• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, March 11, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Geography

ব্ৰহ্মপুত্ৰ-বৰাক নদী আৰু জৈৱ-বিচিত্ৰতা সংৰক্ষণ

সৌম্যদ্বীপ দত্ত

by Anjan Sarma
June 5, 2022
in Nature
Reading Time: 3 mins read
0
THE DEATH OF EIGHTEEN ELEPHANTS
Share on FacebookShare on TwitterShare on LinkedIn

জৈৱ-বিচিত্ৰতা

 সৌম্যদ্বীপ দত্ত

RelatedPosts

Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

March 2, 2026
তুষাৰ অদৃশ্য, বৰফ গলি আছে,  কিন্তু সুযোগ এতিয়াও আছে

Rivers at Risk: Climate-Induced Pressure, Conservation and Water Security in the Eastern Himalaya

March 2, 2026
Winter without Sleep: Kashmir’s Black Bears in a Warming World

Winter without Sleep: Kashmir’s Black Bears in a Warming World

March 1, 2026

জৈৱ-বিচিত্ৰতা : ভাৰতবৰ্ষৰ উত্তৰ-পূব প্ৰান্তত অৱস্থিত সুজলা-সুফলা-শস্য-শ্যামলা এখন অংগৰাজ্য আমাৰ অসম। নদীমাতৃক অসমৰ দুটা সমভূমি উপত্যকা—ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকা নামে খ্যাত। ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজেদি ব্ৰহ্মপুত্ৰ নদী আৰু বৰাক উপত্যকাৰ মাজেদি বৰাক নদী প্ৰবাহিত হৈ দুখন প্ৰধান প্লাৱন সমভূমি সৃষ্টি কৰিছে। ব্ৰহ্মপুত্ৰ নদী অসমৰ মাজেদি ৪৫০ কি.মি. পথ প্ৰৱাহিত হৈ যাওঁতে উত্তৰ আৰু দক্ষিণৰপৰা প্ৰায় ৩২টা প্ৰধান শাখা নদী সংযোগ হৈছে। ব্ৰহ্মপুত্ৰ নদীৰ বুকুত ৬০০ তকৈও অধিক সৰু-ডাঙৰ চাপৰি বা চৰ আছে। এই দুই নদীয়ে সময়ে সময়ে গতি পৰিৱৰ্তন কৰাৰ ফলত ইয়াৰ অৱবাহিকা অঞ্চলত প্ৰায় ৩৫১৩ খন বিভিন্ন আকাৰ আৰু আকৃতিৰ বিল সৃষ্টি হৈছে।

পৃথিৱীৰ মানচিত্ৰত ২৫.০২০ পৰা ২৬.০৬০ উত্তৰ অক্ষাংশ আৰু ৮৯.৫০০ পূব-দ্ৰাঘিমাংশৰ মাজত অসম অৱস্থিত। অসমৰ মুঠ মাটিকালি প্ৰায় ৭৮৪৩৮ বৰ্গ কি.মি. প্ৰতি বৰ্গ কি. মি.ত ২৮৬জন লোকে বসবাস কৰে। অসমৰ মুঠ জনসংখ্যা প্ৰায় ৩,০৯,৪০,০০০ জন। অসমত যথেষ্ট পৰিমাণে বৰষুণ হয়। এই বৰষুণৰ পৰিমাণ ১৭৮০ মিলিমিটাৰৰপৰা প্ৰায় ৩০৫০ মিলিমিটাৰলৈকে; বাৰিষাত স্বাভাৱিক ভাৱেই বৰষুণ পৰিমাণ যথেষ্ট বৃদ্ধি পায়। অসমৰ গড় উষ্ণতা প্ৰায় ২২০ চেলছিয়াছ। অসমৰ ভূমিভাগ সমুদ্ৰ পৃষ্ঠৰপৰা ১০০ মিটাৰৰপৰা ১৪০০ মিটাৰ পৰ্যন্ত উচ্চতাত অৱস্থিত।

অসমৰ ভূ-ভাগৰ কিছু অঞ্চল যেনেকৈ অৰণ্যই আগুৰি আছে ঠিক তেনেকৈ জলভাগৰ বা আর্দ্ৰভূমিৰো এটা ডাঙৰ অঞ্চল অৰণ্যৰে পৰিপূৰ্ণ। অসমৰ নগৰ, চহৰ আৰু গাঁও অঞ্চলৰ মাজে মাজেও কিছুমান অৰণ্য পৰিলক্ষিত হয়। অসমৰ সামগ্ৰিক অৰণ্যৰ পৰিমাণ সঠিককৈ কোৱা টান। তথাপি ১৯৯৯ চনৰ ফৰেষ্ট চার্ভে অফ ইণ্ডিয়া (Forest Survey of India)ৰ তথ্যমতে অসমত সর্বমুঠ সংৰক্ষিত অৰণ্যৰ পৰিমাণ (Reserve forest area in Assam) ১৫,২০৩ বৰ্গ কিল’মিটাৰ, কিন্তু মুঠ নথিভুক্ত বনভূমিৰ (Total Recorded Forest Area)ৰ পৰিমাণ ২৬,২১৮ বৰ্গকিল’মিটাৰ।

ব্ৰহ্মপুত্ৰ-বৰাক নদী আৰু জৈৱ-বিচিত্ৰতা সংৰক্ষণ

উল্লেখযোগ্য যে ২৬,২১৮ বৰ্গকিলোমিটাৰ নথিভুক্ত অৰণ্যভূমিৰ মাত্ৰ ১৪,৫১৭ বৰ্গ কিল’মিটাৰ অঞ্চলহে ঘন অৰণ্যই আৱৰি আছে। অসমত আমি বিভিন্ন ধৰণৰ অৰণ্য দেখিবলৈ পাওঁ-পৰ্ণপাতী বৃক্ষৰ অৰণ্য, চিৰহৰিৎ বৃক্ষৰ অৰণ্য, ঘাঁহনি অঞ্চল, আৰ্দ্ৰভূমি অৰণ্য, মিশ্ৰ বনাঞ্চল, বৰ্ষাৰণ্য, নদীকাষৰীয়া অৰণ্য, শিলাময়-ৰুক্ষ-গুল্ম অৰণ্য অঞ্চল, থিয় পাহাৰৰ শিলৰ ভাঁজে ভাঁজে গজি উঠা অৰণ্য আৰু বোকাময় জলজ উদ্ভিদৰ অৰণ্য। অৰণ্যৰ এই তাৰতম্যৰ বাবে অৰ্থাৎ বাসস্থানৰ এই ভিন্নতাৰ বাবে অসমত বিভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণীৰ বাস। জৈৱ বৈচিত্ৰ্যৰ প্ৰাচুৰ্যত অসমে বিশ্বৰ ভিতৰত শীৰ্ষস্থান দখল কৰিছে। অসমৰ নিচিনা বিভিন্ন প্ৰজাতিৰ বৈশিষ্ট্য ভাৰতৰ আন কোনো অঞ্চলত পৰিলক্ষিত নহয়। অসমৰ বনভূমিয়ে প্ৰতিনিধিত্ব কৰিছে কেইটামান বিশেষ জৈৱ-ভৌগোলিক (Biogeographical) অঞ্চলক।

ভাৰত ভূ-খণ্ডৰ লগত ইণ্ডো-মালায়ান আৰু ইণ্ডো-চীন জৈৱ-ভৌগলিক অঞ্চলৰ যেন সংমিশ্ৰণ বা সংস্পৰ্শ ঘটিছে আমাৰ অসমত। এই বিশেষ ভৌগলিক অৱস্থানৰ বাবে সমগ্ৰ দক্ষিণ-পূব এছিয়াৰ ভিতৰতে অসম জৈৱ-বৈচিত্ৰ্যত আটাইতকৈ চহকী। অসমত ৩০১৭ প্ৰজাতিৰ সপুষ্পক উদ্ভদ দেখিবলৈ পোৱা যায়। অসমৰ হাবিত প্ৰায় ৪২ প্ৰজাতিৰ বাঁহ আৰু ১৪ প্ৰজাতিৰ বেত আছে। স্তন্যপায়ী বন্যপ্ৰাণীৰ ক্ষেত্ৰতো অসম অতি চহকী। অসমত মুঠ ২৩০ বিধ প্ৰজাতি আৰু উপ-প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী আছে। তাৰ ভিতৰত ৪৪ বিধ প্ৰজাতি লুপ্তপ্ৰায় বন্যপ্ৰাণীৰ তালিকাভুক্ত. অসমৰ হাবিত ৮ প্ৰজাতিৰ মেকুৰী জাতীয় প্ৰাণী পোৱা যায়।

ব্ৰহ্মপুত্ৰ-বৰাক নদী আৰু জৈৱ-বিচিত্ৰতা সংৰক্ষণ
Photo by Jonny Lew on Pexels.com

তাৰোপৰি, নলগাহৰি, ঘাগৰি কটা শহা আদিৰ নিচিনা প্ৰাণী ভাৰতৰ ভিতৰত অকল অসমতেই পোৱা যায়। পৃথিৱীৰ একখৰ্গযুক্ত গঁড়ৰ সর্ববৃহৎ সংখ্যা অসমতেই জীয়াই আছে। বনৰীয়া চৰাইৰ ক্ষেত্ৰতো অসম যথেষ্ট চহকী। অসমত ৯৫০ বিধতকৈও অধিক বনৰীয়া চৰাই দেখিবলৈ পোৱা যায়। বান্দৰজাতীয় প্ৰাণীৰ ভিন্নতাৰ ক্ষেত্ৰতো ভাৰতবৰ্ষৰ ভিতৰত অসম সৰ্বপেক্ষা বেছি চহকী। ভাৰতবৰ্ষৰ মুঠ ১৫ বিধ বান্দৰ প্ৰজাতিৰ ভিতৰত অকল অসমতেই পোৱা যায় ৯ বিধ। তাৰ ভিতৰত ভাৰতবৰ্ষত পোৱা একমাত্ৰ ‍‘এপ’—গিবন অকল অসমতেই পোৱা যায়।

অসমত ২১০ প্ৰজাতিৰ উভচৰ, ৭ প্ৰজাতিৰ সৰীসৃপ, ৯৬২ প্ৰজাতিৰ পখিলা আৰু মথ আৰু প্ৰায় ২০০ প্ৰজাতিৰ মাছ এতিয়ালৈকে নথিভুক্ত কৰা হৈছে। অসমৰ বন্যপ্ৰাণীবোৰক স্তন্যপ্ৰায়ী বন্যপ্ৰাণী, বনৰীয়া চৰাই, আৰু উভচৰ আৰু সৰীসৃপ-এই তিনিটা সাধাৰণ ভাগত ভাগ কৰি আলোচনা কৰিব পাৰি। এই তিনি ভাগৰ উপৰিও পতংগ, মাছ আৰু শামুকজাতীয় অসংখ্য বন্যপ্ৰাণী অসমত আছে। অসমৰ বন্যপ্ৰাণীবোৰক লৈ বিস্তাৰিত আলোচনা কৰিবলৈ গ’লে এখন শকত কিতাপো কিজানি যথেষ্ট নহ’ব।

ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী হ’ল অসমৰ দুটা প্ৰধান জীৱনৰেখা। এই দুই নদীৰ প্ৰাণধাৰাৰ মাজতে প্ৰতিপালিত হয় অসমৰ প্ৰাণসম্পদ। আমাৰ অসমৰ নদীবোৰে অসমৰ জৈৱ-বিচিত্ৰতাৰ প্ৰতিপালক। অসমৰ জৈৱ-বিচিত্ৰতাক বচাবৰ হ’লে আমাৰ নদীবোৰক সংৰক্ষণ কৰিব লাগিব। নদী আৰু জৈৱ-বৈচিত্ৰতাৰ এৰাব নোৱৰা সম্পৰ্ক বিদ্যমান।

যোৱা কেই দশক ধৰি বন, বন্যপ্ৰাণী আৰ পৰিৱেশ সংৰক্ষণৰ উদ্দেশ্য যিকেইটা শব্দ বৰ বেছিকৈ ব্যৱহৃত হৈ আহিছে তাৰ ভিতৰত অন্যতম প্ৰধান শব্দ এটা হৈছে বায়’ডাইভাৰচিটী নামৰ শব্দটো। Bio-diversity নামৰ ইংৰাজী শব্দটোৰ অসমীয়া প্ৰতিশব্দ জৈৱ-বিচিত্ৰতা বা জীৱ বিচিত্ৰতা। জীৱ-বিচিত্ৰতা বা জৈৱ-বিচিত্ৰতা নামৰ শব্দটোও অসমীয়াত আজি বহুলভাৱে ব্যৱহৃত। কিন্তু শব্দৰ বহুল ব্যৱহাৰ হ’লেও কাৰ্যক্ষেত্ৰত জৈৱ-বিচিত্ৰতাৰ বাস্তৱ সংৰক্ষণৰ প্ৰচেষ্টা অসমত দুৰ্বল। তাৰ কাৰণ আমাৰ সাধাৰণ মানুহবোৰৰ মাজত জৈৱ-বিচিত্ৰতা সংৰক্ষণৰ চেতনাবোধ আৰু ইয়াৰ সম্পৰ্কে স্পষ্ট ধাৰণাৰ অভাৱ। জৈৱ-বিচিত্ৰতা সম্পৰ্কে সাধাৰণ মানুহৰ স্বচ্ছ ধাৰণাই, মানুহক জৈৱ-বিচিত্ৰতা সংৰক্ষণৰ কাৰণে অধিক আগ্ৰহী কৰি তুলিব।

সাধাৰণতে আমি জৈৱ-বিচিত্ৰতা বুলি ক’লে প্ৰাণৰ বিচিত্ৰতা বা জীৱনৰ বিচিত্ৰতা বুজো, আমি যে আমাৰ চাৰিওপাশে বিভিন্ন প্ৰজাতিৰ প্ৰাণী দেখো, বিভিন্ন প্ৰজাতিৰ উদ্ভিদ দেখো, এই সকলোবোৰকেই সামগ্ৰিকভাৱে কোৱা হয় জৈৱ-বিচিত্ৰতা, অৰ্থাৎ আমি ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ শাক-পাচলি, বিভিন্ন ধৰণৰ দাইল, চাউল, মচলা, ফল-ফুল, বিভিন্ন ধৰণৰ মাছ, শামুক, পোক-পৰুৱা, বিভিন্ন ধৰণৰ স্তন্যপ্ৰায়ী প্ৰাণী, বিভিন্ন প্ৰজাতিৰ চৰাই, সৰীসৃপ, গৃহপালিত জন্তু আৰু সমস্ত বন্যপ্ৰাণী, সকলো একত্ৰিতভাৱে ‍‘বায়’ডাইভাৰচিটী’ বা ‍‘জৈৱ-বিচিত্ৰতা।’ এতিয়া জৈৱ-বিচিত্ৰতা বা জীৱ-বিচিত্ৰতা বুলি ক’লে অকল জীৱ বা জৈৱকে বুজায় নেকি? অজৈৱ বা জড় পদাৰ্থ কি জৈৱ-বিচিত্ৰতাৰ অংগ নহয়? এই কথাটো ভালকৈ বুজিবলৈ হ’লে জৈৱ-বিচিত্ৰতাৰ কথা আমি অলপ বহলাই আলোচনা কৰিব লাগিব।

ব্ৰহ্মপুত্ৰ-বৰাক নদী আৰু জৈৱ-বিচিত্ৰতা সংৰক্ষণ
Photo by MANOJ POOSAM منوج پوسم on Pexels.com

জৈৱ-বিচিত্ৰতাক সাধাৰণতে তিনিটা প্ৰধান ভাগত ভাগ কৰা হয়। তাৰ প্ৰথমটো হৈছে—Species Diversity বা প্ৰজাতিৰ বিচিত্ৰতা। প্ৰজাতিৰ বিচিত্ৰতা মান ভিন ভিন প্ৰজাতি, যেনে—বাঘ, হাতী, গঁড়, শিয়াল, মেকুৰী, বৰটোকোলা চৰাই, ভাটৌ চৰাই, গুঁই, অজগৰ আমগছ, শিমলু গছ, পানীমেটেকা ইত্যাদি। অৰ্থাৎ আমি এই পৃথিৱীত যিমান ধৰণৰ ভিন ভিন জীৱ বা প্ৰাণী দেখিবলৈ পাওঁ সিহঁতসকলো প্ৰজাতিৰ বিচিত্ৰতাৰ ভিতৰত পৰে। জৈৱ-বিচিত্ৰতাৰ দ্বিতীয় ভাগ হ’ল—বাসস্থানৰ ভিন্নতা বা Habitat Diversity।

বাসস্থানৰ ভিন্নতাৰ অৰ্থ হৈছে পৃথিৱীৰ ভিন্ন ভিন্ন প্ৰজাতিবোৰৰ কাৰণে ভিন্ন ভিন্ন বাসস্থানৰ প্ৰয়োজন হয়, যেনেধৰণে মাছৰ কাৰণে প্ৰয়োজন পানীৰ বাসস্থান, বান্দৰৰ কাৰণে প্ৰয়োজন ডাঙৰ গছৰ বাসস্থান, উটৰ কাৰণে প্ৰয়োজন মৰুভূমিৰ বাসস্থান, আকৌ তিমি মাছৰ কাৰণে প্ৰয়োজন সাগৰীয় বাসস্থান। ঠিক তেনেকৈ যদি এখন হাবিত বাঘ থাকে, তেনেহ’লে সেই বাঘৰ কাৰণে এক বিশেষ ধৰণৰ অৰণ্যৰ প্ৰয়োজন। সেই একেইখন অৰণ্যতে যদি শিয়াল থাকে তাৰ কাৰণে আকৌ ভিন্ন ধৰণৰ বাসস্থানৰ প্ৰয়োজন।

অনুৰূপভাৱে একেখন অৰণ্যত বাস কৰা কেৰ্কেটুৱা, বনৰৌ, নেউল, গুই, লতা মাকৰি ইত্যাদি প্ৰাণীবোৰ স্বতন্ত্ৰ সুকীয়া সুকীয়া বাসস্থানত জীৱন নিৰ্বাহ কৰে। এই যে ভিন ভিন প্ৰজাতিৰ কাৰণে ভিন্ন ভিন্ন বাসস্থানৰ তাৰতম্যৰ প্ৰয়োজন হয়—এই বাসস্থানৰ ভিন্নতাক কোৱা হয় Habitat Diversity। এইটোও জৈৱ-বিচিত্ৰতাৰ এক গুৰুত্বপূৰ্ণ ভাগ। যিহেতু ভিন্ন ভিন্ন প্ৰজাতিৰ বাসস্থান ভিন ভিন আৰু এই বাসস্থানত অন্তর্ভুক্ত হৈ আছে বহু অজৈৱ পদার্থ, যেনে—মাটি, পাথৰ বা পাথৰৰ গুহা, শিল-বালি-পানী ইত্যাদি সেয়েহে অজৈৱ পদার্থবোৰৰ যিসকলৰ প্ৰাণীৰ বাসস্থানৰ সৈতে অংগাংগীভাৱে জড়িত সেইবোৰো জৈৱ-বিচিত্ৰতাৰ অংগ।

ব্ৰহ্মপুত্ৰ-বৰাক নদী আৰু জৈৱ-বিচিত্ৰতা সংৰক্ষণ
Photo by mark broadhurst on Pexels.com

জৈৱ-বিচিত্ৰতাৰ তৃতীয়টো ভাগ—জিনগত বিচিত্ৰতা বা Genetic Diversity। এইটোও জৈৱ-বিচিত্ৰতাৰ এক গুৰুত্বপূৰ্ণ ভাগ। একে প্ৰজাতিৰ মাজত যি ভিন্নতা বা তফাৎ পৰিলক্ষিত হয়, সেয়া হয় জিনৰ তাৰতম্যৰ কাৰণে। সেই কাৰণে তাক কোৱা হয় জিনগত বিচিত্ৰতা। অৰ্থাৎ একে প্ৰজাতিৰ মাজত যি ভিন্নতা থাকে তাকে কোৱা হয় জিনগত বিচিত্ৰতা। কথাটো আৰু অলপ সহজভাৱে বুজাবলৈ চেষ্টা কৰিলো, যেনে ধৰক আমি সকলোৱেই মানুহ (এটা প্ৰজাতি), কিন্তু একে প্ৰজাতি হোৱা সত্ত্বেও আমাৰ প্ৰত্যেকৰ মাজত যথেষ্ট তফাৎ বা তাৰতম্য আছে। আমি কোনোবা ওখ—কোনোবা চাপৰ, আমাৰ শৰীৰৰ ত্বক বা ছাল কাৰোবাৰ বগা, কাৰোবাৰ ক’লা, কাৰোবাৰ আকৌ তামবৰণীয়া, আমাৰ চকুৰ মণিৰ বৰণ ভিন্ন ভিন্ন, আমাৰ চুৰি বৰণ-গঠন আৰু ঘনত্ব ভিন ভিন, কাৰোবাৰ মাংসপেশীত শক্তি বেছি, কাৰোবাৰ আকৌ চিন্তা কৰাৰ শক্তি বেছি ইত্যাদি। এই যে এটা প্ৰজাতি হোৱা সত্ত্বেও আমাৰ মাজত এই ব্যাপক তাৰতম্য পৰিলক্ষিত হয়, যাক কোৱা হয় জিনগত বিচিত্ৰতা বা Genetic Diversity আৰু এইটোও জৈৱ-বিচিত্ৰতাৰ এটা প্ৰধান ভাগ।

এতিয়া ধৰক, মই যদি কওঁ নেচার্ছ বেকন নামৰ সংগঠনটোৰ সদস্যসকলে জৈৱ-বিচিত্ৰতা সংৰক্ষণৰ কাৰণে কাম কৰে, লগে লগে আপুনি বুজিব পাৰিব যে তাৰমানে—এই সংগঠনৰ সৈতে যুক্ত ব্যক্তিসকলে প্ৰজাতিৰ সংৰক্ষণৰ কাৰণে কাম কৰে, প্ৰজাতিৰ বাসস্থান সংৰক্ষণৰ বাবে কাম কৰে আৰু একেই প্ৰজাতিৰ ভিতৰ যি ভিন্নতা তাৰ সংৰক্ষণৰ কাৰণেও কাম কৰে। ‍‘জৈৱ-বিচিত্ৰতা’ বহুকথাৰ সামগ্ৰিকভাৱে এটা পৰিভাষা।

জৈৱ-বিচিত্ৰতা আমাৰ প্ৰত্যেকৰ জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত এক অবিচ্ছেদ্য জীৱনীশক্তিৰ নামান্তৰ মাত্ৰ। আপোনাৰ-মোৰ স্বাস্থ্য, জীৱন ধাৰণ, জীৱিকা, বিকাশ গোটেইখিনি নিৰ্ভৰ কৰে জৈৱ-বিচিত্ৰতাৰ ওপৰত। আমি বহু সময়ত এক মাৰত্মক ভুল ধাৰণাৰ বশৱৰ্তী হৈ আমাৰ চিন্তাক পৰিচালিত কৰো বা আমাৰ চিন্তা ভুল ধাৰণাৰ বশৱৰ্তী হৈ থাকে। ভ্ৰমবশতঃ আমি ভাবো—‍‘অৰ্থ বা টকাই আমাক সকলো বস্তু দিব পাৰে।’ কিন্তু আপুনি অলপ ভালকৈ চিন্তা কৰি চাওক, ‍‘টকা’ হ’ল প্ৰয়োজনীয় বস্তুবোৰ সংগ্ৰহ কৰাৰ এটা মাধ্যম, টকাই আপোনাক সুস্বাস্থ্য দিব নোৱাৰে, অকল টকাই ছাত্ৰ-ছাত্ৰী আৰু সন্তানৰ পৰিপুষ্টি আৰু মানসিক বিকাশ সাধন কৰিব নোৱাৰে, টকাই আমাৰ পৰৱৰ্তী প্ৰজন্মক এই পৃথিৱীৰ বা এই ভূমিত সুৰক্ষিত ৰখাৰ প্ৰতিশ্ৰুতিও দিব নোৱাৰে, কিন্তু এই গোটেইখিনি সম্ভৱ হ’ব পাৰে জৈৱ-বিচিত্ৰতাৰ ন্যায্য ব্যৱহাৰ আৰু সংৰক্ষণৰ মাধ্যমেৰে।

টকা এনেকুৱা এটা কৃত্ৰিম উপাদান যিটোৰে আমি মানুহৰ শ্ৰম ক্ৰয় কৰো, কিন্তু প্ৰকৃতিত যদি জৈৱ-বিচিত্ৰতাৰ অভাৱ ঘটে বা কোনো কাৰণত যদি জৈৱ-বিচিত্ৰতা বিপৰ্যস্ত হয়, তেনেহ’লে টকা আমাৰ ওচৰত হৈ উঠিব মূল্যহীন। পৃথিৱীত আমিয়ে হয়তো সকলোতকৈ গৰ্বিত আৰু অহংকাৰী প্ৰজাতি, যিসকলে আত্ম-অহংকাৰত বিপৰ্যস্ত কৰি তুলিছে পৃথিৱীৰ পৰিৱেশ। আমাৰ মাজত এনেকুৱা এটা ধাৰণাৰ আবিৰ্ভাৱ হৈছে যাৰদ্বাৰা আমি ভাবো যে আমাৰ বৰ্তমানৰ সুখ-স্বাচ্ছন্দ্যৰ যিবোৰ আহিলা আছে সেই আটাইবোৰকে আমি অৰ্থাৎ মানুহবোৰে তৈয়াৰ কৰিছো। কিন্তু আপুনি ভালদৰে আকৌ এবাৰ ভাবি চাওক, আপোনাৰ চাৰিওকাষত যিবোৰ কৃত্ৰিম বস্তু আছে তাৰ কোনোটোৱেই মানুহে তৈয়াৰ কৰা নাই, যেনে ধৰক—আপুনি বৰ্তমানে পিন্ধি থকা কাপোৰ-কানিবোৰ, যিখন চকীত আপুনি বহি আছে সেই চকীখন, যিটো ঘৰত আপুনি আছে সেই ঘৰটো, আপোনাৰ কোঠাটোৰ বিজুলীবাতি, ফোন আৰু তাৰৰ বিদ্যুৎবোৰ, আপোনাৰ হাতত থকা বাতৰি-কাকতখন ইত্যাদি গোটেইবোৰ বস্তু। আমি কওঁ ‍‘এইবোৰ মানুহে তৈয়াৰ কৰিছো’, ‍‘মানুহে বনাইছে’, কিন্তু আচলতে এই গোটেইবোৰ বস্তু আমি অৰ্থাৎ মানুহে শ্ৰম আৰু বুদ্ধি প্ৰয়োগ কৰি অকল ৰূপান্তৰহে কৰিছো, এই বস্তুবোৰ আচলতে উৎপাদিত হৈছিল জৈৱ-বিচিত্ৰতাৰ মাজত।

জৈৱ-বিচিত্ৰতাই আচল প্ৰগতি আৰু সমৃদ্ধিৰ আকৰস্বৰূপ। প্ৰত্যেক দিনা বা প্ৰত্যেক সপ্তাহত আপুনি যেতিয়া বজাৰলৈ যায় বা আপোনাৰ পৰিয়ালৰ কাৰণে যেতিয়া কাৰোবাক কিছু টকা দি বজাৰ কৰিবলৈ পঠিয়ায় তেতিয়া আচলতে জৈৱ-বিচিত্ৰতা সংগ্ৰহ কৰিবলৈ যোৱা হয়। এতিয়া যদি আমাৰ প্ৰকৃতিত বা ৰাজ্যত জৈৱ-বিচিত্ৰতাৰ প্ৰাচুৰ্যতাই নাথাকে, তেনেহ’লে আপুনি সংগ্ৰহ কৰিব কি?

আজি জৈৱ-বিচিত্ৰতাৰপৰা আমাৰ বজাৰবোৰলৈ আহে বিভিন্ন প্ৰজাতিৰ মাছ, শাক-পাচলি, ফল-মূল, ফুল আৰু বিভিন্ন বীজ আৰু বিভিন্ন ব্যৱহাৰ্য বস্তু। জৈৱ-বিচিত্ৰতাৰ ওপৰত আমি প্ৰত্যেকে সম্পূৰ্ণ নিৰ্ভৰশীল—যিয়ে যিমান ধনী নহওক কিয় আৰু যিমান দুখীয়াই নহওক কিয়, জৈৱ-বিচিত্ৰতাৰ নিৰ্ভৰশীলতাৰ মাপকাঠিত সকলোৱে সমান। আজি ইউৰোপ, আমেৰিকা আৰু পাশ্চাত্যৰ দেশবোৰে লক্ষ লক্ষ টকা বা ডলাৰ-আফ্ৰিকা, এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ দেশবোৰৰ অৰণ্য তথা জৈৱ-বিচিত্ৰতাৰ সংৰক্ষণৰ কাৰণে খৰচ কৰে, তাৰ কাৰণ হ’ল—শিক্ষিত আৰু দূৰদৃষ্টিসম্পন্ন দেশৰ নাগৰিকসকলে জানে—পৃথিৱীত জৈৱ-বিচিত্ৰতাৰ অভাৱ হ’ল সিহঁতৰ অৰ্থ হৈ পৰিব মূল্যহীন। সেয়েহে জৈৱ-বিচিত্ৰতাৰ সংৰক্ষণৰ কাৰণে অৰ্থ ব্যয় কৰা মানেই হৈছে প্ৰকৃতাৰ্থত অৰ্থৰ মূল্য কায়েম ৰখা।

ব্ৰহ্মপুত্ৰ-বৰাক নদী আৰু জৈৱ-বিচিত্ৰতা সংৰক্ষণ

বৰ্তমানে আমাৰ ব্যৱসায়-বাণিজ্য, পৰম্পৰাগত সংস্কৃতি আনকি ৰোগ নিবাৰণৰ কাৰণে প্ৰয়োজনীয় ঔষধ-পাতি, গোটেইখিনি নিৰ্ভৰ কৰে জৈৱ-বিচিত্ৰতাৰ ওপৰত। আমাৰ অৰণ্য আৰু জলাহ ভূমিবোৰ জৈৱ-বিচিত্ৰতাৰ ভাণ্ডাৰ স্বৰূপ। জৈৱ-বিচিত্ৰতাক সংৰক্ষণ কৰাৰ অৰ্থ হৈছে সম্পূৰ্ণ পৰিস্থিতি-তন্ত্ৰটোকেই এক স্থিৰ বিন্দুত প্ৰতিষ্ঠিত কৰা। জৈৱ-বিচিত্ৰতাত সমৃদ্ধশালী হোৱা যেন এক প্ৰাকৃতিক আশীৰ্বাদ। ইউৰোপ, আমেৰিকা বা পাশ্চাত্যৰ দেশবোৰতকৈ জৈৱ-বিচিত্ৰতাত ইমান সমৃদ্ধিশালী হৈয়ো ইয়াৰ সংৰক্ষণৰ ক্ষেত্ৰত আমি ইমান উদাসীন কিয়?

তাৰ কাৰণ হ’ল, আমি আমাৰ তৃণমূল পৰ্যায়ৰ মানুহবোৰক জৈৱ-বিচিত্ৰতা সম্পৰ্কে ভালকৈ বুজাবলৈ সক্ষম হোৱা নাই। এটা সময় আছিল যেতিয়া আমাৰ সমাজ পৰিচালিত হৈছিল ধাৰ্মিক, আধ্যাত্মিক আৰু পৰম্পৰাগত পৰিকাঠামোৰ আধাৰত। তেতিয়া আমাৰ পিতামহ, প্ৰ-পিতামহ আৰু আধ্যাত্মিক মহাপুৰুষসকলে সামাজিক নীতি-নিয়মৰ মাজেৰে আমাক শিকাইছিল জৈৱ-বিচিত্ৰতা সংৰক্ষণৰ কথা আৰু আমাৰ জীৱন প্ৰক্ৰিয়াত তাৰ প্ৰভাৱ আছিল অপৰিসীম। কিন্তু আধুনিক প্ৰগতিৰ লগত তালত তাল মিলাবলৈ গৈ আমি যেন আজি কক্ষচ্যুত। আজি আমি পৰম্পৰাগত ধ্যান-ধাৰণাৰ সংবিধানৰ মাজত আবদ্ধ নহয়, আকৌ সম্পূৰ্ণ আধুনিক বিজ্ঞানভিত্তিক যুক্তিৰ ন্যায্য সমর্থকো নহয়। সেই কাৰণে আজি আমাৰ সমাজত সংৰক্ষণৰ দেৱাল দুৰ্বল।

আমাৰ প্ৰকৃতিক অৰণ্যবোৰ জৈৱ-বিচিত্ৰতাৰ ভাণ্ডাৰ স্বৰূপ। সেয়েহে অৰণ্য সংৰক্ষণৰ লগত জৈৱ-বিচিত্ৰতা সংৰক্ষণৰ কথাটো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। অসমত জৈৱ-বিচিত্ৰতা সংৰক্ষণৰ লক্ষ্য আগত ৰাখি অসমৰ কিছুমান সমৃদ্ধিশালী অৰণ্যক অভয়াৰণ্যৰূপে সংৰক্ষিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। অসমত এই অভয়াৰণ্য গঠনৰ আন্দোলনৰ জৰিয়তে বহু গুৰুত্বপূৰ্ণ জৈৱ-বিচিত্ৰতা পূৰ্ণ অঞ্চলক অভয়াৰণ্যৰূপে সংৰক্ষিত কৰা সম্ভৱ হৈছে।

ব্ৰহ্মপুত্ৰ-বৰাক নদী আৰু জৈৱ-বিচিত্ৰতা সংৰক্ষণ

এতিয়াও অৱহেলিত তথা অসংৰক্ষিত হৈ আছে আমাৰ বৰাক-ব্ৰহ্মপুত্ৰ অৱবাহিকা অঞ্চলৰ কিছুমান আপুৰুগীয়া অৰণ্য। যিকোনো মূল্যৰ বিনিময়ত আমি আমাৰ জৈৱ-বৈচিত্ৰতাৰ ভাণ্ডাৰ স্বৰূপ প্ৰকৃতি-প্ৰদত্ত এই অৰণ্যবোৰক সংৰক্ষিত কৰিব লাগিব। নহ’লে ভৱিষ্যতে ৰুদ্ধ হৈ পৰিব আমাৰ সম্ভাৱনাময় চিৰস্থায়ী প্ৰগতিৰ সকলো সুবিধা আৰু সম্ভাৱনা। সেয়েহে ভাৰতৰ বৈদিক মন্ত্ৰত বাৰম্বাৰ উচ্চাৰিত হৈছে, আবাহন কৰা হৈছে অৰণ্যক—

‍‘পুষ্পৱতীঃপ্ৰসূমতীঃফলিনীৰফলাউত।

সং মাতাৰ ইব দুহ্মাম্ অস্মা অৰিষ্টতাতয়ে।।’’

(নৱ নৱ ৰূপত পত্ৰ-পুষ্পত সমাচ্ছন্ন ইহঁতৰ লতা আৰু শাখা ফলৱতীয়েই হওক নাইবা অফলদায়কেই হওক সকলোৱে আমাক সৰ্ববিঘ্নৰ পৰা মুক্ত কৰক। সন্মিলিত স্নেহময়ী মাতৃসকলৰ দৰে এওঁলোকে স্নেহস্তন্যৰসত অভিষিক্ত কৰি আমাৰ নীৰসতা আৰু প্ৰাণহীনতা সকলোপ্ৰকাৰে বিদূৰিত কৰক।)

সহায়ক গ্ৰন্থঃ-

১। অসমৰ নদ-নদী, — ড০ যোগেন্দ্ৰনাথ শৰ্মা, অসম সাহিত্য সভা, ২০০৮
২। বিপন্ন ধৰিত্ৰী সংকটত বন্য প্ৰাণী,—সৌম্যদ্বীপ দত্ত, জ্যোতি প্ৰকাশন, ২০১২
৩। অসমৰ চৰাই পৰ্যবেক্ষণৰ হাতপুথি, — সৌম্যদ্বীপ দত্ত, বনফুল প্ৰকাশন, ২০১১
৪। অসমৰ প্ৰাইমেট, — সৌম্যদ্বীপ দত্ত, নেচাৰ্চ বেকন, ২০০৭
৫। অসমৰ বনৰীয়া মেকুৰী, — সৌম্যদ্বীপ দত্ত, ভৱানী, ২০১০
৬। অসমৰ স্তন্যপায়ী বন্যজন্তু, — সৌম্যদ্বীপ দত্ত, বনফুল প্ৰকাশন, ২০১২
৭। সন্ধ্যালাপ — সম্পাদকঃ ড০ মুকুল কুমাৰ শৰ্মা, ২০০৯

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: ব্ৰহ্মপুত্ৰ-বৰাক নদী আৰু জৈৱ-বিচিত্ৰতা সংৰক্ষণ
Anjan Sarma

Anjan Sarma

Related Posts

Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action
Climate Change

Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

by Mohan Khound
March 2, 2026
0

Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action MOHAN KHOUND Shillong, March 2,...

Read moreDetails
তুষাৰ অদৃশ্য, বৰফ গলি আছে,  কিন্তু সুযোগ এতিয়াও আছে

Rivers at Risk: Climate-Induced Pressure, Conservation and Water Security in the Eastern Himalaya

March 2, 2026
Winter without Sleep: Kashmir’s Black Bears in a Warming World

Winter without Sleep: Kashmir’s Black Bears in a Warming World

March 1, 2026
Is the Greater Nicobar Mega Project Worth the Environmental Cost?

Is the Greater Nicobar Mega Project Worth the Environmental Cost?

February 28, 2026
পৰিৱেশ সংৰক্ষণত নাৰী

মানস প্ৰতিম দত্তৰ প্ৰকৃতি সাহিত্যঃ এক অৱলোকন

February 28, 2026
Ten Years of the Paris Agreement

Ten Years of the Paris Agreement

February 26, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Air Quality Management System Handed Over to Bajali HS School by Forest Department, Bajali District Administration & Mahabahu Climate Forum

Air Quality Management System Handed Over to Bajali HS School by Forest Department, Bajali District Administration & Mahabahu Climate Forum

March 10, 2026
বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

March 10, 2026
Musk

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

March 10, 2026
How is this Middle-East War 2026 different?

How is this Middle-East War 2026 different?

March 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    28373 shares
    Share 11349 Tweet 7093
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11354 shares
    Share 4542 Tweet 2839
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    119 shares
    Share 48 Tweet 30
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    110 shares
    Share 44 Tweet 28
  • Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

    105 shares
    Share 42 Tweet 26
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3521 shares
    Share 1408 Tweet 880
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    79 shares
    Share 32 Tweet 20
  • Hundreds of Food Paradoxes : One best solution

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d