বৰ্তমান সমাজত সংকটত আত্মসন্মান আৰু স্বাভিমান
যুগান্ত বায়ন
আত্মসন্মান এজন ব্যক্তিৰ জীৱনৰ বাবে অতি মূল্যৱান সম্পদ।
আত্মসন্মান নথকা এটা জাতি বা এজন ব্যক্তি দেশ বা ৰাজ্যৰ বাবে বুৰঞ্জীত শক্তিশালী চৰিত্ৰৰ গৰাকী হিচাপে পৰিচয় দাঙি ধৰিব নোৱাৰে। সেয়েহে আমি এনে কাৰ্য্য কৰিব নালাগে যি কাৰ্য্যই কোনো এজন ব্যক্তি বা এটা সুসভ্য জাতিৰ স্বভিমানক ধুলিচ্চাৎ কৰি দিব পাৰে।
কিন্তু বৰ্তমানৰ সমাজ ব্যৱস্থাত একাংশ লোকৰ মাজত আত্মসন্মান বা অগ্ৰজ আৰু বিজ্ঞজনক যথোচিত সন্মান জনোৱাৰ যি পৰিৱেশ সেই পৰিবেশত যেন কিছু পৰিমাণে হ’লেও এক শূণ্যতাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰিছে।
সমাজৰ বিজ্ঞ সচেতন লোকসকলক কেতবোৰ তোষামোদকাৰীৰ দ্বাৰা পৰিবেষ্টিত হৈ আমাৰ সমাজৰে এচামে ৰাজহুৱা স্থানত উপযুক্ত সন্মান দিয়াৰ ক্ষেত্ৰটো যেন কৃপনালী কৰাৰ বাবে কুণ্ঠাবোধ নকৰা হৈছে। আত্মসন্মানে এজন মানুহৰ এখন সমাজৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ কাৰ্য্যপন্থা নিৰূপণ কৰে।
সেয়েহে এনেধৰণৰ ধ্যান-ধাৰণাক অধিক শক্তিশালী ৰূপত অণুধাৱন কৰাৰ বাবে সুধাকণ্ঠ ড⁰ ভূপেন হাজৰিকাই কৈছিল –
“তুমি বিশ্বৰ শৰীৰত পঙ্গু অংগ হ’লে
বিশ্বই জানো ভাল পাব?
পৃথিবীত জনমি সচেতন নহ’লে
প্ৰাপ্যও হিতাতে হেৰাব।”
আমি সকলোৱে জানো আত্মসন্মান বা আত্মবিশ্বাস নথকা ব্যক্তি তথা সমাজ এখন বা এটা জাতি কেতিয়াও সংস্কৃতিৱান হ’ব নোৱাৰে। মানৱ জাতিয়ে হাজাৰ-হাজাৰ বছৰ ধৰি কঠোৰ পৰিশ্ৰম কৰাৰ পাছতহে সংস্কৃতিৱান হ’বলৈ সমৰ্থন হৈছিল।
ইয়াৰ প্ৰমাণ হিচাপে আমি ৰজা চক্ৰধবজ সিংহৰ ৰাজ সভাত লাচিত বৰফুকনে সন্মুখীন হোৱা পৰিস্থিতিৰ কথা ৰোমন্থন কৰিব পাৰোঁ। য’ত লাচিতৰ নিজৰ মূৰৰ পাগটো এজন লিগীৰাই টান মাৰি মাটিত পেলাই দিয়াৰ চেষ্টা কৰোঁতে আত্মসন্মান লুণ্ঠীত হোৱাৰ যন্ত্ৰণাত জৰ্জৰিত হৈ হেংদাং উলিয়াই লিগীৰাজনৰ শিৰচ্ছেদ কৰিবলৈ ওলোৱা কাৰ্যই লাচিত বৰফুকনক এক মহান, শক্তিশালী আত্মসন্মান থকা ব্যক্তি হিচাপে বুৰঞ্জীত খ্যাতি ৰাখি থৈ গৈছে।
আজিৰ এই গোলকীকৰণৰ পৃথিৱীত এয়া সম্ভৱ হ’ব নে নাই উপযুক্ত লোকসকলে নিশ্চয় বিচাৰ বিবেচনা কৰিব।
যেতিয়া কোনো এটা ৰাজহুৱা অনুষ্ঠানত এজন ব্যক্তি বা অনুষ্ঠানক অতি আদৰেৰে নিমন্ত্ৰণ কৰি আনি যথাযোগ্য সন্মান দিবলৈ উদ্যোগক্তাসকলৰ সময়ৰ নাটনি হয় তেতিয়া সেই অনুষ্ঠান বা ব্যক্তিজনৰ আত্মসন্মানৰ ওপৰত কেনেধৰণৰ আঘাত হয় সেয়া ভক্তভুগীয়েহে অনুধাৱন কৰিব পাৰে।
যেতিয়া সেই অনুষ্ঠান বা ব্যক্তিজন একো একোটা অঞ্চলৰ সার্বিক উন্নয়নৰ ক্ষেত্ৰত প্ৰভূত অৱদান থাকে। আমি সকলোৱে মনত ৰখা দৰকাৰ যে আমি কাৰোবাক সন্মান দিব নোৱাৰিলেও যাতে অসন্মান কৰিব নোৱাৰোঁ তাৰ বাবে সদায় সচেতন হৈ থাকিব লাগে।
সাময়িক লাভৰ বাবে সমাজৰ বাট দেখুওৱা লোকসকলৰ অৱদানক অস্বীকাৰ কৰি এটা অনুষ্ঠান বা এখন সমাজৰ সৰ্বাংগীন উন্নতি হ’ব নোৱাৰে।
এই সন্দৰ্ভত ইশ্বৰচন্দ্ৰ বিদ্যাসাগৰে এখন বিয়া খাবলৈ গৈ এক অনাহত পৰিস্থিতিৰ সন্মুখীন হোৱা ঘটনাটোৱে আমাক নিশ্চয় সজাগ আৰু সচেতন কৰি তুলিব।
সেই বিয়াখনত বিদ্যাসাগৰে এক সাধাৰণ পোছাক পৰিধান কৰি বিয়া খাবলৈ যোৱাত বিয়া ঘৰৰ মানুহে তেওঁক কোনো ধৰণৰ অভ্যৰ্থনা নকৰাত তেওঁ বিয়া ঘৰৰ পৰা ওলাই আহি এক আধুনিক কোট-টাই পৰিধান কৰি পুনৰ যেতিয়া বিয়া ঘৰলৈ গ’ল তেতিয়া বিয়া ঘৰৰ লোকে তেওঁক আথে-বেথে আদৰণি জনাই সুস্বাদু আহৰাৰেৰ আপায়ন কৰিবলৈ ল’লে।
বিদ্যাসাগৰে সেই খাদ্যসমূহ নিজেই নাখাই কোটৰ পকেটত ভৰাবলৈ ধৰাত বিয়া ঘৰৰ লোকসকল আচৰিত হৈ পৰিল। তেতিয়া বিদ্যাসাগৰে ক’লে আপোনাকে মোক মূল্য দিয়া নাই, মোৰ পোছাকযোৰক হে মূল্য দিছে।
যুগান্ত বায়ন/হাউলী/৮৮৭৬৪১৫০৮৯
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)