-ডা° সুকৃতি চৌধুৰী |
কটন কলেজ (এতিয়া বিশ্ববিদ্যালয়)ত হায়াৰ চেকেণ্ডেৰীতট এডমিচন লৈ মঠঘৰীয়াৰ পৰা উজানবজাৰৰ ওচৰত থাকিবলৈ আহিলো…..দাদাৰ এটা পুৰণি ৱাকমেন আছিল ৷ কিবা কৰি বহুদিনলৈ ভালদৰে ৰখা ৱাকমেনটো দাদাই মোক দিছিল ৷ লগতে কেচেট কেইটামান ৷ সেই কেইটাও দাদাৰ সাঁচতীয়া আছিল ৷ পল্টন বজাৰত স্বপন দা নামৰ বাঙালী ল’ৰা এজনৰ এইবোৰ মেৰামতি কৰা দোকান এখন আছিল ৷ “মা কালী ইলেক্ট্ৰনিকচ” ৷ দাদাৰ লগত তাৰ ভাল আছিল ৷ মই ৱাকমেনটো বেয়া হ’লেই স্বপন দাক কল কৰো ৷ সি আহি লৈ যায় আৰু থিক কৰি দি যায় ৷ জৰাজীৰ্ণ ৱাকমেনটোত স্বপন দাই কি কি যে টেকনিকেল কাম কৰিছিল ! সৰু চাউণ্ড বক্স এটাত সংযোগ কৰি বজাব পৰাও কৰি দিছিল ৷ সেউজীয়া ৰং উঠা পুৰণি স্কুটাৰখনত উঠি স্বপন দা আহিলেই হোষ্টেলৰ ছোৱালীয়ে ছিঞৰ লগায় –“ এই সুকি, খোজ কঢ়া মানুহৰ (ৱাক মেনৰ) ইঞ্জিনীয়াৰ আহিল ” ৷ পিছলৈ বেচেৰাই লাজ পোৱা হ’ল ৷ আতৰতে ৰয়। মইহে ওলাই গৈ দি আহো ৷ আমাৰ সময়ত ৱাকমেন কোনেও নবজাইছিল ৷ মানে সৰহভাগেতো চিনিকে নেপায় ৷ কিন্তু মোৰ হাতত এইটো যে দাদাৰ “আমানত” ৷ পুলক বেনাৰ্জীৰ কেচেটটো শুনি শুনি “ৰূমী” ৰ ভাষাৰে একদম “চেন্টী ” হৈ গৈছিলো বোলে ৷ ৰূমী মানে একেটা ৰূমতে থকা আনজনীক ৰূমমেট নকৈ ৰূমী বুলি কৈছিল , ইয়ো এটা নতুন ফেশ্বন আছিল ৷ এতিয়া মনত পৰিলে কেনেবা কেনেবা লাগে। ৱাকমেনত উচ্চ স্বৰত বাজি ৰয় পুলক বেনাৰ্জীৰ মোৰ প্ৰিয় গীত –“ পাৰ হৈ গ’ল ধুমুহা এজাক…ভাঙি থৈ মোৰ পঁজা…” ; মই খিৰিকীৰে চাই থাকো ৷ আবেলিৰ পৰা গধূলি হয় ৷ দুচকুত সপোন আঁকি ছোৱালীবোৰ মোৰ সন্মুখৰ পথেৰে লাহে-ধীৰে প্ৰিয়জনৰ সৈতে খোজ কাঢ়ি যায় ৷ লক্ষ্য বেলিভিউ হোটেল নে ৰাজ্যপালৰ বাসভৱনৰ কাষৰ ব্ৰহ্মপুত্ৰৰ সেই বিনন্দীয়া ৰূপৰ ঠাইকন…লাহে লাহে গুৱাহাটীলৈ ৰাতি নামি আহে….নদী আৰু পাহাৰেৰে অপৰূপা গুৱাহাটীখনক মই ভাল পাবলৈ লৈছিলো…জানিছিলো, মই যে ঠিকনা হেৰুওৱা চৰাই..এই গছ জোপা মাথো মোৰ আজিৰ ৰাতিৰ ঠিকনাহে…ৰাতি কেতিয়াবা মেচিন নাওঁৰ ভট্ ভট্ ভট্ ভট্ শব্দটো মোৰ কাণত বাজি উঠিছিল আৰু মোৰ বুকুৰ মাজত যেন মোৰ মৰমৰ পাগলাদিয়াক খেপিয়াই চাইছিলো…পাগলাদিয়াৰ মৰমতে মই আজিও সময় পালেই ৰাপ্তী নদীৰ পাৰত কটাও ….দুৰলৈকে ধ্বনিত হয় পানীৰ খলক খলক শব্দবোৰ….গধুলি পৰত লেম্প একোটা জ্বলোৱা থাকে নাওঁবোৰত…ডুব যাব খোজা বেলিটোয়ে পানীখিনিত ৰঙা ৰংবোৰ সিচি দিয়ে….মোৰ আহিবলৈ মনেই নেযায়….মতলবী মানুহবোৰে ঘুৰি ঘুৰি চায় ৷ আন্ধাৰ নামি আহিলে গাড়ীখনত বহিও গ্লাছবোৰ উঠাই দি চাই থাকো ৰাপ্তীক…মোৰ মৰমৰ পাগলাদিয়া বুকুৰ মাজেৰে বৈ থাকে…..চকুৰ আগত এখন এখনকৈ প্ৰিয়তম মুখবোৰ ভাহিঁ উঠে যাক হয়তো আকৌ কেতিয়াও লগ নেপাম…৷ ক’ব নোৱাৰাকৈ মোৰ চকু জলজলিয়া হৈ পৰে ৷ মোহনলাল…..এই নামেই আছিল মানুহজনৰ ৷ ৰোগী মানুহজনক বিধ্বস্ত অৱস্থাত মোৰ ওচৰলৈ আনিছিল ৷ পানী দেখিলেই আতংকত চিঞৰি উঠিছিল ৷ তাৰ চিকিৎসাত দিন-ৰাতি এক কৰি দিছিলো ৷ বহু কষ্টৰ পিছত মোহনলালৰ অৱস্থা ভাললৈ আহিছিল ৷ তথাপিও পানীলৈ ভয় এটা আছিলেই ৷ এদিন তাক লৈ ৰাপ্তীৰ পাৰলৈ আহিছিলো ৷ পানী যুঁৱলিলৈ নামি তাক উৎসাহিত কৰিছিলো ৷ বহুত risk লৈয়ো এখন নাওঁৰে তাক ফুৰাই আনিছিলো , এইবোৰ চিকিৎসা বিধিত নাছিল ৷ মই মাথো মোৰ মতেৰে তাৰ হৃদয়ৰ পৰা পানীৰ ভয়বোৰ দুৰ কৰিব খুজিছিলো ৷ সি হুকহুকাই কান্দি দিছিল ৷ কৈ গৈছিল কি দৰে সৰুতে প্ৰলয়ংকৰী বানত তাৰ আই পিতা আৰু ভনীয়েকক হেৰুৱাইছিল ৷ এই কথাৰ শ্বকটো প্ৰথম কৈছিল সিদিনা ৷ পাৰলৈ আহি দেখিলো মোহনলালৰ মুখত এনে এটা হাঁহি, যেন বিৰাট ওজন কমি গ’ল ৷ তাৰ চিকিৎসা চলি থাকিল ৷ কেইদিনমান পিচত সি একদমেই নৰ্মেল বিহেভ কৰা আৰম্ভ কৰিলে ৷ এইবাৰ আকৌ তাক লৈ ৰাপ্তীৰ পাৰলৈ আহিলো ৷ তাৰ যে কত আনন্দ ৷ ছোৱালী মানুহে চলোৱা গাড়ীত আজি প্ৰথম উঠিছে বুলি ক’লে ৷ হাতেৰে খুটখাট কৰি মিউজিক চিষ্টেমটো বজাই দিওঁতে বাজি উঠিল—“পাৰ হৈ গ’ল ধুমুহা এজাক, ভাঙি থৈ মোৰ পজা…” সি বুৰ্বকৰ দৰে মোলৈ চালে ৷ মই ড্ৰাইভিং চিটৰ পৰা মুৰ জোকাৰি বন্ধ নকৰিবলৈ ক’লো ৷ আজিও তাক লৈ ৰাপ্তীত পুনৰ নৌকা বিহাৰ কৰিলো। এইবাৰ তাৰ কোনো ভয় শংকা নেদেখিলো ৷ ইতিমধ্যে HoD প্ৰফেছাৰ (ডা°) শ্ৰীবাস্তৱ ছাৰক কোনোবাই লগাই দিলে যে মোহনলালক লৈ সুকৃতি আকৌ নদীলৈ গৈছে ৷ ছাৰে তাক লৈ সিমান confident নাছিল আৰু মোৰ নাভূত-নাশ্ৰুত কাণ্ড-কাৰখানা বিলাকে আচৰিত কৰিছিল ৷ ছাৰে লগে লগেই বিচাৰি আহিল ৷ পাৰৰ পৰা ছাৰে চিঞৰি মাতে —‘সুকি এ ই ই সু ও ও কি….ঘুৰি আহা ৷ সি পানীত পৰি যাব পাৰে …..” ! প্ৰফেছাৰ (ডা°)শ্ৰীবাস্তৱে ৰাপ্তী নদীৰ পাৰত ডা°সুকৃতিক মাতে আৰু মই শুনা পাওঁ পাগলাদিয়াৰ কিনাৰত থিয় দি মোৰ দেউতাই তৃতীয় বা চতুৰ্থ শ্ৰেণীত পঢ়া সুকৃতিক চিঞৰি মাতে —-‘এ ই ই ই আপি ইমান দুৰ নেযাবি….এনেকৈ পানী নেখেলে এই মাই……এ ই ই ই আপি…. ঘুৰি আহ ….এ ই ই ই মাই ৷’ শব্দবোৰ যেন ধ্বনিত হৈ বাজি থাকে বুকুৰ পৰা বুকুলৈ ৷ পাৰ্থক্য মাথো নিষ্ঠুৰ সময়ৰ ৷ ……প্ৰফেছাৰ (ডা°) শ্ৰীবাস্তৱে সিদিনা মোক খং কৰিছিল ৷ দুদিন পিছত হাঁহিমুখে মোহনলাল গুচি গৈছিল ৷ মই ছাৰক একদম অফিচিয়েল কথা কেইটাৰ বাদে একো কোৱা নাছিলো ৷ কেইদিনমান পিছত ছাৰে হঠাতে মোক প্ৰস্তাৱ দিলে –“ব’লা আজি ৰাপ্তীৰ পাৰৰ পৰা আহোগৈ, তোমাক কিবা এটা দেখুৱাম।” ছাৰৰ সৈতে সেইদিনাও গ’লো ৰাপ্তীৰ পাৰলৈ ৷ সজল চকুৰে ছাৰে কৈ গ’ল —“ ছাৰৰ একমাত্ৰ ছোৱালীজনীয়ে এই ৰাপ্তীত জাপ দিয়েই মৰিছিল ৷” মই বৰ আচৰিত হৈ গৈছিলো ৷ কেতিয়াও জনা নাছিলো এই কথা ৷ ছাৰক মইনো কি ক’ম ভাবি পোৱা নাছিলো ৷ ঘুৰি অহাৰ বাটত ছাৰে কৈ গৈছিল —-“তোমাক দেখি মোৰ ছোৱালীৰ দৰেই লাগে বাবেই মই তোমাক ফৈজাবাদৰ পৰা গোৰখপুৰত attachment কৰা কথাত recommend কৰিছিলো ৷ সেইবাবেই তুমি ইয়াত ৷ অন্যথা তুমি ভবাৰ দৰে দৰ্খাস্ত দিলেই UP ত এইবোৰ কাম নহয় । ” মোৰ চকু আচৰিত হৈ ডাঙৰ হৈ গৈছিল ৷ ছাৰে আৰু কৈছিল–” শুনা ৷ ইমান risk ইয়াৰ পিছত আৰু নল’বা ৷ অঘটন হ’লে হিতে বিপৰীত হ’ব ৷” —মোক মোৰ আৱাসৰ আগত নমাই দিয়াৰ আগতে ছাৰে অলপ ৰস লগাই ক’বলৈ নেপাহৰিলে —“ তুমি যি খন স্কুলৰ ছাত্ৰী, মই সেইখনৰ প্ৰিন্সিপাল হৈ ৰিটায়াৰ হোৱা মানুহ বুজিলা (চমজি ক্যা?) ৷ ” ….পিছদিনা ছাৰক সুধিছিলো, ‘Sir may I hug you ?’ ছাৰে একো কোৱা নাছিল ৷ পাগলাদিয়াৰ পাৰত এজনী তৃতীয় নে চতুৰ্থ শ্ৰেনীত পঢ়া ছোৱালীয়ে যেন বহুযুগৰ পিছত দেউতাকক লগ পাই সাবটি ধৰিছিল……