণে আমি অন্য বুৰঞ্জীমূলক তথ্যৰ হে সহায় ল’ব লগীয়া হয়৷

উল্লেখযোগ্য যে মধ্যযুগত আহোম ৰাজ্যলৈ নাৱেৰে উজাই অহা মিৰজুমলা, চেভেলিয়াৰ আদি বহিৰাগত সকলৰ সকলোৰে বর্ণনাত তেওঁলোকে ব্ৰহ্মপুত্ৰৰে উজাই অহাৰ পৰিবর্তে দিহিং নদীৰেহে উজাই অহাৰ তথ্য পোৱা যায়৷ চিহাবুদ্দিন তালিচৰ “তাৰিখ-ই-আচাম’ গ্ৰন্থত স্পষ্টকৈ উল্লেখ আছে যে দিহিং নদীখন ব্ৰহ্মপুত্ৰৰ সমান্তৰালকৈ বৈ আহি বোকাখাতৰ ওচৰত ব্ৰহ্মপুত্ৰত পৰিছিলহি৷

চিহাবুদ্দিন তালিচৰ মতে দিহিং আৰু ব্ৰহ্মপুত্ৰৰ মাজতে এটা বৃহৎ নদী দ্বীপ আছিল (মাজুলি) (Tarikh-e- Aasham, page 38)৷ ঐতিহাসিক তথ্যবোৰ অনুসৰণ কৰি ব্ৰহ্মপুত্ৰ আৰু দিহিং সমান্তৰালকৈ বৈ থকা অৱস্থাৰ সেইকালৰ উজনি অসমৰ মানচিত্ৰ খন ইতিমধ্যে ডঃ যোগেন্দ্ৰনাথ শর্মাই পুণৰ নির্মান কৰি উলিয়াইছে৷

ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি আৰু ইয়াৰ মানচিত্ৰ নির্মান

অন্ততঃ ১৭৫০ চন মানলৈকে ব্ৰহ্মপুত্ৰ আৰু দিহিং সমান্তৰালকৈ বৈ আছিল আৰু সেই সময়ৰ দুই নদীৰ মাজৰ অংশটোক ‘মাজালি’ নামেৰে (আজিৰ মাজুলি) অভিহিত কৰা হৈছিল৷ ১৭৫০ চনত ‘শকা-শাকিনী’ নামৰ প্ৰখ্যাত বানপানীটোৰ পাচত দিহিং আৰু ব্ৰহ্মপুত্ৰৰ মানজৰ ঠেক ভূমিখণ্ড চিগিগৈ ব্ৰহ্মপুত্ৰ আহি দিহিঙৰ সুঁতিয়েদি ব’বলৈ ধৰে আৰু ‘মাজুলি’ সহ ব্ৰহ্মপুত্ৰৰ বর্তমানৰ সংৰচনাটোৰ সৃষ্টি হয় (J.N Sarma, Aañ M.K Phukan, 2004)৷

ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি আৰু ইয়াৰ মানচিত্ৰ নির্মান

ব্ৰহ্মপুত্ৰৰ সুঁতি সলনিৰ এই বিপর্যয়ৰ কাহিনীটো ১৮২৫ খ্ৰীষ্টাব্দত বিট্ৰিচ বিষয়া উইলকক্সে (Lieutenant R Wilcox) ‘বগাদমৰা ফুকন’ নামৰ আহোৰ ৰজাৰ বিষয়া জনৰ পৰা শুনি তেওঁৰ টোকাবহীত হুবহু সন্নিবিষ্ট কৰিছিল৷ (Memoir of a Survey of Asam and the Neighbouring Countries Executed in 1825-6-7-8 by Lieutenant R Wilcox, page 456)

ঐতিহাসিক উজনি অসমৰ সকলোতকৈ ডাঙৰ আৰু বিধ্বংসী প্ৰাকৃতিক সংঘটন হ’ল এই মাজুলি সৃষ্টি হোৱা বানপানীটো ৷ দিহিং নদীৰ গতিপথ সলনি হোৱাৰ কাহিনী বিহুগীত ৰূপে “লুইতে এৰিলে লুইতৰ সুঁতি দিহিঙে এৰিলে কুল” বুলি জনমানসত প্ৰোথিত হ’ল৷ কিন্তু সকলোতকৈ স্পষ্টভাৱে মাজুলি সৃষ্টি হোৱাৰ ভূতাত্বিক পৰিঘটনাটো আনএটা লোকগাঁথাত স্পষ্টকৈ সংৰক্ষিত হৈছিল ৷

আজিৰ পৰা নব্বৈ বছৰ মান আগতে দ্বাৰিকানাথ দ্বিজ নামৰ বৈষ্ণৱ পণ্ডিত জনাই উজনি আৰু নামনি অসমৰ সত্ৰ সমূহ পৰিভ্ৰমণ কৰি বৈষ্ণৱ ধর্মাচার্য্য সকলৰ বিষয়ে মুখেমুখে চলি অহা বিভিন্ন কাহিনীবোৰ সংগ্ৰহ কৰিছিল৷ সেই সংগ্ৰহটো তেখেতে “সন্তাৱলী” নামৰে এক পুথিৰ ৰূপ দিছিল৷ এই সন্তাৱলীতে ব্ৰহ্মপুত্ৰৰ গতি সলনি সম্পর্কীয় ভূতাত্ত্বিক ঘটনাটো এনেদৰে বর্ণনা হৈছে–

“এহি বুলি ব্ৰহ্মপুত্ৰে কৰিল যুগুতি৷

প্ৰচণ্ড শৱদে বহি গৈল দুই সুঁতি৷৷

দক্ষিণে দিহিঙ্গ গৈল লৌহিত্য উত্তৰে৷

মধ্যত চাপৰি পেলাই পোতে ৰত্নপুৰে৷৷

ৰত্নপুৰ নামগুটি হিলেক গুপ্ত৷

মাজুলী চাপৰি নাম হইল বেকত৷৷

চতুৰ্পাশে ব্ৰহ্মপুত্ৰে ধৰিল আৱৰি৷

মধ্য দেখি নাম ভৈল মাজুলী চাপৰি৷৷”

(সন্তাৱলী-পৃষ্ঠা ২৬)

আমাৰ হাতত যিমান বোৰ ব্ৰহ্মপুত্ৰৰ পুৰণি মানচিত্ৰ পৰিছেহি সেই সকলোবোৰেই ১৭৫০ খ্ৰীষ্টাব্দৰ এই প্ৰাকৃতিক দুর্যোগটোৰ পাচৰ ৷ এই সকলোবোৰ পুৰণি মানচিত্ৰত আজিৰ ব্ৰহ্মপুত্ৰ খনক পুৰণি নাম দিহিঙৰ যোগেদিহে চিনাক্ত কৰা হৈছে৷

ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি আৰু ইয়াৰ মানচিত্ৰ নির্মান
মেজৰ জেমচ ৰেনেল

     আহোম ৰাজ্যত কোনো বহিৰাগতৰ প্ৰৱেশ নিষিদ্ধ আছিল বাবে মানচিত্ৰ অংকন কৰিবৰ কাৰণে কোনো ইউৰোপীয় আহোম ৰাজ্যলৈ আহিব পৰা নাছিল ৷ ১৭৬৪ খ্ৰীষ্টাব্দত বিত্ৰিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মেজৰ জেমচ ৰেনেল (Major James Rennel) নামৰ বিষয়াজনক প্ৰথম বাৰৰ কাৰণে সমগ্ৰ ভাৰতৰ মানচিত্ৰ প্ৰস্তত কৰিবৰ কাৰণে দায়িত্ব অর্পন কৰে৷

সেই সময়তে ১৭৬৫ খ্ৰীষ্টাব্দত ৰেনেলে আহোম ৰাজ্যৰ বাহিৰত অৱস্থিত গোৱালপাৰা অঞ্চলত প্ৰথম বাৰৰ বাবে ব্ৰহ্মপুত্ৰ নদীৰ প্ৰথমখন মানচিত্ৰ প্ৰস্তুত কৰিছিল৷

ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি আৰু ইয়াৰ মানচিত্ৰ নির্মান

ব্ৰহ্মপুত্ৰৰ এখন বিশদ মানচিত্ৰ প্ৰস্তুত কৰিছিল ১৭৯২ খ্ৰীষ্টাব্দত মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ আহোম ৰাজ্যলৈ অহা কেপ্তেইন বেল্‌চৰ সংগী থমাচ উদে (Thomas Wood)৷ খণ্ডখণ্ডকৈ বিশদ ৰূপে অংকন কৰা উদৰ মানচিত্ৰবোৰ বর্তমান বিট্ৰিচ লাইব্ৰেৰীত সংৰক্ষিত আছে ৷

এই মানচিত্ৰৰ ওপৰতে ভিত্তি কৰি বিষ্ণু তামুলিয়ে হুবহু নতুন মানচিত্ৰ অংকন কৰে আৰু এই মানচিত্ৰ বোৰ ডঃ অৰূপজ্যোতি শইকীয়াই তেখেতৰ “The Unquiet River: A Biography of Brahmaputra” গ্ৰন্থ খনত ব্যৱহাৰ কৰিছে৷

ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি আৰু ইয়াৰ মানচিত্ৰ নির্মান

থমাচ উদৰ পাচতে আমি ব্ৰহ্মপুত্ৰৰ মানচিত্ৰ অংকনৰ অন্যএটা ৰোমান্সকৰ অধ্যায়ত প্ৰৱেশ কৰো ফ্ৰান্সিচ হেমিল্টনৰ টোকাটোৰ জৰিয়তে ৷ বুকানন হেমিল্টন বুলিও জনাজাত এই ব্যক্তিজনে ১০৭ খ্ৰীষ্টাব্দৰ পৰা ১৮১৪ খ্ৰীষ্টাব্দলৈ বর্তমান বাংলাদেশৰ ৰংপুৰ আৰু অসমৰ গোৱালপাৰাত ঘাটি পাতি বিভিন্ন উৎসৰ পৰা আহোম ৰাজ্য সম্পর্কে তথ্য সংগ্ৰহ কৰি তেওঁৰ টোকাটো প্ৰস্তুত কৰিছিল ৷

এই ফ্ৰান্সিচ হেমিল্টন বা বুকানন হেমিল্টনৰ টোকাটোৰ পৰা আমি ব্ৰহ্মপুত্ৰ তথা অসমৰ অন্ততঃ তিনিখনকৈ মানচিত্ৰৰ সন্ধান পাওঁ ৷

ফ্ৰান্সিচ হেমিল্টনৰ টোকাৰ পৰা আমি এটা গুৰুত্বপূর্ণ তথ্য জানিবলৈ পাওঁ ৷ সেই তথ্যটো হ’ল অসম তথা ব্ৰহ্মপুত্ৰৰ মানচিত্ৰ অংকন কৰা প্ৰথমজন অসমীয়া হ’ল ৰজা ব্ৰজনাথ সিংহ ৷ ব্ৰজনাথ সিংহ হ’ল বিখ্যাত মোৱামৰীয়া বিদ্ৰোহী নেতা তুংখুঙ্গীয়া ফৈদৰ ৰাজকোঁৱৰ বিজয় বৰমূৰা গোঁহাইৰ পুত্ৰ, তথা শেষজনা আহোম ৰজা পুৰন্দৰ সিংহৰ পিতৃ ৷

ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি আৰু ইয়াৰ মানচিত্ৰ নির্মান
ফ্ৰান্সিচ হেমিল্টন

পিতৃ মোৱামৰীয়া সকলৰ সহযোগী হোৱাৰ কাৰণে ব্ৰজনাথে জীৱনৰ সৰহ অংশ বিট্ৰিছ ৰাজ্যৰ অন্তৰ্গত গোৱালপাৰা, চিলমাৰী আৰু কলিকতাত বাস কৰিব লগীয়া হৈছিল৷ এই ব্ৰজনাথ সিংহ আছিল হেমিল্টনৰ টোকাৰ মূল তথ্য উৎস ৷ ফ্ৰান্সিচ হেমিল্টন জনে জনোৱা মতে তেওঁক ব্ৰজনাথ সিংহই অসমৰ তথা ব্ৰহ্মপুত্ৰৰ এখন মানচিত্ৰ প্ৰস্তুত কৰি দিছিল ৷

হেমিল্টনৰ মতে ব্ৰজনাথে প্ৰস্তুত কৰা মানচিত্ৰ খন ডাঙৰ স্কেলৰ আৰু বিশদ আছিল৷ দুর্ভাগ্যক্ৰমে হেমিল্টনে ব্ৰজনাথে প্ৰস্তুত কৰি দিয়া মানচিত্ৰ খন হেৰুৱাই পেলালে (An Account of Assam, page 16) আৰু আমিও ব্ৰজনাথক প্ৰথম অসমীয়া মানচিত্ৰ তৈয়াৰ কৰোতা সন্মানৰ পৰা বঞ্চিত কৰিলোঁ৷  

হেমিল্টনৰ টোকাৰ পৰা আমি আন দুখন ঐতিহাসিক ভাৱে গুৰুত্বপূর্ণ দুখন ব্ৰহ্মপুত্ৰৰ মানচিত্ৰৰ বিষয়ে জানিব পাৰো ৷ ব্ৰজনাথৰ মানচিত্ৰ খন হেৰাই যোৱাৰ পাচত অসমৰ নগাঁও বাসী কোনো এজন লোকে ফ্ৰান্সিচ হেমিল্টনক অন্য এখন মানচিত্ৰ তৈয়াৰ কৰি দিছিল ৷ নগাঁৱৰ স্থানীয় অধিবাসী (A Native of Nagaon) বুলিয়েই পৰিচিত এই লোক জনৰ প্ৰকৃত নাম আমি কেতিয়াও জানিব নোৱাৰিম৷

ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি আৰু ইয়াৰ মানচিত্ৰ নির্মান
এৰন এৰোস্মিথ

ফ্ৰান্সিচ হেমিল্টনে নগঁঞা লোকজনে তৈয়াৰ কৰি দিয়া ব্ৰহ্মপুত্ৰৰ মানচিত্ৰখন প্ৰদান কৰিছিল সেইকালৰ পৃথিৱীৰ বিখ্যাত মানচিত্ৰ তৈয়াৰ কৰোতা লণ্ডণ নিবাসী এৰন এৰোস্মিথক (Aaron Arrowsmith, 1750–1823) ৷ এৰন এৰোস্মিথে থমাচ উদৰ মানচিত্ৰ আৰু নগঁঞা লোক জনে তৈয়াৰ কৰা মানচিত্ৰ এই দুইখন মিলাই অসম তথা ব্ৰহ্মপুত্ৰৰ এখন মানচিত্ৰ প্ৰস্তুত কৰি ১৮১৬ খ্ৰীষ্টাব্দত লণ্ডনৰ পৰা প্ৰকাশ কৰে (An Account of Assam, page 16)৷

উল্লেখযোগ্য যে এৰন এৰোস্মিথে আমাৰ নগাঁৱৰ লোকজনে অংকন কৰা মানচিত্ৰখনো মূল মানচিত্ৰখনৰ চুকতে ছপা কৰি দিছিল ৷ অসমৰ বাবে অতি মূল্যৱান এই দুইখনি নথি আমাৰ ডঃ সূর্য্য কুমাৰ ভূঞাই লণ্ডনৰ “ইণ্ডিয়া অফিচ লাইব্ৰেৰী”ত দেখিবলৈ পাইছিল (১৯৪০ খ্ৰীষ্টাব্দৰ অগতে)৷ কিন্তু ডঃ ভূঞাই সম্পূর্ণ মানচিত্ৰখনিৰ প্ৰতিলিপি কৰিবলৈ প্ৰযুক্তি নথকাৰ কাৰণে মানচিত্ৰ দুখন আনিব নোৱাৰিলে (An Account of Assam, p.XII)৷

বর্তমান এই ঐতিহাসিক নথি দুখনৰ প্ৰতিলিপি আমেৰিকাৰ ষ্টেন্দফর্ড বিশ্ববিদ্যালয়ৰ “ডেভিদ ৰামজে হিষ্টৰিকেল মেপ কলেক্টচন”ত (David Rumsey Historical Map Collection) সংগৃহীত হৈছে আৰু সুখৰ বিষয় যে তাৰ প্ৰতিলিপি আমি ইতিমধ্যে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছোঁ৷

ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি আৰু ইয়াৰ মানচিত্ৰ নির্মান
ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি আৰু ইয়াৰ মানচিত্ৰ নির্মান

ব্ৰহ্মপুত্ৰৰ আন এখন গুৰত্বপূর্ণ ঐতিহাসিক মানচিত্ৰ অংকন কৰিছিল ফ্লেমিচ মানচিত্ৰকাৰ ফিলিপ ভান্দামালেন(Philippe Vandermaelen, 1795-1869)এ ৷ এই মানচিত্ৰখন ১৮২৭ খ্ৰীষ্টাব্দত Assam et Boutan. Asie 84. শিৰোণামেৰে ব্ৰুচেলচ্‌ৰ পৰা প্ৰকাশ পাইছিল৷ প্ৰায় শুদ্ধ এই মানচিত্ৰখনৰ বাবে ফিলিপ ভান্দামালেনে ক’ৰ পৰা তথ্য আহৰণ কৰিছিল জনা নাযায়৷ বর্তমানৰ ব্ৰহ্মপুত্ৰক দিহিং বুলিয়েই উল্লেখ থকা এই মানচিত্ৰখনৰ বিষয়ে অসমৰ মানুহ অজ্ঞাত আছিল৷

ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি আৰু ইয়াৰ মানচিত্ৰ নির্মান
Philippe Vandermaelen

আমি ঘটনাক্ৰমে ২০১১ চনত এই মানচিত্ৰখনৰ অৱস্থিতিৰ বিষয়ে আৱিষ্কাৰ কৰো আৰু আমাৰ “শিপা” নামৰ স্থানীয় ইতিহাস খনৰ ইয়াৰ কিছু অংশ প্ৰকাশ কৰো৷ তাৰ পাচত ২০১৩ চনত পুণৰ “প্ৰান্তিক” আলোচনীত (১-১৫ ফেব্ৰুৱাৰী) এই মেপখনৰ চিত্ৰ সহ এটি প্ৰৱন্ধ প্ৰকাশ কৰো৷ অৱশ্যে বৌদ্ধক চর্চাৰ প্ৰতি চিৰনির্বিকাৰ অসমীয়া মানুহ এই বাৰো নির্বিকাৰ হৈয়েই থাকিল৷

ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি আৰু ইয়াৰ মানচিত্ৰ নির্মান

আমি উল্লেখ কৰা মানচিত্ৰ সমূহৰ উপৰিও উনৈশ শতিকাত জার্মানিকে ধৰি ইউৰোপৰ বিভিন্ন দেশৰ পৰা ব্ৰহ্মপুত্ৰৰ বহুকেইখন গুৰুত্বপূর্ণ মানচিত্ৰ প্ৰকাশ পাইছিল৷ কিন্তু এই সকলোবোৰ সামৰি লোৱা সম্ভৱ ন্হয়৷

ব্ৰহ্মপুত্ৰৰ বিৱর্তনৰ লগত অসমৰ ইতিহাস ওতঃপ্ৰোত ভাৱে সংযোজিত ৷ এই নদীৰ গতিপথেই অসমৰ ইতিহাসৰ গতি নির্ধাৰিত কৰিছে ৷

আমাৰ হাতত এতিয়ালৈকে ব্ৰহ্মপু্ত্ৰৰ পাৰ হৈ যোৱা ৫০০ বছৰীয়া ইতিহাসৰহে পুণৰনির্মান কৰিবলৈ সক্ষম হৈছো ৷

ব্ৰহ্মপুত্ৰৰ বিৱর্তনৰ অন্ততঃ ২০০০ বছৰীয়া ইতিহাসৰ পুণৰ নির্মান কৰিব পাৰিলেহে আমি অৱবাহিকাটোত বিকাশ হোৱা সামাজিক ইতিহাস ৰচনা কৰিবলৈ সক্ষম হ’ম৷

Brahmaputra seen from a SPOT Satellite
Brahmaputra, seen from a SPOT Satellite

তথ্যসূত্ৰ:

১. হাজৰীকা, শ্ৰীসূর্য্য (সম্পা)(২০০৭): শ্ৰীশ্ৰী দ্বাৰিকানাথ দ্বিজ কৃত সন্তাৱলী, এচ এইচ এডুকেশ্বনেল ট্ৰাষ্ট, গুৱাহাটী-৭৮১০০৫

২. শৰ্মা, যোগেন্দ্ৰনাথ (২০১৪, দ্বিতীয় প্ৰকাশ): অসমৰ নদনদী, অন্বেষা পাব্লিকেশ্যন্‌চ, এঠ. চি.পথ, বাৰোৱাৰী, গুৱাহাটী-৭৮১০০৩

৩. Bhuyan, S. K (Thrid Edition 1987): Francies Hamilton’s An Account of Assam, Department of History and Antiquarian Studies, Assam, Guwahati.

৪. Pascoe, E H (1919): Early History of the Indus, Brahmaputra and Ganges, Quart. Journ. Geol. Society. London, LXXV, page 136

৫. Rannel, James (1788): Memoir of a Map of Hindoostan or the Mogul Empire, London

৬. Saikia, Arupjyoti (2019): The Unquiet River: A Biography of Brahmaputra,Oxford University Press, 1/22 Asaf Ali Road, New Delhi 110002

৭. Sanyal, Sanjeev (2012): Land of the Seven Rivers: A Brief History of India’s Geography, Penguin Books India Pvt. Ltd, Gurgaon 122002, Haryana, India

৮. Sarma, J.N, and Phukan M.K, 2004: Origin and some geomorphological changes of Majuli Island of the Brahmaputra River in Assam, India, Geomorphology, Volume 60, Issues 1–2, pp. 1–19|

Talesh, Shehabuddin, Tarikh-e-Aasham, Translated by Mhzhar Asif, (2009): Deperatment of Historical and Antiquarian Studies & Raushanara Foundation, Guwahati.

Wilcox, Lieutenant R (1832): Memor of a Survey of Asam and the Neighbouring Countries Executed in 1825-6-7-8, published in Asiatic Researches, Vol. XVII.

ডঃ ৰক্তিম ৰঞ্জন শইকীয়া, ফোন:৯৮৫৯৩৪৪৭১৭

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

The Dangote Effect and Nigeria’s Energy Transition
Climate Change

The Dangote Effect and Nigeria’s Energy Transition

by Aliu Akoshile
July 13, 2026
0

The Dangote Effect and Nigeria’s Energy Transition Aliu Akoshile The global conversation on energy transition has gained remarkable momentum in...

Read moreDetails
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 12, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 6, 2026
In Between River and the Big Gates: How Sluice Gates are shaping floods in Assam’s Katigorah!

In Between River and the Big Gates: How Sluice Gates are shaping floods in Assam’s Katigorah!

July 5, 2026
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

July 4, 2026
India’s Progress Highlighted in SDG Report 2026

India’s Progress Highlighted in SDG Report 2026

July 2, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d