• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature History

ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা

HISTORY / Indigenous People Of Assam / Partition Of Bengal

by Editor
June 27, 2025
in History, Politics, Special Report
Reading Time: 5 mins read
0
ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা
Share on FacebookShare on TwitterShare on LinkedIn

ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা

ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা

মূল ইংৰাজীঃ মনজিত নাৰায়ণ ডেকা

অনুবাদঃ তপনজিৎ ডেকা

Manjit Narayan Deka
মনজিত নাৰায়ণ ডেকা

ব্ৰিটিছ ৰাণী এলিজাবেথ ১ম এ, ইষ্ট ইণ্ডিয়া কোম্পানীক লণ্ডনৰ ব্যৱসায়সকলৰ কোম্পানী হিচাপে ইষ্ট ইণ্ডিজৰ সৈতে বাণিজ্য কৰিবলৈ, স্পেইন আৰু পৰ্তুগাল সকলে চলায় থকা একচেতীয়া লাভজনক ভাৰতীয় মছলা বাণিজ্যত নিজৰ স্থিতি প্ৰতিস্থা কৰিবলৈ, ১৬০০ চনৰ ৩১ ডিচেম্বৰত ৰাজকীয় চনদত অনুমোদন জনাইছিল।

১৬১১ চনত বংগোপসাগৰৰ কৰোমণ্ডল উপকূলৰ মাছুলিপট্টনমত এটা কাৰখানা (অস্থায়ী) স্থাপন কৰি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত প্ৰথম পৰ্দাপণ কৰিছিল। মোগল সম্ৰাট জাহাংগীৰে কাৰখানা স্থাপনৰ অধিকাৰ প্ৰদান কৰাৰ মৰ্ম্মে ১৬১৫ চনত প্ৰথম স্থায়ী ব্ৰিটিছ কাৰখানা কোম্পানীটোৱে চুৰাটত স্থাপন কৰিছিল।

পিছলৈ কোম্পানীটোৱে ভাৰতৰ বিশেষকৈ উপকূলীয় কেইবাস্থানতো কাৰখানা (ব্যৱসায়ীক ঘাঁটি) আৰম্ভ কৰিছিল। কোম্পানীটোৱে মছলা, কপাহ, ৰেচম , নীল ৰং, যখাৰ, চেনি, চাহ আৰু পিচলৈ আফিংৰ ব্যৱসায় নিগাজীকৈ কৰিছিল। ১৬২০ চনৰ আৰম্ভনিৰে পৰা কোম্পানীয়ে ক্ৰীতদাস শ্ৰমিকৰ ব্যৱহাৰ আৰু নিজৰ সহযোগীবোৰলৈ ক্ৰীতদাস শ্ৰমিকৰ প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছিল।

ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা

১৭৫৭ চনত বংগৰ নৱাবৰ সৈন্য বাহিনীৰ বিৰুদ্ধে পলাছীৰ যুদ্ধত নিৰ্ণায়ক বিজয় লাভ কৰি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগ, বিহাৰ আৰু উৰিষ্যাৰ নিয়ন্ত্ৰণ লাভ কৰে আৰু ভাৰতত কোম্পানী শাসনৰ পাতনি মেলে।

১৭৬৪ চনত বক্সাৰৰ যুদ্ধত মোগলৰ পৰাজয়ৰ পিছতে ১৭৬৫ চনত হোৱা এলাহাবাদ চুক্তিৰ জৰিয়তে মোগল সম্ৰাট দ্বিতীয় শ্বাহ আলমে ইষ্ট ইণ্ডিয়া কোম্পানীক দিৱানী (ৰাজহ সংগ্ৰহৰ) অধিকাৰ প্ৰদান কৰে। ফলস্বৰূপে উপমহাদেশত কোম্পানীৰ সামৰিক স্থিতি শক্তিশালী কৰাত আৰ্থিক সহায় হৈছিল ।

উনৈশ শতিকাৰ আৰম্ভনিলৈকে ভাৰতত নিজৰ ভৌগলিক সীমা নিৰন্তন বিস্তাৰে কোম্পানীক, অকল ব্যৱসায়ে নহয়, আইন প্ৰণয়ন আৰু কৰ আৰোপ কৰিব পৰা, উচ্চস্তৰৰ সাৰ্ব্বভৌম শক্তিলৈ উন্নীত কৰিছিল।

১৮৫৭ চনত বেৰাকপুৰত ভাৰতীয় সেনাৰ বিদ্ৰোহৰ ফলত হোৱা চিপাহী বিদ্ৰোহ ( ভাৰতৰ প্ৰথম স্বাধীনতা যুদ্ধ ) আৰু ১৮৫৮ চনৰ ভাৰত চৰকাৰৰ আইনৰ আলমলৈ বিট্ৰিছ চৰকাৰে ভাৰতৰ প্ৰত্যক্ষ শাসনৰ দ্বায়িত্ব নিজৰ হাতলৈ আনিছিল । ফলস্বৰূপে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সকলো প্ৰশাসনিক ক্ষমতা হেৰুৱাইছিল। ১৮৭৪ চনত যুক্তৰাজ্যৰ সংসদে কোম্পানীটো ভংগ কৰি দিছিল ।

ভাৰতত ব্ৰিটিছ প্ৰশাসনৰ ভৌগলিক গাঁথনি প্ৰদেশ আৰু অঞ্চলসমূহৰে গঠিত আছিল। ব্ৰিটিছ শাসনৰ অধীনত থকা উল্লেখযোগ্য প্ৰদেশসমূহ আছিল বংগ প্ৰেচিডেন্সি, মাদ্ৰাজ প্ৰেচিডেন্সি, ইউনাইটেড প্ৰভিন্স, পাঞ্জাৱ, কেন্দ্ৰীয় প্ৰদেশ আৰু বেৰাৰ। বিহাৰ, উৰিষ্যা আৰু বৰ্ত্তমানৰ বাংলাদেশলৈ প্ৰসাৰিত বংগ প্ৰেচিডেন্সি ব্ৰিটিছ শাসনৰ অধীনৰ আন সকলো গোট বোৰতকৈ বিশাল আছিল ।

১৮৬৬ চনৰ উৰিষ্যাৰ দুৰ্ভিক্ষৰ সৈতে মোকাবিলা কৰাত ছাৰ চি. বেডনৰ বিফলতাই শাসন ব্যৱস্থাটোৰ অন্তৰ্নিহিত ত্ৰুটিবোৰৰ প্ৰতি জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিছিল। ১৮৭১ চনত দুৰ্ভিক্ষ আয়োগৰ সভাপতি ছাৰ জৰ্জ কেম্পবেলে বংগত চলিথকা সোৰোপা শাসন প্ৰণালীৰ বৃহৎ পৰিবৰ্ত্তনৰ প্ৰস্তাৱ দিছিল।

ইয়াৰ ফলত প্ৰশাসনৰ চিৰিত্ৰতো সম্পূৰ্ণৰূপে সলনি হৈছিল আৰু ১৮৬৮ চনত লৰ্ড লৰেন্সে অসমৰ কাৰণে পৃথক মুখ্য আয়ুক্ত গঠন কৰা প্ৰস্তাৱ অনিশ্চিত কাললৈ পিছুৱাই ৰখাটো অসম্ভৱ হৈ পৰিছিল। লৰ্ড কাৰ্জন ভাইচৰেয়েলিটিয়ে এটা ডাঙৰ অংশ চুবুৰীয়া, অৰ্থনৈতিকভাৱে পিচপৰা আৰু দূৰ্ব্বল প্ৰশাসনিক প্ৰদেশ অসমলৈ স্থানান্তৰ কৰি বংগৰ ক্ষেত্ৰীয় পুনৰ গঠন কৰাতো বিচাৰিছিল।

১৯০৩ চনৰ ৩ ডিচেম্বৰত তেতিয়াৰ ভাৰত চৰকাৰে মহামান্যৰ ৰাজ্যিক সচিবলৈ দিয়া পত্ৰত লিখিছিলঃ

“……. প্ৰশাসনীয় কাম-কাজত আৰোপিত বিশাল জনসংখ্যা আৰু গুৰুত্বপূৰ্ণ ঔদ্যোগিক আৰু বাণিজ্যৰ নিৰন্তন বৰ্ধিত বোজাৰ পৰা বংগ চৰকাৰক কিছু পৰিমানে সকাহ দিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত আমাৰ দৃষ্টি আকৰ্ষণ হৈছে । …………. উদ্ভৱহোৱা ডাঙৰ আৰু গুৰুত্বপূৰ্ণ সমস্যাৰাজি আৰু সেইবোৰৰ ওপৰত আধাৰিত পটভূমি আকাংশিত বিবেচনাৰে আমি উপনীত হোৱা সিদ্ধান্তবোৰ বিষদভাৱে সংশ্লিষ্ট স্থানীয় চৰকাৰবোৰক লিখা পত্ৰত উল্লেখ কৰা হৈছে । ……..আমাৰ বিবেচনাত ভাৰতত ক্ষেত্ৰীয় আৰু প্ৰশাসনীয় পুনৰ বিতৰণৰ প্ৰশ্নটো বৰ্ত্তমানে আমি এটা সমাধান উলিয়াবলৈ চেষ্টা কৰি থকা সমস্যাসমূহৰ ভিতৰত আটাইতকৈ জৰুৰী আৰু গুৰুত্বপূৰ্ণ ।”

ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা


ইয়াৰোপৰি ১৯০৫ চনৰ ২ ফেব্ৰুৱাৰীত ভাৰত চৰকাৰে মহামান্যৰ ৰাজ্যিক সচিবলৈ লিখা পত্ৰখনত উল্লেখ কৰিছিল যেঃ

“বংগৰ পুনৰ গঠনৰ গুৰুত্বপূৰ্ণ প্ৰশ্নটোৰ বিষয়ে আপোনালোকক সম্বোধন কৰিবলৈ পাই আমি আনন্দিত। আমাৰ গৃহ সচিবে ১৯০৩ চনৰ ৩ ডিচেম্বৰত লিখা পত্ৰত বংগৰ উপ-ৰাজ্যপালক যথাযথ সকাহ দিয়াৰ উল্লেখ কৰা হৈছিল। ………….. লেফটেনেন্ট গভৰ্ণৰৰ অধীনত বৰ্ত্তমানে থকা এলাকাৰ এটা ডাঙৰ অংশ- বংগ, বিহাৰ আৰু উৰিষ্যা নামেৰে জনাজাত অঞ্চলৰ এটা ক্ষেত্ৰ ১৭৬৫ চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ দিৱানী(ৰাজহ)ৰ অৰ্ন্তভুক্ত আছিল । ১৮০৩ চনত উৰিষ্যা আৰু ১৮২৪ চনত অসমক সংযোজন কৰি প্ৰদেশখন সম্প্ৰসাৰিত কৰা হৈছিল।১৮৭৪ চনত সৃষ্টি কৰা অসমৰ মুখ্য আয়ুক্ত ক্ষেত্ৰ আৰু ১৮৯৮ চনত দক্ষিণ লুচাই পাহাৰৰ অংশ হস্তান্তৰ কৰাৰ বাদে তেতিয়াৰ পৰা বৰ্ত্তমানলৈ বংগৰ ক্ষেত্ৰফল অপৰিবৰ্ত্তিত আছিল। এনে গণ দায়িত্ব মোকাবিলা কৰিব লগা হোৱাত তেওঁৰ বৃত্তিগত অসুবিধাবোৰ বৃদ্ধি পায় আৰু জনপ্ৰিয় শিক্ষাৰ অগ্ৰগতিৰ লগে লগে বৃদ্ধি পোৱা জনসাধাৰণৰ কুখ্যাত মোকৰ্দ্দমা কৰাৰ মানসিকতা, সংবাদমাধ্যমৰ সমালোচনা, বংগত শিক্ষিত শ্ৰেণীৰ ৰাজহুৱা আন্দোলনৰ প্ৰৱণতা আৰু ব্যাপক আৰু অনুসন্ধিৎসুতাৰে বিধান পৰিষদত বিচৰা আন্তঃপ্ৰসাৰণৰ অধিকাৰ আদিয়ে কামৰ বোজা বৃদ্ধি কৰিছিল।“ ছাৰ জৰ্জ কেম্পবেলে ১৮৭১-৭২ চনত তেওঁৰ সুপৰিচিত প্ৰশাসনিক প্ৰতিবেদনত লিখিছিল- “কোনো এজন ব্যক্তিৰ বাবে ইমান ডাঙৰ চৰকাৰ এখনৰ কাম-কাজ এককভাৱে সম্পন্ন কৰাটো সম্পূৰ্ণৰূপে অসম্ভৱ।”

ফলশ্ৰুতিত ভৰতত ক্ষেত্ৰীয় পুনৰ বিতৰণৰ যথাৰ্থতা বিবেচনা কৰা হৈছিল যাতে চিটাগং ডিভিজন, টিপ্পেৰাহ হিল, ঢাকা আৰু মইমনসিং অসমলৈ আৰু চুতীয়া নাগপুৰ কেন্দ্ৰীয় প্ৰদেশলৈ স্থানান্তৰ কৰি বংগৰ জনসংখ্যা ৭৮½ ৰ পৰা ৬০½ নিযুতলৈ হ্ৰাস কৰিব পৰি, আনহাতে একে সময়তে সকলো উৰিয়া ভাষী জনসংখ্যাক এখন চৰকাৰৰ অধীনত অনাৰ উদ্দেশ্যে কেন্দ্ৰীয় প্ৰদেশ আৰু মাদ্ৰাজৰ পৰা কিছুমান নিৰ্দ্দিষ্ট ক্ষেত্ৰ সংযোজন কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল।

এই প্ৰস্তাৱনাৰ কাৰণে সৃষ্টি হোৱা বংগৰ জনসাধাৰণৰ প্ৰতিবাদৰ প্ৰধান কাৰক আছিল লেফটেনেন্ট গভৰ্ণৰৰ এটা পদৱী হেৰুৱাবলগীয়া হোৱা, এখন বিধান পৰিষদৰ বঞ্চনা, ৰাজহ পৰিচালনা মণ্ডলী আৰু সম্ভৱতঃ উচ্চন্যায়ালয়ৰ এক্তিয়াৰ পৰিবৰ্ত্তন কৰা, অসমৰ অনগ্ৰসৰতা, শিক্ষাৰ প্ৰাধান্যতা আৰু সংস্থাপনৰ সুবিধা হেৰুওৱা, বাণিজ্যিক আৰু বিত্তীয় লাভালাভ হেৰুওৱা আৰু জমিদাৰসকলৰ সম্পত্তি আৰু ব্যৱসায়ৰ সংযোগসমূহ দুখন পৃথক চৰকাৰৰ অধীনত বিভক্ত হোৱা।

বংগৰ জনসংখ্যা ৫৪ নিযুতলৈ হ্ৰাস কৰিবলৈ ১৯০৪ চনৰ ৬ এপ্ৰিলত বংগ চৰকাৰে অধিক এলাকা স্থানান্তৰ কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছিল। আকৌ ১৯০৪ চনৰ ১২ছেপ্তেম্বৰত চাৰ এণ্ড্ৰিউ ফ্ৰেজাৰে পত্ৰযোগে, তেওঁ ১৯০৪ চনৰ ৬ এপ্ৰিলত লিখা পত্ৰত অস্থায়ীভাৱে প্ৰকাশ কৰা দৃষ্টিভংগী পৰিহাৰ কৰিছিল আৰু প্ৰস্তাৱিত ক্ষেত্ৰীয় পুনৰ গঠনৰ তীব্ৰ নিন্দা কৰিছিল।

“১৯০৪ চনৰ ১৮ মাৰ্চত কলিকতাৰ টাউন হলত অনুষ্ঠিত ৰাজহুৱা সভাই দাখিল কৰা স্মাৰকত প্ৰদেশখনৰ পুনৰ গঠনৰ বিৰোধিতা কৰিছিল আৰু ছাৰ ষ্টেফোৰ্ডৰ পৰামৰ্শ নিজৰ সমৰ্থনত উল্লেখ কৰি কাৰ্য্যকৰী পৰিষদ গঠন কৰি উপ-ৰাজ্যপালৰ পদটো ৰাজ্যপাল পদলৈ উন্নীত কৰিবলৈ দাবী জনাইছিল।”

সভাৰ অধ্যক্ষ ৰাজা পিয়াৰী মোহন মুখাৰ্জী, চি.এছ.আই. এ এই প্ৰস্তাৱসমূহ প্ৰেৰণ কৰি লিখিছিল- “এই প্ৰস্তাৱসমূহ প্ৰদেশখনৰ জনসাধাৰণে গম্ভীৰ আৰু ব্যাপক সতৰ্কতাৰে অৱলোকন কৰিছে আৰু ইয়াৰ ইতিহাসত এক অতুলনীয় আন্দোলনৰ সৃষ্টি কৰিছে। ইমান শক্তিশালী আৰু সাৰ্ব্বজনিন বিৰোধীতাক উপেক্ষা কৰা উচিত নহয়।“

“অসমৰ মুখ্য আয়ুক্তই প্ৰস্তাৱিত সীমা তিব্বতীয়-বাৰ্মন জনজাতীয় মূলৰ সামাজিক ভাবে জনাজাত বড়ো জনজাতীয় লোকসকলে বসতি কৰি থকা অঞ্চলবোৰো অতিৰিক্তভাৱে সামৰি লবলৈ উল্লেখ কৰিছিল।”

ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা


অসমৰ মহান ভূমিপুত্ৰ সকলে , অসমৰ সাৰ্ব্বভৌমত্ব সুৰক্ষিত কৰাৰ স্বাৰ্থত ভৌগলিক সম্প্ৰসাৰণ সন্দৰ্ভত মহামান্যৰ আগত জনসাধাৰণৰ মতামত উত্থাপন কৰাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল।
§ ১৯০৪ চনৰ ১৫ ফেব্ৰুৱাৰীত গৌৰীপুৰৰ অসম এছ’চিয়েশ্যনৰ সভাপতি ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱাই, ১৯০৪ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত সাতখন শাখা সংগঠনৰ সভাত গৃহীত আৰু ১৬ জন বিশিষ্ট ব্যক্তিৰ দ্বাৰা স্বাক্ষৰিত, পত্ৰযোগে প্ৰেৰণ কৰা প্ৰস্তাৱসমূহ আছিল-

“ ১) এছ’চিয়েশ্যনৰ অভিমত যে, প্ৰস্তাৱিত পৰিবৰ্ত্তনসমূহ কাৰ্য্যকৰী কৰিলেও, সেইদৰে গঠন কৰা নতুন প্ৰদেশখনত ইয়াৰ সদস্যসকলক আকৰ্ষিত কৰিব পৰাকৈ স্ব-নিয়ন্ত্ৰীত অসামিৰক সেৱা নেথাকিব আৰু ১৮৯৭ চনত অসমৰ প্ৰয়াত মুখ্য আয়ুক্ত ছাৰ হেনৰী কটনে চিটাগং অঞ্চল অসমৰসৈতে সংযুক্ত কৰা বিষয়ত আগবঢ়োৱা চৰকাৰী টোকাৰ সৈতে এছ’চিয়েশ্যন একমত।

২) যে প্ৰদেশখনক এটা বন্দৰ দিবলৈ চিটাগং ক্ষেত্ৰ অসমৰ লগত সংযোজন কৰাৰ প্ৰয়োজন নাই, চিটাগং প্ৰদেশখন লগত থাককেই বা নাথাকক অসম আৰু চিটাগংৰ মাজত বাহাল থকা যোগযোগৰ উন্নতমানে একেই সুবিধা আগবঢ়াই আছে।

৩) সভাৰ অভিমত যে অসমৰ দৰে এখন পিচপৰা প্ৰদেশৰ তুলনাত বংগৰ প্ৰশাসনীয় ব্যৱস্থা অতি উন্নত, অতি বৈধ আৰু অতি অনুভূতিবৰ্জিত, আৰু উপলব্ধি কৰে যে অসমৰ উদ্দেশ্য আৰু জনসাধাৰণৰ স্বাৰ্থ অতিকৈ ক্ষতিগ্ৰস্ত হব যদিহে ঢাকা আৰু মৈমনসিংৰ দৰে অতি উন্নত জিলাবোৰ অসমৰ বৰ্ত্তমানৰ ক্ষেত্ৰফলৰ লগত সংযোজন কৰা হয়, যিহেতু চৰকাৰৰ সুৰক্ষা আৰু বিশেষ সুবিধা আৰু অভিভাৱকৰ প্ৰতিপাল অবিহনে অসমৰ জনসাধাৰেণ এতিয়াও থিয় দিব পৰা পৰিস্থতি উদ্ভৱ হোৱা নাই।

৪) সভাৰ আশংকা যে ক্ষেত্ৰীয় পৰিবৰ্ত্তনৰ প্ৰস্তাৱে বুৰঞ্জী প্ৰসিদ্ধ ‘অসম’ নামটো চিৰদিনৰ বাবে নিচিহ্ন কৰিব, আমাৰ ভাষা ক্ষতিগ্ৰস্ত হব আৰু চৰকাৰখন নিজ অসমৰ পৰা অন্য এখন ঠাইলৈ স্থানান্তৰ, ভৌগলিক কেন্দ্ৰৰ পৰা আৰু অধিক আঁতৰাই দূৰলৈ নিলে, বৰ্ত্তমান চৰকাৰৰ পৰা পায় থকা সহযোগ আৰু গুৰুত্ব হেৰুৱাবলৈ নিশ্চয়কৈ অসমক বাধ্য কৰিব।

৫) সভাৰ শাখা সংগঠন সমূহৰ ভিতৰত ডিব্ৰুগড় শাখাই অসমৰ লাভৰ বাবে চিটাগং সংযোজনৰ পৰামৰ্শ দিছিল… যদিহে অসমত এখন সুদক্ষ চৰকাৰৰ বাবে ক্ষেত্ৰীয় বিতৰণ নিতান্তই জৰুৰী আৰু বংগ চৰকাৰৰ বোজা কমাবলৈ ৰংপুৰ, কোচবিহাৰ, জলপাইগুড়ি আৰু বোগ্ৰা জিলাৰ কিছু অংশ অসমৰ সৈতে সংযোজন কৰাতো ভাল হব, কিয়নো সেই এলাকাৰ বাসিন্দাবোৰৰ জাতি, ধৰ্ম আৰু ভাষা নামনি অসমৰ সৈতে সংলগ্ন এলাকাবোৰৰ অনুৰূপ ।”

ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা

§ যোৰহাট সাৰ্ব্বজনিক সভাৰ সভাপতি ৰাজা জগন্নাথ বৰুৱা বাহাদুৰে ১৯০৪ চনৰ ১০ ফেব্ৰুৱাৰীত সভাৰ পক্ষৰহৈ সাধাৰণ সভাৰ পৰ্যবেক্ষণসমূহ জনাই পত্ৰ লিখিছিলঃ
“বংগৰ পৰা পৃথক হোৱাৰ পূৰ্বে মূল অসম প্ৰদেশখন বংগ চৰকাৰৰ ভূখণ্ডৰ আটাইতকৈ দূৰৈৰ কোণত অৱস্থিত আছিল আৰু প্ৰদেশখনৰ উন্নতি আৰু উন্নয়নৰ বাবে আগ্ৰহ লক্ষণীয়ভাৱে পৰ্য্যাপ্ত নাছিল। এই অৱস্থাৰ প্ৰতিকাৰ কৰিবলৈ ১৮৭৪ চনত মুখ্য আয়ুক্তৰ পদবী সৃষ্টি কৰা হৈছিল, যাৰ উদ্দেশ্য আছিল মূল অসম চৰকাৰখনৰ কাম-কাজ সূক্ষ্মভাৱে নিৰীক্ষণ কৰি স্থানীয় সমস্যা সমূহৰ পৰোক্ষ জ্ঞান আহৰণ কৰি, পিছপৰা প্ৰদেশখনৰ অৱস্থা উন্নত কৰাৰ উপায় গ্ৰহণ কৰিব পাৰি। যিহেতু অসম এটা সৰু প্ৰশাসনীক গোট, ওচৰ চুবুৰীয়া হোৱা কাৰণে যথেষ্ট সাদৃশ্য থকা ছিলেট আৰু কাছাৰ জিলা দুখন অন্তৰ্ভুক্ত কৰা হৈছিল। মুখ্য আয়ুক্ত সম্পূৰ্ণ ভাবে ৩০ বছৰ ধৰি দ্বায়িত্বত আছে আৰু স্থানীয় চৰকাৰখনৰ সম্পূৰ্ণ নিৰীক্ষণ প্ৰদেশখনৰ ওপৰত ন্যস্ত আছিল। এইটো কৃতজ্ঞতাৰে স্বীকাৰ কৰিব লাগিব যে যাতায়ত, শিক্ষা, কৃষি আৰু অন্যান্য বিভিন্ন ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে; কিন্তু আমাৰ বঙ্গীয় বন্ধুসকলে আনকি চৰকাৰেও নিৰন্তনভাৱে ব্যৱহাৰ কৰি অহা ‘পিচপৰা’ শব্দটোৰ প্ৰয়োগ আঁতৰাবলৈ এতিয়াও বহুত কাম কৰিবলগীয়া আছে। প্ৰায় পঞ্চাশ বছৰে অৱহেলিত অসম ১৮২৬ চনত ব্ৰিটিছ শাসনৰ অধীনলৈ আহিছিল আৰু এতিয়া স্থানীয় চৰকাৰখনৰ কাম-কাজ স্থিৰ হবলৈ লওতে…… আন-উচ্চশিক্ষা সম্পন্ন আৰু অগ্ৰণী জিলা সংযোজন কৰি ক্ষেত্ৰীয় পৰিসীমা বৃদ্ধিকৰাৰ প্ৰস্তাৱ দিয়া হৈছে। ফলস্বৰূপে মূল অসম প্ৰদেশখনে মুখ্য আয়ুক্তৰ যতকিঞ্চিৎ গুৰুত্ব পাবলৈ সক্ষম হব, ….. বাস্তৱত অসমে পুৰণি বংগ চৰকাৰৰ দিনত বঞ্চিত হোৱাৰ দৰে সম্ভবতঃ বৰ্ত্তমানে প্ৰস্তাৱিত নতুন চৰকাৰৰ পৰাও বেছি গুৰুত্ব পোৱাৰ আশা পৰিহাৰ কৰিব লাগিব।”

সভাই মতপোষণ কৰে যে “ অসম-বঙ্গ ৰেলপথ, পূৰ্ণ অসামৰিক সেৱা আৰু চিটাগং বন্দৰৰ স্বাভাবিক সুচল ব্যৱস্থাৰ দ্বাৰা ভাৰত চৰকাৰে উনুকিয়া লাভ – ‘প্ৰকৃত আৰু দৃঢ় বৈশিষ্টৰ যেন ধাৰণা নহয়।’ ……. যদি চিটাগং অঞ্চল অসমৰ লগত সংযোজন কৰিবলৈ চৰকাৰ সংকল্পবদ্ধ তেন্তে যোৰহাট সাৰ্ব্বজনিক সভাই নতুন প্ৰদেশখনৰ নামটো ‘অসম’ বাহাল ৰাখিবলৈ অতি শ্ৰদ্ধাৰে আহ্বান কৰে। …… এইটো সভাৰ বোধগম্য নহয় কেনেদৰে এটা সুপৰিচিত আৰু সহজে উচ্চাৰণ কৰিব পৰা ‘অসম’ নামটোৱে কোনো লোকৰ মৰ্য্যদা বা সভ্যতা অৱনমিত কৰিব পাৰে। …… যদিহে উক্ত অঞ্চল সংযোজন কৰা হয়, সকলো নিম্ন বৰ্গৰ পদবোৰৰ নিযুক্তি মূল অসমৰ অসমীয়াৰ বাবে সংৰক্ষিত কৰিব লাগিব আৰু কমেও ৭৫ শতাংশ উচ্চ বৰ্গৰ নিযুক্তিৰ ক্ষেত্ৰটো একেদৰে অসমীয়াৰ বাবে সংৰক্ষিত কৰিব লাগিব। ঢাকা আৰু মৈমনসিং জিলা সংযোজনৰ ক্ষেত্ৰত …..সমান্তৰালভাৱে সংযোজনৰ বিৰোধিতাৰ পোষকতা কৰা অসমৰ মানুহৰ অনুভৱৰ প্ৰতিনিধিত্বত যোৰহাট সাৰ্ব্বজনিক সভাই বিশ্বাস কৰে । যেতিয়া অসমীয়া ভাষাৰ স্বীকৃতি দিয়াৰ প্ৰশ্নটো বিবেচনাধীন আছিল আৰু যেতিয়া অসমৰ চাকৰিত নিযুক্তিৰ দাবী বঙালীসকলে কৰিছিল, তেতিয়া দুয়োটা ভাষা আৰু দুয়োটা জাতি একে বুলি যুক্তি দাঙি ধৰিছিল, কিন্তু এতিয়া বংগৰ এটা অংশ অসমৰ সৈতে সংযোজন কৰা প্ৰশ্ন উত্থাপন হৈছে , সেয়ে অসমীয়া ভাষাটো সম্পূৰ্ণভাৱে পৃথক ভাষা বুলি দাবী কৰিছে আৰু অসমৰ মানুহক লুচাই আৰু অন্যান্য পাহাৰীয়া জনজাতিৰ স্তৰলৈ অৱনমিত কৰা হৈছে। …….যোৰহাট সাৰ্ব্বজনিক সভাই সন্মানেৰে অৱগত কৰে যে এই বিষয়ত জনসাধাৰণৰ দৃঢ় ভাৱনাক উপেক্ষা কৰাটো সঠিক কৌশল হব নোৱাৰে ।“

ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা
A mass meeting of Muslims held at Dhaka on 4 September 1906 in favor of the partition of Bengal. The photo was published in The Sphere on 27 October 1906

§ শ্ৰীযুত মানিক চন্দ্ৰ বৰুৱাই গুৱাহাটীত ১৯০৪ চনৰ ২৭ ফেব্ৰুৱাৰীত লিখা টোকাত তেখেতৰ মতামত দাঙি ধৰেঃ

“প্ৰশাসনীয় সুবিধাৰ্থে ক্ষেত্ৰীয় বিতৰণৰ বিষয়টো চৰকাৰে অকলে সিদ্ধান্ত লব পাৰে। আমি বিশ্বাস কৰোঁ যে পৰিকল্পিত পৰিবৰ্ত্তনে মনত পোষণ কৰি থকা অধিকাৰ আৰু সুবিধাসমূহত হস্তক্ষেপ কৰিব পাৰে আৰু এনেদৰে তেওঁলোকক অসুবিধাত পেলাব পাৰে বুলি জনসাধাৰণে কোৱাৰ অধিকাৰ আছে। এই বিষয়ত আমাৰ বঙালী বন্ধুসকলে বহলভাবে আৰু খৰচি মাৰি বৰ্ণনা কৰিছে, যিবোৰ আমি ভাবো আঙুলিয়াই দিয়াটো অত্যুক্তি আৰু অপ্ৰাসঙ্গিক। কিন্তু তেওঁলোকে আলমলোৱা এটা যুক্তি যিটো আমি উপেক্ষা কৰিব নোৱাৰোঁ।

“এইটো সকলো ব্যৱহাৰিক জ্ঞানৰ বিপৰীত আৰু শিষ্টাচাৰৰ প্ৰতিতো মৰ্য্যদা ইমানেই উলংঘন কৰা যে, কোনো বুদ্ধিমত্তা আৰু অগ্ৰণী সভ্যতাৰ লোকে ব্যৱহাৰ কৰা বুলি ভাবিবলৈ আমি ভ্ৰমিত হওঁ, আৰু যি সকলে নিজকে কংগ্ৰেছে কৰা বিশাল আন্দোলনৰ নেতা বুলি প্ৰকাশ্যে ব্যক্ত কৰে। প্ৰকৃততে অধিক স্বাৰ্থপৰ, অধিক সংকুচিত মনৰ, অধিক অসন্মানজনক বা অধিক অসৎ যুক্তি এটা কল্পনা কৰাটো অসম্ভৱ। অসম এখন পিচপৰা প্ৰদেশ, জনসাধাৰণ সচেতন নহয় আৰু সেয়েহে তেওঁলোকে বৰ্বৰসকলৰ সৈতে মিলামিচা কৰিবলৈ ভাল নেপায় বুলি কৈ আমাৰ বঙালী বন্ধুসকলে কি বুজাব বিচাৰিছে ?

“তেওঁলোকৰ মনত নাইনে যে প্ৰায় ৩০ বছৰ আগতে অসম বংগৰ এটা অংশ আছিল আৰু ই একেজন উপ-ৰাজ্যপালৰ অধীনত আছিল ? তেওঁলোকে এইটোও মনত ৰখা নাইনে যে যেতিয়া উচ্চ চিন্তাধাৰাৰ শাসক ছাৰ জৰ্জ কেম্পবেলে অসমৰ জনসাধাৰণৰ ভাষা ‘অসমীয়াক’ অসমত প্ৰৱৰ্তন কৰিছিল, তেতিয়া বঙালীসকলে চিঞৰ-বাখৰ কৰি উত্তাল কৰি কৈছিল যে ‘অসমীয়া’ এটা ভাষা নাছিল আৰু এইটো মাত্ৰ বঙালী ভাষাৰ এটা দোৱানহে, আৰু তেওঁলোকে এতিয়া আকৌ একে স্বৰে কোৱা নাইনে যে, ‘অসমীয়া’ এটা সম্পূৰ্ণ বেলেগ ভাষা ?

“তেওঁলোকে এইটোৱো কোৱা নাছিলনে যিটো তেওঁলোকে এতিয়া অস্বীকাৰ কৰে, যে অসমৰ জনসাধাৰণৰ আচাৰ-ব্যৱহাৰ আৰু ৰীতি-নীতি বংগৰ লোকসকলৰ পৰা পৃথক নাছিল আৰু যে চৰকাৰৰ কেৱল বিভাজনৰ নীতিৰে শাসন কৰাৰ উদ্দেশ্য আছিল? ‘হিন্দু ভক্ত’ সকলে অসমীয়া ভাষাটো ‘অসম বঙালী’ বুলি অভিহিত কৰা নাছিলনে ? আৰু অমৃত বজাৰ পত্ৰিকা ই ছাৰ জৰ্জ কেম্পবেলে যি কৰিছিল তাক নিন্দা কৰি দীঘলীয়াকৈ নেতাসকলক লিখা নাছিলনে?

“মহাৰাজা ছাৰ জ্যোতিন্দ্ৰ মোহন ঠাকুৰ, কে.চি.এছ. আই. প্ৰয়াত আনন্দৰাম ঢেকিয়াল ফুকনৰ এজন সহপাঠী নাছিলনে? আৰু মহাৰাজাই মিষ্টাৰ ফুকনৰ উৎকৃষ্ট মনন শক্তি আৰু হৃদয়ৰ গুণৰ বাবে অতিকৈ প্ৰশংসা কৰা নাছিল নে? অতিবিশিষ্ট বিষয়া জেনেৰেল হেনৰী হপকিন্সন, চি.এছ.আই., যিজন অসমীয়াৰ প্ৰতি অতি বন্ধুসুলভ আছিল তেওঁ ঘোষণা কৰা নাছিলনে যে এইজন প্ৰতিভাপন্ন অসমীয়া-আনন্দৰাম ঢেকিয়াল ফুকন-আনকি ৰামমোহন ৰায়তকৈও অধিক অসাধাৰণ ব্যক্তি আছিল ?

“অসামৰিক সেৱাই প্ৰয়াত আনন্দৰাম বৰুৱাতকৈ এজন ডাঙৰ পণ্ডিত সৃষ্টি কৰিবলৈ সক্ষম হৈছেনে ? …………ব্যৱহাৰিকভাৱে এইটো কোৱা হোৱা নাই নে – যিহেতু অসমীয়া মানুহবোৰ পিছপৰা সেয়েহে তেওঁলোকক তেনেদৰেই থাকিব দিয়ক আৰু তেওঁলোকক তেওঁলোকতকৈ অধিক অগ্ৰণী চুবুৰীয়াৰ বশ হৈ থাকিবলৈ দিয়ক ?
….. অৱশ্য যদিহে চৰকাৰে নিম্নলিখিত ৰেহাই আৰু সুবিধাসমূহ সুৰক্ষিত কৰিবলৈ পৰ্য্যাপ্ত ব্যৱস্থা কৰিব পাৰে ( যিটো নিঃসন্দেহে তেওঁলোকে সহজে কৰিব পাৰে ) তেন্তে তেওঁলোকে মুখ্য আয়ুক্ত বা উপ-ৰাজ্যপাল বা ৰাজ্যপালৰ অধীনত আছে নে নাই সেয়া সমূলি গুৰুত্বপূৰ্ণ নহয়-

১) যে বিদেশী মূলৰ সকলক বাদ দি ৮০ শতাংশ নিযুক্তি স্থায়ী বাসিন্দা সকলক সামৰি কেৱল থলুৱা লোকসকলৰ বাবে সংৰক্ষিত কৰা হব আৰু কেৱল থলুৱা লোককে দিয়া হব।
২) যে বৃহৎ সংখ্যক থলুৱালোকক প্ৰদেশখনৰ বন বিভাগ, ডাক বিভাগ, টেলিগ্ৰাফ বিভাগ আৰু পৃথক পৃথক ৰেলৱেবোৰত সোমাবলৈ সুবিধা প্ৰদান কৰা হব।
৩) যে উপত্যকাৰ ছয়টা জিলাত পৌৰসভা আৰু স্থানীয় পৰিষদবোৰৰ উপ-সভাপতি অসমীয়া বা ইউৰোপীয় ভদ্ৰলোক হব আৰু পৰিদৰ্শক, গাণনিক আৰু অন্যান্য কৰ্মচাৰীবোৰ আৰু ঠিকাদাৰসকল যিমানদূৰ সম্ভৱ অসমীয়া হব।
৪) যে গুৱাহাটীৰ দ্বিতীয় শ্ৰেণীৰ মহাবিদ্যালয়খনক আইনৰ শ্ৰেণী সংলগ্ন কৰি প্ৰথম শ্ৰেণীলৈ উন্নীত কৰা, বৰ্ত্তমানে চলিথকা উদাৰ জলপানিৰ মাপকাঠী অব্যাহত ৰাখা আৰু এখন উন্নত ছাত্ৰাবাসৰ সুবিধা কৰা।
৫) যে শিক্ষাৰ প্ৰসাৰ উদাৰভাৱে উৎসাহিত কৰা হব, আৰু লেখকসকলক অসমীয়া ভাষাত ভাল কিতাপ লিখিবলৈ উদগণি দিয়া হব।
৬) যে কলিকতা উচ্চ ন্যায়ালয়ৰ নিয়ন্ত্ৰণৰ বিশেষাধিকাৰৰ পৰা জনসাধাৰণক বঞ্চিত কৰিব নেলাগে।
৭) যে অসামৰিক চাকৰিত থকা সামৰিক বিষয়াসকলক কেৱল প্ৰদেশৰ ভিতৰতে সংস্থাপিত কৰাই নহয়; তেওঁলোকৰ অসামৰিক ভাতৃসকলৰ সৈতে সমপৰ্য্যায়ত নিযুক্ত কৰিব লাগে।
৮) যে যেতিয়া অসমৰ পৰা ৰাজপ্ৰতিনিধিৰ পৰিষদলৈ কোনো সদস্য মনোনীত কৰাৰ প্ৰয়োজন হয়, তেতিয়া এজন যোগ্য অসমীয়াক বাছনি কৰিব লাগে।
৯) যে এখন স্থানীয় পৰিষদ গঠন কৰিবলৈ হ’লে মূল অসমে ন্যায্যভাবে ইয়াত প্ৰতিনিধিত্ব পাব লাগে।
১০) যে এজন প্ৰথম শ্ৰেণীৰ ন্যায়াধীশ (বৰ্ত্তমানৰ দৰে দ্বিতীয় শ্ৰেণীৰ ন্যায়াধীশৰ সলনি ) নিযুক্তি দিব লাগে, তেওঁৰ ক্ষেত্ৰাধিকাৰ মিকিৰ পাহাৰ আৰু শ্বিলঙলৈ সম্প্ৰসাৰিত হব লাগে, বিশেষ অধিকাৰৰ অধীনত উপ-আয়ুক্তৰ আদালতত বিচাৰাধীন গোচৰসমূহকে সামৰি চেচন আদালতত সকলো গোচৰ এতিয়াৰে পৰা বিচাৰক মণ্ডলীৰ দ্বাৰা বিচাৰ কৰিব লাগে, আৰু দুজন সহকাৰী ন্যায়াধীশ নিযুক্তি দিব লাগে।
১১) যে জিলা আৰক্ষী অধীক্ষকৰ পদবোৰ বিলুপ্ত কৰিব লাগে আৰু তেওঁলোকৰ স্থানত উপ- আয়ুক্তসকলক নিয়োজিত কৰিব লাগে।
…….. যদি ব্ৰিটিছ শাসনৰ প্ৰাৰম্ভিক সময়ৰ পৰা ১৮৭৪ চনলৈকে অসমীয়াসকলে প্ৰায় অৰ্ধ শতাধিক কাল তিষ্ঠি থাকিব পাৰে, যেতিয়া প্ৰদেশখন বংগৰ লেফটেনেন্ট-গভৰ্ণৰৰ অধীনত আছিল, নিশ্চয়কৈ ভালৰ কাৰণে তেওঁলোকে এতিয়াও থিয় দিব পাৰিব, তেওঁলোকক উৎসাহ আৰু সমৰ্থন পাবলৈ কেৱল এখন পিতৃতুল্য চৰকাৰৰ পৰা প্ৰতিপালন, গুৰুত্ব আৰু সহায় লাগে।”
ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা

§ ১৯০৪ চনৰ ৩১ মাৰ্চত শিলচৰত উকিল বাবু কামিনী কুমাৰ চন্দই লিখা টোকাঃ

“মোৰ মতামত নিশ্চয়কৈ ঠেক আৰু সংকীৰ্ণ যদিও মই মোৰ জাতি আৰু দেশৰ স্বাৰ্থৰ কাৰণে বিবেচনা কৰি অদ্যপি চৰকাৰৰ প্ৰস্তাৱটো দৃঢ় ভাবে বিৰোধিতা কৰো।”

১৯০৫ চনৰ ১৯ জুলাই তাৰিখে মহামান্যৰ গৃহ বিভাগে ভাৰতত লোৱা সিদ্ধান্তঃ

চৰকাৰী ঘোষণাঃ–

১) “গভৰ্ণৰ জেনেৰেলে বৰ্ত্তমানে অসমৰ মুখ্য আয়ুক্তৰ প্ৰশাসনৰ অধীনস্থ অঞ্চলৰ এটা বেলেগ ক্ষেত্ৰ গঠন কৰিবলৈ পাই সন্তোষ প্ৰকাশ কৰে……… আৰু উক্ত প্ৰদেশখন পূববঙ্গ আৰু অসম প্ৰদেশ নামেৰে পৰিচিত হব বুলি উল্লেখ কৰে আৰু তাৰোপৰি প্ৰদেশখনত এজন উপ-ৰাজ্যপাল নিযুক্তি দিবলৈ নিৰ্দ্দেশনা দিয়ে।

২) গভৰ্ণৰ জেনেৰেলে পৰিষদত আকৌ ঘোষণা কৰিবলৈ পাই সুখী যে উক্ত দলিল এহেজাৰ নশ পাঁচ চনৰ অক্টোবৰ মাহৰ ষোল্ল তাৰিখৰ দিনটোৰ পৰা কাৰ্য্যকৰী হব, আৰু উপ-ৰাজ্যপালে আইন আৰু নিয়মাৱলী প্ৰস্তুত কৰিবলৈ তেওঁৰ সহায়ৰ বাবে ১৫ জনীয়া সহকাৰী কাউন্সিলৰ মনোনীত কৰিব পাৰিব।

৩) তাৰোপৰি গভৰ্ণৰ জেনেৰেলে পৰিষদত ঘোষণা কৰিবলৈ আৰু মনোনয় দিবলৈ পাই সুখী যে উক্ত পূববঙ্গ আৰু অসম প্ৰদেশখন, বৰ্ত্তমানে বঙ্গ প্ৰেচিডেন্সিৰ অধীনৰ ঢাকা, মৈমনসিং, ফৰিদপুৰ, বেকাৰগঞ্জ, টিপ্পেৰাহ, নোৱাখালী, চিটাগং, চিটাগং পাহাৰীয়া অঞ্চল, ৰাজশ্বাহী, দিনাজপুৰ, জলপাইগুড়ি, ৰংপুৰ, বোগ্ৰা, পাব্ না আৰু মালদাহ জিলাবোৰেৰে গঠিত হব…….এতিয়াৰে পৰা পূববঙ্গ আৰু অসম প্ৰদেশ উপ-ৰাজ্যপালৰ এলাকাৰ কৰ্তৃত্বাধীন আৰু অংশ হব।”

এই চৰকাৰী ঘোষণাই বংগত বিদ্ৰোহৰ জুই জ্বলাইছিল। ইয়াৰ প্ৰত্যুত্তৰত প্ৰখ্যাত কবি , ঔপন্যাসিক আৰু নবেল বঁটা বিজয়ী ৰবীন্দ্ৰনাথ ঠাকুৰে আন্তঃধৰ্মৰ বান্ধোন শক্তিশালী কৰিবলৈ প্ৰতিজন ব্যক্তিকে, বিশেষকৈ মুছলমানসকলক ‘ৰাখী’ বান্ধিবলৈ বাধ্যতামূলক কৰিছিল। তেওঁৰ লিখনি আৰু বক্তৃতাসমূহে বঙ্গত ব্যাপক আন্দোলনৰ সৃষ্টি কৰিছিল।

বঙ্গ বিভাজনে (বঙ্গ ভঙ্গ) ব্ৰিটিছ সামগ্ৰীৰ আমদানি প্ৰত্যাখ্যান কৰাৰ বাবে স্বদেশী আন্দোলনৰ অনুঘটক হিচাবে কাম কৰিছিল আৰু দেশত সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰাত সফল হৈছিল আৰু ফলস্বৰূপে আনকি ১৯০৬ চনত মুছলিম লীগৰ জন্মতো অৰিহণা যোগাইছিল।

Mahabahu Climate Logo

উল্লেখঃ ভাৰত চৰকাৰৰ কৰ্ত্তৃত্বত প্ৰকাশিত ‘ৰিপোৰ্ট অন বেংগল এণ্ড আছাম’ (১৯৮৩ চনত প্ৰথম পুনৰ প্ৰকাশিত)

টোকাঃ সদৌ অসম ছাত্ৰ সন্থাই জন্মলগ্নৰে পৰা অসমৰ জ্বলন্ত সমস্যা সমূহক লৈ যুঁজ দি আহিছে। তেনেদৰে বিংশ শতিকাৰ আৰম্ভণিতে সেই সময়ৰ অসমৰ প্ৰতি দায়বদ্ধ, চিন্তাশীল আৰু স্বভিমানী ভূমিপুত্ৰ সকলে অসম প্ৰদেশখনৰ আৰু অসমীয়া ভাষাৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত কেনেকৈ অগ্ৰণী ভুমিকা লৈছিল এই লেখাটিত তাৰেই এটি আভাস দিয়া হৈছে।

মনজিত নাৰায়ণ ডেকা: দূৰভাষ:–8637148495

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Editor

Editor

Related Posts

Matcha from Japanese Ritual to Global Obsession
Special Report

Matcha from Japanese Ritual to Global Obsession

by Pradakshina Sarmah
July 15, 2026
0

Matcha from Japanese Ritual to Global Obsession PRADAKSHINA SARMAH Matcha is deeply rooted in Japanese Culture, as well as Zen...

Read moreDetails
The Dangote Effect and Nigeria’s Energy Transition

The Dangote Effect and Nigeria’s Energy Transition

July 15, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 6, 2026
In Between River and the Big Gates: How Sluice Gates are shaping floods in Assam’s Katigorah!

In Between River and the Big Gates: How Sluice Gates are shaping floods in Assam’s Katigorah!

July 5, 2026
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

July 4, 2026
India’s Progress Highlighted in SDG Report 2026

India’s Progress Highlighted in SDG Report 2026

July 2, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

July 16, 2026
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37518 shares
    Share 15007 Tweet 9379
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17015 shares
    Share 6806 Tweet 4254
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2247 shares
    Share 899 Tweet 562
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6748 shares
    Share 2699 Tweet 1687
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3938 shares
    Share 1575 Tweet 985
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d