বৰপেটাৰ দেউল সম্প্ৰীতিৰ দেউল, জাতীয়তাবাদৰ দেউল
যুগান্ত বায়ন
২৬ মাৰ্চৰ বৰপেটাৰ সুৱেৰি উপলক্ষ্যে
বৰপেটাৰ দেউল সম্প্ৰীতিৰ দেউল, জাতীয়তাবাদৰ দেউল: অসমীয়া জাতিৰ আৰু জাতিৰ জাতীয়তাবাদ, কলা-সংস্কৃতিক বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰি অসমীয়া জাতি সত্তাক বৰ্তমান লৈ উচ্চ শিখৰত স্থাপন কৰিবলৈ অহৰহভাৱে উৎসাহ যোগোৱা মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ পিছত সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আতাৰ নেতৃত্বত ১৫৯৬ খ্ৰীষ্টাব্দত “দ্বিতীয় বৈকুণ্ঠপুৰী” বৰপেটা সত্ৰত দেউল আৰম্ভ হৈছিল।
এই দেউল উৎসৱক অসমৰ লগতে সমগ্ৰ বিশ্বই ৰঙৰ উৎসৱ হিচাপে অভিহিত কৰি আহিছে। এই দেউল উৎসৱ প্ৰেম আৰু ৰঙৰ উৎসৱৰ লগতে সম্প্ৰীতিৰ উৎসৱ হিচাপেও পৰিচিতি লাভ কৰি এক সাৰ্বজনীন স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে।
শীতৰ শীতল আশ্বাদন ফালি এক অস্বস্তিদায়ক সময়বোৰক বিদায় দি এক সতেজ পৰিৱেশ সৃষ্টিৰ আগজাননী কঢ়িয়াই আনে এই দেউল উৎসৱে। এনে বিপৰ্য্যস্ত প্ৰাকৃতিক পৰিৱেশক প্ৰত্যাহ্বান জনাই উৎসৱৰ মাদকতাত বিলীন হ’বলৈ সকলোৱে উদবাউল হৈ পৰে এই দেউল উৎসৱত। এই দেউল উৎসৱ কেৱল আধ্যাত্মিকতাৰ ৰছীৰে বান্ধ খাই নাথাকে, এই উৎসৱ মানৱ জীৱনৰ আশা-প্ৰত্যাশা, পোৱা-নোপোৱাৰ এক অপূৰ্ব সংমিশ্ৰণেৰে বান্ধ খাই থকাৰ উৎসৱ।
ফাগুন আৰু বসন্তৰ আগমনৰ প্ৰাকক্ষণত উৎযাপিত এই দেউল উৎসৱ কেতিয়া আৰম্ভণি ঘটিছিল তাৰ সঠিক, শুদ্ধ আৰু প্ৰামাণিক তথ্য বৰ্তমান লৈ পোৱা নাযায় যদিও বৈষ্ণৱ বুৰঞ্জীৰ সমলৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে বৰদোৱা সত্ৰত এই উৎসৱৰ পাতনি মেলিছিল বুলি অনুমান কৰিব পাৰি।
কৃষ্ণ বন্দনাক মূল আধাৰ হিচাপে লৈ গুৰুজনাই এই উৎসৱৰ জৰিয়তে ভক্তি ৰসেৰে জনগণক জীপাল কৰি তুলি বৃহত্তৰ অসমীয়া সমাজখনক ঐক্যৰ বাণীৰে বান্ধি ৰাখিবলৈ প্ৰয়াস কৰিছিল। ৰাধা-কৃষ্ণৰ প্ৰেম বন্দনাৰ মাজেৰে ভক্তি ৰসত লীণ হৈ হোৱা এই দেউল উৎসৱক এক শৰণীয়া নাম ধৰ্মৰ জৰিয়তে গুৰু দুজনাই এক অনন্য ৰূপত প্ৰতিষ্ঠা কৰিছিল।
সেয়েহে এই উৎসৱ কেৱল ধৰ্মীয় উন্মাদনাৰ মাজত ককবকাই থকাৰ সলনি এক সাৰ্বজনীন লোক উৎসৱ লৈ ৰূপান্তৰিত হৈ সকলো শ্ৰেণীৰ লোকক একীভূত হোৱাৰ বাবে এক বিৰল সুযোগ প্ৰদান কৰিছে।
বৰপেটাৰ এই ৰঙৰ উৎসৱৰ প্ৰেমময় বাৰ্তা ৰাজ্যৰ তথা দেশৰ সীমা অতিক্ৰমী বিশ্বমুখী হোৱাৰ দিশে দূৰন্ত গতিত অশ্বমেধ যজ্ঞৰ ঘোঁৰাৰ দৰে বিদ্যুৎ গতিত কঢ়িয়াই আছে। এই দেউল উৎসৱ কেৱল এটা নিৰ্দিষ্ট গোষ্ঠীৰ ধৰ্মীয় উৎসৱ হৈ নাথাকি গুৰু দুজনাই কল্পনা কৰা এক মহামিলনৰ উৎসৱৰ মান্যতা লাভ কৰে এই সোণালী দিনকেইটাত।
আজি মেৰুকৰণৰ ৰাজনীতিৰ উত্তাল পৰিৱেশত কেৱল ক্ষমতা আৰু নীতিহীন কাৰ্য্যব্যৱস্থাত অভ্যস্ত লোকসকলৰ বিচৰণ থলী লৈ ৰূপান্তৰিত কৰিব খোজা অৱস্থাৰ পৰা মুক্ত হৈ থাকিব পৰা গৌৰৱ কঢ়িয়াবলৈ সক্ষম হোৱা বৰপেটাৰ এই দেউল উৎসৱে কঢ়িয়াই আনিছে সুস্থ আৰু সুচিন্তিত আধ্যাত্মিক আৰু সাংস্কৃতিক পৰম্পৰা আৰু সুস্থ জাতীয়তাবাদক জীয়াই ৰখাৰ এক সু-কোমল বাৰ্তা।
সাম্প্ৰতিক সময়ত একাংশই অসমীয়া জাতীয়তাবাদক প্ৰতিষ্ঠা কৰা পূজা-অৰ্চনা বিৰোধী নামধৰ্মৰ মহত্ব আৰু আদৰ্শক নেওচি গুৰু দুজনাই প্ৰৱৰ্তন কৰি যোৱা আধ্যাত্মিক দৰ্শনক নস্যাৎ কৰাৰ যি প্ৰতিযোগিতা আৰম্ভ কৰিছে, সেই প্ৰতিযোগিতা যেন বৰপেটাৰ এই দেউল উৎসৱৰ জৰিয়তে সামৰণি পৰে তাৰবাবে সতৰ্ক আৰু সচেতন হোৱাৰ সময়ৰ আহ্বানক অসমীয়া জনগণে নিশ্চয় অকুণ্ঠচিত্তে সহাঁৰি জনাব।
যুগান্ত বায়ন/৮৮৭৬৪১৫০৮৯
Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)