বৰপেটাৰ শৈক্ষিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক উত্তৰণৰ বাটকটীয়া ডা⁰ সুৰেন্দ্ৰনাথ দাস লৈ একাজলি শ্ৰদ্ধাঞ্জলি
যুগান্ত বায়ন
(১ ডিচেম্বৰ – ৪০ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে)
ৰজা চণ্ডীবৰুৱাৰ ৰাজধানী ঐতিহাসিক হাউলীৰ লগতে বৰপেটা বিধান সভা সমষ্টিৰ বৃহত্তৰ অঞ্চলটোক সামাজিক, শৈক্ষিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক দিশত এক আধুনিক আৰু অনন্য মাত্ৰা প্ৰদান কৰি সমগ্ৰ অঞ্চলটোৰ বিভিন্ন ভাষা-ভাষী, ধৰ্মৰ লোকক একত্ৰিত কৰি সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান হিচাপে পৰিচিত এই বৰপেটা আৰু হাউলী অঞ্চলক অসমৰ ভিতৰতে এক শক্তিশালী আৰু ব্যতিক্ৰমী চিন্তাধাৰাৰে জিলিকাই ৰাখিবলৈ জীৱিতকালত অহৰহভাৱে প্ৰচেষ্টা চলাই থকা জনতাৰ সেৱক সমাজ দৰদী লোকবন্ধু ডা⁰ সুৰেন্দ্ৰনাথ দাস।
১৯৮৩ চনৰ ১ ডিচেম্বৰত এক শোকাৱহ পথ দুৰ্ঘটনাত অকালতে বৃহত্তৰ বৰপেটা অঞ্চলক অকলশৰীয়াকৈ এৰি থৈ যোৱাৰ ৪০ বছৰ অতিক্ৰম কৰিলে।
১৯২৭ চনৰ ২৫ অক্টোবৰত জন্মগ্ৰহণ কৰা ডা⁰ সুৰেন্দ্ৰনাথ দাসৰ কৰ্মজীৱন চিকিৎসা সেৱাৰে আৰম্ভ হৈছিল। ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ উত্তাল সময়ত তেতিয়াৰ পূৱ-পাকিস্তান(বৰ্তমানৰ বাংলাদেশ)ত চিকিৎসা শাস্ত্ৰ অধ্যয়নৰ বাবে গৈছিল যদিও প্ৰাক-স্বাধীনতাৰ হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আধাতে অধ্যয়ন সামৰি স্বগৃহ লৈ উভতি আহিবলগীয়া হৈছিল।
ইয়াৰ পিছত তেখেতে ডিব্ৰুগড়ত চিকিৎসা বিজ্ঞানৰ শিক্ষা সমাপ্ত কৰি প্ৰথমতে চৰকাৰী চিকিৎসক হিচাপে কৰ্মত যোগদান কৰি হাউলী অঞ্চলকে ধৰি বৰপেটাৰ বিভিন্ন অঞ্চলত চিকিৎসা সেৱা আগবঢ়াবলৈ ধৰে। অৱশ্যে পিছত তেওঁ ১৯৬২ চনত চৰকাৰী চাকৰি ত্যাগ কৰি ব্যক্তিগতভাৱে চিকিৎসা সেৱাত ব্ৰতী হয়। এনেধৰনে ৰাজহুৱা জীৱনৰ পাতনি মেলি সমাজৰ বিভিন্ন স্তৰৰ লোকসকলৰ মাজত এগৰাকী সু-চিকিৎসক হিচাপে খ্যাতি লাভ কৰিবলৈ সক্ষম হয়।
বিশেষকৈ তেওঁ দুখীয়া নিচলা অনগ্ৰসৰ লোকৰ জীৱন আৰু জীৱিকাৰ পথ প্ৰদৰ্শক হিচাপে চিহ্নিত হৈ পৰে। তেওঁৰ এনে কৰ্ম দক্ষতাৰ বাবে হাউলী আৰু ঘিলাঝাৰী মৌজাৰ লগতে বৰপেটা চহৰকে ধৰি নিকটৱৰ্তী বিভিন্ন অঞ্চলৰ প্ৰতিটো পৰিয়ালৰ বাবে “সুৰেন ডাক্তৰ” হিচাপে অতি আপোন হৈ পৰে।
চিকিৎসা সেৱাৰ দ্বাৰা অঞ্চলটোত জনপ্ৰিয়তাৰ শীৰ্ষ স্থান দখল কৰি সৰ্বসাধাৰণ লোকৰ হৃদয় জয় কৰিবলৈ সক্ষম হোৱা ডা⁰ দাসৰ ১৯৬৪ চনত সংসদীয় ৰাজনীতি লৈ আগমণ ঘটে। চিকিৎসক ৰূপে চাইকেল চলাই চলাই ঘৰে ঘৰে ৰোগীৰ শুশ্ৰুষা কৰি ফুৰা সমাজ হিতৈষী আৰু সৰল মনোভাৱৰ ডা⁰ দাসৰ ৰাজনৈতিক জীৱন পৰিক্ৰমাও সততা আৰু মহান মন্ত্ৰৰে আৰম্ভ হয়।
ৰাজনৈতিক পথাৰত খোজ দি প্ৰথমতে ভৱানীপুৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি নিৰ্বাচিত হয়। পৰৱৰ্তীকালত তেওঁ ১৯৬৭ চনত অসমৰ লৌহ পুৰুষ হেম বৰুৱাৰ অনুৰোধত প্ৰজা চচিয়েলিষ্ট পাৰ্টীত যোগদান কৰি বৰপেটা বিধান সভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ জয় লাভ কৰে।
ইয়াৰ পিছত ১৯৭২ চনৰ সাধাৰণ নিৰ্বাচনৰ আগতে তেতিয়াৰ কেন্দ্ৰীয় মন্ত্ৰী পিছত ৰাষ্ট্ৰপতি পদ অলংকৃত কৰাৰ ফকৰুদ্দিন আলী আহমেদৰ অনুৰোধত বৰপেটাৰ প্ৰতিগৰাকী নেত্ৰীস্থানীয় লোকৰ অনুমতি সাপেক্ষে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে আৰু বিধায়ক হিচাপে নিৰ্বাচিত হৈ তেতিয়াৰ মুখ্যমন্ত্ৰী শৰৎচন্দ্ৰ সিংহৰ মন্ত্ৰীসভাত স্বাস্থ্য, পৰিয়াল কল্যাণ, বন আদি বিভাগৰ মন্ত্ৰী হিচাপে দক্ষতা অৰ্জন কৰে। ১৯৭৮ চনৰ নিৰ্বাচনত মাত্ৰ ৯০০ ভোটৰ ব্যৱধানত পৰাজিত হৈ সংসদীয় ৰাজনীতি ত্যাগ কৰি পুনৰ চিকিৎসা সেৱাত ব্ৰতী হৈ পৰে।
এইজনা পুৰোধা ব্যক্তিৰ প্ৰচেষ্টাতেই ১৯৬৬ চনত বি.এইচ কলেজ স্থাপন কৰি হাউলীৰ বাবে উচ্চ শিক্ষা গ্ৰহণৰ বাট মুকলি কৰে। তেওঁৰ পোনপটীয়া সহযোগৰ বাবে ১৯৭০ চনত কলেজখনে তদৰ্থ অনুদান লাভ কৰিবলৈ সক্ষম হয়।
প্ৰসংগক্ৰমে উল্লেখযোগ্য যে তেতিয়া অসমৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হোৱা বিধানসভাৰ অধিবেশনত বি.এইচ কলেজৰ বাবে তদৰ্থ অনুদান বিচাৰি হোৱা আলোচনাৰ সময়ত বিধানসভা মজিয়াৰ মেজত ধকিয়াই মেজখন ভাঙি পেলাই কলেজৰ বাবে অনুদান আদায় কৰিবলৈ এক শক্তিশালী ভূমিকা গ্ৰহণ কৰা কাৰ্যই আজিও বিধানসভাৰ বুৰঞ্জী জিলিকাই আছে।
ইয়াৰ লগতে স্ত্ৰী শিক্ষাৰ বিকাশৰ বাবে হাউলী ছোৱালী হাইস্কুল স্থাপন কৰা কাৰ্য্য তেওঁৰ ৰাজনৈতিক অৱদানৰ এক জীৱন্ত দলিল। ১৯৭৪ চনৰ ১৭ মে’ত হাউলীক নগৰ পালিকালৈ উন্নীত কৰি তেওঁ প্ৰথম সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰে আৰু হাউলীৰ সৰ্বাংগীন উন্ননৰ দিশ ত্বৰান্বিত কৰে। ইয়াৰ উপৰিও ভৱানীপুৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য্যালয়, পশু চিকিৎসা কেন্দ্ৰ, কৃত্ৰিম গো প্ৰজনন কেন্দ্ৰ স্থাপনৰ ক্ষেত্ৰত ডা⁰ দাসৰ অৰিহণা চিৰস্মৰণীয়।
সমান্তৰালভাৱে হাউলীৰ অনান্য অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে গ্ৰাম্য অঞ্চলৰ উন্নয়নৰ বাবেও তেওঁ গ্ৰহণ কৰা কাৰ্য্য আজিও ৰাইজে স্মৰণ কৰি আছে। হাউলীৰ ৰাস মহোৎসৱৰ লগত তেওঁ উতঃ প্ৰোত ভাৱে জড়িত হৈ থকাৰ উপৰিও হাউলীৰ মদন মোহন কীৰ্তন ঘৰ স্থাপনত তেওঁ ভূমিকা উল্লেখযোগ্য। তেওঁৰ এনে কৰ্ম সংস্কৃতি অকল মাত্ৰ হাউলীতে সীমাবদ্ধ নাছিল, বৰপেটাৰ প্ৰতিটো অঞ্চললৈ তেওঁ কৰ্মসংস্কৃতিৰ চানেকি বিয়পি পৰিছিল।
তেওঁৰ কৰ্মদক্ষতা অকল ৰাজনৈতিক ক্ষেত্ৰতে সীমাবদ্ধ নাছিল। সুধাকণ্ঠ ড⁰ ভূপেন হাজৰিকাৰ সান্নিধ্য লাভ কৰা ডা⁰ দাসে অভিনয় জগততো সুনাম অৰ্জন কৰিছিল। তেওঁ মন্ত্ৰী হৈ থাকোঁতে বিলাসীপাৰাত একেৰাহে চাৰিনিশা “বেউলা” নামৰ নাটকখনত অভিনয় কৰি দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। তেতিয়াৰ মুখ্যমন্ত্ৰী শৰৎচন্দ্ৰ সিংহই নাটকত অভিনয় কৰাৰ কথা গম পাই তেওঁক দিছপুৰ লৈ মতাই নি তেওঁৰ ভূয়সী প্ৰশংসা কৰে।
সামগ্ৰিকভাৱে ক’বলৈ গ’লে আজি আমি যি হাউলী নামৰ ভূখণ্ডত বাস কৰি আছোঁ সেই হাউলীৰ মূল লাইখুঁটা ডা⁰ সুৰেন্দ্ৰনাথ দাসে স্থাপন কৰিছিল। অৱশ্যে এই ক্ষেত্ৰত ৰঘুনাথ দাস, ৰজমোহন চৌধুৰী, থিৰেশ্বৰ শৰ্মা, সত্যনাথ দাস, সৰ্বানন্দ দাস, যাদৱচন্দ্ৰ দাস, যোগেশ নাথ, ডা⁰ দেৱেন দাস, পৰমানন্দ দাস, জমিদাৰ বড়ো, কনাইলাল বুথ্রা, সূৰ্য্যকান্ত কৰ্মকাৰ, বীৰেন সাহা , ৰাসাল সাহা, ৰাম সাহা, চানাউল্লা মৌলবিকে ধৰি কেইবাগৰাকীও পুৰোধা ব্যক্তিৰ অৱদানক সোঁৱৰণ কৰিব লাগিব।
আজি ডা⁰ সুৰেন্দ্ৰনাথ দাসৰ ৪০তম পবিত্ৰ মৃত্যু তিথিত তেখেতলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমি আশা কৰিম তেওঁ অমূল্য অৱদানক পাথেয় হিচাপে লৈ আজিৰ প্ৰজন্মই হাউলী তথা বৃহত্তৰ বৰপেটা অঞ্চলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত নতুন পথেৰে অগ্রসৰ হ’ব।
যুগান্ত বায়ন/৮৮৭৬৪১৫০৮৯
01-12-2023
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)