-মৰিয়োম জাকিয়া ইম্মু |
( নাৰী-দিৱস উপলক্ষে)
“ইহঁতে এনেকুৱা চুটি কাপোৰ পৰিধান কৰি ফুৰিব আৰু কিবা হলেই পুৰুষৰ দোষ”, এজন সহযাত্ৰীৰ মন্তব্যত নীলাই পিছফালে উভতি চালে । বাছত অহা যোৱা কৰোঁতে সদায় কিমান যে কথা শুনিবলৈ পায় তাই। নীলাই খুব বেছি গুৰুত্ব নিদিয়ে, মূল কথাটো তাইৰ জনা আছে, ‘দেশৰ মানুহে যিমানেই নাৰীবাদী হওঁক, মুক্ত বাটত সিহঁতেই কেঁচা চোবাই খায়।’ পূৰ্বৰ দৰে আজিও নীলাই একো নোকোৱাকৈ যাব বিছাৰিছিল, এনেতে মানুহজনে আকৌ মন্তব্য কৰিলে, “হয় তোমাকেই কৈছোঁ”, প্ৰায় ষাঠি বছৰ বয়সৰ এজন বৃদ্ধ পুৰুষে প্ৰাপ্তবয়স্ক লোক (চিনিয়ৰ চিটিযেন)ৰ সংৰক্ষিত আসনত বহি মন্তব্য কৰিছে, “কৈছোঁ তোমালোক আজিকালিৰ ছোৱালীহতে ভিতৰৰ কাপোৰ দেখুৱাই পোছাক পৰিধান কৰি ফুৰি থাকিবা, তাকে দেখি ডেকা ল’ৰাবোৰ উত্তেজিত হলেই দোষ। তহঁতে অলপ ভদ্ৰ পোছাক পৰিধান কৰিব পাৰা। জনা নহয় আজিকালি কিমান কি ঘটিছে।”…..
বাছত সিমান ভিৰ নাই। ৰাতিপুৱা; এটি ভাল উপভোগ যোগ্য নাটক আৰম্ভ হৈছে বুলি সকলোঁ যাত্ৰী নীৰৱ হৈ সিহঁতৰ কথাবাৰ্তা শুনি আছে।
নীলাই লক্ষ্য কৰি দেখিলে ব্ৰা ষ্ট্ৰাপ সামান্য ওলাই আছে, বুঢ়াৰ চকুত সেইটোৱেই লাগিছে।
নিজৰ মনত এবাৰ হাঁহিলে তাই। তাৰ পিছত কলে, “তাৰ পৰাই মোৰ ব্রা ষ্ট্রাপ দেখিবলৈ পাইছে ককা দেউতা! এই বয়সত আপোনাৰ চকুৰ পোহৰ কম হোৱা নাই, মানিব লাগিব।”
বাছৰ বাকী আসনত বহি থকা যাত্ৰী সকলে হাঁহি উঠিলে। ভদ্ৰলোক জনৰ গাত লাগিল। তেওঁ আৰু উত্তেজিত সুৰত, “তহঁতৰ যুগৰ এইটোৱেই সমস্যা, তহতে ডাঙৰৰ কথা নুশুন আৰু সন্মানো নকৰ।” বাছৰ সহযাত্ৰী আকৌ নিমাত, নীলাই আৰু এটি শব্দ নিক্ষেপ কৰিলে “ককা, আপোনাৰো চোলাটোৰ বুটাম খোল খাইছে, বুকুৰ নোম বিলাক দেখা গৈছে। এনেকুৱা দৃশ্য বেয়া দেখি নহয়।”
বাছত আকৌ হাঁহিৰ জোৱাৰ উঠিল। এইবাৰ বুঢ়া খংতে “অসভ্য ছোৱালী। ঘৰত এইবোৰ শিক্ষা দিয়ে? তোমাক এটি ভাল কথা কলো আৰু তুমি দেখিছা মোৰ চোলাৰ বুটাম খোলা আছে নে নাই!”
“হয় ককা, মই বাছত উঠি মোৰ আসনত বহি আছোঁ মোৰ ইচ্ছা অনুসাৰে, আপোনাৰ চকু মোৰ ব্ৰা ষ্ট্ৰাপৰ ফালে কিয়? আপুনি নিশ্চয় ঘৰত ভাল শিক্ষা পাইছে।” ভদ্ৰলোক নিমাত হৈ ৰল।
নীলাই আকৌ কলে, ” আচলতে সমস্যাটো কত, আমাৰ পোছাকত নে আপোনালোকৰ মানসিকতাত?। আপোনালোকে অৰ্ধ উলংগ হৈ ৰাস্তাত গা ধুব পাৰে আৰু আমি সম্পূৰ্ণ শৰীৰ ঢাকি ফুৰিব লাগে, ই কেনে ন্যায়?”
মানুহজনে এইবাৰ লাহে লাহে কলে, ” হুঃ আমি উলঙ্গ হৈ থকা আৰু তোমালোক উলঙ্গ হৈ থকা একে নেকি! তোমালোকৰ…….”
“আঃ ৰৈ গলে কিয়? কওক। কি কব খুজিছে, আমাৰ বক্ষশৰীৰৰ গঠন পৃথক সেইটো!”
সৰুতে নিশ্চয় মাকৰ গাখীৰ খাই ডাঙৰ হৈছে। চিন্তা কৰকচোন আপোনাৰ মাতৃয়েও যদি সকলো সময়ত শৰীৰ ঢাকি বহি থাকিলে হেঁতেন, আপোনাৰ কি অৱস্থা হ’লহেতেন।” নীলাৰ কটাক্ষ সুৰ।
তুমি মাৰ লগত তুলনা কৰিছা! তুমি জানানে মাতৃ কিমান পৱিত্ৰ!” লোকজনৰ চকুত ধিক্কাৰ।
“নহয় নহয় মা পৱিত্ৰ নে সেইটো মই কেনেকৈ জানিম! মইতো আকাশৰ পৰা সৰি পৰিছোঁ। মাতৃৰ কথা এৰি দিলোঁ, আপোনাৰ স্ত্ৰীয়ে যদি এই পন্থা অৱলম্বন কৰে! আপোনাৰ সন্মুখত যদি আজীৱন সম্পূৰ্ণ শৰীৰ ঢাকি ৰাখিলে হয়!…
মানসিকতা সলনি কৰক, ছোৱালী এজনীক ভোগ্য বস্তুৰ পৰিবৰ্তে কেৱল ছোৱালী বুলি ভাবিলে পোছাকবোৰ সদায় পোছাক যেনহে লাগিব, তেতিয়া পোছাক দেখি উত্তেজিত নহব! আপোনালোকে গেঞ্জী পিন্ধি ফুৰিলে আমি কিবা কোৱা দেখিছে? সামান্য ব্ৰা স্ট্ৰাপ দেখিবলৈ পাইছে তাক লৈ আপোনালোকৰ কিহৰ ইমান ফ্যাচিনেশ্বন!”
মানুহজন এইবাৰ শান্ত হৈ থাকিল, ক্ষান্ত হোৱা নাই কিন্তু, ভিতৰি ভিতৰি গজগজ কৰিব ধৰিলে। বাছ আহি বিশ্বনাথ চাৰিআলিত উপস্থিত হল, নীলা নামি আহি ফুটপাথেৰে আগবাঢ়িব ধৰিলে। ৰাতিপুৱা মেজাজটো বেয়া হৈ গল। বাছত সকলোৰে সন্মুখত বহুত কিবাকিবি কৈ দিলে কিন্তু তাই জানে একো লাভ নহব তেতিয়ালৈকে, যেতিয়ালৈকে মানুহে পুৰণি মানসিকতাৰ পোছাক সলনি নকৰিব।
নীলা আগবাঢ়ি গৈ থাকোঁতে এখন হোৰ্ডিং (ছাইনবোৰ্ড) তাইৰ চকুত পৰিল। ব্ৰা পৰিধান কৰা এগৰাকী ছোৱালীৰ ছবি। তলত কেপশ্যন দিয়া আছে “ফিল ফ্ৰী টু বি এ লেডী।”