• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Friday, December 5, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature Real Stories

বৰচাপৰিৰ অতীতৰ এচোৱা…..

-ক্ষীৰোদ শইকীয়া

by Anjan Sarma
June 27, 2021
in Real Stories, Special Report
Reading Time: 1 min read
0
বৰচাপৰিৰ অতীতৰ এচোৱা…..
Share on FacebookShare on TwitterShare on LinkedIn

-ক্ষীৰোদ শইকীয়া |

বৰচাপৰিৰ অতীতৰ এচোৱা, ১৯৩৯-১৯৭০

RelatedPosts

Rare Earth Elements: The Hidden Powerhouses of Modern Technology and India’s Emerging Role

Rare Earth Elements: The Hidden Powerhouses of Modern Technology and India’s Emerging Role

December 4, 2025
Putin visits India: Moscow seeks lifeline beyond the West

Putin visits India: Moscow seeks lifeline beyond the West

December 4, 2025
Delhi’s Air Quality Slips Back to ‘Very Poor’ Amid Persistent Winter Smog !

Delhi’s Air Quality Slips Back to ‘Very Poor’ Amid Persistent Winter Smog !

December 3, 2025

বৰ চাপৰিৰ বৰবাম গাঁৱৰ বলেন বায়নৰ পুতেক বলীন, পাদুৰী চাহাব ডাক্তৰ ব্ৰেডফ’ৰ্ডৰ লগত সুদূৰ ব্ৰিটেইনলৈ গুচি গৈছিল ১৯৭০ চনত। লগত লৈ গৈছিল ওচৰৰে বিহীয়া গাঁৱখনৰ বগামলৰ জীয়েক বগীদৈক। কুলত বলীন কলিতা আৰু বগীদৈ কৈৱৰ্ত। মন মিলিছিল কিন্তু বিয়া, এক কথাত অসম্ভৱ। কাজেই দুয়ো প্ৰভু যীশুৰ চৰণত শৰণ লৈ সামাজিকভাৱে এক হ’ল। দুয়োকে ঘৰৰ পৰা, সমাজৰ পৰা বহিষ্কাৰ কৰিলে। জুই-পানী নিষেধ। উপায় নাপায় হালেই পাদুৰী চাহাবৰ সৰু হস্পিতেলখনৰ লগতে জুপুৰী এটা বান্ধি থাকিবলৈ ধৰিলে। অকলশৰীয়া ষাঠি উৰ্ধৰ পাদুৰী চাহাবৰো সহায় এটা হ’ল ।

এই পাদুৰী চাহাব বৰচাপৰিলৈ আহিছিল ১৯৪০ চনৰ কোনোবা এটা মাহত। চফল ডেকা, তেজ ৰঙা বৰণ আৰু সোণালী ৰঙৰ চুলিৰে অফুৰন্ত উদ্যমৰে সমাজৰ বাবে কিবা এটা কৰিবলৈ বিচৰা এজন অদমনীয় স্কট্।

সেয়াই আৰম্ভণি, ১৯৭০ত স্বদেশলৈ উভতি নোযোৱালৈকে নিৰবচ্ছিন্নভাৱে বৰচাপৰি অঞ্চলৰ বাবে ব্ৰেডফ’ৰ্ড চাহাবে কি কি কৰা নাই ? …..৪২ ৰ আন্দোলনৰ ভৰপক সময়তে বৰচাপৰিত দেখা দিয়া হাইজাত নিজ হাতেৰে গু-মূত ধুই আত্মীয়ই ভয়তে পিঠি দিয়া ৰোগীক জীয়াই তোলা, বৰচাপৰিৰ আশে-পাশে থকা দুকুৰি গাঁৱৰ মাজত একমাত্ৰ মাধ্যমিক স্কুলখন স্থাপন কৰা আৰু তাত ঘৰলৈ ঘূৰি যোৱা দিন পৰ্যন্ত ইংৰাজী-অংক পঢ়ুওৱা, বৰ চাপৰিৰ ১০ মাইল ব্যাসাৰ্ধৰ ভিতৰত আধুনিক চিকিৎসাৰ একমাত্ৰ চিকিৎসালয় পাদুৰী চাহাবৰ হস্পিতেলত দিনে-নিশাই ছেদ-ভেদ নোহোৱাকৈ বিনামূলীয়া চিকিৎসা আৰু ঔষধ, গাঁৱে গাঁৱে ফুটবলৰ দল গঠন, ডেকাসকলৰ মাজত বিভিন্ন ক্লাব গঠন কৰি নাটক, সংগীতৰ চৰ্চা, শৰীৰ চৰ্চা আদি যত সামাজিক কামত প্ৰথম নাম আছিল এই ব্ৰেডফ’ৰ্ড চাহাবৰ। চাহাবৰ লগত অহা আন তিনিজন চাহাবৰ এজনে বৰ চাপৰীতে হাড় পেলালে। আৰু আন দুজনে ধৰ্ম প্ৰচাৰত বিশেষ সফলতা নোপোৱাত স্বদেশলৈ ঘূৰি গ’ল। কেৱল থাকি গ’ল বেডফ’ৰ্ড চাহাব বৰচাপৰিৰ প্ৰেমত বন্দী হৈ। বৰচাপৰি ..ভাষাৰে বৰ্ণনা কৰিব নোৱাৰা এক অপূৰ্ব স্থান… বুঢ়ালুইত আৰু ১৮৯৭ ৰ বৰভূঁইকপত ফাটি অহা এটা সুঁতিৰ মাজত প্ৰায় কুৰি মাইল মাটিকালিৰ এক ডাঙৰ চাপৰি বৰচাপৰি। দূৰৈত বৰনৈৰ সিপাৰে আৱৰ পাহাৰ। বৰ্হিবিশ্বৰ লগত যোগাযোগৰ একমাত্ৰ মাধ্যম হাত-নাওঁ। চাপৰিৰ ভিতৰত গাড়ী বুলিলে মহৰ গাড়ী, ঘোঁৰা গাড়ী আৰু গৰু গাড়ী। প্ৰকৃতিৰ কৃপাত মটৰে এতিয়াও প্ৰদূষিত কৰিব পৰা নাই বৰচাপৰিৰ বাতাৱৰণ।

চাহাবে বৰচাপৰিত ভৰি দিয়াৰ দিনৰে কথা। লুইতৰ কাষে কাষে ৫ মাইল বহলকৈ কেৱল খেৰ, উলু, কঁহুৱা আৰু বিৰিণা। মাজে মাজে কাঁইটীয়া কিন্তু মিঠা বালচহীয়া বগৰী আৰু তাতকৈ পাতলকৈ দূৰে দূৰে সুউচ্চ শিমলু। কঁহুৱা আৰু শিমলু যেতিয়া ফুলে কি নয়নভিৰাম দৃশ্য, নেদেখা জনে সেয়া অনুভৱ কৰিব নোৱাৰে। সেই খেৰ, বিৰিণাৰ হাবিতে থাকে তিনিজাক মান বনৰীয়া ম’হ, ঢেঁকীয়াপতীয়াৰ পৰিয়াল দুটামান, ১০/২০টা নাহৰফুটুকী, অলেখ শিয়াল, পহু, শহা, ডৰিক, বন কুকুৰা, হেঁপা, নেউল, গুঁই, কেটেলা পহু, নানা ৰকমৰ সাপ, কাছ, অলেখ দেশী-বিদেশী চৰাই। মুঠৰ ওপৰত প্ৰকৃতিৰ শৃংখল কোনো হীন দেৰি নোহোৱাকৈ নিয়াৰিকৈ চলি আছিল। সুঁতিতে মাছ-কাছ উভৈনদীকৈ পোৱা গৈছিল বাবে বিশেষ কাম নাথাকিলে কোনো লুইতৰ পাৰলৈ নগৈছিল, বিশেষকৈ তিৰোতাসকল। লুইতৰ বালিত চিকাৰলৈ মুখমেলি পৰি থকা কুম্ভীৰ আৰু মগৰওঁ আছিল অলেখ। বাঘৰ আগতেল খোৱা দুই চাৰি উতনুৱাৰ বাহিৰে লুইতৰ পাৰ দেখা লোক বৰচাপৰিত নাছিল বুলিলেও ভুল নহ’ব। বৰচাপৰিত আছিলনো কিমান মানুহ !!! ল’ৰা-বুঢ়া, তিৰি-চ’লি লগাই দুহাজাৰৰ ভিতৰতে হ’ব। এই সংখ্যাৰ ভিতৰত আহোম, চুতীয়া, কোঁচ -কলিতা মিলি হ’ব এহেজাৰ মান। এওঁলোকে চাপৰিৰ মাজ খণ্ডত বাস কৰে। ধান, মৰাপাট, তামোল, হালধি, আদা আদিৰ খেতি কৰে। সকলোৰে ঘৰ কেঁচা। তেতিয়ালৈ টিনৰ মুখ বৰচাপৰিয়ে দেখাই নাই। অপৰ্যাপ্ত খেৰ পোৱা যায়। সকলো ঘৰ কাঠ, খেৰ বাঁহেৰেই সঁজা। কোনো মুখিয়াললোকৰ ঘৰ দুটুপীয়া। এওঁলোকৰ কাষতে বাস কৰে  তিনিশ মান কৈৱৰ্ত লোকে। গাঁৱৰ নাম বৰচাপৰি বিহীয়া গাঁৱ। মূলতঃ এইসকলে মাছ-কাছ ধৰে আৰু বেহায়। উত্তৰদিশে লুইতৰ ফালে কঁহুৱানি দৰাৰ ফালে থাকে সোণোৱালসকল। তেওঁলোক লেখত দুশ জনমান হ’ব। বৰ্তমান গাহৰি, কচু, আলু, ধান আদি খেতি কৰি চলে। ২০ বছৰ মানৰ আগলৈকে নদীত সোণ কমাইছিল। ব্ৰিটিছ চৰকাৰে অত্যাধিক কৰ লগোৱাত লাভৰ সলনি লোকচান হোৱাত বাদ দিলে। পিছে বিদ্যাটো জনা বুঢ়া-মেথা দুই চাৰিজন এতিয়াও আছে ।
পশ্চিমফালে সুঁতিটো গৈ পুনৰ বৰনৈত লগ হোৱা ঠাইখিনিত দহ বছৰ মানৰ আগতে আহি চাৰি ঘৰ নেপালী লোক বহিছেহি। ম’হ আৰু গৰু পুহিয়েই পেটে-ভাতে খাই আছে। সৰু বৰে মিলি হব ত্ৰিশ জনমান। এই নেপালী কেইঘৰৰ কাষতে দুবছৰ আগতে এটা ঢোল-জোতা বনোৱা মিস্ত্ৰীয়ে আহি ঘৰ বান্ধিছে। মুছলমান লোক। বৰচাপৰিৰ লোকে দূৰৈৰ পৰা চায়, জুই-পানী নচলে। জোতাৰ ব্যৱসায় চলা নাই, মানে বৰচাপৰিৰ লোকে পিন্ধিবলৈ শিকাই নাই। দক্ষিণ দিশে চাৰিশ মান মিৰি লোক সুঁতিটোৰ পাৰে পাৰে চাং ঘৰত থাকে। আলুৰ খেতি কৰে আৰু মাছ-কাছ ধৰে। দুই এঘৰে ম’হ পোহে। গাখীৰ বেচে, হাল বায়। সৰিয়হৰ খেতি কৰে। সৰিয়হ ফুলাৰ বতৰত বৰচাপৰিৰ সুঁতিৰ কাষত হালধীয়া ৰঙৰ বান আহে। আঃ কি সুন্দৰ পৃথিৱী, প্ৰভু যীশুৱে কল্পনাৰ সকলোখিনি উজাৰি এই বৰচাপৰি নিৰ্মাণ কৰিছে। অজানিতে সোঁ হাতখনে কপাল-বুকু-বাহু স্পৰ্শ কৰি ক্ৰুছ অংকন কৰে। পবিত্ৰ ক্ৰুছ, প্ৰভু যীশুৱে সমগ্ৰ পৃথিৱীৰ বাবে, মানৱজাতিৰ কাৰণে মৃত্যুক আঁকোৱালি লোৱা ক্ৰুছ। লগে লগে ডেকা ব্ৰেডফ’ৰ্ডৰ অন্তৰত, মনত প্ৰতিজ্ঞা আৰু দৃঢ় হৈ আহে, প্ৰভু যীশুৰ প্ৰেমৰ বাণীৰে যীশুৰ পথত চলিবলৈ বৰচাপৰিৰ অসভ্য পাগানসকলক মান্তি কৰোৱাৰ। কঠিন কাম কিন্তু প্ৰভু যীশুৰ নামত প্ৰাণ ত্যাগ কৰিবলৈওঁ প্ৰতিজ্ঞাবদ্ধ ব্ৰেডফ’ৰ্ড।

ডেকা ডাক্তৰ ব্ৰেডফ’ৰ্ড আহি খেৰ-কঁহুৱা উলুৱনিৰ প্ৰেমত পৰিল। প্ৰায়ে কান্ধত ৫০০ ব’ৰৰ দুইনলীয়া  ইটালীয়ান বন্দুকতো লৈ স্বভাৱ জাত স্কটিছ সাহস আৰু অহংকাৰে বৰনৈৰ পাৰলৈ গৈছিল, চিকাৰৰ বাবে নহয় লুইতৰ বুকুত ডুব যোৱা সূৰ্যক চাবলৈ, কিচিৰ-মিচিৰ কোলাহলেৰে ঘৰমুৱা হোৱা চৰাইজাকৰ গান শুনিবলৈ, নিজৰ উপস্থিতি জাহিৰ কৰিবলৈ দিয়া বনৰজাৰ গুৰুগম্ভীৰ গুজৰণি শুনিবলৈ, খেৰণিৰ মাজেদি যাওঁতে ভৰিৰ ওচৰৰ পৰাই বুকুকঁপাই ভুৰংকৈ উৰা মাৰা ডঁৰিককেইটাক চাবলৈ, লুইতৰ বুকুত নিৰ্জীৱ কাঠৰ দৰে ভাঁহি থাকি চিকাৰ কৰিবলৈ সষ্টম ঘঁৰিয়ালকেইটাক চাবলৈ, লুইতৰ বুকুত শিহুৱে টুপা মৰা চাবলৈ।

ব্ৰেডফ’ৰ্ডৰ আজীৱন কুমাৰত্বৰ প্ৰতিজ্ঞাৰে বন্ধা প্ৰভু যীশুৰ নামত উছৰ্গিত মিছনেৰী জীৱনত বৰচাপৰিৰ শুকুলা কঁহুৱা আৰু ৰঙা শিমলুৱে আমনি কৰিলেওঁ সেয়া সাময়িক আছিল। হেজাৰ মাইল দূৰৰ ম’ৰিয়মৰ মুখখনে মাজে মাজে স্মৃতিকাতৰ কৰি তুলিছিল। পাৰ কৰিছিল বহু বিষন্ন আবেলি বৰনৈৰ পাৰত, এই দেশৰ সূৰ্য ম’ৰিয়মৰ দেশত যৌৱনৰ ৰক্তৰে ৰঞ্জিত হৈ ডুব যোৱাৰ দৃশ্য উপভোগ কৰি। প্ৰভু যীশুৰ নামত দমন কৰিছিল যৌৱনৰ সকলো কামনা বাসনা।

ব্ৰেডফ’ৰ্ডে বৰচাপৰিত ভৰি দিয়া তৃতীয় বছৰৰ কথা। চন ১৯৪২। গান্ধীজীৰ আহ্বানত ভাৰত ত্যাগ আন্দোলনত ভাৰত জ্বলিছে। শয়ে শয়ে ভলন্টিয়াৰ, আন্দোলনকাৰী গ্ৰেপ্তাৰ হৈছে। বৰচাপৰিতো ভাৰতৰ সেই আন্দোলনৰ প্ৰভাৱ পৰিছিল। এজন অচিন বিপ্লৱী তেখেতৰ দুজন সংগীৰ সৈতে এই বৰচাপৰিৰে সোণোৱাল গাৱঁত আত্মগোপন কৰিছিল। চৰকাৰ বাহাদুৰে তেখেতৰ নামত নগদ ৫০০০ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল। আৰু এই সোণোৱাল গাঁৱৰে শেষ প্ৰান্তত খেৰণি-কঁহুৱাৰ হাবিৰ গাতে আমাৰ পাদুৰী চাহাবৰ সৰু গীৰ্জা-হস্পিতেল-বাসগৃহ। চৰকাৰে এই পাদুৰীচাহাব আৰু তেওঁৰ লগত অহা আন তিনিজন চাহাবক বৰচাপৰিৰ গতিবিধি চাবলৈ কৈছিল, এওঁলোক হৈ পৰিছিল একপ্ৰকাৰ চোৰাংচোৱা।

সিদিনা আছিল শীতৰ পূৰ্ণিমাৰ ৰাতি, সময় ১২ বজা নাই। তেনেতে দুজন মান লোকে দৌৰি আহি পাদুৰী চাহাবৰ দুৱাৰত ঢকিয়াবলৈ ধৰিলে। ওচৰৰে সোণোৱাল গাঁৱৰ লোক। গাঁৱৰে এঘৰত এগৰাকী পোৱাতি প্ৰসৱ বেদনাত চটফটাইছে, যি গৰাকী ধায়ে এই কাম কৰে সেইগৰাকী নিজেই নৰিয়া পাটীত। পুৰুষৰ দ্বাৰা প্ৰসৱ সেই সময়ত এক অদ্ভূদ, অকল্পনীয়। দুমাহৰ আগতে হাইজাত পৰা পৰিয়ালে পৰিত্যাগ কৰা অসংখ্যজনক অক্লান্ত শ্ৰমেৰে মৃত্যুৰ মুখৰ পৰা ৰক্ষা কৰি ডাক্তৰ ব্ৰেডফ’ৰ্ডে সেইখিনি বিশ্বাস জয় কৰিব পৰিছে। তথাপিও এয়া তেখেতৰ দ্বিতীয় প্ৰসৱ। সোণোৱাল-কছাৰী গাঁওখন বহুক্ষেত্ৰত আহোম-চুতীয়া, কলিতা গাঁৱখনতকৈ উদাৰ। দুজনে যীশুৰ চৰণত আশ্ৰয়ওঁ লৈছে।
যি দুই এপদ সঁজুলি, ঔষধ আছিল তাকে লৈ খৰধৰকৈ পোৱাতি গৰাকীৰ ঘৰ পালেগৈ। বাৰাণ্ডাত ভৰি দিয়েই ভিতৰত কেঁচুৱাৰ কান্দোন শুনি বুকুত ক্ৰুছ অংকনেৰে প্ৰভু যীশুক ধন্যবাদ দি ভিতৰত প্ৰৱেশ কৰিয়েই এজন অচিন থুলন্তৰ চেহেৰাৰ লোকক দেখি আচৰিত হ’ল।  সাধাৰণতে পোৱাতিৰ কোঠাত আন পুৰুষ নালাগে নিজৰ স্বামীকো প্ৰৱেশ কৰিবলৈ দিয়া নহয়। গাঁৱৰ সকলো লোকক এই তিনিবছৰত ভালদৰে চিনি পায়, তেন্তে এইজন কোন ? এনেদৰে গুণা-গঁথা কৰি থাকোঁতেই অচিনাকি লোকজনে গুৰু-গম্ভীৰ মাতেৰে বিশুদ্ধ ইংৰাজীতে ক’লে..ডাক্তৰ বেয়া নাপাব, আপোনাৰ পলম হোৱা দেখি আপোনাৰ কামতো ময়েই কৰি দিলোঁ। এতিয়া ৰোগীক আপোনাৰ জিম্মাত দিলোঁ। বৰচাপৰিৰ বুকুত প্ৰথম বাৰৰ বাবে নিজৰ সতীৰ্থসকলৰ বাদে আন লোকৰ মুখত এনে ইংৰাজী শুনিলে। প্রসূতি গৰাকীক বিশেষ চাব লগা নাছিলেই সকলো এই অচিনাকি লোকজনে সুকমলে অভিজ্ঞ ডাক্তৰৰ দৰে কৰিছে। অলপ উপদেশ আৰু পথ্যৰ বিধান দি ব্ৰেডফ’ৰ্ডে অচিনাকি লোকজনৰ লগত কথা পাতিবলৈ ধৰিলে।

পূৰ্ণিমাৰ পোহৰত খেৰণি, উলুৱনীৰ মাজে মাজে কোনো ভয় সংশয় নোহোৱাকৈ কথা পাতি পাতি লুইতৰ বলুকাত বহিলগৈ। Alexander ৩য় ৰ পৰা আৰম্ভ কৰি ৰ’বাৰ্ট ব্ৰুচলৈ, পলাচী যুদ্ধৰ পৰা মিৰজাফৰলৈ, সাধনীৰ পৰা মূলা গাভৰুলৈ, চুকাফা, লাচিত বৰফুকন, পুৰন্দৰ সিংহৰ পৰা কৰ্ণেল ওৱালিছলৈ, শেক্সপীয়েৰৰ পৰা শংকৰদেৱ-মাধৱদেৱলৈ – মন্ত্ৰমুগ্ধ ব্ৰেডফ’ৰ্ডে কেৱল শুনি গ’ল মাজে  মাজে সঁহাৰি আৰু প্ৰশ্ন। কিমান পঢ়িলে এজন লোক ইমান জ্ঞানৰ অধিকাৰী হ’ব পাৰে সেয়া ব্ৰেডফ’ৰ্ডৰ অনুমানৰ বাহিৰত। পূৱত সূৰ্য উঠাত অচিনাকী লোকজন যাবলৈ ওলাল, পৰিচয় সোধাত সাধাৰণ জনতাৰ এজন বুলি সামৰিলে। বিদায়ী কৰৰ্মদনৰ সময়ত ব্ৰেডফ’ৰ্ডে লোকজনৰ এৰী কাপোৰ খনৰ তলত মুহূৰ্তৰ এক কিচকীয়া ক’লা আগ্নেয়াস্ত্ৰৰ জিলিকনি দেখিলে।  মন্ত্ৰমুগ্ধ ব্ৰেডফ’ৰ্ডে বুজিলে ওৰে ৰাতি তেওঁ কাৰ লগত কটালে। চাওঁতে চাওঁতে খেৰনিৰ মাজত দীর্ঘদেহী থুলন্তৰ পুৰুষজন অদৃশ্য হৈ গ’ল।
এই ঘটনাৰ পিছত দুটামান দিন ব্ৰেডফ’ৰ্ডে ভীষণ অৰ্ন্তদন্দ্বত কটালে.. এফালে কোম্পানী বাহাদুৰৰ চৰকাৰ, আনফালে নিজ দেশতে পৰাধীনতাৰ শিকলি চিঙি স্বাধীনতা প্ৰয়াসী এদল লোক, এফালে বেলি মাৰ নোযোৱা এজন সাম্ৰাজ্যৰ শক্তি আনফালে এৰি চাদৰৰ তলত লুকুৱাই লোৱা এটি সৰু আগ্নেয়াস্ত্ৰ.. চৰকাৰক সংগ দিবনে বিশ্বাসঘাতকতা কৰিব ? অৱশেষত পাদুৰী এক সিদ্ধান্তলৈ আহিল..

তেওঁ এজন পাদুৰী, ব্ৰিটিছ চৰকাৰৰ এজন বিশ্বস্ত লোক, তাৰো আগত তেওঁ এজন স্কট.. প্ৰতিজন স্কটে ভালকৈ জানে স্বাধীনতা কি, ইয়াৰ মূল্য কিমান। এই স্কটিছ সত্বাৰ জয় হ’ল। পূৰ্ণিমাৰ ৰাতিটোক নিজৰ ভিতৰতে কবৰ দিলে। কেৱল নিজৰ সুবিধাৰ বাবে অসমীয়া ভাষা শিকা ডাক্তৰে এইবাৰ অসমীয়া ভাষা-সাহিত্য সংস্কৃতিৰ চৰ্চা কৰিবলৈ আৰম্ভ কৰিলে। কীৰ্ত্তন ঘোষা, বৰগীত, জিকিৰ, বিহু, নাটক, ভাওনা সকলো। লগতে মিছিং, দেউৰী আদি জনজাতীয় ভাষা আৰু ইতিহাস। ইতিহাস নৰকাসুৰৰ, ভাস্কৰবৰ্মাৰ, কছাৰীৰ, কেঁচাইখাটিৰ, নৰমুণ্ড চিকাৰী অদমনীয় নগাৰ, কামাখ্যাৰ…লুইতৰ…

অৱশেষত ১৯৪৭ ত ভাৰত স্বাধীন হ’ল। বিভাজনৰ সংঘাতত লক্ষ লক্ষ লোকৰ প্ৰাণ হানি হ’ল। বৰচাপৰিত বিশেষ প্ৰভাৱ নপৰিল। বাহিৰলৈ যাবলৈ সেই এখনেই নাওঁ.. এতিয়াও।
বৰচাপৰিলৈ অহা মিছনেৰী দলটোৰ আটাইতকৈ জেষ্ঠ জন চাহাব পৰলোকগামী হ’ল এই ৪৭ তে। হস্পিতেলৰ বাকৰিতে সমাধিস্থ কৰা হ’ল।  সাত বছৰত মাত্ৰ ২ জন লোকে প্ৰভু যীশুৰ দীক্ষা লোৱাত মিছনেৰীৰ মিছন সামৰি দেশলৈ উভটিবলৈ আদেশ আহিল। ব্ৰেডফ’ৰ্ডৰ আন দুজন সংগী ৰ’বাৰ্ট আৰু হপকিন্স উভটি গ’ল এই ৪৭তে। সকলো পুঁজি ওপৰৰ পৰা বন্ধ কৰি দিয়া সত্বেও ব্ৰেডফ’ৰ্ড চাহাব থাকি গ’ল বৰচাপৰিত । সেই থুলন্তৰ লোকজনক লগপোৱাৰ দিন ধৰি ব্ৰেডফ’ৰ্ড চাহাবে বৰচাপৰিৰ প্ৰতিটো দিনৰ কথা, অভিজ্ঞতা লিপিবদ্ধ কৰি গৈছে তেওঁৰ ডায়েৰীত। এককথাত ব্ৰেডফ’ৰ্ড বৰচাপৰিৰ এক জীৱন্ত ইতিহাস। পাদূৰী চাহাবক বাদ দি বৰচাপৰিৰ কোনো কথাই আৰম্ভ কৰিব নোৱাৰি।
সুদীৰ্ঘ  ত্ৰিশ বছৰে কোনোদিনে স্বদেশৰ কাৰো নাম মুখত নোলোৱা ব্ৰেডফ’ৰ্ড চাহাব ১৯৭০ৰ শেষভাগত ঘৰলৈ ঘূৰি যাব ওলোৱাত সকলো আচৰিত। আজি বৰচাপৰিৰ দুইহাজাৰ জনসংখ্যাই  দহহাজাৰ পাৰ হৈছে। এই দহহাজাৰৰ প্ৰতিজনেই কিবা নহয় কিবা প্ৰকাৰে পাদূৰী চাহাবৰ ওচৰত ঋণী। সকলোৰে অনুৰোধ প্ৰত্যাখান কৰি ভীষ্ম প্ৰতিজ্ঞাৰে ভৰ যৌৱনৰ ৩০ টা বছৰ বৰচাপৰিক অক্লান্ত সেৱা আগবঢ়াই অৱশেষত ঘৰৰ চৰাই ঘৰমুৱা হ’ল। লগত লৈ গ’ল আমাৰ বলীন আৰু বগীদৈক।

ব্ৰেডফ’ৰ্ড চাহাব গুচি যোৱাৰ কেইবাবছৰলৈ চাহাব কিয় গুচি গ’ল সেয়া ভিন্নজনৰ মুখত বেলেগ বেলেগ ধৰণে চলি থাকিল। কাৰোবাৰ মতে ঘৰমুৱা হোৱাৰ দিনচেৰেক আগত চাহাবৰ নামত দেশৰ পৰা এখন চিঠি আহিছিল। তাত কি আছিল সেয়া গম পোৱা নগ’ল। কোনোৱে কয় চাহাবৰ মাক পৰলোকগামী হ’ল, কোনোৱাই কয় দেউতাক। আন কোনোৱে কয় চাহাবৰ প্ৰেয়সীৰ চিঠি আছিল। পিছে সোণোৱাল গাঁৱৰ ভিতৰুৱা খবৰ ৰখা দুই এজনৰ মতে পূৰ্ণিমাৰ ৰাতি চাহাবে কথা পাতি কটোৱা অচিন লোক জনৰ মৃত্যুত ভাগি পৰি স্বদেশলৈ ঘূৰি গ’ল। মুঠৰ ওপৰত প্ৰকৃততে কি সেয়া ব্ৰেডফ’ৰ্ডৰ বাহিৰে কোনেও নাজানে। সত্যতো এয়েই বৰচাপৰিক কন্দুৱাই, নিজেও কান্দি সিক্ত নয়ন, ৰিক্ত হৃদয়েৰে ব্ৰেডফ’ৰ্ড চাহাব গুচি গ’ল।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: ডাক্তৰ ব্ৰেডফ'ৰ্ডবৰচাপৰি
Anjan Sarma

Anjan Sarma

Related Posts

Rare Earth Elements: The Hidden Powerhouses of Modern Technology and India’s Emerging Role
News

Rare Earth Elements: The Hidden Powerhouses of Modern Technology and India’s Emerging Role

by PAHARI BARUAH
December 4, 2025
0

Rare Earth Elements: The Hidden Powerhouses of Modern Technology and India’s Emerging Role PAHARI BARUAH Pahari Baruah The “Hidden” Elements...

Read moreDetails
Putin visits India: Moscow seeks lifeline beyond the West

Putin visits India: Moscow seeks lifeline beyond the West

December 4, 2025
Delhi’s Air Quality Slips Back to ‘Very Poor’ Amid Persistent Winter Smog !

Delhi’s Air Quality Slips Back to ‘Very Poor’ Amid Persistent Winter Smog !

December 3, 2025
ক্ৰম’জমৰ খেল : ‘ডাউন চিণ্ড্ৰোম’

ক্ৰম’জমৰ খেল : ‘ডাউন চিণ্ড্ৰোম’

December 3, 2025
How is India defeating Naxalism?

How is India defeating Naxalism?

December 3, 2025
Lebanon Welcomes Pope Leo XIV: A Visit That Transcends Protocol and Touches a Nation’s Wounded Heart

Lebanon Welcomes Pope Leo XIV: A Visit That Transcends Protocol and Touches a Nation’s Wounded Heart

December 3, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Rare Earth Elements: The Hidden Powerhouses of Modern Technology and India’s Emerging Role

Rare Earth Elements: The Hidden Powerhouses of Modern Technology and India’s Emerging Role

December 4, 2025
Putin visits India: Moscow seeks lifeline beyond the West

Putin visits India: Moscow seeks lifeline beyond the West

December 4, 2025
Delhi’s Air Quality Slips Back to ‘Very Poor’ Amid Persistent Winter Smog !

Delhi’s Air Quality Slips Back to ‘Very Poor’ Amid Persistent Winter Smog !

December 3, 2025
ক্ৰম’জমৰ খেল : ‘ডাউন চিণ্ড্ৰোম’

ক্ৰম’জমৰ খেল : ‘ডাউন চিণ্ড্ৰোম’

December 3, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    16865 shares
    Share 6746 Tweet 4216
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    8451 shares
    Share 3380 Tweet 2113
  • কপিল ঠাকুৰৰ “পিতৃৰ দৃষ্টিত জুবিন” : জুবিনৰ বিষয়ে বহুতো নজনা কথা 

    988 shares
    Share 395 Tweet 247
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3250 shares
    Share 1300 Tweet 813
  • Zubeen Garg : Radical Romanticism of an Irreverent Icon

    821 shares
    Share 328 Tweet 205
  • প্ৰস্তৰ যুগৰ মানুহৰ সংস্কৃতি

    2622 shares
    Share 1049 Tweet 656
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6155 shares
    Share 2462 Tweet 1539
  • মাধৱদেৱৰ সাহিত্যকৃতি

    391 shares
    Share 156 Tweet 98
  • মিচিং সমাজ আৰু সংস্কৃতি

    3333 shares
    Share 1333 Tweet 833
  • সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতত ব্ৰহ্মপুত্ৰ

    1270 shares
    Share 508 Tweet 318
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d