• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, September 17, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

বৰষুণৰ বতৰত মই যে উঠোঁ মটৰত : গুৱাহাটী ডায়েৰী

সঞ্জীৱ কুমাৰ নাথ

by Anjan Sarma
July 6, 2023
in Special Report
Reading Time: 5 mins read
0
Management of vehicular traffic in Guwahati – scope for some environment friendly measures
Share on FacebookShare on TwitterShare on LinkedIn

বৰষুণৰ বতৰত মই যে উঠোঁ মটৰত : গুৱাহাটী ডায়েৰী

সঞ্জীৱ কুমাৰ নাথ

Sanjeev Nath
সঞ্জীৱ কুমাৰ নাথ

Inside my brain a dull tom-tom begins….. (T S Eliot : “Portrait of a Lady”)

বৰষুণৰ বতৰত গুৱাহাটীৰ বাট-পথ বেছি বিপদজনক নে উজনি অসমৰ ৰাষ্ট্রীয় ঘাই পথ বেছি বিপদজনক নাজানো, কিন্তু বিভিন্ন দুর্ঘটনাৰ খবৰ পায়েই থাকো : উজনিতো, গুৱাহাটীতো।

শৰীৰটোও ঠিক “ফাইটিং ফিট” হৈ থকা নাই। গতিকে সম্ভাব্য বিপদ আপদৰ কথা ভাবি কেইদিনমান নিজৰ গাড়ীখন উলিয়াই নিনিও বুলি ঠিক কৰিলো। বতৰ অলপ ভাল হওক, তেতিয়ালৈকে অন্য ব্যৱস্থাৰেই কামলৈ অহা-যোৱা কৰিবলৈ ঠিক কৰিলো।

কিন্তু কি ব্যৱস্থা কৰা যায়? অ’লা, উবেৰ বুক কৰিলে চালকক প্রথমে টেলিফোনতে দীঘলীয়া সাক্ষাৎকাৰ দিব লগীয়া হয় (গুৱাহাটীতহে এনে হয়, অসমৰ বাহিৰৰ চহৰত নহয়) : ক’লৈ যাব? নগদ ধন দিব নে অনলাইন দিব? “এস্তিমেত” মতে কিমান ভাৰা হৈছে? বুকিংটো কেনছেল কৰি লৈ “অফলাইন” যাব নেকি? ইত্যাদি অনেক প্রশ্নৰ উত্তৰ দিব লাগে।

কেতিয়াবা আকৌ সাক্ষাৎকাৰত উর্ত্তীণ হোৱাৰ পিছতো গাড়ী অহালৈ ৰৈ ৰৈ আমনি লাগি যায়।

কেতিয়াবা গাড়ী সময়ত আহিলেও দুৱাৰ খুলি ভিতৰলৈ চাই বহিবলৈকে সংকোচ হয় : লেতেৰা, দুর্গন্ধ… ফটা-ছিটা আসন…..পূর্বৰ বহুতো তিক্ত অভিজ্ঞতাৰ কথা সুৱঁৰি ভাবিলো অন্য হেজাৰ জন যিদৰে যায়, সেইদৰে যাম – ট্রেকাৰ, টেম্পু, এইবোৰতে উঠি যাম। এনেয়ো, মইতো এজন সাধাৰণ মানুহ। মোৰ কি অসুবিধা অন্য সাধাৰণ লোকৰ সৈতে যাত্রা কৰাৰ?

যি কেইদিন চহৰৰ এটা মূৰৰ পৰা আন এটা মূৰলৈ ট্রেকাৰত উঠি অহা-যোৱা কৰিলো, সেই কেইদিন বহুত কিবা কিবি দেখিলোঁ, শুনিলোঁ। বিকশিত ভাৰতৰ বিকশিত অসমৰ জনতাৰ সৈতে হেঁচা-ঠেলা কৰি, নীৰবে তেওঁলোকৰ সৈতে দৈনিক কিছু সময় বহি থাকি বহুত কথা শিকিলোঁ। সাধুকথাৰ ৰজাই ছদ্মবেশত দেশ ফুৰি প্রজাৰ সুখ-দুখৰ খবৰ লয়, কিন্তু আমাৰ আধুনিক গণতন্ত্রত ৰাইজৰ প্রতিনিধি সকলে তেনে কৰাৰ কোনো প্রয়োজন আছে বুলি আমি নাভাবো।

বৰষুণৰ বতৰত মই যে উঠোঁ মটৰত : গুৱাহাটী ডায়েৰী

ৰাইজৰ মনৰ খবৰ লোৱা ৰজা চাগৈ সাধুকথাতহে থাকে। এতিয়া অৱশ্যে ৰজাৰ দৰে শক্তিশালী জনে ৰাইজৰ মনৰ কথা নুশুনে, তেওঁহে ৰাইজক তেওঁৰ মনৰ কথা শুনায়। মনৰ কথা, কামৰ কথা নহয়। কেতিয়া তেওঁৰ মনৰ কথা শুনিবলৈ পোৱা যাব সেই বিষয়ে সকলো সূচনা দিয়া যায় আগতীয়াকৈ।

এজন সাধাৰণ প্রজাই অন্য সাধাৰণ প্রজাৰ খবৰ ল’বলৈ ছদ্মবেশ ধৰাৰ প্রয়োজন নাই, প্রকৃত বেশতে তেওঁলোকৰ সৈতে থাকিলেই হয়…..গুৱাহাটীৰ বাটৰ পানী ফালি চলা ট্রেকাৰত বহি সেইকেইদিন মোৰ মন-মগজুত ধেৰ কিবা কিবি কথা চলি থাকিল…..প্রায় প্রলাপৰ দ’ৰে…..Inside my brain a dull tom-tom….

বৰষুণৰ বতৰত মই যে উঠোঁ মটৰত : গুৱাহাটী ডায়েৰী

ৰাস্তা পাৰ হওঁতেই মোক বহু সময় লাগে। মানুহবোৰে বৰ খৰ ধৰকৈ পাৰ হয়। মই পাৰ হ’বলৈ লওঁতে ইপাৰৰ পৰা ট্রেকাৰ চালকৰ চিঞৰ, “আহক, আহক, জালুকবাৰী, জালুকবাৰী, খালী গাড়ী…..”। যিমান মানুহে ৰাস্তা পাৰ হৈছে সেই সকলোৰে প্রতি তেওঁৰ সেই একেই চিঞৰ, যেন প্রতিজনেই জালুকবাৰীলৈ যাব, আৰু তেওঁৰ গাড়ীখন যেন সদায় খালি।

লগতে আকৌ বাছ দুখন মানো ৰৈ আছে, আৰু হেন্দিমেনে চিঞৰিছে, “আহক, আহক, বিজয় নগৰ, বৰপেটা…..”। বাছতে উঠোঁ নেকি বুলি ভাবি এবাৰ সুধিছিলোঁ, “জালুকবাৰীলৈ যাব পাৰিম নেকি?” “নাই, নহ’ব” : খাৰাংখাচ, চিধা উত্তৰ, আৰু চকুৰ চাৱনিত এক ধৰণৰ তাচ্ছিল্য : “ই:! জালুকবাৰীলৈ যাব, ট্রেকাৰত যাব নোৱাৰে!”

“ট্রেকাৰ” নে “মেজিক” নে কি নাজানো, বেলেগ বেলেগ নাম কৈ থকা শুনোঁ। দেখিবলৈ প্রায় একেই যদিও ভিতৰত বহাৰ ব্যৱস্থাত কিছু পার্থক্য থাকে। আৰু এই সৰু গাড়ী বোৰৰ স্বাস্থ্যৰ পার্থক্য খুব বেছি। কেতিয়াবা একোখনত বহিবলৈ লৈ মনটো বেয়া লাগি যায় – ফটা-ছিটা আসন, লেতেৰা গাড়ী। দুই এখন ভাল, চাফা। লেতেৰা হোৱাৰ বয়স হোৱাগৈ নাই বাবেই চাগৈ চাফা হৈ আছে।

চালকৰ কাষৰ আসন খনত বহিলে হেঁচা-ঠেলা নহয় বুলি উঠিয়েই গম পালো যে মোৰ ধাৰণা অমূলক। তাত দুজন বহে। কেতিয়াবা চালকে আৰু এজনক কাষত কিবা কৰি বহুৱাই লয়হে। এবাৰ আকৌ গাড়ীখনে পানী ফালি যাওঁতেহে গম পালো যে গাড়ীখনৰ তলত ফুটা আছে। পানী সোমাই জোতা, মোজা, পেন্ট তিয়াই পেলালে। চালকক টান কথা কৈ নিজৰো মগজটো গৰম কৰিব পাৰি; তাৰ বাহিৰে একো কৰিব নোৱাৰি।

লেতেৰা পানী সোপাইতো নাজানে মই অফিছাৰ নে প্রফেছাৰ নে ডাক্তৰ নে কি? লেতেৰা কৰিবই। সকলোৰে প্রতি সমান ব্যৱহাৰ। এনেয়ো দেশত চলি আছে সবকা সাথ, সবকা বিকাশ…..Inside my brain…..

বৰষুণৰ বতৰত মই যে উঠোঁ মটৰত : গুৱাহাটী ডায়েৰী

মই উঠা সৰু গাড়ীখনৰ “স্তপ”ৰ সীমা-সংখ্যা নাই, কিন্তু কেতিয়াবা কোনোবা ঠাইত ৰওঁতে ওচৰৰ বাছৰ হেন্দিমেনক মানুহে সোধা শুনো, “তোমালোকৰ অমুক ঠাইত স্তপেজ আছেনে?”

এই প্রশ্ন শুনিলেই মোৰ ভিতৰৰ ইংৰাজী মাষ্টৰটোৱে ভিতৰতে গোৰগোৰাই উঠে : ইংৰাজীত স্তপেজ (stoppage) শব্দটোৱে গাড়ী ৰখা ঠাই নুবুজায়; অৱৰোধৰ দৰে অর্থ হয়, বা সোপা বা ঠিলা বুজাব পাৰে। বাছ ৰখোৱা ঠাইক বাছ স্তপ (bus stop) বুলি কব লাগে, বাছ স্তপেজ নহয়। কিন্তু মোৰ দৰে ইংৰাজী মাষ্টৰৰ “প্রবচন” কোনে শুনিব, তাকো মনৰ ভিতৰৰ প্রবচন…..inside my brain…..

এঠাইত এখন কাণত এটা হাতেৰে ফোন ধৰি এজনী ছোৱালী ৰৈ আছিল। তাই হাত ডঙা নাছিল, কিন্তু আমাৰ ড্রাইভাৰে তাইৰ কাষত ৰখাই চিঞৰিলে, “আহক, বাইদ’, আহক। যাব নেকি?”। মই ভাবিছো যে ড্রাইভাৰে বাৰু টেলিপেথিৰ দ্বাৰা জানিলে, এই ছোৱালী জনীও যাত্রী হ’ব বুলি, কিন্তু তাই বহিব ক’ত? ছোৱালীজনীয়ে কিন্তু সেই বিষয়ে বৰ চিন্তা কৰা যেন নালাগিল। কাণৰ পৰা হাত নুগুছুৱাকৈয়ে, ফোনত কথা পাতি থাকিয়েই, তাই সোমাই আহিল।

মই বহি থকা দীঘল আসন খনত তিনিজন মানুহ বহিব পাৰে, কিন্তু আমি চাৰি জন বহি আছোঁ, ভাগ্য ভাল মানুহ কিজন বৰ শকত নহয়…… তাই নিশ্চয় আমাৰ সমুখৰ দীঘল আসনখনত বহিব লাগিব, য’ত তিনি জন যাত্রী বহি আছে, কিন্তু এই তিনিজনৰ দুজন শকত, গতিকে ঠাই কম……ইফালে ড্রাইভাৰে নতুন যাত্রীৰ সহায়-সূচক চিঞৰ মাৰিছে, “চাপি দিয়ক, দাদা, চাপি দিয়ক, খুৰা, চাপি দিয়ক, চাপি দিয়ক…”

….আৰু এনে মন্ত্রোচ্চাৰণৰ মাজতে ছোৱালী জনীয়ে আচৰিত ভাবে নিজকে সেই আসনত প্রচণ্ড হেঁচা-ঠেলাৰে সৃষ্টি হোৱা এখুদ মান ঠাইত অধিষ্ঠিত কৰিলে । তাই বহোতে দেখিলো তাই পিন্ধি থকা জিনছ্ পেন্টটোৰ দুয়োটা ভৰিত ওপৰৰ পৰা তললৈ তিনি ইঞ্চি মানৰ দূৰে দূৰে কটা বা ফটা। এনেকুৱা ফটা জিনছৰ হেনো বহুত দাম।

সংসাৰৰ বহুত কথাই নাজানো দেখোন মই……ফটা জিনছৰ নিশ্চয় এটা ইতিহাস আছে, দামী ফটা জিনছৰ, এনেয়ে ফটা কাপোৰৰ নহয়…… তাইৰ তন্ময়তা দেখি মই আচৰিত : অস্ফুট এটা স্বৰত কাৰোবাৰ সৈতে ফোনত কথা পতাত মগন তাই; এই মাত্র যে প্রায় অসম্ভৱক সম্ভৱ কৰি সেই আসন খনত বহিল, সেইবোৰ কথাৰ প্রতি তাইৰ অকণো মনোযোগ নাই।

বৰষুণৰ বতৰত মই যে উঠোঁ মটৰত : গুৱাহাটী ডায়েৰী

এনে লাগে যেন বিবেকানন্দই কিতাপ পঢ়োতে যি ধৰণৰ মনোযোগ দিছিল সেই ধৰণৰ মনোযোগেৰে তাই মোবাইলত কথা পাতিছে। ইমান হুলস্থুল, গাড়ীৰ হৰহৰনি, বাহিৰৰ আৰু ভিতৰৰ ইমান শব্দক নেওচি বাৰু তাই কেনেকৈ কথা পাতিব পাৰিছে?

মই দেখোন ইয়াতকৈ বহুত কম হুলস্থুলীয়া ঠাইতে মোবাইলৰ ভলিউম বহুত বেছি বঢ়ায়ো ভালদৰে কথা পাতিব নোৱাৰোঁ। তাই কেনেকৈ পাৰে? চিঞৰাও নাই তাই। আৰামত, মছগুল হৈ তাই কথা পাতি আছে। মই যে এনেকৈ কথা পাতিব নোৱাৰোঁ, মোৰ কাণৰ কিবা গণ্ডগোল আছে নেকি? বুঢ়া বয়সত কলা হ’বলৈ গৈ আছো নেকি?…..inside my brain..….

সকলোবোৰ যাত্রী মোৰ দৰে দূৰণিবটীয়া (এইবোৰ গাড়ীত ১৮-২০ কিলোমিটাৰ যাবলগীয়া যাত্রীয়েই দূৰণিবটীয়া যাত্রী) নহয়, গতিকে এঠাইত গাড়ী প্রায় খালি হ’ল, আৰু তেতিয়া এটা ১৯-২০ বছৰ মানৰ ল’ৰা উঠি মোৰ কাষতে বহিল। জিনছেই পিন্ধিছে, কিন্তু দেখিলেই ধৰিব পাৰি, সস্তীয়া। যিটো টি-চার্ট পিন্ধিছে তাৰ কান্ধত দুটামান সৰু সৰু ফুটা। মই দেখা কান্ধটোৰ কথা কৈছোঁ, ইফালে কি আছে মই দেখা নাই।

মানুহ কম বাবে ড্রাইভাৰে আৰু দুজনমান উঠাব পাৰে নেকি ভাবিছে, চিঞৰিছে, “আহক, আহক, জালুকবাৰী, জালুকবাৰী…..” তেনকুৱাতে এটা খোজনীয়া ল’ৰা আহিল, ১৪-১৫ বছৰ মান বয়সৰ। পিন্ধা কাপোৰ-কানিৰ অৱস্থা নাই। সি বাহিৰৰ পৰাই হাত এখন গাড়ীৰ ভিতৰলৈ সুমুৱাই কৈছে, “দাদা, কিবা এটা দিয়ক”।

তাৰ হাতখন বেঁকা, বোধকৰো ভৰিতো কিবা অসুবিধা আছে, দোপ মাৰি অহা যেন দেখিলোঁ। মোৰ কাষৰ ফুটা থকা চোলা পিন্ধা ল’ৰাটোৱে তাক কৈছে, “বিশ টাকা এটাহে আছে অ’। বেয়া নাপবি। দিবা নৰু”। মই পকেটত হাত ভৰোৱা দেখি খোজনীয়া ল’ৰাটোৱে আশাৰে ৰৈছে; তাৰপিছত পইছা লৈ গ’লগৈ। বোধকৰোঁ এতিয়া সি অন্য এখন গাড়ীৰ সমুখত পইছা খুজিবগৈ।

বৰষুণৰ বতৰত মই যে উঠোঁ মটৰত : গুৱাহাটী ডায়েৰী

মোৰ মগজুৰ ভিতৰৰ dull tom tom সক্রিয় হ’ল আৰু বহুত বছৰ আগৰ এটা কথালৈ মনত পৰি গ’ল। যোৰহাটৰ বাছ-আস্থান (আগৰ গোলাকৃতিৰ ঘৰটো, এতিয়াৰ বাছ-আস্থান নহয়)ত, বাছত বহি আছো। এজনী বুঢ়ী খোজনীয়া মানুহ সোমাই আহি পইছা বিচাৰিছে। মানুহজনীয়ে মুখেৰে মতা নাই, মানে তেওঁ মাতিব নোৱাৰেই। চকুকেইটাত ফেচকুৰি লাগি আছে। শীর্ণ, দুর্বল শৰীৰ।

মোৰ হাতত তেতিয়া পইছা নাথাকে (কলেজত পঢ়ি আছিলো, আৰু কোনোমতে নিজৰ খৰছটো জোগাৰ কৰোঁ), গতিকে মোৰ ফালৰ পৰাতো দিবলগীয়া একো নায়েই, কিন্তু আন মানুহ দুই এজনে বুঢ়ী মানুহজনীক দুই এটা পইছা দিছে। মানুহজনী মই বহি থকা ঠাইৰ পৰা পিছলৈ গৈছেহে মাত্র, তেনেতে হঠাৎ এজন মানুহে গৰজি উঠিল, “এই যা! যা! এইবোৰ আগৰ জন্মত পাপ কৰা মানুহ! সেইবাবেহে এতিয়া এনেকুৱা হৈছে! যা! যা!”

মূক দূর্বল, মানুহজনী বাছখনৰ পিছৰ ফাললৈ নগ’লগৈ আৰু, তাৰে পৰা ওলটিল। নামি গ’ল।

এই কেইদিন এই সৰু গাড়ীবোৰত উঠি আচলতে কম ভিক্ষাৰীৰ সন্মূখীন হৈছো। নিজৰ গাড়ীৰে অহা-যোৱা কৰোতে প্রতিটো পুলিছ-পইন্টত বহুত ভিক্ষাৰী পাওঁ। ইমানবোৰ যে হাত ভৰি কটা মানুহ! ক’ৰ পৰা আহে? কিবা যে ভিক্ষাৰীৰ ছিন্দিকেট আছে বুলি কৰবাত পঢ়িছিলো, সঁচা নেকি? সেই মানুহবোৰক ছিন্দিকেটৰ মানুহে ঠায়ে ঠায়ে থৈ যায় নেকি? তেওঁলোকক ভিক্ষা দিয়া মানে ছিন্দিকেটক সহায় কৰা নেকি? কিন্তু নিদিওঁ কেনেকৈ? গাড়ীৰ খিৰিকিত আহি যে পইছা বিচাৰি থাকে?

ছিন্দিকেটৰ ভিক্ষাৰী নে অকলশৰীয়া ভিক্ষাৰী কেনেকৈ জানিম? আৰু অকলশৰীয়া ভিক্ষাৰীৰ অৱস্থা ছিন্দিকেট-সদস্যতকৈ কম ভাল নে বেছি ভাল? তেওঁলোকৰ ভিতৰত কোনে অগ্রাধিকাৰ পাব লাগে?

বৰষুণৰ বতৰত মই যে উঠোঁ মটৰত : গুৱাহাটী ডায়েৰী

ইফালে দেশখনে হেনো ৰকেটৰ গতিত আগ বাঢ়ি গৈছে। স্বাধীনতাৰ পিছত বহুত বছৰ আগবাঢ়িব পৰা নাছিল (এনেকৈ শুনিবলৈ, পঢ়িবলৈ পাই আছো), কিন্তু এতিয়াতো ৰৈ থকা নাই? সবকা সাথ, সবকা বিকাশ হৈ আছে নিৰন্তৰ? এনে এখন মহান দেশ ভিক্ষাৰী-হীন কেতিয়া হ’ব? মোৰো যে মগজৰ ভিতৰত কি dull tom tom চলিছে! বিকশিত অসম, বিকশিত ভাৰতৰ কথা নাভাবি ভিক্ষাৰীৰ কথা ভাবি আছো!

মাজে মাজে তামিলনাডুৰ তিৰুৱান্নমলইৰ এটা বিশেষ পৰম্পৰাৰ এজন কথাকাৰৰ কথা শুনাৰ সৌভাগ্য হৈছে। তিৰুৱান্নমলই চহৰত পৱিত্র অৰণাচলা পাহাৰ, অৰণাচলেশ্বৰ শিৱৰ বৃহৎ মন্দিৰ, ৰমণ মহর্ষিৰ আশ্রমকে ধৰি বিভিন্ন ধর্মীয় স্থান, অনুষ্ঠান থকা বাবে তালৈ অনবৰতে দেশ-বিদেশৰ লাখ লাখ ভক্তৰ সমাগম হয়।

এবাৰ কথাকাৰজনে কৈছিল যে পশ্চিমীয়া দেশৰ দৰে ভাৰতত ভিক্ষা-বৃত্তিক চিধাই বেয়া বুলি ক’লে নহ’ব। ভাৰতবর্ষত বহুতো জ্ঞানী, তপস্বী, পৰাভক্তই ভিক্ষা-বৃত্তি অৱলম্বন কৰি আহিছে। ভগৱান বুদ্ধ, শঙ্কৰাচার্য আদিয়ে ভিক্ষা কৰিছিল। সকলো ত্যাগ কৰা সন্ন্যাসীয়ে প্রাণ ৰক্ষা কৰিবলৈ ভিক্ষা কৰে, আৰু সৎ সন্ন্যাসী, সাধুক ভিক্ষা দি গৃহস্থ উপকৃত হয়।

ৰমণ মহর্ষিয়ে যিসময়ত তিৰুৱান্নমলইত ভিক্ষা কৰিছিল, তেতিয়া মানুহে আগ্রহেৰে বাট চাই থাকে : তেওঁ আহিব নেকি বুলি। ভিক্ষা নকৰিলে সন্ন্যাসীসকল জীয়াই থাকিবলৈ টান হ’ব।

আৰু সন্ন্যাসী, তপস্বী একো নহয়, কিন্তু কেৱল দৰিদ্রতাৰ বাবে ভিক্ষা কৰিবলগীয়া হোৱা মানুহো ধেৰ। যাৰ একোৱেই নাই, তেওঁলোকক একো নিদিয়াকৈ থাকিব পাৰি নে, সেই মানুহজনৰ দৰে ভিক্ষাৰীৰ আগৰ জন্মৰ কথা কৈ?

বৰষুণৰ বতৰত মই যে উঠোঁ মটৰত : গুৱাহাটী ডায়েৰী

কথাকাৰ জনে সেইদিনা কোৱা এটা কথা এতিয়া মোৰ মগজুৰ dull tom tomত পুণৰ শুনা পালোঁ, “কিন্তু এই ভিক্ষাৰী সকলে মাত্র হাতখন পাতি বা পাত্র এটা সমুখত লৈ ভিক্ষা কৰে। তেওঁলোকৰ অভাৱ কম। দুই এটা পইছা পালে, অলপ খাবলৈ পালেই তেওঁলোক সন্তুষ্ট। কাহানিও সন্তুষ্ট নোহোৱা ভিক্ষাৰীটো কিন্তু বহুতো ধনী মানুহৰ মনৰ ভিতৰত থাকে। সকলো লাগে সেই ভিক্ষাৰীক। সেই ভিক্ষাৰী কেতিয়াও সন্তুষ্ট নহয়”।

মগজুত এইবোৰ  চলি থাকোতেই মোৰ নামিবৰ হ’ল।

নামিলৈ ড্রাইভাৰক পইছা দিছো, ঠিক তেনেকুৱাতে গাড়ী ৰখোৱা ঠাইৰ হুলস্থুলৰ মাজত কোনোবা এজনে মোবাইলত শুনি থকা কিবা চেনেল বা ৰেডিঅ’ৰ বাতৰি মোৰ কাণত পৰিছেহি : অমুক দলে নির্বাচনী কুচ-কাৱাজ আৰম্ভ কৰিছে….তমুক দলে ভোট বিচাৰি ৰাইজৰ মাজলৈ যাব……পুণৰ সেই কথাকাৰজনৰ কথা মনত বাজিছে : কোন সৰু ভিক্ষাৰী, কোন ডাঙৰ ভিক্ষাৰী …কেৱল ভিক্ষাৰীয়েই ভিক্ষাৰী নে আৰু ভিক্ষাৰী আছে….inside my brain….

(Sanjeev Kumar Nath, English Department, Gauhati University, sanjeevnath21@gmail.com)

[Images from different sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

Can Global Warming Trigger a Zombie Apocalypse Like ‘The Last of Us’?
Climate Change

Can Global Warming Trigger a Zombie Apocalypse Like ‘The Last of Us’?

by Kakali Das
September 16, 2026
0

Can Global Warming Trigger a Zombie Apocalypse Like ‘The Last of Us’? KAKALI DAS What do climate change and zombies...

Read moreDetails
Millets: Rediscovering the Super Food!

Millets: Rediscovering the Super Food!

September 15, 2026
The Debt Machine: How Your Future Became the World’s Most Profitable Product

The Debt Machine: How Your Future Became the World’s Most Profitable Product

September 14, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

September 14, 2026
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 13, 2026
Community Support in Mental Health Recovery: Mind X’s Efforts amidst Limited Resources

Community Support in Mental Health Recovery: Mind X’s Efforts amidst Limited Resources

September 12, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
Zubeen Garg: The Voice of Climate Action

কপিল ঠাকুৰৰ “পিতৃৰ দৃষ্টিত জুবিন” : জুবিনৰ বিষয়ে বহুতো নজনা কথা 

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

September 16, 2026
From Montreal to Guwahati: Assam’s New Cooling Imperative

From Montreal to Guwahati: Assam’s New Cooling Imperative

September 16, 2026
Durga Puja and the Assamese “Story” Today, the “mark on the face…”

Opportunities in Rice Based System

September 16, 2026
Zubeen1

দ্য জুবিন গাৰ্গ ইফেক্টঃ এক সোণোৱালী স্মৃতি

September 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40999 shares
    Share 16399 Tweet 10250
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    19233 shares
    Share 7693 Tweet 4808
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4349 shares
    Share 1740 Tweet 1087
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    957 shares
    Share 383 Tweet 239
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    157 shares
    Share 63 Tweet 39
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4132 shares
    Share 1653 Tweet 1033
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    402 shares
    Share 161 Tweet 101
  • Attending RAI’S Class

    101 shares
    Share 40 Tweet 25
  • Arriving at the Kaziranga Buffer Zone, Scientifically

    95 shares
    Share 38 Tweet 24
  • Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d