• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, March 5, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

বৰণীয়া জীৱন: সৌজন্যতাৰ অনুশীলন

-কাবেৰী গোস্বামী

by Anjan Sarma
June 28, 2021
in Special Report
Reading Time: 1 min read
0
বৰণীয়া জীৱন: সৌজন্যতাৰ অনুশীলন
Share on FacebookShare on TwitterShare on LinkedIn

-কাবেৰী গোস্বামী |

মই কাম কৰা অফিচটো য’ত আছে, তাত আমাৰ অফিচটোকে ধৰি আন আন কেইবাটাও তেনে ধৰণৰ অফিচ আৰু বিভাগটোৰ মুখ্য কাৰ্যালয়ৰ সৈতে এটা ডাঙৰ চৌহদ৷ পুৱা অহাৰ আৰু বিয়লি ওভতনিৰ পৰত চৌহদৰ বাটটোত অনেকৰ সৈতে মুখামুখি হোৱা যায়৷ মানুহৰ মুখ আৰু নাম মনত ৰখাৰ শক্তি মোৰ বৰ কম৷ এবাৰ দেখা ব্যক্তিজনক দীৰ্ঘদিনৰ বিৰতিৰ পাছত দেখি দ্বিতীয়বাৰ চিনি পোৱাতো মোৰ বাবে বিৰল ঘটনা বুলিব পাৰি৷ প্ৰায়েই এনেদৰে মুখামুখি হোৱা বা মুখ্য কাৰ্যালয়ত কোনো কামত লগ পোৱা একোগৰাকীক দেখিলে সৌজন্যতাৰ হাঁহি বা সৌহাৰ্দ্যপূৰ্ণ মাতষাৰ দিয়া হয় যদিও এবাৰ বা দুবাৰ দেখা গৰাকীক লৈ মই প্ৰায়েই অনিশ্চিত হওঁ যে তেওঁ মোৰ চকুৰ চিনাকী, হাঁহিৰ চিনাকী নে মাতৰ চিনাকী৷ কাৰণ চকুৰ চিনাকী গৰাকীক হঠাৎ মাতি দিয়াতো নাযায়৷ মগজত খুটিওৱা প্ৰশ্নটোৰ উত্তৰ অহালৈ কেতিয়াবা পলম হৈ যায় আৰু বিপৰীত গৰাকী যদি মোৰ পূৰ্ব পৰিচিত হয়, তেনে তেওঁৰ মনত হয়তো অসৌজন্য বা অসামাজিক মানুহ  হিচাপে মোৰ প্ৰতি ধাৰণা এটাই গঢ় লয়৷ অৱশ্যে পৰাপক্ষত চকুৱে চকুৱে পৰিলে হঁহাৰ দৰে কৰোঁ৷

RelatedPosts

Holi2

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

March 4, 2026
“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

March 3, 2026
Trump Confirms: Iran’s Ayatollah Khamenei Killed in Major Strikes

Will the US-Israel-Iran War and Iran’s Gulf Attacks Trigger a Major Crisis for India’s Oil, Trade, and Economy?

March 3, 2026

 আমাৰ হাইস্কুল নে হায়াৰ চেকেণ্ডাৰীৰ কোনোবা এটা শ্ৰেণীৰ ইংৰাজীৰ পাঠ্যপুথিত A.G. Gardiner ৰ “On Saying Please” নামৰ পাঠ এটা পাইছিলো৷ ভালকৈ মনত নাই যদিও নৈতিকতা আৰু সামাজিক নিয়মৰ লগতে মানুহৰ আচৰণ বিষয়ক বৰ প্ৰয়োজনীয় কিছুমান কথা কোৱা হৈছিল লেখাটোত৷ এজন লিফটমেনক লিফ্টত উঠিবলৈ অহা আগন্তুকে আহিয়েই আদেশসূচকভাৱে “ওপৰলৈ নিয়া” বুলি ক’লে, লিফটমেনজনে তেওঁক “Please” শব্দটো লগাই কথাষাৰ ক’বলৈ দাবী কৰিলে৷ লোকজনে কথাষাৰ ক’বলৈ মান্তি নোহোৱাত লিফ্টমেনজনেও তেওঁৰ আদেশ মানিবলৈ অমান্তি হোৱাৰ লগতে তেওঁক প্ৰহাৰো কৰিলে৷ গোচৰটো আইনসভা পালেগৈ আৰু এইবুলি মীমাংসা কৰা হ’ল যে, অসৌজন্যতা আইনী অপৰাধ নহয় কিন্তু শাৰিৰীক ভাৱে কৰা আঘাত কিন্তু আইনৰ দৃষ্টিত অপৰাধ৷ গাৰ্ডিনাৰে লগতে কৈছে যে, মানুহে নিজে যিমান সম্ভৱ সিমানেই ভদ্ৰ বা বিনয়ী হ’বলৈ শিকা উচিত, কিন্তু অভদ্ৰামীৰ সন্মুখীন হ’লে সেয়া জীৱনৰ এক অংশ হিচাপে গ্ৰহণ কৰিবলৈও শিকা উচিত৷

 বহুসময়ত নিজকে লক্ষ্য কৰিলে মোৰ নিজৰ মাজতে অনেক দোষ চকুত পৰে৷ স্বভাৱগত ভাৱে মই অলপ অস্থিৰ আৰু আৱেগিক লগতে সংবেদনশীলো৷ কিন্তু নিজে আনৰ বেয়া ব্যৱহাৰ সহ্য কৰিব নোৱাৰো কাৰণেই ময়ো আনক বেয়া ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকো৷ আচলতে সেয়া মোৰ comfort zone, দীৰ্ঘদিনৰ অভ্যাসৰ পৰা অনুভৱ কৰিছো কাৰোবাৰ ওপৰত খং কৰা মানে নিজৰ mind টো disturb কৰা৷ বহুসময়ত হোৱা কথা হৈ যায়, কিন্তু আমি যাৰ ওপৰত খং পুহি ৰাখিছো হয় তেওঁ সেয়া গম নাপায় অথবা পালেও তেওঁ সেই সম্পৰ্কে নিৰ্বিকাৰ বা নিৰ্লিপ্ত৷ বহুসময়ত আকৌ অনেকে খং তুলি ৰঙো চায়৷ এই সকলোবোৰ কথাতে কিন্তু ক্ষতি নিজৰেই৷ ক’ৰবাত পঢ়িছিলো (খুব সম্ভৱ গাৰ্ডিনাৰৰ কোনো লেখাতে) যে, আচৰণ বিষয়টো সংক্ৰামক৷ হাঁহি এটাৰে আৰম্ভ হোৱা দিন এটাৰ সাধাৰণতে সুখকৰ ভাৱেই সমাপ্তি ঘটে৷ কাৰণ মই হাঁহিৰে সম্ভাষণ জনোৱা এজনৰ মনটোত এটা positive vive আহিব আৰু তেওঁ গৈ আন এজনক সেইধৰণৰে সম্ভাষণ জনোৱাৰ সম্ভাৱনা থাকে আকৌ সেইজনে আন এজনক৷ বিপৰীতে গোমোঠাকৈ অথবা অসৌজন্যমূলক আচৰণে নেতিবাচক প্ৰতিক্ৰিয়াৰ সংক্ৰমণ ঘটাব৷ কথাটো পানীৰ মাজত মৰা চপৰা এটাই পাৰলৈকে তৰংগায়িত হোৱাৰ দৰে কথা বুলিব পাৰি৷ অৱশ্যে সকলোৰে পক্ষে সকলো সময়তে হাঁহিমুখীয়া হৈ থকাতো সম্ভৱপৰ নহ’বও পাৰে, সেয়ে কোনো গোমোঠামুখীয়া বা অস্থিৰ এজনৰ মানসিক অৱস্থাক গ্ৰহণ কৰাৰ মানসিকতাও আমাক লাগিব৷ দৰাচলতে আমি নিজৰ মাজতে নিজৰ মন আৰু মানসিক অৱস্থাক প্ৰতিপালন কৰিব লাগিব৷ যিকোনো কাৰণত আহত নিজৰ মনটোক মলম লগোৱাৰ দায়িত্বও নিজৰেই৷ অৱশ্যে আৰোগ্যৰ সময়ৰ কম-বেছি হ’ব পাৰে৷

 আমাৰ চুবুৰীত এগৰাকী আত্মীয় আছিল, মানুহগৰাকীয়ে প্ৰায় দিনৰ দিনটোৱেই বিভিন্ন কথাত হুলস্থূল আৰু চিঞৰ বাখৰ কৰি থাকে৷ তেওঁলোকৰ গোটেই ঘৰখনেই এক হাহাকাৰ আৰু অস্থিৰতাত ডুবি থাকে৷ মনত থকাৰ পৰাই সেইদৰেই দেখি আহিছো৷ কেতিয়াবা তেওঁৰ নিকট চুবুৰীয়া অতিষ্ঠও হয়, পিছে তেওঁৰ সেইবোৰৰ প্ৰতি কোনো ভ্ৰূক্ষেপ নাই৷ লাহে লাহে তেওঁ বৃদ্ধ হ’ল আৰু অলপতে ঢুকাল৷ ওৰে জীৱন অসন্তুষ্টিক স্বভাৱ কৰি জীয়াই থকাতো তেওঁৰ বাবে স্বাভাৱিক আছিল যদিও দূৰৈৰ পৰা দেখি থকা আমাৰ বাবে সেয়া কিন্তু স্বাভাৱিক নাছিল৷ কোনো মানুহৰ বাবেই হয়তো তেনে এটা জীৱন কাম্য নহয়৷

 আমাৰ পৰিয়ালবোৰতো বহুসময়ত আত্মিক টান, সন্মান আৰু মৰম-চেনেহৰ তাৰতম্য থাকে৷ পাৰিবাৰিক ৰাজনীতি (family politics) নামৰ কাৰকটোৱে এইক্ষেত্ৰত প্ৰধান ভূমিকা লয়৷ ওপজাৰ পৰাই গঢ় লোৱা সেই তেজৰ সম্পৰ্কবোৰতো কেতিয়াবা স্বাৰ্থৰ চাপত পৰি  এনেদৰে ফাঁট মেলে যে সি আৰু যোৰা নালাগে৷ বৰং সেই ফাট সময়ৰ লগে লগে জটিল হয় আৰু এদিন মৃত্যুৰ লগতে শেষ হয় (কেতিয়াবাতো আমি মতভেদ বা সংঘাতৰ কাৰণটোৱেই পাহৰি যাওঁ, কিন্তু সংঘাতটো পাহৰি নাযাওঁ৷)৷ বহুসময়ত ভালকৈ লক্ষ্য কৰিলে দেখা যায় কোনো ক্ষুদ্ৰ স্বাৰ্থৰ পাকত পৰি বা কোনো চতুৰ শকুনি বা বিভীষণৰ কথাত লাগি দূৰত্ব সৃষ্টি হোৱা সেই পাৰিবাৰিক সম্পৰ্কৰ কোৰোণটোৰ বাবে আফচোচৰ বাহিৰে আৰু উপায় নাথাকে৷ অথচ  স্বাৰ্থ, ভালপোৱা, বেয়াপোৱা এইবোৰ  অৰ্থহীন কিছুমান মানসিক ভ্ৰান্তি৷ মনোজগতৰ একোখন কাল্পনিক নাটকত আমি এনেদৰে মজি থাকো যে বাহ্যিক জগতৰ প্ৰকৃত ঘটনাবোৰ আমাৰ চকুত নপৰে বা পৰিলেও সি প্ৰয়োজনীয় গুৰুত্ব নাপায়, কাৰণ আমাৰ বাবে অধিক ৰোমাঞ্চকৰ আমাৰ মনোজগতৰ আমি মজি থাকিব পৰা সেই নাটকখন আৰু তাৰ পৰা আমি উদ্ভৱ কৰা উদ্ভট কিছুমান কথাৰ ধাৰণা বা  আলোচনা (gossip)৷ কেৱল পৰিয়ালতে নহয়, অফিচ, বন্ধুমহল, পৰিচিত আদিৰ সমগ্ৰ সামাজিক পাৰিপাৰ্শ্বিকতাত আমি এনে গছিপকেন্দ্ৰিক (ডাঃ ৰমেন হাজৰিকা খুৰাই বৰ সুন্দৰকৈ উদাহৰণসহ কৈছিল যে, Gossip মানে সাধাৰণতে আড্ডা৷ কাম নোহোৱাকৈ গল্পত মত্ত হোৱা৷ পৰচৰ্চাও এবিধ অপকাৰী গছিপ; কিন্তু কলকাতাৰ কফি হাউচ, পাণবজাৰৰ লক্ষী কেবিনৰ সাহিত্য-ৰাজনীতিৰ মানসম্পন্ন আড্ডাবোৰৰ সামাজিক অৱদান প্ৰচুৰ৷ গাঁৱত প্ৰচলিত মেল-মৰা শব্দটোও একধৰণৰ গছিপ) মানসিকতা গঢ় দি লওঁ আৰু তাত একেধৰণে মিল থকা মছগুল হোৱা/ হ’ব পৰা সকলৰে একোটা গ্ৰুপ হৈ পৰো৷  সামাজিক মাধ্যমতো বহুসময়ত এনে হৈ আহিছে৷ বৌদ্ধিকভাৱে উচ্চ সকল, বৌদ্ধিক ধাৰণা, আদৰ্শ সমূহৰ মিল থকা সকল, অমিল থকা/হোৱা সকল, কোনো বিশেষ ব্যক্তিৰ অনুৰাগী (Hero worship) সকল, বিতৰাগী সকল, ব্যংগ আৰু ৰসালাপ (humour) ভাল পোৱা সকল, বেয়া পোৱা সকল, বুজি পোৱা সকল আৰু বুজি নোপোৱা সকল, কোনো (ভাল) কথাত উৎসাহ দিয়া সকল, সমালোচনাৰে পথ দেখুওৱা সকল, পথ বন্ধ কৰাৰ চেষ্টা কৰা সকল, এই সকলোৰে লগত মিলি থকা সকল, এই সকলোৰে পৰা আঁতৰি থকা সকল, যুঁজ এখন লগাই ৰং চোৱা সকল, সহিষ্ণু সকল, অসহিষ্ণু সকল আৰু এই দুয়ো শ্ৰেণীৰ মাজৰ সকলকে ধৰি আৰু আন আন সকলো ধৰণৰ মানসিকতা আৰু চিন্তাধাৰাৰ মিল থকা ক্ষুদ্ৰ, মজলীয়া অথবা বৃহৎ গোটবোৰৰ মাজত কিন্তু এটা সমতুলতাৰ প্ৰয়োজন৷ চিনেমা এখন চাই বা উপন্যাস এখন পঢ়ি সেই নিৰ্দিষ্ট সময়খিনি মছগুল হৈ থকাতো অস্বাভাৱিক নহয়, কিন্তু তাৰ পৰা বাহিৰ ওলোৱাৰ পাছতো সেই ভাৱনাত উটি- ভাঁহি ফুৰি মানসিক স্থিৰতা হেৰুওৱাটো কিন্তু নিশ্চয় স্বাভাৱিক নহয়৷ ছ’চিয়েল মিডিয়াৰ ক্ষেত্ৰখনত বাস্তৱ ঘটনা- পৰিঘটনা, সমস্যাৰ আলোচনা আৰু সমাধান সূত্ৰ বিচৰাটো ইতিবাচক৷ কিন্তু তাকে তিলৰ পৰা তাল কৰি নিজৰ মনৰ গেদবোৰৰে সামাজিক পৰিস্থিতি ঘোলা কৰাৰ চেষ্টাৰে আত্মতুষ্টি লাভ কৰাটো নিশ্চয় গ্ৰহণযোগ্য নহয়৷ বহুসময়ত নিজে কোৱা আৰু আনে শুনোৱা খিনিৰ যুক্তি যুক্ততা বিচাৰ কৰিব লাগে৷ বোধৰশক্তি আমাৰ সকলোৰে আছে, প্ৰয়োজনত কামত নলগালে তাত মামৰ লাগিব৷ আনক শুনাবলৈ হ’লে নিজেও শুনিবলৈ সাজু থাকিব লাগিব৷ কিন্তু মনৰ দূষিত ভাৱ এটাক মোৰ পৰা আনলৈ পৰিবাহিত কৰি সামাজিক পৰিবেশ দূষিত কৰাটো ভীষণ অস্বাস্থ্যকৰ কথা৷ হাতত থকা স্মাৰ্টফোনটোৱে আপোনাক স্মাৰ্ট হোৱাৰ চাৰ্টিফিকেট নিদিয়ে৷ আপুনি ভবাটোৱেই সদায় সত্য আৰু শুদ্ধ নহ’বও পাৰে৷ আপোনাৰ বাবে অসহ্য বিষয়টো আনৰ বাবে তেনে নহ’বও পাৰে৷ বিচাৰবোধক গুৰুত্ব দিয়ক, কিছুমান কথা মনৰ পৰা আঁতৰ কৰাটোও প্ৰয়োজন৷ অসহিষ্ণুতাৰ বীজ চটিওৱাৰ ৰিম’ট হিচাপে স্মাৰ্টফোন আৰু ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ কৰাৰ আগতে নিজক সংযত কৰক, এষাৰ কথা কোৱাৰ আগতে সেই কথা কোৱাৰ নিজৰ যোগ্যতা নিজে আগে বিচাৰ কৰি লওঁক৷ বহুসময়ত কোৱাতকৈ শুনা বেছি জৰুৰী৷ ভদ্ৰ হোৱাৰ অভ্যাস কৰক৷ শেষত A.G. Gardiner ৰ কথাৰেই, নিজে যিমান সম্ভৱ সিমানেই ভদ্ৰ বা সংযত হ’বলৈ শিকা উচিত, কিন্তু অভদ্ৰামীৰ সন্মুখীন হ’লে সেয়া জীৱনৰ এক অংশ হিচাপে গ্ৰহণ কৰিবলৈও শিকা উচিত৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: সৌজন্যতা
Anjan Sarma

Anjan Sarma

Related Posts

Holi2
Culture

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

by Tonoy Chakraborty
March 4, 2026
0

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion TONOY CHAKRABORTY The Holi festival, celebrated across India as...

Read moreDetails
“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

March 3, 2026
Trump Confirms: Iran’s Ayatollah Khamenei Killed in Major Strikes

Will the US-Israel-Iran War and Iran’s Gulf Attacks Trigger a Major Crisis for India’s Oil, Trade, and Economy?

March 3, 2026
Trump Confirms: Iran’s Ayatollah Khamenei Killed in Major Strikes

Trump Confirms: Iran’s Ayatollah Khamenei Killed in Major Strikes

March 1, 2026
Why Did America and Iran Become Enemies? A History of Conflict, Oil, and Revolution

U.S.-Israel Strikes on Iran Ignite Fears of a Regional War

March 1, 2026
Living With Development : Adaptation, loss, and choice in Majuli and Meghalaya

Living With Development : Adaptation, loss, and choice in Majuli and Meghalaya

March 1, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
The Brahmaputra River: A Transboundary Titan of Geomorphology, Ecology, and Geopolitics

A Historical Inquiry into Climate and Environment in Assam

March 5, 2026
Sanctuary to Prison: Women’s Rights Under Taliban Rule!

Women in Afghanistan: A Squirrel Has More Rights than a Woman in Afghanistan

March 4, 2026
HCI Climate Impact Tour 2026 – Part 2 : Mumbai

HCI Climate Impact Tour 2026 – Part 2 : Mumbai

March 4, 2026
Holi2

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

March 4, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    27988 shares
    Share 11195 Tweet 6997
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11053 shares
    Share 4421 Tweet 2763
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    110 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3506 shares
    Share 1402 Tweet 877
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    104 shares
    Share 42 Tweet 26
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4148 shares
    Share 1659 Tweet 1037
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • মিচিং সমাজ আৰু সংস্কৃতি

    3492 shares
    Share 1397 Tweet 873
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d