ৰাণী এলিজাবেথৰ মৃত্যু
দিলীপ দৈমাৰী
ব্ৰিটেইনৰ আটাইতকৈ দীৰ্ঘদিনীয়া ৰাণী আৰু ৭ দশক ধৰি দেশখনৰ ফিগাৰহেড কুইন এলিজাবেথৰ ৯৬ বছৰ বয়সত মৃত্যু হৈছে বুলি বৃহস্পতিবাৰে বাকিংহাম পেলেছে প্ৰকাশ কৰিছে।
বাকিংহাম পেলেছে এক বিবৃতিত কয় যে আজি বিয়লি বালমোৰালত ৰাণীৰ শান্তিপূৰ্ণ মৃত্যু হয়।
“আজি সন্ধিয়া কিং আৰু দ্য কুইন কনচৰ্ট বালমোৰালত থাকিব আৰু কাইলৈ লণ্ডনলৈ উভতি যাব।”
তেওঁৰ ডাঙৰ পুত্ৰ চাৰ্লছ (৭৩) স্বয়ংক্ৰিয়ভাৱে যুক্তৰাজ্যৰ ৰজা আৰু অষ্ট্ৰেলিয়া, কানাডা, নিউজিলেণ্ডকে ধৰি আন ১৪খন ৰাজ্যৰ মূৰব্বী হয়। চিকিৎসকে তেওঁৰ স্বাস্থ্যৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰাৰ পিছত তেওঁৰ পৰিয়ালে তেওঁৰ স্কটিছ ঘৰ বালমোৰাল কেছলত তেওঁৰ কাষত থাকিবলৈ লৰালৰি কৰিছিল।
যোৱা বছৰৰ শেষৰ ফালে বাকিংহাম পেলেছে “এপিচ’ডিক মোবিলিটি প্ৰব্লেম” বুলি অভিহিত কৰা সমস্যাত ভুগিছিল, যাৰ বাবে তেওঁ প্ৰায় সকলো ৰাজহুৱা এংগেজমেণ্টৰ পৰা আঁতৰি আহিবলগীয়া হৈছিল।
১৯৫২ চনৰ ৬ ফেব্ৰুৱাৰীত পিতৃ ৰজা ষষ্ঠ জৰ্জৰ মৃত্যুৰ পিছত দ্বিতীয় ৰাণী হয় এলিজাবেথ, যিগৰাকী বিশ্বৰ আটাইতকৈ বয়সীয়াল আৰু দীৰ্ঘদিন ধৰি কাৰ্যনিৰ্বাহ কৰা ৰাণী আছিল।
08-09-2022